বৰেণ্য নাৰী সিন্ধুতাই চাপকাল
লেখক- দেৱিকা বৰপুজাৰী
সিন্ধুতাই চাপকাল নামটো শুনিলেই মনলৈ আহে, মুম্বাইত My Home India-ই আয়োজন কৰা সভাত এগৰাকী অতি সাধাৰণ বেশ-ভূষাৰ মহিলাৰ সুমধুৰ আৰু হাস্য ৰসেৰে ভৰা ভাষণ। সঁচায়ে মোৰ সৌভাগ্য যে সেই সভাত মই উপস্থিত থাকিব পাৰিছিলোঁ। ফুলেৰে সজ্জিত মঞ্চত, মুখত এমোকোৰা হাঁহিৰে সিন্ধুতাই; শৰীৰত মহাৰাষ্ট্ৰীয়ান কপাহী শাৰী, কতো গহনা নাই, কপালত মাথোঁ এটা ডাঙৰ ফোট।
মই পিছে সেই সভাৰ বিৱৰণ দিব খোজা নাই, মই লিখিব খুজিছোঁ, ২০১১ চনত Indian Merchant Chamber-ৰ সভাগৃহত সেই বছৰ ‘বছৰৰ মহিলা’ (Woman of the Year)-ৰ পুৰস্কাৰ ল’বলৈ পুনেৰপৰা অহা সিন্ধুতাইৰ কথাহে। পুৰস্কাৰ গ্ৰহণ কৰি, সকলোকে ধন্যবাদ জনাই সিন্ধুতায়ে কৈছিল “জীৱনটোৱেই এটা পুৰস্কাৰ।”
ৱাৰ্দ্ধাৰ খেতিয়কৰ জীয়ৰী ২৪ বছৰীয়া সিন্ধুতাই গৰ্ভৱতী অৱস্থাত স্বামীৰ দ্বাৰা পৰিত্যক্ত হ’বলগীয়া হৈছিল কিন্তু তেখেতে হাৰ মনা নাছিল। দৰিদ্ৰতা নেওচি, চাৰিখন অনাথ আশ্ৰমৰ এহেজাৰ অনাথ সন্তানৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ তেখেত উঠি পৰি লাগিছিল। অনাথ আশ্ৰমৰ হকে কাম কৰি থকা সময়তে সিন্ধুতায়ে নিজৰ জীয়েককো অনাথ আশ্ৰমত ভৰ্তি কৰি দিলে যাতে আনবোৰ অনাথ সন্তানৰ প্ৰতি তেখেতৰ স্নেহ আৰু আপদাল কমি নাযায়। অসুস্থ স্বামীক ক্ষমা কৰি সিন্ধুতায়ে শুশ্ৰূষা কৰিলে আৰু নিজৰ জীয়ৰীক লগ পালে প্ৰায় কুৰি বছৰৰ পিছত। সিন্ধুতাইৰ এই অনন্য যাত্ৰাৰ বাবেই তেখেত যলৈকে যায় তাতেই জনপ্ৰিয় হৈ পৰে। IMC-ৰ অনুষ্ঠানত মুম্বাইৰ নামী মহিলা উদ্যোগপতি আৰু সমাজৰ আগশাৰীৰ সুসজ্জিতা নাৰীসকলৰ সিন্ধুতাইৰ পদধূলা ল’বলৈ সেইদিনা হেতা-উপৰা লাগিছিল।
গাইগৰু ৰখীয়াৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা সিন্ধুতায়ে সৰুতে গৰু ৰখীয়াৰ কাম কৰিহে স্কুললৈ ঢাপলি মেলিব পাৰিছিল। ন বছৰ বয়সতে প্ৰায় ত্ৰিশ বছৰীয়া মানুহ এজনৰ লগত বিয়া দিয়া সিন্ধুতায়ে স্বামীয়ে কৰা শাৰীৰিক নিৰ্যাতনো সহিবলগীয়া হৈছিল কাৰণ বাতৰি পঢ়িবলৈ আগ্ৰহী সিন্ধুতায়ে একো নাপালে, বজাৰৰপৰা টোপোলা বান্ধি অনা খবৰ কাগজৰ টুকুৰাকে পঢ়িছিল, কেতিয়াবা স্বামীয়ে দেখাৰ ভয়ত কাগজৰ টুকুৰাবোৰ মুখৰ ভিতৰতো ভৰাই থৈছিল। “মোৰ স্বামীয়ে ভাবিছিল পঢ়িলে মই তেওঁতকৈ এখোপ আগ বাঢ়ি যাম, কিন্তু মই মাথোঁ যিহকে পাওঁ পঢ়িবহে খুজিছিলো।” বুলি তেখেতে কয়।
চৰকাৰে বিশেষ সহায় নকৰা সিন্ধুতাইৰ অনাথ আশ্ৰম প্ৰধানকৈ দান-বৰঙণিৰ ভিত্তিতে চলে। সেয়েহে কোনো সভালৈ যেতিয়া তেখেতক ভাষণ দিবলৈ মতা হয় তেখেতে প্ৰথমেই কৈ লয় “ৰেশ্যন নহ’লে ভাষণো নহয়”..
