সাক্ষাৎকাৰ

লেখক-

সাহিত্য ডট অৰ্গে ইতিমধ্যে এঘাৰটা সফল সাহিত্যিক বৰ্ষ সম্পূৰ্ণ কৰিছে। সেই আপাহতে আলোচনীখন সদায় সময় সাপেক্ষ কৰি ৰখাৰ উদ্দেশ্যে সাহিত্যৰ প্ৰথম বৰ্ষৰ সম্পাদকসকলৰপৰা সম্পাদনাৰ অভিজ্ঞতা তথা ভৱিষ্যতমুখী পৰামৰ্শ বিচৰা হৈছিল। নিম্নোক্ত প্ৰশ্নসমূহৰ যথাযথ উত্তৰেৰে সম্পাদকসকলে আমাক বাধিত কৰে যেন! এই প্ৰশ্নোত্তৰসমূহ এই সংখ্যাৰ সাহিত্য ডট অৰ্গৰ নিয়মীয়া অংগ ‘সাক্ষাৎকাৰ’ শিতানৰ বাবে আগবঢ়োৱা হ’ল।
সম্পাদনা সমিতিৰ হৈ
মিতালী নাৰায়ণি
প্ৰশ্ন:
১/ সাহিত্য ডট অৰ্গৰ সম্পাদক হিচাপে আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল?
২/ সাহিত্য ডট অৰ্গৰ এঘাৰ বছৰীয়া পৰিক্ৰমা সম্পর্কে আপোনাৰ সামগ্রিক মন্তব্য কি?
৩/ সাহিত্য ডট অৰ্গৰ কোনটো শিতানে আপোনাক অধিক আকৰ্ষণ কৰে?
৪/ আপুনি আলোচনীখনৰ পুনৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ আগ্ৰহী নে?
৫/ সাহিত্য ডট অৰ্গক সদায় সময় সাপেক্ষ কৰি ৰাখিবৰ বাবে আপুনি কিধৰণৰ পৰামৰ্শ আগবঢ়াব?
৬/ সাহিত্য ডট অৰ্গৰ পৰৱৰ্তী পদক্ষেপ কেনেধৰণৰ হোৱাটো আপুনি বিচাৰে?
*************************

ড° মনোজমন কলিতা, সম্পাদক, আগষ্ট ২০১১
১/ সাহিত্য ডট অৰ্গৰ সম্পাদক হিচাপে মোৰ অভিজ্ঞতা খুবেই সুন্দৰ আছিল৷ সকলোৱে সমানে সহযোগ কৰিছিল৷ সম্পাদনাৰ কামবোৰ নিয়াৰিকৈ কৰিবলৈ সকলোৰে সমান সহযোগ আছিল৷
২/ আৰম্ভণিৰেপৰা সাহিত্য ডট অৰ্গে বহু দূৰ আগুৱাই আহিল৷ এঘাৰ বছৰ এখন আলোচনীয়ে সম্পূ্ৰ্ণ কৰাটো এক ডাঙৰ উপলব্ধি বুলি ক’ব লাগিব৷ লগতে সাহিত্য ডট অৰ্গে বহু ব্যক্তিক তেওঁলোকৰ কৰ্ম তথা অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু আগলৈও কৰি যাব বুলি মোৰ বিশ্বাস৷
৩/ প্ৰতিটো শিতানেই মোৰ প্ৰিয়৷ তথাপি কোনো এটা নিৰ্দিষ্ট শিতানৰ নাম ল’ব লাগিলে ‘সাক্ষাৎকাৰ’ শিতানৰ বিষয়েই ক’ব লাগিব৷ এই শিতানৰ দ্বাৰা বহু লোকৰ বিষয়ে বহু নজনা কথা জানিব পৰা যায়৷
৪/ এই এঘাৰ বছৰত মই দুবাৰকৈ সাহিত্য ডট অৰ্গৰ সম্পাদনাৰ দায়িত্ব লৈছোঁ৷ ভৱিষ্যতৰ কথা বৰ্তমান ভবা নাই৷ মোৰ বোধেৰে উঠি অহা চামে এই দায়িত্ব লৈ সাহিত্য ডট অৰ্গক জীয়াই ৰখাটো দৰকাৰ৷
৫/ সাহিত্য ডট অৰ্গক সদায় সময় সাপেক্ষ কৰি ৰাখিবৰ বাবে মোৰ বোধেৰে নতুন চামৰ অধিক দায়িত্ব আছে৷
৬/ সাহিত্য ডট অৰ্গক জীয়াই ৰাখিবলৈ হ’লে সকলোৰে অধিক সহযোগিতাৰ প্ৰয়োজন৷ তদুপৰি কোনো এখন আলোচনী জীয়াই ৰাখিবলৈ অৰ্থৰ প্ৰয়োজন৷ সাহিত্য ডট অৰ্গ ইমান বছৰে মুষ্টিমেয় লোকৰ অনুদানৰে চলি আহিছে, কিন্তু মই ভাবোঁ এইদৰে সদায় চলাই নিব নোৱাৰি৷ সেয়ে সাহিত্য ডট অৰ্গ চলাই নিবলৈ হয় আৰু অধিক লোকৰ অনুদানৰ প্ৰয়োজন হ’ব নহয় সাহিত্য ডট অৰ্গক কোনো ব্যক্তি বা প্ৰতিষ্ঠানে ব্যৱসায় ভিত্তি চলাবলৈ আগবাঢ়ি অহাটো দৰকাৰ৷
************************

