মোৰ প্ৰিয়তমৰ পদূলিৰ ঠিকনা

লেখক- কুসুমাঞ্জলী শৰ্মা

ৰাধাচূড়া, কৃষ্ণচূড়া আৰু সোণাৰুৱে দলিচা পাতি আহ্বান জনাইছিল
সেউজেৰে পল্লৱিতা হৈ বৰ্ণিল কুসুমৰ সুগন্ধি সানি
নেপূৰ পিন্ধি জুনুক জুনুককৈ
সেই পথেৰে যোৱাৰ কথা আছিল
পিছে, তেওঁহে শিলাকুটী হৈ আহিল
গুঞ্জৰিত দুপৰীয়াটোত
মোক পাথৰৰ পোছাক পিন্ধাই
অহাৰ দৰেই উভতি গ’ল
এৰা, গোপন হৈ নৰ’ল
ৰাধাচূড়া, কৃষ্ণচূড়া, সোণাৰুৰ পথৰ মূৰৰ
মোৰ প্ৰিয়তমৰ পদূলিৰ ঠিকনা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!