সম্পাদকীয়: গায়ত্ৰী খাৰঘৰীয়া

লেখক- গায়ত্ৰী খাৰঘৰীয়া

শিপিনীয়ে তাঁতৰ শালত সৰগ ৰচা অসমৰ বস্ত্ৰশিল্প বহু প্ৰাচীন। বস্ত্ৰ লগতে ৰেচম শিল্পৰ ক্ষেত্ৰতো অসমৰ সমাজ জীৱন অতি চহকী । অসমৰ গাঁৱে ভূঞে এটা সময়ত পলু পোহাটো আছিল এক পৰম্পৰা। চোম গছৰ বাৰী বা চোমনিৰ সংস্কৃতি আমিয়েই সৰুতে দেখিছিলোঁ। এৰী পলু, পাট পলু, মুগা পলুৰে সমৃদ্ধ অসমৰ থলুৱা বস্ত্ৰশিল্প। পলু পোহা লোকসকলে গীত জুৰিছিল এনেদৰে:

“আইচ চকৰা আইচ
                চকৰী আছে সোণৰ সঁজাত
                 চকৰা আছে বাহিৰত
                আইচ চকৰা আইচ।”

বিভিন্ন সূতা প্ৰস্তুতৰ বাবে পোহা পলুৰ বাবে কেছেৰু, এৰা গছ, চোম, মেজাঙ্কৰী, নুনী, কোটকৰা, পাতিসোন্দা আদি গছ ৰোপন কৰিছিল। পাট পলুৰ বাবে নুনী গছৰ পাত, এৰী পলু, মুগা পলুৰ বাবে চোম, মেজাঙ্কৰী, শেঙালু, আদি গছৰ পাত খাদ্য হিচাপে ব্যৱহাৰ হৈছিল। চোমপতীয়া মুগা পলুক মেজাঙ্কৰী গছৰ পাত খুৱাই মেজাঙ্কৰী মুগা প্ৰস্তুত কৰাৰ কথাও এটা প্ৰজন্মলৈকে পৰম্পৰাগত ভাবে চলি আহিছিল।

পিছে কথাবোৰ এতিয়াও একে আছেনে? অসমৰ থলুৱা বস্ত্ৰ অথবা ইয়াৰ আঁৰত থকা পাট পলু, এৰি পলু আদিৰ বিষয়ে কতজনে জানে? গাৱঁৰ কিমানখন মানুহ পলু পোহাৰ কামত নিয়োজিত হৈ আছে ? চৰকাৰী অথবা বেচৰকাৰী ভাবে এনেবোৰ থলুৱা উদ্যোগ সংৰক্ষণ অথবা প্ৰসাৰণৰ বাবে কেনেধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে? একেদৰে ‘ ছাঁতে শুকুৱা, মুঠিতে লুকোৱা’ কাপোৰ বৈ উলিয়াব পৰা অসমীয়াৰ তাঁতশালখনৰো আদৰ কমিল। আজি দুটামান দশকৰ আগলৈ অসমৰ ঘৰ এখনৰ জেউতি বঢ়াইছিল তাঁতশালখনে। চেনাইক চেনেহ যচাৰ বাবে অসমীয়া গাভৰুৱে উপহাৰ হিচাপে যাচিছিল বিহুৱান। ৰাতিৰ ৰাতিটো টোপনি ক্ষতি কৰি সূতা কাটি, ফুলি তুলি বৈ উলিওৱা গামোচাখন অসমীয়াৰ স্বাভিমান। তাঁতশালখন আছিল বিহুনামৰো উৎস।

        ৰাতি দুপৰলৈ          কাটি সুতলাহী
                   ধনলৈ বিহুৱান বলোঁ,
        ৰঙাকৈ আঁচুৰে       বাছি পাণেকটা
                    টিপতে লুকুৱাই থ’লো।

অসমীয়া সমাজত তাঁত বব নজনা ছোৱালীক অকাজী বা থুপৰী আখ্যা দি কপাহৰ জুনা ৰচনা কৰা হৈছিল এইদৰে,

             অকাজীয়ে  দুগালে দুচৰ খাই।
          ছপোৱা আনিলে পিজলী কপাহ তাই।।
          কপাহ আনি ধোঁৱাচাঙত তুলি থ’লে।
          গা বিষাইছে বুলি ছমাহলৈ শুলে।।
          ছমাহৰ মূৰত মেলি তৰি চাই।
          বাৰেবুৰি শলীয়া কপাহত পায়।।
          এনুৱা কাজী মোৰ সংসাৰত নাই।
          ছপোৱা কপাহ কৰে ঠাই ঠাই।।

