পৰিৱেশন, পৰিৱেশনশৈলী, পৰিৱেশ্য কলা আৰু পৰিৱেশন অধ্যয়ন তত্ত্ব

লেখক- ড॰ মৃণাল জ্যোতি গোস্বামী

ড॰ মৃণাল জ্যোতি গোস্বামী
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
এন এইচ ৩৭, ৰেচম নগৰ, খানাপাৰা
বড়োলেণ্ড গেষ্ট হাউচৰ সমীপত
গুৱাহাটী, কামৰূপ [মেট্ৰ], অসম– ৭৮১ ০২২
ফোন নং – ৯৪৩৫০-১৬৮৪০

অসমীয়া ভাষাত কলা-প্ৰদৰ্শনৰ সম্পৰ্কীত পৰিভাষাসমূহৰ ভিতৰত বহুল ব্যৱহৃত পৰিভাষা কেইটা হ’ল– পৰিৱেশন, পৰিৱেশনশৈলী, পৰিৱেশ্য কলা আৰু পৰিৱেশন অধ্যয়ন তত্ত্ব৷ বিভিন্নজনে ভিন ভিন অৰ্থ তথা নিজস্ব ধাৰণাৰে এই পৰিভাষা কেইটা প্ৰয়োগ কৰি থকা চকুত পৰে৷ বহু সময়ত পৰিভাষা কেইটাৰ সংজ্ঞাও নিৰূপণ হোৱাও চকুত নপৰে৷ এই বিষয়ে তলত চমুকৈ আলোচনা দাঙি ধৰা হ’ল৷

পৰিৱেশন
অসমীয়া ভাষাত কলা-প্ৰদৰ্শনৰ অৰ্থত প্ৰয়োগ কৰা ‘‘পৰিৱেশন’’ শব্দটো ইংৰাজী ‘‘Performance’’ শব্দটোৰ অসমীয়া প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়৷ বিশেষ্যবাচক এই ইংৰাজী শব্দটোৰ অৰ্থ বহু ব্যাপক৷ প্ৰসংগ অনুসৰি ইয়াৰ অৰ্থ বেলেগ বেলেগ৷ নাটক বা কলা-প্ৰদৰ্শনৰ প্ৰসংগত ই কি অৰ্থ সূচাই সেই বিষয়ে চোৱা যাওক৷
http://dictionary.cambridge.org/-ৰ মতে– ‘‘the action of entertaining other people by dancing, singing, acting, or playing music.’’
https://www.dictionary.com/-ৰ মতে – ‘‘a musical, dramatic, or other entertainment presented before an audience.’’
https://www.oxfordlearnersdictionaries.com/-ৰ মতে– ‘‘the act of performing a play, concert, or some other form of entertainment, the way a person performs in a play, concert, etc.’’

এই অৰ্থ কেইটা বিশ্লেষণ কৰিলে কেইটামান দিশ উদ্ভাসিত হয়–পৰিৱেশনৰ সৈতে সংযোজিত হৈ থাকে দৰ্শনযোগ্যতা, শ্ৰৱণযোগ্যতা আৰু লগতে বিনোদনধৰ্মী গুণ৷ লগতে জড়িত হৈ আছে পৰিৱেশন কৰিবৰ বাবে ব্যক্তি, দৰ্শক-শ্ৰোতা, কোনো স্থান, মাধ্যম ইত্যাদি৷
অসমীয়া অভিধানতনো ‘‘পৰিৱেশন’’ শব্দটোৰ অৰ্থ কি দিয়া হৈছে সেয়া বিচাৰ কৰি চোৱা যাওক–
চন্দ্ৰকান্ত অভিধান মতে– ‘‘বি. আহাৰ কৰোঁতে আল ধৰা কাৰ্য্য৷’’
হেমকোষ¸ৰ মতে– ‘‘বি. বিলাই দিয়া কাৰ্য, য’ত নাই দিয়া কাৰ্য, ভাত বঢ়া কাৰ্য, যোগান ধৰা কাৰ্য, distribution. বি. প্ৰদৰ্শন performance’’