শ্ৰীযুত ৰিদিপ কুমাৰ নাথ, সম্পাদক, ছেপ্টেম্বৰ ২০১১
১/ সাহিত্য ডট অৰ্গৰ সম্পাদক হিচাপে মোৰ অভিজ্ঞতা খুব ভাল লগা আছিল। ২১ বছৰ বয়সতে ইমান এটা গুৰু দায়িত্ব লোৱাৰ সুবিধা পাই আৰম্ভণিতে আত্মবিশ্বাসহীনতাত আছিলোঁ যদিও সম্পাদনা সমিতি আৰু ফেচবুকৰ অসমীয়াত কথা বতৰা গোটৰ সদস্যসকলৰ প্ৰেৰণা আৰু সহযোগিতাই সেয়া এক মিঠা স্মৰণীয় অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিছিল।
২/ সাহিত্য ডট অৰ্গৰ এঘাৰ বছৰীয়া সফল পৰিক্ৰমাত যথেষ্ঠ সুখী অনুভৱ কৰিছোঁ। ‘আধাৰশিলা’ত সাহিত্য ডট অৰ্গৰ উন্মোচনীৰ মুহূৰ্তৰপৰাই বিশ্বাস আছিল সাহিত্য ডট অৰ্গৰ পৰিক্ৰমা দীঘলীয়া হʼব। কম্পিউটাৰত‌ ইউনিকোডত অসমীয়া লিপিত লিখাৰ আহিলা যেতিয়া তাকৰ আছিল, বিশেষকৈ ম’বাইল ফোনত অসমীয়াত লিপিত লিখাটো যথেষ্ঠ কঠিন আছিল, তেতিয়াৰ‌পৰাই ইউনিকোডত অসমীয়া লিপিৰ প্ৰচাৰ আৰু প্ৰসাৰত, ইণ্টাৰনেটত অসমীয়া লিখনিৰ সমল বৃদ্ধিত, ই-জোনাকী যুগৰ অন্যতম বাটকটীয়া হিচাপে অ.ক.ব. আৰু সাহিত্য ডট অৰ্গৰ অৰিহণা বিশাল আৰু বিস্তৃত। বোৱতী নদীৰ দৰে চিৰকাল সফলতাৰে আগুৱাই যাওক আৰু ভাল কামবোৰ হৈ থাকক সদায়, তাৰেই কামনা কৰোঁ।
৩/ সাহিত্য ডট অৰ্গৰ প্ৰতিটো শিতানেই মনোগ্ৰাহী যদিও কবিতা পঢ়ি ভাল পাওঁ আৰু কিছুমান সুন্দৰ কবিতা পঢ়িবলৈ পাওঁ বাবে এই শিতানটোৱেই মোৰ প্ৰিয়।
৪/ পুনৰ সম্পাদনাৰ দায়িত্ব পালে নিজকে সদায়েই ভাগ্যৱান হিচাপে বিবেচনা কৰিম। সাহিত্য ডট অৰ্গৰ লগত আৰম্ভণিৰ পৰাই জড়িত বাবে ই-আলোচনীখনৰ প্ৰতি এটা আকৰ্ষণ আছে, যিটো সদায়েই থাকিব। কিন্তু বৰ্তমান সময়ৰ অভাৱেই হওক বা অন্য কিছু সমস্যাৰ বাবে সাহিত্যৰ ক্ষেত্ৰত চৰ্চা অব্যাহত ‌ৰাখিব পৰা নাই বাবে এই সময়ত পুনৰবাৰ সম্পাদকৰ দায়িত্ব পালে আলোচনীখনৰ মানৰ প্ৰতি‌ লক্ষ্য ‌ৰাখি‌ ভালদৰে পালন কৰিবলৈ অসমৰ্থ হʼম বুলি ভাবোঁ। তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।
৫/ সাহিত্য ডট অৰ্গে ইতিমধ্যে সময় সাপেক্ষে নতুন শিতান আৰু লিখনিৰ‌ অন্তৰ্ভুক্তিৰে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি গৈ আছে। সাহিত্য ডট অৰ্গ এপটোও সময়ৰ লগে লগে আপডেট কৰি থাকিলে ভাল হʼব বুলি অনুভৱ কৰোঁ।
৬/ যি উদ্দেশ্য লৈ সাহিত্য ডট অৰ্গ আগবাঢ়িছিল তাত এতিয়ালৈকে সফল বুলি ভাবোঁ। সাহিত্য ডট অৰ্গৰ ইউটিউব চেনেলটোত ইতিমধ্যে প্ৰকাশিত ই-আলোচনীখনৰ‌ জনপ্ৰিয় লিখনিসমূহ শ্ৰাব্য ৰূপত দিব পাৰিলে বেয়া নহʼব যেন‌ অনুভৱ হয়। ধন্যবাদ।
**********************

