বেলজিয়ামত উত্তৰ-পূৱ ভাৰতৰ ‘ট্ৰাইবেল কিচেন’
লেখক- পংকজ কুমাৰ নেওগ
কোনোবা এগৰাকী জ্ঞানী ব্যক্তিয়ে এবাৰ কৈছিল যে ‘খাদ্যই মানুহক একত্ৰিত কৰে’ আৰু এইষাৰ কথা হয়তো প্ৰায় সকলো লোকে বিনাদ্বিধাই স্বীকাৰ কৰিব। আমেৰিকাৰ চীজবাৰ্গাৰ, মেক্সিকোৰ বাৰিটো, ভাৰতৰ বাটাৰ চিকেন বা পেৰিছৰ ক্ৰ’ছাণ্টেই হওক বিভিন্ন দেশ আৰু সংস্কৃতিৰ মাজত নিজৰ খাদ্যসম্ভাৰৰ জুতি বিলাই দিব পৰাতো বিশ্বপ্ৰেমৰ এটা নিশ্চয় উৎকৃষ্ট নিদৰ্শন। উদাহৰণস্বৰূপে, ভাৰতীয় খাদ্যই বিশ্বৰ প্ৰায় প্ৰতিখন মহাদেশতে এক সুকীয়া স্থান লাভ কৰিছে। আমাৰ বড়া-পাও, চোলে-ভাতুৰে, তন্দুৰী চিকেন বা দ’চা-ইডলি আদি ভাৰতীয় খাদ্যই আজি বিশ্বজুৰি সকলোতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উত্তৰ-পূৱ অঞ্চলৰ সকলোৰে বাবে অতি গৌৰৱৰ খবৰ যে প্ৰকৃতি প্ৰদত্ত সেউজী মণিপুৰৰ এগৰাকী জীয়ৰীয়ে সুদূৰ বেলজিয়ামৰ লোকসকলক খাঁটি নগা খাদ্যৰ পৰিচয় দি ভাৰতীয় খাদ্যসম্ভাৰৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰিছে। লুলু নামেৰে পৰিচিত মণিপুৰৰ মহিলাগৰাকীৰ প্ৰকৃত নাম হৈছে লেণ্ডিমলিউ ফেইগা গাংমেই (৩৭) আৰু তেওঁৰ স্বামী হ’ল বব ষ্টাল (৪০)। এই স্বামী-স্ত্ৰীহালে নিজৰ ‘ফুড ট্ৰাক’ত প্ৰামাণিক নগা ব্যঞ্জনৰ সোৱাদ কঢ়িয়াই বেলজিয়ামৰ হেঙ্ক (Jenk) চহৰত প্ৰায় ধুমুহাৰ সৃষ্টি কৰিছে।
মণিপুৰৰ ৰংমেই জনগোষ্ঠীৰ অন্তৰ্গত লুলুৱে গোৱা ভ্ৰমণৰ সময়ত ববক লগ পায় আৰু সেইদৰে তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন হয়। “মই ২০০৬ চনত ববক লগ পোৱাৰ সময়ত কিংফিচাৰ এয়াৰলাইন্সৰ এয়াৰ হোষ্টেছ হিচাপে কাম কৰিছিলো। আমি দুয়ো গোৱাত আছিলো আৰু ইজনে সিজনক লগ পোৱাৰ পাছত আমি প্ৰেমত পৰোঁ। এই ঘটনাৰ ছবছৰৰ পাছত আমাৰ বিয়া হয় আৰু বেলজিয়ামলৈ আহি আমি একেলগে ফুড ট্ৰাক এখন চলোৱাৰ কথা ভাৱোঁ।” – লুলুৱে কয়। গৃহভূমি মণিপুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ফুড ট্ৰাকখনৰ নাম ৰখা হয় ‘লুলু’ছ ট্ৰাইবেল কিচেন’। অৱশ্যে এই নামকৰণ আছিল লুলুৰ স্বামী ববৰ ধাৰণা। মণিপুৰৰ নেইকানলঙৰ এটা ডাঙৰ পৰিয়ালত জন্মগ্ৰহণ কৰা লুলুৱে মাকৰ পৰা ৰন্ধা-বঢ়া শিকিছিল। “মণিপুৰৰ আন যিকোনো ছোৱালীৰ দৰে ময়ো মা আৰু আইতাৰ পৰা ৰন্ধা-বঢ়া