চলন্ত অভিধান মতে– ‘‘বি. [ভাত-পানী] বাঢ়ি দিয়া কাৰ্য; বিলোৱা কাৰ্য, যোগান ধৰা কাৰ্য৷’’
শৰাইঘাট অভিধান মতে – ‘‘বি. বিলোৱা কাৰ্য, যোগান ধৰা কাৰ্য৷’’
আধুনিক অসমীয়া শব্দকোষৰ মতে– ‘‘বি. বিলোৱা কাৰ্য, যোগান ধৰা কাৰ্য৷’’

হেমকোষ(২০০৬)ৰ চনত সংস্কৰণটোৰ বাদে অসমীয়া অভিধান কেইখনৰ কোনো এখনতেই কলা-প্ৰদৰ্শনৰ অৰ্থত এই শব্দটো উল্লেখ নথকাটোৱে কিন্তু এটা বিশেষ কথাৰ সম্ভেদ দিয়ে৷ এই শব্দটোৰ চাগৈ ‘‘অৰ্থৰ বিস্তাৰ’’ ঘটা বৰ বেছি দিন হোৱা নাই৷ কাৰণ আগতে অসমীয়া ৰাইজে ‘‘নাট-মেলে’’, ‘‘ভাওনা পাতে’’হে৷ কোনে কেতিয়া ইংৰাজী ‘‘Performance’’ শব্দটোৰ অসমীয়া প্ৰতিশব্দ হিচাপে ‘‘পৰিৱেশন’’ শব্দটোৰ ব্যৱহাৰ আৰম্ভ কৰিছিল সেয়া জনা নাযায়৷

‘‘Performance’’ শব্দটোৰ অৰ্থকেইটাৰ আধাৰতে ‘‘পৰিৱেশন’’কো সংজ্ঞাবদ্ধ কৰিব পাৰি এনেদৰে– কোনো ব্যক্তিয়ে দৰ্শন কৰিব পৰা, শুনিব পৰা আৰু অনুভৱ কৰিব পৰা কলাশিল্পৰ আনুষ্ঠানিক ৰূপটিকেই পৰিৱেশন বোলা হয়৷ পৰিৱেশনৰ লগত কিন্তু তাৰ ‘‘মাধ্যম’’ আৰু ‘‘স্থান’’ৰ গভীৰ সম্পৰ্ক আছে৷ কাৰণ কলা বিশেষে পৰিৱেশনৰ স্থান বেলেগ বেলেগ ধৰণৰ হ’ব; ঠিক সেইদৰে তাৰ মাধ্যমো বেলেগ বেলেগ হ’ব৷ ভাওনা এখন পৰিৱেশন কৰিবলৈ সাধাৰণতে স্থান নিৰ্ধাৰণ কৰা হয় নামঘৰৰ মজিয়াখনক; কিন্তু সামাজিক নাটক এখন পৰিৱেশন কৰিবলৈ নিৰ্বাচন কৰা হয় কোনো মঞ্চ বা তেনে ধৰণৰ স্থান৷ ঠিক সেইদৰে ‘‘বাটৰ নাট’’ এখনৰ পৰিৱেশনৰ স্থান ৰাস্তা বা পথ বা তেনে মুকলি ঠাই; কিন্তু অনাতাঁৰ নাটক এখন পৰিৱেশন কৰা হয় কোনো ষ্টুডিঅ’ত (বাণীবদ্ধ কৰোঁতে)৷ ঠিক সেইদৰে বিহু নাচ এভাগি পৰিৱেশন কৰা বা গান পৰিৱেশন কৰা আদি কথাটোতো কি স্থানত সেয়া উপস্থাপন কৰা হৈছে তাৰ গুৰুত্ব আছে৷

‘‘মাধ্যম’’ বুলি ক’লে যাৰ যোগেদি কোনো কাম সম্পন্ন কৰা হয় সেই কথা বুজোৱা হয়৷ অনাতাঁৰ নাটক এখন ৰেডিঅ’ বা তেনে মাধ্যমেৰে শ্ৰোতাৰ কাষলৈ যায়; কিন্তু অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক এখন তেনেকৈ শুনাতকৈ দৃশ্য-শ্ৰৱ্য ৰূপত চাবলৈ বিচৰা যায়৷ দৃশ্য-শ্ৰৱ্য ৰূপত দেখা নাটক এখনৰ পৰিৱেশনৰ লগত সংলগ্ন হৈ থকা মঞ্চ, মঞ্চসজ্জা, দৃশ্যসজ্জা, আৱহসংগীত, পোহৰ ব্যৱস্থা, অভিনয় (আংগিক, বাচিক, আহাৰ্য, সাত্ত্বিক– এই চাৰিওটা ভাগ) আদিয়ে সামগ্ৰিক ৰূপটোত প্ৰভাৱ বিস্তাৰ কৰে৷ আনহাতে অনাতাঁৰ নাটক এখনত কেৱল স্বৰ-প্ৰক্ষেপন আৰু আৱহসংগীতেৰে সকলো বুজাব লগা হয়৷ ইয়াতেই কোন মাধ্যমত পৰিৱেশনটো উপস্থাপন কৰা হৈছে সেই কথাষাৰৰ গুৰুত্ব নিহিত হৈ আছে৷ সামগ্ৰিকভাৱে ক’ব পাৰি যে প্ৰতিটো কলাৰূপৰে পৰিৱেশনত পৰিৱেশন স্থান আৰু মাধ্যমৰ গুৰুত্ব অপৰিসীম৷