শ্ৰীযুত মনোৰঞ্জন মজুমদাৰ, সম্পাদক, অক্টোবৰ, ২০১১
১/ ২০১১ চনৰ অক্টোবৰ মাহ৷ সাহিত্য ডট অৰ্গ তেতিয়া তিনিমহীয়া৷ ই-আলোচনীখনৰ তৃতীয় সংখ্যক সম্পাদক হোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ৷ আলোচনীখনৰ সম্পাদনা সমিতিৰপৰা যেতিয়া মোলৈ উক্ত মাহটোৰ সম্পাদক হোৱাৰ বাবে প্ৰস্তাৱ আহিছিল তেতিয়া নিজৰ ওপৰতে প্ৰশ্নৰ উদয় হৈছিল যে- পাৰিম জানো? কিন্তু সকলোৰে সহযোগত এয়া সম্ভৱ হৈ উঠিল। সহযোগিতা আগবঢ়োৱা আটাইৰে নাম ল’বলৈ ইয়াত অসুবিধা হ’ব যিহেতু তালিকাখন দীঘলীয়া৷ আলোচনীখনৰ জন্মলগ্নৰেপৰা জড়িত সেই আটাইকেইজন অভিজ্ঞ ব্যক্তিৰ সহযোগিতাত শৰৎ সংখ্যাৰ সাহিত্য ডট অৰ্গৰ সম্পাদক হোৱাৰ সুবাদ লাভ কৰিলোঁ৷ লিখনিসমূহ একত্ৰিত কৰা, সম্পাদনা কৰা এই আটাইবোৰ কামতে জ্যেষ্ঠজনৰ সান্নিধ্যত আশা কৰা ধৰণে এখন মনঃপুত আলোচনী পঢ়ুৱৈ সমাজলৈ আগবঢ়াবলৈ সমৰ্থ হৈছিলোঁ বুলি বিশ্বাস কৰিছোঁ৷
২/ কলি এটাই বটবৃক্ষৰ ৰূপ ধাৰণ কৰাৰ দৰে সাহিত্য ডট অৰ্গেও পোখা মেলি আজি এঘাৰ বছৰ সম্পূৰ্ণ কৰিলে৷ সম্পূৰ্ণ এটা দশকৰ পৰিক্ৰমা৷ এই সুদীৰ্ঘ পৰিক্ৰমাত অভিজ্ঞ বিভিন্নজন ব্যক্তিৰ সম্পাদনাত সাহিত্য ডট অৰ্গ এখন লেখত ল’বলগীয়া আলোচনী হৈ উঠিছে৷ জন্মতে মূলতঃ অসমীয়া ইউনিকোডৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্য লৈ আগবঢ়া আলোচনীখন আজি কেৱল ইণ্টাৰনেটত অসমীয়া টাইপিং বিষয়ক উদ্দেশ্যতে সীমাৱদ্ধ হৈ নাথাকি গৱেষণা কৰা শিক্ষাৰ্থীসকলৰ সমল গ্ৰন্থ হিচাপেও বিবেচিত হৈছে৷ এনে ঈৰ্ষণীয় সাফল্য মোৰ বোধেৰে আন কোনো ই-আলোচনীয়ে লাভ কৰিব পৰা নাই৷
৩/ সাহিত্য ডট অৰ্গৰ সৈতে জন্মলগ্নৰেপৰা জড়িত আছিলোঁ যদিও সময়ৰ সোঁতত অন্যান্য কামত ব্যস্ত হৈ পৰিবলগা হেতুকে আলোচনীখনৰ সৈতে ওতঃপ্ৰোতভাৱে বৰ্তমানে জড়িত নহ’লেও ‘সম্পাদকীয়’ শিতানটো মোৰ খুবেই প্ৰিয়৷ দৰাচলতে, আলোচনীখনৰ জন্মৰ দশকটোৰ আগভাগত সমগ্ৰ পৃথিৱীখনৰে বিষয়বস্ত আছিল পৃথক। তেতিয়াৰ পৰিবেশ আৰু আজিৰ পৰিবেশৰ আকাশ-পাতাল পাৰ্থক্য৷ মূলতঃ কাৰণসমূহ নতুন প্ৰযুক্তিৰ লগতে ক’ৰোনা মহামাৰী বুলি ক’ব পাৰোঁ৷ মহামাৰী আৰু নতুন নতুন প্ৰযুক্তিয়ে যিদৰে সকলোৰে জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিলে, সেই প্ৰভাৱ লিখনিসমূহতো অনুভূত হ’ল৷ লিখনিৰ বিষয়বস্তু পূৰ্বৰ তুলনাত পৃথক হ’বলৈ ধৰিলে৷ যথেষ্ট মনোগ্ৰাহী আৰু তথ্য-সমৃদ্ধ লিখনিয়ে আলোচনীখনৰ গৰিমা বৃদ্ধি কৰিলে৷ কিন্তু এই আটাইবোৰৰে উৰ্ধত ‘সম্পাদকীয়’ শিতানটো মোৰ বাবে অধিক আকৰ্ষণীয়৷
৪/ সময় আৰু পৰিবেশ অনুকূল হ’লে যিকোনো কাম কৰি আনন্দ পোৱা যায়৷ সময়-সাপেক্ষে আলোচনীখনৰ সম্পাদকীয়ৰ দায়িত্ব ল’বলৈ মই ইচ্ছুক কিয়নো সাহিত্য ডট অৰ্গ কেৱলমাত্ৰ এখন ই-আলোচনীয়েই নহয়, ই হ’ল পৰিৱৰ্তনশীল সময়ৰ দলিল, তথ্য-মনোৰঞ্জনৰ ভাণ্ডাৰ যাৰ সৈতে জড়িত হ’বলৈ হয়তো সকলোৱেই হাবিয়াস কৰিব৷
৫/ ইতিমধ্যেই মই উল্লেখ কৰিছোঁ যে সাহিত্য ডট অৰ্গ হ’ল পৰিৱৰ্তনশীল সময়ৰ দলিল৷ নতুন নতুন পঢ়ুৱৈ লিখকৰ সমাৱেশ ঘটি ই ইতিমধ্যেই এখন পূৰ্ণাংগ আলোচনীলৈ ৰূপান্তৰিত হৈছে৷ আলোচনীখনৰ বিশেষণেই হ’ল সময়-সাপেক্ষ৷ তথাপিও আধুনিক সময়ৰ গড্ডলিকা প্ৰবাহতো যাতে আলোচনী উটি নাযায় তাৰ বাবে ই ন-পুৰণি লিখক-পঢ়ুৱৈৰ সন্মিলনী মঞ্চ হ’ব লাগিব৷ জ্যেষ্ঠজনৰ অভিজ্ঞতা আৰু নবীনৰ উৎসাহে আলোচনীখনক সময়-সাপেক্ষ কৰি ৰাখিব বুলি মই বিশ্বাসী।
৬/ কোৱা হয়, সমগ্ৰ বিশ্বতে প্ৰায় ৭০০০ টা ভাষা আছে আৰু ইয়াৰে ৩০০০ টা ভাষাই বৰ্তমান অস্তিত্বৰ সংকটত৷ ১৯৬১ চনৰপৰা ভাৰততো প্ৰায় ২২০ টা ভাষাৰ বিলুপ্তি ঘটিছে৷ এই তথ্য প্ৰকাশ কৰিছে ভডোদৰাৰ ভাষা-গৱেষণা আৰু প্ৰকাশন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক-সঞ্চালক গণেশ এন দেৱীয়ে৷ মুখৰ এটা ভাষা হেৰাই যোৱাটো সঁচাকৈয়ে ভয় লগা কথা৷ এনে পৰিপ্ৰেক্ষিতত আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰতো এই বিপদৰ আশংকাই মূৰ দাঙি নুঠিবলৈ আমি সকলোৱে সষ্টম হ’ব লাগিব আৰু ইয়াৰ বাবে সাহিত্য ডট অৰ্গে এক অগ্ৰণী মঞ্চৰ ভূমিকা পালন কৰিব পাৰে৷ কেৱল অসমীয়া ভাষা ব্যৱহাৰ কৰাটোৱেই নহয়, ভাষাটোৰ সঠিক ব্যাকৰণ, বানান আদিৰ ক্ষেত্ৰতো সাহিত্য ডট অৰ্গই অগ্ৰণী ভূমিকা পালন কৰিব পাৰে৷ তদুপৰি বিশ্বৰ অন্য ভাষাৰ সৈতে ফেৰ মাৰিবলৈ অসমীয়া ইউনিকোডৰ প্ৰচাৰৰ কথাটো আছেই৷ সাহিত্য ডট অৰ্গ হওক অসমীয়া ভাষা গৱেষক শিক্ষাৰ্থীৰ বাবে এক সমল স্থান, অসমীয়া ভাষাপ্ৰেমী লোকসকলৰ এক উমৈহতীয়া মঞ্চ আৰু ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক শক্তিশালী বাহক৷ এয়াই আশা৷
**************

