মূৰ্তি

লেখক- ৰঞ্জনা দত্ত

মূল== মুহম্মদ জাফৰ ইকবাল


অনুবাদ== ৰঞ্জনা দত্ত

 

(১)

মই এই গল্পটো তৰফদাৰ মহাশয়ৰ মুখত শুনিছিলো। মোৰ সৰুকালৰ বন্ধু আনিছৰ লগত তেওঁ মোৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। আনিছ মানুহটো অকনমান পাগল ধৰণৰ, তাৰ লগত যিবোৰ লোকে মিলামিছা কৰে তেওঁলোক হয় অকণমান পাগল ধৰণৰ, নহ’লে তাৰ লগত থাকি থাকিয়েই পাগল ধৰণৰ হৈ যায়।

যিদিনা ৰাতি সি তৰফদাৰ মহাশয়ক মোৰ ঘৰলৈ লৈ আহিছিল সেইদিনা ৰাতি দবালপিটা বৰষুণ হৈছিল। এই ধৰণৰ বৰষুণত সুস্থ মানুহ এজনেও খুব বেছি দৰকাৰ নহ’লে ঘৰৰ বাহিৰলৈ নোলায়। আনিছে মাজৰাতি এই বৰষুণৰ মাজেৰে তৰফদাৰ চাহাবক লৈ মোৰ ঘৰলৈ আহিল। দৰজা খুলি তাক দেখি মই আচৰিত হৈ পৰিব লাগিছিল কিন্তু নপৰিলো। এবাৰ ৰাতি দুটামান বজাত সি এজন কাপালিক সন্যাসীক লৈ মোৰ ঘৰত উপস্থিত হৈছিলহি, অকল সেয়াই নহয় মোৰ ওচৰত ভাং নাছিল বাবে সেই সন্যাসী জনে মোক তেওঁৰ চেপেনা দালেৰে খুঁচিবলৈ ওলাইছিল। সেইজনৰ তুলনাত আজিজ তৰফদাৰ অত্যন্ত ভদ্ৰমানুহ আৰু মাজৰাতি তিতিবুৰি উপস্থিত হোৱা বাবে লাজতে তেওঁৰ অৱস্থা নাইকিয়া হৈছিল। ঘটনাটোৰ মাজত যে কিবা অস্বাভাৱিকতা থাকিব পাৰে সেইটো অৱশ্যে আনিছে একো ধৰিবই নোৱাৰিলে, মোক দেখি উচ্ছাসিত স্বৰেৰে ক’লে-

“ ইকবাল ! তোৰ ওচৰলৈ তৰফদাৰ চাহাবক লৈ আহিছো ”।

তৰফদাৰ চাহেবে কিছু বিব্ৰত ভাৱেৰে ক’লে-
“ মই ইমান ৰাতি আহিব খোজা নাছিলো, কিন্তু আনিছে কোনো কথা নুশুনিলে ”।

মই তেওঁক ক’লো-
“ এইটো একো কথাই নহয়। আপুনি একো নেভাভিৱ ”!

আনিছে ক’লে-
“ তই যে পুলিছৰ লগত কুস্তি কৰিছিলি তৰফদাৰ চাহাবক সেই ঘটনাটো কৈছিলো। তেওঁ শুনি ইমান হাঁহিলে যে ভাবিলো তোক এবাৰ দেখুৱাইয়ে দিওঁ”।

মই জীৱনত বহু কাম কৰিছো, তাৰ এটা দুটা কামক বীৰত্বৰ কাম হিচাবেও চলাই দিব পৰা যায়; কিন্তু আনিছে মোৰ বিষয়ে কিবা ক’বলৈ হ’লে এজন পুলিছৰ সতে হতাহতি কৰি এৰাতিৰ বাবে মই জেলত থাকিব লগা হোৱাৰ গল্পটোৰে আৰম্ভ কৰে। মই এটা দীৰ্ঘস্বাস পেলাই তাক ক’লো-

-“ কেবল মোক দেখুৱাবৰ বাবেই তই এই দবালপিটা বৰষুণত তেওঁক ইয়ালৈ টানি আনিলি?”

আনিছে দাঁত দুপাৰি উলিয়াই হাঁহি এটা মাৰি ক’লে-
“ অকল সেইকাৰণে অহা নাই। বৰষুণৰ ৰাতি কফি খাই খাই আড্ডা মাৰিবলৈ খুব মন গৈছে! তোৰ হাতৰ কফি একেবাৰে ফাৰ্ষ্ট ক্লাছ। তাতে তৰফদাৰ চাহাব হৈছে এজন প্ৰাক্তন আণ্ডাৰগ্ৰাউণ্ড কমিউনিষ্ট নেতা! এনেকুৱা কিছুমান ঘটনা জানে যে শুনিলে তোৰ মুখ মেল খাই যাব”।

তৰফদাৰ চাহাবে কিবা এটা ক’বলৈ ওলাইছিল, কিন্তু তাৰ আগতেই আনিছে তেওঁক বাধা দি মোক ক’লে-
“ হাঁকৈ মুখখন মেলি ৰৈ আছ কিয়! শুকান টাৱেল চাৱেল কিবা এখন সোনকালে লৈ আহ- ”।

মই টাৱেল খন লৈ ঘূৰি আহি দেখিলো যে তৰফদাৰ চাহেবে মোৰ টেবুল খনৰ ওপৰত থোৱা পাথৰৰ মূৰ্তিটোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছে। মোক দেখিয়েই ক’লে-
“ কি ধুনীয়া হাতৰ কাম! দেখি ভাৱ হৈছে দক্ষিণ আমেৰিকাৰ ”।

মই মূৰ দুপিয়াই ক’লো-
“ হয়, মেক্সিকোৰ পৰা আনিছিলো। ইনকা সকলৰ কোনোবা এজন ৰজাৰ মূৰ্তি ”।

