সাক্ষাৎকাৰ: অসম টেক্সটাইল ইনষ্টিটিউচনৰ কাৰিকৰী শিক্ষক শ্ৰীযুত ৰবীন খাটনিয়াৰ

লেখক- সাহিত্য ডট অৰ্গ'

সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ লোৱা হৈছিল অসম টেক্সটাইল ইনষ্টিটিউচনৰ কাৰিকৰী শিক্ষক শ্ৰীযুত ৰবীন খাটনিয়াৰ’দেৱৰ। পেছাত এগৰাকী শিক্ষক শ্ৰীযুত ৰবীন খাটনিয়াৰদেৱে বস্ত্ৰ আৰু বয়ন শিল্পৰ প্ৰসাৰৰ আৰু প্ৰচাৰৰ হকে এক সুদীৰ্ঘ সময় অতিবাহিত কৰিছে। তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থ ‘A Handbook on Handloom Weaving’ নামৰ গ্ৰন্থখন বয়ন শিল্পৰ ওপৰত আলোকপাত কৰা হেতুকে পাঠক আদৰি লৈছে।

উক্ত সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী গায়ত্ৰী খাৰঘৰীয়া আৰু ‘অসমীয়াত কথা বতৰা’ৰ সদস্য ক্ৰমে বিকাশ দত্ত আৰু অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী গায়ত্ৰী খাৰঘৰীয়া আৰু শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী গায়ত্ৰী খাৰঘৰীয়াই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছে শ্ৰী বিকাশ দত্তই। ইয়াক পাঠকসকললৈ বুলি আগবঢ়াইছে ডঃ দীপজ্যোতি বৰাই।

সাক্ষাৎকাৰৰ YouTube লিংক ইয়াত পাব: সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গ:- ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক স্বাগতম জনালোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টি তথা আপুনি বৰ্তমান নিয়োজিত হৈ থকা কাৰ্য সম্পৰ্কে আমাৰ পাঠকসকলক জনাবলৈ আপোনাক অনুৰোধ জনালোঁ।

ৰবীন খাটনিয়াৰ:- হয়, নিশ্চয়। পোনপ্ৰথমে মই ‘সাহিত্য ডট অৰ্গ’ৰ সৈতে জড়িত লোকসকল তথা ই- আলোচনীখনৰ পঢ়ুৱৈসকলক নমস্কাৰ জনাইছোঁ। মই শ্ৰী ৰবীন খাটনিয়াৰ। মই এগৰাকী শিক্ষক হিচাবে কাৰ্য্যনিৰ্বাহ কৰি আছোঁ। অৱশ্যে মই সাধাৰণ বিষয়ৰ শিক্ষক নহয়। মই শিক্ষকতা কৰো টেক্সটাইল বিষয়ত। অসম টেক্সটাইল ইনষ্টিটিউট নামৰ এখন প্ৰতিষ্ঠানত মই প্ৰায় পয়ত্ৰিশ বছৰ কাল শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ। আজিৰ বিষয়বস্তু সম্পৰ্কে জনাবলৈ পাই মই সুখী হৈছোঁ। যিহেতু বিষয়টোৱে অসমৰ বয়ন আৰু বস্ত্ৰ শিল্পক সামৰি লোৱাৰ প্ৰয়াস কৰিছে, গতিকে এই বিষয়ৰ ওপৰত সাহিত্য ডট অৰ্গৰ পঢ়ুৱৈসকলক জনাবলৈ পাই মই সুখ অনুভৱ কৰিছোঁ।

সাহিত্য ডট অৰ্গ:-ধন্যবাদ। বস্ত্ৰশিল্প তথা বয়নশিল্পৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ’ল সেই বিষয়ে আমাক অলপ জনাবনে?

ৰবীন খাটনিয়াৰ:- (হাঁহি) নিশ্চয়। আচলতে মই নিজেও ভবা নাছিলোঁ যে এই বয়ন শিল্পৰ সৈতে মই জীৱনৰ অধিক কাল অতিবাহিত কৰিম। আচলতে মই যেতিয়া প্ৰাক বিশ্ববিদ্যালয় পাঠ্যক্ৰমৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হ’লো, তেতিয়া মই স্নাতক মহলাত নামভৰ্তি কৰিলোঁ। সেইসময়ত বন্ধুবৰ্গৰ মাজত বয়ন শিল্প প্ৰযুক্তি সম্পৰ্কীয়  আলোচনা হোৱা মই লক্ষ্য কৰিলোঁ। সেই সময়ত এটা বিশেষ জনৰৱ আছিল। সেই জনৰৱটো আছিল এনে ধৰণৰ, বয়ন শিল্প বা টেক্সটাইল পঢ়িলেই চাকৰি পায় বুলি সেইসময়ত আমাৰ মাজত এক বদ্ধমূল ধাৰণা আছিল। কথাটো জানি মই বয়ন শিল্প পাঠ্যক্ৰমত নামভৰ্তি কৰিলোঁ। কথাটো অৱশ্যে সেই সময়ত নোহোৱাও নহয়। বয়ন শিল্প পাঠ্যক্ৰম সমাপ্ত কৰিয়েই মই নিযুক্তি লাভ কৰিলোঁ।

যেতিয়া মই বিষয়টো পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ আকৰ্ষণ বাঢ়ি আহিল। বয়ন শিল্পই যে অকল শালখনকেই সামৰি নলৈ বয়ন সম্পৰ্কীয় বিভিন্ন বিষয় সামৰি লয়, সেইয়া জানিবলৈ পাই মই পুলকিত হৈ পৰিলোঁ। লাহে লাহে মই এই বয়ন শিল্প বিভাগতেই কাম কৰিবলৈ সিদ্ধান্ত ল’লো। এই বিষয়ত শিক্ষক হোৱাটোও বৰ ভাল কথা হ’ব বুলি মোৰ মনলৈ ভাব এটা আহিল। হয়তো মোৰ অভিপ্ৰায়ৰ  কথা ভগৱানে জানিবলৈ পালে আৰু তেখেতৰ কৃপাতেই মই শিক্ষকতাৰ চাকৰিটো পালোঁ। এনেদৰেই মই বিষয়টোৰ সৈতে জড়িত হৈ পৰিলোঁ।

সাহিত্য ডট অৰ্গ:- হয়, কথাটো জানিবলৈ পাই আমাৰো ভাল লাগিল। তাঁতশালখন হ’ল অসমীয়াৰ স্বভিমানৰ প্ৰতীক। অৱশ্যে বৰ্তমান যেন তাঁতশালখন অনাদৃত হৈ পৰিছে। নতুন পুৰুষেও তাঁতশালখন সম্পৰ্কে বিশেষ নাজানে বা জানিবলৈ চেষ্টাও নকৰে। তাঁতশালখন সম্পৰ্কে আমাক তথা আমাৰ পঢ়ুৱৈসকলক অলপ জনাবলৈ আপোনাক অনুৰোধ জনালোঁ।

ৰবীন খাটনিয়াৰ:- আচলতে তাঁতশালখনক তিনিটা পৰ্যায়ত ভাগ কৰিব পৰা যায়। এই পৰ্যায়সমূহৰ প্ৰথম পৰ্যায়টি হ’ল প্ৰাৰম্ভিক পৰ্যায়। ইয়াক ‘প্ৰিমিটিভ লুম’ বুলি কোৱা হয়। প্ৰাৰম্ভিক পৰ্যায়ত শালখনৰ গঠন সহজ হৈ থকা দেখা যায়। হাতশাল আৰু কমৰ বন্ধা শালক প্ৰাৰম্ভিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰিব পাৰি। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে হাতালখনত মাকোটো এফালৰ পৰা আনফালে দলিয়াই দিয়া হয়। কমৰবন্ধা শালৰ ক্ষেত্ৰত এটা মূৰ কঁকালত আৰু আনটো মূৰ খুটা এটাত বান্ধি থোৱা হয়। হাতশাল আৰু কমৰবন্ধা শালত দীঘল কাপোৰৰ বয়ন সম্ভৱ নহয়। কালক্ৰমত  হাতশালখনে এটা পৰ্যায় পালে আৰু ইয়াৰ মাকোটো  উৰণীয়া মাকোযুক্ত শাললৈ ৰূপান্তৰিত হ’ল। ১৭৩৩ চনত ইংলেণ্ডৰ জন কে নামৰ মানুহজনে উৰণীয়া মাকো আৱিষ্কাৰ কৰিলে। ইয়াৰ লগে লগে শালৰ এক বিশ্ব জাগৰণ হোৱা দেখা গ’ল। শালখনৰ এক অবিচ্ছেদ্য অংগ’দোৰপতি’ (Sley)। এই অংশটোত কেতবোৰ বস্তু সংযোজন কৰি উৰণীয়া মাকো ব্যৱহাৰ কৰা হ’ল। যেনে মাকোটোৰ বাবে এটা বাকচ ঠিক কৰা হ’ল। তাৰ নাম দিয়া হ’ল মাকোৰ বাকচ বা ‘চাটল বক্স’। তেনেদৰে মাকোটো টানিবলৈ নতুন প্ৰযুক্তি এটা সংলগ্ন কৰা হ’ল। বাণীৰ সূতাডালৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন দেখা গ’ল। দ্বিতীয় পৰ্যায়টো হ’ল অৰ্ধ স্বয়ংচালিত শালৰ সৃষ্টি হ’ল। অৰ্ধ স্বয়ংচালিত শালৰ ক্ষেত্ৰত কেতবোৰ কাৰ্য স্বয়ংচালিত হোৱা দেখা গ’ল। অৱশ্যে তেতিয়াও শালখনৰ কেতবোৰ কাম মানুহেও কৰি থাকিল। এই পৰ্যায়টি হ’ল অৰ্ধ স্বয়ংচালিত হস্ততাঁত। অৱশ্যে উৰণীয়া মাকোযুক্ত তাঁতশালখন অসমত বেছিকৈ ব্যৱহাৰ কৰা হয়। শালখনৰ আচলতে দুটা ভাগ থাকে। এটা দোৰপতি আৰু আনটো হ’ল গাঁথনি বা ‘ফ্ৰেম’। ‘ফ্ৰেম’ত সাধাৰণতে ছয়টা খুঁটা থাকে। গাঁঠনিত দোৰপতি সংযোগ কৰি সম্পূৰ্ণ শালখন নিৰ্মাণ কৰা হয়। আকৌ কেতিয়াবা গাঁথনিৰ ঠাইত চাৰিটা খুঁটা দি শালখন নিৰ্মাণ কৰি লোৱা হয়। আমাৰ গ্ৰাম্যাঞ্চলত এনেধৰণৰ শাল এতিয়াও আছে। বাহ বা তামোল গছৰ খুটাৰে এই শালখন নিৰ্মাণ কৰা হয়। ইয়াক কোৱা হয় ‘ফ’ৰ পোষ্টাৰচ লুম’ বা চাৰিখুটীয়া শাল।