শিকিছিলো। ৰান্ধিবলৈ আৰম্ভ কৰাৰ সময়ত মই যথেষ্ট সৰু আছিলো। মই সদায় অনুভৱ কৰিছিলো যে ৰন্ধা-বঢ়া কৰিবলৈ শিকাতো জীৱনৰ এটা দক্ষতা আৰু এইটো সকলোৱে জনা উচিত।” – এটা সাক্ষাৎকাৰত লুলুৱে এইদৰে মতামত দিয়ে। “ফুড ট্ৰাকখনৰ বাবে যিবোৰ বস্তু ৰান্ধো সেই সকলোবোৰ ঘৰৰ ৰান্ধনিশালত সৰু সৰু পাঠবোৰৰ পৰা শিকা। মই মোৰ ৰেচিপিবোৰ যিমান পাৰি সহজ আৰু মৌলিক কৰি ৰাখিবলৈ চেষ্টা কৰোঁ”- তাই লগতে কয়।
“মই ২০১২ চনত বেলজিয়ামলৈ আহি ববৰ সৈতে বিয়া হওঁ। সেই সময়ত ববে ভাৰতীয় কাপোৰ কিনি উৎসৱৰ সময়ত ইয়াত বিক্ৰী কৰিছিল। কিছুদিনৰ বাবে এই ব্যৱসায় ভালকৈ চলিছিল কিন্তু ইয়াত বৰষুণৰ পৰিমাণ অতিপাত বেছি বাবে বাৰিষা মানুহে ঘৰৰ পৰা ওলাব নিবিচাৰে আৰু সেইবাবে ব্যৱসায়টো লাহে লাহে পৰি আহিছিল”- লুলুৱে এইদৰে মন্তব্য কৰে। “আমি এটা কথা ভাৱি পালোঁ যে বতৰ যিমানেই বেয়া নহওক খাদ্যৰ বাবে মানুহ বাহিৰলৈ ওলাই আহিবই লাগিব। গতিকে কাপোৰতকৈ খাদ্যৰ ব্যৱসায় হয়তো অধিক কাৰ্য্যক্ষম হ’ব পাৰে। যিহেতু ববে মই ৰন্ধা খাদ্য খাই ভাল পাইছিল, মোৰ ৰন্ধনশৈলীত শান দিবলৈ আৰু হলেণ্ডৰ ডাছলোকসকলৰ ৰন্ধন শৈলী বুজিবলৈ এটা সৰু ৰন্ধন পাঠ্যক্ৰম ল’বলৈ তেওঁ পৰামৰ্শ দিয়ে” লুলুৱে কয়। লুলু আৰু ববে সেই সময়ত ভাবিছিল যে যদি তেওঁলোকে খাদ্যৰ ব্যৱসায় আৰম্ভ কৰে তেনেহ’লে ভাৰতীয় খাদ্যহে পৰিবেশন কৰিব। “ৰন্ধনৰ বেছিভাগ কাম যিহেতু মইয়েই কৰিম গতিকে সিদ্ধান্ত লৈছিলো যে আমি উত্তৰ-পূৱ ভাৰতৰ নিভাঁজ খাদ্যহে পৰিবেশন কৰিম। গতিকে ২০১৪ চনৰ পৰা আমি ফুড ট্ৰাকখন আৰম্ভ কৰোঁ আৰু তেতিয়াৰ পৰা আমি পিছলৈ উভতি চাবলগীয়া হোৱা নাই”- লুলুৱে কয়।
যেতিয়া দম্পতীহালে উত্তৰ-পূৱ ভাৰতৰ খাদ্য প্ৰস্তূতিৰে ব্যৱসায় আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ সেই ধাৰণাটো সহজেই সেই দেশত স্বীকৃত হ’ব বুলি আশা কৰিছিল; কিন্তু প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া তেওঁলোকে আশা কৰা ধৰণে নহ’ল। “আমি লক্ষ্য কৰা সমস্যাটো আছিল যে মানুহৰ বাবে ভাৰতীয় খাদ্য মানেই আছিল তৰকাৰী আৰু বাটাৰ চিকেন। হাড় আৰু ছালৰ সৈতে ৰন্ধা মাংসৰে নগা খাদ্যৰ পৰিচয় দিওঁতে মানুহ অতি আচৰিত হৈছিল। ‘ছালৰ সৈতে কেনেকৈ মাংস ৰান্ধিব আৰু পৰিৱেশন