তৰফদাৰ চাহেবে তাৱেল খনেৰে মূৰটো ভালদৰে মোহাৰি মূৰ্তিটো হাতত লৈ খুব সাৱধানে স্পৰ্শ কৰিলে, দেখি ভাৱ হ’ল যেন তেওঁ মূৰ্তি নহয় কোনো জীৱন্ত মানুহকহে স্পৰ্শ কৰিছে। মই তেওঁক ক’লো-

“ আপোনাক দেখি এনে লাগিছে যেন আপুনি যেন মূৰ্তিটো হাতেৰে চুই চাই উমান লৈছে এইটো বাঁচি আছেনে নাই-”

তৰফদাৰ চাহেবে অকণমান উচপ খাই মোৰ ফালে চাই ক’লে-
“ মই সঁচাই তাকেই চাইছিলো। মোৰ জীৱনত মূৰ্তি লৈ এটা ঘটনা ঘটিছিল, তাৰ পিছৰ পৰাই মূৰ্তি দেখিলে মই হাতেৰে চুই চাওঁ-”

“ কি চায়?”

তৰফদাৰ চাহেবে অকণমান সঙ্কোচ ভাৱেৰে ক’লে-
“ মই চাওঁ মূৰ্তিটো জীৱন্ত নেকি? মই জানো মোৰ কথাখিনি খুব অবাস্তব যেন লাগিছে, কিন্তু-”

আনিছে হাত দুখনেৰে চাপৰি এটা মাৰি ক’লে-
“ বৰষুণৰ ৰাতিৰ বাবে একেবাৰে পাৰফেক্ট! ইকবাল তোৰ কফি বহাই দে সোনকালে ”।

তৰফদাৰ চাহেবে দুৰ্বল ভাৱে এবাৰ আপত্তি কৰিবলৈ চেষ্টা কৰিছিলে যদিও বৰ এটা সুবিধা কৰিব নোৱাৰিলে। মাজৰাতি যেতিয়া দবালপিটা বৰষুণত পৃথিৱীখন ভাঁহি পৰিছিল তেতিয়া কোঠাৰ মাজত কফি খাই খাই তৰফদাৰ চাহাবে যিটো গল্প কৈছিল সেইটো এনে ধৰণৰ- তেওঁৰ নিজৰ ভাষাতেই কোৱা যাওক-

মই তেতিয়া আণ্ডাৰগ্ৰাউণ্ড হৈ আছো। মোৰ ওপৰত কেইবাটাও পুলিছৰ গোচৰ ওলমি আছে। কেইটামান গোচৰ সম্পূৰ্ণ ভাৱে মনে সজা । কেইবাখনো গাওঁ ঘূৰি ঘূৰি মই দিনাজপুৰৰ এখন চাওতাল গাৱঁত আশ্ৰয় লৈছো। ক’ত থাকিম সেইটো পাৰ্টিৰ পৰা ঠিক কৰি দিয়া আছে,সৰু এটা এচলীয়া খেৰীঘৰত থাকো। দুপৰীয়া ঘৰৰ ভিতৰতে সোমাই থাকো। চাওতাল বুঢ়া এজনে মোৰ দুয়োবেলাৰ খোৱা বোৱা দি থৈ যায়। মানুহজনৰ গাৰ ৰঙ কিচকিচিয়া ক’লা, মূৰৰ চুলি ধকধকীয়া বগা। মানুহ জনৰ বহুত বয়স হৈছে যদিও শৰীৰটো পাথৰৰ দৰে টান। মোৰ কোনো কামবন নাই- বহুত কিতাপ লৈ আহিছিলো, বহি বহি সেইবোৰকে পঢ়ো। চাওতাল বুঢ়াজনে প্ৰথমে মোক দেখি কথাই কামে মোৰ সম্পৰ্কে এটা অবিশ্বাসৰ ভাব ফুটাই তুলিছিল- আদিবাসী মানুহৰ পক্ষে অৱশ্যে সেইটো খুবেই স্বাভাৱিক।

সেই অবিশ্বাসটো এসময়ত দূৰ হৈছিল আৰু শেষৰ ফালে মোক তেওঁ পচন্দ কৰিবলৈ আৰম্ভ কৰিছিল।

এদিন মানুহজনে মোক সুধিলে-
“ তুমি গোটেই দিনটো কি পঢ়ি থাকা বাবু?

মই ক’লো – “ কিতাপ পঢ়ো”।

“ কিহৰ কিতাপ? কি লিখা আছে কিতাপত?”

মই হাঁহি এটা মাৰি ক’লো-
“ কিমান কি কথা লেখা আছে কিতাপত! সেইবোৰতো কৈ শেষ কৰিব নোৱাৰো। বুৰঞ্জীৰ কিতাপ আছে, বিজ্ঞানৰ কিতাপ আছে, ধৰ্মৰ কিতাপ আছে-”-

চাওতাল বুঢ়া জনে মোৰ ফালে কিছুপৰ উৎসুকতাৰে চাই অকণমান আগুৱাই আহি ক’লে-
“ তোমাৰ ওচৰত পিশাচৰ কিতাপ আছে?”

মই অবাক হৈ ক’লো-
“ পিশাচ?”

“ অঁ”।

মই জোৰেৰে হাঁহে উঠিব খুজিছিলো; কিন্তু বুঢ়া জনৰ চকু মুখত এক বিচিত্ৰ কৌতূহলৰ চিন দেখি হাঁহিটো গোপন কৰি গহীন হৈ সুধিলো-
“ পিশাচৰ কি কথা জানিব খুজিছা?”

“ কেনেকৈ পিশাচৰ হাতৰ পৰা বাঁচিব পাৰি?”

“ তোমাক কোনোবা পিশাচে কষ্ট দিছে নেকি?”