শালৰ বিভিন্ন সঁজুলি সম্পৰ্কে ইতিমধ্যে আমি আলোচনা কৰিলোঁ। আচলতে মাকো, মাকোৰ বাকচ, মহুৰা , উঘা, চেৰেকি আদিয়েই শালৰ বিভিন্ন ভাগ।

সাহিত্য ডট অৰ্গ:- লোকবিশ্বাসে সাধাৰণতে লোক বিশ্বাস, পৰম্পৰা আদি সামৰি ৰাখে। আমি জানো যে এসময়ত তাতশালখন অসমীয়া জীৱনৰ এক অবিচ্ছেদ্য অংগ আছিল। তাঁতশালখনক কেন্দ্ৰ কৰি কেনেধৰণৰ লোকবিশ্বাস আছে সেই সম্পৰ্কে আমাক অলপমান জনাবনে?

ৰবীন খাটনিয়াৰ:- লোকবিশ্বাস আমি মা-আইতাহঁতৰ পৰা জানিব পাৰিছিলো। তাৰেই দুটামান বিশ্বাস মই ব্যক্ত কৰিম। আপোনালোকে হয়তো ‘বিহুচেৰা’ শব্দটি জানে। ‘বিহুচেৰা’ শব্দটোৰ লগত এটা লোকবিশ্বাস জড়িত হৈ আছে। আমাৰ বহাগ বিহুৰ আগেয়ে অৰ্থাৎ ফাগুন মাহৰ এটি ভাল দিন চাই বাতি কঢ়া হয়। এই বাতি কাঢ়ি বিহুৰ আগতেই শিপিনীয়ে কাপোৰখন বৈ উলিয়াব লাগিব। যদিহে সাত বিহুলৈ কাপোৰখন তৈয়াৰ নহয়, তাক ‘বিহুচেৰা’ বুলি কোৱা হয়। বিহুচেৰা কাপোৰবোৰ শুভ নহয় বুলি আমাৰ লোকবিশ্বাস আছে। আন এটা লোক বিশ্বাস সম্পৰ্কীয় কথা এটাও কৈ থওঁ। বাতিকঢ়া পদ্ধতিত বাতিটোৱে সমগ্ৰ কাৰ্য পৰিচালনা কৰে। বাতিটো ভাল নহ’লে কাপোৰখনো ভাল নহয়। এইটো পিছে লোকবিশ্বাস নহয়। এইটো কাৰিকৰী কথাহে। বাতি কাঢ়োতে দিন-বাৰ চাই লোৱা হয়। যেনে মঙ্গলবাৰে বাতি নাকাঢ়ে। অমাবস্যা বা বেয়া দিনতো বাতি কঢ়া নহয়। এই বিষয়টো আকৌ লোক বিশ্বাসৰ লগত জড়িত। একেদৰে কবচ কাপোৰৰ কথাটোও এটি লোক বিশ্বাস। আহোম ৰাজত্বৰ কালত যুদ্ধলৈ যাবলৈ বুলি সাজু হোৱা স্বামীক তেওঁৰ পত্নীয়ে এটা ৰাতিৰ ভিতৰতেই সূতা কাটি কাপোৰ বৈ দিয়ে। তেনে কৰিলে যোদ্ধা অৰ্থাৎ তেওঁৰ স্বামীয়ে যুদ্ধত জয়লাভ কৰিব বুলি তেওঁলোকে বিশ্বাস কৰে। মূলাগাভৰুৰ কাহিনীত এই সম্পৰ্কে উল্লেখ আছে। মূলাগাভৰুৰ স্বামী যুদ্ধলৈ যাবলৈ ওলোৱাৰ সময়ত মূলাগাভৰু ৰজস্বলা হৈছিল। সেয়েহে তেওঁ কাপোৰ ব’ব নোৱাৰিলে। তেওঁৰ স্বামীৰ যুদ্ধত মৃত্যু ঘটিল। পিছলৈ মূলাগাভৰুৱে যুদ্ধলৈ গৈ অসীম বীৰত্বৰে যুঁজ দিলে। আৰু এটা লোকবিশ্বাস ছোৱালীৰ জন্মৰ সৈতে জড়িত হৈ আছে। পুৰণি কালত কন‌্যা সন্তানৰ জন্ম হ’লে সন্তানটিৰ মূৰ শিতানত মাকো বা মহুৰা এটা থোৱা হয়। এনে কৰিলে কন‌্যা সন্তানটি পিছলৈ সুনিপুন শিপিনী হয় বুলি বিশ্বাস কৰা হয়।

সাহিত্য ডট অৰ্গ:- বৰ্তমান সময়ত অসমৰ বয়ন শিল্পৰ স্থিতি কেনেধৰণৰ বুলি আপুনি ভাবে?

ৰবীন খাটনিয়াৰ:- অসমত বয়ন শিল্পৰ স্থিতি সম্পৰ্কে তথ্যভিত্তিক ভাবে ক’বলৈ হ’লে এইয়া সুখকৰ বুলিয়েই আমি ধৰিব পাৰোঁ। অসম আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মই এই বিষয়ে অলপ তথ্য  দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় তিয়াল্লীশ লাখ শিপিনী বয়ন শিল্পৰ সৈতে জড়িত হৈ আছে। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় চৌব্বিশ লাখ তাতশাঁল আছে। ভাৰতবৰ্ষই হাতশালত সমগ্ৰ বিশ্বৰ ৯৫ শতাংশ বস্ত্ৰ উৎপাদন কৰে। আনহাতে ভাৰতৰ তিয়াল্লীশ লাখ শিপিনীৰ ভিতৰত অসমত বয়ন শিল্পৰ লগত জড়িত লোকৰ সংখ্যা হ’ল ষোল্ল লাখ তিয়াল্লীশ হাজাৰ। অসমত অকল শিপিনীয়েই আছে চৈধ্য লাখ। সমগ্ৰ ভাৰতবৰ্ষত তাতশাল আছে চৌব্বিশ লাখ। অসমত তাঁতশালৰ সংখ্যা হ’ল বাৰ লাখ। চৈধ্য লাখ শিপিনীৰ বাৰ হাজাৰ শিপিনী হ’ল পুৰুষ শিপিনী। আনহাতে বাকী সকলোৱেই মহিলা শিপিনী আছে। এনেদৰে মহিলা সৱলীকৰণৰ ওপৰত অসমৰ বস্ত্ৰশিল্পৰ উল্লেখযোগ্য অৱদান আছে। ভাল লগা কথাটো হ’ল যে তাহানিৰ শিপিনী সকলৰ তুলনাত আজিৰ শিপিনীসকল আৰ্থিকভাবেও অধিক স্বাৱলম্বী হৈ পৰিছে। আজিকালি শিপিনীসকলৰ বাবে Directorate of Handloom and Textile আছে। এই কাৰ্যালয়ে শিপিনী সকলক বহু আঁচনিৰ যোগেৰে সহায় -সহযোগিতা আগবঢ়াই আহিছে। ‌এনেবোৰ আঁচনিৰ যোগেৰে শিপিনীসকলৰ উন্নতি হোৱা দেখা গৈছে। Handloom Reservation Act, 1985 য়ে শিপিনীসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আছে। এই শিপিনীসকলৰ উন্নতিৰ বাবে সহায় হৈছে।

