আধুনিক চিকিৎসা ব্যৱস্থা, ইয়াৰ সীমাবদ্ধতা আৰু ভৱিষ্যৎ

লেখক- ডাঃ দেৱজিত কুমাৰ শৰ্মা

আধুনিক চিকিৎসা ব্যৱস্থা প্ৰাগৈতিহাসিক। আধুনিক চিকিৎসাৰ উদ্ভাৱন এক বিশেষ ঘটনাৰ পৰা বা এক বিশেষ সময়ৰ পৰা হোৱা নাই। প্ৰাচীন কালৰ পৰাই বিভিন্ন দেশ যেনে ইজিপ্ত, ভাৰতবৰ্ষ, চীন, বেবিলন আদি সভ্যতাত মানুহৰ ৰোগ বা শাৰীৰিক সমস্যা আদি বুজিবৰ আৰু উপশমৰ বাবে বিভিন্ন কৌশল প্ৰয়োগ কৰি অহা হৈছে। এনে ধৰণৰ ঐতিহাসিক প্ৰচেষ্টাৰ সন্মিলনতে আধুনিক চিকিৎসা ব্যৱস্থাৰ ধীৰে ধীৰে সৃষ্টি হৈছে। সকলো চিকিৎসকে নিজৰ পেচাগত জীৱনৰ আৰম্ভণিতে ল’ব লগা হিপোক্ৰেটিক শপত যীশু খ্ৰীষ্টৰ জন্মৰ পাঁচ শতিকা আগতেই গ্ৰীছত লিখা হৈছিল। প্ৰখ্যাত শল্য চিকিৎসক সুশ্ৰুতে ‘সুশ্ৰুত সংহিতা’ নামৰ শল্য চিকিৎসাৰ কিতাপত আধুনিক শল্য চিকিৎসাৰ বিষয়ে প্ৰাক-ঐতিহাসিক যুগতে লিখি থৈ গৈছে। প্ৰখ্যাত কায়-চিকিৎসক চৰকে ‘চৰক সংহিতা’ত লিখি গৈছে যে মানুহৰ স্বাস্থ্য আৰু ৰোগ জন্মৰ আগতেই থিৰাং কৰা নাথাকে আৰু ইয়াক আৰোগ্য কৰি মানুহৰ জীৱন দীঘলীয়া কৰিব পৰা যায়।
আধুনিক চিকিৎসা বিদ্যা গতিশীল। সময়ৰ লগে লগে ই সলনি হৈ থাকে। মানুহৰ শৰীৰ বিদ্যাৰ প্ৰাথমিক জ্ঞান একে হ’লেও ইয়াৰ বিসংগতিৰ চিকিৎসা আমাৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ লগে লগে সলনি হৈ থাকে। বিশ্বব্ৰহ্মাণ্ড যিমান গভীৰ বা যিমান ৰহস্যজনক, আমাৰ নিজৰ শৰীৰো সিমানেই ৰহস্যজনক। যিদৰে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আমাৰ ধাৰণা দিনে দিনে সলনি হৈ গৈ আছে, তেনেদৰে আমাৰ শৰীৰৰ বিষয়েও আমাৰ বোধশক্তি সলনি হৈ গৈ আছে। আজি যি কথা আমি যেনেদৰে বুজিছোঁ, কাইলৈ হয়তো সলনি হৈ যাব পাৰে। লগতে সলনি হৈ যাব পাৰে চিকিৎসা প্ৰণালী।

