অবান্তৰঃ লেবৰেটৰীত ন-বোৱাৰীৰ টাইট্ৰেচন ডিচেকচন

লেখক- যোগানন্দ মহন্ত

: ভণ্টি, বাছলৈ ৰৈ আছা নেকি?
: নহয়, খুৰা। মই আচলতে উৰাজাহাজলৈকে ৰৈ আছিলোঁ। এতিয়াহে আকৌ গম পালোঁ যে বোকাখাতৰ এই বাছ-ষ্টেচনটোত শিৱসাগৰলৈ যোৱা উৰাজাহাখন হেনো নানামেই!
: তুমি কথাবোৰ বৰ ৰসালকৈ, মানে বৰ ধুনীয়াকৈ ঘূৰাই পকাই কোৱা দেখোন হে! একেবাৰে বিহু নাচনীয়ে কঁকাল ভাঙি কঁকাল ঘূৰাই নাচি দিয়াৰ দৰেই! বৰ ভাল লাগিল কিন্তু দেই তোমাৰ উত্তৰটো শুনি।
: আপুনিও আকৌ মোক চিধাচিধিকৈ সোধা নাই নহয়, খুৰা। বোলে, ‘ভণ্টি, তুমি যাবানো ক’লৈ বা তোমাৰ ঘৰেইনো ক’ত, ঠিকনাটোনো কি! দেখিবলৈয়ো একেবাৰে পৰি মৰা বিধৰ নহয় দেখোন হে তুমি! সবিশেষ গম পালে এবাৰ তোমাৰ ঘৰেই ওলালোঁগৈহেঁতেন। ল’ৰা, ভাগিন, ভতিজা কাৰোবাৰ লগত কিজানি তুমি কেনেবাকৈ ফিট্ হোৱাই বা!‘
: তুমি দেখোন সৰবজানেইহে, আইজনী!
: নহয়, খুৰা। মই মানে অভিজ্ঞতা বোৱাই থাকি থাকি হোৱা গাভৰু লাহৰীজানহে!
: হাঃ হাঃ তোমাৰ কথা শুনি কিন্তু বৰ মজা লাগিছে দেই, ভণ্টি!
: আচলতে, এইবোৰ মানে, খুৰা, গাভৰু ছোৱালী এজনীৰ ক’ৰ্ছৰ চিলেবাছত থকা একেবাৰে কমন প্ৰশ্ন যে! ৰিভিজন হৈয়ে থাকে, হৈয়ে থাকে। গতিকে, মই ফটাফট উত্তৰ দিব পাৰিছোঁ আৰু সেইবাবেই চাগৈ আপোনাৰ মনত কিবা এটা ভাল লাগি গৈছে! তথাপি, আকৌ বৰকৈ মন-চন ভাল নলগাব, খুৰা! কেতিয়াবা বেজাৰ পাব লগাও হয়। এই গাভৰু ছোৱালীবোৰৰো আকৌ একো ঠিক নাই নহয়!
: তোমাক আমাৰ পৰিয়াললৈকে বোৱাৰী কৰি যেনেতেনে আনিব পাৰিলে যে মই সেয়া মোৰ তপা মূৰলৈকে ব্যাপি থকা মোৰ ফ’ৰলেন বহল কপালখনৰেই জোৰ বুলি ভাবিলোঁহেঁতেন দেই!
: খুৰা, ফ’ৰলেনৰ বহল ৰাস্তা হওঁতে আকৌ আগতে সজা, আগতে গজা বহুত কিবাকিবি জেচিবি লগাই উঘালি নাইকিয়া কৰিব লগাও হয় নহয়! ইমানবোৰ ‘এভিক্সন’ আকৌ আপোনাৰ কপালৰ ফ’ৰ লেন সাজোঁতে বা কৰিছিলেনে নাই?
: মোৰ কপালৰ ফ’ৰলেন সাজোঁতে কিনো ‘এভিক্সন’ কৰিব লগা আছিল হে! অলপ বুজি পোৱাকৈ কোৱাঁচোন!
