ঋতুৱে ঋতুৱে
লেখক- পুলক জ্যোতি শৰ্মা
ৰঙা পাপৰিয়ে উচাটন কৰা
মনৰ বাতৰি
কাৰ বুকুৰপৰা কাৰ বুকুলৈ
কঢ়িয়াই নিয়ে তাই
পচোৱা বোকোচাত তুলি
তাই হাঁহিছে
বাৰেৰঙী কাপোৰসাজে তাইক তুলি ধৰিছে
পথৰুৱা গান এটা গুণগুণাই
মাকৰ ঘৰলৈ যাবলৈ খদমদম লগাইছে
ৰাতিপুৱাৰে পৰাই ঠেহ পাতি
মুখখন ওন্দোলাই আছিল তাই
আছিল ভোৰভোৰাই
বেজাৰ বৰকৈ লাগিল হ’বপায়
এতিয়া হুৰাওৰাৱে কান্দিছে
ৰাতি আকাশত উমলি থকা তৰাজাকক
তাই পুৱাতে আছে নিচুকাই
মুকুতামণি বচা দলিচাত
পদূলিৰ শেৱালিজোপাৰ ছাঁত
উঠিবলৈ মন যোৱা নাই তাইৰ
চিকুণ টোপনি এৰি
বগা নিহালিখন মূৰলৈকে লৈছে টানি
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments