কথা

লেখক- ৰক্তিম গোস্বামী

কথা, মনৰ কথা। কাৰ লগত পাতিম? মই পতা কথাবোৰ ভাল পাবনে নেপায় বা সিহঁতে? মোৰ লগত কথা পাতিবলৈ সময় অলপো নোলায় দেখোন সিহঁতৰ। কি ডাঙৰ কি সৰু কাৰো আহৰিয়েই নাই । মোৰ বয়স হৈছে। জীৱনৰ সকলো ব্যস্ততা পাৰ কৰিলো। এবুকু স্মৃতি আছে। জীৱনটোৰ সকলো ৰং দেখিলো। ঘাট- প্রতিঘাট, হাঁহি-চকুলো, মিলন-বিচ্ছেদ এই সকলোবোৰ বগুৱাবাই আহি সিপুৰীলৈ যোৱাৰ পূৰ্বে অলপ জিৰণি লোৱাৰ সময় এইকণ, শেষবাৰৰ বাবে সকলোৰে লগত মনখুলি কথা পতাৰ সময় এইকণ মোৰ। নাতি পোৱালী জাহ্নবী আৰু মুনুহতঁৰ হাতত ধৰি ধৰি খোজকঢ়াৰ সময়, এদিন যি দৰে সিহঁতৰ দেউতাকে মোৰ হাতত ধৰি কাঢ়িছিল। সিহঁতৰ লগত কথা পাতি পাতি সকলো পাহৰি পেলাবলৈ মন যায়। আগতে সিহঁতৰ যেতিয়া সময় আছিল, সিহঁতৰ লগত যেতিয়া কথা পাতিছিলো তেতিয়া প্রায়েই পাহৰি পেলাইছিলো মোৰ বয়সৰ কথা। ক’ৰ পৰা জানো জোৰ পাইছিলো সিহঁতৰ কথাবোৰ শুনি ঢেকঢেকাই হাঁহিবলৈ। এনেইচোন ভাত কেইটা চোবালেও ভাগৰে হেঁচা মাৰি ধৰে।

এতিয়া সিহঁতবোৰ ডাঙৰ হৈ আহিছে। মোৰ লগত কথা এষাৰ পাতিবলৈ আঁহৰি নোহোৱা হৈছে। বোৱাৰী শান্তা আৰু ল’ৰা শান্তনু দুয়ো চাকৰিয়াল। মৰম কৰে মোক, ইচ্ছা কৰিলেও অকণপৰ বহি কথা পাতিবলৈ সময়কণৰ টনাটনি। উপায় নাই দুটাকৈ উঠি অহা ল’ৰা-ছোৱালী। অলেখ চিন্তা। ইমান ব্যস্ততাৰ মাজতে আকৌ সিহঁতে নাতি- নাতিনীহালক ক’ত ক’ত যে দিয়া নাই! স্কুল- টিউচনবোৰটো আছেই তাৰ ওপৰত আকৌ ষ্টেডিয়াম, চুইমিং, মিউজিক ক্লাচ এইবোৰতো নাম লগাই দিছে। সিহঁতৰ এতিয়া নিজৰ লগতে, নিজৰ মাজতে কথা পতাৰ আহৰি নাই। মুঠতে সময় নাই, এইখন ঘৰত মোৰ বাদে কাৰো সময় নাই। কথা পতাৰ আহৰি নাই। ক’ত আৰু মোৰ লগত বহি মোৰ জীৱন অভিজ্ঞতাৰ বুৰঞ্জীসোপা শুনিব। সিহঁতক দেখিলেই মেচিন মেচিন লগা হৈছে মোৰ। কিয় জানো অনুভৱ হয় ক’ৰবাত যেন কিবা এটা ডাঙৰ ভুল কৰি আছে শান্তনু- শান্তাহঁতে। নিজৰ লগতো আৰু ল’ৰা- ছোৱালীহালৰ লগতো।