হৰ্ষচৰিতত উল্লেখ থকা মতে সপ্তম শতিকাত কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে মহাপ্ৰতাপী ৰজা হৰ্ষবৰ্দ্ধনক মিহি সূতাৰ টোপোলা উপহাৰ স্বৰূপে দিছিল। আমি ইয়াৰদ্বাৰা জানিব পাৰো যে সপ্তম শতিকাৰ পূৰ্বৰ পৰাই অসমত বয়ন আৰু বস্ত্ৰ শিল্পৰ প্ৰচলন আছিল। আহোম ৰাজত্বত এই শিল্পৰ অধিক প্ৰসাৰ ঘটে। আহোম ৰজা প্ৰতাপসিংহৰ সময়তো ইয়াৰ প্ৰসাৰ ঘটে। মূগা পলু অকল অসমত উৎপাদন হয়। পাট পলু, মুগা পলুৰ আৰু এৰি পলু অকল অসমতহে একেলগে উৎপাদন হোৱা দেখা যায়। মুগা ৰঙটোৰ সোণালী ৰঙ অকল অসমতহে হয়।

এইখিনিতেই আপোনালোকক কথা এটা জনাবলৈ বিচাৰিছোঁ। কথাটো আপোনালোকেও জানি ভাল পাব। সৌ সিদিনা মুগাই GI Tag পাইছে। সৌ সিদিনা গামোচাকো এই Tag দিয়া হৈছে। এই Tag পোৱাৰ বাবে মুগা আৰু গামোচা সুৰক্ষিত হৈছে। আপোনালোকে জানে যে GI মানে হ’ল Geographical Indication বা ভৌগলিক সূচাংক। এনেধৰণৰ Tag পোৱা সামগ্ৰী বিধৰ স্বত্ব প্ৰকৃত উৎপাদনস্থলীত সংৰক্ষণ কৰা থাকে। সেই হিচাপত আমাৰ মুগা আৰু গামোচা সুৰক্ষিত হৈ ৰ’ল।

এইবাৰ আপোনালোকক মুগা সম্পৰ্কে অলপমান জনাবলৈ বিচাৰিছোঁ। অসমৰ গোৱালপাৰা, লক্ষীমপুৰ, ধেমাজি আদি ঠাইত মুগা বহু পৰিমাণে পোৱা যায়। আনহাতে এৰী বিশেষকৈ পোৱা যায় দক্ষিণ কামৰূপ অঞ্চলৰ বকো, ছয়গাওঁ আদি ঠাইত। বৰ্তমানৰ প্ৰেক্ষাপটত দেখা যায় যে এনেধৰণৰ কেঁচা সামগ্ৰী মজুত থকা অসমৰ বয়ন শিল্পৰ ক্ষেত্ৰত এক উজ্জ্বল ভবিষ্যত আছে। বয়ন শিল্পৰ সৈতে জড়িত হ’বলৈ যুৱ প্ৰজন্মও আগবাঢ়ি আহিছে। আজিকালি ব্যৱসায়িক ভিত্তিত বয়ন শিল্পৰ প্ৰসাৰণ ঘটা দেখা গৈছে। এইয়া আমাৰ বাবে বৰ ভাল কথা।

সাহিত্য ডট অৰ্গ:- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে আমি সকলোৱে শুনিছোঁ। শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহ চিত্ৰ আকাৰে বৰ্ণনা কৰা এই বস্ত্ৰ বৰ্তমান লণ্ডন আৰু পেৰিচত সংৰক্ষিত হৈ আছে বুলি আমি জানিব পাৰো। এই বিশেষ বস্ত্ৰ কেনেদৰে নিৰ্মাণ কৰা হ’ল আৰু ইয়াৰ বিশেষ বৈশিষ্ট্য কি সেইয়া আমাক জনাবনে?

ৰবীন খাটনিয়াৰ:- বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে আমি জনাটো আৱশ্যক। যদিও এই বিষয়ে অধ্যয়ন কৰা লোকৰ সংখ্যা আমাৰ দেশত তাকৰীয়া যদিও এই বস্ত্ৰ সম্পৰ্কে বিদেশত সঘনে আলোচনা হৈছে। এইয়া আমাৰ বাবে গৌৰৱৰ বিষয়। বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে জনা সাধাৰণ কথাখিনি আপোনালোকে ইতিমধ্যে উল্লেখ কৰিলে। শ্ৰীকৃষ্ণৰ ল’ৰালিৰ লীলা-খেলা তথা তেখেতৰ জীৱনৰ বিভিন্ন ঘটনা বয়ন পদ্ধতিৰ দ্বাৰা এই বস্ত্ৰত সন্নিৱিষ্ট কৰা হৈছে। সেয়েহে বৃন্দাবনী বস্ত্ৰ এক অনন্য সম্পদ বুলি গণ্য কৰা হয়। এইয়া শঙ্কৰদেৱৰ এক আচৰিত সৃষ্টি। এই বস্ত্ৰখন ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল।
যেতিয়া শ্ৰীমন্ত শঙ্কৰদেৱে পাটবাউসী সত্ৰত নিগাজীকৈ থাকিবলৈ ল’লে সেই সময়তেই এই বস্ত্ৰ প্ৰস্তুত কৰিবলৈ তেওঁ আৰম্ভ কৰিলে। সেই সময়তেই কোঁচ ৰজা নৰনাৰায়ণৰ সৈতে তেওঁৰ পৰিচয় হয়। নৰনাৰায়ণৰ সন্মুখত বৈষ্ণৱ ধৰ্ম সম্পৰ্কে বাখ্যা কৰে। শ্ৰীমন্ত শঙ্কৰদেৱৰ এই বৰ্ণনা শুনি কোঁচ ৰজা আপ্লুত হৈ পৰে। এই বৰ্ণনাখিনি তথ্যভিত্তিক আকাৰত সংৰক্ষণ কৰি থ’বলৈ নৰনাৰায়ণে ইচ্ছা প্ৰকাশ কৰিলে। ৰজাৰ কথা শুনি শঙ্কৰদেৱে এইবোৰ কথা কাপোৰত বৈ দিলে ভাল হ’ব বুলি ভাবিলে। শঙ্কৰদেৱ পাটবাউসীলৈ ঘূৰি আহিল। পাটবাউসীৰ ওচৰতেই তাঁতীকুছি নামৰ গাওঁ এখন আছিল। সেই গাৱঁৰ বাসিন্দাসকল আছিল কাপোৰ বোৱাত পাকৈত। কাপোৰ বোৱা লোকসকলক মৰল বুলি কোৱা হৈছিল। তাৰে এজন তাঁতী আছিল গোপাল তাঁতী। তেওঁ হ’ল মথুৰা দাস বুঢ়া আতা। গোপাল তাঁতীক মুখ্য তাঁতী হিচাপে লৈ কাপোৰ ব’বলৈ বাৰজন সুনিপুন তাঁতীক নিযুক্ত কৰা হ’ল। তেওঁৰ লগত আন ছয়কুৰি তাঁতীকো সহায়কাৰী হিচাবে নিযুক্তি দিয়া হ’ল। শঙ্কৰদেৱে নিজেই কামটোৰ তদাৰক কৰিবলৈ ল’লে। শ্ৰীকৃষ্ণৰ বৃন্দাবনী লীলাৰ বিভিন্ন ঘটনা কাপোৰখনত তাঁতীসকলে ব’বলৈ ললে। যমুনা নদীৰ পাৰত ঘটা ঘটনা আদিকেই ধৰি কংসবধলৈ তেওঁ এক চিত্ৰপট তৈয়াৰ কৰি ললে। সেই চিত্ৰপটক আধাৰ হিচাবে লৈ বয়ন পদ্ধতিৰে কাপোৰখনত তাঁতীসকলে ব’বলৈ ললে। কামটোৰ শেষৰফালে এদিন গুৰুজনা কামটোলৈ যাব নোৱাৰিলে। গুৰুজনা যাব নোৱাৰা বাবে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে কামটোলৈ বুলি ওলাল। ঘূৰি আহি তেওঁ গুৰুজনাক কলে যে তেওঁ এবেগেট অৰ্থাৎ দহ ইঞ্চি মান কাপোৰ বেছিকৈ বলে। মাধৱদেৱৰ কথা শুনি শঙ্কৰদেৱ আনন্দিত হ’ল। তেওঁ মাধৱদেৱক ‘বুঢ়াৰ পো’ বুলি সম্বোধন কৰিলে। সেয়েহে পাটবাউসী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত মাধৱদেৱক আজিও ‘বুঢ়াৰ পো’ বুলিয়েই কোৱা হয়। পিছলৈ মাধৱদেৱ কামটোত বেছি জড়িত হৈ পৰিল। কাপোৰখন বৈ শেষ কৰিবলৈ ছমাহ লাগিল। কাপোৰখন বোৱা হ’ল। কাপোৰ চাবলৈ মানুহবোৰ উৎসুক হৈ পৰিল। কাপোৰখন নৰনাৰায়ণক দিয়াৰ আগতে এদিন পাটবাউসীৰ সাধাৰণ লোকে কাপোৰ খন প্ৰত্যক্ষ কৰাৰ বাবে শঙ্কৰদেৱে ব্যৱস্থা ল’লে। ডাঙৰ আৰু দীঘল কাপোৰখন দেখুৱাবলৈ চাং এখনৰ ব্যৱস্থা কৰা হ’ল।  চাং পাতি মেলি কাপোৰখন ৰাইজক দেখুওৱা হ’ল। সেনাপতি চিলাৰায়ে কথাটো জানিব পাৰি নৰনাৰায়ণক দেখুৱাবলৈ চাঙৰ ব্যৱস্থা কৰিলে।

ইমান বহল কাপোৰখন অৰ্থাৎ নব্বৈ ফুটৰ এই কাপোৰখন আচলতে বহুখন কাপোৰৰ সমষ্টি বুলিহে দুই এজনে ক’ব খোজে। দুই ফুট আঠ ইঞ্চিৰ মূৰে মূৰে কাপোৰবোৰ জোৰা লগোৱা হ’ল। এইবোৰ অৱশ্যে সম্ভাৱনীয়তাহে। এতিয়ালৈ অৱশ্যে কাপোৰখন প্ৰস্তুত কৰা পদ্ধতি সম্পৰ্কে সৰ্বসন্মত সিদ্ধান্ত এটাত কোনেও উপনীত হ’ব পৰা নাই। এই বৃন্দাবনী বস্ত্ৰ সম্পৰ্ক মৃণাল চন্দ্ৰ কলিতাই ‘বৃন্দাৱনী বস্ত্ৰ’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে। গ্ৰন্থখন প্ৰকাশ কৰিছে ‘প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা’ই। বহুতো তথ্য উক্ত গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।

অসমৰ পৰা কাপোৰখন কেনেদৰে নোহোৱা হ’ল, এই বিষয়ে একো সঠিক তথ্য পোৱা নাযায়। শ্ৰীমন্ত শংকৰদেৱৰ ১৫৬৮ চনত মহাপ্ৰয়াণ ঘটে। নৰনাৰায়ণৰ মহাপ্ৰয়াণ হয় ১৫৮৪ চনত। ইয়াৰ পিছত মোগলে ১৬১৫ চনত কোচ ৰাজ্য দখল কৰে। হয়তো মোগলৰ দিনতেই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা নোহোৱা হ’ল। এতিয়া এই কাপোৰৰ কেতবোৰ অংশ বা টুকুৰা বিভিন্ন সংগ্ৰহালয় যেনে বৃটিছ সংগ্ৰহালয়, ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়, গুইমেট সংগ্ৰহালয়, ফিলাডেলফিয়া  সংগ্ৰহালয়, কাউন্টি অৱ আৰ্ট  সংগ্ৰহালয়, নিউয়ৰ্কৰ সংগ্ৰহালয়, ভাৰ্জিনিয়া অৱ ফাইন আৰ্টছ সংগ্ৰহালয়, আৰু ভাৰতবৰ্ষৰ আহমদাবাদৰ কেলিকো সংগ্ৰহালয় আদিত দেখিবলৈ পোৱা যায়। জানিব পৰা মতে লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত সংগৃহীত এই বস্ত্ৰৰ টুকুৰা ভুটানৰ ৰজা এজনৰ পৰা বৃটিছ সাংবাদিক এজনে সংগ্ৰহ কৰা বুলি উল্লেখ আছে। আনহাতে লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ত থকা এই বস্ত্ৰৰ অংশ তিব্বতত পোৱা বুলিও বহুজনে মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ত এইখন বস্ত্ৰৰ দুটা টুকুৰা আছে। তাৰে এটা টুকুৰাৰ দৈৰ্ঘ হ’ল ৯.৩৭ মিটাৰ আৰু বহল হ’ল ২.৩১ মিটাৰ। দ্বিতীয় টুকুৰাটোৰ দৈৰ্ঘ হ’ল ২.৩১ বহল হ’ল ১. ৩০ মিটাৰ। এইয়াই বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে এক থুলমূল আভাস। বস্ত্ৰখন সম্পৰ্কে অধিক জানিবলৈ আপোনালোকে
মৃণাল চন্দ্ৰ কলিতাৰ ‘বৃন্দাৱনী বস্ত্ৰ’ নামৰ গ্ৰন্থখন অধ্যয়ন কৰিব পাৰিব।

সাহিত্য ডট অৰ্গ:- ধন্যবাদ। বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে আমি আপোনাৰ পৰা বহু কথা জানিব পাৰিলো। বস্ত্ৰ শিল্পৰ অন্যতম উপাদান সূতাৰ বিষয়ে এতিয়া অলপমান আমাক জনাবনে?

ৰবীন খাটনিয়াৰ:- হয়। ইতিমধ্যে মই ‘ৱাইল্ড চিল্ক’ বা ‘বন্য ৰেশমী’ অৰ্থাৎ মুগা, পাট আৰু এৰী সম্পৰ্কে অলপমান কলো। এইবোৰ ‘বন্য ৰেশমী’ৰ এক বিশেষ উপকাৰিতা দেখিবলৈ পোৱা যায়।পাট সূতা অসমত বৰ বেছি পৰিমাণে উৎপাদন নহয় যদিও এৰি সূতা অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমত মুগা সূতাৰ উৎপাদন হয় ১০৪ মেট্ৰিকটন। এৰী উৎপাদন হয় ৭.৪৫ মেট্ৰিকটন। পাট সূতা উৎপাদন হয় মাত্ৰ  ৮ মেট্ৰিকটন। মুগাৰ দীঘৰ সূতা বজাৰত ২৬ হাজাৰৰ পৰা ২৮ হাজাৰত প্ৰতি কিলোগ্ৰামত উপলব্ধ হৈ আছে। এৰী সূতাৰ দাম হ’ল ৩ হাজাৰৰ পৰা তিনি হাজাৰ দুশ টকাৰ ভিতৰত। কেঁচা পাত সূতাৰ প্ৰতি কিলোগ্ৰামত দাম হ’ল প্ৰায় সাত হাজাৰৰ পৰা ন হাজাৰৰ ভিতৰত। মূগা আৰু এৰী যথেষ্ট পৰিমাণে অসমত উললব্ধ। পাত সূতা বাহিৰৰ বজাৰৰ পৰা আহে। অৱশ্যে অসমতো কিছু পৰিমাণে এই সূতা পোৱা যায়। আনহাতে কপাহী সূতাৰ অৱস্থাটো অসমত একেবাৰে সন্তোষজনক নহয়। সমগ্ৰ ভাৰতবৰ্ষত কপাহী সূতা ৩৪.১ মিলিয়ন বেল উৎপন্ন হয়। অসমত মাত্ৰ ১ টন সূতাহে উৎপন্ন হয়। কিন্তু এইখিনিয়ো আমাৰ যি কম্পজিত মীল আছিল তাত উৎপাদন কৰা। এতিয়া সেই মীলসমূহ বৰ্তমান ধ্বংস বা বন্ধ হৈয়ে গ’ল অসমত। আশীৰ দশকত অসমত প্ৰায় দহটামান এনেকুৱা মীল গঢ় লৈ উঠিছিল। আপোনালোকে জানে, ৰঙিয়াত এটা মিল আছিল এপ’ল’ বুলি, টিহুত এটা মীল আছিল চিন্থেটিক বুলি, তেনেকৈ বিজনীতো এটা মীল আছিল, কুশল কোঁৱৰ নামৰ অন্য এটা মীল গোলাঘাটত আছিল। এনেকৈ অসমত প্ৰায় দহটা মীল গঢ় লৈ উঠিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আটাইকেইটা মীলেই বৰ্তমান বন্ধ হৈ গ’ল। এতিয়া সৰু সৰু চেক্টৰ কিছুমানত কপাহ কিছু উৎপাদন হয় যদিও ই একেবাৰে নূন্যতম। এইটো কিমান জানেনে, ভাৰতৰ প্ৰেক্ষাপটত যদি চাই তেনে আমি দেখিম যে ভাৰতৰ সৰ্বমুঠ যিমান কপাহ উৎপাদন হয় তাৰ ৫% ও অসমত উৎপাদন নহয়। গতিকে অসমত যিখিনি সূতা পোৱা যায় সেইখিনি সূতা বাহিৰৰপৰা অহা কপাহী সূতা। আজিকালি পলিয়েষ্টাৰ সূতা মানুহে হস্ততাঁতত নুবোৱা হ’ল। কিন্তু অসমীয়া মেখেলা চাদৰৰ যোৰা কিছুমানত বিভিন্ন সূতাৰ নাম দি যেনে পলিপাট, নুনি পাট আদি বৈ আনি বিক্ৰী কৰি থকা হৈছে। এইবোৰ আচলতে বৰ সুবিধাজনক কথা নহয়। মাচৰাইজ কটন কিন্তু ভাল। সূতাৰ বগা শুদ্ধতা বিচাৰ কৰিবলৈ এক পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। কটন সূতাৰো কৰা হয়। যাক আমি ‘মাচৰাইজ’ বুলি কওঁ।

সাহিত্য. ডট. অৰ্গ: টছৰ সূতাৰ বিষয়ে আপুনি কি ক’ব?

ৰবীন খাটনিয়াৰ: টছ হ’ল মুগাৰ নিচিনা কিন্তু মুগা নহয়।

সাহিত্য ডট অৰ্গ: হয়, টছ মুগাৰ দৰে যদিও মুগা নহয়। কিন্তু বৰ্তমান সময়ত টছৰ চাহিদা বহুত বাঢ়িছে। এইক্ষেত্ৰত কি ক’ব?

