“ঈৰজৰ মৰূদ্যান“ উপন্যাসখনৰ বিষয়ে দুআষাৰ

লেখক- অংকিনী বৰুৱা

মীনাক্ষি বুঢ়াগোঁহাই অসমীয়া পঢ়ুৱৈ সমাজৰ বাবে একেবাৰে পৰিচিত নাম। তুৰা চৰকাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা বুঢ়াগোহাঁই ইতিমধ্যে চাৰিখন গল্প সংকলন, দুখন উপন্যাস আৰু ১৪খন অনূদিত উপন্যাস পুথি প্ৰকাশ কৰি অসমীয়া সাহিত্য জগতলৈ উল্লেখনীয় বৰঙনি আগবঢ়াইছে। তেখেতৰ ‘হৃদয়ত নূপুৰ-ধ্বনি’ গল্প সংকলন, ‘নীল নক্ষত্ৰ’ উপন্যাস আৰু অনূদিত উপন্যাস ‘ৰুট্ছ’ অতিকৈ জনপ্ৰিয় হৈছে। ডিচেম্বৰ, ২০২১ ত তেখেতৰ আন এখন উপন্যাস “ঈৰজৰ মৰূদ্যান“ প্ৰকাশ হৈ ওলাল। মৰূদ্যান চহৰ জয়চালমেৰৰ পটভূমিত লিখি উলিওৱা মনোৰম উপন্যাসখন সচৰাচৰ পঢ়া উপন্যসতকৈ বহুক্ষেত্ৰতে ব্যতিক্ৰম যেন অনুভৱ হ’ল।
উপন্যাসখন পঢ়িলেই অনুমান কৰিব পাৰি যে লেখিকাই ৰাজস্থানৰ মৰুভূমিৰ গাঁও-নগৰ-চহৰত নিজে পৰিভ্ৰমণ কৰি তাৰ আৰ্থ-সামাজিক দিশবোৰ, সমাজখনৰ বিষয়ে বিশদভাৱে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এই উপন্যাসখন লিখি উলিয়াইছে। সেয়েহে উপন্যাসখনৰ মাজেৰে লেখিকাই পাঠকক মৰূদ্যানৰ গাঁওবোৰত চলি থকা বাল্যবিবাহ, জাত-পাতৰ বৈষম্য, নাৰীৰ প্ৰতি চলি থকা দমনমূলক আচৰণ, প্ৰচলিত কৃষ্টি- সংস্কৃতিৰ প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰিছে আৰু সফল হৈছে। অশিক্ষিত লোকৰে গঢ়া সমাজখনত কেনেদৰে অবৈজ্ঞানিকভাৱে কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত বৈবাহিক সম্বন্ধৰ মাজেৰে সন্তান জন্ম দি আছে তাক নপঢ়িলে বুজা নাযায়।
উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ অম্বেৰ আৰু মমতাৰ বয়স ষোল্ল-চৌধ্য বছৰ হওঁতেই সমাজৰ প্ৰচলিত নীতি-নিয়ম অনুযায়ী বিয়া পাতি দিয়ে। যৌনতা সম্পৰ্কত সম্যক জ্ঞান নথকাকৈয়েই সিঁহতৰ এটি কন্যা সন্তানে জন্ম লাভ কৰে। সন্তান জন্মৰ পিছতহে অম্বেৰে অনুভৱ কৰিলে যে তাৰ পত্নী আৰু সন্তানৰ লালন-পালনৰ বাবে উপাৰ্জনৰ পথ বিচাৰিব লাগে । ৰাজপুতৰ সেই সমাজ ব্যৱস্থাত কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ মাজতো অম্বেৰ-মমতাৰ দ্বিতীয় তাৰ পিছত তৃতীয় আৰু শেষত চতুৰ্থবাৰ কন্যা সন্তানৰ জন্ম হয়। অথচ সমাজখন এনেকুৱা যেন পুত্ৰ সন্তান জন্ম নাপালে মাক-বাপেক নৰকতহে পচি থাকিব। অম্বেৰৰ জীৱনলৈ অহা ধুমুহা, তাৰ মাজতে জাৰ্মান দেশৰ পৰা অহা বিদেশী প্ৰেয়সীৰ লগত তাৰ সংসাৰে উপন্যাসখনক এক বেলেগ দিশলৈ গতি কৰায়। শেষত প্ৰেয়সীয়ে অভিমান কৰি তাক এৰি যোৱা, আৰু সমাজৰ প্ৰচলিত কু-সংস্কাৰৰ বিৰূদ্ধে সাহসেৰে থিয় দিবলৈ সিদ্ধান্ত লোৱা অম্বেৰৰ এই কাহিনীৰে লেখিকাই উপন্যাসৰ পৰিসমাপ্তি ঘটায়।
উপন্যাসখন সঁচাই এক সুখপাঠ্য। এবাৰ আৰম্ভ কৰিলে তাৰ পৰিসমাপ্তিলৈ অতি উৎকণ্ঠাৰে বাট চাব লাগে। মৰুৰ দেশ পোখৰানৰপৰা আৰম্ভ কৰি সোণালী চহৰ জয়চালমেৰ, চেণ্ড ডিউনলৈ বিস্তৃত অঞ্চলৰ আৰ্থ-সামাজিক ব্যৱস্থা, লোক- সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰাক উপন্যাসৰ মাজেৰে কৰা উপস্থাপন অতি সুন্দৰ আৰু মনোগ্ৰাহী হৈছে। পাঠকে বহুতো নজনা কথাই জানিবলৈ পাব। সম্পূৰ্ণ বেলেগ এখন ৰাজ্যৰ পটভূমিত সেই ৰাজ্যৰ নায়ক নায়িকাক লৈ লিখা মীনাক্ষি বুঢ়াগোহাঁইৰ উপন্যাসখন ব্যতিক্ৰমী উপন্যাস হিচাপে প্ৰতিফলিত হ’ব। পানবজাৰৰ ষ্টুডেণ্টচ্ ষ্টোৰচৰদ্ৱাৰা প্ৰকাশিত উপন্যাসখন এইবছৰৰ গ্ৰন্থমেলাত উপলব্ধ হ’ব। ২৪০ টকা দামৰ কিতাপখনৰ বাইণ্ডিং অতি সুন্দৰ হৈছে।
আশাকৰোঁ পাঠকে কিতাপখন আঁকোৱালি ল’ব। মীনাক্ষি বুঢ়াগোঁহাইৰ পৰা আমি ভৱিষ্যতে নতুন নতুন গল্প আৰু উপন্যাস পাম বুলি আশা কৰিলোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!