বুঢ়াজনে এটা দীৰ্ঘস্বাস পেলাই ক’লে-
“ এতিয়ালৈকে একো কৰা নাই কিন্তু কৰিব। মই জানো-“

“ তুমি কেনেকৈ জানা?”

বুঢ়া জনে মজিয়াত লেপেটা কাঢ়ি বহিছিল, তেওঁ কিছুসময় খোলা দৰজা খনৰ মাজেৰে বাহিৰলৈ চাই থাকিল। হাতত থকা লাঠি ডালেৰে কিছুসময় পিঠিখন খজুৱাই ক’লে-
“ পিশাচটো মোৰ লগত আছে”।

মই অবাক হৈ বুঢ়াটোৰ ফালে চালো। ভূত, প্ৰেত পিশাচৰ গল্পনো কোনে শুনা নাই! কিন্তু এই সকলোবোৰ গল্পতেই ভূতপ্ৰেত, পিশাচ আদি হঠাত দেখা দি আকৌ অদৃশ্য হৈ যায়। এই প্ৰথম এনেকুৱা এজন মানুহ দেখিলো যিয়ে দাবী কৰিছে যে পিশাচটো তেওঁৰ ওচৰত আছে। মই মুখৰ হাঁহি গোপন কৰি মুখত এক গাম্ভীৰ্য্য সানি সুধিলো-

“ তোমাৰ ওচৰত এটা পিশাচ আছে?”

“ অঁ , আছে।“

“ কি কৰে পিশাচটোৱে?”

“ একো নকৰে। দেখি তোমাৰ এটা মূৰ্তি যেনেই লাগিব”।

“ আচলতে মূৰ্তি নহয়?”

“ নহয় ”।

“ তুমি কেনেকৈ জানিলা?”

“ এইটো মোক মোৰ গুৰুৱে দিছিল। মোৰ গুৰুৱে কৈছিল এইটো এটা পিশাচ”।

মই অকনমান হাঁহি হাঁহি তেওঁক ক’লো-
“ তোমাৰ গুৰুৱে তোমাক মিছা কথা কৈছে!”

“ মিছা?”

চাওতাল বুঢ়াজনে মোৰ ফালে খুব অবাক হৈ চালে আৰু তেওঁৰ সেই দৃষ্টিৰ আগত মোৰ কিবা নিজৰে লাজ লাগি গ’ল। মিছা কথা কোৱাৰ বিষয়ে এওঁলোকে বোধহয় এতিয়াও শিকাই নাই। মই থতমত খাই খাই ক’লো-

“ তোমাৰ গুৰুৱে কেনেকৈ জানিলে এইটো পিশাচ বুলি?”

বুঢ়াই মূৰটো লৰাই লৰাই ক’লে-
“ মোৰ গুৰুজন পিশাচসিদ্ধ আছিল তেওঁৰ গুৰুজন আৰু ডাঙৰ পিশাচসিদ্ধ আছিল”।

পিশাচসিদ্ধ হ’লে কি হয় মই নাজানো। তেওঁলোকে কেনেকৈ পিশাচ বশ কৰে সেইটোও নাজানো। প্ৰকৃততে পিশাচ বস্তুটোনো কি সেই বিষয়েও মোৰ কোনো ধাৰণা নাই। বুঢ়া চাওতাল জনৰ ওচৰত মোৰ সেই বিষয়ে শিক্ষা আৰম্ভ হ’ল। তেওঁ মোক ক’লে যে পিশাচ হ’ল এক ধৰণৰ অপদেৱতা। অপদেৱতাবোৰৰ মাজত উচ্ছ শ্ৰেণী , নিম্ন শ্ৰেণী আছে, ভাল বেয়া আছে, শান্ত আৰু উগ্ৰও আছে। সাধাৰণতে পিশাচ বোৰ খুব নিম্ন শ্ৰেণীৰ। সিহঁতে কেৱল মানুহৰ অপকাৰ কৰিব বিচাৰে। তেওঁৰ গুৰুৱে এনেকুৱা এটা পিশাচক বন্দী কৰি ৰাখিছে। সিহঁতক বন্দী কৰি ৰখাৰো বহুত নিয়ম কানুন আছে। তাৰ ভিতৰত এটা হৈছে মূৰ্তিৰ দৰে তৈয়াৰ কৰি ৰখা। মূৰ্তি বনোৱাটো যথেষ্ট সময়সাপেক্ষ আৰু বহুত কঠিন, মানুহৰ মৃতদেহৰ হাড় ছাল আদিৰে তৈয়াৰ কৰিব লগা হয়। কামটো খুব বিপদজনক। কাৰণ মূৰ্তিটোক ভালদৰে সংৰক্ষণ কৰি নাৰাখিলে পিশাচটো বাহিৰলৈ ওলাই আহিবও পাৰে।

বুঢ়া চাওতাল মানুহজনে খুব একাগ্ৰতাৰে গম্ভীৰ মুখেৰে মোক পিশাচৰ নিয়ম কানুনবোৰ কৈ গৈছিল। তেওঁৰ বিশ্বাস বা তেওঁৰ গুৰুৰ প্ৰতি কোনোধৰণৰ অসন্মান যাতে প্ৰকাশ নাপায় সেইটো মনত ৰাখি মই তেওঁক খুব সাৱধানে সুধিলো-

“ এনেকুৱাও হ’ব পাৰে নেকি যে পিশাচটো এতিয়া নাই, মূৰ্তিৰ পৰা বাহিৰলৈ ওলাই গৈছে?

বুঢ়া চাওতাল জনে মূৰটো জোকাৰি ক’লে-
“ হ’ব পাৰে কিন্তু ভালদৰে চালে সেইটো ধৰিব পৰা যায়”।

“ কেনেকৈ ধৰিব পাৰি?”