শ্ৰীযুত উচ্চজিৎ দশগিৰি, সম্পাদক, নৱেম্বৰ, ২০১১
১/ সমূহীয়া উদ্যোগত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন ই-আলোচনী “সাহিত্য”ৰ (ডট অৰ্গ) প্ৰথম বৰ্ষৰ চতুৰ্থ সংখ্যাটো (নৱেম্বৰ ২০১১) সম্পাদনা কৰিবলৈ সুযোগ পোৱাটো মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল। কিশোৰ কালত স্কুলীয়া আলোচনী আৰু পিছলৈ কলেজীয়া দিনত স্থানীয় আলোচনী সম্পাদনা কৰাৰ অভিজ্ঞতা আছিল; পাঠশালাৰ বজালী কলেজত পঢ়ি থকা দিনত “নতুন সাঁকো” বুলি আমি এখন স্থানীয় আলোচনী উলিয়াইছিলোঁ। কিন্তু ইণ্টাৰনেট জগতত গোটেই বিশ্বৰ বাবে উপলভ্য অসমীয়া ভাষাৰ বাটকটীয়া আলোচনী এখন সম্পাদনা কৰাটো এক গুৰু দায়িত্ব আছিল। অসমীয়াত কথা-বতৰা গোটৰ সেইসময়ৰ প্ৰশাসক, সদস্য তথা সাহিত্যৰ সম্পাদনা সমিতিৰ সদস্যসকলৰ পূৰ্ণ সহযোগে সেই দায়িত্ব পালন কৰাত মোক অশেষ সহায় কৰিছিল। আলোচনীখনৰ সম্পাদনাৰ কাম হাতত লোৱাৰ কিছুদিনৰ ভিতৰতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ দেহাৱসান ঘটে আৰু ইয়ে গোটেই কৰ্মদলটোকে ম্ৰিয়মাণ কৰি তোলে। কিন্তু নিজকে চম্ভালি লৈ সকলোৱে “সাহিত্য”ৰ সেই সংখ্যাটো ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে উলিয়াবলৈ সিদ্ধান্ত লয় আৰু সেইমৰ্মে আলোচনীখনৰ প্ৰবন্ধলানি যুগুতাই লোৱা হয়। সাহিত্যৰ কাম কৰিবলৈ সময় সদায়ে কম যেন লাগিছিল, তথাপি গোটেই সম্পাদনা সমিতিখনে অহৰ্নিশে কাম কৰি সম্পাদকক সময়মতে আলোচনীখন প্ৰকাশ কৰি উলিওৱাত যথেষ্ট সহায় কৰে।
২/ অঙ্কীয় মাধ্যমত অসমীয়া ভাষাৰ সমলৰ কথা ওলালেই “সাহিত্য ডট অৰ্গ”ৰ নাম প্ৰাতঃস্মৰণীয় হৈ ৰ’ব। অসম সাহিত্য সভাৰ দৰে বৃহৎ অনুষ্ঠানে ২০২০ চনতহে বুজি পোৱা কথাটো এদল উৎসাহী যুৱক-যুৱতীয়ে ১০-১২ বছৰ আগতেই বুজি পাইছিল যে অঙ্কীয় বা ডিজিটেল বিশ্বত সৰ্বাত্মক ৰূপত অৱস্থিতি অৱিহনে অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষিত নহয়। “সাহিত্য ডট অৰ্গ” হ’ল সেই সময়োচিত উপলব্ধিৰ ফচল। সাহিত্যত প্ৰকাশিত লেখাসমূহৰ গুণগত মূল্যায়ন পাঠকসমাজে কৰিব।
সাহিত্য ডট অৰ্গে এক শ্ৰেণীৰ নতুন ধৰণৰ লেখক-লেখিকাক পোহৰলৈ উলিয়াই অনাত এক অনুঘটকৰ কাম কৰিছে। সাহিত্য ডট অৰ্গত অঙ্কীয় মাধ্যমত লিখিবলৈ লোৱা বহুকেইগৰাকীকে পিছলৈ অসমৰ ছপা মাধ্যমে আঁকোৱালি লৈছে; ইয়াত লিখা বহুকেইগৰাকীয়ে পিছলৈ কবি, গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিকৰূপে স্বীকৃতি লাভ কৰিছে আৰু ছপা আকাৰত স্বৰচিত গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ উপৰিও কিছুসংখ্যকে সন্মানীয় বঁটা-বাহনো পাইছে।
সাহিত্য ডট অৰ্গে অকল নিজেই যে অসমীয়া ই-সাহিত্যলৈ অৱদান আগবঢ়াইছে তেনে নহয়, ই পিছৰ বহু প্ৰকল্পৰ বাবে আৰ্হি হিচাপেও পথ প্ৰদৰ্শন কৰি আহিছে। প্ৰথম অৱস্থাত অসমীয়াত কথা-বতৰা গোটতে লগ হোৱা অন্য বহুকেইগৰাকী অসমপ্ৰেমীয়ে গাইগুটীয়া বা সমূহীয়া প্ৰচেষ্টাৰে পিছলৈ সাহিত্য ডট অৰ্গৰ আৰ্হিৰে অন্য কেইবাখনো ই-আলোচনীৰ জন্ম দি ভাষা-জননীৰ সেৱাত ব্ৰতী হয়।
৩/ সাক্ষাৎকাৰ আৰু গৱেষণাধৰ্মী প্ৰবন্ধবোৰ মোৰ প্ৰিয়; লগতে অনুবাদ শিতানৰো ৰসগ্ৰাহী পাঠক।
৪/ নিশ্চয়! কিন্তু ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ পৰৱৰ্তী কালতহে সেই গুৰু দায়িত্ব ল’বলৈ আহৰি পাম।
৫/ শাশ্বত সাহিত্যৰ লগতে যুগনিৰ্দিষ্ট সাহিত্য, এই উভয় দিশতে সাহিত্য ডট অৰ্গে গুৰুত্ব আৰোপ কৰা উচিত। অভিনৱ বিষয়বস্তু বা শৈলী সম্বলিত ধাৰাবাহিক উপন্যাস লিখাৰ বাবে সাহিত্য ডট অৰ্গে আধুনিক অসমীয়া লেখক-লেখিকাসকলক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰা উচিত। লগতে সাহিত্য ডট অৰ্গ আৰু পাঠকসমাজৰ মাজৰ যোগসূত্ৰ আৰু অধিক দৃঢ় আৰু পৰিপক্ব কৰি তোলাৰ বাবে আলোচনীখনৰ কৰ্মীদলে সুচিন্তিত পন্থা হাতত লোৱাৰ প্ৰয়োজন আছে বুলি ভাবোঁ।
৬/ পৰৱৰ্তী কালত সাহিত্য ডট অৰ্গে প্ৰবন্ধ শিতানত সঠিক আৰু মৌলিক গৱেষণাধৰ্মী প্ৰবন্ধ প্ৰকাশ কৰাৰ সুব্যৱস্থা গ্ৰহণ কৰি অসমীয়া ভাষাত নতুন নতুন গৱেষণা ক্ষেত্ৰৰ বাট মুকলি কৰা কামত ব্ৰতী হোৱা উচিত।
লগতে ‘অনুবাদ’ শিতানত অন্য ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজিৰ আৰু অধিক ভাঙনি প্ৰকাশ কৰিলে ইয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব, অসমীয়া পাঠকৰ মনোজগত উৰ্বৰ কৰিব তথা নতুন নতুন সাহিত্য সৃষ্টিকৰ্তাৰ জন্ম দিয়াত সহায়ক হ’ব।
**************

