এজন সুখী মানুহ

লেখক- পংকজ কুমাৰ নেওগ

মূলঃ হুমায়ূন আহমেদ।
অনুবাদঃ পংকজ কুমাৰ নেওগ

মানুহে কাপোৰ সলোৱাৰ দৰে আব্দুল কুদ্দুছে নাম সলনি কৰে – অৱশ্যে খঙতে যে সলনি কৰে তেনে নহয়, বিপদত পৰিহে তেওঁ নাম সলায়। এটা নাম বহুদিনলৈ চলাই থকা তেওঁৰ বাবে বিপদজনক। যোৱা এমাহ ধৰি আব্দুল কুদ্দুছৰ নাম আলফ্ৰেড গোমেজ। এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে খ্ৰীষ্টান নাম লৈছে। নামটোৰ লগতে পোছাকৰো সামান্য পৰিৱৰ্তন কৰা হৈছে। ডিঙিত ওলমি আছে ক’লা সূতাৰে বান্ধি থোৱা ৰূপৰ এটা ক্ৰছ আৰু কোটৰ পকেটত ‘গছপেল’ নামৰ এখন কিতাপ। খ্ৰীষ্টানসকল কথা-বতৰাত সাধাৰণতে বিনয়ী—তেওঁৱো বিনয়ী হ’বলৈ চেষ্টা কৰিছে কিন্তু এই প্ৰচেষ্টাত বৰ সফল হ’ব পৰা নাই। খঙটো তেওঁৰ নাকৰ আগতে থাকে। আব্দুল কুদ্দুছ অৰ্থাৎ আলফ্ৰেড গোমেজ ডাঙৰীয়াৰ পেছা হৈছে শিলৰ মূৰ্তি বিক্ৰী কৰা। য’ত আনৰ বাবে বছৰত মাত্ৰ এটা মূৰ্তি বিক্ৰী কৰা সম্ভৱ, তাত তেওঁ প্ৰায় চাৰি-পাঁচটা মূৰ্তি বিক্ৰী কৰে। আগতে তেওঁৰ গ্ৰাহক আছিল আমেৰিকান; কিন্তু এতিয়া মূলতঃ জাপানী। জাপানীসকলৰ লগত লেন-দেন কৰা বৰ কষ্টসাধ্য। প্ৰতিমূৰ্তিৰ ফটো বা ছবিতে তেওঁলোক সন্তুষ্ট নহয়, বস্তুবোৰ আনি দেখুৱাব লাগে। আকৌ সেই বস্তু চকুৰে চালেও সন্তুষ্ট নহয়, গোটেইবোৰ লিৰিকি-বিদাৰি তন্নতন্নকৈ পৰীক্ষা কৰিব। সেউজীয়া ৰঙৰ কিবা এখন কাগজত মূৰ্তিটো ঘঁহি দিয়ে আৰু তাৰ পাছত কাগজখন কেলকুলেটৰৰ দৰে ডাঙৰ যন্ত্ৰ এটাত সুমুৱাই দিয়া হয়। ডিভাইচটোৰ ভিতৰৰ পৰা কট্-কটকৈ শব্দ কৰি কিবা-কিবি লিখা থকা কাগজ এখন ওলাই আহে। সেই কাগজখনকে চাই-মেলি সিহঁতে এনেভাৱে মূৰ লৰায় যেন আব্দুল কুদ্দুছে নকল মালহে বেছিবলৈ আনিছে। মাখি এটা খেদোৱাৰ দৰে ভঙ্গী কৰি চিঞৰে — “নো, নো। নো ডিল! ইউ গো!”
গ্ৰাহকৰ এই কাৰ্য্য-কলাপবোৰ কুদ্দুছে ভালদৰে বুজি পায়। লগে লগে তেওঁ নিজৰ বস্তুবোৰ গোটাই সামগ্ৰী কঢ়িয়াই লৈ ফুৰা কাপোৰৰ বেগটোত ভৰাই হাতত লয় আৰু হাঁহি এটা মাৰি ‘‘বাই বাই’’ বুলি দুৱাৰৰ ফালে আগবাঢ়ে। জাপানী গ্ৰাহকজনে তেতিয়া ব্যস্ততাৰে কুদ্দুছতকৈয়ো বেয়া ইংৰাজীত কয় – ‘‘আপোনাৰ আৰু কি আছে? ’’ কুদ্দুছে কয় – ‘‘আৰু আছে কিন্তু মই আপোনাৰ লগত কোনো ব্যৱসায় নকৰোঁ। আপোনালোকে খাঁটি কি-নকল কি একো চিনিয়েই নাপায়! ’’
: চাওঁ আৰু কি কি সামগ্ৰী আছে।
: নাই, মই আপোনাক একো দেখুৱাব নোৱাৰোঁ।
এইদৰে কৈয়েই কুদ্দুছ আৰু ৰৈ নাথাকে – দীঘল দীঘল খোজেৰে ওলাই আহে। যদি গ্ৰাহকৰ সঁচাকৈয়ে কিবা কিনাৰ ইচ্ছা, তেওঁক ঠিকেই বিচাৰি উলিয়াব। অলিয়ে-গলিয়ে বিচাৰি যেনে তেনে গ্ৰাহক শাহ সুৰী ৰোডত আহি উপস্থিত হয়। এই কথা কুদ্দুছৰ অপছন্দ। চাহাব-তাহাববোৰ ঘৰত আহি ওলালে ওচৰ চুবুৰীয়াৰ চকুত পৰে। চকু কপালত তুলি নিশ্চয় ভাৱিব – ‘‘কি কথা? এই ঘৰত চাহাববোৰৰ অহা-যোৱা কিয়? ’’ মূৰ্তি বিক্ৰীৰ ব্যৱসায় কুদ্দুছে ভাল পায়; কামটোত ৰিস্ক আছে কিন্তু খুব এটা ডাঙৰ নহয়। দেশৰ মানুহে মূৰ্তি-চূৰ্তিক লৈ হৈ-চৈ নকৰে। বাতৰি কাকতত কেতিয়াবা ভিতৰৰ পৃষ্ঠাত দেশৰ বহুমূলীয়া সম্পদৰ চোৰাং ব্যৱসায়ৰ কথা অলপ প্ৰকাশ পায় কিন্তু সেইবোৰৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে। যিখন দেশত মানুহৰে চোৰাং সৰবৰাহ হয় সেইখন দেশত মূৰ্তি সৰবৰাহ কোন কূটা? মূৰ্তিৰ দাম নিশ্চয় মানুহতকৈ বেছি নহয়।