“ মূৰ্তিটোৰ সলনি হয়, হাত ভৰি এঠাইৰপৰা আন এঠাইত লৰচৰ কৰে, খুব লাহে লাহে- এমাহ দুমাহ মান সময় লাগে। সময়ে সময়ে মুখৰ ভাৱৰ সলনি হয়। বয়স বাঢ়ে”।

বুঢ়া জনৰ কথাবোৰ শুনি মোৰ গাটো হঠাত শিৰশিৰাই উঠিল। ঘটনাটো বহুতদিন ধৰি মনত পালন কৰি থকা কুসংস্কাৰৰ বাহিৰে আন একো নহয়। মানুহ চন্দ্ৰলৈ গৈছে, মানুহে তৈয়াৰ কৰা মহাকাশযান সৌৰজগত পাৰ হৈ গৈছে, এই যুগত পিশাচৰ গল্প বিশ্বাস কৰাটো খুব হাঁহি উঠা কথা। কিন্তু কিয় নাজানো গভীৰ অৰণ্যৰ সীমাত থকা খেৰৰ জুপুৰী ঘৰটোত কোঁচমোচ খাই বহি থকা বুঢ়া চাওতাল জনৰ মুখত এই পিশাচৰ গল্পটো শুনি মোৰ ভয় লাগিবলৈ আৰম্ভ কৰিছিল। মই দুৰ্বল কন্ঠেৰে সুধিলো-

“ তুমি মোক পিশাচটো দেখুৱাব পাৰিবা?”

বুঢ়াজনে মোলৈ অবাক দৃষ্টিৰে চালে-
“ তুমি তাক চাব খুজিছা?”

“ কিয়? কিবা অসুবিধা আছে?”

“ নাই অসুবিধা নাই। কিন্তু চোৱাৰ কিছুমান নিয়ম কানুন আছে। পিশাচটোক মাটিৰ তলত ৰখা আছে, এটা কাঠৰ বাকচৰ ভিতৰত, সেইটো মন্ত্ৰ লিখা কাপোৰেৰে মেৰিয়াই থব লাগে। তুমি যদি চাব বিচাৰা মই মাটি খান্দি উলিয়াব পাৰো”।

“ তুমি সেইটো ক’ত পুঁতি ৰাখিছা?”

“ মোৰ ঘৰৰ পিছফালে”।

“ ঠিক আছে মই যাম। মোৰটো দিনৰ সময়ত ওলাই যোৱা নিষেধ, মই ৰাতি ওলাই যাম”।

বুঢ়াই মূৰ দুপিয়ালে। ক’লে-
“ মই তোমাক অহা পূৰ্ণিমাৰ ৰাতি লৈ যাম”।

 

(২)

গল্পটোৰ এই ডোখৰলৈকে কৈ তৰফদাৰ চাহাবে অকণমান সময়ৰ বাবে কথা বন্ধ কৰিলে। কিছুসময়ৰ বাবে নিজৰ আঙুলিবোৰ গভীৰ মনোযোগেৰে পৰীক্ষা কৰি কৰি ক’লে-

“ পূৰ্ণিমা হোৱাৰ কিছুদিন আগতেই চাওতাল বুঢ়া জনৰ মৃত্যু হ’ল। আমি চাওতাল মানুহবোৰক লৈ কাম কৰিছিলো, পাৰ্টিৰ নিৰ্দেশ আছিল তেওঁলোকক সংগঠিত কৰাৰ। কিন্তু মানুহবোৰ আছিল অত্যন্ত সহজ সৰল। জটিল ৰাজনীতিৰ কথাবোৰো তেওঁলোকৰ নিজৰ দৰেই সহজ সৰল ভাৱে বুজি লয়; সেইটোৱেই হ’ল কাল। পুলিছৰ লগত মুখামুখি সংঘৰ্ষ হ’ল। বহুতো চাওতাল লোকৰ মৃত্যু হ’ল, তেওঁলোকৰ ঘৰবাৰী জ্বলাই দিয়া হ’ল। মই নিজেও বহুত দিন হাবিয়ে জঙ্ঘলে ঘূৰি ফুৰিলো।
বেছ কিছুদিন পিছত, অৱস্থা কিছু শান্ত হোৱা যেন পোৱাত মই আকৌ সেই চাওতাল গাওঁ খনলৈ ঘূৰি আহিলো। তেতিয়া তাত কোনো নাই, এখন পৰিত্যক্ত গাওঁ। মোৰ লগত আছিল এটা চিনাকি চাওতাল ল’ৰা। তাক লগত লৈ সেই বুঢ়া চাওতাল জনৰ ঘৰ বিচাৰি উলিয়াই বাৰীৰ পিছফাললৈ গ’লো। কেইদিনমান আগতেও সেইখন ফটফটীয়া পৰিস্কাৰ আছিল, এই কেইটা মান দিনৰ ভিতৰতেই এতিয়া বাৰীখন বনৰীয়া গছ বনেৰে ভৰি পৰিছে। মই ঠাইখন ভালদৰে লক্ষ্য কৰোতেই বাৰীৰ চুকৰ ফালে এজোপা তুলসী গছৰ তললৈ চকু পৰিল। বহুত পাথৰ জমা কৰি তাত এটা সৰু পিৰামিডৰ দৰে স্তুপ কৰি থোৱা আছিল। পাথৰ বোৰ আঁতৰাই দিয়াৰ লগে লগে দেখা গ’ল তলত কোমল মাটি। মাটিবোৰ লাহে লাহে আঁতৰাই দিয়াৰ লগে লগে দেখা গ’ল এটা সৰু কাঠৰ বাকচ। বাকচটো ওপৰলৈ তুলি আনিলো। লগত থকা চাওতাল ল’ৰাটোৱে খুব কৌতুহলেৰে চাই আছিল। সি ধাৰণা কৰিছিল যে বুঢ়া চাওতালজনে মোক চাগৈ তেওঁৰ গোপন সোনৰ ভাণ্ডাৰৰ কথা কৈ গৈছে আৰু মই সেইটো বাহিৰলৈ উলিয়াইছো।