পৰিৱেশনশৈলী
‘‘পৰিৱেশনশৈলী’’ শব্দটো নিষ্পন্ন হৈছে ‘‘পৰিৱেশন’’ আৰু ‘‘শৈলী’’– এই শব্দ দুটাৰ মিলনৰে৷ পৰিৱেশন মানে কি সেই বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে৷ এতিয়া আহিল ‘‘শৈলী’’ মানে কি? শৈলী শব্দটোৰ আভিধানিক অৰ্থ হ’ল সংগীত, সাহিত্যকৰ্ম আদিৰ ৰচনা ৰীতি৷ ইংৰাজী ‘‘Style’’ শব্দৰ অসমীয়া পৰিভাষা হিচাপে শৈলী শব্দটো সাধাৰণভাৱে ব্যৱহাৰ কৰা যায়৷ সম্পূৰ্ণ আভিধানিক অৰ্থতেই এই শব্দটো পৰিৱেশন শব্দটোৰ লগত সংযোজিত কৰা হৈছে৷ যিকোনো পৰিৱেশনৰ লগত তাৰ শৈলীগত দিশটো ওতপ্ৰোতভাৱে জড়িত হৈ থাকে৷ উদাহৰণস্বৰূপে ‘‘ভাওনা’’ এভাগি পৰিৱেশন কৰিবলৈ হ’লে তাৰ সৈতে ‘‘নামমেলা’’ৰ পৰা ‘‘নাটসামৰা’’লৈকে সকলো কৰ্ম সমাপন কৰিব লাগিব বা কৰা হয়৷ এই গোটেই প্ৰক্ৰিয়াটো ভাওনাখনৰ পৰিৱেশনশৈলীৰ লগত জড়িত হৈ আছে৷ ঠিক সেইদৰে ‘‘বৰগীত’’ এটি পৰিৱেশ কৰা হয় মাটিত বহি, লগত খোল-তাল সহিতে আন বাদ্য সংগত কৰি৷ কোনো বৰগীত পৰিৱেশনকাৰীয়ে কিন্তু থিয় হৈ গীটাৰ বজাই সেয়া পৰিৱেশন নকৰে; কাৰণ বৰগীত পৰিৱেশনৰ লগত বহিলোৱাকে আদি কৰি নিৰ্দিষ্ট বাদ্য সংগত কৰাৰ ৰীতি এটা জড়িত হৈ আছে– এয়াই পৰিৱেশনশৈলী৷ ঠিক সেইদৰে ওজাপালি অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাজনে নিৰ্দিষ্ট ধৰণে সাজসজ্জা কৰি লয়৷ তেওঁ যদি ধূতিৰ পৰিৱৰ্তে লংপেণ্ট পিন্ধি, খুটি তালৰ পৰিৱৰ্তে মৃদংগ এটি বজাই ওজাপালি পৰিৱেশন কৰিবলৈ আগবাঢ়ে ৰাইজে কিন্তু সেয়া কেতিয়াও মানি নলয় বা সমাজৰ গ্ৰহণযোগ্য নহয়৷ এই কথাটোতেই সোমাই আছে পৰিৱেশনশৈলীৰ কথাটো৷ অৰ্থাৎ, সামগ্ৰিকভাৱে ক’ব পাৰি যে, প্ৰত্যেক কলাৰূপৰে পৰিৱেশনৰ কিছু সুনিৰ্দিষ্ট পৰিৱেশনৰ ৰীতি থাকে; সেই পৰিৱেশন ৰীতিকেই পৰিৱেশনশৈলী বুলি নামকৰণ কৰা হয়৷ অৱশ্যে এটা কথা ঠিক যে পৰিৱৰ্তিত সময়ে সকলো পৰিৱেশনশৈলীতে নিজৰ চাপ পেলায়৷ সেইবাবেই সময়ে সময়ে সংযোজন-বিযোজন ঘটে; কিন্তু প্ৰত্যেকটো কলাৰূপৰ পৰিৱেশনশৈলীৰ লগত সংলগ্ন হৈ থকা মূল বৈশিষ্ট্যখিনি সলনি নহয়৷ সেয়ে কোনো কলাৰূপ পৰিৱেশন কৰিবলৈ যোৱাৰ আগতে তাৰ শৈলীগত দিশসমূহ ভালদৰে অনুধাৱন কৰাৰ প্ৰয়োজনীয়তা উপলব্ধ হয়৷