ডা° প্ৰদ্যুৎজ্যোতি শইকীয়া, সম্পাদক, ফেব্ৰুৱাৰী, ২০১২
১/ কোনো আলোচনীৰ সম্পাদক হিচাপে সেয়া মোৰ প্ৰথম কাম আছিল। সেই সময়ত ইণ্টাৰনেটত ইউনিকোডত লিখাৰ এক আন্দোলনেই গঢ়ি উঠিছিল। অসমীয়াত কথা-বতৰা সেই আন্দোলনৰ অঘোষিত নেতৄত্ববহনকাৰী আৰু সাহিত্য ডট অৰ্গ অ.ক.ব-ৰ কষ্টৰ ফচল। সেয়ে সম্পাদকৰ দায়িত্ব লাভ কৰি বৰ সুখী অনুভৱ কৰিছিলোঁ। সম্পাদনাৰ কালছোৱাত তেতিয়াৰ সক্ৰিয় সদস্য আৰু অগ্ৰজ-অনুজসকলে যথেষ্ট সহায় কৰি দিছিল। মুঠতে সম্পাদক হিচাপে তেতিয়া বৰ সুখপ্ৰদ দিন আছিল। অৱশ্য তেতিয়াৰ পৰিবেশেই বেলেগ আছিল।
২/ শেহতীয়াকৈ বৰকৈ লাগি থাকিব পৰা নাই যদিও এখন ই-আলোচনীয়ে এঘাৰ বছৰ অতিক্ৰম কৰাৰ খবৰে বৰ আনন্দ দিছে, যিহেতু জন্মলগ্নৰেপৰা অলোচনীখনৰ লগত আমি জড়িত। আলোচনীখন আৰু ভাল হওক। কলেৱৰ বৄদ্ধি হওক- তাৰ কামনা কৰিছোঁ।
৩/ গল্পৰ লগত জড়িত ব্যক্তি হিচাপে গল্পৰ শিতানটো বেছি ভাল পাওঁ।
৪/ আগ্ৰহী।
৫/ ন-প্ৰজন্মৰ লেখক-লেখিকাৰ মান বৰ্তাই ৰখা লেখাক অগ্ৰাধিকাৰ দিলে আলোচনীখন নিশ্চয় সময় সাপেক্ষ হৈ থাকিব।
৬/ এঘাৰ বছৰীয়া লেখাৰে সমৃদ্ধ আলোচনী এখনৰ পৰৱৰ্ত্তী প্ৰদক্ষেপ হিচাপে এটা নিদিষ্ট কাম আঙুলিয়াই দিয়াটো টান, কিন্তু আলোচনীখন জনপ্ৰিয় কৰি ৰাখিবলৈ লেখাৰ মান আৰু সময়ৰ লগত মিলাই পাঠকৰ ৰুচিবোধকো নজৰত ৰাখি লিখা লেখা প্ৰকাশ কৰাত গুৰুত্ব দিব লাগিব।
*******************

শ্ৰীযুত দেৱব্ৰত গগৈ, সম্পাদক, মাৰ্চ, ২০১২
১/ প্ৰথমবাৰৰ বাবে যিকোনো এখন অফলাইন বা অনলাইন আলোচনীৰ সম্পাদকৰ দায়িত্ব পাই ভাল লাগিছিল।
২/ অসমীয়াৰ দৰে তুলনামুলকভাবে ইণ্টাৰনেটত কমকৈ প্ৰচলিত ভাষাৰ এটাৰ এখন অনলাইন আলোচনী এখন একেলেঠাৰীয়ে এঘাৰ বছৰ চলি থকাটো এটা গুৰুত্বপুৰ্ণ কথা। এইখনৰ আঁৰত থকা দায়িত্বশীল ব্যক্তিসকল প্ৰশংসাৰ পাত্ৰ।
৩/ বিশিষ্ট ব্যক্তিসকলৰ সাক্ষাৎকাৰ আৰু আত্মজীৱনী।
৪/ আগ্ৰহী হ’লেও ব্যৱসায়িক হেঁচাৰ বাবে সেই দায়িত্ব ল’বলৈ অপাৰগ।
৫/ বিশেষ পৰামৰ্শ দিব নিবিচাৰোঁ কাৰণ এইক্ষেত্ৰত আলোচনীখনৰ দায়িত্বত থকা ব্যক্তিসকল যথেষ্ঠ অভিজ্ঞ আৰু পাকৈত।
৬/ অসমৰ সৰু সৰু চহৰ আৰু মফচলীয় অঞ্চলবোৰৰ ইতিহাস লিপিবদ্ধ কৰিব পাৰিলে ভাল হয় লগতে অসমৰ কম খ্যাত কিন্ত অসমীয়া সমাজ-জীৱনলৈ গুৰুত্বপূৰ্ণ অবদান আগবঢ়োৱা ব্যক্তি কেইগৰাকীমানৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ কৰিলে ভাল হয়।
*****************