আধুনিক চিকিৎসা এতিয়া পূৰ্বতে কল্পনা কৰিব নোৱাৰা এক পৰ্য্যায় পালেহি। স্বাধীনতাৰ সময়ৰ আমাৰ দেশত মানুহৰ গড় আয়ুস ৩২ বছৰৰ পৰা বৰ্তমান ৭০ বছৰ হ’লহি। বৰ আই, পলিঅ’ আদি মহামাৰী এতিয়া ইতিহাস হ’ল। সৰু আই, মাজু আই আদিত এতিয়া শিশুৰ মৃত্যু হোৱাটো বিৰল। ডিফ্‌ঠেৰিয়া, হুপিং কাহ, ধনুষ্টংকাৰ, হেপাটাইটিছ এ, হেপাটাইটিছ বি আদিৰ পৰা হোৱা জণ্ডিছ, টাইফয়ড, জাপানীজ এনকেফেলাইটিছ, সাধাৰণতে হোৱা অতিসাৰ ৰোগৰ কাৰণ হিচাপে চিহ্নিত ৰোটা ভাইৰাছকো আজিকালি প্ৰতিষেধক ছিটাৰ দ্বাৰা নিয়ন্ত্ৰিত কৰি ৰাখিব পৰা হ’ল। বিশ্বৰ যদি ৮০ শতাংশ মানুহে এনে ছিটা নিয়মিতভাৱে লয়, বিশ্বৰ পৰা এইবোৰ ৰোগ নিৰ্মূল হৈ যাব। কোভিদ ১৯ বিশ্বত প্ৰথম দেখা দিয়াৰ পৰা প্ৰায় ডেৰ বছৰ মানৰ ভিতৰতে সফল টিকাৰ আৱিষ্কাৰ হ’ল আৰু বিশ্বৰ প্ৰায়বোৰ দেশৰ প্ৰায়বোৰ মানুহে এনে ছিটা লোৱাৰ বাবে ক’ভিদ ৰোগৰ পৰা মানুহৰ মৃত্যুৰ সংখ্যা নগণ্য হ’লহি।

আধুনিক চিকিৎসাৰ জ্ঞানৰ বলতে এতিয়া জন্মৰ আগতেই শিশুৰ দেহত কি কি বিসংগতি ঘটিব পাৰে তাক ধৰিব পৰা হ’ল আৰু মাতৃগৰ্ভত থাকোঁতেই শল্য চিকিৎসা কৰি সেই বিসংগতি ঠিক কৰিব পৰাও হ’ল। ঢপঢপাই থকা হৃদযন্ত্ৰৰো অস্ত্ৰোপচাৰ কৰিব পৰা হ’ল। শল্যচিকিৎসা বেছি নিৰাপদ হ’বৰ বাবে আমি ৰবট ব্যৱহাৰ কৰিব পৰা হ’লোঁ। বেছিভাগ ৰোগৰ মূল উৎস যে আমাৰ শৰীৰৰ জিনত থাকে তাক নিৰ্ণয় কৰি আমি আমাৰ জিনৰ গঠনো সলনি কৰিব পৰা হ’লোঁ। সন্তানহীন দম্পতীৰ বাবে পৰীক্ষাগাৰত ডিম্বাণু আৰু শুক্ৰাণুৰ নিষেচন ঘটাই তাক মাতৃগৰ্ভত পুনৰ স্থান দিব পৰা হ’লোঁ। এতিয়া চিকিৎসা বিজ্ঞানত অসম্ভৱ বুলি যেন একোৱেই নাই। তথাপিও যেন আধুনিক চিকিৎসা বিজ্ঞানত কিছু অভাৱ থাকি গ’ল। মানে, আমি আজিও কিছু অভাৱ অনুভৱ কৰোঁ।
আধুনিক চিকিৎসাৰ সীমাবদ্ধতা কি?

