লটি-ঘটি

লেখক- চৈয়দ হান্নান আহমেদ

পঢ়া টেবুলৰ পিছফালে থিয় হৈ যদুক মাকে কয় “কিমাননো মোবাইলটো পিটিকি থাকা’’৷ যদুৰ মাক ৰমলাই মোবাইলত ৰেচিপি চাই চাই পাচলি কাটি থাকিলে যদুৰ দেউতাক ৰজনী কলিতাই কয় “ কিমাননো মোবাইলটো পিটিকি থাকা’’৷ ৰাতি ভাত বাঢ়ি ৰৈ ৰৈ ৰজনী কলিতাক মাক পুতেক দুয়োটাই কয় “ কিমাননো মোবাইলটো পিটিকি থাকা৷”মুঠতে ঘৰখনত এইটো ডায়লগ ইজনৰ ওঁঠৰ পৰা সিজনৰ ওঁঠলৈ বাগৰি ফুৰে ৷ “মোবাইলে চব শেষ কৰিলে” বুলি ইটোৱে সিটোক কয় ৷ কিন্তু মোবাইলটো কোনো এজনে এৰিব নোৱাৰে৷
মোবাইলৰ ভাল দিশো বহুত আছে ৷ তথাপি জ্ঞানীসৱে কয় “अति सर्वत्र वर्जयेत्’’৷ মোবাইলটোক জ্ঞানৰ ভাণ্ডাৰ বুলিও ক’ব পাৰি ৷ কিন্তু সেইবোৰ খুচৰিবলৈ সময় ক’ত? সস্তীয়া ৰীল,অনৰ্থক বিতৰ্ক ,ধৰ্মযুদ্ধ এৰি জ্ঞান বুটলিবলৈ যাব কোন?মোবাইল নথকা কালতো বহুতে সংযোগৰ অভাৱত বহু লটি-ঘটি হোৱাৰ নজিৰ আছে ৷ ৰজনী কলিতাৰো হৈছিল ৷ বিশ -বাইছ বছৰ আগত হাতে হাতে মোবাইল নাছিল ৷ অচিনা ঠাইলৈ গ’লে তামোল পাণদোকানী বা ৰাস্তাৰ কাষত তাচ খেলি থকা কেইজনে গুগল মেপৰ কাম কৰিছিল ৷ আজিকালি গুগল মেপে মাজে মাজে মানুহক বিপদত পেলাই বুলিও শুনিছো ৷ তাহানিতেও দুষ্ট ল’ৰাহঁতেও কেতিয়াবা বাটৰুৱাক ভুল পথ দেখুৱাই ৰং চাইছিল৷ ছাগলী বেপাৰীয়ে কাৰোবাৰ ঘৰত ছাগলী আছে নেকি বুলি সুধিলে এনেকুৱা এঘৰলৈ দেখুৱাই দিব যিয়ে সাতপুৰুষতো ছাগলী পুহি পোৱা নাই ৷ গৃহস্থৰ টেঙা মাত শুনি বেপাৰী অহা বাটে উলটি আহে।
ৰজনী কলিতা গৈছিল নন্দেশ্বৰৰ বিয়া খাবলৈ ৷ দুয়ো ইউনিভাৰ্চিটিত একেলগে পঢ়া ৷ নন্দেশ্বৰৰ ঘৰ ৰজনীৰ ঘৰৰপৰা প্ৰায় ৪০-৪৫ কিমি দূৰত ৷ ঘৰ ক’ত বুলি কোনোবাই সুধিলে সাধাৰণতে গাঁওখনৰ কথা কোনেও নকয় ৷ কাষৰে ডাঙৰ চহৰ,নগৰ বা বজাৰৰ কথা কোৱা যায় ৷ নন্দেশ্বৰৰ ঘৰ তিনিআলি বজাৰৰ পৰা ৯ কিমি মান দূৰৰ টিঘিৰঘিলা গাঁৱত যদিও ইউনিভাৰ্চিটিত তিনিআলি বজাৰ বুলিয়ে কৈছিল ৷ টিঘিৰঘিলা নামটো ক’বলৈ সংকোচ লাগিছিল আৰু ক’লেও কোনোৱে চিনি