আব্দুল কুদ্দুছ পৰ্যটক হোটেলৰ কোঠা এটাত মনে মনে বহি আছে। চকীখনৰ কাষতে মজিয়াত সেউজীয়া ৰঙৰ কেম্বিছৰ এটা শকত বেগ। বেগৰ ভিতৰত সামগ্ৰীবোৰ প্ৰথমে টাৱেল, তাৰ পিছত বাতৰি কাকত আৰু পলিথিনেৰে মেৰিয়াই থোৱা আছে। চশমা পিন্ধা বঙালী ভদ্ৰলোক এজন কুদ্দুছৰ সন্মুখত উপৱিষ্ট — বুজা যায় যে ব্যৱসায়িক লেনদেন তেৱেঁই কৰিব। আব্দুল কুদ্দুছ অলপ চিন্তিত হ’ল – এই বাঙালী বাবুৱে কিমান বা কমিচন লয় সেয়া বুজিবলৈ অলপ সমস্যা হৈছে। যদি মানুহজনক কমিচন দিয়া হ’ব বুলি আকাৰে-ইংগিতে ক’ব পাৰিলেহেঁতেন তেন্তে তেওঁ যথেষ্ট নিশ্চিন্ত হৈ পৰিলহেঁতেন। কমিচন হ’ল দহ শতাংশ – যিমানেই বেছি দামত বিক্ৰীহ’ব কমিচন সিমানেই বেছি। এইবোৰ ক্ষেত্ৰত দালালসকলে দাম বৃদ্ধি কৰাত সহায় কৰে। চশমা পিন্ধা মানুহজন হাতত ৰাখিব পাৰিলে ভাল আছিল, তেনেকুৱা সুযোগ এতিয়াও পোৱা নাই। মূল গ্ৰাহকজন টয়লেটত সোমাই এতিয়াও ওলাই অহা নাই। বাথৰুমৰ পৰা ফ্লাছৰ শব্দ শুনা গ’ল। বাংলাদেশী খাদ্য খাই চাহাবৰ পেটেই বেয়া হ’ল বা, কোনে জানে? অৰচেলাইন লৈছে নে নাই জানো? চশমা পিন্ধা সহায়কজনে অৰচেলাইন আনি দিব লাগিছিল! সন্মুখৰ ভদ্ৰলোকজনে হাতখন আগবঢ়াই ক’লে – ‘‘মোৰ নাম জুবায়েৰ খান। ’’ যিখন হাত আগবঢ়াই দিলে সেইখন হাততেই এটা জ্বলন্ত চিগাৰেট – হেণ্ডচেক কৰিবলৈ গ’লে চিগাৰেটে পোৰাৰ সম্ভাৱন। বিৰক্ত হৈ কুদ্দুছে জুবায়েৰ খানৰ আঙুলি দুটামানহে স্পৰ্শ কৰিলে।
কুদ্দুছে বেছ গম্ভীৰ মাত এটাৰে ক’লে – “মোৰ নাম আলফ্ৰেড গোমেজ।”
: আপুনি খ্ৰীষ্টান নেকি?
: হয়।
: কিমান দিনৰ পৰা মূৰ্তিৰ ব্যৱসায় কৰি আছে?
কুদ্দুছৰ মগজু একেবাৰে বেয়া হৈ গ’ল। মুখখন বেঁকা কৰি যেনেকৈহে প্ৰশ্নটো কৰিছে যেন কুদ্দুছ বাংলাদেশৰ আটাইতকৈ ডাঙৰ চোৰ; দেশৰ বহুমূলীয়া সম্পদবোৰ বিক্ৰী কৰি দেশখন ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু তেওঁ নিজে এজন মহান সাধু। কুদ্দুছে মনতে ক’লে – ‘‘তই যিমান দিন দালালি কৰিছ মোৰো ব্যৱসায় যিমান পুৰণি! ’’
: চেম্পল আনিছেনে?
কুদ্দুছে হা বা না একো নক’লে। টিঙিচকৈ তেওঁৰ খংটো উঠি আহিল।
: কি চেম্পল আনিছে দেখুৱাওক।
: যিয়ে কিনিব তেওঁ চাওক। আপুনি চাই কি কৰিব? – কুদ্দুছে ক’লে।
: প্ৰথমে মই চাম। মই চাই ‘‘ইয়েচ’’ বুলি ক’লেহে ছাৰে চাব। মূৰ্তিৰ কোৱালিটী, দাম ইত্যাদিবোৰৰ বিষয়ে মোৰ অলপ অভিজ্ঞতা নথকা নহয়।
অনিচ্ছা সত্ত্বেও কুদ্দুছে নিজৰ কেম্বিছ বেগটো খুলি ডাঠ টাৱেল এখনত মেৰিয়াই থোৱা মূৰ্তি এটা উলিয়াই আনিলে। ভদ্ৰলোকজনে ডিঙি মেলি বস্তুটো চালে। শুকান মাত এটাৰে তেওঁ সুধিলে – ‘‘কি মূৰ্তি? ’’ কুদ্দুছে ক’লে – ‘‘মই নাজানো কি মূৰ্তি। মই আপোনাৰ দৰে বিশেষজ্ঞ নহয়। মই কেৱল ক’ব পাৰোঁ যে এইটো এগৰাকী মহিলাৰ মূৰ্তি। হিন্দুসকলৰ কোনোবা দেৱী হ’ব পাৰে। তেওঁলোকৰ অজস্ৰ দেৱ-দেৱী। তাৰে ভিতৰত এগৰাকী কোনোবা হ’ব। ’’
: উহু, কোনো দেৱীৰ মূৰ্তি নহয়, অপ্সৰাৰ মূৰ্তি হ’ব পাৰে – ৰম্ভা, মেনকাৰ দৰে। ছাৰ আগ্ৰহী নহ’ব যেন লাগে।
: আগ্ৰহী নহ’ব কিয়, মূৰ্তিটো বেয়া নেকি?