মই বুজি পাওঁ সিহঁতেও অনুভৱ কৰে মোৰ নিসংগতা। কেতিয়াবা চেষ্টা কৰে অলপ সময় উলিয়াই বহিবলৈ, কথা পাতিবলৈ কিন্তু তেতিয়াই জৰুৰী ফোন এটা ক’ৰবাৰ পৰা আহি লম্ভিব অথবা জাহ্নবী আৰু মুনুৱে কিবা সৰু কথাতে চিঞৰ- বাখৰ কাইজিয়া কৰি কথা পতাৰ পৰিবেশেই নাইকিয়া কৰি দিব। সিহঁত আহি এইদৰে উঠি যাবলগীয়া হ’লে মোৰ মনটোত বৰ বেজাৰ লাগে। সিহঁতে বুজিলেও অনুভৱ কৰিব পাৰিব জানো সিহঁতৰ লগত অলপ কথা পাতিবলৈ মই কিমান আঁকলোৱা হৈ ৰৈ থাকো। সিঁহতৰো এদিন এই সময় আহিব। সিহঁতেও বুজিব। এইবোৰ সময়ৰ লগত হোৱা অভিজ্ঞতা। সময়ে জীৱনৰ স্থিতিবোৰ এনেকৈয়ে আঁকি ৰাখে। কিছুমান কথা সময়ৰ আগত অনুভৱ কৰিব নোৱাৰি। সময়ৰ তৰপে তৰপে ৰং, ৰঙে ৰঙে অনুভৱ। জীৱনটো যে সাইলাখ ‘ইকেবানা’। মই বুজো, সেয়ে মই জগৰ নধৰো কাহানিও।

আগৰদিনৰ মানুহবোৰ কথা আৰু সময়ৰ ধনেৰে প্রচুৰ ধনী আছিল। হাজাৰ দুখতো কথাৰ বাবেই জীৱনত স্ফূৰ্টি আছিল।হাজাৰ গভীৰ নহওঁক বুকুৰ ভিতৰৰ শোকৰ সাগৰখন, কথাৰ বলেৰে আলি কাটি সেই সাগৰক বোৱাই দিব পাৰিছিল। ‘মানুহ- সময়- কথা’ৰ এক যেন জীৱনোজ্বল সংগম। পিতাইহঁতে মোৰ বয়সত ৰাতি দুপৰলৈ কথাৰ মহলা মাৰিছিল। গাঁওৰ ঘৰ, আন কথাত গোটেই গাঁও খনেই ঘৰ আছিল। কথা পাতিবলৈ আজিৰ দৰে মানুহৰ অভাৱ নাছিল। আইহঁতে চাহ-ভাত, পান-তামোল কৰিয়েই জীৱনটো নিলে। কেতিয়াবা আয়ে পাকঘৰত ভোৰভোৰাই থকা শুনিছিলো, ‘ৰাতিপুৱাল কি নাই এইজাক আহিবৰ হ’ল আৰু…এতিয়া বনাই যা, খোৱাই যা। মৰি নেযাওঁ কেলেই!’ পিছে সময়বোৰ যে এনেকৈ সলনি হ’ব ভবাই নাছিলো। ওখ গছ এজোপাৰ শিখৰত সজা চৰাইৰ বাঁহ এটাত হে যেন আবদ্ধ হৈ ৰ’লো। এই ফ্লেট- চেট বোৰ সঁচাকৈ বৰ আমনিদায়ক। মোৰ দৰে গাঁওত মুক্ত বিহংগৰ দৰে শৈশৱ কটোৱা, মুকলি আকাশ- বতাহৰ ৰঙত উমলি ডাঙৰ হোৱা মানুহৰ বাবে ‘ফ্লেট’ মৃত্যুৰ শেষ ষ্টপেজ। ইহঁতবোৰ ওলাই যোৱাৰ পিছত এই ‘ফ্লেট’ চাৰিবেৰৰ মাজৰ শব্দহীন, কথাহীন, মানুহীন নিঃস্তব্ধ সময়বোৰৰ এটা এটা পলে জীৱনৰ পৰা এটি এটি উশাহক নিষ্ঠুৰতাৰে হাঁহি হাঁহি কাঢ়ি নিয়া যেন লাগে। তেতিয়া এনে লাগে যেন মোৰ লগত কথা নেপাতিলেও নাই সিঁহতবোৰ সোনকালে ঘৰ সোমালেই হ’ল। অন্তত এক আশ্বাস যে কথা নেপাতিলেও অন্তত কোনোবা কাষতে আছে। আচলতে মই অকলে নাছিলো। ল’ৰা শান্তনুয়ে ঘৰৰ কাম-বন কৰিবলৈ আৰু দিনটো মোৰ লগত থাকিবলৈ দুবাৰকৈ ছোৱালী আনি ৰাখিছিলে পিছে সিহতঁৰ গতি-বিধি, চাল- চলনত অলপ সন্দেহ হোৱাত আৰু বিপদৰ আশংকাত সিঁহতক পঠাই দিলে। তাৰপিছত হাতত এটা মবাইল দি সকলো বুজাই দিছে।জৰুৰী নম্বৰবোৰো বহি এখনত লিখি দিছে। খুব প্রয়োজন হ’লে, কথা পাতিব মন গ’লে ল’ৰা বা বোৱাৰীলৈ ক্ষন্তেকৰ বাবে ফোন এটা কৰো। এবাৰ মাতটো শুনাৰ পিছত দিনটোৰ বাকি সময়ছোৱা ভালকৈ পাৰ হৈ যায়।