তাঁতৰ শালখনৰ লগত অসমীয়া সমাজৰ পৰম্পৰা-বিশ্বাসো জড়িত হৈ আছে। খুবেই সন্মানেৰে ৰখা তাঁতৰ শালখন স্থাপন কৰাৰ ক্ষেত্ৰতো দিন-বাৰ চাই লোৱা হয়। মংগলবাৰ বা শনিবাৰে শাল স্থাপন নকৰে লগতে আগবেলাই শাল পাতিব পাৰিলে ভাল বুলি ভবা হয়। জনগোষ্ঠীয় সমাজত শাল পতাৰ দিনা ‘বিহকৰমী’ দেৱতালৈ তামোল-পাণ আৰু অৰিহণা আগবঢ়োৱা হয়। লগতে বৈ থাকোঁতে যদি তাঁতৰ শালখনে কিবা আহুকাল দিয়ে তেতিয়া ‘বিহকৰমী’ দেৱতালৈ পূজাও দিয়া হয়। শালখন পাতি থাকোঁতে মেকুৰী, কুকুৰ আদি পাৰ হ’লে অশুভ বুলি মনা হয়। কেঁচুৱা জন্ম হ’লে তাঁতৰ ৰাঁচ, চিৰি আদি ঘৰৰ দুৱাৰমুখত ৰখা হয় অশুভ শক্তিক ৰোধ কৰিবৰ বাবে। লগতে ঘৰখনৰ কোনো মানুহ ঢুকালে বা জন্ম হ’লে ঘৰখনৰ লগতে শালখনৰো চুৱা খেদাৰ নিয়ম আছে। অসমীয়া সমাজ জীৱনৰ এক সুকীয়া স্থান দখল কৰি থকা তাঁতশালখনৰ চৰ্চা কিন্তু দিনক দিনে কমি অহাহে পৰিলক্ষিত হৈছে।

ব্যাণিজ্যকৰণ অথবা তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবেই হওক বহুক্ষেত্ৰত তাতশালখনো যেন অনাদৃত হৈ পৰিল। যিখন সমাজত অন্য সকলো কাম জনা কিন্তু তাঁত বব নজনা মহিলাক কৰ্কথনা কৰা হৈছিল, সেইখন সমাজত বৰ্তমান তাঁতশাল হৈ পৰিছে কেৱল স্বাৱলম্বীতাৰ এক পথ। তাৰলগতে বৰ্তমান সময়ত এক শ্ৰেণীৰ লোকেহে তাঁত বব জানে, তাঁতশালৰ বিবিধ অংশক চিনি পায়। লোকসাহিত্যই সামৰি ৰখা এই কথাবোৰ এসময়ত সকলোৰে বাবে সাধুকথাৰ থুনপাক হে যে হৈ ৰ’ব সি নিশ্চিত।
      
আধুনিক সময় তথা তথ্য প্ৰযুক্তিয়ে সমাজ জীৱনৰ সকলো দিশলৈ নতুনত্ব অনাৰ দৰে অসমৰ বস্ত্ৰশিল্প দিশটোতো কেতবোৰ নতুনত্বৰ সূচনা কৰিলে। অসমৰ বস্ত্ৰশিল্প বৰ্তমান সময়ত বস্ত্ৰ উদ্যোগলৈ ৰূপান্তৰিত হৈছে। হস্ততাঁতশাল আধুনিক তথ্য প্ৰযুক্তিৰ সুবাদত যন্ত্ৰ চালিত তাঁতশাললৈ ৰূপান্তৰিত হৈছে। থুপৰী, অকাজী মহিলাৰে সমাজখন ‘ভৰি উঠিলে’ ও যন্ত্ৰই অসমৰ বস্ত্ৰ উদ্যোগটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। সময়ৰ ধামখুমীয়াত অসমীয়া ঘৰ এখনক শুৱনি কৰি তোলা তাঁতশালখন লাহে লাহে নাইকিয়া হ’বলৈ ধৰিলে। তাঁতশালৰ বিভিন্ন অংশসমূহ উঠি অহা প্ৰজন্মৰ বাবে অচিনাকি হৈ পৰিল। বস্ত্ৰই কেৱল লজ্জা নিবাৰণ নকৰে, বস্ত্ৰই সামৰি ৰাখে এখন সমাজৰ লোক কৃষ্টিক।  যাৰ পৰিপ্ৰেক্ষিতত বস্ত্ৰ উৎপাদনৰ কথাও ইয়াৰ লগত জড়িত হৈ থাকে। গাঁৱৰ ঘৰত তাঁতশালৰ খিতিক খিতিক শব্দ বৰ্তমান লাহে লাহে তল পৰিলেও অসমৰ বস্ত্ৰ উদ্যোগে কিন্তু বহল পৰিসৰত নিজৰ অৱস্থিতি ঘোষণাও কৰিছে। ইয়াৰ লগতে অসমৰ বস্ত্ৰশিল্প লাহে লাহে বাণিজ্যিকীকৰণৰ দিশলৈ যোৱাৰ সুবাদত সৃষ্টি হোৱা কৰ্ম সংস্থাপনকো আমি নুই কৰিব নোৱাৰোঁ। কেৱল অসমতে উৎপাদিত হোৱা তথা অসমৰ স্বাভিমান মুগা সূতা আৰু গামোচাই GI টেগ লাভ কৰা কথাই সূচায় যে অসমৰ বস্ত্ৰশিল্প তথা বয়নশিল্পই ৰাষ্ট্ৰীয়, আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃতি পাবলৈ সক্ষম হৈছে।