: মূৰ্তিটো বেছি পুৰণি নহয়। কটাৰ ধৰণটোলৈ চাই বুজিব পাৰি যে পাঁচশ বছৰতকৈ বেছি পুৰণি নহয়। শিলৰ দানাবোৰো ডাঙৰ। দাম কিমান বিচাৰিছে?
: দামটো ডলাৰত কওঁ নে আমাৰ টকাত?
: ডলাৰত কওক।
: দহ হাজাৰ ডলাৰ।
: কি কয় হে?
জুবায়েৰ খানৰ চকু কপালত উঠিল। কুদ্দুছে ক’লে – ‘‘আপোনাৰ বাবে দহ শতাংশ কমিচন আছে। দহ হাজাৰ ডলাৰত আপুনি পাব এহাজাৰ।’’
: মোক কোনো কমিচনৰ প্ৰয়োজন নাই। খুব বেছি পাঁচশ ডলাৰৰ বস্তু। এই বস্তুটোৰ দাম দহ হাজাৰ ডলাৰ বুলি ছাৰক কোৱাটো মোৰ বাবে সম্ভৱ নহয়। মূৰ্তিটো কঠিন পাথৰৰ হ’লেও কথা আছিল।
কুদ্দুছে ক’লে – ‘‘তেনেহলে এতিয়া মই উঠোঁ! ’’ কথাখিনি কোৱাৰ লগে লগে তেওঁ মূৰ্তিটো টাৱেলেৰে মেৰিয়াবলৈ ল’লে। ঠিক সেইখিনি সময়তে জাপানী ভদ্ৰলোকজন কোঠাটোলৈ সোমাই আহিল। খৰখেদাকৈ জুবায়েৰে জাপানী ভাষাত কিবা এটা ক’লে। বঙালী মানুহৰ মুখত জাপানী ভাষা বৰ অদ্ভুত শুনি! উত্তৰত জাপানীজনেও কিবাকিবি ক’লে। জুবায়েৰে কুদ্দুছলৈ চাই ক’লে – ‘‘ছাৰে মূৰ্তিটো চাব বিচাৰিছে।’’
: চাই কি হ’ব? – কুদ্দুছে উদাস কণ্ঠেৰে কলে।
: একো নহয়। যদি ছাৰে এই মূৰ্তিটো এহেজাৰ ডলাৰতো কিনিব বিচাৰে মই মানা কৰিম। তথাপিও চাব বিচাৰেছে যেতিয়া এবাৰ দেখুৱাওক।
কুদ্দুছে টাৱেলখন আঁতৰালে। চাহাবজন আগবাঢ়ি আহিল আৰু মূৰ্তিটোলৈ চাই কিবা এটা মন্তব্য কৰিলে।
: ছাৰে কৈছে মূৰ্তিটো দেখিবলৈ বেয়া নহয় কিন্তু ওঁঠটো ভাঙি গৈছে। চাওক তলৰ ওঁঠটোৰ এটা অংশ অলপ ভঙা – জুবায়েৰে কলে।
কুদ্দুছে চাই দেখে যে সঁচাকৈয়ে অলপ ভঙা। প্ৰাচীন কালৰ এই বস্তুবোৰৰ মূল্য কিছু ভঙা-চিঙা হ’লেহে বাঢ়ে। তথাপি ই এতিয়া এটা খুঁত – কিনাৰ সময়ত আৰু অলপ সাৱধান হব লাগিছিল। অৱশ্যে ওঁঠ ভঙাৰ বাবে মূৰ্তিটো বেয়া দেখা নাই। কুদ্দুছে এই মূৰ্তিটো আগেয়ে ভালদৰে চোৱা নাছিল। আজি প্ৰথমবাৰৰ বাবে ভালকৈ চাইছে। যিমানেই চায় সিমানেই অবাক হয়। মূৰ্তিটো শিলৰ যেন নালাগে। এজনী যেন জীৱন্ত ছোৱালী। কিবা এটা কথাত হঠাতে তাই যেন সলাজ ভঙ্গীত তললৈ চাই পঠিয়াইছে ইষৎৰঙা গাল দুখনেৰে আনমনা এজনী যুৱতী।
জুবায়েৰে ক’লে – ‘‘ছাৰে দাম জানিব বিচাৰিছে। ’’
: দামটো মই ইতিমধ্যে আপোনাক কৈছোঁ।
: সেইটো বাৰু কথাই কথাই কিবা এটা ক’লে, এতিয়া সঠিক দামটো কওক। কেছ পেমেণ্ট হ’ব। জাপানীসকল অলপ কথাৰ মানুহ। এহাজাৰ ডলাৰ বহুত বেছি দাম হয়। তথাপি আপুনি কষ্ট কৰি আহিছে যেতিয়া ছাৰক ১০০০ ডলাৰ বুলিয়েই কওঁ। তেওঁ যে ৰাজী হ’ব আশা কম।
কুদ্দুছে মূৰ্তিটো লৰালৰিকৈ বেগত ভৰাই কান্ধত বেগটো লৈ যাবলৈ ওলাল।
: আপোনাৰ ছাৰ যিদৰে এক কথাৰ মানুহ, ময়ো এক কথাৰ ব্যক্তি – কুদ্দুছে ক’লে।
: আপুনি ফিক্সড প্ৰাইচৰ দোকান খুলি ৰাখিছে নেকি?