কাঠৰ বাকচটো যেতিয়া বাহিৰলৈ উলিয়াই আনিলো তেতিয়া সূৰ্য অস্ত গৈ সামান্য ভাৱে আন্ধাৰ হ’বলৈ আৰম্ভ কৰিছিল। নিৰ্জন পৰিত্যক্ত এটা জ্বলা খেৰী ঘৰ, গছৰ তলত এক ৰহস্যময় অন্ধকাৰ আৰু তাত আমি এটা বিবৰ্ণ কাঠৰ বাকচ লৈ বহি আছো। গোটেই পৰিবেশটোৰ মাজত এটা গা শিৰশিৰাই যোৱা ভয়ৰ ভাৱ আছিল। মই মোৰ পকেট চুৰিখন উলিয়াই সাৱধানে কাঠৰ বাকচৰ ঢাকনিখন খুলি পেলালো, লগে লগে মোৰ স্পষ্টকৈ ভাৱ হ’ল ভিতৰত কিবা এটা যেন চটফটাই লৰচৰ কৰি উঠিল । মই হঠাত চক খাই পিছ হুহকি গ’লো, চাওতাল ল’ৰাটোৱে টানকৈ লাঠিডাল ধৰি ঠিয় হৈ আছিল। মই অকণমান সময় ৰৈ কোনো লৰচৰ নকৰাকৈ বাকচটোৰ ফালে চাই থাকিলো, পুৰণি কাপোৰেৰে মেৰিওৱা কিবা এটা যত্ন কৰি ভিতৰত থোৱা আছে। মই সাহস কৰি কাপোৰেৰে মেৰিওৱা বস্তুটো হাতত তুলি ল’লো, মোৰ ভাৱ হ’ল মোৰ দুই হাতৰ মাজত যেন বস্তুটোৱে আকৌ লৰচৰ কৰি উঠিল। মই সেইটো মনৰ ভুল বুলি ভাবি মনৰ পৰা জোকাৰি গুচাবলৈ চেষ্টা কৰিলো আৰু তাৰপিছত সাৱধানে কাপোৰখন আঁতৰাবলৈ ধৰিলো।

যেতিয়াই বস্তুটোৰ ওপৰৰ পৰা কাপোৰখন আঁতৰি গ’ল – ভিতৰৰ পৰা এটা অবিশ্বাস্য ধৰণৰ কুৎসিত মূৰ্তিয়ে দেখা দিলে আৰু চাওতাল ল’ৰাটোৱে হঠাৎ এটা বিকট চিঞৰ মাৰি জঁপিয়াই পিছলৈ গুছি গ’ল। দূৰত ঠিয় হৈ সি ভয়ত থৰথৰকৈ কঁপি কঁপি ক’বলৈ ধৰিলে-

“ পেলাই দিয়া- পেলাই দিয়া- সেইটো-”

আৰু অকণমান হ’লেই মই সেইটো পেলাই দিলোহেঁতেন, কিন্তু ইমান দিনৰ শিক্ষা দীক্ষা, ৰাজনৈতিক অনুশাসন, বিজ্ঞানৰ বিশ্বাস সকলোবোৰ মিলি মোৰ ভিতৰত এটা জেদ সোমাই গৈছিল। মই চাওতাল ল’ৰাটোৰ ফালে চাই দৃঢ়ভাবে ক’লো-

“ কিয় পেলাই দিম?”

“ সেইটো চুলে তুমি মৰি যাবা”।

“ চুলে মই মৰি যাম?”

“ অঁ। মৰি যাবা-”

ইতিমধ্যে মোৰ ভিতৰত এটা মানুহক দেখুওৱা সাহস গঢ়ি উঠিছে। মূৰ্তিটো এহাতেৰে ধৰি আনখন হাত মূৰ্তিটোৰ ওচৰলৈ নি ক’লো-

“ এইয়া চা মই মূৰ্তিটো চুইছো-”

ল’ৰাটোৱে চিঞৰি উঠিল আৰু মই লাহেকৈ মূৰ্তিটো চুই চালো। এটা মূৰ্তি যি ধৰণৰ টান, প্ৰাণহীন, ঠাণ্ডা হোৱাৰ কথা এই মূৰ্তিটো তেনেকুৱা নহয়- এইটো সামান্য গৰম আৰু সেইটো চুই চোৱাৰ লগে লগে মোৰ শৰীৰটো যেন এবাৰ কঁপি উঠিল, ভাৱ হ’ল মই যেন সাংঘাটিক এটা অশুভ কাম কৰি পেলাইছো। মই অৱশ্যে চাওতাল ল’ৰাটোক এইবোৰ একো বুজিবলৈ নিদিলো। জোৰ কৰি মুখত হাঁহি ফুটাই তাক ক’লো-

“ মই কি মৰি গৈছো?”

ল’ৰাটোৱে তেতিয়াও অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চাই আছিল। মই মূৰ্তিটো কাপোৰেৰে মেৰিয়াই বাকচটোৰ ভিতৰত থৈ বাকচটো বন্ধ কৰি ল’ৰাটোক ক’লো-

“ এতিয়া হৈছে?”

ল’ৰাটোৱে দূৰত থিয় হৈ থাকিয়েই মোক সুধিলে-

“ তুমি এইটোৰে কি কৰিবা?”

