সোণালী সূতা: বিহংগম দৃষ্টিৰে ছাঁতে শুকুৱা মুঠিতে লুকুৱা কাপোৰখন

লেখক- পদ্মজা বৰুৱা মহন

অসমৰ স্বাভিমানৰ প্ৰতীক, এক অনন্য আপুৰুগীয়া শিল্প পৰম্পৰা হ’ল মুগাশিল্প। মুগা বুলি ক’লেই আমাৰ দুচকুত ভাঁহি উঠে সোণালী ৰঙৰ চিকমিকাই থকা, “ছাঁতে শুকুৱা মুঠিতে লুকুৱা“ কাপোৰখনৰ ছবি। সোণালী সূতাৰ উৎস, মুগা পলুৰ বৈজ্ঞানিক নাম হ’ল এনথেৰিয়া আচামেনচিছ। ই এবিধ পতংগ শ্ৰেণীৰ সন্ধিপদী প্ৰাণী।

”আহুখেতি আহুকাল মুগা খেতি কপাল ভাল“ বুলি প্ৰবচন এফাঁকি আছে। কৃষিপ্ৰধান ৰাজ্য অসমত আহু আৰু শালিধানেই মূল খেতি যদিও ইয়াত চাহ, মাহ, কুঁহিয়াৰ আদি খেতি কৰিও কৰা হয়। এই সকলোবোৰ খেতিৰ লগতে মুগা পালনকো অসমৰ লোকসকলে খেতি বুলিয়েই কয়। অসমত মুগা খেতিৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হ’ল তাক সঠিকভাৱে ক’ব পৰা নাযায়। প্ৰাপ্ত তথ্য মতে আজিৰ পৰা প্ৰায় চাৰি হেজাৰ বছৰ আগতে চীন দেশত এই ৰেছমৰ সূতা আৱিষ্কাৰ হৈছিল। খ্ৰী.পূ. ৩২১ৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰত আৰু সপ্তম শতিকাত ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্দ্ধনক উৎকৃষ্ট মানৰ ৰেচমী কাপোৰৰ উপহাৰ পঠোৱাৰ কথা উল্লেখ আছে। প্ৰাক-আহোম যুগতেই অসমত বসবাস কৰা কছাৰীসকলৰ মাজত মুগাপলু পোহাৰ ঐতিহ্য আছিল বুলি জনা যায় যদিও আহোম সকলৰ দিনৰ পৰাহে ই অধিক জনপ্ৰিয় হৈ উঠে। মুগা সূতাৰ ৰং, স্থায়িত্ব লগতে ব্যৱহাৰৰ সুচলতাৰ বাবে আহোম স্বৰ্গদেউসকলে ইয়াক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আৰু লগতে এই শিল্পটোৰ সম্প্ৰসাৰণ বাবে চোমদাৰ, মুগা চুঙীয়া আদি খেল পাতি দিছিল।

এয়া আছিল সোণালী সূতাৰ ইতিহাস। তলত মুগা শিল্পৰ পদ্ধতিৰ কথাবোৰ বিহংগম দৃষ্টিৰে আলোচনা কৰা হ’ল:

মুগা পালনৰ পদ্ধতি-
মুগা পুহিবলৈ সৰ্বপ্ৰথমে প্ৰয়োজন হয় চোম গছ বা সোঁৱালু গছৰ এখন বাগান, যাক আমি মুগা চোমনি বুলি কওঁ। বহুতে দীঘলতি, মেজাংকৰি, পাণচঁপা আদি গছতো মুগা পোহে। চোমনিত মুগাবোৰক মেলাৰ আগতেই তাত থকা অদৰকাৰী হাবি-বন কাটি মোকলাই লৈ গছবোৰৰ পৰা শুকান আৰু মৰা ঠাল-ঠেঙুলি, ৰঙা পৰুৱা, মকৰা আদিৰ বাহবোৰ অঁতৰাই চিকুণাই ল’ব লাগে। খাদ্যবৃক্ষবোৰৰ গুৰিৰ পৰা এক মিটাৰ ব্যাসাৰ্ধৰ বৃত্তত গুড়ি চূণ আৰু ব্লিচিং পাউদাৰ ছটিয়াই ল’লে আৰু ভাল হয়।