ৰবীন খাটনিয়াৰ : টছ হ’ল wild silk। মুগাৰ দৰেই ইয়ো পলুৰ পৰাই হয় কিন্তু ই অসমত উৎপাদিত নহয়। ইয়াৰ উৎপাদন  বিহাৰ, বেংগল, ঝাৰখণ্ড, মধ্য প্ৰদেশ আদিত । মন কৰিবলগীয়া কথা, টছৰ ৰঙটো পিছে মুগাৰ ৰঙৰ লগত হুবহু নিমিলে। মুগাৰ ধুনীয়া সোণালী ৰঙটো টছ সূতাত পোৱা নাযায়। টছৰ ৰঙ ঢেলা সোণালী। যাৰবাবে টছ উৎপাদনকাৰীয়ে পিছত তাত কেমিকেল দি ৰঙ কৰিব লগা হয়। কিন্তু মুগাত এনে ৰঙ নাখাটে। মুগাত ৰং কৰিব নোৱাৰি। এইয়া মুগা সূতাৰ নিজস্ব বাহাদুৰি বুলিবও পাৰি। ইয়াৰ লগতে বিশেষ তথ্য এটা জনাওঁ, মুগা ৰেচমৰ আল্ট্ৰা ভায়োলেট ফিল্টাৰিং গুণৰ ওপৰত কৰা পৰীক্ষাই প্ৰমাণ কৰিছে যে মুগাৰ কাপোৰে সূৰ্যৰ পোহৰৰ ৮৫.০৮% ক্ষতিকাৰক আল্ট্ৰা ভায়োলেট ৰশ্মি শোষণ কৰে। ছালৰ বাবে ই এক উৎকৃষ্ট ছানশ্বিল্ড সুৰক্ষা।

গতিকে বিভিন্ন দিশৰপৰা চালে আমি গম পাম যে মুগাৰ লগত টছৰ তুলনাই নহয়। মূল্যয়ো সেই কথাই কয়। মুগাৰ কাপোৰ এযোৰৰ দাম নূন্যতম ২৫০০০ ৰপৰা ৩০০০০ টকা। তাৰ বিপৰীতে টছৰ কাপোৰ ৬-৭ হাজাৰতো পায়। এই পৰিপ্ৰেক্ষিততে কিন্তু মুগাৰ ক্ষেত্ৰত ভেজাল হোৱাও আৰম্ভ হৈছে। কিন্তু সৌভাগ্যৰ কথা যে মুগাৰ সূতাই GI টেগ পাবলৈ সক্ষম হৈছে। এই টেগটোৱে আমাক সুৰক্ষা দি আছে। GI টেগ পোৱা মানে ই এক ব্ৰেণ্ড। গতিকে এইক্ষেত্ৰত কোনো ভেজাল বা দুই নম্বৰী কৰিব নোৱাৰে। যদি কোনোবাই মুগাৰ কাপোৰত শুদ্ধতাৰ GI টেগ লগাই আপোনাক বিক্ৰী কৰে আৰু আপোনাৰ শুদ্ধতাৰ ক্ষেত্ৰত সন্দেহ হয় তেন্তে আপুনি এই বিভাগৰ কৰ্তৃপক্ষ বা Consumer forum অত গৈ কেচ কৰিব পাৰে। GI টেগ মাৰ্কত যিহেতু একোটা নম্বৰ থাকে সেই নম্বৰটোক কেন্দ্ৰ কৰি সকলো তথ্য উলিয়ালেই ভেজাল-নিৰ্ভেজালৰ কথা গম পাই যাব।  ১৯৮৫ অত গঠন হোৱা হেণ্ডলুম ৰিজার্ভেচন এক্টে সকলোখিনি কাম কৰি থাকিব। অৱশ্যে এইক্ষেত্ৰত ৰাইজো সজাগ হোৱা অত্যন্ত দৰকাৰ। যাতে শুদ্ধ মুগা বুলি ভেজাল মুগা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আছে।

সাহিত্য ডট অৰ্গ: নিশ্চয়কৈ ৰাইজ মানে আমি সজাগ হ’ব লাগিব। আপুনি যিহেতু আমাক বিভিন্ন সূতাৰ বিষয়ে কৈ আছে, গতিকে ইয়াৰ লগতে সংগতি থকা আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। সেইটো হ’ল, ভাৰত বা অসমত বহুল প্ৰচলিত খাদী বা খদ্দৰৰ ব্যৱহাৰ তথা প্ৰচলন বৰ্তমান বহুত কমি গ’ল। এইক্ষেত্ৰত কি কাৰণ জড়িত হৈ আছে বুলি আপুনি ভাবে?

ৰবীন খাটনিয়াৰ: এইবিষয়ত অৱশ্যে মই বৰ তথ্যভিত্তিক ধাৰণা দিব নোৱাৰিম। মই নিজে অনুমান কৰি পোৱা কথাহে এইবিষয়ত ক’ব পাৰিম। এতিয়া চাওক, তাঁতশালত এগৰাকী শিপিনীয়ে বা বোৱনীয়ে এখন বা ডেৰখন ফুল থকা গামোচা ব’ব পাৰে। তাৰবাবে আমি শিপিনীগৰাকীক বোৱনী বানছ দিব লগা হয় নূন্যতম প্ৰায় ৩০০ টকা। তাৰবিপৰীতে যন্ত্ৰচালিত তাঁতশালত এখন গামোচাৰ বিনিময়ত দিব লগা বানচৰ পৰিমাণে নিচেই নগন্য। একেদৰে, এখন handloom ( হাতশাল) অৰ গামোচাৰ দাম যদি ৩০০ টকা হয় তেনে একেধৰণৰ powerloom( যন্ত্ৰচালিত তাঁত) অৰ গামোচাৰ দাম হ’ব খুব বেছি ১৫০ ৰপৰা ২০০ টকা। আমাৰ সাধাৰণ ৰাইজে handloom গামোচা, powerloom গামোচা বৰ বেছি চাই নাথাকে, চাই দামটোহে। যাৰবাবে powerloom অৰ গামোচাখন কমত পাই কিনি লয়। মই এই উদাহৰণটো দিলোঁ এইকাৰণেই যে খাদীৰ বস্তুবোৰো একেবাৰে শুদ্ধ বা বিশুদ্ধ হয়। কিন্তু তাত ফিনিছিংটো অলপ কম থাকে বা কামটো ইমান মিহি নহয়। যিহেতু খাদীৰ কামখিনি হাতেৰে কৰিব লগা হয় সেয়ে কিছু সময়ত খাদীৰ কাপোৰবোৰ খহটা হৈ থাকে। যাৰ তুলনাত মেচিনৰ অন্য কাপোৰৰ ফিনিছিং ভাল, মিহি হয়।
হাতে কটা সূতাৰে সেই মসৃণ ভাবটো আনিব পৰা নাযায়। যাৰবাবে আঁহ বা গুটি গুটি যেন খহটা ভাব এটা খাদী কাপোৰত ৰৈ যায়। লগতে খাদী কাপোৰৰ দাম যথেষ্ট বেছি। সেয়ে লাহে লাহে খাদীৰ প্ৰচলন কমি আহিল। লগতে আৰু এটা কাৰণ মই জনাব খোজো যে খাদী কাপোৰৰ প্ৰমশ্যন বা বিজ্ঞাপন অতি কম। এতিয়া নাই বুলিয়ে ক’ব পাৰি। আমি পঢ়ি থাকোঁতে খাদী বিষয়ক দুই-এটা বিজ্ঞাপন দেখিছিলোঁ কিন্তু আজিকালি খাদী বিষয়ক একো বিজ্ঞাপন বা প্ৰমশ্যন আমি একেবাৰে দেখা নাপাওঁ। না ৰেডিঅ’ না টিভি না বাতৰি কাকত। গান্ধী জয়ন্তীৰ দিনা দুই এটা কিবা দিয়ে কিন্তু সেইয়া একো নহয়। গতিকে এইটো এটা অন্যতম কাৰণ বুলি ভাবো খাদীৰ প্ৰচলন একেবাৰে কমি যোৱাৰ ক্ষেত্ৰত। এইয়া কিন্তু মই নিজে অনুভৱ কৰা বা ভবা কাৰণ খাদীৰ প্ৰচলন কমি যোৱাৰ ক্ষেত্ৰত।

সাহিত্য ডট অৰ্গ:  আপোনাৰ কথাৰ মাজত দুটা কথা আমি সতকাই শুনি আছোঁ সেইয়া হ’ল Power loom অৰ্থাৎ যন্ত্ৰচালিত তাঁতশাল আৰু handloom অৰ্থাৎ হস্ততাঁত বা হাতশাল। আমাৰ সাধাৰণ ধাৰণা এটা আছে এই সন্দৰ্ভত। তথাপিও আপুনি যদি আমাক powerloom আৰু handloom ৰ বিষয়ত এক সম্যক ধাৰণা দিয়ে, আমাৰ লগতে পাঠক শ্ৰোতাসকলো উপকৃত হ’ব।

