তাম বৰণীয়া মানুহবোৰ

লেখক- অন্বেষী বৰা ওজা

তাম বৰণীয়া মানুহবোৰ ৰ’দত ঘামে,
জেটুলিপকাই বিন্ধা কৰ্কশ হাতবোৰে
হাতৰ তেজ আৰু কপালৰ ঘাম সমানে সামৰে।
ঘাম সৰাৰ বিনিময়ত ভাত পোৱা মানুহবোৰে জানে
তেজ আৰু ঘাম ইয়াত পানীৰ দৰত বিকে।
তাম বৰণীয়া মানুহবোৰে গামোচা পিন্ধি বেয়া পায়,
গামোচা পিন্ধি, বক্তৃতা দিয়াৰ ফ’টো খবৰ কাগজত চপায়ো বেয়া পায়।
গামোচা পিন্ধি ভালপোৱা মানুহবোৰ আহে,
কৰ্কশ হাতৰ মানুহবোৰে গামোচা পিন্ধা মানুহবোৰৰ মৌ-মিঠা কথাবোৰ ৰ লাগি শুনে।
ইমান মিঠা!
শুনিয়েই থাকিব যেন
কথা শুনি শুনি তাম বৰণীয়া মানুহবোৰে সপোন দেখে
এখন ভৰা কাঁহীৰ।
সপোন দেখি দেখি তাম বৰণীয়া মানুহে
ঘাম বেচে, পানীৰ দামত।
তেওঁলোকে আকৌ বুজে,
তেজ আৰু ঘামৰ দৰদাম ইয়াত আটাইতকৈ সহজ।
গামোচা পিন্ধি ভালপোৱা মানুহবোৰে টক শ্ব’ পাতে,
প্ৰদশৰ্নৰ দৌৰত এজাক ৰে’চৰ ঘোঁৰাই ঠেলা হেঁচা কৰে।
লবীত পিষ্ট হয় সমাজ,
পিষ্ট সমাজৰ বুকুৱেদি ঘোঁৰাজাক দৌৰে,
ৰে’চ জিকা ইয়াত অতিকে প্ৰয়োজন।
তাম বৰণীয়া মানুহবোৰে টক শ্ব’ নাচায়,
ৰে’চৰ ঘোঁৰাও নোপোহে।
ডিঙিত ভমকাফুলীয়া গামোচা ওলোমাবলৈ বেয়া পোৱা তামবৰণীয়া মানুহৰ
মূৰত মলিয়ন গামোচাৰ পাগ থাকে।
মলিয়ন গামোচাৰে ৰুক্ষ মুখ আৰু কৰ্কশ হাতৰ ঘাম মচি মচি,
তাম বৰণীয়া মানুহবোৰ আকৌ সাজু হয়,
ভৰা কাঁহীৰ সপোনটো পূৰাবলৈ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!