কাক ক'ব মনৰ গোপন কথা?

লেখক- তাপস দত্ত

মনৰ গোপন কথাবোৰ বাৰু কাক ক’ব পাৰি? লিখিব পাৰি নে খুলাখুলিকৈ ফেচবুকৰ পাতত?  ৰীল বনাব পাৰি নে? যদি নোৱাৰি তেন্তে অনলাইনত বন্ধু-বান্ধৱীৰ হাঁহি থকা ফটোবোৰ দেখিয়েই কেনেকৈ নিশ্চিত হ’ব পাৰি যে তেওঁলোক বৰ সুখী আৰু জীৱনৰ কোনো সমস্যাই তেওঁলোকক আমনি কৰা নাই? এইসকলৰ মাজতো কোনোবাই নিজৰ মনৰ কথা কাকো ক’ব নোৱাৰি ভিতৰি ভিতৰি উচুপি আছে নেকি? ওপৰত দিয়া শিৰোনামটো গহীন যদিও আজি নিজৰ বা আন কাৰোবাৰ মনৰ গোপন কথা জনাবলৈ লোৱা নাই। আজি বেচ কিছুদিনৰ পৰা নানানটা সমস্যাত এনেকৈ সোমাই আছিলোঁ (বা এতিয়াও আছোঁ) যে খুউব কমেইহে ফেচবুক, ৱাট্চ এপ আদিত ভূমুকি মৰাৰ সুবিধা কৰিব পাৰিছিলো।

 

তথাপি সেই কমসময়ৰ ভিতৰতে য’তেই যাকেই দেখো হাঁহি থকা ফটো, ক’ৰবাত ফুৰিবলৈ যোৱাৰ ফটো আদিৰেই নিজৰ ৱাল ভৰাই তুলিছে। কৃত্ৰিম বুদ্ধিমত্তাৰে নিয়ন্ত্ৰিত সামাজিক মাধ্যমত এতিয়া এবাৰ কিবা এটা চালেই প্ৰতিবাৰেই তেনেধৰণৰ বিষয়বস্তুবোৰেই সন্মুখলৈ আহি থাকে। আনৰ মুখত মিচিকিয়া হাঁহিবোৰ দেখি এনে লাগিছিল যেন সকলো পৰম সুখত উটি ভাঁহি গৈ আছে আৰু জীৱনৰ প্ৰতি কাৰো কোনো অভিযোগেই নাই। কিন্তু পিছতহে বুজিব পাৰিলো যে কথাবোৰ আচলতে তেনেকুৱা নহয় আৰু তেনেকুৱা নহয় কাৰণেই এইখিনি লিখিবলৈ মন গ’ল।

 

এসময়ৰ নলেগলে লগা বন্ধুসকলো কালৰ সোঁতত যেনি-তেনি সিঁচৰতি হৈ পৰিল। দেখাদেখি নহ’লেও ফোনৰ যোগেদি হ’লেও ভালেমান দিন যোগাযোগ চলি থাকিল। তেওঁলোকৰ মনৰ বতৰা পাই থাকিলো, নিজৰ বতৰাও দি থাকিলোঁ। লাহে লাহে সেয়াও কমি আহিল। সামাজিক মাধ্যমতে সকলোৰে শেহতীয়া স্থিতি সম্পৰ্কে অৱগত হৈ থাকিলোঁ। আগতে কৈ অহাৰ দৰে সামাজিক মাধ্যম মানেই হাঁহিৰ পোহাৰ। কেতিয়াবা কাৰোবাক যোগাযোগ কৰিলেও একমিনিট বা দুইমিনিটৰ কথোপকথন। বন্ধুৰ খবৰ পাওঁ কিন্তু বন্ধুৰ পৰা আন বন্ধু-বান্ধৱীৰ খবৰ নাপাওঁ। আনকি এবাৰ হেনো ওচৰাওচৰিকৈ থকা বন্ধুজনেও আনজন বন্ধুৰ পিতৃ বিয়োগৰ বাতৰি ফেচবুকৰ পাতত দেখিহে গম পালে। যদিওবা আনজন বন্ধুৰ পিতৃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।

 

