উপন্যাস পৰ্যালোচনা : কথা ৰত্নাকৰ

লেখক- জোনালী ডাউকা

উপন্যাসৰ নাম= কথা ৰত্নাকৰ
ঔপন্যাসিক=  ড° ধ্ৰুৱজ্যোতি বৰা

প্ৰথম প্ৰকাশ= ২০০৭
প্ৰকাশক= অন্বেষা
মূল্য= ১৬৫.০০ টকা

#উপন্যাসৰ বিষয়বস্তু—-

   ২০০৯ চনৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত ‘কথা ৰত্নাকৰ’ সামগ্ৰিকভাৱে এখন সামাজিক উপন্যাস৷ উপন্যাসখনৰ শেষত সংযোজিত উপসংহাৰে উপন্যাসখনৰ আধাৰ আৰু লেখকৰ অভিজ্ঞতাৰ আভাস দিব৷

মূলতঃ জাতিভেদ প্ৰথাই এখন সমাজক কিদৰে বিপথে পৰিচালিত কৰিব পাৰে, তাৰেই আলম লৈ উক্ত উপন্যাসখন ৰচনা কৰা হৈছে। সমাজৰ বিভিন্ন মানুহে নিজ নিজ ক্ষমতাৰ ওপৰত  ভেজা দি কেনেদৰে আন এখন সমাজৰ বাবে অহিত চিন্তাত মগ্ন হোৱাৰ দৰে নিকৃষ্ট কাৰ্য্যত লিপ্ত হ’ব পাৰে আৰু দুঃসময় তথা বেয়া সুযোগে কিদৰে মানুহক বিপথে পৰিচালিত কৰিবলৈ সক্ষম হয় তাৰেই যেন এখন দাপোণ উপন্যাসখনিৰ পৃষ্ঠাবোৰ৷

তাৰোপৰি আছে, আদি সময়ত একশৰণ নাম ধৰ্ম কেনেদৰে অসমৰ গ্ৰাম্য সমাজৰ বুকুত শিপাবলৈ সক্ষম হৈছিল, কেনেদৰে এই নতুন ধৰ্মৰ প্ৰচাৰে সমাজলৈ আমূল পৰিৱৰ্তন কঢ়িয়াবলৈ সক্ষম হৈছিল; তাৰেই নিদৰ্শনক কাহিনীৰ বুকুৰে শিপাই বহলাই কৰা আলোচনা৷