স্বামী পৰিত্যক্তা হোৱাৰ পাছত সিন্ধুতায়ে গোহালী ঘৰত ছোৱালী এজনী জন্ম দিয়ে। মাক-জীয়েকৰ ভৰণ-পোষণৰ কাৰণে তেখেতে মুম্বাইৰ লোকেল ট্ৰেইনত গীত গাই ভিক্ষা মাগিবলগীয়া হৈছিল। তেখেতে তিনিবাৰকৈ আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল বুলি কয় যদিও তেখেতৰ ভাষাত “কিবা এক বিশেষ কাম কৰিবৰ বাবেহে প্ৰতিবাৰেই মৃত্যুক সাৱতিবলৈ মই অপাৰগ হৈছিলোঁ।” কন্যা শিশুটিক লৈ ঘূৰি ফুৰোঁতে তেখেতে ৰেলৱে প্লেটফৰ্মত অনেক গৃহহীন ল’ৰা-ছোৱালী দেখিছিল। ভিক্ষা কৰি যি পাইছিল, তেখেতে সিহঁতৰ মাজত ভগাই দিছিল। ছমহীয়া শিশু কন্যাক পুনেৰ অনাথ আশ্ৰমত থৈ সিন্ধুতায়ে মুকলি মনেৰে, দেহে-কেহে শ্ৰম কৰি গীত গাই, ভিক্ষা মাগি, নানাজনে দিয়া দান-দক্ষিণা আৰু অগ্নিগৰ্ভা ভাষণেৰে উপাৰ্জন কৰা ধনেৰে পথতে জীৱন নিৰ্বাহ কৰা বহুত ল’ৰা-ছোৱালীক ডাঙৰ কৰিছে।
১৯৮৬ চনত সিন্ধুতাইৰ প্ৰথম অনাথ আশ্ৰম অমৰাৱতীত পঞ্জীভূত হ’ল। তেখেতৰ এই আশাশুধীয়া কামৰ বিষয়ে শুনিবলৈ পাই, নানা ঠাইৰপৰা দান আহিবলৈ ধৰিলে। ল’ৰা-ছোৱালীবোৰক স্কুল আনকি কিছুমানক কলেজীয়া শিক্ষা দিয়াৰ উপৰি তেখেতে বহুতৰে বিয়াও পাতি দিছিল। এবাৰ কোনোৱে সিন্ধুতাইক খবৰ দিলে যে তেখেতৰ বৃদ্ধ স্বামী গুৰুতৰ ৰোগত আক্ৰান্ত। ‘তেওঁ বৃদ্ধ, চোৱা-চিতা কৰিবলৈ কোনো নাই, গতিকে মই সহায় কৰিবই লাগিব। মই তেওঁক ক’লোঁ, ‘মই এতিয়া তোমাৰ পত্নী নহয়, কিন্তু এক অনাথ শিশুক প্ৰতিপালন কৰাৰ দৰে মই তোমাক চাম, এগৰাকী মাতৃ হিচাপে’।’ কেনেকৈ ক্ষমা কৰিছে বুলি কৰা প্ৰশ্নত স্মিত হাঁহিৰে সিন্ধুতায়ে কয় —‘তেওঁ মোক পৰিত্যাগ কৰাৰ বাবেই মই আজি এই মহান কাম কৰিব পাৰিছোঁ।’ কিন্তু এই মহান কাম কৰি থকাৰ মাজতো সিন্ধুতাইৰ মাতৃ মনে হাহাকাৰ কৰি উঠে নিজৰ জীয়েকৰ মমতাৰ কথা সুঁৱৰি। “মই তাইক অনাথ আশ্ৰমত থোৱাৰ বাবে তাই নিশ্চয় মোক ঘৃণা কৰে। কিন্তু এতিয়া তায়ো বুজি পালে মই কি কাৰণে তাইক আশ্ৰমত থ’বলগীয়া হৈছিল।”
সমাজ সেৱাৰ স্নাতক মমতা সিন্ধুতাইৰ আশ্ৰমৰ মুখ্য প্ৰশাসনীয় বিষয়া। মমতাই স্বীকাৰ কৰে তেওঁৰ শৈশৱ আনতকৈ বেলেগ “যদিও মাৰ অভাৱ বিশেষ অনুভৱ নকৰিছিলোঁ, তথাপি আন ল’ৰা-ছোৱালীৰ লগত মাক-বাপকবোৰ দেখিলে মোৰো বুকুৰ কোনোবাখিনিত বৰকৈ বিষ হৈছিল।” পাছলৈ মাক-জীয়েক একেলগে পুনেৰ তেওঁলোকৰে এটা কেন্দ্ৰত থাকিবলৈ ল’লে।