পোৱা নাছিল ৷ সি দিয়া ঠিকনা মতে তিনিআলি বজাৰৰ পৰা পূবে ৰৈ থকা মেজিকত উঠিল ৷ সি এইটোও কৈছিল যে টিঘিৰঘিলা চক বুলিলেই তাক নমাই দিব ৷ নতুন মানুহ দেখি ভাড়া বেছি সুধিব পাৰে ৷ ৫টকাতকৈ এটকাও বেছি নিদিবি বুলিও দঢ়াই দঢ়াই কৈছিল ৷ তিনিখনমান মেজিক লাইনত আছে ৷ কোনোবা এজনে দূৰৰ পৰা চিঞৰি কৈছে-“আগৰখন যাব আগৰখন ৷ বহি লওঁক ৷ যামে আৰু ওলায় ৷”
মাজৰ চিটটোৰ দুয়োফালে দুজন বহি আছে ৷ মাজৰ ফালে কোনো নাযায় ৷ ড্ৰাইভাৰৰ চিটৰ কাষত কোনোবাই মোনা এটা থৈ তাহানিতে পাঠশালাত বস্তা থৈ নিজৰ জাগাটোৰ চিন ৰাখাৰ দৰে কৰিছে ৷ ৰজনী কলিতা মাজতে বহি ল’লে ৷ তেতিয়া ১টা বাজিছে ৷ ভালেমান পৰ হ’ল ৷ গাড়ী নলৰেই নলৰে ৷ গোটেই গাড়ীখন ভৰ্তি হওঁতে প্ৰায় আধাঘণ্টামান লাগিল ৷ ৰাস্তাৰ মাজে মাজে দ খাৱৈ লগতে প্ৰচণ্ড ধূলি ৷ বিয়া বুলি বগা চাৰ্ট, ক’লা পেন্ট পিন্ধি আহিছিল ৷ ক’লা পেন্টটো বগা হ’ল ৷বগা চাৰ্টটো কিবা অদ্ভুত ধৰণৰ হ’ল ৷ গালখন হাতেৰে চুই চালে ৷ কেচকেচাই উঠিল ৷ লাহে লাহে ভোকে পিয়াহে আগুৰি ধৰিলে কলিতাক৷ প্ৰায় ২.১৫ টা মান বজাত টিঘিৰঘিলাৰ চকটোত নামিল৷“ উসঃ ৰক্ষা’’ বুলি কঁকালটো অলপ পোনাই ল’লে৷
এতিয়া লাগিল পয়মালটো ৷ টিঘিৰঘিলাৰ চকৰ পৰা দুটা ৰাস্তা দুইফালে গৈছে ৷ কোনটোৰে যাব? দোকান এখনে খোলা আছিল ৷ বুঢ়া এজন বহি আছে ৷ সুধিলে টিঘিৰঘিলা কোনফালে?বুঢ়া দোকানীজনে ক’লে -“এই গোটেই ঠাইখিনিৰ নামে টিঘিৰঘিলা ৷ বহুকেইটা চুবুৰী লগ লাগি গাঁওখন হৈছে ৷ এতিয়া বোপা কোনটো চুবুৰীত বা যোৱা! -কেওঁট চুবুৰী,ৰহমান চুবুৰী নে আন কিবা চুবুৰী সেইটো গম পালেহে ক’ব পৰা যাব৷”৷
চুবুৰীৰ নামটো নন্দেশ্বৰক সোধা নহ’ল ৷ কিন্তু নন্দেশ্বৰে নাথ লিখে ৷ গতিকে নাথ চুবুৰীয়ে হ’ব ৷ “নাথ চুবুৰী, নাথ চুবুৰী’’ পৰীক্ষা হলত বহু সময় কলম কামূৰি থাকি থাকি হঠাতে উত্তৰটো যেন মনত পৰিল এনেভাৱত চিঞৰি উঠিল ৷
“কিন্তু ইয়াতটো নাথ চুবুৰী বুলি কোনো চুবুৰী নাই বোপা ৷ কিবা ভুল জাগাত অহা নাইতো?’’
