ভাৰতৰ স্বদেশী চিয়াঁহী ‘সুলেখা’ৰ ইতিহাস

লেখক- পংকজ কুমাৰ নেওগ

১৯০৫ চনত লৰ্ড কাৰ্জনৰ কুখ্যাত বংগ বিভাজনৰ ফলস্বৰূপে যিবোৰ ঘটনা আৰম্ভ হৈছিল সেইবোৰ লাহে লাহে এক পূৰ্ণাংগ স্বাধীনতা আন্দোলনলৈ পৰিণত হয়। ইয়াৰ ফলশ্ৰুতিত এছিয়ান পেইণ্টছ, টাটা এণ্ড ষ্টীল, লেক্মী কচমেটিকছ আদিকে ধৰি সন্মানীয় ব্ৰেণ্ডবোৰে জন্ম লাভ কৰে। এই ব্ৰেণ্ডসমূহে বিদেশী সামগ্ৰীৰ বিক্ৰী পংগু কৰাই নহয়, ঐক্য আৰু স্বাধীনতাৰ সাৰ্থকতাও দাঙি ধৰিছিল। ১৯৩০ চনৰ সময়ছোৱাত যেতিয়া স্বদেশী আন্দোলন শিখৰত উপনীত হয় ইয়াৰ গুৰি ধৰোঁতা মহাত্মা গান্ধীয়ে চিঠি-পত্ৰ আৰু আৱেদন লিখিবলৈ বৃটিছ ব্ৰেণ্ড পাৰ্কাৰছ ‘কুইঙ্ক’ৰ সলনি স্থানীয়ভাৱে নিৰ্মিত চিয়াঁহী বিচাৰি ফুৰিছিল। গান্ধীজীয়ে তেওঁৰ মনৰ কথা পশ্চিম বংগৰ স্বাধীনতা সংগ্ৰামী সতীশ চন্দ্ৰ দাসগুপ্তক ব্যক্ত কৰে। দাসগুপ্তই ইতিমধ্যে ভাৰতৰ প্ৰথম স্বদেশী চিয়াঁহী ‘কৃষ্ণধাৰা’ নিৰ্মাণৰ কৃতিত্ব লাভ কৰিছিল আৰু তেওঁৰ পৰিচিত মৈত্ৰ ভাতৃদ্বয় ননীগোপাল আৰু শংকৰাচাৰ্যক এই সামগ্ৰী বজাৰত প্ৰচলন কৰিবলৈ দিহা-পৰামৰ্শ আগবঢ়ায়। ৰাজশাহীত (বৰ্তমান বাংলাদেশত) বাস কৰা মৈত্ৰ ভাতৃদ্বয়ে সেই সময়ত জেইলৰ পৰা মুক্তি পাই ওলাই আহিছিল যদিও বৃটিছৰ বিৰুদ্ধে পুনৰ যুঁজিবলৈ টঙালি বান্ধে। তেওঁলোকে গান্ধীক ৰাজহুৱা সভা এখনত লগ পাই তেওঁৰ আশীৰ্বাদ লয়। সেই সময়ত জাতীয়তাবাদ ইমান গভীৰভাৱে শিপাইছিল যে ননীগোপালক ধূতিৰ সলনি ‘চুট’ পিন্ধিবলৈ নিৰ্দেশ দিয়াত তেওঁ ৰাজশাহী বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ চাকৰি এৰি প্ৰথমে সেই ঠাইতে আৰু পিছলৈ কলকাতাত চিয়াঁহী তৈয়াৰ আৰু বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে বিক্ৰী বহুগুণে বৃদ্ধি পায় আৰু ই অধ্যাপক মৈত্ৰৰ চিয়াঁহী নামেৰে জনাজাত হয়।
গ্ৰাহকসকল দোকানলৈ আহি চিয়াঁহীৰ নাম জানিবলৈ বিচৰাতহে ‘সুলেখা’ (সু –ভাল আৰু লেখা – লিখা) নামটোৰ প্ৰচলন হ’বলৈ ধৰে। এই নামটো ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া বুলি জনা যায়। চিয়াঁহী কোম্পানীৰ হাতত ইয়াৰ কোনো প্ৰমাণ নাই যদিও মৈত্ৰ পৰিয়ালত এইটো কাহিনীয়েই চলি আহিছে। অতি কম সময়ৰ ভিতৰতে গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, পশ্চিম বংগৰ প্ৰাক্তন মূখ্যমন্ত্ৰী ডঃ বিধান চন্দ্ৰ ৰায়, কিংবদন্তি চলচিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আদিয়ে সুলেখা চিয়াঁহী ভৰোৱা কলমেৰে লিখিবলৈ আৰম্ভ কৰে। সত্যজিৎ ৰায়ৰ ফেলুডাৰ কাহিনী আৰু চিনেমা কিছুমানতো সুলেখা চিয়াঁহীৰ উল্লেখ আৰু বটল প্ৰদৰ্শিত হৈছে। পৰৱৰ্তী চাৰিটা দশকত কোম্পানীটোয়ে দ্ৰুতগতিত উন্নতিৰ দিশে গতি কৰে। ১৯৭০-১৯৮০ চনৰ ভিতৰত এই বিকাশ আছিল আটাইতকৈ বেছি; সেই সময়ত মাহে প্ৰায় ১০ লাখ বটল বিক্ৰী হৈছিল। তৎসত্বেও ১৯৮৯ চনত কোম্পানীটো বন্ধ হৈ যোৱাত ই বহুতক আচৰিত আৰু দুঃখিত কৰি তোলে। ২০০৬ চনত সুলেখাই হোমকেয়াৰ আৰু সৌৰশক্তিচালিত সামগ্ৰীৰ আন এক শৃঙ্খল লৈ উভতি আহে যদিও আগৰ দৰে বজাৰ অধিকাৰ কৰিব পৰা নাছিল।

অৱশ্যে সেয়ে হ’লেও কাহিনীৰ অন্ত পৰা নাছিল। ২০২০ চনৰ নৱেম্বৰ মাহত কোম্পানীটোৱে আনুষ্ঠানিকভাৱে স্কাৰলেট, ৰেড, এক্সিকিউটিভ ব্লেক আৰু ৰয়েল ব্লুকে ধৰি বিখ্যাত স্বদেশী ঠাঁচৰ চিয়াঁহী পুনৰ মুকলি কৰে। শান্তিনিকেতনত নিৰ্মিত সৰু খাদী বেগত চিয়াঁহিৰ বটল পেক কৰি দেশপ্ৰেমৰ সোৱাদো যোগ কৰা হয়। কোম্পানীটোৱে অতিশয় ভাল সঁহাৰি লাভ কৰে আৰু গ্ৰীচ, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, আমেৰিকা, বাংলাদেশ, নেপাল আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ আহিবলৈ ধৰে। ফেচবুকৰ ‘সুলেখা চিয়াঁহী প্ৰেমী’ নামৰ গোট এটাত প্ৰায় ২০০০ সদস্যই প্ৰতিদিনে এই চিয়াঁহীৰ সৈতে বিজড়িত নিজৰ ভাল লগা স্মৃতিবোৰ ভাগ-বতৰা কৰিবলৈ আৰম্ভ কৰিলে। “আমি প্ৰকৃততে কেতিয়াও চিয়াঁহীৰ উৎপাদন বন্ধ কৰা নাছিলোঁ, সীমিত পৰিমাণতহে প্ৰস্তুত কৰা হৈছিল। যোৱা কেইবছৰমানৰ পৰা প্ৰদূষণ সৃষ্টি কৰা প্লাষ্টিক পেনৰ সলনি ফাউণ্টেইন পেনৰ চাহিদা পুনৰ বৃদ্ধি পাইছে। তদুপৰি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আৱেগো মানুহৰ অন্তৰত জাগৰিত হৈছে। সুলেখাৰ প্ৰাক্তন