: হয়, সেই বুলিয়েই ধৰক।
চাহাবে আকৌ দুৰ্বোধ্য ভাষাত কিবাকিবি ক’লে। এইবাৰ তেওঁক কিছু উত্তেজিত যেন শুনা গ’ল। তাৰ মাজতে তেওঁ জুবায়েৰক জাপানী ভাষাত গালি-শপনি পৰাৰ দৰে লাগিল। তাৰ পাছত কুদ্দুছলৈ চাই ইংৰাজীতে ক’লে – ‘‘চিট ডাউন। ’’ কুদ্দুছ বহিল। এইবাৰ লেন-দেন হ’ব যেন ভাব হ’ল। প্ৰাচীন কালৰ বস্তুত কাৰোবাৰ এবাৰ মন খালে বৰ সমস্যা – একেবাৰে বৰশীত লাগি ধৰাৰ দৰে হয়! সেই পৰিস্থিতিৰ পৰা ওলাই অহা অতি কঠিন। চাহাবজনে এইবাৰ বৰশীৰ টোপ গিলিল যেন লাগিছে।
কুদ্দুছৰ বাবে মূৰ্তি বিক্ৰী কৰাটো অতি গুৰুত্বপূৰ্ণ। যোৱা এবছৰত তেওঁ একো বিক্ৰী কৰিব পৰা নাই। বিষ্ণুৰ মূৰ্তি এটা আনি দিম বুলি হাছমতে সত্তৰ হাজাৰ টকা লৈ গ’ল কিন্তু এতিয়া তাৰ কোনো পাত্তা নাই। বেলেগৰ মুখত শুনা মতে সি প্ৰতিমূৰ্তিটোৰ সংগ্ৰহ ঠিকেই কৰিছিল যদিও আন ঠাইতহে বিক্ৰী কৰিছে। কুদ্দুছৰ এটা ডাঙৰ পৰিয়াল। চাৰিটা ল’ৰা-ছোৱালী আৰু পত্নী। খুলশালি দুগৰাকীও তেওঁৰ লগত থাকে। ঘৰলৈ পইচা পঠিয়াব লাগে। ভনীয়েক এগৰাকী অলপতে বিধৱা হৈছে আৰু তাইকো টকা দিব লাগে। এই ভনীয়েকো নিজৰ পৰিয়ালৰ সৈতে কুদ্দুছৰ ঘৰতে উঠিব। আজি মূৰ্তিটো বিক্ৰী কৰিব পাৰিলে খুবেই ভাল হয়।
জুবায়েৰে ক’লে – ‘‘ছাৰে মূৰ্তিটো উলিয়াবলৈ কৈছে। ’’
কুদ্দুছে মূৰ্তিটো উলিয়াই আনিলে। আগতে ছোৱালীজনীৰ মূৰ্তিটোৱে লাজতে মূৰ তললৈ কৰি থকা যেন লাগিছিল। এতিয়া ভাৱ হৈছে ছোৱালীজনীয়ে যেন খঙতেহে চকু দুটা তললৈ নমাই দিছে। খুবেই তুচ্ছ কাৰণত তাইৰ খং উঠিছে। কিছুমান ছোৱালীৰ খং উঠিলেই চকুৰে পানী ওলায়, এই ছোৱালীজনীও সেই ধৰণৰ। হয়তো এইমাত্ৰ তাই কান্দিবলৈ ল’ব। জুবায়েৰে ক’লে – ‘‘আপোনাৰ দাম শুনি ছাৰৰ মূৰ্চ্ছা যোৱা অৱস্থা। যি নহওক ছাৰে দাম এটা ঠিক কৰিছে, তাতকৈ এটকাও বেছি নিদিয়ে। নগদ ধনৰ লেন-দেন হ’ব। আপুনি মূৰ্তি থৈ পকেটত ডলাৰ ভৰাওক। ছাৰে কোৱা দামটো হ’ল চাৰি হাজাৰ ডলাৰ।’’ কুদ্দুছে খৰকৈ চিন্তা কৰিবলৈ ধৰিলে। চাৰি হাজাৰ ডলাৰ বেয়া মূল্য নহয়। ডলাৰত একাৱন্ন টকাকৈ পোৱা যায়। চাৰি হাজাৰক একাৱন্নৰে পূৰণ কৰিলে দুই লাখ চাৰি হাজাৰ টকা। এই মূৰ্তিটোৰ বাবে তেওঁ মাত্ৰ এঘাৰ হাজাৰ টকাহে খৰচ কৰিছিল। লাভ হ’ব একলাখ তিৰানব্বৈ হাজাৰ। বেয়া নহয়, ভাল। জুবায়েৰে ক’লে – ‘‘আপুনি মনে মনে ৰ’ল যে? কিবা এটা কওক। ’’
: কি ক’ম?
: ছাৰে দাম এটা কৈছে। হা-না কিবা এটা কওক।
কুদ্দুছে মূৰ্তিটোলৈ এবাৰ চকু ফুৰালে। তেওঁৰ বুকুত খুন্দা মৰাৰ দৰে লাগিল। মূৰ্তিৰ ছোৱালীজনীয়ে যেন তেওঁলোকৰ কথা-বতৰাবোৰ শুনি আছে। তাইক লৈ দৰদাম কৰা দেখি ছোৱালীজনীয়ে লাজতে চকু দুটা তললৈ নমাই আনিছে। জাপানীজনে নিজৰ ভাষাতে জুবায়েৰৰ সৈতে হাত জোকাৰি কথা পতা আৰম্ভ কৰিছে। কুদ্দুছে কেৱল দেশীসকলেহে হাত জোকাৰি কথা-বতৰা পাতে বুলি ভাৱিছিল। কেতিয়াবা এই প্ৰথা বিদেশীৰ মাজতো দেখা যায়।
: মিষ্টাৰ আলফ্ৰেড গোমেজ চাহাব!