শ্ৰীযুতা মিতালী নাৰায়ণি, সম্পাদক, এপ্ৰিল, ২০১২
১/ সাহিত্য ডট অৰ্গৰ প্ৰথম বছৰতে সম্পাদকৰ দায়িত্ব পালন কৰিবলৈ পোৱাটো মোৰ বাবে এক সুখপ্ৰদ অভিজ্ঞতা আছিল। সাহিত্যৰ লগত জন্মলগ্নৰপৰাই জড়িত হৈ আছোঁ যদিও এই যাত্ৰাৰ নৱম মাহ অৰ্থাৎ এপ্ৰিল ২০১২, ৰঙালি বিহু বিশেষ সংখ্যাটো সম্পাদনা কৰাৰ সময়ত পোৱা ৰাইজৰ সহযোগে আমাক আলোচনীখন সুকলমে সম্পাদনা কৰাত সহায় কৰিছিল। সেই সময়ত অকব-ৰ বুকুত দিয়া আমাৰ এটি অনুৰোধতে ৰাইজে প্ৰবন্ধ, কবিতা, গল্প আৰু অন্যান্য সকলো শিতানৰ লেখাৰে অকব ভৰাই পেলাইছিল। সেইবোৰৰ মাজৰপৰা কিছু ভালৰো ভাল লেখা সংগ্ৰহ কৰি সম্পাদনা কৰি সেইসমূহ অলংকৰণৰ বাবে ৰূপালী গগৈ বৰুৱা, ত্ৰিনয়ন, সমুদ্ৰ কাজল, অৰুণজ্যোতিকে আদি কৰি কেইবাগৰাকীও শিল্পীলৈ পঠিওৱা হৈছিল। তেখেতসকলে লেখাটোৰ উপযোগী হোৱাকৈ একোটাকৈ স্কেটচ আঁকি দিছিল। আনকি মাহটোৰ কাৰ্টুনত কেইবাবাৰো শিল্পী উৎপল তালুকদাৰ, নিতুপৰ্ণ ৰাজবংশী, সুমন্ত বৰুৱা, ত্ৰিনয়ন বৰাই কেইবাবাৰো নানা সময়োপযোগী কাৰ্টুন আঁকি সাহিত্যৰ সৌষ্ঠৱ বঢ়াইছে। আকৌ সাহিত্যৰ প্ৰতিটো সংখ্যাৰ বাবে কাৰিকৰী দলে যিটো উদ্যমেৰে কাম কৰে তাৰ বাবে তেখেতসকল প্ৰশংসাৰ পাত্ৰ। সাহিত্যৰ সম্পাদনা দলত থকা আৰু সম্পাদকৰ দায়িত্বত থকা দুয়োটা অভিজ্ঞতাই সুকীয়া আৰু ভাল লগা।
২/ সাহিত্যৰ এঘাৰ বছৰীয়া পৰিক্ৰমাৰ সাহিত্যিক যাত্ৰা সফল বুলিয়ে ক’ব পাৰি। লেখাৰ মান সম্পৰ্কে ক’বলৈ গ’লে কেতিয়াবা হয়তো কোনোটো সংখ্যা অতি উত্তম, কোনোটো উত্তম নাইবা কোনোটো মধ্যম হৈছে। কিন্তু এটা কথা মন কৰিবলগীয়া যে যিহেতু সাহিত্য ডট অৰ্গৰ সম্পাদক অকব-ৰ নিয়মীয়া লিখক হোৱাটো বাঞ্ছনীয় আৰু অকব আলোচনাৰ এখন মুকলি মঞ্চ হোৱাৰ সুবাদত বিভিন্ন ক্ষেত্রৰ ৰাইজৰ মিলনভূমি সেয়েহে সাহিত্যৰ সম্পাদকৰ তালিকাখনো বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ সমাহাৰ হৈ পৰিছে। কোনোবা যদি সাহিত্যৰ লগত জড়িত, কোনোবা চিকিৎসা বিদ্যা-বিজ্ঞানৰ লগত, আকৌ কোনোবা যদি বিদ্যাৰ্থী, কোনোবা শিক্ষক। মানুহ অনুযায়ী সকলোৰে ৰুচিবোধ বেলেগ বেলেগ হয়। সাহিত্যৰ সম্পাদকীয়সমূহ পঢ়িলেই বিভিন্ন ক্ষেত্রৰ, বিভিন্ন ৰুচিৰ উমান পাব পাৰি। সাহিত্যই সকলো ধৰণৰ বিষয়কে সদায় দুহাত মেলি আঁকোৱালি লৈছে।
আকৌ এই এঘাৰ বছৰীয়া সাহিত্যিক যাত্ৰা দেশৰ কেইবাখনো প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত গৱেষণাৰ বিষয় আৰু সমল হোৱাটোও এই যাত্ৰাৰ এক অন্যতম সাফল্য।
৩/ সাহিত্য আলোচনীখন মোৰ বুকুৰ আপোন। যিহেতু সাহিত্যৰ এঘাৰ বছৰীয়া পৰিক্ৰমাত প্ৰতিটো সংখ্যাৰ সম্পাদনা দল আছোঁ সেইবাবে যিকোনো এটা শিতানৰ নাম লোৱাটো টান। আৰম্ভণিৰ কালছোৱাত অকব-ত কবিতা লিখা মানুহৰ সংখ্যা যথেষ্ট আছিল। সেইবাবে তেতিয়াৰ প্ৰতিগৰাকী সম্পাদকে আমাক কবিতাৰ দায়িত্ব দিছিল। সেই দায়িত্বৰ ভিতৰত কবিতা বাচনি কৰা, সম্পাদনা কৰা দুয়োটাই আছিল। কবিতাৰ উপৰি প্ৰবন্ধ, গল্প, অনুবাদ সাহিত্য, সাক্ষাৎকাৰ, সম্পাদকীয় আদি পঢ়িও ভালপাওঁ।
৪/ আগ্ৰহী, কিন্তু বৰ্তমান কিছু ব্যক্তিগত কামত ব্যস্ত থাকিবলগীয়া হোৱাত এই দায়িত্ব ল’বলৈ অপাৰগ। তথাপি সময়ৰ আহ্বানত এই দায়িত্ব বাৰে বাৰে ল’বলৈ মই ভাল পাম।
৫/ সময়ৰ লগে লগে আগবাঢ়ি যোৱাটোৱেই সময় সাপেক্ষ হৈ থকাৰ একমাত্ৰ উপায়। আমাৰ চৌপাশৰ পৃথিৱীখনত কি কি ঘটি আছে, দেশ-বিদেশৰ সাহিত্যত কি কি নতুন ধাৰাৰ সৃষ্টি হৈছে, বিজ্ঞান-তথ্য প্ৰযুক্তিত কি কি নতুন আৱিষ্কাৰ হৈছে আদি সকলো বিষয়ে লক্ষ্য ৰাখি সাহিত্যখন আগুৱাই লৈ যাব লাগিব। হাতৰ মুঠিত পৃথিৱীখন লুকুৱাই ৰাখিব পৰা সময়ত সাহিত্যই সকলো প্ৰজন্মৰ মাজত সদায় চিন্তান্বেষী জ্ঞানৰ বিকিৰণ কৰক।
৬/ অকব আৰু সাহিত্যৰ প্ৰাথমিক লক্ষ্য আছিল ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাত সমল বৃদ্ধি কৰা। এই উদ্দেশ্যত অকব আৰু সাহিত্য ইতিমধ্যে সফল হৈছে। আগন্তুক দিনবোৰত অনুবাদৰ ক্ষেত্ৰখনত সাহিত্যই এক লেখত ল’বলগীয়া ভূমিকা পালন কৰিব পাৰে। ভাৰতীয় আৰু বিদেশী ভাষাসমূহৰ বিভিন্ন আপুৰুগীয়া লেখা অসমীয়া ভাষালৈ অনুবাদ হৈছে যদিও সেয়া যথেষ্ট নহয়। সাহিত্যৰ নেতৃত্বত এই প্ৰকল্প ল’ব পৰা যায়। সম্ভৱ হ’লে সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচার্যদেৱৰ আত্মজীৱনী ‘মৌ সনা সোঁৱৰণী’দৰে আৰু কিছুমান আত্মজীৱনী সংগ্ৰহ কৰিব লাগে। আকৌ সমাজৰ বাবে ভাল কাম কৰি থকা বহুতো ব্যক্তিয়ে বিভিন্ন কাৰণত আত্মজীবনী লিখিব নোৱাৰে। সেইসকল ব্যক্তিৰ জীৱনী লিখন প্ৰকল্পও সাহিত্যই ল’ব পাৰে। তদুপৰি ক্ৰমান্বয়ে হেৰাই যাবলৈ উপক্ৰম হোৱা অসমৰ বিভিন্ন জাতি-জনজাতিৰ লোকগীত, মন্ত্ৰ, যোজনা, সাধুকথা আদি সংগ্ৰহ কৰাৰ প্ৰকল্পও সাহিত্যই গ্ৰহণ কৰিব পাৰে।
****************