ব্যৱহাৰকাৰীসকলৰ কিছু সংখ্যক আমাৰ ওচৰ চাপিছে। আমি সামাজিক মাধ্যমৰ জৰিয়তে এই বাতৰি প্ৰচাৰ কৰাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষজুৰি যোগান ধৰিবলৈ আৰম্ভ কৰিছোঁ। ছাত্ৰ-ছাত্ৰীৰ মাজত ফাউণ্টেইন পেন প্ৰৱৰ্তন কৰিব বিচৰা বিদ্যালয়সমূহৰ সৈতেও আমি আলোচনাত মিলিত হৈছোঁ আৰু হাতে লিখা বিদ্যা বা কৌশল যাতে অতীত হৈ নাযায় সেই দিশত জোৰ দিছো” ননীগোপালৰ নাতিয়েক তথা সুলেখা ৱৰ্কছ লিমিটেডৰ বৰ্তমানৰ এমডি কৌশিকে এইদৰে মন্তব্য কৰে।

ননীগোপাল আৰু শংকৰাচাৰ্যৰ পিতৃ-মাতৃ অম্বিকা চৰণ মৈত্ৰ আৰু সত্যৱতী দেৱীও আছিল স্বাধীনতা সংগ্ৰামৰ যুঁজাৰু। যেতিয়া তেওঁলোকে নিজৰ সন্তানদ্বয়ক গান্ধীৰ সৈতে মুখামুখি হোৱাৰ কথা গম পায় তেওঁলোকৰ বুকু গৌৰৱত উপচি পৰে আৰু সুলেখা কোম্পানীৰ বাবে জীৱনৰ সকলো সঞ্চিত ধন দান দিয়ে। ননীগোপাল আৰু শংকৰাচাৰ্যৰ লগত তেওঁলোকৰ মাতৃ আৰু পত্নী পূৰ্ণিমা আৰু উৰ্মিলাইও চিয়াঁহী উৎপাদন ব্যবসায়ত যোগ দিছিল আৰু চুবুৰীৰ মহিলাসকলে আৰম্ভণিতে ঘৰে ঘৰে চিয়াঁহী বিক্ৰী কৰিবলৈ সহায় কৰিছিল। “ঠেক সৰু কোঠা এটাত চিয়াঁহী বনোৱা হৈছিল আৰু প্ৰথম অৱস্থাত ৰেল ষ্টেচনৰ ওচৰে-পাঁজৰে আৰু কলেজৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসক, উকীল আৰু লেখকসকলক বিক্ৰী কৰা হৈছিল। পৰৱৰ্তী সময়ত এটা কাৰখানা স্থাপন কৰা হয়। ব্যৱসায় আৰম্ভ কৰাৰ পাঁচ বছৰৰ পাছত আমি কলকাতাৰ বৌবজাৰ আৰু তাৰ পাছত কাছবা আৰু যাদৱপুৰলৈ গুচি আহোঁ। ১৯৪৬ চনত কোম্পানীটো এহেজাৰৰো অধিক শ্বেয়াৰ হোল্ডাৰেৰে পাব্লিক লিমিটেডৰূপে স্বীকৃত হৈ পৰাৰ লগে লগে উত্তৰ ২৪ পৰগনাৰ সোদপুৰ আৰু উত্তৰ প্ৰদেশৰ গাজিয়াবাদত দুটা নতুন ইউনিট স্থাপন কৰা হয়। মধ্যপ্ৰাচ্য, দক্ষিণ এছিয়া আৰু আফ্ৰিকাতো সুলেখা চিয়াঁহীয়ে সহজে নিজস্ব স্থান দখল কৰে। ৰাষ্ট্ৰসংঘই সুলেখাক আফ্ৰিকাত চিয়াঁহীৰ দুটা কাৰখানা স্থাপন কৰিবলৈ জনোৱা আমন্ত্ৰণ আছিল আমাৰ বাবে বিশেষ মাইলৰ খুঁটি”-কৌশিকে কয়।