ৰবীন খাটনিয়াৰ : হয় খুব ভাল প্ৰশ্ন। প্ৰথম কথা powerloom আৰু handloom অৰ উৎপাদনক কেতিয়াও তুলনা কৰিব পৰা নাযায়। দুয়োবিধৰে মাজত বহুত পাৰ্থক্য আছে।  Powerloom অৰ ক্ষেত্ৰত যদি আমি এগৰাকী পাৰ্গত শিপিনীক কেন্দ্ৰ কৰি চাওঁ তেনে দেখিম যে এগৰাকী শিপিনীয়ে এদিনত আধুনিক powerloom অত ৩০ অৰ পৰা ৩৫ মিটাৰ কোনো ফুলৰ কাম নকৰা উকা কাপোৰ বব পাৰে। আধুনিক powerloom অৰ বিষয়ে আপোনালোকে জানে নে নাজানে নাজানোঁ, আজিকালি কিন্তু ‘sophisticated poweloom’ আছে, যেনে air jet, water jet এইবিলাক। এইবিলাকত মাকো নাথাকে। আমাৰ ইনষ্টিটিউচনত air jet loom আছে, কেতিয়াবা গ’লে দেখা পাব। ইয়াত যেতিয়া কাপোৰ বৈ থাকে তেতিয়া চকুৱে দি মনিব নোৱাৰি, ইমান স্পীদ। গতিকে এনেকুৱা powerloom শালত এদিনত মানে ৮ ঘণ্টা ( দৈনিক কামৰ সময়) সময়ত গড়ে ৬০ ৰপৰা ৬৫ মিটাৰ কাপোৰ ব’ব পাৰে। আনহাতে ‘Plain powerloom’ অত এদিনত ৩০ অৰপৰা ৩৫ মিটাৰ কাপোৰ ব’ব পাৰে। একেদৰে,  এখন কাপোৰৰ ‘খেও’ অৰ্থাৎ যেতিয়া বাণীৰ সূতাডাল চপোৱা হয় যাক কোৱা হয় ‘বিট আপ’, এই বিট আপ যেতিয়া দিয়া হয় তেতিয়া handloom আৰু powerloom মাজত কিছু পাৰ্থক্য অহা দেখা যায়। Powerloom অৰ প্ৰতিটো ‘খেও’  সমান হয় মানে বানীৰ সূতা পাতল বা ঘন নহয়। অৰ্থাৎ বাণীৰ পাৰী সূতা কিমানকৈ পৰিব সেইটো powerloom অত একদম সঠিক হয়। একেদৰে Powerloom অৰ উৎপাদন বেছি। লগতে শালৰ কিছুমান weaving defect থাকে, সেইটো আপোনালোকক কৈ দিলে বুজি পাব। সেইটো হ’ল, ধৰক শালৰ সূতা ছিঙে। যিকোনো শালত সূতা ছিঙিব পাৰে। Powerloom অত এটা বিশেষ সুবিধা যে ইয়াত এডাল সূতা ছিঙিলেও শালখন লগালগ বন্ধ হৈ যায়। টেকন’লজিয়ে এইখিনি সহজ কৰি দিছে। গতিকে লগালগ সূতা জোৰা দি পুনৰ কাম কৰিব পাৰি, যাৰ বাবে বৈ থকা কাপোৰখনত একো আসোঁৱাহ নাথাকে। একেদৰে মাকোৰ কিবা অসুবিধা হ’লেও শালখন ৰৈ যায়। এনেদৰেই কাপোৰ বৈ থকা সময়ত যদি powerloom অৰ যিকোনো অংগৰ পৰা কিবা অসুবিধাৰ ইংগিত আহে তেতিয়া শালখনেও সেই সংকেত লয় আৰু সঠিক কৰাৰ সুবিধা দিয়ে। যাৰবাবে powerloom অৰ কাপোৰত আসোঁৱাহ কম থাকে। শিপিনীগৰাকীৰ কষ্ট বহুত কম হয় powerloom অত।

কিন্তু powerloom অৰ জৰিয়তে কাপোৰত এক ধৰণৰ ফুল তোলাৰহে সুবিধা থাকে। এইটো ইয়াৰ সীমাবদ্ধতা। ফুল দুই ধৰণৰ হয়, এবিধ হ’ল দীঘৰ ফুল আনবিধ হ’ল বাণীৰ ফুল। উদাহৰণস্বৰূপে যদি আমি এখন গামোচাৰ ফুলৰ কথা চাওঁ তেনে দেখিম যে গামোছাত দীঘৰ সূতা আৰু বাণীৰ সূতাৰ বাদেও অতিৰিক্ত হিচাপে ফুলৰ সূতা থাকে। যাক ইংৰাজীত কোৱা হয় ‘ Extra Decorative design’s । এই সূতাৰ ব্যৱহাৰ বাণীত কৰা হয়। কিন্তু powerloom অৰ গামোচাত এই সূতা দীঘত থাকে। Jacquard machine অৰ জৰিয়তে powerloom অত দীঘৰ ফুল তোলা হয়। ফুল তোলা মেচিনৰ কথা শালৰ ভাগৰ বিষয়ে কওঁতে ৰৈ গৈছে, ক’ব লাগিছিল। একেদৰে ফুল তুলিবলৈ Dobby machine ও আছে। বাণীৰ ফুল তুলিবলৈ দ্ৰব’ই চিষ্টেমৰ ব্যৱহাৰ কৰা হয়। তাৰবাহিৰে আজিকালি বানাৰসী টাইপ অফ জেকাৰ্ড মেচিন ১২০ হোকৰ জৰিয়তেও ফুল তোলা হয়। ইয়াৰ ব্যৱহাৰ শুৱালকুচিত বহুলভাবে কৰা হয়। ক’ব পাৰি এতিয়া এই টেকন’লজীটোৱে গোটেই অসমত ব্যৱহাৰ হয়। অৱশ্যে ইয়াত বাণীৰ ফুলটোহে বেছিকৈ কৰা হয়। দীঘৰ ফুলো তুলিব পাৰি কিন্তু কৰ্মাচিয়েলি নোতোলে।

এতিয়া আমি handloom অৰ কথালৈ আহোঁ। প্ৰথমেই মই এটা কথা জনাওঁ যে powerloom অত এদিনত এজন শিপিনীয়ে ৩০ ৰপৰা ৩৫ মিটাৰ উকা কাপোৰ বোৱাৰ বিপৰীতে কিন্তু handloom অত এজন শিপিনীয়ে এদিন বব পাৰে মাত্ৰ ৬ ৰপৰা ৮ গজ কাপোৰ। Powerloom অত পিক পাৰ ইঞ্চ যিমান মিহি হয় handloom অত ইমান মিহি নহয়। কাৰণ ক’ৰবাত খেও বেছি পৰিব কৰবাত খেও বেছি পৰিব। কাৰণ ইয়াত হাতৰ নিয়ন্ত্ৰণ থাকে। তাৰ লগতে weaving defect  ইয়াত বেছি থাকে, কাৰণ কিছুমান ভুল আমাৰ চকুত নপৰে। ধৰা সূতা এডাল ছিঙিল বৈ থকা গৰাকীয়ে গম নাপালে। যাৰবাবে ছিঙা সূতাৰে এক দুই ইঞ্চি কাপোৰ বোৱা হৈ যাব পাৰে। তাতে defect ৰৈ যায়।

তেনেহ’লে Handloom কিহৰ বাবে ভাল!! আমি যদি চাওঁ তেনে দেখিম যে আমাৰ থলুৱা উৎপাদন হোৱা যিসমূহ পাট, মুগা সূতা আছে এইসমূহ powerloom অত ব’ব নোৱাৰি। কাৰণ powerloom অৰ বোৱনী খুব স্পীদত থাকে যাৰবাবে এনেকুৱা সূতা powerloom অত দিব পৰা নাযায়। কাৰণ powerloom অত সূতাৰ জোৰ কমি যায়। যাৰবাবে কোমল বা পাতল সূতা ব’বৰ বাবে ইয়াত অসুবিধা। powerloom অত পলিয়েষ্টাৰ বা চিন্থেটিক সূতাহে বোৱা হয় বেছিকৈ। handloom অৰ বাবে এৰী, পাট, মুগা, কপাহী আদি সূতা একদম উপযোগী। যিবোৰ powerloom অৰ বাবে ইমান উপযোগী নহয়। গতিকে handloom অৰ চাহিদা ইয়াতে যে এইসমূহতহে আমাৰ থলুৱা বস্ত্ৰ উদ্যোগৰ মূল সূতাৰ কাপোৰ ব’ব পাৰি। তাৰ লগতে এইসমূহৰ যি ফুল তোলা হয় সেই ফুলসমূহো handloom অত অতি আড়ম্বৰপূৰ্ণ ভাবে মন পছন্দ মতে তুলিব পাৰি। যিটো powerloom অত তুলিব নোৱাৰি। এইক্ষেত্ৰত আমি গামোচাৰ কথাও ক’ব পাৰো। কপাহী গামোচা এখন ব’ব লওঁতে আমাৰ সূতাবোৰৰ যি stress হয় সেই stress handloom অতহে ভালদৰে কৰিব পাৰি। powerloom অত কপাহী গামোচা ব’ব খুজিলে বহু সূতা নষ্ট হোৱাৰ ভয় থাকে।

সাহিত্য ডট অৰ্গ: গামোচাৰ ক্ষেত্ৰত সততে এটা বিতৰ্ক শুনা যায় powerloom অৰ গামোচা আৰু handloom অৰ গামোচা বিষয়ক। গামোচাখন যিহেতু আমাৰ স্বকীয় সম্পদ গতিকে তাঁতৰ শালত বোৱা গামোচাখনৰ প্ৰতি আমাৰ দায়িত্ব নিশ্চয় সুকীয়া হ’ব লাগে। লগতে শিপিনী এগৰাকীৰ কষ্টও তাত জড়িত হৈ থাকে। এই সন্দৰ্ভত আপুনি কি ক’ব?