শ্ৰীযুত উজ্জ্বল ফুকন, সম্পাদক, মে’, ২০১২
১/ সম্পাদক হিচাপে মোৰ অভিজ্ঞতা কেনেকুৱা আছিল কোৱাৰ আগতে মই উল্লেখ কৰাটো অতি জৰুৰী যে মই প্ৰথমবাৰৰ বাবে এখন আলোচনীৰ সম্পাদক হোৱাৰ সুবিধা পাইছিলোঁ৷ খুহুতীয়া কথাৰ মহলা মৰা বা আড্ডা দিয়াটো স্কুলৰ দিনৰে অভ্যাস আছিল কিন্তু কেতিয়াও একো লিখা নাছিলোঁ৷ সাহিত্যৰ তেতিয়াৰ সম্পাদক নিৰ্বাচন কৰা কমিটিক এই আপাহতে ধন্যবাদ জনালোঁ৷
তেতিয়া অকবত (অসমীয়াত কথা বতৰা) তেনেই কম সংখ্যক সদস্য আছিল আৰু গুণগত লিখনি দিয়াৰ এক অঘোষিত প্ৰতিযোগিতা আছিল৷ এটা ভাৰ্চুৱেল পৰিয়ালৰ দৰে আমি কাম কৰিছিলোঁ আৰু সেইবাবে চাগৈ ভাল লেখাৰ বাবে কাকো অনুৰোধ কৰিব লগা হোৱা নাছিল৷ প্ৰত্যেকেই যিমান পাৰে সহায় কৰিছিল৷ কোনোবাই লিখনিসমূহৰ বানান চাই দিছিল, আন কোনোবাই ছবি আঁকি দিছিল৷
আলোচনীখনৰ মান আগৰ সংখ্যাবোৰতকৈ উন্নত কৰাৰ এয়া এক সামূহিক প্ৰচেষ্টা আছিল৷ সেই সংখ্যাৰ আলোচনীখন কিমান ভাল হৈছিল বা কিমান বেয়া হৈছিল ক’ব নোৱাৰিম কিন্তু সেই এৰি অহা দিনবোৰত আমাৰ মনবোৰ বহু বেছি সৃষ্টিশীল আছিল৷ সম্পাদক হোৱা সময়খিনি কেতিয়াও পাহৰিব নোৱাৰিম৷
২/ সাহিত্য ডট অৰ্গে পাৰ হৈ অহা এঘাৰ বছৰে কেৱল লিখি ভালপোৱা এজাক মানুহৰ সৃষ্টি কৰা নাই, সৃষ্টি কৰিছে বহু পাহৰিব নোৱাৰা লিখনি৷ যিমানে অসমীয়া লিখনিৰ সংখ্যা ইণ্টাৰনেটত উপলভ্য হ’ব সিমানে অসমীয়া ভাষাৰ প্ৰসাৰ বাঢ়ি যাব৷ সাহিত্য ডট অৰ্গ আৰু অকব-ক এই আন্দোলনৰ বাটকটীয়া বুলিব পাৰি৷ নিজ প্ৰতিভাৰে অসমীয়া সাহিত্য জগতত আজিৰ দিনত জিলিকি উঠা বহুকেইজন প্ৰতিষ্ঠিত লেখকৰ প্ৰথম লেখা সাহিত্য ডট অৰ্গতে প্ৰকাশ পাইছিল৷ মই ভাবোঁ গুণগত মৌলিক সাহিত্য আৰু নতুন লিখক সৃষ্টি কৰাটো সাহিত্য ডট অৰ্গৰ সবাতোকৈ ডাঙৰ সাফল্য৷
৩/ মই নিজে চুটিগল্প পঢ়ি আৰু লিখি ভাল পাওঁ৷ চৰিত্ৰসমূহক কম পৰিসৰৰ ভিতৰত উপস্থাপন কৰি পাঠকক অলপ সময়ৰ বাবে হহুৱাই, কন্দুৱাই বা চিন্তা কৰিবলৈ বাধ্য কৰোৱাটোৱে মোৰ বোধেৰে চুটিগল্পৰ অন্যতম বৈশিষ্ট্য৷ চুটিগল্পবোৰত সামগ্ৰিক সমাজ জীৱনৰ প্ৰতিফলনো দেখা যায়৷ সেইবাবে চুটিগল্প মোৰ অন্যতম প্ৰিয় শিতান৷
৪/ আগ্ৰহী, কিন্তু আগন্তুক ১-২ বছৰৰ বাবে মই নোৱাৰিম৷ বৰ্তমান প্ৰফেছনেল কেৰিয়াৰৰ জেলেপিত পাক খাই আছোঁ৷
৫/ প্ৰতিযোগিতা – সাহিত্য ডট অৰ্গৰ বেনাৰত প্ৰতিযোগিতা পাতিব পাৰিলে ভাল হ’ব৷ গল্প, কবিতা বা আন যি কোনো শিতানৰ বাবে পাতিব পাৰে৷ এইদৰে নতুন লিখকসকল বহু বেছি অনুপ্ৰানিত হ’ব৷ সাহিত্য ডট অৰ্গৰ প্ৰচাৰ আৰু প্ৰসাৰো বৃদ্ধি হ’ব৷ কবিতা পাঠ আৰু গল্প পাঠ শিতান (অডিঅ’) আৰম্ভ কৰিব পাৰে৷ কবিতা পাঠ বা আবৃতি সঠিকভাবে কৰিব জনাটো অতি প্ৰয়োজনীয়৷
৬/ সাহিত্য ডট অৰ্গৰ ইউ টিউব ছেনেলত প্ৰত্যেক সপ্তাহত নতুন সম্ভাৱনা থকা লিখক বা গায়ক বা সাংস্কৃতিক কৰ্মীৰ সাক্ষাৎকাৰ ল’ব পাৰে৷
******************

শ্ৰীযুত প্ৰতিম প্ৰতাপ বৰুৱা, সম্পাদক, জুন ২০১২
১) মই সেই আৰম্ভণিৰ সময়তে সাহিত্যৰ এটা সংখ্যাৰ সম্পাদক আছিলোঁ। সেই সময়ত অকবলৈ অহা লেখাৰ মান কম নাছিল, কিন্তু লেখকৰ (লেখিকা শব্দটোও লগতে সামৰিছোঁ) সংখ্যা কম আছিল। অসমীয়া লিপিৰে কম্পিউটাৰত লিখিবলৈ নতুনকৈ শিকিবলগীয়া হোৱাটো ইয়াৰ এটা কাৰণ আছিল।
উৎসাহৰ সীমা নাছিল। সাহিত্য ডট অৰ্গৰ যিকোনো কামত অংশগ্ৰহণ কৰাটো সকলোৱে এটা দায়িত্ব হিচাপে লৈছিল– সম্পাদক হিচাপে এইটো মোৰ সকলোতকৈ ভাল লগা আবিষ্কাৰ আৰু অভিজ্ঞতা আছিল।

২) সাহিত্য ডট অৰ্গৰ journey towards maturity ওচৰৰপৰা দেখিছিলোঁ। অৱশ্যে যোৱা কেইবছৰমানৰপৰা বিভিন্ন কাৰণত মোৰ অসমীয়া সাহিত্যৰ (অনলাইন/অফলাইন) সৈতে সম্পৰ্ক কমি যোৱা লগতে সামাজিক মাধ্যমত মোৰ অনুপস্থিতিৰ কাৰণে বৰ্তমানৰ সহিত্য ডট অৰ্গৰ বিষয়ে মন্তব্য দিয়াটো মোৰ বাবে সম্ভৱপৰ নহয়।