কৰিব পাৰে’ ইত্যাদি ধৰণৰ মন্তব্যৰ সন্মুখীন হৈছিলো…কিন্তু মোৰ এটা অনুভৱ হৈছিল যে মানুহে এই খাদ্য নিশ্চয় গ্ৰহণ কৰিব” লুলুৱে কয়। “বেছিভাগ ভাৰতীয় খাদ্যতকৈ উত্তৰ-পূৱ ভাৰতৰ জনজাতীয় খাদ্য যথেষ্ট পৃথক। গোন্ধ, ৰং, ৰন্ধা-বঢ়াৰ ধৰণ ইত্যাদি সম্পূৰ্ণ বেলেগ। আমাৰ কিম্বন কৰা খাদ্য সামগ্ৰীৰ প্ৰতি মানুহে বিশেষকৈ সন্দেহ প্ৰকাশ কৰিছিল আৰু সেয়েহে আমিও ইয়াক মানুহৰ বাবে উপযুক্ত কৰি তুলিবলগীয়া হৈছিল”, ববে কয়।
তেওঁ আৰু কয় – “আমি কিছুমান খাদ্যৰ পৰা মাংসৰ ছাল আঁতৰাই আৰু ইয়াৰ মানুহৰ ৰুচিবোধৰ লগত খাপ খুৱাই মছলাবোৰ কিছু সাল-সলনি কৰোঁ কিন্তু খাদ্য প্ৰস্তুত কৰা প্ৰণালীটো আমি যিমান পাৰোঁ প্ৰকৃত প্ৰণালীৰ সৈতে সম্পূৰ্ণ একে ৰাখিবলৈ চেষ্টা কৰিলো। লুলুৱে ৰেচিপিবোৰৰ যাতে একো সলনি কৰা নহয় আৰু উত্তৰ-পূৱ ভাৰতৰ প্ৰকৃত নগা খাদ্যৰ দৰেই হয় তাৰ ওপৰত যথেষ্ট জোৰ দিছিল। আমি এতিয়া খাদ্য প্ৰস্তুতিৰ এনে প্ৰণালী উলিয়াইছো যিটো সকলোৰে বাবে উপযুক্ত।” অতিমাৰীৰ সময়ত ফুড ট্ৰাকখনে মানুহৰ ঘৰে ঘৰে খোৱা বস্তুৰ যোগান ধৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। “অতিমাৰী আৰম্ভ হোৱাৰ লগে লগে ব্যৱসায়ত আমি মন্থৰতা আশা কৰিছিলো কিন্তু দৰাচলতে সঁহাৰি যথেষ্ট ভাল আছিল। মানুহে আমাৰ খাদ্য উপভোগ কৰিছিল আৰু বিক্ৰী ক্ৰমান্বয়ে বাঢ়ি গৈছিল” -লুলুৱে কয়।
পশ্চিমীয়া যিকোনো দেশত যেতিয়া ভাৰতীয় খাদ্যৰ কথা আলোচনা কৰা হয় সেইবোৰত সাধাৰণতে উত্তৰ-পূৱ ভাৰতীয় খাদ্যৰ কোনো নাম-গোন্ধ নাথাকে। ভাৰতীয় খাদ্যৰ বিশাল তালিকাৰ মিশ্ৰণত উত্তৰ-পূৱ ভাৰতৰ খাদ্য হেৰাই যায়। “মই মোৰ খাদ্য আৰু সংস্কৃতিক পৃথিৱীৰ মানচিত্ৰত প্ৰতিনিধিত্ব কৰিবলৈ সম্পূৰ্ণভাৱে দায়বদ্ধ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল এতিয়াও বহুতৰ বাবে অনাবিষ্কৃত; বহুতে এই অঞ্চলক অজ্ঞাত ভূখণ্ডৰ দৰেই অনুভৱ কৰে। মই ভাৱোঁ পৃথিৱীৰ অধিক লোকে ইয়াৰ বিষয়ে জনা উচিত” লুলুৱে মন্তব্য কৰে। “মানুহে জনাটো গুৰুত্বপূৰ্ণ যে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ এটা অংশ আৰু এই অঞ্চলৰ লোকৰ নিজস্ব খাদ্য আছে। কিন্তু একে সময়তে ভাৰতীয় খাদ্যৰ প্ৰতি তেওঁলোকৰ এক নিৰ্দিষ্ট ধাৰণা থকাৰ বাবে ইয়াৰ পৰিচয় দিয়াটোও কঠিন। আমি সেইবাবে এটা উপায় অৱলম্বন কৰোঁ আৰু সেয়া হ’ল…আমি আমাৰ জনজাতীয় খাদ্যৰ সৈতে বাটাৰ চিকেনৰ দৰে কিছুমান পৰিচিত খাদ্যও মেনুত ৰাখিবলৈ ধৰো যাতে মানুহে সেইবোৰ চেষ্টা কৰিবলৈ উৎসাহিত হয়” ববে কয়।
