এক ঘণ্টাৰ কাহিনী

লেখক- ৰশ্মি ৰেখা বৰা হাজৰিকা

গল্প: এক ঘণ্টাৰ কাহিনী

মূল: দা ষ্টোৰী অফ এন আৱাৰ

গল্পকাৰ: কেট চপিন (Kate Chopin)

ভাবানুবাদ: ৰশ্মি ৰেখা বৰা হাজৰিকা


মিচেছ মেলাৰ্ড হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা বুলি জানি তাইৰ স্বামীৰ মৃত্যুৰ খবৰটো যিমান পাৰি নৰমকৈ জনাবলৈ চেষ্টা কৰা হ’ল।
তাইৰ ভনীয়েক জোচেফিনেই টুকুৰা-টুকুৰকৈ আধা লুকুৱাই আধা ভাঙি ইংগিতেৰে কথাটো জনালে। তাইৰ স্বামীৰ বন্ধু ৰিচাৰ্ডছো আছিল কাষত। ৰেল দুৰ্ঘটনাৰ খবৰটো আহোঁতে তেৱেঁই বাতৰি কাকতৰ কাৰ্যালয়ত আছিল, নিহতৰ তালিকাত ব্ৰেণ্টলি মেলাৰ্ডৰ নাম আছিল প্ৰথমতেই। তেওঁ দ্বিতীয়বাৰ টেলিগ্ৰাম কৰি খবৰটোৰ সত্যতা নিশ্চিত কৰি ল’লে আৰু দুখৰ বাৰ্তাটো আন কোনোবা অসাৱধান, ৰুক্ষ বন্ধুৱে দিয়াৰ আগতেই সহ্য কৰিব পৰাকৈ দিবলৈ খৰখেদা লগালে।
আন মহিলাবোৰে শুনাৰ দৰে নি:সাৰে গুৰুত্ব অনুধাৱন কৰিবলৈ অক্ষম হৈ তাই কাহিনীটো শুনা নাছিল। ভনীয়েকক সাৱটি ধৰি তাই লগে লগে নিঠৰুৱা হোৱাৰ দৰে কান্দোনত ভাগি পৰিল। কান্দি কান্দি ভাগৰি পৰিলত তাই নিজৰ কোঠালৈ গ’লগৈ। কাকো লগত যাবলৈ নিদিলে।
খোলা খিৰিকিখনৰ ফালে মুখ কৰি আছিল এখন আহল-বহল আৰামী চকী। সেই আৰামী চকীখনতে তাই বিধ্বস্ত শৰীৰেৰে বহি পৰিল, অৱসাদে যেন তাইৰ আত্মাকো স্পৰ্শ কৰিব খুজিছিল। ঘৰৰ সন্মুখৰ মুকলি চৌহদটোত নৱ বসন্তৰ আগমনত প্ৰাণ পাই উঠা গছৰ আগবোৰ তাইৰ চকুত পৰিছিল। বতাহত আছিল বৰ্ষাৰ সুঘ্ৰাণ। তলৰ ৰাস্তাটোত এজন বেপাৰীয়ে বস্তু বেচিবলৈ চিঞৰি আছিল। দূৰৈত কোনোবাই গাই থকা গীত এটা ৰিণি ৰিণিকৈ কাণত পৰিছিল, ঘৰৰ ছাদত ঘৰচিৰিকাবোৰে কিচিৰ মিচিৰ কৰি আছিল। খিৰিকিখনৰ পশ্চিম দিশত গোট খোৱা ডাৱৰবোৰৰ মাজে মাজে অ’ত ত’ত নীলা আকাশৰ টুকুৰা দেখা গৈছিল। তাই চকীখনৰ কুশ্বনত মূৰ পেলাই নিশ্চল হৈ বহিল। কিন্তু কান্দি কান্দি শুই পৰা শিশু এটাই সপোনতো উচুপি থকাৰ দৰে উচুপনি এটা ডিঙিয়েদি উজাই আহি তাইক কঁপাই থাকিল।