৩) এটা নহয়, দুটা শিতানে মোক আকৰ্ষিত কৰিছিল – সম্পাদকীয় আৰু প্ৰৱন্ধ।

৪) নহয়।

৫) আৰু ৬) অনুবাদ সাহিত্য। পৃথিৱীৰ শ্ৰেষ্ঠ সাহিত্য সম্পদখিনিৰ অতি ক্ষুদ্ৰমানহে অসমীয়া ভাষালৈ অনুবাদ হৈছে। সাহিত্য ডট অৰ্গে অসমক কিছু শ্ৰেষ্ঠ অনুবাদ সাহিত্য দিয়ক – এয়া বিচাৰোঁ। আৰু এটা কথা। আমাৰ ভাৰততে ইমান বেছি উন্নত সাহিত্য আছে যিবিলাকৰ শুদ্ধ আৰু সম্পূৰ্ণ অনুবাদ অসমীয়া ভাষাত নাই। আমি পাহৰিব নালাগিব যে আমাৰ ভাৰতত যেতিয়া গদ্য আৰু কাব্য-সাহিত্যৰ সৃষ্টি হৈছিল তেতিয়া ইউৰোপত মানুহে গুহাত বাস কৰিছিল। ভাৰতত সৃষ্টি হোৱা সেই প্ৰাচীন সাহিত্য আজিও পৃথিৱীৰ ভিতৰতে সৰ্বোৎকৃষ্ট আৰু অজৰ-অমৰ। সেই সাহিত্যৰ সহজ, শুদ্ধ আৰু শুৱলা অনুবাদ আৰু ততোধিক শুৱলা আৰু গভীৰ বিশ্লেষণ ভাৰতৰ অন্য আঞ্চলিক ভাষাত যেনেকৈ আছে অসমীয়া ভাষাত নাই। এটা সৰু উদাহৰণ – Ramsukhdas-ৰ Srimad Bhagwad Gita Sadhak Sanjivani-ৰ সমপৰ্য্যায়ৰ এখন শ্ৰীমদ্ভাগৱত গীতা (বা সেইখনৰে অসমীয়া অনুবাদ) অসমীয়া ভাষাত কিয় নাই? – প্ৰশ্নটো আনকি মোৰ নিজৰ বাবেও।
***************

ডা° গীতাৰ্থ বৰদলৈ, সম্পাদক, জুলাই, ২০১২
১) সাহিত্যৰ সম্পাদক হিচাপে মোৰ অভিজ্ঞতা সুখকৰ আছিল। সেই সংখ্যাটো “চিকিৎসা বিজ্ঞান” বিশেষ সংখ্যাৰূপে সজাবলৈ প্ৰয়াস কৰিছিলোঁ। সেই সূত্ৰেই কেইবাটাও মূল্যৱান লেখা লাভ কৰিছিলোঁ। কবিতাসমূহৰ বাছনিৰ দায়িত্ব সম্পূৰ্ণভাৱে মিতালী বাৰ আছিল। লেখা সংগ্ৰহ, সম্পাদনা, বৰ্ণাশুদ্ধি নিবাৰণ আদিৰ বাবে মাহজুৰি চলা অনলাইন আড্ডা মোৰ বোধেৰে প্ৰতিগৰাকী সম্পাদকেই উপভোগ কৰিছিল।
২) সাহিত্য এঘাৰবছৰীয়া হ’ল। আৰম্ভণিতে নিশ্চয় কোনেও এই দীৰ্ঘ পৰিক্ৰমা কল্পনা কৰা নাছিল। কোৱা বাহুল্য যে ‘অসমীয়াত কথা-বতৰা’ই দেখুৱাই যোৱা বাটেৰে বহু গোট আৰম্ভ হৈছিল কিন্তু তাৰে বহু এতিয়া নাই। একেদৰেই ‘সাহিত্য ডট্‌ অৰ্গ’ৰ দৰে আৰম্ভ হোৱা কেইবাখনো আলোচনীও এতিয়া নাই। সাহিত্যৰ এই দীঘলীয়া যাত্ৰাৰ আঁৰৰ কাৰকৰ ভিতৰত আছে এক শক্তিশালী ফেইচবুকীয়া ‘অসমীয়া’ গোটৰ সমৰ্থন আৰু আদিকালতে গোটৰ প্ৰশাসকসকলে প্ৰচলন কৰা কিছু অভিনৱ নিয়ম। এগৰাকী-দুগৰাকী সম্পাদকৰ পৰিৱৰ্তে যিকোনো ভাল লেখা মানুহ বা ভাল সদস্য সম্পাদক হ’ব পৰা নিয়মে নিশ্চয় সকলোকে আকৰ্ষণ কৰিছিল আৰু সকলোৱে ‘নিজৰ’ গোট বা আলোচনী বুলি ইয়ালৈ বৰঙণি আগবঢ়াইছিল। এতিয়াও সেই বিশ্বাস অটুট আছে। ছপা মাধ্যমলৈ কেইবাগৰাকী লেখক-লেখিকা আগবঢ়াই দিয়া আৰু ইণ্টাৰনেটৰ জগতলৈ অসমীয়া আখৰৰ এক মোটা ডেইটাবে’ছ অৱদান দিয়া সাহিত্যই অনাগত দিনতো নিজৰ মৰ্যাদা অব্যাহত ৰাখিব বুলি আমাৰ আশা।
৩) ‘সাক্ষাৎকাৰ’। এই শিতান আৰম্ভ কৰা অনলাইন আলোচনীসমূহৰ মাজত ‘সাহিত্য’ আছিল অন্যতম। এই শিতানৰ বাবে সদস্যসকলে কৰা কষ্ট, কচৰৎ আমাৰ জ্ঞাত। অসমৰ কেইবাগৰাকী গণ্য-মান্য ব্যক্তিৰ সাক্ষাৎকাৰ সংৰক্ষিত হৈ থকা এই পৃষ্ঠাকেইটা অসমীয়াৰ বাবে এক মূল্যৱান সম্পদ।
৪) এই মুহূৰ্তত সাহিত্যৰ সম্পাদকৰ দায়িত্ব ল’বলৈ মই অপাৰগ। খুচুৰা কামৰ বাবে আজৰি সময় আছে যদিও এমাহজোৰা পৰিশ্ৰমৰ বাবে চাকৰি আৰু সংসাৰে অনুমতি নিদিয়ে। ভৱিষ্যতে হয়তো পুনৰ এই দায়িত্ব ল’বলৈ আগ্ৰহী হ’ম; সেই দিন কেতিয়া আহে নাজানো।
৫, ৬) অসমৰ বৃহৎ সংখ্যক পাঠকে ছপা মাধ্যম বাদ দি অনলাইন মাধ্যমৰ প্ৰতি এতিয়াও আগ্ৰহ দেখুওৱা নাই আৰু সাহিত্য ডট্‌ অৰ্গ তেওঁলোকৰ বাবে অচিনাকী। নলিনীধৰ ভট্টাচাৰ্যৰ আত্মজীৱনীয়ে সাহিত্য ডট্‌ অৰ্গক বহু লোকৰ লগত ন-কৈ চিনাকী কৰি দিয়াৰ দৰে ছপা মাধ্যমৰ প্ৰতিষ্ঠিত লেখক-লেখিকাৰপৰা ‘নতুন’ লেখা সংগ্ৰহ কৰিব পাৰিলে সাহিত্যৰ পাব্‌লিছিটী এঢাপ আগুৱাব। পুঁজি সংগ্ৰহৰ বাবে সাহিত্যই বিজ্ঞাপনৰ কথাও চিন্তা কৰিব পাৰে। গ্ৰন্থমেলাৰ লিখন সঁজুলিৰ ষ্টল থকাৰ দৰে সাহিত্য ডট্‌ অৰ্গেও কাৰোবাৰ লগত সহযোগিতাৰে বিজ্ঞাপনমূলক প্ৰচাৰ চলাব পাৰে।
*****************

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!