ৰবীন খাটনিয়াৰ : আপুনি অতি গুৰুত্বপূৰ্ণ কথা উনুকিয়াইছে। গামোচা এখনে আমাৰ সংস্কৃতিক ধৰি ৰাখিছে। তাৰলগতে আৰু এটা কথা জড়িত হৈ আছে সেইটো হ’ল গামোচাখন ব’বৰ বাবে এচাম মানুহ নিয়োজিত হৈ আছে। যিয়ে তেওঁলোকক আৰ্থিক সকাহ প্ৰদান কৰিছে। লগতে তৃতীয় কথাটো হ’ল, Handloom অৰ কাপোৰৰ যি শুদ্ধতা সেইয়া বহুত ভাল। শুদ্ধতা মানে সূতাত শুদ্ধতা, কাপোৰৰ শুদ্ধতা। handloom অৰ যিসমূহ ফুল উঠোৱা হয় সেইসমূহতো বিবিধতা থাকে। একেদৰে কাপোৰত বা মেখেলা চাদৰত বিশেষকৈ যি বুটা বছা হয় সেই বুটা বছা কামটো handloom অত হে কৰিব পৰা যায়। আমাৰ অসমৰ যি থলুৱা বস্ত্ৰ আছে তথা বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ৰঙ বিৰঙৰ কাপোৰ পোৱা যায় এই সকলো handloom অতহে বোৱা হয়। গতিকে আমি আমাৰ সংস্কৃতিৰ প্ৰতিও শ্রদ্ধানত হৈ handloom অক অধিক প্ৰাধান্য দিয়াৰ প্ৰয়োজন।

সাহিত্য ডট অৰ্গ: হয় নিশ্চয়। এইখিনি কথা আমি জনাটো প্ৰয়োজন আছিল লগতে সজাগ হোৱাও প্ৰয়োজন। এতিয়া আমি জানিব বিচাৰিম যে, Powerloom য়ে আমাৰ থলুৱা বস্ত্ৰ উদ্যোগত প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ বৰ্হিৰাজ্যৰ বস্ত্ৰ উদ্যোগেও অসমৰ থলুৱা বস্ত্ৰ উদ্যোগত প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে। এইক্ষেত্ৰত আমাৰ কৰণীয় কি হ’ব পাৰে?

ৰবীন খাটনিয়াৰ: হয়, এইক্ষেত্ৰত মই পূৰ্বতে অলপ আভাস দিছিলোঁ। এইক্ষেত্ৰত আমি GI টেগৰ গুৰুত্বৰ কথা ক’ব পাৰো। GI টেগৰ সঠিক ব্যৱহাৰ যদি আমি কৰো তেনে কিছু সুফল পোৱা নিশ্চয় যাব। লগতে ৰাইজো সজাগ হ’ব লাগিব। ইয়াৰ বাবে অৱশ্যে জনজাগৰণৰ প্ৰয়োজন আছে। তাৰবাবে অসমৰ হস্ততাঁত বস্ত্ৰ উদ্যোগে নিশ্চয় কিবা কৰণীয় কাৰ্যসূচী হাতত লৈছে ইতিমধ্যে।

ইয়াৰ ভয় লগা দিশ কোনটো জানেনে! মুগা আমাৰ একচেটিয়া সম্পদ। ইয়াত ভেজাল হোৱা বা এইসমূহ বিকৃত কৰাটো কোনো এজন অসমীয়াই নিবিচাৰে। দুষ্ট ব্যৱসায় কিন্তু আৰম্ভ হয় ইয়াতে। টছৰ কথা ইয়াত উদাহৰণস্বৰূপে ল’ব পাৰি। টছৰ উৎপাদন হয় ঝাৰখণ্ড, বিহাৰ, মধ্যপ্ৰদেশ আদিত। তাৰ মানুহে জানে অসমৰ মানুহে কি পিন্ধে আৰু সেইমতে উৎপাদন কৰে। টছৰ ওপৰত কেমিকেল দি মূগা ৰঙ কৰে আৰু সেইমতে টছকে মুগা বুলি কৈ অসমৰ মানুহক বিক্ৰী কৰে। এই বিষয়বোৰ যদি আমি বন্ধ কৰিব নোৱাৰো তেনে ই আমাৰ বাবে ভয়ংকৰ কথা হৈ পৰিব। মই ক’ব খোজা কথাটো হ’ল টছৰ ব্যৱহাৰ মানুহে কৰক আপত্তি নাই। কিন্তু মুগা বুলি টছৰ ব্যৱহাৰ কৰাটো আমি মানি ল’ব নোৱাৰিম। টছে মুগাৰ ঠাই লৈ লোৱাৰ কথাটো গ্ৰহণযোগ্য নহয়। মই তথ্যভিত্তিক প্ৰমাণ নিদিওঁ যদিও শুনা কথা এটা কওঁ, অসমৰে কিছু ঠাইত কি কৰে দীঘটো মুগা দিয়ে আৰু বাণীৰ সূতাত টছ মিহলি কৰি দিয়ে। যাৰফলত দাম মূল মুগাৰ দামৰ তিনিভাগৰ এভাগ হৈ পৰে। কিন্তু বিক্ৰী কৰে শুদ্ধ মুগা কাপোৰৰ দামত। এনে কৰাৰ ফলত দুষ্ট চক্ৰই মুনাফা বেছি লাভ কৰে। গতিকে এইবিলাকৰ ৰোধ কৰিব লাগিব। ৰোধৰ বাবে GI টেগৰ কথা আহিব আৰু GI টেগ তেতিয়াহে কাৰ্যকৰী হ’ব যেতিয়া ৰাইজ সজাগ হ’ব।

সাহিত্য ডট অৰ্গ: ইয়াৰ লগতে আমি আৰু এটা কথা মন কৰিছোঁ থলুৱা বস্ত্ৰ উদ্যোগক আমি সন্মান কৰো ঠিকেই কিন্তু থলুৱা ভাৱে উৎপাদিত যি কাপোৰ তাৰ মূল্য বহুত বেছি। যাৰবাবে এচাম মানুহে ইয়াক ক্ৰয় কৰিব নোৱাৰে। যাৰ পৰিপ্ৰেক্ষিতত বৰ্হি ৰাজ্যৰ কাপোৰে বেছি সুবিধা পাইছে পোখা মেলিবৰ কাৰণে। কাৰণ তেনে কাপোৰৰ দাম যথেষ্ট কম।

ৰবীন খাটনিয়াৰ: হয় সেইটো। তাৰবাবে মই জনালোৱে যে কিদৰে powerloom অৰ গামোচাখনে কিদৰে আমাৰ বজাৰ দখল কৰিছে। ফাঁচী বজাৰক যদি আমি বাণিজ্যিক ক্ষেত্ৰ হিচাপে লওঁ তেনে দেখিম যে তালৈকে powerloom অৰ গামোচা প্ৰথম আহে। তেওঁলোকে সেইখিনি handloom অৰ লগত মিহলি কৰি বিক্ৰী কৰি আছে আৰু দামো Handoom অৰ দৰেই লৈ আছে। গতিকে ইয়াৰ বাবে ৰাইজ সজাগ হব লাগিব।

আৰু এটা কথা কওঁ, গামোছা বুলিলে আমি যি বুজোঁ সেইটো কিন্তু powerloom অৰ গামোচাত নাথাকে। কাৰণ তাৰ দীঘ আৰু বাণী দুয়োটাৰে সূতা কটনৰ নহয় যাৰবাবে পানী নুটোকে। powerloom অত শুদ্ধ কপাহী গামোচা বব পৰা নাযায়। গতিকে মানুহে গামোচা শব্দটোৱে যি সূচায় তাক লক্ষ্য কৰিও powerloom অৰ গামোচাক বাদ দিয়াৰ প্ৰয়োজন আছে। লগতে আৰু এটা কথা ৰাইজে বুজিব লাগিব যে handloom অৰ গামোচাখন কিনোতে দুটকা বেছি গ’লেও সেইয়া আমাৰে কোনোবা বাই-ভনীয়েই পাইছে। চৰকাৰেও অৱশ্যে powerloom অৰ গামোচাৰ বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত লাহে লাহে ব্যৱস্থা লোৱা আৰম্ভ কৰিছে। এইসমূহ শলাগ ল’বলগীয়া পদক্ষেপ। লগতে চৰকাৰক অনুৰোধ যদি বৰ্হিৰাজ্যৰ গামোচা বা powerloom অৰ গামোচা একেবাৰে বন্ধ কৰাৰ যদি কিবা ব্যৱস্থা আছে তেন্তে তেনে ব্যৱস্থা ল’লে সকলোৰে ভাল হয়। লগতে কাপোৰৰ বিশুদ্ধতা চোৱাৰো প্ৰয়োজন আছে। এই বিষয়ত কবলগীয়া বহু কথা আছে, কৈ থাকে পুনৰ এটা দিন বহিব লাগিব। তথাপিও জনাওঁ যে আমাৰ handloom and Textil institution অত থলুৱা কাপোৰৰ শুদ্ধতা জোখৰ সুবিধা আছে কোনো আগ্ৰহী লোকে সেই সুবিধা ল’ব পাৰে।

সাহিত্য ডট অৰ্গ: আপোনাৰ পৰা আমি ইতিমধ্যে অসমৰ বস্ত্ৰ উদ্যোগৰ বিষয়ত বহু কথাই জানিলো। আহি আহি আমাৰ সাক্ষাৎকাৰৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ। আমাৰ শেষৰ প্ৰশ্নটো হ’ল, আপুনি যিহেতু Assam Textile Institution অৰ লগত জড়িত গতিকে আমাৰ নব প্ৰজন্ম যদি এই দিশৰ প্ৰতি আকৰ্ষিত হয় বা এই ক্ষেত্ৰখনত নিয়োজিত হ’ব বিচাৰে, কেৰিয়াৰ গঢ়িব বিচাৰে তেতিয়া হ’লে তেওঁলোক কেনেধৰণেৰে আগবাঢ়িব লাগিব?