২০১০ চনত, মাৰাঠী সাহিত্য পৰিষদৰ সভাত সিন্ধুতাইক ভাষণ দিবলৈ আমেৰিকাৰ Sanfranciscoলৈ আমন্ত্ৰণ কৰিছিল। এই বিষয়ে বাতৰি কাকতত পঢ়িবলৈ পাই কথাছবি নিৰ্মাতা অনন্ত মহাদেৱনে স্থিৰ কৰিলে সিন্ধুতাইৰ জীৱনী লৈ এখন ছবি নিৰ্মাণ কৰিব। মহাদেৱনৰ ভাষাত- “মই বাতৰিৰ শিৰোনামত পঢ়িবলৈ পাইছিলোঁ- ‘মোৰ ১৫৭টা জোঁৱাই আছে’ আৰু তেতিয়াই তেওঁ সিন্ধুতাইক লগ কৰি, ছবি নিৰ্মাণৰ বিষয়ে বিবৰি কয় আৰু তাৰেই ফলস্বৰূপে এখন সুন্দৰ মাৰাঠী কথাছবি নিৰ্মাণ হ’ল ‘মী সিন্ধুতাই চাপকাল’(I’m Sindhutai Sapkal)…এই ছবিখন বহু আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত দেখুওৱা হৈছিল আৰু এই ছবিৰ জৰিয়তে অধিক সংখ্যক লোক সিন্ধুতাইৰ কামত সহায় কৰিবলৈ আগবাঢ়ি আহিল।
মুখত প্ৰসন্নতাৰ হাঁহিৰ মানুহগৰাকী সেইদিনা দাদৰৰ My Home India অনুষ্ঠানতো একে ধৰণেৰেই শোভা বৰ্ধন কৰিছিল- তেখেতৰ তেজস্বী অথচ সৰল ভাষণৰ জৰিয়তে। মঞ্চলৈ কেইবাটাও ডেকা ল’ৰা উঠি আহিছিল, যি সিন্ধুতাইৰ সহায়ত ডাক্তৰ, চাৰ্টাৰদ একাউনটেণ্ট উকীল আৰু এডভাৰটাইজিং প্ৰফেশ্যনেল হিচাপে মূৰ দাঙি থিয় দিব পাৰিছে। লগতে মঞ্চলৈ আহিছিল কেইবাযোৰো পতি-পত্নী, যাৰ বিয়া সিন্ধুতায়ে পাতিছিল। অসংখ্য বিয়া পাতিছিল বাবেই তেখেতে গৰ্বেৰে ক’ব পাৰিছিল, “মোৰ ১৫৭টা জোঁৱাই আছে” বুলি। ২০২১ চনত সিন্ধুতাইক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মান জনাইছিল।
সকলোৱে ভাবিছিল, অনাথৰ মাতৃগৰাকীৰ যাত্ৰা কেতিয়াও শেষ নহ’ব, ‘তেখেতক মাতা, তেখেত আহিব’….কিন্তু সকলোৰে এই ধাৰণা মিছা প্ৰমাণিত হ’ল। ২০২২ৰ চাৰি জানুৱাৰীৰ দিনা এই মহীয়সী নাৰীগৰাকীৰ পুনেত মৃত্যু হয়। চল্লিছ বছৰ ধৰি, একেৰাহে প্ৰায় এহেজাৰজনক আশ্ৰয় দি, মানুহ হিচাপে জীয়াই থাকিবলৈ সাহস যোগোৱা, ‘Mother of Orphans’ আজি আৰু নাই।
মোৰ সৌভাগ্য যে মই তেখেতক ওচৰৰপৰা গৈ সেৱা জনাই একেলগে ফটো এখন তুলিবলৈ সুবিধা পাইছিলোঁ। এই লিখনিৰে আজি সিন্ধুতাই চাপকালক অশ্ৰু-অঞ্জলি যাঁচিলোঁ।