“ মই লৈ যাম ”।

“ নাই বাবু নিনিবা। তোমাৰ বহুত বিপদ হ’ব।”

“ হওক”।

মই বাকচটো হাতত লৈ বহাৰ পৰা উঠি পৰিলো।
চাওতাল ল’ৰাটোৱে মোক বহুত বুজালে, কিন্তু মই তাৰ কথা নুশুনিলো।

সেই ৰাতি মই আৰু বাকচটো নুখুলিলো। ঘৰলৈ গৈ ভালদৰে গা পা ধুই শুবলৈ গ’লো। অকণমান পিছতে মোৰ টোপনি ভাঙি গ’ল- মোৰ ভাৱ হ’ল কোঠাৰ ভিতৰত যেন কিবা এটা ঘূৰি ফুৰিছে। গোটেই ৰাতি ভাঙি ভাঙি টোপনি আহিল আৰু এটাৰ পিছত আনটোকৈ বেয়া সপোন দেখি গ’লো। সাংঘাটিক ভয়লগা ধৰণৰ দুঃস্বপ্ন! কেইবাবাৰো চিঞৰি সাৰ পাই উঠিলো।

ৰাতিপুৱা ভালদৰে পোহৰ হোৱাৰ পিছতেই মূৰ্তিটো খুব ভালদৰে পৰীক্ষা কৰিলো। নিঃসন্দেহে মূৰ্তিটো মানুহৰ। দুই আঁঠুৰ মাজত মূৰটো গুজি ওপৰৰ ফালে চাই আছে, এখন হাতেৰে নিজৰ দুই আঁঠু আৰু আনখন হাতেৰে নিজৰ মূৰটো ধৰি আছে। এইটো মানুহৰ স্বাভাৱিক ভাৱে বহাৰ ভঙ্গী নহয়। মূৰ্তিটো অস্বাভাৱিক ভাৱে কুৎসিত, মানুহৰ দৰে নাক, চকু মুখ সকলো আছে তথাপিও মানুহৰ প্ৰকৃত ৰূপটো পোৱা নাই। মূৰ্তিটো খুব ডাঙৰ নহয়, খুব বেচি এফুটমান ওখ হ’ব। এইটো আকাৰৰ এটা পাথৰৰ মূৰ্তি যিমান গধূৰ হ’ব লাগিছিল এইটো সিমান গধূৰ নহয়। খুব পাতলো নহয়। মূৰ্তিটো কিহেৰে বনাইছে কোৱাটো কঠিন, মূৰত চুলি আছে, খুব ভালদৰে মন কৰিলে গাত থকা নোমকেইডালো দেখা যায়। ভাৱ হয় যেন কোনোবাই এজন বিকৃত দেহৰ সঁচা মানুহক কিবাকৈ চেপি সৰু কৰি পেলাইছে। মুখৰ ফালে চালে একেলগে কিবা ঘিণ আৰু ভয় লগা ভাৱ এটা আহে। মই মূৰ্তিটো খুব ভালদৰে পৰীক্ষা কৰি আকৌ কাপোৰেৰে মেৰিয়াই পুণৰ কাঠৰ বাকচটোত ভৰাই বন্ধ কৰি পেলালো।

গল্পটোৰ এইখিনিলৈকে কৈ তৰফদাৰ চাহাবে মোৰ পৰা অনুমতি লৈ এটা চিগাৰেট জ্বলালে। চিগাৰেটতোত এটা দীঘল টান মাৰি ক’লে-

“ চাওতাল ল’ৰাটোৰ সেই ভৱিষ্যতবাণী যে মোৰ ওপৰত বিপদ নামি আহিব, কথাটো পিছদিনা সঁচা প্ৰমাণিত হ’ল। ৰাতিপুৱা শুই উঠি দেখিলো যে পুলিছে ঘৰটো ঘেৰাও কৰি পেলাইছে। আগতে দুই এবাৰ এনেকুৱা পৰিস্থিতিৰ পৰাও উদ্ধাৰ পাইছো- এইবাৰ নাপালো। পুলিছ আহি মোক ধৰি লৈ গ’ল। আমি যি সকলে বামপন্থী ৰাজনীতি কৰো সেই সকলৰ বাবে দেশৰ আইন কানুন মমতাহীন। সেইবাবে মই দীৰ্ঘ কালৰ বাবে জেলত বন্দী হৈ পৰিলো।

জেলত মই আগতেও আছো, খুব কষ্টকৰ জীৱন। আমোদজনক কথাটো হ’ল ইয়াত থাকিলে ডাঙৰ ডাঙৰ বস্তুৰ প্ৰতি লোভ নহয়, কিন্তু এখন সৰু গুমটিৰ পৰা এটা চিগাৰেট কিনি জ্বলি থকা এডাল ওলমা ৰছিৰ সহয়ত চিগাৰেট এটা জ্বলোৱাৰ বাবে মনটো ব্যাকুল হৈ পৰে! গোটেই দিনটো পাৰ্টিৰ বাকী মানুহবোৰৰ সতে কথা বতৰা পাতি জেলৰ মাজত দিনটো কাটি যায়। ৰাতি গভীৰ হ’লে যেতিয়া নিজৰ সৰু ঠাইটুকুৰাত শুবলৈ যাওঁ তেতিয়া টোপনি নাহে, মাজে মাজে ইচ্ছা হয় যেন চিঞৰি চিঞৰি কান্দিম।

যি কি নহওক এইদৰে প্ৰায় সাত বছৰ জেলৰ ভিতৰত পাৰ হৈ গ’ল। সাত বছৰ বহুত দীঘলীয়া সময়। অকলে বহি চিন্তা কৰিবলৈ এনেকুৱা দীঘল সময় সকলোৱে নেপায়। এই সাত বছৰত নিজৰ মাজতো বহুত পৰিৱৰ্ত্তন হ’ল। ভাৱিলো যদি মুক্তি পাওঁ জীৱনটো নতুন ধৰণে আৰম্ভ কৰিম। পুৰা দেশৰ নালাগে নিজৰ ওচৰে পাজৰেও যদি কিবা পৰিবৰ্তন আনিব পাৰো সেয়াই যথেষ্ট। আচৰিত কথা- ঠিক সেই সময়তেই মই জেলৰ পৰা মুক্তি পালো।

