নিলাম
লেখক- হিতেশ মেধি
টোপ টোপ ঘামত তিতিছে
এখন ভোকৰ ছবি
ছবিখন নাঙঠ পিঙঠ
বতাহে খামুচি বখলিয়াই
শাওনৰ চোতালত আখল উতলা ধাৰ পানী
ছবিখনৰ গাত বিষন্ন সময়ৰ দীঘ বাণি
সখিয়তী নাই
আকাশত গঙা চিলনীৰ আপদীয়া যাত্ৰা
খোজত দাপোন চোৱা এখন ভিকহু ছবি
নঙলা উদং সুহুৰিত সুৰসুৰাই
অসুখী বসন্তৰ বুকু ভঙা ৰিঙি
ছবিখন উৰুলি জুৰুলি
উজানত উজাই হতভগা মাত
দেহাৰ কোটৰত বাজে ভোকৰ তাল
শিলবুকু বগাই পানীকুঁৱৰী গাভৰু হোৱা সময়ৰ
নপমা খোদিত এখন
জলজ বাটৰ পানী কাঁইটৰ ছবি
গাগিনিৰ আঁঠুত আবেলি আতুৰ
কেকুঁৰিটোত খকাখুন্দা গো বাটৰ গধূলি
ছবিখন ভোকত নাচে
আদবাটত হামখুৰি খাই পৰে
ছবিখনত পিতাইৰ পিঠিৰ ঘাঁ
ছবিখনত কান্দোনৰ ঘৰমুৱা মাত
ছবিখনত খহি পৰা মেথনি উজুৱা বাট
চিফুঙৰ সৰিপৰা সুৰ
আইৰ হুমুনিয়াহৰ ভাঁজ
সঁচাৰ আঁৰত দুলি থকা
ছবিখন
পিতাইৰ ৰ’দৰ চোলা
আইৰ দুখৰ মুখৰ পদূলি
খহি পৰা নীলিমাৰ সুহুৰি
পানী বেজিৰে সীয়নি দিয়া
কাহানিও নুনুমোৱা এখন দেওজুইৰ ছবি
ছবিখন নিলাম হোৱা হ’লে…