: হয়, কওক।
: শেষবাৰৰ বাবে ছাৰৰ লগত কথা-বতৰা হ’ল। আজি নিশাৰ বিমানেৰে তেওঁ উভতি যাব – ছিংগাপুৰ এয়াৰলাইন্স। তেওঁ সময় নষ্ট কৰিব বিচৰা নাই – সেইবাবে আৰু পাঁচশ ডলাৰ দিব। আশা কৰোঁ ইয়াৰ পিছত আপোনাৰ কোনো আপত্তি নাথাকে।
কুদ্দুছে থিয় হৈ ক’লে – ‘‘মই মূৰ্তিটো বিক্ৰী নকৰোঁ। ’’ জুবায়েৰে ক’লে – ‘‘মিষ্টাৰ গোমেজ, আপুনি ভুল কৰিছে। ছাৰে অলপ আগ্ৰহ দেখুওৱাৰ বাবে আপুনি নাভাৱিব যে ছাৰৰ মূৰ্তিটো কিনাৰ খুব ইচ্ছা। তেওঁৰ ইমান গৰজ পৰা নাই। তেওঁ দৰদাম কৰি থকা একেবাৰেই ভাল নাপায়, সেয়েহে অতিৰিক্ত পাঁচশ ডলাৰ দি সমস্যা আঁতৰাব খুজিছে। মই নিজে এজন বাঙালী আৰু বাঙালীৰ চৰিত্ৰ মই ভালকৈ জানো। আপুনি হোটেলৰ পৰা ওলাই গৈ আকৌ উভতি আহিলে আমি কিন্তু এই অতিৰিক্ত পাঁচশ ডলাৰ দিব নোৱাৰোঁ। আপুনি যেনে আঁকোৰগোজ আমিও তেনেদৰে নাছোৰবান্দা। ’’
কুদ্দুছে বেছ ঠাণ্ডা মগজুৰে ক’লে – ‘‘নাই, মই উভতি নাহোঁ। ’’
হোটেলৰ বাহিৰত কুদ্দুছৰ অট’ৰিক্সাখন ৰৈ আছে। ব্যৱসায়ৰ বাবে ওলাই গ’লে কুদ্দুছে সদায় দিনটোৰ বাবে অটোৰিক্সা এখন ভাড়া কৰে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাখিলে পাঁচশ টকা দিব লাগে। সন্ধিয়াৰ পাছত কুদ্দুছ হ’ল এজন ‘‘ফেমিলি মেন’’। ল’ৰা-ছোৱালী দুটাক পঢ়োৱায় আৰু ৰাতিৰ আহাৰৰ পাছত পত্নীৰ সৈতে টিভিত চিনেমা চায়। টিভিত বহুকেইটা চেনেল থকা বাবে বেছ সুবিধা হৈছে – ৰিমটৰ যিকোনো এটা বুটাম টিপিলেই চেনেলত চিনেমা থাকেই। অতি সস্তীয়া ছবি, তথাপিও পইছা নিদিয়াকৈ চাব পাৰি! অট’ৰিক্সাত উঠি কুদ্দুছে দেখিলে যে মিষ্টাৰ জুবায়েৰ হোটেলৰ চিৰিলৈকে নামি আহিছে। মুখত তেওঁৰ অসীম বিৰক্তি। হাত বাউলি তেওঁ কুদ্দুছক মাতিছে। অটোৱালাই ক’লে – ‘‘ছাৰ, আপোনাক মাতিছে। ’’ উদাস মাতেৰে কুদ্দুছে ক’লে – ‘‘মাতক। তুমি অটো চলাই থাকা। ’’
আজিও একো লেন-দেন নহ’ল। আচৰিত কথা যে তাৰ বাবে কুদ্দুছৰ অলপো বেয়া লগা নাই। কথাবোৰ যিদৰে ঢাল খাব ধৰিছিল ভাব হৈছিল যেন মূৰ্তিটো বেছিবই লাগিব। দহ হাজাৰ ডলাৰ দিবলৈ সন্মতি দিয়াহেঁতেন কুদ্দুছে মূৰ্তিটো দি দিয়াৰ বাহিৰে আন উপায় নাছিল। তেনেধৰণৰ টকা পালে মানুহে পত্নী-পুত্ৰও বেছি দিয়ে আৰু এইটোতো এটা সামান্য মূৰ্তি। সন্ধিয়া পাৰ হৈ কেতিয়াবাই ৰাতি হ’ল। কুদ্দুছ নিজৰ ঘৰৰ বেলকনিত বহি আছে, এই ঠাইখিনি তেওঁৰ বৰ প্ৰিয়। ভাল পাবলৈ তেনে একো নাই, ফ্লেটবোৰত ঘৰৰ বেলকনিখনেই অলপ বহিব পৰা ঠাই। নহ’লে চকী এখন থ’লে মানুহৰ খোজ কাঢ়িবলৈকে ঠাই নাথাকে। তাতোকৈ বেয়া কথাটো হ’ল বেলকনিৰ পৰা আকাশখন দেখা পোৱা নাপায় – কাষৰ ফ্লেটবোৰৰ বেৰহে দেখা যায়। কুদ্দুছৰ নিজৰ কিছুমান ট্ৰাংক বাৰাণ্ডাত ৰখা হৈছে। পাটি এখনৰ সৈতে গাৰু এটাও আছে। চাৰিওফালে পৰ্দাবোৰ টানি বেলকনিতে আৰামেৰে শুব পাৰি। কেঁচুৱাৰ চিঞৰ-বাখৰ শুনা নাযায়। বেলকনিত লাইট এটা জ্বলি আছে আৰু কুদ্দুছৰ হাতত একাপ চাহ। কাষৰ পাটিখনত মূৰ্তিটো পৰি আছে। কুদ্দুছে মূৰ্তিটোলৈ চাই আছে – কোনো পধ্যেই তাৰ পৰা চকু আঁতৰাব পৰা নাই। বৰ অস্বস্তি অনুভৱ কৰিছে – এনে লাগিছে যেন তেওঁৰ পত্নী আমিনা আহি এতিয়াই উকি মাৰিব। খুট-খাট কিবা শব্দ হ’লেই কুদ্দুছে থতমত খাই দুৱাৰখনলৈ চায়, অৱশ্যে ইয়াৰ কোনো কাৰণো নাই। আমিনা আহিলেনো কি কথা? এনে নহয় যে তেওঁৰ ভৰিৰ ওচৰত ছোৱালী এজনী সঁচাকৈয়ে লাজুক ভঙ্গীৰে পৰি আছে। এটা মাত্ৰ শিলৰ মূৰ্তি। শিলৰ মূৰ্তি তেওঁৰ লগত থাকিবই। মূৰ্তি লৈয়েই তেওঁৰ ব্যৱসায়। তথাপিও কিয় ইমান অস্বস্তি অনুভৱ কৰিছে? বাৰে বাৰে তেওঁৰ মূৰ্তিটো চুই চাবলৈ মন যায়। শিলৰ প্ৰতিমূৰ্তিটো হাতেৰে স্পৰ্শ কৰিলেও কোনো কথা নাই – মূৰ্তিটোৰ ওপৰত ধূলি পৰি আছে, হাতেৰে ধূলি পৰিষ্কাৰ কৰাত কি বাধা? কুদ্দুছে চাহৰ কাপটো থৈ মূৰ্তিটো কোলাত ললে। চাফা কৰিব লাগিব। ঠিক সেইখিনি সময়ত বেলকনিৰ দুৱাৰ খুলি আমিনা অহাৰ শব্দ শুনা গ’ল। কুদ্দুছে খৰধৰকৈ মূৰ্তিটো টাৱেলেৰে ঢাকি দিলে। আচৰিত কথা, কপালত বিন্দু বিন্দুকৈ ঘাম ওলাব ধৰিছে।
: আপুনি কি কৰি আছে?
: চাহ খাই আছোঁ আকৌ, কি কৰিম?
: কোলাত কি বস্তু সেইটো?
কুদ্দুছে বিৰক্ত হৈ ক’লে – ‘‘নাই, একো নহয়। ’’ মাইকী মানুহৰ এই অত্যধিক কৌতূহলী স্বভাৱ তেওঁৰ বাবে অসহ্যকৰ। তেওঁৰ কোলাত কি আছে আমিনাৰ জনাৰ কি দৰকাৰ? কোলাত তেওঁ ছোৱালী এজনী লৈ বহি থকা নাই নহয়। এনে বেয়া চিন্তা তেওঁ কেতিয়াও নকৰে। পুৰুষৰ বহুতো বেয়া অভ্যাস থাকে। বেয়া ঠাইলৈ যোৱা, ৰঙা পানী খোৱা এইবোৰৰৰ কোনো এটা কুদ্দুছে নকৰে। তথাপিও ইমান সন্দেহ কিয়? চকু দুটা সৰু কৰি মোক সুধিছে চোৱা! – কোলাত কি বস্তু সেইটো? তাকো আঁতৰিও যোৱা নাই – দুৱাৰৰ চুকত থিয় হৈ!
: আপোনাক বিচাৰি মানুহ এজন আহিছে।
: গৈ আছোঁ বাৰু, মোক চাৰ্ট এটা আনি দিয়া।
চাৰ্টটো আনিবলৈ আমিনা ভিতৰলৈ গ’ল আৰু এই অৱসৰতে কুদ্দুছে মূৰ্তিটো চম্ভালিবলৈ চেষ্টা কৰিলে। টাৱেলেৰে ঢাকি মূৰ্তিটো বেগ এটাত ভৰোৱা হ’ল। ভাল তলা এটা আজিয়েই কিনিব লাগিব। বেগটোত তলা লগাই ৰখা ভাল। । কুদ্দুছ যেতিয়া মূৰ্তি লৈ ওলাই যায় তেতিয়া বেগটোত তলা নাথাকে কাৰণ তলা মানেই সন্দেহৰ বস্তু! কিন্তু এতিয়া তলাৰ প্ৰয়োজন হ’ব। জুবায়েৰ খান শুকান মুখ এখনেৰে ড্ৰয়িং ৰূমত বহি আছে। হাতত জ্বলন্ত এটা চিগাৰেট; এই গেলা গৰমতো চুট পিন্ধি আহিছে। কুদ্দুছক প্ৰৱেশ কৰা দেখি তেওঁ থিয় নহ’ল, অলপ লৰ-চৰ কৰি বহিল। কুদ্দুছে সুধিলে – ‘‘আপুনি ঘৰ কেনেকৈ চিনি পালে? ঠিকনা ক’ৰ পৰা পালে? ’’
জুবায়েৰ খানে বিৰক্ত মাতেৰে ক’লে – ‘‘সংগ্ৰহ কৰিলোঁ যেনে তেনে। কেনেকৈ সংগ্ৰহ কৰিলোঁ তাৰ দীঘলীয়া কাহিনী ক’বলৈ মোৰ সময় নাই। আপোনাৰ টকাখিনি আনিছো, মূৰ্তিটো সোনকালে পেক কৰি দিয়ক। ’’
: কি মূৰ্তি?
: কি মূৰ্তি মানে? আজি ৰাতিপুৱা যিটো হোটেললৈ নিছিল।
: অ’, আচ্ছা!