লুলুৰ জনজাতীয় পাকঘৰত বিভিন্ন ধৰণৰ খাদ্য পৰিবেশন কৰা হয়; এই খাদ্যবোৰৰ ভিতৰত আছে — গৰু মাংসৰ তৰকাৰী, খৰিৰ জুইত ৰন্ধা ধোঁৱাযুক্ত কুকুৰাৰ মাংস, এছিয়ান শৈলীত ৰন্ধা গাহৰিৰ মাংস, নাগা দালি (নগা শৈলীত ৰন্ধা মচুৰ দাইল), বেঙেনাৰ তৰকাৰী, খুই টাম (বাঁহৰ চচ), উমৰক টাম (এবিধ চাটনি ), ভাপত দিয়া আৰু ৰন্ধা ব্ৰকলি, কুৰগেট আদি। “মোৰ ব্যক্তিগত প্ৰিয় খাদ্য হ’ল ৰঙালাওৰ সৈতে গাহৰিৰ মাংস; ৰঙালাও হ’ল বতৰৰ খেতি, ঋতু অনুসৰিহে হয়। গতিকে আমি বছৰটোৰ সকলো সময়তে ইয়াক পৰিবেশন কৰিব নোৱাৰো। ময়ো ‘নাগা দালি’ ভাল পাওঁ আৰু মানুহৰ মাজতো ই যথেষ্ট জনপ্ৰিয়। গ্ৰাহকসকলে আৰু এটা খাদ্য খাবলৈ বৰ ভাল পায় যাক আমি ‘ভেজি ডিলাইট’ বুলি কওঁ…এইটো হৈছে জনজাতীয় বনৌষধি আৰু মছলাৰ সৈতে ৰন্ধা মটৰ মাহৰ সৈতে বিভিন্ন শাক-পাচলিৰ মিশ্ৰণ” ববে জনায়।
ৰন্ধা-বঢ়াৰ উপকৰণৰ কথা ক’বলৈ গ’লে দম্পতীহালে বেলজিয়ামত সেইবোৰ মছলা সাধাৰণতে বিচাৰি নাপায় আৰু সেয়েহে প্ৰতি বছৰে ভাৰতলৈ ভ্ৰমণ কৰি ছুটকেছ ভৰাই খাঁটি মা-মছলাসমূহ কিনি আনে। তেওঁলোকে কয় যে লুলুৰ জনজাতীয় পাকশালাৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হোৱা মানুহৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ লৈছে আৰু তাকে লৈ তেওঁলোক অতি আনন্দিত। অতি সোনকালে তেওঁলোকে খাদ্যৰ তালিকাত আৰু অধিক খাদ্য সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। “আমি চয়াবিন আৰু জলকীয়াৰে তৈয়াৰী নতুন এবিধ মছলাযুক্ত চাটনি যোগ কৰিব বিচাৰো আৰু মানুহে কেতিয়াও সোৱাদ নোলোৱা নতুন নতুন আৰু বিভিন্ন নগা খাদ্যৰ প্ৰকৰণৰ পৰিচয় দিব বিচাৰো। মানুহে ভাল পোৱা খাদ্যবস্তুবোৰ পৰিবেশন কৰা আৰু সেই খাদ্যসমূহৰ প্ৰস্তুতপ্ৰণালী অপৰিৱৰ্তিত ৰখাৰ মাজত এক ভাৰসাম্য বিচাৰি উলিওৱাটো প্ৰয়োজন। আমি এতিয়াও বিভিন্ন কথা শিকি আছোঁ আৰু সকলোবোৰ আয়ত্ব কৰাৰ দিশে সৰু সৰু পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছোঁ”- লুলুৱে কয়।