পৰিৱেশ্য কলা
যিবোৰ কলা পৰিৱেশন কৰা হয় গীত, নৃত্য আৰু অভিনয়ৰ জৰিয়তে সেইবোৰ কলাকে পৰিৱেশ্য কলা বোলে৷ সাধাৰণভাৱে ক’বলৈ হ’লে যিবোৰ কলাৰ আনুষ্ঠানিক বা অন্যান্য ৰূপত পৰিৱেশনীয় ৰূপ এটা থাকে, যেনে – গীত, নৃত্য, নাট্য – সেইবোৰেই পৰিৱেশ্য কলা৷ প্ৰদৰ্শন কৰা আৰু প্ৰদৰ্শন পৰ্যবেক্ষণ কৰা– এই দুয়োটাই পৰিৱেশ্য কলাৰ প্ৰধান অংশ৷
মানৱ সমাজে চিৰদিনেই প্ৰদৰ্শন কৌশলক গ্ৰহণ আৰু অনুপ্ৰাণিত কৰি আহিছে৷ এতিয়া প্ৰশ্ন হ’ল– প্ৰদৰ্শন বুলিলে কি বুজায়? অধ্যয়নৰ উদ্দেশ্যত প্ৰদৰ্শনক কিদৰে সংজ্ঞাৱদ্ধ কৰিব পাৰি? আমাৰ চকুৰ সন্মুখত পৰিৱেশিত কোনো প্ৰদৰ্শন কৌশল আমি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰোঁ৷ দুচকু মুদি এনে কোনো প্ৰদৰ্শন কৌশল এটাৰ কথা ভাবক যিটো আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিছিল, প্ৰশংসা কৰিছিল অথবা ঈৰ্ষা কৰিছিল৷ এইবোৰ কথাৰ মাজতে ‘‘প্ৰদৰ্শনৰ নান্দনিকতা’’ অথবা ‘‘প্ৰশংসাৰ পাত্ৰ’’ হোৱাৰ ধাৰণা দুটা লুকাই থাকে৷ উদাহৰণস্বৰূপে আমি জুবিন গাৰ্গ, অংগৰাগ মহন্তই গান পৰিৱেশন কৰাৰ কথা এটা মনলৈ আনোঁ৷ দেখিম তেওঁলোকে নিৰ্বাচন কৰা গান, শাৰীৰিক ভংগীমা আদিয়েও আমাক প্ৰভাৱিত কৰে৷ মাইকটো হাতত লোৱাৰ ধৰণ, শব্দ প্ৰক্ষেপণ, সেই সময়ত শৰীৰত সৃষ্টি হোৱা দৃষ্টিনন্দন ভংগী, হাতৰ ভংগীমা, পিন্ধি অহা কাপোৰ আদিয়েও আমাক সেই পৰিৱেশনটো উপভোগ কৰাত সহায় কৰে৷ ঠিক সেইদৰে অসমীয়া ভাওনা বা ওজাপালি পৰিৱেশন এটালৈ মনত পেলাওক৷ যি কোনো এটা পৰিৱেশনতে আপুনিও তাৰ সৈতে নিজকে সংলগ্ন কৰি ৰসৰে সিক্ত হৈ অভিব্যক্তি প্ৰকাশ কৰে বা তাৰ সৈতে একাত্ম হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ কিন্তু এই দুয়োটা পৰিৱেশন জানোঁ একেই? দুয়োটাৰে মাজত পাৰ্থক্য বিদ্যমান যদিও দুয়োটাৰ মাজতে লুকাই আছে ‘‘প্ৰদৰ্শনৰ নান্দনিকতা’’ অথবা ‘‘প্ৰশংসাৰ পাত্ৰ’’ হোৱাৰ ধাৰণাটো৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ দক্ষতা আৰু কলা প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিব খোজে৷ প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ আৰামেৰে অন্য ব্যক্তিৰ প্ৰদৰ্শন উপভোগো কৰিব খোজে৷