অসমীয়া মাহ অনুযায়ী পুহিবলৈ লোৱা মুগাক কেইবাটাও নাম দি ভাগ কৰি লোৱা হৈছে:
১/এহেৰুৱা (জুন-জুলাই)
২/ভদীয়া (আগষ্ট-ছেপ্তেম্বৰ)
৩/কতীয়া (অক্টোবৰ-নৱেম্বৰ)
৪/জাৰুৱা (ডিচেম্বৰ-জানুৱাৰী )
৫/চতুৱা (ফেব্ৰুৱাৰী-মাৰ্চ)
৬/জেঠুৱা (মে-জুন)

মুগাবোৰ যেতিয়া পকে সিহঁতক বাহ বান্ধিবলৈ শুকান গছৰ পাতৰ জালিত মেলি দিয়া হয়। বাহ বন্ধাৰ পাছত তাৰে কিছুমান ভাল চাই বাচি সঁচলৈ বুলি সংৰক্ষণ কৰি বাঁহৰ চকৰি পেৰাত ভৰাই থৈ দিয়ে; আৰু বাকীখিনি ৰ’দত বা ধোঁৱাত দি মাৰি পেলায়। লেটা এটা দুসপ্তাহৰ পৰা আঠসপ্তাহ থকাৰ পিছত লেটাটো মথলৈ ৰূপান্তৰিত হয় আৰু খোলা ফুটি ওলায়, যাৰ মতা মথটোক চকৰা আৰু মাইকী মথজনীক চকৰী বোলে।
এই চকৰা-চকৰী ওলোৱাৰ পিছত দুয়োটাকে যোৰা লাগিবলৈ দিয়ে আৰু ইয়াক ‘গড় খোৱা’ বুলি কয়। সেই গড় খোৱা চকৰিবোৰক ‘খৰিকা’ অৰ্থাৎ আগৰে ধোঁৱা চাঙত শুকুৱাই থোৱা শৰণ খেৰ সৰু মুঠি মুঠিকৈ হাঁকুটিৰ নিচিনাকৈ বান্ধি প্ৰস্তুত কৰি লোৱা খৰিকাত (কিছুমানে ঘৰছোৱা উলুখেৰৰ বুৰুলিৰ পৰাও আঙুলিৰ সমান মুঠি কৰি আগটো হাকোটাৰ নিচিনাকৈ বান্ধি খৰিকা বনাই লয়) কপাহী সূতাৰে আলসুৱাকৈ বান্ধি একোডাল ৰছীত শাৰী শাৰী কৈ ওলোমাই থোৱা হয়। সেই ৰছীডালেদি নিগনি পঁইতাচোৰা, জেঠী আদি বগাই আহি যাতে চকৰিবোৰৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ৰছীডালৰ দুইমূৰে এখিলা এখিলা কঁঠাল পাত সী দিয়া হয়। সেই খৰিকাতেই চকৰিবোৰে কণী পাৰে। তিনিদিনৰ পিছত চকৰিজনী খৰিকাৰ পৰা আঁতৰাই পেলোৱা হয়। ঋতু অনুযায়ী আঠৰপৰা দহদিনৰ মূৰত কণী ফুটি পলু ওলায়। পলু জগাৰ পিছত সোনকালেই সেই খৰিকাবোৰ সাৱধানে নি চোম গছত বা মুগাই পাত খোৱা গছ, যেনে দীঘলতি, সোঁৱালু, মেজাংকৰি আদি গছত আঁৰি দিয়া হয়। আকৌ, পলুবোৰ যাতে তললৈ নামি আহিব নোৱাৰে বা পোক পৰুৱা আদি উঠি গৈ যাতে পলুবোৰক অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে চোম গছজোপাৰ ৪/৫ ফুটমান ওপৰত ৩”/৪” ইঞ্চিমান কলপটুৱা মেৰিয়াই বেৰ দিয়া হয়, যাক গাৰী বান্ধ বোলে। কলপটুৱা বন্ধাৰ মূল কাৰণটো হ’ল যে কলপটুৱাত মুগা পলুবিলাকে খোপনি ল’ব নোৱাৰি পিছলি যায় বাবে পুনৰ ওপৰলৈ উঠি যায় আৰু গছৰ পাত খাই শেষ হ’লে কলপটুৱাৰ বেৰটোতে আহি আটাইবোৰ গোট খাই থাকে। এই গাৰী বান্ধটোৱে মুগাক অনিষ্ট কৰিব পৰা পোক- পতংগবিলাকক গছৰ ওপৰলৈ যোৱাতো বাধা দিয়ে।