মই আগতে এই মবাইল-চবাইলজাতীয় যন্ত্রপাতিবোৰ বৰ বেয়া পাইছিলো। ঘৰখন ঘৰ হৈ নাথাকে। একেখন ঘৰতে মানুহবোৰক ইমান বেলেগ বেলেগ কৰি পেলায়। একেলগে থাকিও কোনেও কাৰো লগত কথা নেপাতে। সমুখৰ ৰুমতে কেতিয়াবা চাৰিওটা, চাৰিওটাফালে মবাইল টিপি টিপি বহি থাকে।বহুপৰ পাৰ হৈ যায় এনেকৈয়ে। ঘৰত যেন কোনোৱেই নাই। সিঁহত থকাৰ পিছত ঘৰখনত দিনৰদৰে নিস্তব্ধতা বিৰাজ কৰিলে মোৰ উশাহ বন্ধ হোৱাৰ উপক্রম হয়। তথাপি একো নকওঁ। মইতো নাজানো কি বা জৰুৰী কাম কৰি থাকে সিঁহতে। বোৱাৰীয়ে এবাৰ কৈছিলে আজিকালি বোলে সকলো কামই মবাইলতে হয়। সিঁহত এনেদৰে মবাইল লৈ বহি থাকিলে মই মাথো আশাৰে সিঁহতৰ মুখলৈ চায় ভাবি থাকো কেতিয়া সেই মবাইলডাল থৈ কোনোবা এটা উঠি আহি মোৰ লগত অলপ কথা পাতিবহি। এতিয়া পিছে উপায় নাই মোৰ। সিঁহত নাথাকিলে মোৰ সাৰথি এই মবাইলটোৱেই, দুআষাৰ কথাৰ সম্বল এই মবাইলটোৱেই। টিভি চায় বেয়া পাওঁ। পেপাৰখন কিন্তু পঢ়োঁ। পেপাৰত আজিকালি লেখকৰ ফোন নম্বৰবোৰ দিয়ে। ভাল পোৱা লেখাবোৰ পঢ়ি ফোন কৰো। কেতিয়াবা উত্তৰ পাওঁ, কেতিয়াবা নাপাওঁ। সিঁহতবোৰোতো ব্যস্ত। কেতিয়াবা কোনোবাই বৰ ধুনীয়াকৈ আগ্রহেৰে দীঘলীয়াকৈ কথা পাতে। মোৰ কথা সোধে কিমান যে মনটো ভাল লাগে বুজাব নোৱাৰো। আৰ্শীবাদ দিওঁ মনৰ পৰা। কথা অবিহনে জীৱন কি মোতকৈ আৰু ভালকৈ কোনে বুজিব পাৰিব। জীয়াই থকা মানেইটো কথা, মৃত্যু নিঃস্তব্ধতা।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!