প্ৰথম বেছ কিছুদিন মুক্তিৰ আনন্দ উপভোগ কৰি পাৰ্টিক জনালো যে মোক কিছুদিন পাৰ্টিৰ সক্ৰিয় ৰাজনীতিৰ পৰা বিশ্ৰাম লাগে। পাৰ্টিয়ে সন্মতি দিলে। মই তেতিয়া এখন কলেজত চাকৰি এটাত সোমাই এখন সৰু মফচল চহৰলৈ আহিলো। নদীৰ পাৰত ছবিৰ দৰে এখন কলেজ! প্ৰথম কেই সপ্তাহ মান কলেজৰ চেক্ৰেটেৰী জনৰ ঘৰত থাকিলো। কামকাজ বোৰ কিছু ঠিক ঠাক হোৱাৰ পিছত এটা ঘৰ ভাৰাত লৈ মই চহৰৰ পৰা মোৰ বয় বস্তুবোৰ লৈ আনিলোগৈ। বস্তুবাহনি বুলি ক’বলৈ হ’লৈ বেছিভাগেই হৈছে কিতাপ। ঘৰৰ দেৱালত এখন ছেলফ বনাই এটা এটাকৈ কিতাপৰ বাকচবোৰ খুলিছো, হঠাত দেখিলো বুঢ়া চাওতালৰ সেই পিশাচৰ বাকচটো। বুকুখন ধ্বক্ কৈ উঠিব লাগিছিল কিন্তু তাৰ সলনি মোৰ কৌতুক মিহলি এটা কৌতূহল হ’ল। মই বাকচটো খুলি মূৰ্তিটো বাহিৰ কৰি মোৰ টেবুলৰ ওপৰত থলো। সাত বছৰ আগতে এখন হাতেৰে আঁঠু দুটা ধৰি আছিল আৰু অন্য হাত খন আছিল মূৰৰ ওপৰত। এতিয়া আচৰিত ধৰণে দুয়োখন হাতেই তললৈ নামি আহিছে। অকল এয়ে নহয় মূৰটো অকণমান তললৈ নামি আহিছে, মুখৰ ভাৱটো দেখি দুঃখী দুঃখী যেন লাগিল। আগতে মূৰত ক’লা চুলি আছিল এতিয়া সেইবোৰ কপাহৰ দৰে বগা। অকল সেয়ে নহয়, ভাৱ হ’ল গাৰ ছালবোৰ বুঢ়া মানুহৰ দৰে সোঁতোৰা পৰি গৈছে। যোৱা সাত বছৰত মই যিমান বুঢ়া হৈছো তাতকৈ বহুত বেছি বুঢ়া হৈছে এই মূৰ্তি ৰূপী পিশাচটো। মই যিদৰে জেলৰ ভিতৰত বন্দী হৈ আছিলো এই পিশাচটোও তাৰ বাকচৰ ভিতৰত বন্দী হৈ আছিল। আচৰিত কথা, মোৰ কিয় জানো মূৰ্তিটোৰ বাবে খুব দুখ লাগিল। মই বাকচৰ ঢাকনিখন খুলি ক’লো-

“ যা পিশাচ বোপাই! আজিৰ পৰা তই আৰু বাকচৰ ভিতৰত থাকিব নেলাগে- তই মোৰ টেবুলৰ ওপৰত থাকিবি ”।

তেতিয়াৰ পৰাই মূৰ্তিটো মোৰ টেবুলৰ ওপৰত থাকে। কোনোবা মানুহ মোৰ ঘৰলৈ ফুৰিবলৈ আহিলে খুব অবাক হয়, কোনোবাই ঘিণত নাক কোঁচায়, কোনোবাই ভয় খায়, কিন্তু ইয়াতকৈ বেছি একো নহয়। এইদৰে আৰু দুবছৰ পাৰ হৈ গ’ল, এই মূৰ্তিটোৰ যে এটা ভয়লগা ইতিহাস আছিল সেইটোও মই পাহৰি গৈছিলো।

এইসময়তে এদিন মোৰ ঘৰলৈ মোৰ কলেজীয়া বন্ধু ফয়েজ আলি ফুৰিবলৈ আহিল। বহতদিন তাৰ লগত দেখা দেখি হোৱা নাছিল। শুনিছিলো সি হেনো এখন চাহ বাগিছাৰ মেনেজাৰ। সি বিয়া কৰাইছে বুলি শুনিছিলো, যেতিয়া মোৰ সতে দেখা কৰিবলৈ আহিল তেতিয়া দেখিলো যে তাৰ এহাল ল’ৰা ছোৱালীও আছে। ল’ৰাটো সৰু, তাৰ দহ বছৰ। ছোৱালীজনী ডাঙৰ, তাইৰ চৈধ্য বছৰ হৈছে। গোটেই জীৱনটো ৰাজনীতি কৰি বহুত মানুহ লগ পাইছো। কিন্তু এই দুটা ল’ৰা ছোৱালীক দেখি অনুভৱ কৰিলো যে মই কেতিয়াও সৰু ল’ৰা ছোৱালীৰ লগত মিলামিছা কৰা নাই আৰু সিহঁতৰ সতে কেনেদৰে মিলিব লাগে মই নাজানো। সিহঁতৰ মানসিক পৰিপক্কতা কিমান সেই বিষয়ে মোৰ কোনো ধাৰণাই নাই। কিছুমান বস্তু বুজাৰ ক্ষমতা সিহঁতৰ ডাঙৰ মানুহতকৈও বেছি কিন্তু জীৱনৰ জটিলতা সম্পৰ্কে সিহঁত আচৰিত ধৰণে উদাসীন। মোৰ আগ্ৰহৰ বাবেই হওক বা ল’ৰা ছোৱালী দুটাৰ কৌতূহলৰ বাবেই হওক খুব কম সময়ত ভিতৰতে সিহঁতৰ লগত মোৰ খুব ভাল বন্ধুত্ব হৈ গ’ল। আমাৰ কথা বতৰাৰ বেছিভাগেই দখল কৰিলে টেবুলৰ ওপৰত থকা মূৰ্তিটোৱে।

কাজল নামৰ ল’ৰাটোৱে মোৰ ঘৰত সোমোৱাৰ দহ মিনিটৰ ভিতৰতেই মোক সুধিছিল-

“ খুৰা তুমি ইমান কুৎসিত লেতেৰা মূৰ্তি এটা টেবুলৰ ওপৰত সজাই থৈছা কিয়?”