ক্ৰীড়াৰ ক্ষেত্ৰত এই প্ৰদৰ্শন ব্যক্তিৰ মাজত সীমাৱদ্ধ৷ কলাৰ ক্ষেত্ৰত প্ৰদৰ্শনে আমাৰ নিজৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে৷ কলাৰ ক্ষেত্ৰত হৰা-জিকাৰ প্ৰশ্ন নাই৷ ই আমাক গভীৰভাৱে প্ৰভাৱিত কৰে৷ কলাসুলভ প্ৰদৰ্শনবোৰে আমাৰ মনৰ গভীৰত আলোড়ন তুলি আত্মাত এক অসাধাৰণ সঁহাৰিৰ সৃষ্টি কৰিব পাৰে৷ এই অনুভৱ পাৰ্থিৱ জগতৰ উধবৰ্ত; এয়াই পৰিৱেশ্য কলা৷
কিছুমান কলা সম্প্ৰদায় একোটাৰ প্ৰতিগৰাকী সদস্যই কোনো ৰীতি-নীতি অথবা উৎসৱ উদ্‌যাপনৰ অংশ হিচাপে প্ৰদৰ্শন কৰে৷ অৱশ্যে, এনেধৰণৰ দলীয় কলাই মানৱ আত্মাৰ নিভৃতত কোনো আলোড়নৰ সৃষ্টি নকৰিবও পাৰে৷ এনে পৰিৱেশনৰ উদ্দেশ্য কোনো ঘটনাৰ সৈতে ভাল নাইবা বেয়া জড়িত হৈ থাকে৷ কিছুমান লোককলাৰ ক্ষেত্ৰত কোনো ধৰণৰ পূৰ্ব-প্ৰস্তুতি আৰু প্ৰণালীৱদ্ধ প্ৰশিক্ষণ গ্ৰহণৰ প্ৰয়োজন নাথাকে৷ সৰুবোৰে ডাঙৰবোৰক দেখি এনে কলা শিকে আৰু উচিত সময়ত পৰিৱেশন কৰে; কিন্তু তাৰ মাজতেই প্ৰশিক্ষণৰ ধাৰণাটি লুকাই থাকে৷
আন এটা পৰিৱেশ্য কলাক ‘‘ধ্ৰুপদী পৰিৱেশ্য কলা’’ বোলা হয়৷ এনে কলাৰ পৰিৱেশন এক প্ৰত্যাহ্বানস্বৰূপ আৰু ইয়াৰ বাবে শিকাৰু সম্পূৰ্ণৰূপে উৎসৰ্গিত মনোভাবৰ অধিকাৰী হ’ব লাগে৷ এনে প্ৰদৰ্শনেহে দৰ্শকৰ মনোজগতত খলকনি তোলে৷ ধ্ৰুপদী পৰিৱেশ্য কলাৰ অনুশীলন আৰু প্ৰদৰ্শনে মানৱ আত্মাত ‘‘আনন্দ’’ৰ সৃষ্টি কৰে৷ মানুহে এনে আনন্দৰ সন্ধান কৰে৷ পৰিৱেশ্য কলাৰ কঠোৰ অনুশীলনেই হ’ল ‘‘সাধনা’’; ইয়াক যোগ অভ্যাসৰ পৰম ৰূপৰ লগত তুলনা কৰিব পাৰি৷
এই আলোচনাৰ অন্তত একেবাৰে সৰল ভাষাত পৰিৱেশ্য কলা মানে আমি ক’ব পাৰোঁ যে, ই হ’ল কোনো জীৱিত সত্ত্বাই উপস্থাপন কৰা কোনো দৈহিক প্ৰদৰ্শন৷ ইয়াত ‘‘জীৱিত সত্ত্বা’’ (living entity) ই এক গভীৰ অৰ্থ প্ৰকাশ কৰে৷ কাৰণ, জীৱ-জন্তু আৰু চৰাই-চিৰিকতিয়েও এনে কলা প্ৰদৰ্শন কৰিব পাৰে৷ ই এনে এক কলা যিটোৰ ইচ্ছাকৃতভাৱে অথবা হঠাৎতে কোনোবাই কৰি দেখুওৱাৰ ফলত অস্তিত্বৰ সূচনা ঘটে৷ ইয়াৰ একো একোটা নিৰ্দিষ্ট ৰূপ থাকে আৰু ইয়াৰ সৈতে প্ৰদৰ্শনকাৰীৰ আৱেগিক অথবা মনোবৈজ্ঞানিক প্ৰৱণতা জড়িত হৈ থাকে৷
পৰিৱেশ্য কলাক জীৱিত সত্ত্বাৰ জগতখনৰ পৰা আঁতৰাই যদি মানুহৰ জীৱন্ত প্ৰদৰ্শনৰ সৈতে জড়িত কৰা হয়, তেন্তে আমি ইয়াক নৃত্য, সংগীত অথবা নাটকৰ ৰূপত প্ৰত্যক্ষ কৰিম৷ এক কথাত ক’ব পাৰি পৰিৱেশ্য কলাক মূলতঃ তিনিটা শিতানত শ্ৰেণীবিভক্ত কৰিব পাৰি– নাটক, নৃত্য আৰু সংগীত৷ পৰিৱেশ্য কলা হিচাপে ধ্ৰুপদী আৰু লোককলাৰ মাজত বিভিন্ন প্ৰভেদ আছে৷