মুগাই পলুকালত চাৰিবাৰ ছাল কাটে বা মোট সলায়। মুগা চোমনীয়াসকলে এইখিনি সময়ক এক, দুই, তিনি বা চাৰি ওলোৱা বুলি কয়। তিনি ছাল কটাৰ পিছত বা তিনি ওলোৱাৰ পিছত মুগাবোৰক পাত খাই থকা গছবোৰৰ পৰা চেন্দালি বা চেন্দেলাইৰ সহায়ত সৰহীয়াকৈ পূৰঠ পাত থকা ওখ ডাঙৰ গছলৈ লৈ যায়। তাতেই চাৰি ছাল কটাৰ পিছত সম্পূৰ্ণ পূৰঠ হোৱালৈকে মুগা পলুবোৰ থাকে। পূৰ্ণাংগ হ’লে পলুবিলাকে পাত খাবলৈ এৰি দিয়ে আৰু আৰু জলকা লাগি ৰৈ থাকে। সন্ধিয়া সময়ত সিহঁতে গছৰ তললৈ নামি আহে আৰু গাৰী বান্ধটোৰ কাষে কাষে ঘূৰা পকা কৰে। পকা মুগাবিলাক ধৰি কাণৰ কাষলৈ আনি আঙুলিৰে মোহাৰি দিলে খৰখৰ শব্দ কৰে। গছৰ তললৈ নামি অহা পকা মুগাবিলাক পালকসকলে ধৰি কুকি বা খঁৰাত ভৰাই আগৰে পৰা প্ৰস্তুত কৰি ৰখা শুকান পাতৰ জালিত বাহ বান্ধিবৰ বাবে থৈ দিয়ে। এই জালি তেওঁলোকে আম কঁঠাল আদি গছৰ ডাল পাত শুকুৱাই লৈ মুঠাকৈ বান্ধি প্ৰস্তুত কৰি লয়। জালিত ৰখাৰ পাছত মুগাবোৰে মুখৰ পৰা সোণালী সূতাৰ আঁহ উলিয়াই বাহ তৈয়াৰ কৰি লয়। চাৰি পাঁচ দিনত আঁহ উলিওৱা বন্ধ হয় আৰু মুগাবোৰ লেটালৈ পৰিৱৰ্তিত হয়। এই বাহবোৰকে কয় ‘মুগা খোলা’ আকৌ এহেজাৰটা মুগা খোলাক এখন বুলি হিচাপ কৰা হয়।

সাত আঠ দিনৰ মূৰত মুগা পালকসকলে জালিৰ পৰা খোলাবোৰ পৃথক কৰে। সঁচৰ বাবে থোৱাবোৰ আচুতীয়াকৈ সঁচলৈ থয় আৰু বাকীবোৰ তাপ বা ভাপ দি মাৰি পেলায়। এনে নকৰিলে লেটাবোৰ পুনৰ চকৰা চকৰীলৈ ৰূপান্তৰিত হ’ব আৰু তেনে খোলা সূতা কাটিবলৈ উপযুক্ত নহ’ব। তাৰ পিছত সূতা কটাৰ সময় আহে। সূতা কাটিবৰ বাবে মুগা খোলাবোৰ চডাপানীত সিজাই লয় আৰু পিছত খোলাটোৰ জোঠা আঁহ পৰিষ্কাৰ কৰি ভাউৰি বা মুগা সূতা কটা যন্ত্ৰৰ সহায়ত সূতা কাটে। এটা মুগা খোলাত এডালেই সূতা থাকে। সেই সূতাডাল তিনিশ চাৰিশ মিটাৰ মান দীঘল হয়।
আঠ দহটা খোলাৰ আঁহ লগ লগাই এডাল সূতা উলিয়ায়।