এখন বগা, নিৰ্জু মুখেৰে তাই আছিল এজনী গাভৰু ছোৱালী, যাৰ শৰীৰৰ ৰেখাই নিপীড়ণৰ লগতে এটা বিশেষ শক্তিৰো কথা কৈছিল। কিন্তু এতিয়া তাইৰ দৃষ্টি নিস্তেজ, দূৰ দিগন্তৰ নীলা আকাশৰ টুকুৰাবোৰত নিবদ্ধ। নাই, সেই দৃষ্টিত চিন্তাৰ প্ৰতিফলন নাছিল, বৰঞ্চ জ্ঞান-বুদ্ধি লোপ পোৱা যেনহে লাগিছিল। কিবা এটা যেন তাইৰ ওচৰলৈ আহি আছিল আৰু তাই যেন ভয়ে ভয়ে তাৰ বাবে অপেক্ষা কৰি আছিল। কি আছিল সেইটো? তাই নাজানিছিল; নাম ল’বলৈ ই আছিল অতি সূক্ষ্ম আৰু এক অবুজ সাঁথৰ। কিন্তু তাই অনুভৱ কৰিছিল ই যেন আকাশৰ পৰা বতাহত ওপঙি ফুৰা শব্দ, গোন্ধ, আৰু ৰঙৰ মাজেৰে তাইৰ ফালে বগুৱা বাই আহি আছিল। তাইৰ বুকুখন ভয়ংকৰভাৱে উঠা নমা কৰিবলৈ ধৰিলে। তাইৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ ওচৰ চাপি অহা এই বস্তুটোক তাই চিনি পাবলৈ আৰম্ভ কৰিছিল। তাই নিজৰ ইচ্ছাশক্তিৰে তাক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল-কিন্তু সেই প্ৰচেষ্টা আছিল তাইৰ বগা শীৰ্ণ হাত দুখনৰ দৰেই শক্তিহীন।
তাই যেতিয়া নিজকে এৰি দিলে তাইৰ সামান্য মেল খোৱা ওঁঠ দুটাৰ পৰা ফুচফুচনি এটা সৰি পৰিল। তাই বাৰে বাৰে অস্ফুটস্বৰে কৈ উঠিল: “মুক্ত, মুক্ত, মুক্ত!” তাইৰ শূন্য দৃষ্টি আৰু ভয়াৰ্ত চাৱনি আতঁৰি গ’ল। চকু হৈ পৰিল তীক্ষ্ণ আৰু উজ্জ্বল। তাইৰ হৃদস্পন্দন বাঢ়িবলৈ ধৰিলে আৰু উঠি অহা তেজে তাইৰ শৰীৰৰ প্ৰতিটো ইঞ্চি গৰম আৰু স্বাছন্দ্যময় কৰি তুলিলে। ই এক আসুৰিক তৃপ্তি হয় নে নহয় তাই নুসুধিলে। এটা স্পষ্ট আৰু উন্নত ধাৰণাই সেই চিন্তা তুচ্ছ বুলি উলাই কৰিবলৈ তাইক সক্ষম কৰি তুলিছিল। তাই জানিছিল যে মৃত্যুয়ে ভাঁজ কৰা মৰমীয়াল হাত দুখন, নিথৰ আৰু ধূসৰ হৈ পৰা সেই মৃত মুখখন, যিখনত তাইৰ প্ৰতি প্ৰেমৰ বাহিৰে কেতিয়াও একো নাছিল, সেই মুখখন দেখি তাই আকৌ কান্দিব। কিন্তু সেই তিক্ত মুহূৰ্তৰ সিপাৰে সম্পূৰ্ণৰূপে তাইৰ হ’বলগীয়া আগন্তুক বছৰবোৰৰ দীঘলীয়া সমদলটো তাই দেখা পালে। আৰু তাই আদৰণি জনাবলৈ সিহঁতৰ আগত দুবাহু মেলি দিলে। অনাগত সেই বছৰবোৰত তাই জীয়াই থাকিবৰ বাবে কোনো নাথাকিব; তাই জীয়াই থাকিব নিজৰ বাবে। যি অন্ধ পৰম্পৰা মানি পুৰুষ মহিলাই বিশ্বাস কৰে যে তেওঁলোকৰ ব্যক্তিগত ইচ্ছা লগৰীয়াজনৰ ওপৰত জাপি দিয়াৰ অধিকাৰ আছে, তাইৰ ইচ্ছাক দমন কৰিবলৈ তেনে কোনো সবল ইচ্ছা আৰু নাথাকিব। সেই চমু বোধজ্ঞানৰ মুহূৰ্তত তাই দেখিলে যে উদ্দেশ্য ভাল বা বেয়া যিয়েই নহ‌ওঁক সেই কাৰ্য্য কম দোষনীয় নহয়। আৰু তথাপিও তাই তাক ভাল পাইছিল—কেতিয়াবা কেতিয়াবা। সদায়েই নহয়। কি লাভ! তাই হঠাতে নিজৰ সত্তাৰ আটাইতকৈ শক্তিশালী স্পৃহা স্বৰূপে চিনাক্ত কৰা এই আত্মপ্ৰতিষ্ঠাৰ অধিকাৰৰ সন্মুখত প্ৰেম নামৰ অভেদ্য ৰহস্যৰ কি মূল্য!
”মুক্ত! শৰীৰ আৰু আত্মা মুক্ত!” তাই অস্ফুটস্বৰে কৈ থাকিল।
জোচেফিনে বন্ধ দুৱাৰৰ আগত আঁঠু কাঢ়ি বহি ওঁঠ দুটা চাবিৰ ফুটাটোত থৈ কোঠাত সোমাবলৈ দিবলৈ অনুৰোধ কৰি আছিল। “লুয়িচ, দুৱাৰখন খুলি দিয়া! খুলি দিয়া না কাবৌ কৰিছোঁ; নহ’লে তোমাৰ গা বেয়া লাগিব। কি কৰি আছা লুয়িচ? ভগৱানৰ দোহাই দুৱাৰখন খুলি দিয়া।”
“যোৱাগৈ, মই অসুস্থ নহ‌ওঁ।” নহয়; তাই সেই খোলা খিৰিকীখনৰ মাজেৰে জীৱনৰ অমৃত পান কৰি আছিল। অনাগত দিনবোৰৰ কথা ভাবি‌ তাইৰ কল্পনাই পাখি মেলিছিল। বসন্তৰ দিন, গ্ৰীষ্মৰ দিন, আৰু সকলো ধৰণৰ দিন যিবোৰ তাইৰ নিজৰ হ’ব। জীৱনটো দীঘলীয়া হওক বুলি তাই ততালিকে প্ৰাৰ্থনা এটা কৰি ল’লে। কালিহে তাই ভয়ত কম্পমান হৈ ভাবিছিল যে জীৱনটো হয়তো দীঘলীয়া হ’ব।
অলপ সময়ৰ পাছত তাই ভনীয়েকৰ জেদৰ কাৰণে দুৱাৰখন খুলি দিলে। তাইৰ দুচকুত জয়ৰ উল্লাস, অজানিতেই তাইৰ নিজকে বিজয়ৰ দেৱীৰ দৰে লাগিছিল। তাই ভনীয়েকৰ কঁকালত আকোঁৱালি ধৰিলে আৰু দুয়ো একেলগে চিৰিৰে নামি গ’ল। ৰিচাৰ্ডছ তলত সিহঁতৰ বাবে ৰৈ আছিল।
কোনোবাই সন্মুখৰ দুৱাৰখনৰ শলখা খুলিছিল। বেগ আৰু ছাতি লৈ পথশ্ৰান্ত চেহেৰাৰে ব্ৰেণ্টলি মেলাৰ্ড সোমাই আহিল। দুৰ্ঘটনাস্থলীৰ পৰা তেওঁ বহু দূৰত আছিল, আৰু দুৰ্ঘটনা এটা হৈছে বুলিও গম পোৱা নাছিল। জোচেফিনৰ চিঞৰ আৰু ৰিচাৰ্ডছে দ্ৰুত গতিত তেওঁক পত্নীৰ দৃষ্টিৰ পৰা ঢাকিবলৈ‌ কৰা‌ লৰা-ঢপৰাত তেওঁ আচৰিত হ’ল।
কিন্তু ৰিচাৰ্ডছে বহুত পলম কৰিলে। ডাক্তৰ আহিল, ক’লে যে আনন্দৰ আতিশয্যতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তাইৰ মৃত্যু হ’ল।

(Kate Chopin wrote “The Story of an Hour” on April 19, 1894. It was first published in Vogue on December 6, 1894, under the title “The Dream of an Hour.” It was reprinted in St. Louis Life on January 5, 1895)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!