সুলেখা কোম্পানীৰ ভেঁটিটো যদিও জাতীয়তাবাদী মনোভাৱৰ ওপৰত প্ৰতিস্থিত, ই কেৱল নিজস্ব অধ্যৱসায়ৰ গুণতহে জাতিষ্কাৰ হৈ উঠিছিল। কোম্পানীটোৱে চিয়াঁহী লিক্ কৰা বা কাগজত বিয়পি পৰা ইত্যাদি ধৰণৰ দোষবোৰ সমাধান কৰিবলৈ গৱেষণা আৰু উন্নয়নত বহু ধন বিনিয়োগ কৰিছিল। “বটলৰ ওপৰত থকা গান্ধীৰ ছবিখনে সুলেখা চিয়াঁহীক স্বাধীনতা আন্দোলনৰ সৈতে জড়িত কৰাত সহায় কৰিছিল কিন্তু টিকি থাকিবলৈ ফাউনটেইন পেনবোৰত যাতে আমাৰ চিয়াঁহী ভালকৈ কাম কৰে তালৈ চকু দিবলগীয়া হৈছিল। আমাৰ সকলো শক্তি, আৱেগ আৰু কঠোৰ পৰিশ্ৰম হাতেৰে নিৰ্মিত উৎপাদন প্ৰক্ৰিয়াত আবদ্ধ আছিল আৰু ই আছিল বিৰক্তিকৰ আৰু সময়সাপেক্ষ। কাগজত সোনকালে শুকাবলৈ আৰু পেনৰ নিবত গোট নামাৰিবলৈ চিয়াঁহী দুবাৰকৈ ফিল্টাৰ কৰি এটা গোপন দ্রাৱক যোগ দিবলগীয়া হৈছিল। আমি আজিও একেটা দ্রাৱক আৰু প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ।”-কৌশিকে কয়। কমলা, সেউজীয়া আৰু ৰঙা চিয়াঁহীৰ প্ৰৱৰ্তনেও সহায় কৰিছিল, কাৰণ তেতিয়া নীলা আৰু ক’লা ৰঙহে বনোৱা হৈছিল। সুলেখাৰ নীলা ৰঙটো ইচ্ছাকৃতভাৱে গাঢ় কৰি চিয়াঁহীৰ গোন্ধ কিছু উগ্ৰ কৰা হৈছিল যাতে গ্ৰাহকে ব্ৰেণ্ডটো সহজে চিনি পায়।
কোম্পানীটো বাছ, ট্ৰাম আৰু বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ দৰে পৰম্পৰাগত বিপণন পদ্ধতিত আবদ্ধ হৈ থাকিল। এনে এটা ছপা বিজ্ঞাপনত কোম্পানীটোৱে মহৰ্ষি বেদব্যাস আৰু গণেশৰ পৌৰাণিক আখ্যান এটাৰ মাধ্যমেৰে সুলেখা চিয়াঁহীৰে লিখিব পৰা অবিৰত ধাৰাৰ গুণ আগবঢ়াইছে। ইয়াৰ উপৰি সুলেখাই লেখা আৰু ৰচনা প্ৰতিযোগিতা আয়োজন কৰি গ্ৰাহকসকলৰ সৈতে এক আৱেগিক বন্ধন গঢ়ি তুলিছিল। ইতিহাসক আধুনিক যুগৰ সৈতে সংযোগ কৰিবলৈ সুলেখাই লোৱা শেহতীয়া বিপণন কৌশল প্ৰশংসনীয়। ইয়াৰ সীমিত সংস্কৰণৰ ‘চেহলাব’ বটলত স্বাধীনতা সংগ্ৰামী সকলৰৰ নাম ছপা কৰা হৈছে আৰু ‘স্বাধীন’ শ্ৰেণীৰ অন্তৰ্গত চাৰিটা ৰঙৰ প্ৰত্যেকটোৱেই পৰিৱেশসম্পৰ্কীয় চেতনাৰ ( কাৰ্বন ফুটপ্ৰিণ্টৰ বাবে ক’লা, গোলকীয় উষ্ণতাৰ বাবে ৰঙা, নিকা শক্তিৰ বাবে নীলা আৰু বহনক্ষমতাৰ বাবে সেউজীয়া) সৃষ্টি কৰিছে। অলপতে সুলেখাই মাদাৰ টেৰেছাৰ নামত উৎসৰ্গিত ‘সমৰ্পণ’ ছিৰিজ মুকলি কৰে আৰু এই শ্ৰেণীত নীলা আৰু ক’লা চিয়াঁহী উপলব্ধ হ’ব।