#থুলমুলকৈ কাহিনীৰ সৈতে পৰিচয়——

  অস্পৃশ্যতা; ডোম শ্ৰেণীৰ মানুহক ভকত সমাজে কৰা অস্পৃশ্যতাক বিষয় হিচাপে লৈ আৰম্ভ হোৱা কাহিনীভাগ কানিৰ ধোঁৱাই চানি ধৰা অসমক সামৰি লোকবিশ্বাস তথা অন্ধবিশ্বাসৰ দুৱাৰদলিত থিয় হৈ পৰাধীন ভাৰতৰ পৰিৱেশ বৰ্ণনাৰ দিশে ধাৱমান হৈছে। যি পৰিৱেশত নিম্ন শ্ৰেণীৰ মানুহে সমাজত সমস্থান পালেও বাস্তৱত ৰাজনৈতিক স্বাধীনতা লাভেও যে অসমৰ গাওঁ-ভূঁইবোৰত মানুহক সম অধিকাৰ, সমস্থান দিবলৈ অপৰাগ হৈছে; তাৰে সুন্দৰ নিদৰ্শন কাহিনীৰ মাজেৰে পাঠকৰ বুকুত শিপাব পৰাকৈ লেখকে কলমেৰে আঁকি গৈছে৷
    লগতে আছে, সময়-পৰিস্থিতিৰ ৰোষত পৰি, ভোকৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি বিপথগামী হোৱা মানুহৰ কাহিনী। চৌৰ্য বৃত্তি তথা ডকাইতি কৰা নানান কায়দাও লেখকে কাহিনীৰ মাজেৰে পাঠকক জনাই গৈছে৷
    উপন্যাসখনৰ বুকুত আছে; ঘটনাক্ৰমৰ মাজতে লেখকে আগবঢ়োৱা আহোম বুৰঞ্জীৰ এক সংক্ষিপ্ত অধ্যায়ৰ সৰস বৰ্ণনা, মোৱামৰীয়া বিদ্ৰোহৰ পিছত কুৱৈগঞা ঘনশ্যাম বুঢ়াগোহাঁয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ কাহিনী৷ ভাৰত স্বাধীনতা প্ৰাপ্ত হোৱা দিনটোত অসমৰ গাঁৱে-ভূঞে সহজলভ্য হৈ পৰা উল্লাসৰ দৃশ্যাৱলীৰ বৰ্ণনা, অনাদি কালৰ পৰা চলি অহা বৰ্তমানেও মুক্ত নোহোৱা জাত-পাতৰ গইনা লৈ বিয়া-বাৰুৰ ক্ষেত্ৰত হোৱা বাদ-বিবাদ তথা জাত-পাতে মানুহৰ মাজত অংকুৰিত কৰা বিদ্ৰোহী সত্তাৰ পৰিচয়৷ আৰু আছে, পঞ্চাশৰ পথৰুঘাটৰ কৃষকৰ ৰণৰ সাৱলীল বৰ্ণনা আৰু নৈ-নাওঁ তথা মাছমৰীয়া জীৱনৰ দৰ্শন৷ উপন্যাসখনৰ বুকুতে আছে সাম্যবাদৰ ধাৰণাটোক পিছপৰা শ্ৰেণীৰ মানুহে খামুচি ধৰি কিদৰে উধাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ যি চেষ্টাই উচিত-অনুচিতৰ ভেটিক আওকাণ কৰি মাত্ৰ প্ৰগতি আৰু সমতা বিচাৰিছিল, তাৰো কাহিনীৰ মাজেৰে বৰ্ণনা কৰা হৈছে। লগতে, ছ’চিয়েলিষ্টৰ ধাৰণা আৰু হাবি কাটি জীৱন-জীৱিকাক উদ্ধাৰ কৰা মানুহৰ কাহিনী৷
  সদৌ শেষত উল্লেখ কৰোঁ, উপন্যাসখনত প্ৰাণ সঞ্চাৰ কৰা বাস্তৱ-অবাস্তৱৰ দোমোজাত ওলমি ৰোৱা জলকুৱঁৰী আৰু জলকুৱঁৰীৰ সংসাৰৰ সুন্দৰ বৰ্ণনা৷

#চৰিত্ৰ—

  মইনা —–
    উপন্যাসখনৰ প্ৰধান চৰিত্ৰ মইনা পঢ়াত চোকা বিধৰ আছিল যদিও পিতাকৰ নিৰ্লিপ্ততা আৰু অভাৱৰ বোকোচাত উঠি পঢ়া আধাতে সামৰি ভঙুৱা বুদুৰ হাতত ধৰি চুৰি বিদ্যাত পাকৈত হৈছিল৷ পিছলৈ প্ৰেমৰ সংস্পৰ্শত আহি চুৰি, ডকাইতি সকলো বিপথগামী কামত হাত দিছিল৷ তথাপি, সি তাৰ ভিতৰত এটা ভাল মানুহৰ অৱস্থিতি সদায়েই অনুভৱ কৰিছিল৷ লগতে যৌৱন কাললৈকে অনুভৱ কৰিছিল  তেওঁৰ জীৱনৰ একমাত্ৰ ভালপোৱা ব্যক্তি ককাকৰ অশৰীৰী আত্মাৰ অৱস্থিতি৷  সহচৰ প্ৰেমক কৰা প্ৰহাৰৰ পোতক তুলিবলৈ আৰু নিজৰ জাতৰ বিৰুদ্ধে কথা কোৱা নৰেশ্বৰক এসেকা দিবলৈ দুবাৰকৈ হাতত বন্দুক তুলি লৈয়ো বিফল হৈছিল৷ মইনাই জীৱনৰ অধিকাংশ সময় পলাই ফুৰিবলগীয়াত পৰিছিল৷ এই পলাই ফুৰা সময়তে সৃষ্টি হৈছিল অনেক কাহিনী, তাতেই অগাদেৱা কৰিছে অনেক চৰিত্ৰই। শেষত পুলিচৰ হাতত পৰি জেল খটা মইনা জীৱনৰ শেষ সময়ত বহুত শান্ত হৈ পৰিছিল৷
 মাক-দেউতাক-খূড়াক-খূড়ীয়েকে পাকচক্ৰত পৰি পতা দুখন সংসাৰ আৰু দুয়োখন সংসাৰৰ ল’ৰা-ছোৱালীৰ উপস্থিতিয়ে এইসকল চৰিত্ৰক কাহিনীৰ মাজলৈ লৈ আহিছে৷
     ভাগ্য আৰু অতীতৰ বিড়ম্বনাত হ’ব বুলি আশা কৰা চাকৰিটো নোহোৱাত, ভাল মানুহ হ’বলৈ দিয়া প্ৰথমটো খোজত বিমুখ হৈ ওভতনি যাত্ৰা কৰা দৃশ্যৰ বৰ্ণনাই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে।

