আখল

লেখক- মফিদা ৰহমান

(ক) উজনি অসমৰ থলুৱা মিঠা ব্যঞ্জন “মালিতা”

 

উপকৰণঃ (১) পিঠা গুৰি = ৫ চা চামুচ, (২) গুৰ = ২৫০ গ্ৰাম, (৩) ডাব নাৰিকল কটা = অলপ, (৪) মিঠা তেল = ২ চা চামূচ (৫) ভাল ঘি = ১ চা চামুচ, (৬) চডা = সামান্য পৰিমাণ, (৭) নিমখ = প্ৰয়োজন অনুসৰি

ৰন্ধন প্ৰণালীঃ

১. পিঠা গুৰি খিনিত নিমখ, চডা, পানী দি এটা ঘুল বনাই লব।
২. তাতেই আধা চামুচ মিঠা তেল দি ভাল দৰে গুলি ১০ মিনিট মান ঢাকি ৰাখিব।
৩. গুৰখিনি মিহিকৈ কাটি পানীত দি কিছু সময় থৈ দিয়ক, তাৰ পিছত চালনীৰে চাকি লব।
৪. গুৰখিনি পগাই লওক। অলপ জোলিয়াকে ৰাখিব।
৫. এতিয়া পিঠা গুৰি ঘূলখিনি আকৌ এবাৰ ভাল দৰে লৰাই, তাৱত সামান্য মিঠা তেল মোহাৰি, পিঠা কেইখন ভাজি লব।
৬. পিঠা কেইখন ঠাণ্ডা হলে, টুকুৰা কৈ কাটি লৈ পগাই লোৱা গুৰ খিনিত দি কম জুইত অলপ সময় লৰাই নমোৱাৰ আগত দাব নাৰিকল, ভাল ঘী অলপ মান দি ভাল দৰে লৰাই নমাই পৰিবেশন কৰক।

(খ) আৰি মাছৰ তেল চুৰুহা

 

উপকৰণঃ (১) আৰি মাছ = ৪ টুকুৰা, (২) পিঁয়াজ = মজলীয়া দুটা, (৩) নহৰু পিচা = ১ চাহ চামুচ, (৪) মিঠা তেল = তিনি চামূচ, (৫) নিমখ = নিজৰ আন্দাজ অনুসৰি (৬) জলকীয়া গুৰি = আধা চামুচ, (৭) বিলাহী = ১টা ( গ্ৰেড কৰি লোৱা), (৮)কেঁচা জলকীয়া = ৩ টা, (৯) ধনীয়া পাত = অলপ

ৰন্ধন প্ৰণালীঃ

১. মাছৰ টুকুৰা কেইটা ধুই পানী টুকি লব।
২. পিঁয়াজ এটা মিহিকৈ কাটি লব।
৩. আৰু এটা পিঁয়াজ, জলকীয়া দুটা পিচি লব।
৪. পিচা পিঁয়াজ, জলকীয়া, নহৰু পিচা খিনিত নিমখ, হালধি, জলকীয়া গুৰি আৰু অলপ পানী দি মিলাই থব।
৫. কেৰাহীত তেল গৰম কৰি কাটি লোৱা পিঁয়াজখিনি দি অলপ ৰঙচুৱা কৈ ভাজি লৈ মচলাৰ মিশ্ৰণখিনি দি, ভাল দৰে ভাজি বিলাহী পিচাখিনি দি আৰু কিছু সময় মজাই লব।
৬. যেতিয়া মছলা মজ খাই তেল বিৰিঙী আহিব, তেতিয়া মাছ কেইটুকুৰা দি অলপ লৰাই পানী দিয়ক।
৭. মাজে মাজে অলপ লৰাই দিব। যেতিয়া মাছৰ জোলখন ঘন হৈ আহিব তেতিয়া ধনীয়া পাত, কেঁচা জলকীয়া দুটা কাটি দি অলপ লৰাই নমাই থব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!