স্বগতোক্তি

লেখক- কৰবী দত্ত

জীৱনে কিনো দিয়ে আমাক!
কিছু ৰঙীন পাত,
কেতিয়াবা দুই-এপাহ সুগন্ধি ফুল,
শূন্যতা,
কাৰুণ‍্য
আৰু এই হুমুনিয়াহবোৰ!
কি দিওঁ আমি জীৱনক?
উজ্জ্বল দিনবোৰ,
বৰ্ষণমুখৰ আবেলি
আৰু জোনাক ভৰা নিশাবোৰ,
বসন্তৰ সমস্ত ৰং,
শৰতৰ নিৰ্মেঘ আকাশ,
শীতৰ কুঁৱলী,
আঘোণৰ পথাৰ
আৰু সকলো ঋতুৰ প্ৰাৰ্থনা।
সকলো উজাৰি দি
শূন্য হয় দুয়ো হাত।
লাহে লাহে আবেলি পাৰ হয়;
নামি আহে অনন্ত অন্ধকাৰ।
সেই ঘন-ঘোৰ আন্ধাৰত
চকুত চকু থৈ
কোনেও কাৰো বুকুৰ বতৰা নাপায়,
শিল একোছটাৰে আমি ঢাকি থওঁ
হৃদয়ৰ সমস্ত উদাৰতা আৰু ভালপোৱা,
দিনতকৈ দেখোন আন্ধাৰেই ভাল!
এই যে শূন‍্যতা,
আশংকা,
শোকৰ উদযাপন
আৰু প্ৰেমহীনতা
এয়া আওকাণ কৰাৰ কথা নহয়,
আহাঁ, ভালপোৱাখিনি ঢাকি থওঁ!
চৰায়ে ডেউকাৰে ছটফটীয়া পোৱালিবোৰ ঢাকি থোৱাৰ দৰে।
ডেউকাৰ তলৰ চৰাইপোৱালিৰ দৰে
নিঃসাৰ হৈ শুই থাকক ভালপোৱা,
বৰফ শীতল
হৃদয়ে হৃদয়ে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!