: আপুনি যি বিচাৰিছে তাকে লৈ আহিছোঁ। দহ হাজাৰ ডলাৰ ট্ৰেভেলাৰ চেকযোগে পৰিশোধ কৰা হ’ব। কোনো সমস্যা নাই নহয়?
: নাই, কোনো সমস্যা নাই।
: যাওক, কিয় বহি আছে? বস্তুটো সোনকালে লৈ আনক। মোৰ সময় নাই। ছাৰৰ ৰাতিৰ ফ্লাইট।
: চাহ একাপ খাব নেকি?
: নাই, চাহ নাখাওঁ, পানী এগিলাচহে খাম। উতলাই ঠাণ্ডা কৰা পানী আছে নহয়?
: হয়, আছে।
: যাওক, এগিলাচ ঠাণ্ডা পানী লৈ আনক আৰু মূৰ্তিটোও লৈ আহিব।
কুদ্দুছ ভিতৰলৈ গ’ল আৰু পানী লৈ উভতি আহিল। পানীৰ গিলাচটো টেবুলত থবলৈ লওঁতে তেওঁ ক’লে – ‘‘সৰু সমস্যা এটা আছে। মূৰ্তিটো এতিয়া মোৰ লগত নাই। ’’
: লগত নাই মানে?
: এইবোৰ বস্তু সকলো সময়তে লগত লৈ ফুৰিব নোৱাৰি। সাৱধানে ৰাখিবলগীয়া হয়।
: য’তে ৰাখিছে তাৰ পৰা লৈ আনক। ব’লক, ময়ো যাম আপোনাৰ লগত। মোৰ লগত গাড়ী আছে কোনো সমস্যা নাই।
: মূৰ্তিটো এতিয়া ৰাজশাহীত আছে।
: ৰাজশাহীত আছে মানে?
: ৰাতিপুৱা মোৰ পাৰ্টনাৰে লৈ গ’ল। ভাৰতলৈ চোৰাংভাৱে লৈ যোৱা হ’ব। দেৱ-দেৱীৰ দেশ যেতিয়া এই বস্তুবোৰৰ তাত মূল্য আছে। পূজাঘৰত ৰাখি পূজা-পাতল কৰিব।
: গোমেজ চাহাব!
: হয়।
: আপুনি নিশ্চয় চালাকিৰে আকৌ মূৰ্তিটোৰ দাম বঢ়াবলৈ চেষ্টা কৰিছে। সঁচা কথা কওক – মই ছাৰৰ লগত টেলিফোনত কথা পাতি আৰু অলপ পইচা দিয়াব পাৰিম।
: নাই, সঁচা কথা কৈছোঁ, এই ক্ৰছটো চুই কৈছোঁ। কোনো খ্ৰীষ্টানে ক্ৰছ চুই মিছা কথা ক’ব নোৱাৰে।
কুদ্দুছ হ’ল বিছনাত পৰিলেই লালকাল দিয়া মানুহ। গাৰুটোত মূৰ পেলালেই একো ক’ব নোৱাৰে। আজি নিশা কিন্তু কুদ্দুছে বিছনাত ইকাতি-সিকাতি কৰি আছে – শুব পৰা নাই। ফেনৰ বতাহ গৰম যেন লাগিছে, বিছনাৰ পৰাও যেন গৰম ভাপ এটা আহি আছে। কিছু সময়ৰ মূৰে মূৰে খুব পানী পিয়াহ লাগিছে। প্ৰতিবাৰেই পানী খাবলৈ উঠিলে আমিনাই ‘‘কোন’’ বুলি মাত দিয়ে। আমিনা এগৰাকী অতি পাতল টোপনিৰ মহিলা, সামান্য কাহ এটা মাৰিলেও তাই বিছনাত জপিয়াই বহে আৰু সোধে – ‘‘কোনে কাহ মাৰিছে? ’’ আমিনাৰ টোপনি যদি অলপ গভীৰ হ’লহেঁতেন তেওঁ বেলকনিলৈ উঠি গৈ কেম্বিছৰ বেগটোৰ পৰা ছোৱালীজনীৰ মূৰ্তিটো উলিয়াই ল’লেহেঁতেন। ছোৱালীজনীক চাবলৈ খুবেই মন গৈছে। কুদ্দুছৰ বৰ বেয়া লাগে। তেওঁ বিছনাত ফেনৰ বতাহ লৈ আৰামত শুই আছে আৰু আন এজন… …শেষ নিশা মানুহৰ টোপনি গভীৰ হয়। আমিনাৰো সেই সময়ত গভীৰ টোপনি আহিব লাগে। সেই সময়ত বেলকনিলৈ গ’লেও হ’ব। ছোৱালীজনীক চাবলৈ অসম্ভৱ মন গৈছে। কুদ্দুছ বিছনাতে ইকাতি-সিকাতি কৰি থাকিল -শেষ নিশাৰ অপেক্ষাত।

পাঁচ বছৰৰ পাছত।
আব্দুল কুদ্দুছে পুনৰ নাম সলনি কৰিছে। এতিয়া তেওঁৰ নাম মুনছি হবিবুল্লাহ। নামটোৰ লগতে চেহেৰা আৰু সাজ-পোছাকৰো পৰিৱৰ্তন হৈছে। তেওঁৰ মুখত দাড়ি আৰু মূৰত নেপালীসকলে পিন্ধা ৰঙীণ টুপী। গাত হাতকটা চোলা আৰু পাঞ্জাবীৰ মাজৰে এটা পোছাক। তেওঁ মূৰ্তি ব্যৱসায়েই কৰি আছে। ব্যৱসায় যথেষ্ট ৰমৰমীয়া। এতিয়া ভাৰতৰ পৰাও সামগ্ৰী আহে আৰু আজি ৰাজশাহী, কাইলৈ দিনাজপুৰ এইদৰে গোটেই