গ্ৰাহকৰ কোনো ব্ৰেণ্ডে মানুহৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰি ব্যৱসায়ত লাভ কৰা আৰু সকলোৰে হিয়াৰ আমঠু হৈ পৰা উদাহৰণ বিৰল, কিন্তু সুলেখাৰ বাবে ই সম্ভৱপৰ হৈ উঠিছিল। ব্ৰেণ্ডটোৰ নামেৰে নামকৰণ কৰা কলকাতাৰ ‘যাদৱপুৰ সুলেখা কলনি’য়ে সেই কথাই সোঁৱৰাই দিয়ে। “আমাৰ প্ৰতি থকা মানুহৰ মৰম-চেনেহ দেখি মই কেতিয়াবা অভিভূত হৈ পৰোঁ। মোৰ মনত আছে এবাৰ এজন ডাক্তৰে ককাদেউতাৰ বেমাৰ চাবলৈ আহি আমাৰ পৰা মাচুল ল’বলৈ অস্বীকাৰ কৰিছিল। তেওঁ আমাক কোৱা মতে আমাৰ লেবৰেটৰীয়ে তেওঁক এটা সময়ত পাৰ্ট টাইম নিযুক্তি দিছিল আৰু সেই দৰমহাৰ পইচাৰে তেওঁ পঢ়াৰ খৰচ উলিয়াইছিল। অলপতে এজন গ্ৰাহকে প্ৰায় দুটা দশক ধৰি আমাৰ পণ্য তেওঁলোকৰ ওচৰলৈ নিয়মিত পঠিয়াই থকাৰ বাবে ডিষ্ট্ৰিবিউটৰজনক তেওঁলোকৰ সৈতে ভোজনৰ বাবে বিশেষ নিমন্ত্ৰণ দিছিল। এনেধৰণৰ ঘটনাবোৰে আমাক অনুপ্ৰাণিত কৰি ৰাখে।”-কৌশিকে কয়। অনন্যা বৰুৱা নামৰ আন এগৰাকী মহিলাৰ বাবে সুলেখা কলম লাভ কৰাটো আছিল অতি গৌৰৱৰ বিষয়। তেওঁ কয় – “মই সুলেখা কাৰখানাৰ কাষতেই ডাঙৰ-দীঘল হৈছোঁ আৰু স্কুলৰ ষ্টেচনাৰীৰ বেছিভাগেই এই ব্ৰেণ্ডৰ আছিল। ফাউণ্টেইন পেনৰ প্ৰতি মোৰ সদায় আকৰ্ষণ আছিল। ১৫ বছৰ বয়সত ককাই মোক মোৰ জীৱনৰ প্ৰথমটো ফাউণ্টেইন পেন উপহাৰ দিয়ে। ককা এজন প্ৰসিদ্ধ লিখক আছিল আৰু তেওঁৰ পৰা কলম উপহাৰ পোৱা কথাটো আছিল যথেষ্ট গুৰুত্ব আৰু অৰ্থপূৰ্ণ কাৰণ মই নিজেও এগৰাকী লেখিকা হ’বলৈ সক্ষম হৈছিলো।”
লিখিবলৈ নতুন মাধ্যমৰ সৈতে পৰিচিত হোৱা আজিৰ প্ৰজন্মই হয়তো চিয়াঁহীৰ দাগ সনা আঙুলি আৰু দাগ লগা স্কুল ইউনিফৰ্মৰ ল’ৰালিৰ সেই আনন্দমুখৰ দিনবোৰ কেতিয়াও চিনি নাপাব। ই-নোট, ইমেইল, আৰু লেপটপৰ আগমনৰ লগে লগে হাতৰ আখৰৰ ভৱিষ্যত এক অন্ধকাৰ গহ্বৰৰ দিশে আগবাঢ়ি গৈছে। ঠিক এনে সময়তে সুলেখাৰ প্ৰত্যাৱৰ্তন যথেষ্ট নাটকীয় যেন ভাৱ হয়। হয়তো কলমত চিয়াঁহী ভৰাই হাতে লিখাৰ আনন্দ আৰু সুখৰ অনুভূতি ল’বলৈ আমাৰ শেষ সুযোগ আহি পৰিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!