নন্দেশ্বৰক চিনি পাই নেকি সুধিলে ৰজনী কলিতাই ৷
“এ বোপা নামে মানুহে মিলোৱাটো টান ৷ আজি কালিৰ ল’ৰা তাতে ৷ বাপেকৰ নাম জানা হ’লে ভাল আছিল?’’
“চেহঃ দেউতাকৰ নামটোও নাজানো নহয়৷আজি বিয়া কোনটো চুবুৰীত আছে গম পায় নেকি?
“আজি কেউফালে বিয়াই বিয়া ৷’’
চিন্তাক্লিষ্ট ৰজনী কলিতাই হঠাতে কিবা এটা সমিধান পোৱা যেন পাই উৎসাহী হৈ উঠিল৷ ক’লে-নামঘৰৰ কাষতে সিহঁতৰ ঘৰ ৷
“বোপা কোনটো নামঘৰৰ বা কথা ক’লা?’’
ৰজনীয়ে একো নামাতি সোঁফালৰ ৰাস্তাটোৰে গতি কৰিলে৷
জীৱনত ৰজনী কলিতাই বহুবাৰ ৰিস্ক লৈছে ৷ এইবাৰো ল’লে ৷ পৰীক্ষা হলত বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰত ৰিস্ক লোৱাৰ দৰে ৷ কেতিয়াবা এইটো হ’বনে সেইটো হ’ব ভাবি এইটোকে লিখি পিছত কাটি সেইটো লিখে৷ পৰীক্ষাগৃহৰ পৰা ওলোৱাৰ পিছত গম পায় প্ৰথমে লিখাটোৱে শুদ্ধ আছিল৷
কিছুদূৰ গৈ ল’ৰা এজনক সুধিলে মন্দিৰলৈ আৰু কিমান দূৰ?
-২ কি:মি: মান হ’ব ৷
ৰজনী কলিতাৰ মূৰটো আচন্দ্ৰাই কৰিলে ৷ ৰ’দত লালকাল হৈ প্ৰায় আধাঘন্টামান খোজকাঢ়ি এটা মন্দিৰ দেখিলে৷ জিভালৈ পানী ঘূৰি অহা যেন পালে ৷ কিন্তু মন্দিৰৰ আশে পাশে ক’তো বিয়াৰ চিনমোকামে নাই ৷ বিয়াৰ তাৰিখটো তাৰ সঠিক মনত আছে৷ ১২ মে’৷ৰবিবাৰ ৷ সেইটো আজিয়ে হয়৷
তেনেতে কাষৰ ঘৰৰ পৰা এজন সুঠাম স্মাৰ্ট যেন লগা ল’ৰা ওলাই অহা দেখা পালে৷ৰজনী কলিতাই নন্দেশ্বৰক চিনি পাই নেকি তাক সুধিলে যদিও সুদুত্তৰ পাব বুলি আশা নকৰিলে ৷ তাৰ আজি বিয়া আৰু তাৰ ঘৰ মন্দিৰৰ কাষতে বুলি কৈছিল৷ ল’ৰা জনে কিবা এটা ভাবি “ ধন মাষ্টৰৰ কথা সুধিছে নেকি ’ বুলি প্ৰশ্ন কৰিলে৷
ৰজনী কলিতাৰ মনত পৰিল এবাৰ নে দুবাৰ নন্দেশ্বৰে কৈছিল গাঁৱত তাক সকলোৱে ধন বুলিয়ে জানে৷ গতিকে সিয়ে যে হ’ব সেইটো মোটামুটি নিশ্চিত হ’ল যদিও আৰু অধিক নিশ্চিত হ’বৰ বাবে ক’লে-তাৰ বাপেকটোও গাঁৱৰে এল পি স্কুলখনৰ মাষ্টৰ আছিল৷