: ঘৰৰ ওপৰৰ ডাইনা ৰুফৰ চালখনৰ তলতে বগা চিলিং এখন থকাৰ পাছতো যে নতুন বোৱাৰীয়ে মূৰৰ ওৰণিখন চৌব্বিশ ঘণ্টাই হেলমেট্ পিন্ধাদি পিন্ধি থাকিবই লাগে সৰগখন ভাগি মূৰত পৰিব বুলি! পাকঘৰৰ পাখি থকা ৰঙা পইতাচোৰাৰ পৰা আৰম্ভ কৰি চৰু-কেৰাহী, ফিল্টাৰ, মিক্সিকে ধৰি বজাৰৰ শাক-পাচলি সামৰাৰ পৰা বেচিন চাফা কৰালৈকে সমস্ত দায়িত্ব যে হাঁহি হাঁহি নতুন কইনাজনীক চমজাই দি পৰিয়ালৰ বাকীবোৰে যে গৰমৰ দিনত ফেনৰ ঠাণ্ডা বতাহ লৈ মহা আৰামেৰে কথা চোবাই চোবাই বহি থাকিও শক্তিশালী আমেৰিকান দূৰবীণেৰে নতুন বোৱাৰীৰ কিবাকিবি সৰুসুৰা ফাউলবোৰত নজৰ মাৰি থাকি মাজে মাজে ৰেফাৰী শহুৰদেউতাকৰ হতুৱাই হুইচেল্ মৰাদি গল-খেকাৰি একোটাও মৰাই বোৱাৰীক সতৰ্ক কৰি থাকে! আকৌ, সেই কথাৰ পাগ উঠা হাঁহি-তামাচাৰ নাটক থিয়েটাৰবোৰৰ ইণ্টাৰভেলত যে হাতখন কোনোৰকমেহে কষ্ট-মস্ত কৰি তিয়াই আলহীৰ দৰে ডাইনিং টেবুলত ভাত খাবলৈ আহি বহি থাকেহি! আৰু ভাতৰ কাঁহীত থকা খাদ্য-দ্ৰব্যবোৰ যে চকুত মেগনিফায়িং গ্লাছ বা অণুবীক্ষণ যন্ত্ৰ লগাই পৰীক্ষা-নিৰীক্ষা কৰি কৰি চাই চাই এটা এটাকৈ সোৱাদৰ ডাটা-ৰিপ’ৰ্টবোৰ বিজ্ঞানৰ ছাত্ৰই প্ৰেক্টিকেল বহীত লিখা এক্সপেৰিমেণ্টৰ এডৰা এডৰা অবজাৰভেশ্বন-টেক্সটৰ কথাবোৰৰ দৰে মনতে লেখি লেখি থাকিও ভবামতে সা-সোৱাদৰ ৰিজাল্টৰ অকণমান উনৈশ-বিশ নালাগে ন-দহ হ’লেও মুখখন বেলুন ফুলোৱাদি ফুলাই থাকে। বিয়াৰ পাছত বছৰটোৱে শেষৰ মাহটোৰ টাৰ্নিং ল’বলৈ পাওঁতে নাপাওঁতেই চাৰিআলিৰ ট্ৰেফিক্ পইণ্টৰ ওখ ঘূৰণীয়াত বৰষুণৰ দিনত গোটখাই চিঞৰি বাখৰি শুই বহি থকা জীৱকেইটাৰ দৰেই যে বিছনাত বহি পতা গ্ৰুপ মিটিঙত আলোচনা কৰি বোৱাৰীৰ ইমান দিনে গা গধুৰ নোহাৱাৰ অপৰাধত ঘৰৰ পৰিয়াল মিতিৰ-কুটুমলৈকে সকলোৱে গোঁৰগোঁৰণি একোটাহঁত মাৰি থাকে! ইত্যাদি ইত্যাদি কথাবোৰ বা জেচিবিৰে উঘালি পেলাইছেনে নাই আপোনাৰ কপালখন বহল-ফৰলেন হওঁতে! আৰু তাকে নকৰি যদি কলপুলি আমডালিৰে সজোৱা বিয়া-ট’লগেটখনৰ থিয় ৰখীয়া বোৱাৰীজনীক পাতি দি ঘৰৰ বাকীবোৰে ফ্ৰীতে কিবা কৰ্তৃত্বৰ ফাষ্ট টেগ ষ্টিকাৰ এটা নিজে নিজেই গাত এঠা লগাই ঘৰখনত বিন্দাচ যাতায়াত কৰি থাকিও অনাহক ডিজিটেল, অনলাইন / ৱাইফাই কানেকশ্বনৰ শাসন এটাৰে যে বোৱাৰীৰ মনটো হেঁচা মাৰি ধৰি মোহাৰি থাকে, তেতিয়াতো বৰ কষ্ট হয়।
: এৰাহে, বোৱাৰী— অ’ নহয়, ভণ্টি— মই কথাবোৰ নতুকৈ চালিজাৰি চাই চিজিল লগাই আৰু দৰকাৰত ঘৰত এনকোয়্যাৰি কমিশ্বন বহুৱাই তদন্ত কৰি হ’লেও তোমাকেই এদিন যে বোৱাৰী কৰি নিম! খাটাং!
: দেউতা, অ’ নহয়, খুৰা— আমাৰ উৰাজাহাজ-বাছখন আহিলেই। ব’লক এতিয়া, যাওঁ!
: ব’লা ব’লা!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!