ৰবীন.খাটনিয়াৰ: হয়, হয় এইটো আপুনি এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। এই প্ৰশ্নটো এতিয়াৰ প্ৰেক্ষাপটত খুবেই দৰকাৰী। এতিয়াৰ নতুন প্ৰজন্মৰ বহুতেই একোটা চৰকাৰী চাকৰিৰ পিছত দৌৰি আছে। চৰকাৰী চাকৰিক সমাজেও প্ৰাধান্য দিয়া যেন হয়। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এটা কথা মন কৰিছিলোঁ যে আমাৰ চৌপাশৰ প্ৰায় সকলো মহিলাই কাপোৰ বব জানিছিল। কিন্তু বৰ্তমান সেইটো পৰিবেশ নাইকিয়া হ’ল বুলিলেও ভুল কৰা নহ’ব। কিন্তু তাৰ অৰ্থ এনেকুৱা নহয় যে এই বিষয়ত ল’ৰা ছোৱালীসকলৰ interest নাই। এটা কথা মন কৰো যে আমাৰ বহু ল’ৰা ছোৱালী অসমৰ বাহিৰৰ সৰু সৰু কোম্পানী বা কম্প’জিত মীল কিছুমানত নিয়োজিত হৈ আছে। তাৰ বিপৰীতে অসমতো কিন্তু বৰ্তমান এই বিষয়ত আগ্ৰহী ছাত্ৰ ছাত্ৰী লাহে লাহে বাঢ়িছে। আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ যিটো আছে জালুকবাৰীৰপৰা খানাপাৰালৈ, এই বাটটোৰ কাষতো বহুকেইটা সৰু সৰু textile industry নতুনকৈ গঢ় লৈছে। ইয়াতো বহুকেইজন আমাৰ ল’ৰা ছোৱালী নিয়োজিত হৈ আছে। কৈ ভাল পাম যে, আমাৰ বহুকেইজন ছাত্ৰয়ো নিজাকৈ এই ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে। তেওঁলোকে নিজাকৈ শাল পাতিছে। তাত পাট-মুগা, এৰী, গামোচা আদিৰ কাপোৰ বৈ ব্যৱসায় আৰম্ভ কৰিছে আৰু সফল হৈছে। মই ক’ব খোজো যে, textile অৰ qualification থাকক বা নাথাকক, এই বিষয়ত আগ্ৰহী যিকোনো এজন ল’ৰা বা ছোৱালীয়ে যদি এই ধৰণৰ  কাম বা ব্যৱসায় হাতত ল’ব খোজে, তেনে আমি দিহা পৰামৰ্শ দিব পাৰিম। Assam textile institution অলৈ আহিলেও যিখিনি কথা জানিব খোজে ক’ব পাৰিম বা Habdlooom and Textile অলৈ গলেও বহু কথা জানিব পাৰিব। আমবাৰীত থকা start up অৰ লগতো কথা হ’লে, তেওঁলোকেও textile অৰ পৰামৰ্শ আগবঢ়াব। Handloom অৰ ব্যৱসায় অতি কম পইচা বা মূলধনতে কৰিব পাৰি। ইয়াত invest money একদম কম। কোনোবাই যদি সৰু কোঠা এটাত তিনিখন শাল পাতি লয়, তেতিয়া খুব বেছি দুই লাখ টকা খৰচ হ’ব। যদি দুই লাখ টকা খটুৱাই তিনিখন শাল পাতি এটা ব্যৱসায় আৰম্ভ কৰে তেন্তে সেই ব্যৱসায়ত মুঠ পাঁচজন মানুহক সংস্থাপিত কৰিব পাৰিব লগতে নিজৰো বহুখিনি লাভ হ’ব। নিজে লাভ হোৱাৰ লগতে যেতিয়া আমি অন্য দুই চাৰিজনক সংস্থাপন দিব পাৰিম তেতিয়া বেছি উৎসাহ পোৱা যাব। একেদৰে দাইন চেক্টৰতো পাৰি। কোনোবাই ধৰক প্ৰিন্টিং কৰিব খোজে, তেনেহ’লে তেনেকুৱা ইউনিত খুলি ল’ব পাৰে। তাৰপিছত থান কাপোৰ কিনি নি তাত প্ৰিন্টিং কৰিও কাম আগবঢ়াব পাৰি। একেদৰে থান কাপোৰ কিনি যদি আমি বজাৰখন অলপ পর্যবেক্ষন কৰো কেনেধৰণৰ ষ্টাইল বা ডিজাইন চলি আছে ফুলৰ আৰু সেইমতে এমব্ৰ’ইডৰী কৰি বিক্ৰীৰ ব্যৱস্থা কৰো বা ৰঙৰ ব্যৱহাৰত যদি গুৰুত্ব দিওঁ তেনে তাক আমি value edition হিচাপে বিক্ৰী কৰিব পাৰো লগতে মূল্য সংযোজনো কৰিব পাৰোঁ। মই নিজে টেক্সটাইলত কামত কৰোঁ। আমাৰ অনুষ্ঠানটিৰ যিগৰাকী অধ্যক্ষ আছিল তেওঁ বৰ্তমান অৱসৰ ল’লে তেখেতৰ আগ্ৰহত আমি এবাৰ পাঁচযোৰ কাপোৰ ব’লো অনুষ্ঠানতে। আমি শুদ্ধ মুগাৰ সূতা কিনিলোঁ, এগৰাকী শিপিনী ৰাখিলোঁ, ফুল নিৰ্বাচন কৰিলোঁ, সহযোগৰ বাবে মেচিন আছিল। কাপোৰকেইযোৰ তৈয়াৰ কৰোতে আমাৰ এযোৰ কাপোৰত খৰছ পৰিছিল প্ৰায়  ১৭০০০ টকা। বজাৰত এই কেইযোৰ কাপোৰৰ মূল্য হৈছিল ৩৫০০০ ৰপৰা ৪০০০০ টকা। গতিকে ইয়াৰপৰাই বুজা যায় যে হস্ততাঁতৰ যি ব্যৱসায় তাত কষ্ট হয় যদিও লাভো বহু পৰিমাণৰ হয়। এনেধৰণৰ বহু কথা আজিৰ প্ৰজন্মই নাজানে। যদি তেওঁলোক আগবাঢ়ি আহে তেনে আমি নিশ্চয় সহায় কৰিম। মই নাম নকওঁ কিন্তু জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰে ছাত্ৰ ছাত্ৰী যি এই দিশত আগবাঢ়ি বহু পৰিমাণে সফল হোৱা আমি দেখিছোঁ। স্বচ্ছন্দ্যৰ জীৱন যাপন কৰি থকা দেখিছোঁ। আমি সুখী হৈছোঁ। ক’ব খোজো যে উঠি অহা ল’ৰা ছোৱালীখিনিয়ে চৰকাৰী চাকৰি পালে বাৰু ভালেই কিন্তু নাপালেও হতাশ নহৈ বা চৰকাৰী চাকৰিৰ পিছত নদৌৰি এনে দিশ কিছুমানত ব্যৱসায়িকভাবে আগবাঢ়িব পাৰে লগতে সফলো হ’ব পাৰে।

সাহিত্য ডট অৰ্গ: হয় আপোনাৰ লগত আমি প্ৰায় ডেৰ ঘণ্টা সময় ধৰি অসমৰ বয়ন শিল্প আৰু বৰ্তমান সময়ত বয়নশিল্পৰ স্থিতি বিষয়ত বহুখিনি কথাই পাতিলোঁ। বহু জনা, বহু নজনা তথা বহু খোকোজা থকা কথাৰ আপুনি আঁত লগালে। অনুষ্ঠানটিৰ শেষত আপোনালৈ আমাৰ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি আপোনাৰ বহুখিনি সময় আমাক দিলে। আমি আশা কৰোঁ, আমাৰ পাঠক, শ্ৰোতাসকল এই সাক্ষাৎকাৰটিৰপৰা উপকৃত হ’ব।

ৰবীন খাটনিয়াৰ: ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক যি ভাবি এই সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰিলে মই তাৰ যোগ্য হয় নে নহয় নাজানো। তথাপিও নিজৰ সীমিত জ্ঞান, ধাৰণাৰে যিখিনি কথা ক’লো তাত যদি কিবা ভুল ভ্ৰান্তি আছে আশা কৰো পাঠক ৰাইজে ক্ষমা কৰি দিব। সদৌ শেষত আপোনালোক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইখিনি কথা ৰাইজক জনাবলৈ পাই মই সুখী হৈছোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!