বছৰটো তেওঁ ব্যস্ত হৈ থাকিব লগা হয়। কামৰ সুবিধাৰ বাবে এজন পূৰ্ণকালীন সহায়ক ৰখা হৈছে — ইংৰাজীত এম. এ. পাছ কৰা স্মাৰ্ট ল’ৰা। বিদেশী ক্ৰেতাৰ সৈতে সিয়েই যোগাযোগ কৰে। ইতিমধ্যে জাপানী মানুহৰ লগত কথা পাতিবলৈ জাপানী ভাষাও শিকিবলৈ চেষ্টা কৰি আছে। একেবাৰে হীৰাৰ টুকুৰা যেন ল’ৰা। ঘৰত বিবাহযোগ্যা জীয়ৰী থাকিলে অনায়সে জোঁৱাই হিচাপে আদৰি ল’ব পাৰি। আব্দুল কুদ্দুছৰ হাতত কেতিয়াও নগদ ধন নাথাকে কিন্তু এইবাৰ তেওঁ নগদ ধন গোটাই ঝিকাতলাত ১০০০ বৰ্গফুটৰ এটা ফ্লেট কিনিছে। ফ্লেটটো ল’ৰা-ছোৱালী, পৰিয়াল লৈ থাকিবলৈ যথেষ্ট সৰু — সেইবাবে আব্দুল কুদ্দুছ কেতিয়াবা অকলেই আহি ফ্লেটটোত থাকেহি। সুন্দৰকৈ সজ্জিত ফ্লেট। টিভি, ফ্ৰীজ, ড্ৰয়িং ৰূমত চোফা চেট, বেডৰূমত ডাবল বেড, ড্ৰেছিং টেবুল, মজিয়াত কাৰ্পেট, বেলকনিত ঝুলনা সকলো আছে।
আব্দুল কুদ্দুছ দুপৰীয়া কেতিয়াও নিজৰ ফ্লেটলৈ নাহে। সাধাৰণতে ৰাতি আঠ বা কেতিয়াবা তাৰ পিছত ঘৰত সোমায়। তেওঁ মূৰত চাদৰ এখন লৈ ফুৰে বাবে তেওঁৰ মুখখন স্পষ্টকৈ দেখা পোৱা নাযায়। ফ্লেটটোৰ লিফট এতিয়াও আৰম্ভ হোৱা নাই বাবে তেওঁ চিৰিৰে উঠি সপ্তম মহলালৈ যাব লগা হৈছে। সেই সময়ত তেওঁ কাৰো যাতে চকুত নপৰে তালৈ সাৱধান হয় — যেন নিজৰ ফ্লেটত থকাটো ভয়ংকৰ এটা অপৰাধ। চাবিটোৰে দুৱাৰ খুলি ফ্লেটটোত সোমালে আব্দুল কুদ্দুছৰ মনটো ভাল লাগি যায়। নিজেই তেওঁ ঘৰটো সাৰে আৰু চোফাৰ ধূলি-মাকতি জাৰে। পাকঘৰত সোমাই চাহ বনাই চাহ খায়। ৰাতি গভীৰ হ’লে তেওঁ শোৱা কোঠাত প্ৰৱেশ কৰে আৰু তেতিয়া তেওঁৰ শৰীৰটো ৰোমাঞ্চিত হৈ উঠে। কঁপা কঁপা হাত দুখনেৰে তেওঁ বক্স-বেডৰ ড্ৰয়াৰৰ পৰা কেম্বিছ বেগটো উলিয়াই আনে। সেই সময়ত তেওঁৰ বুকুৰ ঢপঢপনি বাঢ়িবলৈ ধৰে – এনে ভাৱ হয় যেন তেওঁ মূৰ ঘূৰাই পৰি যাব। কেৱল মূৰ্তিটো চাব পালেই তেওঁ শান্তি আৰু নিশ্চিন্ত অনুভৱ কৰে। ভাব হয় এই পৃথিৱীত তেওঁতকৈ সুখী মানুহ কোনো নাই। নিৰ্জন ফ্লেটটোত কেৱল তেওঁ আৰু তেওঁৰ প্ৰিয়তমা। গোটেই ৰাতি তেওঁ যদি সেই প্ৰিয় মুখখনলৈ চাই থাকে কোনেও একো ক’বলৈ নাই।
আব্দুল কুদ্দুছে জানে তেওঁ ভয়ংকৰ বেমাৰ এটাত ভুগিছে। সময়ৰ লগে লগে এই ৰোগ বাঢ়িছে। পৃথিৱীৰ সকলো ৰোগৰে কিবা নহয় কিবা এটা চিকিৎসা আছে; এই ৰোগৰো নিশ্চয় আছে। কিন্তু তেওঁ নিবিচাৰে যে এই ৰোগৰ চিকিৎসা হওক, বৰঞ্চ তেওঁ ইয়াৰ বিপৰীতটোহে বিচাৰে। তেওঁ বিচাৰে বেমাৰটো আৰু বেছি বেয়াকৈ বাঢ়ি যাওক – তেওঁক সম্পূৰ্ণকৈ গ্ৰাস কৰি পেলাওক। আজি আব্দুল কুদ্দুছে মূৰ্তিটোৰৰ বাবে এটা উপহাৰ লৈ আহিছে। দামী বাখৰ লগোৱা ডিঙিৰ হাৰ। তেওঁ খুব সাৱধানে হাৰডাল ছোৱালীগৰাকীক পিন্ধাই দিলে। পিছমুহূৰ্তত প্ৰায় আৱেগভৰা কণ্ঠেৰে ফুচফুচাই ক’লে – ‘‘সোণজনী মোৰ! হাৰডাল পছন্দ হৈছেনে?’ ’ এই কথাখিনি ক’বলৈ গৈ তেওঁ চকুৰ পানীৰে বাট নেদেখা হ’ল। আব্দুল কুদ্দুছৰ ভাব হ’ল যেন তেওঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!