ইয়াৰ মাজতে হঠাতে এদিন বন্ধু এজনৰ সৈতে দেখা হ’ল। সময় সুবিধা মিলাই এদিন প্ৰায় দুঘণ্টা মান একেলগে বহি কথা পাতিলোঁ। বন্ধুৱে অনৰ্গল কৈ গ’ল নিজৰ কথা, পৰিয়ালৰ কথা, জীৱনৰ সমস্যাবোৰৰ কথা। ময়ো নিজৰ মনৰ কথাবোৰ খুলি ক’বলৈ সুবিধা পাই নিজকে পাতল কৰি ল’লো। আচৰিত হ’লো ভাবি যে কিমান কথাই মনৰ ভিতৰতে গুজৰি গুমৰি চেপা খাই থাকে। কিমান চিন্তাই কাৰোবাৰ সৈতে ভাগ-বতৰা কৰিব নোৱাৰাৰ দুখত মনৰ ভিতৰতে আৰ্তনাদ কৰি থাকে আৰু ইয়াৰ পৰিণতিতে বাঢ়ি আহে নেকি কাৰোবাৰ দেহত ৰক্তচাপ, শৰ্কৰা? সেইদিনা বন্ধুৰ সৈতে বহি থকাৰ সময়তে আন এজন বন্ধুৰ লগতো কথা হ’ল ফোনত। সন্তানৰ অসুখৰ বাবে হস্পিটেললৈ দৌৰাদৌৰি কৰি বন্ধুৰ অৱস্থা তথৈবচ। আচৰিত হ’লো যদিও বুজিলো যে এনেবোৰ খবৰ নোপোৱাৰ গুৰিতে হ’ল আমাৰ এতিয়াৰ সকলো খবৰ সামাজিক মাধ্যমৰ পৰাই সংগ্ৰহ কৰাৰ প্ৰৱণতা।

 

একেদৰেই হয়তো কাৰোবাৰ পাৰিবাৰিক সমস্যা, কাৰোবাৰ বিবাহ বিচ্ছেদৰ উপক্ৰম, পত্নীৰ ওপৰত পতিৰ অথবা পতিৰ ওপৰত পত্নীৰ মানসিক তথা শাৰীৰিক অত্যাচাৰ, চাকৰিৰ সমস্যা, বিবাহৰ সমস্যা, সন্তানৰ চিন্তা, ব্যৱসায়ৰ চিন্তা, প্ৰেমজনিত বিষয় আদি এনে অজস্ৰ উদাহৰণ থাকিব পাৰে আৰু এইবোৰৰ কোনোটোৱেই হয়তো সামাজিক মাধ্যমত প্ৰকাশ নাপায়। পৰিণতি? একো একোজন মানসিক ৰোগী যাক দেখাত নিতান্তই স্বাভাৱিক যেন লাগে?

 

সেইবাবেই এইখিনি লিখি পেলালোঁ। ফেচবুকৰ বন্ধুৰ সংখ্যা হাজাৰৰো অধিক হোৱাৰ পিছতো যদি মনৰ কথা মনতে থাকি যায় তেন্তে এয়া “বন্ধু” বোলা এক পৱিত্ৰ সম্পৰ্কৰ প্ৰতি ঘোৰ অপমান। বন্ধু হ’ল সি যাৰ কান্ধত মূৰ থৈ কান্দিবও পাৰি আৰু হাঁহিবও পাৰি। এজন শত্ৰু সৃষ্টি কৰা তেনেই সহজ কিন্তু এজন সঁচা বন্ধু পাবলৈ হয়তো এটা জীৱনো যথেষ্ট নহ’ব পাৰে। ভাগ্যৰ বলত যদি তেনে এজন বন্ধু পাইছে তেওঁক ভিৰৰ মাজত হেৰাই যাবলৈ নিদিয়ে যেন।

 

সেয়েহে সামাজিক মাধ্যমৰ উপৰিও এতিয়া প্ৰায়ে কোনোবা এজন বন্ধুক ফোন কৰোঁ অথবা সুবিধা পালে লগ কৰোঁ। অকণমান সময়ৰ বাবে হ’লেও সেইকণ সময়তে হয় মনৰ ভাৱৰ আদান প্ৰদান। ঘোৰ অন্ধকাৰৰ মাজত যেন একুঁকি তৰাৰ পোহৰ। যদি আপোনাৰ নাম বন্ধুৰ তালিকাত আছে তেন্তে আপোনাৰ সৈতেও এদিন নিশ্চয় যোগাযোগ হ’ব। অথবা আপুনিও আগতীয়াকৈ যোগাযোগ কৰিব পাৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ চিকাৰ হৈ সম্পৰ্কবোৰ যেন কৃত্ৰিম হৈ নপৰে।  যদিহে বহু দিন পাৰ হ’ল তেন্তে আজিয়েই আপোনাৰ প্ৰিয় বন্ধুৰ সৈতে যোগাযোগ কৰক। কোনে জানে তেওঁ কিজানি আপোনাৰ সৈতে কথা পাতিবলৈকে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত। আহক আমি সম্পৰ্কবোৰ ধৰি ৰাখো। সুখৰ দিনত। দুখৰ দিনত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!