আধুনিক চিকিৎসা ব্যৱস্থাৰ প্ৰধান প্ৰতিবন্ধক হ’ল, ই প্ৰধানকৈ আৰোগ্যমূলক বা প্ৰশমক (Palliative)। চিকিৎসা বিজ্ঞানৰ লক্ষ্য হ’ব লাগে প্ৰতিষেধকহে, আৰোগ্যমূলক নহয়। বহুতে অভিযোগ কৰে যে হয় আধুনিক চিকিৎসাৰ ফলত মানুহৰ গড় আয়ুস বাঢ়িল, শিশুৰ মৃত্যুৰ সংখ্যা কমিল, বৃদ্ধ বয়সতো আপেক্ষিকভাৱে আৰামতে জীৱনটো কটাব পৰা হ’ল, কিন্তু ৰোগৰ সংখ্যা সমানেই থাকিল। ৰোগৰ সংখ্যা কমিল জানো? মানুহে অভিযোগ কৰে যে আধুনিক চিকিৎসা বেছি যান্ত্ৰিক। উন্নত গৱেষণা আৰু প্ৰযুক্তিৰ ফলত আধুনিক চিকিৎসা কেৱল নিদান পত্ৰ আৰু ঔষধতে সীমাবদ্ধ নহয়। এতিয়া আমি প্ৰতিটো ৰোগ আমাৰ জিনৰ গঠন বা আমাৰ প্ৰতিটো কোষৰ গঠন বিজ্ঞানৰ লগত জড়িত কৰি তাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ লগে লগে বৰ্তমানৰ চিকিৎসকসকলে সমাজৰ পৰা দূৰ হৈ গৈছে নেকি? আমাৰ চিকিৎসকসকলো আধুনিক প্ৰযুক্তি বিদ্যাৰ লগত মিলি মানুহৰ পৰা দূৰ হৈ গৈছে নেকি? আনৰ হৈ মাতৃত্ব বৰণ বা ‘ছাৰোগেছি’ আদি পদ্ধতিয়ে আমাক মানুহৰ ঠাইত বেছি ৰবটহে কৰি তুলিছে নেকি? আমি চিকিৎসকসকলে ৰোগীক কেৱল ৰোগী হিচাপে আৰু পাঠ্যপুথিৰ আহিলা হিচাপে বা আমাৰ বিজ্ঞানৰ প্ৰয়োগশালা হিচাপেহে বুজোঁ নেকি? নিশ্চয় নহয়। কিন্তু যান্ত্ৰিক যুগত, আমাৰ যে আৱেগিক দিশটো নোহোৱা হৈ গৈছে, সেয়া নিশ্চিত। ই কেৱল স্বাস্থ্যকৰ্মীসকলৰ ক্ষেত্ৰত নহয়, ৰোগী বা তেওঁলোকৰ অভিভাৱকসকলো একেদৰেই পক্ষপাতদুষ্ট। স্বাস্থ্যকৰ্মীসকলো যে তেজ মঙহৰে মানুহ, সেই কথা তেওঁলোকেও প্ৰায়ে পাহৰি যায়।

আধুনিক চিকিৎসকে সমাজ সংশোধনত অৰিহণা যোগাব পাৰেনে?
বহুতে কয় যে আধুনিক চিকিৎসাই কেৱল সংক্ৰমিত ৰোগহে সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পাৰে, বাকী সকলো ৰোগৰ চিকিৎসা উপশমমূলক বা প্ৰশমকহে। কথাটো সম্পূৰ্ণ অসত্য নহয়। যেনে মধুমেহ ৰোগ, উচ্চ ৰক্তচাপ, হাঁপানী ৰোগ আদিৰ চিকিৎসা সাধাৰণতে উপশমমূলক, সম্পূৰ্ণ আৰোগ্যমূলক নহয়। কিন্তু ই সম্পূৰ্ণ সত্যও নহয়। তাৰ বিষয়ে দীঘলীয়া আলোচনা পিছলৈ থ’লোঁ।
আৰোগ্যমূলক চিকিৎসা ব্যৱস্থাৰ প্ৰধান প্ৰতিবন্ধক হৈছে, বহু ৰোগৰ সম্পূৰ্ণ আৰোগ্য নহয় আৰু বেছিভাগ ঔষধৰে পাৰ্শ্বক্ৰিয়া থাকে। আচলতে, আমি বুজা উচিত যে অত্যধিক পৰিমাণৰ হ’লে সকলো বস্তুৰে পাৰ্শ্বক্ৰিয়া থাকে। আমি দৈনন্দিন যিবোৰ কাম কৰি থাকোঁ, যেনে ভাত খোৱা, পানী খোৱা, খোজ কঢ়া আদিও অত্যধিক পৰিমাণত কৰিলে তাৰ পাৰ্শ্বক্ৰিয়া থাকিব। যিকোনো চিকিৎসা কৰাৰ আগতে আমি দুয়ো দিশ ভালদৰে চাই লোৱা উচিত— চিকিৎসা নকৰিলে ৰোগীৰ কি লোকচান হ’ব, বা চিকিৎসা কৰিলে চিকিৎসাৰ পৰা কি ক্ষতি হ’ব। দুয়োটা দিশ চালি জাৰি চাইহে আমি এক সিদ্ধান্তলৈ আহোঁ। কিছুমান পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই দাবী কৰাৰ দৰে আধুনিক চিকিৎসা ব্যৱস্থাই কেতিয়াও দাবী নকৰে যে চিকিৎসাৰ বা ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। ক্ৰিয়া থাকিলে পাৰ্শ্বক্ৰিয়া থাকিবই। অৱশ্যে, আমি স্বীকাৰ কৰিব লাগিব যে কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া গ্ৰহণ কৰিব পৰাতকৈ অলপ বেছি। যেনে, কৰ্কট ৰোগৰ কেমোথেৰাপীৰ মানদণ্ড উন্নত হোৱাৰ যথেষ্ট থল আছে। আধুনিক চিকিৎসাৰ উন্নতিৰ লগে লগে বহু মানুহ এতিয়া বহু বছৰলৈকে জীৱিত থকাটো সম্ভৱ হৈছে। কিন্তু তাৰ লগে লগে আমাৰ মাজত বয়সীয়া মানুহৰ মাজত বুদ্ধিৰ জড়তা (dementia) থকা লোকৰ সংখ্যা বাঢ়ি গৈ আছে।

আধুনিক চিকিৎসা ব্যৱস্থাৰ বিষয়ে মানুহৰ আন এক অভিযোগ হৈছে ইয়াৰ অত্যধিক ব্যৱসায়িকীকৰণ। বৰ্তমান সমাজৰ সকলো সম্বন্ধৰ দৰে চিকিৎসক আৰু ৰোগীৰ সম্বন্ধ বৰ্তমান সৰ্বনিম্ন। যদিও জনস্বাস্থ্য ৰাজ্য বা দেশৰে দায়িত্ব, তথাপি কোনো কোনো ব্যক্তিগত চিকিৎসকেই ৰাইজৰ সকলো ৰোষ গাত পাতি ল’বলগীয়া হয়। চিকিৎসক আৰু ৰোগীৰ সম্বন্ধ কেৱল কিছু যন্ত্ৰ, চিকিৎসকৰ হাতখন আৰু ৰোগীৰ শৰীৰৰ মাজতে নহয়। চিকিৎসা এক যাদু নহয়। ই কেৱল বিজ্ঞানো নহয়। ই হ’ল বিজ্ঞানৰ ভিত্তিত স্থাপিত এক কলা। এতিয়া চিকিৎসক আৰু ৰোগীৰ মাজত আৱেগিক সম্পৰ্ক নোহোৱা হৈছে। দুয়ো যান্ত্ৰিক হৈ পৰিছে। ইয়াৰ পাছত কি হ’ব? চিকিৎসক বা স্বাস্থ্যকৰ্মীসকল আচলতে আমাৰ সমগ্ৰ স্বাস্থ্য ব্যৱস্থাত সামান্য খেলুৱৈহে মাত্ৰ। সমগ্ৰ স্বাস্থ্য ব্যৱস্থা এতিয়া আচলতে পুঁজিপতিৰ দখলত। স্বাস্থ্য যদিও এজন মানুহৰ জন্মগত অধিকাৰ, তথাপি সমগ্ৰ স্বাস্থ্য ব্যৱস্থা বৃহৎ ব্যৱসায় সংঘ বা কোম্পানীৰ হাতত। ৰোগৰ ব্যাধিবিজ্ঞানে ( pathology) ৰোগ দূৰ কৰাতকৈ এতিয়া ৰোগীয়ে ঔষধ বেছিকৈ ব্যৱহাৰ কৰে বিষ নিৰাময় কৰা, শৰীৰত কলেষ্টৰেল কম কৰা, মনৰ হতাশা দূৰ কৰা আদিতহে। ঔষধ সকলোতে সহজলভ্য হোৱা উচিত আৰু সকলোৰে বাবে সহজে উপলব্ধ হোৱা উচিত, লাগে উন্নত দেশ বা উন্নয়নশীল দেশ, যিয়েই হওক। কিন্তু দুখৰ কথা, বৰ্তমান ধনী বা দুখীয়া সকলো দেশতে প্ৰয়োজনীয় ঔষধৰ অভাৱ আৰু উপলব্ধ ঔষধখিনিও মহাৰ্ঘ। ৰাষ্ট্ৰসংঘ, বিশ্ব স্বাস্থ্যসন্থা আদিৰ মাজত এতিয়া চিন্তা-চৰ্চা চলি আছে, সকলো ঔষধ সকলোৰে বাবে কম দামত কিদৰে সহজলভ্য কৰিব পৰা যায়। এতিয়া আমি বুজি উঠিছোঁ, আধুনিক সমাজৰ বেছিভাগ অসুখ জীৱন নিৰ্বাহৰ ৰীতিৰ ওপৰতহে নিৰ্ভৰশীল। ভৱিষ্যতে সকলো ঔষধ প্ৰযুক্তি, জীৱন নিৰ্বাহৰ ৰীতি, ব্যক্তি আৰু উপভোক্তাৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হ’ব। অদূৰ ভৱিষ্যতে চিকিৎসকৰ বৰ্ধিত জ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগেৰে ঔষধৰ ব্যৱহাৰ আৰু উৎপাদনৰ অভাৱনীয় পৰিৱৰ্তন হ’ব। ফাৰ্মাকোজেনোমিক বিজ্ঞানৰ দ্বাৰা প্ৰতিজন বা প্ৰতিশ্ৰেণী মানুহৰ ডি এন এ ৰ গঠনৰ ভিত্তিত ঔষধ ব্যক্তি বিশেষে বেলেগে বেলেগে স্থানীয়ভাৱে তৈয়াৰ কৰিব পৰা হ’ব বা ৩ ডি (3D) প্ৰিণ্টিঙৰ দ্বাৰা প্ৰয়োজন অনুসৰি নিদান ব্যক্তি বিশেষেই প্ৰস্তুত কৰি ল’ব পাৰিব। ভৱিষ্যতে ব্যক্তি বিশেষ সংবেদকৰ সহায়ত এজন ব্যক্তিৰ শৰীৰৰ বিভিন্ন কাৰকৰ সংকেতৰ সহায়ত আগন্তুক ষ্ট্ৰ’ক বা হৃদযন্ত্ৰৰ হ’বলগা বিপদৰ কথাও আগতীয়াকৈ ক’ব পাৰিব।

আচলতে, আমাৰ চিকিৎসা বিজ্ঞানৰ লক্ষ্য ৰোগ নিৰাময় নহয়, লক্ষ্য হোৱা উচিত মানুহক ৰোগমুক্ত কৰা। আমি প্ৰথমতেই কোৱাৰ দৰে ছিটা বা টিকাৰ দ্বাৰা আমাৰ সমাজৰ পৰা বহু সংক্ৰমণ ৰোগ নিৰাময় কৰা হ’ল আৰু বহু সংক্ৰমিত ৰোগৰ সংখ্যা অভাৱনীয়ভাৱে কম কৰাত আধুনিক চিকিৎসা সফল হৈছে। আশাৰ কথা এয়ে যে এতিয়া প্ৰায় সকলো অসংক্ৰমিত ৰোগ যেনে মধুমেহ, হাঁপানী, উচ্চ ৰক্তচাপ, এলঝেইমাৰ আদি ৰোগৰ প্ৰতিৰোধৰ বাবেও ছিটাৰ উদ্ভাৱনৰ উদেশ্যে গৱেষণা চলি আছে। সকলো ৰোগৰ আণৱিক জিনতত্ত্বৰ ( molecular genetics ) গভীৰ অধ্যয়ন আৰু তাৰ বিষয়ে আমাৰ জ্ঞানে ইয়াক অনতি পলমে সম্ভৱ কৰি তুলিব বুলি আমি আশাবাদী।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!