কোনোবাই বাদ্যযন্ত্ৰৰ সৈতে সংগতি ৰাখি গীত গালে নাইবা কিবা বাদ্যযন্ত্ৰ বজালে সংগীতৰ সৃষ্টি হয়৷ পৰম্পৰাগতভাৱে স্বৰলিপি হিচাপে সাংগীতিক টুকুৰাবোৰ লিখি ৰখা হৈছিল৷ কিন্তু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে এনে টুকুৰাবোৰ আজিকালি টে’প অথবা ডিস্ক অথবা ক্লাউড স্পেচ জমা কৰি থ’ব পৰা যায়৷ কিন্তু এই টুকুৰাবোৰ শুনিবলৈ পালেহে আমি তাক সংগীত বুলি কওঁ৷ লিখিত স্বৰলিপি অথবা বাণীবদ্ধ ৰূপবোৰে আমাক কেৱল সংগীতৰ কথা মনত পেলাইহে দিব পাৰে আৰু সময়ত সংগীতৰ পুনঃ সৃষ্টিত সহায় কৰে৷ সাধাৰণ দৃষ্টিত কলা এটা সৃষ্টিৰ প্ৰক্ৰিয়াটোত কোনো ৰোমাঞ্চ নাথাকে; কলাৰ পৰিৱেশনতহে এই ৰোমাঞ্চ অনুভৱ কৰিব পাৰি৷
নৃত্যও আমি চিত্ৰগ্ৰহণ ব্যৱস্থাৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ৷ কিন্তু এনেদৰে সংৰক্ষণ কৰি ৰখা নৃত্য এটাই এসময়ত ইয়াৰ সৌন্দৰ্য হেৰুৱায়৷ দৰ্শকে এনে নৃত্যত ব্যৱহূত প্ৰতিটো অংগ সঞ্চালনৰ ক্ৰম আৰু শৈলী মনত ৰাখিব পাৰে বাবে এটা সময়ত নৃত্যটো পুনৰ উপভোগ কৰাৰ আগ্ৰহ হেৰুৱাই পেলায়৷ কিন্তু পৰিৱেশ্য কলাৰ শিক্ষাৰ্থীৰ বাবে এই কলাবোৰৰ বাণীৱদ্ধ অথবা চিত্ৰবদ্ধ ৰূপ পুনৰ শুনা আৰু চোৱাৰ অৰ্থ সুকীয়া৷ তেওঁলোকে ইয়াৰ দ্বাৰা নিজৰ কৌশল উন্নত কৰিব পাৰে৷ তেওঁলোকৰ বাবে ই হ’ল শিকনৰ এটা উপায়৷ তেওঁলোকে কলাৰ বিশেষ ৰূপ এটাক প্ৰশংসা কৰাৰ উদ্দেশ্যৰে এই সংগীত অথবা নৃত্যৰ অংশবোৰ উপভোগ নকৰে৷
চলচিত্ৰ অথবা টেলিভিছনৰ চিত্ৰগ্ৰহণ হ’ল বহুতো কলা আৰু কৌশলৰ সু-সমন্বিত ৰূপ৷ মানুহে এনে অনুষ্ঠানবোৰো একাধিকবাৰ চাব পাৰে৷ এসময়ত এই অনুষ্ঠানবোৰ মঞ্চত চলি থকা নাটক এখনৰ দৰে কৌতুহল উদ্ৰেককাৰী বৈশিষ্ট্য নাইকিয়া হয়৷ মঞ্চনাট জীৱন্ত আৰু ইয়াত প্ৰতি মূহুৰ্ততে ন ন কথা উন্মোচিত হৈ গৈ থাকে৷ সেই বাবেই কোৱা হয় মঞ্চনাটে প্ৰতিবাৰেই বেলেগ বেলেগ ধৰণৰ অনুভূতিৰ সৃষ্টি কৰিব পাৰে৷

পৰিৱেশন অধ্যয়ন তত্ত্ব
আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কৰ্মৰ লগতে সামাজিক অনুষ্ঠানসমূহতো ক’ব নোৱৰাকৈয়ে পৰিৱেশগত দিশ এটা সোমাই থাকে৷ খেল এখন চাওঁতে আটাহপাৰাৰ পৰা আৰম্ভ কৰি, নামঘৰত নাম গাই থকা আদি কাৰ্যসমূহতো ভালদৰে লক্ষ্য কৰিলে এক পৰিৱেশনগত দিশ যে অংগীভূত হৈ আছে সেই কথা অনুধাৱন কৰিব পাৰি৷ এই বিষয়ে বিংশ শতিকাৰ অষ্টমটো দশকৰ পৰাই নতুন ধৰণৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ মূলতঃ Richard Schechner-ৰ নামৰ নাট্যকাৰ-পৰিচালকজনে এই বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিছে৷ Schechner-এ থিয়েটাৰ, অভিনয় আৰু আচাৰ-অনুষ্ঠানৰ পৰম্পৰাগত পদ্ধতি আৰু দৃষ্টিভংগীক ধাৰাবাহিকভাৱে প্ৰত্যাহ্বান জনাই আহিছে৷ তেওঁৰ মূল যুক্তিটো হ’ল নাটক কেৱল মঞ্চৰ সম্পত্তি নহয়; ই দৈনন্দিন জীৱনৰ লগত সম্পৰ্কীত আৰু এক ক্ৰছ-কলচাৰেল পৰিঘটনা (cross-cultural phenomenon)৷ তেওঁৰ মতে– ‘‘performance can be defined as a wide spectrum of artistic activities that involve space, time, the human body, and an audience.’’ তেৱেই ‘‘পৰিৱেশন অধ্যয়ন তত্ত্ব’’ (Performance Theory) শীৰ্ষক এক নতুন অধ্যয়ন তত্ত্বৰ পাতনি মেলে৷ তেওঁৰ Performance Theory (১৯৭৭) গ্ৰন্থখনত পৰিৱেশনঅধ্যয়ন তত্ত্ব সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়াইছে আৰু পৰিৱেশনক মূলতঃ দুটা ভাগত বিভক্ত কৰিছে৷ সেই দুটা হ’ল ক্ৰমে– ‘‘কলাসুলভ পৰিৱেশন’’ আৰু ‘‘সামাজিক পৰিৱেশন’’৷ কলাসুলভ পৰিৱেশনত সাহিত্য, পৰিৱেশ্য কলা, সাধুকথা পৰিৱেশন ইত্যাদি বিষয় অন্তৰ্ভুক্ত৷ আনহাতেদি সামাজিক পৰিৱেশনত ধৰ্মীয় ৰীতি-নীতি, সামাজিক ৰাতি-নীতি, বৰ্ণ-ধৰ্ম-শ্ৰেণী আৰু লিংগ নিৰ্বিশেষে ব্যক্তিগত দৈহিক পৰিৱেশনক বুজা যায়৷
সকলো শৈক্ষিক অধ্যয়নৰ দৰেই পৰিৱেশন অধ্যয়ন তত্ত্বও কিছুমান মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিত৷ সেই কেইটা হ’ল– ‘‘স্ব-সত্ত্বাৰ উপস্থাপন’’ (presentation of self), ‘‘পুনৰুদ্ধাৰ কৰা আচৰণ’’ (restored behaviour) আৰু ‘‘প্ৰকাশমূলক সংস্কৃতি’’ (expressive culture) আদি৷ ইয়াৰ সৈতে সমাজত চলি থকা দৈনন্দিন জীৱনৰ নাটক আৰু আচাৰ-অনুষ্ঠানো অন্তৰ্ভুক্ত হৈ আছে৷ ‘‘কলা’’ সম্পৰ্কে তেওঁৰ যি ধাৰণা সেয়া পূৰ্বৰ ধাৰণাসমূহতকৈ বহু পৃথক৷ ঠিক সেইদৰে পৰিৱেশনৰ ধাৰণাটোতো সংস্কৃতিভেদে থকা বিভিন্ন ‘‘ৰূপান্তৰৰ ব্যৱস্থা’’ (systems of transformations)ৰ গুৰুত্বক দৃঢ়তাৰে মানি লোৱা হয়৷ সেইবাবেই তেওঁ মন্তব্য আগবঢ়াইছে যে – ‘‘It is important to develop and articulate theories concerning how performances a regenerated, transmitted, received and evaluated in pursuit of these goals, performance studies is insistently intercultural, inter-generic and inter-disciplinary.’’