মুগা পালনৰ বাবে প্ৰয়োজনীয় সঁজুলি-
মুগা পালনৰ সময়ছোৱাত বা মুগা পালনৰ বাবে কেবাবিধো সা-সঁজুলিও দৰকাৰ হয়। উদাহৰণস্বৰূপে প্ৰথমে লাগিব চকৰী বান্ধিবলৈ, কণী পাৰিবলৈ তথা কণী ফুটি ওলোৱা পলুবোৰ গছত লগাবৰ বাবে খৰিকা। আগমূৰত হাকোটাৰ দৰে কৰি শৰণ খেৰ বা ঘৰ ছোৱা বুৰুলিখেৰ মুঠিকৈ বান্ধি এই খৰিকা তৈয়াৰ কৰি লোৱা হয়।
চালনী বা চেন্দেলাই বা চেৰেমাই-বাঁহেৰে বনোৱা চালনী দৰে ফাঁক থকা ত্ৰিভুজাকৃতিৰ এবিধ সঁজুলি। মুগাপলু বিলাক ধৰি এজোপা গছৰ পৰা আন এজোপা গছলৈ নিবলৈ ব্যৱহাৰ কৰা হয়।
ধেনু, কেটেপা, বাটলুগুটি-মুগাৰ শতৰু কাউৰী, কোকলুঙা, পাতমুগি, ভদৰকলি আদি চৰাই, বান্দৰ, মেছেকা আদি খেদিবৰ বাবে প্ৰয়োজন হয়।
খোৰোং, টোণা, খিলং আদি বাটলুগুটি বিলাক ভৰাই থ’বলৈ আৰু খঁৰা ব্যৱহাৰ কৰা পকা পলু সংগ্ৰহ কৰিবলৈ।
জোঁৰ বা ভোটা- যিহেতু সন্ধিয়া সময়ত পকা পলু তললৈ নামে গতিকে পকা মুগা ধৰিবলৈ পোহৰৰ ব্যৱস্থা কৰিবলৈ বাঁহৰ চুঙাত কেৰাচিন ভৰাই তাতে ফটাকানি জুবুৰিয়াই এই জোঁৰৰ ব্যৱস্থা কৰা হৈছিল। আজিকালি পিছে বহুতে সৌৰচাকি বা চাৰ্জিং লাইট ব্যৱহাৰ কৰে।
চকৰী পেৰা- বাঁহ আৰু বেতেৰে নিৰ্মিত এই চকৰীপেৰাত মুগা খোলা সংৰক্ষণ কৰিব হয়। খোলাৰ পৰা চকৰা-চকৰী ওলাই এই পেৰাৰ হেলনীয়া অংশতে যোৰ পাতে বা গড় খায়।

মুগাপলু তথা মুগাপালকৰ সমস্যা-
দ্ৰুত গতিত বাঢ়ি অহা জলবায়ু প্ৰদূষণ তথা প্ৰাকৃতিক দুৰ্যোগ, অতিবৃষ্টি-অনাবৃষ্টি আদিয়ে মুগাক অনিষ্ট কৰাৰ উপৰিও কেইবাটাও বেমাৰৰ দ্বাৰাও মুগা পলুবোৰ আক্ৰান্ত হৈ মুগাপালক সকলক যথেষ্ট অসুবিধাৰ সন্মুখীন কৰায়। সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ খেতিৰ বিস্তাৰৰ লগে লগে চাহ বাগানবিলাকত প্ৰয়োগ কৰা বিষাক্ত কীটনাশক বোৰৰ প্ৰভাৱত মুগাবিলাক হানি হয়।
ফুটুকা, মুখলগা, গাঁঠিফুলা, ভেঁকুৰ আদিয়ে মুগাপলুক সহজে আক্ৰমণ কৰে লগতে কুঁজি মাখি, কাউৰী, চিলনী, বালিমাহী আদি বিবিধ চৰাই, সাপ-পৰুৱা আদিয়েও মুগাৰ অনিষ্ট সাধন কৰে। মুগা-চুঙীয়াসকলে অশেষ কষ্টৰে কেটেপা-ধেনু-বাটলুগুটি আদি ব্যৱহাৰ কৰি এই শত্ৰুবোৰৰ পৰা মুগাবিলাকক ৰখি থাকিবলগীয়া হয়।

মুগা কাপোৰৰ চাহিদা আৰু স্বাৱলম্বনৰ সম্ভাৱনীয়তা-
বৰ্তমান মুগাসূতা তথা কাপোৰৰ কেৱল অসম বা ভাৰততে নহয় বিশ্বৰ বজাৰতে যথেষ্ট চাহিদা আছে। মুগা কাপোৰৰ বিশেষত্ব হ’ল ই সূৰ্য্যৰ পৰা বিচ্ছুৰিত অতিবেঙুনীয়া ৰশ্মিৰ শতকৰা ৮৫% শুহি লয়। এই সোণালী সূতাৰ বৰ্তমান মূল্য পঁচিছৰ পৰা ত্ৰিশ হেজাৰ টকা পৰ্যন্ত হয়গৈ। জাপানৰ জাতীয় সাজ ‘কিমোনো’ তৈয়াৰ কৰিবলৈও মুগা কাপোৰ ব্যৱহাৰ কৰে। ইউৰোপ আদি দেশলৈও এই কাপোৰৰ ৰপ্তানি হয়।
পৰ্যটন উদ্যোগৰ ক্ষেত্ৰখনতো মুগা চোমনিখন আকৰ্ষণ কেন্দ্ৰ বিন্দু হোৱাৰ থল আছে। সুপৰিকল্পিতভাৱে গঢ়ি তোলা চোমনি তথা ইয়াৰ লগত জড়িত সা-সঁজুলি বোৰে নিশ্চয় পৰ্যটকক আকৰ্ষণ কৰিব।