তাৰোপৰি আছে, কামিনী বাই, তিলেশ্বৰী, লেধাই, বুদু, গোপাল, প্ৰেম, পেটুৱা চোৰ আৰু ঘৈণীয়েক, মাষ্টৰ, নৰেশ্বৰ আৰু অলেখ চৰিত্ৰৰ অনেক কাহিনী৷
  ইয়াৰ মাজত, বুদু আৰু গোপাল চৰিত্ৰ দুটিয়ে বহন কৰিছে সময়, সুবিধা আৰু সুযোগৰ আওঁতাত পৰি মানুহ কিদৰে সলনি হ’ব পাৰে৷ যদিও গোপালৰ পৰিৱৰ্তন তাৎক্ষণিক তথা ৰাজনৈতিক তথাপি ধনাত্মক৷ বুদু ভঙুৱা, বুদু ভকত হোৱাৰ পৰিৱৰ্তনো নিশ্চয়কৈ ধনাত্মক৷

#সফলতা—-

১ বাস্তৱ, কল্পনা, সত্য-অসত্য, জনবিশ্বাস আদিৰ আধাৰত গঢ়ি উঠা মইনাৰ ককাক আৰু মেৰি বাইদেউৰ কাহিনী উপন্যাসৰ মাজে মাজে সুৰুঙা বুজি ভুমুকি মৰা আৰু সেই কাহিনীৰ সফল সমাপ্তি উপন্যাস খনিৰ বাবে যেন মুকুতামণি৷

২ সামাজিক-ৰাজনৈতিক-জনবিশ্বাস-ধাৰ্মিক, ঐতিহাসিক; প্ৰতিটো সমলৰ ঔপন্যাসিকৰ কলমৰ মাজেৰে  সফল ব্যৱহাৰ আৰু সৰস বৰ্ণনাৰ উপস্থাপন৷

৩ গতানুগতিক বৰ্তমানৰ উপন্যাসৰ ধাৰাটোৰ পৰা ফালৰি কাটি এক পৃথক সোৱাদ দিবলৈ ঔপন্যাসিকজন সফল হৈছে৷

#দুৰ্বলতা—-

১ নৈৰে হওক বা প্ৰকৃতিৰে;  অধিক স্থৱিৰ বৰ্ণনাই কাহিনীটোৰ গতিশীলতাক চুই যায়৷

২ কোনো এক ঘটনা; উদাহৰণস্বৰূপে, কাহিনীটোৰ আৰম্ভণিতে নায়কে বৰশী লাগি থকা শিকলি উদ্ধাৰ কৰা ঘটনাটো; বা অন্য এটি ঘটনাৰ পুনঃপুনঃ বিৱৰণে বা অত্যাধিক বিৱৰণে পাঠকক বিৰক্ত কৰাৰ থল আছে৷

#সামৰণি—–

    বহুতো চৰিত্ৰৰ একাধিক কাহিনীৰে পৰিৱেষ্টিত উপন্যাসখনে পাঠকৰ মনক এক নতুন তৃপ্তি দিব পাৰিব৷ কাহিনীৰ কোনোবাখিনিত বহুত বেছি উৎকণ্ঠিত হোৱাৰ বিপৰীতে ক’ৰবাত চৰিত্ৰৰ সৈতে একাত্ম হৈ স্তব্ধ হৈ পৰাৰ সমল আছে৷  ৰোমাণ্টিক উপন্যাসৰ প্ৰতি বা জীৱনী-আত্মজীৱনীমূলক কিতাপৰ প্ৰতি বেছি ৰাপ থকা পাঠকসকলেও এখন সামাজিক উপন্যাসৰ মাজত মুগ্ধ হৈ পৰাটো সঁচাকৈয়ে ঔপন্যাসিকৰ সফলতাৰ বাদে আন একো নহয়। সকলোৱে উপন্যাসখনৰ বুকুত  কোনো ঠাইত এখন পৰিষ্কাৰ নাইবা আন কোনো ঠাইত এখন ধুৱলী-কুৱলী পুৰণি অসমৰ চিত্ৰ উদ্ধাৰ কৰিবলৈ নিশ্চয় সক্ষম হ’ব৷

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!