অসমৰ স্বাভিমান মুগা সূতা আৰু গামোচাই GI টেগ পোৱাৰ শুভ ক্ষণতো বৰ্হিৰাজ্যৰ কাপোৰৰ প্ৰাদুৰ্ভাৱ আমাৰ বস্ত্ৰ উদ্যোগত পৰা দেখি আমি উদ্বিগ্ন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যন্ত্ৰচালিত তাঁতশালৰ নামত থলুৱা উৎপাদিত কাপোৰ লগতে বিবিধ সূতালৈ আহি পৰিছে প্ৰত্যাহ্বান।

যন্ত্ৰ চালিত তাঁতশালে আমাক যিমান সহজ পথ এটা দিলেও হস্ততাঁতশালখনত উৎপাদিত থলুৱা বস্ত্ৰক আমি আঁতৰাই দিব নোৱাৰোঁ। আমাৰ চিনাকী, আমাৰ স্বাভিমান বুলিয়ে তাঁতশালখনক জীয়াই ৰখাটো আমাৰ কৰ্তব্য।  লগতে উঠি অহা প্ৰজন্ময়ো এনে বিষয়তে নিজকে আত্ম নিয়োগ কৰাৰ পথ বিচাৰি ল’ব নিশ্চয় পাৰিব।  এনে বিষয়ৰ ইতিবাচক চৰ্চা তথা স্ব নিয়োজন বিষয়ক আলাপৰ প্ৰয়োজন আছে। আত্মসংস্থাপন বিষয়ক আলোচনাত এনে বিষয়ে গুৰুত্ব পালে বহু যুৱক যুৱতীয়ে সফলতাৰ মুখ দেখিব বুলি ভাবো। এনে বিষয়ৰ ন ন আলোচনাৰ থল নিশ্চয় আছে। পলু খেতি, তাঁতশালৰ ব্যৱহাৰ আদিৰ বিষয়ে এক ফলপ্ৰসু আলোচনাই অসমৰ বস্ত্ৰশিল্পৰ উন্নতি সাধন কৰাৰ উপৰিও অসমৰ লোক-সংস্কৃতি তথা অসমৰ পৰ্যটনৰো অৱশ্যেই বিকাশ সাধন কৰিব।

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
জিজ্ঞাস প্রতিম দত্ত
9 months ago

,, নমস্কাৰ বাইদেউ । মই একাদশ শ্ৰেণীৰ এজন ছাত্ৰ। ময়ো কিছু কবিতা আৰু গল্প এই ৱেবচাইটত আপলোড কৰিব বিচাৰিছোঁ । আপোনালোকে লিখনি সমূহ কিদৰে গ্ৰহণ কৰে কৃপা কৰি জনাব। ধন্যবাদ।

গায়ত্ৰী খাৰঘৰীয়া
9 months ago

নমস্কাৰ জিজ্ঞাস। লিখা মেলা কৰি থাকা । তোমাৰ লেখা অকবৰ ৱালত পোষ্ট কৰিবা। প্ৰতি মাহে সাহিত্য ডট অৰ্গ ওলায়। সম্পাদনা সমিতিয়ে লেখাৰ মান চাই অকবৰ ৱালৰ পৰা লেখাসমূহ সংগ্ৰহ কৰে। তোমাৰ লেখাসমূহৰ মান যদি তেওঁলোকে বিচৰাৰ দৰে হয় তেনে নিশ্চয় নিৰ্বাচিত হ’ব। তুমি অকবৰ ৱালতে তুমি লিখা লেখাসমূহ দি থাকিবাচোন দেই।

Don`t copy text!