Schechner-ৰ পৰিৱেশনশৈলীগত ধাৰণাটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা এটা শব্দ হ’ল ‘‘পাৰফৰ্মেটিভিটি’’ (performativity)৷ এই শব্দটোৰ লগত জড়িত হৈ থকা আন এটা শব্দ হ’ল ‘‘পাৰফৰ্মেটিভ’’ (performative)৷ দাৰ্শনিক জে এল অষ্টিনে ১৯৫৫ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰদান কৰা এটা বক্তৃতাত পোনপ্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল¸৷ অষ্টিনৰ মতে পাৰফৰ্মেটিভ হ’ল– ‘‘কিবা এটা কোৱাটোৱেই হৈছে কিবা এটা কৰা৷’’ Schechner-ৰ ধাৰণা অনুসৰি ‘‘দৈনন্দিন জীৱনত পৰিৱেশন কৰা’’ ধাৰণাটো পাৰফৰ্মেটিভিটিৰ এটা কেন্দ্ৰীয় দিশ৷ ই মূলতঃ উত্তৰ-আধুনিকতাবাদৰ লগত জড়িত বিষয়৷ উত্তৰ-আধুনিক দৃষ্টিভংগীয়ে ‘‘পৰিৱেশন’ৰ ধাৰণাটোক কলাত্মক বা নাটকীয় উপস্থাপন বুলি ভবাৰ পৰিৱৰ্তে সামাজিক, ৰাজনৈতিক আৰু বস্তুগত জগতখনৰ অংশ হিচাপেহে লক্ষ্য কৰে৷ তেওঁৰ মতে পাৰফৰ্মেটিভিটি সকলোতে আছে – দৈনন্দিন আচৰণত, বৃত্তিত, ইণ্টাৰনেট আৰু সংবাদ মাধ্যমত, কলা আৰু ভাষাত৷ আনহাতে তেওঁ আকৌ কৈছে– ‘‘Representational art of all kinds is based on the assumption that ‘art’ and ‘life’ are not only separate but of different orders of reality. Life is primary, art secondary.’’ তেওঁৰ মতে মঞ্চত পৰিৱেশন কৰা কোনো প্ৰদৰ্শন বিশেষ সামাজিক পৰিস্থিতি (উদাহৰণস্বৰূপে ৰাজহুৱা অনুষ্ঠানত পৰিবেশন কৰা) আৰু দৈনন্দিন জীৱনত কৰি থকা পৰিৱেশন এটা ধাৰাবাহিক ৰূপহে৷ ইয়াত অতি চমুকৈহে পৰিৱেশন অধ্যয়ন তত্ত্বৰ কিছু দিশ উনুকিয়াই যোৱা হ’ল৷ আগ্ৰহী পাঠকে Richard Schechner-ৰ Performance Theory আৰু Performance Studies: An Introduction কিতাপ দুখন পঢ়ি চাব পাৰে৷

প্ৰসংগসূত্ৰ
Austin, John Langshaw: How to Do Things with Words, Cambridge MA, Harvard University Press, 1962,
Schechner, Richard : Performance Theory, 1st edition, London, Routledge, 1988.
Schechner, Richard : Performance Studies : An Introduction, Third Edition, New York and London, Routledge, 2013.
http://dictionary.cambridge.org
https://www.dictionary.com
https://www.oxfordlearnersdictionaries.com

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!