-হয় হয় ধন মাষ্টৰে হয়৷আচল নামটো অৱশ্যে ময়ো নাজানো৷ কিন্তু আপুনি ভুল ৰাস্তাৰে আহিলে৷আপুনি চ’কটোৰ পৰা সেইটো ৰাস্তাৰে যাব লাগিছিল৷”
ৰজনী কলিতাৰ চাৰ্টৰ কালাৰটো ইতিমধ্যে ক’লা পৰি গৈছে৷ভৰি দুখন নচলা হৈছে৷আকৌ আঢ়ৈ কিঃমি খোজকাঢ়ি চ’কটো পাব তাৰ পিছত বা আকৌ কিমান দূৰ৷
তথাপিও সাহ কৰি সুধিলে-“চ’কৰ পৰা আৰু কিমান যাব লাগিব?’’
-বেছি নহয় ,ডেৰ কি:মি: মান হ’ব৷এটা ডাঙৰ মন্দিৰ পাব৷ তাৰ কাষতে৷
ৰুমালেৰে কপালখন মচি মচি ৰজনী কলিতাই নন্দেশ্বৰক মনে মনে যিমান পাৰে গালি পাৰি পাৰি গৈ থাকিল৷সি ক’ব লাগিছিল বাওঁফালৰ ৰাস্তাটোৰে গৈ পোৱা মন্দিৰটোৰ কাষত ঘৰ বুলি৷আৰু কিহৰ দুটা তিনিটা নাম লাগে থবলৈ ৷ লিখা নাম নন্দেশ্বৰ , মতা নাম ধন ৷ যেন নন্দেশ্বৰ বুলি মাতিলে কাণেৰে শুনাহে নাপাব ৷ ৰাতিপুৱাই মাৰি অহা পাৰফিউমৰ গোন্ধ আৰু ঘামৰ গোন্ধ মিলি একাকাৰ হৈ গ’ল ৷ ৩.৩০ মান বজাত চ’কটো পালে ৷ বুঢ়া দোকানীজনে তেতিয়াও দোকান খুলি বহি আছিল৷
-ঘৰটো নাপালা হ’বলা বিচাৰি?
জ্বলা জুইত বুঢ়াই ঘিউ ঢালি দিলে৷“চালা বুঢ়া মৰিবৰ হ’ল এতিয়াও গাঁৱৰ মানুহ কেইটাৰ পৰিচয় নাজানা’’ এইটো আচলতে দিব খোজা প্ৰত্যুত্তৰ আছিল ৷ কিন্তু খঙটো সামৰি লাহেকৈ ক’লে-ধন মাষ্টৰক চিনি পায় নেকি?
-হে কি কোৱা বোপা ৷ তাক কোলাত লৈ বোকাত লৈ মানুহ কৰিলো ৷ গহাটিত পঢ়ি এতিয়া মাষ্টৰ হ’ল ৷ মোৰ ঘৰৰ কাষতে৷ মোৰ নাতিয়ে হয় ৷ এইপিনে গৈ থাকা ৷ আধাঘণ্টামান খোজ কাঢ়িলে পায়েই যাবা ৷
মুখেৰে নোলাবল গীয়া কিবা শব্দ ওলাই বুলি ৰজনী কলিতাই বুঢ়াৰ ফালে নাচায় তোৰোহ তোৰোহ কৈ খোজ পেলালে নন্দেশ্বৰৰ ঘৰৰ ফালে ৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 months ago

😄😄, ভাল লাগিল

Don`t copy text!