সামৰণি- বৰ্তমান বিশ্বৰ বজাৰত মুগা সূতা আৰু কাপোৰৰ চাহিদালৈ লক্ষ্য কৰি সচেতন মুগা পালন কৰিও অৰ্থ উপাৰ্জন কৰিব পৰাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। তদুপৰি মুগালেটাও বহুতে খাবলৈ পচন্দ কৰে আৰু দিনকদিনে ইয়াৰ দাম উৰ্দ্ধগামী হৈ গৈ আছে।
এই সম্পৰ্কত মই পাটসাঁকো অঞ্চলৰ এজন মুগাপালক শ্ৰীযুত দেৱজিত চাউৰক ডাঙৰীয়া লগতো কথা হৈছিলোঁ। তেওঁ কয় যে, “অতীজৰে পৰা এক চহকী কৃষি পৰম্পৰা হিচাপে বিবেচিত হৈ অহা এই মুগাপালন বৰ্তমান লোপ পাই অহা পৰিলক্ষিত হৈছে। মুগা চোমনিৰ অভাৱ, ভাল নিৰোগ সঁচৰ নাটনি, মুগাৰ অচিন ৰোগ আদি বিভিন্ন কাৰণত আজিকালি মুগা-পালকসকল হতাশ হোৱা পৰিলক্ষিত হয়। মূলত আমাৰ চৌদিশে হোৱা ব্যাপক প্ৰদূষণৰ ফলতে মুগাখেতিত বিৰূপ প্ৰভাৱ পৰিছে। বিভিন্ন কল কাৰখানাৰ, ইটাভাতা প্ৰদূষণ, চাহ বাগান আৰু শাকপাচলিৰ বাগিচাত ব্যৱহাৰ কৰি ৰাসায়নিক দ্ৰব্য সমূহ মুগাৰ বাবে যমকালৰ ৰূপ যেন হয়। মুগা অত্যন্ত সংবেদনশীল প্ৰাণী। প্ৰকৃতিৰ সামান্যতম তাৰতম্য হলেই ইয়াৰ জীৱন চক্ৰত কিবা নহয় কিবা প্ৰভাৱ পৰিবই। মুগা চোমনিৰ আশেপাশে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা চাহ বাগান বা পাচলিৰ বাগিছা থাকিলেও মুগালৈ শংকা হয়।“

মুগাখেতি আমাৰ সমাজৰ সাতামপুৰুষীয়া এক চহকী কৃষি পৰম্পৰা। পূৰ্বতে মুগাখেতিৰ দ্বাৰাই আমাৰ পৰিয়ালসমূহ স্বাৱলম্বী হৈ আছিল। অসমৰ সোণালী সূতা বিশ্বতে বিৰল। আজিৰ তাৰিখত বিশ্বৰ বজাৰত এক কিলো মুগা সূতাৰ দাম পঁচিশৰ পৰা পঁয়ত্ৰিশ হাজাৰ পৰ্য্যন্ত হয়। ৰেচম বিভাগৰ তথ্য অনুসৰি অসমৰ সোণালী সূতাৰ লগত ফেৰ মাৰিব পৰা কোনো সূতা আজিলৈকে ওলোৱা নাই। ৰেচম বিভাগে এই মুগা খেতি তথা মুগা পালকসকলৰ বাবে যথোপযুক্ত ব্যৱস্থা তথা ইয়াৰ আসোঁৱাহসমূহ দূৰ কৰিলে পালকসকল উপকৃত হ’ব।
তেওঁৰ সুৰতে সুৰ মিলাই আমিও কওঁ যে আমি সকলোৱে অসমৰ এই ঐতিহ্যময় মুগাশিল্পক মৰ্যাদাপূৰ্ণ স্থানত অৱস্থান কৰাবলৈ সহায় সহযোগ কৰিবলৈ আগবাঢ়ি অহা উচিত। তেতিয়াহে এই শিল্পৰ জৰিয়তে অসমৰ জাতীয় জীৱনৰ পৰিচয় দেশে বিদেশে জিলিকি উঠাৰ উপৰিও আৰ্থিক দিশতো সহায়ক হৈ উঠিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!