মই কিবা উত্তৰ দিয়াৰ আগতেই শাওন নামৰ ছোৱালী জনীয়ে তাইৰ ভায়েকক কৈছিল-
“ তোৰ এই মূৰ্তিটো কেৱল কুৎসিতহে লাগিছে?”

কাজলে নাক মুখ কোঁচাই উত্তৰ দিছিল-
“ কুৎসিত নহয় আৰু কি?”

শাওনে কৈছিল-
“ এইটো দেখিবলৈ যিমান বেয়া তাতকৈ বহুত বেছি আশ্চৰ্যকৰ। এইটো ইমান আচৰিত এটা মূৰ্তি যে ই যে কুৎসিত সেইটো মন কৰিব লগা কথাই নহয় ”।

ছোৱালীজনীৰ উত্তৰটো মোৰ খুব ভাল লাগিল। মই ক’লো-
“ তুমে ঠিকেই কৈছা। মূৰ্তিটো এটা আশ্চৰ্য। গোটেইখিনি কথা ক’লে তোমালোক আৰু অবাক হৈ যাবা”।

পৃথিৱীৰ সকলো মানুহেই গল্প শুনিবলৈ ভাল পায়। সৰুবোৰে সেইটো প্ৰকাশ কৰিবলৈও সংকোচ নকৰে, লগে লগেই দুয়োটাই গল্প শুনিবৰ বাবে মোক হেঁচা মাৰি ধৰিলে।

মই তেতিয়া সিহঁতক এই মূৰ্তিটোৰ পূৰ্ব ইতিহাস শুনালো দুয়োটাই অবাক হৈ পৰিল। সৰু ল’ৰাছোৱালীৰ গল্পত কোনোধৰণৰ কৌতূহল নাই এইধৰণৰ ভাৱ দেখুৱাই মোৰ বন্ধু ফয়েজ আৰু তাৰ পত্নী দুয়োজনেই গোটেই গল্পটো মনোযোগেৰে শুনিলে। গল্পটো শেষ হোৱাৰ পিছত ফয়েজে মোক ভয়ে ভয়ে সুধিলে-

“ এই মূৰ্তিটোৰ হাত দুখন সঁচাই এঠাইৰ পৰা আন এঠাই পাইছেগৈ?”

মই মূৰ দুপিয়ালো।
“ অঁ পাইছেগৈ। মই জেললৈ যোৱাৰ আগতে ইয়াৰ এখন হাত মূৰৰ ওপৰত আছিল, এতিয়া তললৈ নামি গৈছে”।

ফয়েজৰ পত্নীয়ে শুকান মুখেৰে সুধিলে- “সঁচা?”

“ অঁ। সঁচা”।

“ তাৰ মানে এইটো সঁচাই পিশাচ ?”

শাওনে হো হোকৈ হাঁহি হঁহি ক’লে-
“ মা তুমি সচাঁই খুব অঁকৰা। পিশাচ ক’ৰ পৰা আহিব?”

শাওনৰ মাকে অকণমান লাজ পাই ক’লে-
“ তোৰ খুৰাই কি তেন্তে মিছা কথা কৈছে?”

“ মিছা কথা ক’ব কিয়? এই মূৰ্তিটো পাথৰৰ নহয়, কোমল কিবা এটা বস্তুৰে বনোৱা, যিটো নিজে নিজে তললৈ নামি আহে- মধ্যাকৰ্ষণ বুলি কয় সেইটোক ”।

“ আৰু চুলিবোৰ?” ভায়েক কাজলে সুধিলে- “চুলিবোৰযে বগা হৈ গ’ল?”

“ সেইটোতো আৰু সহজ! এই পৃথিৱীত কোনো স্থায়ী ৰঙেই স্থায়ী নহয়, এনেকুৱা এটা বস্তুৰে

চুলিবোৰ বনাইছে যিটোৰ ৰঙ গৈ বগা হৈ পৰে!”
ছোৱালীজনীৰ বুদ্ধি দেখি অবাক হৈ গ’লো। সঁচাই গোটেই ঘটনাটোক এইদৰে বাখ্যা কৰিব পৰা যায়। ঘটনাটোক ভৌতিক কৰাৰ কোনো দৰকাৰ নাই। যিজন মানুহে মূৰ্তিটো তৈয়াৰ কৰিছে তেওঁ এজন দক্ষ কাৰিকৰ আৰু অসম্ভৱ বুদ্ধিমান- ইয়াতকৈ বেলেগ আৰু একো নহয়।

মোৰ বন্ধু ফয়েজ তাৰ পত্নী আৰু ল’ৰা ছোৱালীক লৈ মোৰ তাত প্ৰায় এসপ্তাহ মান আছিল। সকলোকে লৈ সময়খিনি খুব ভালদৰে পাৰ হৈ গ’ল । যিমানখিনি সময় ঘৰত থাকে ল’ৰা ছোৱালী দুটাই মূৰ্তিটোৰ ওচৰে পাজৰে ঘূৰি ফুৰে। যাবৰ দিনা মই শাওনক সুধিলো-

“ তোমাক মূৰ্তিটো লাগিব নেকি?”

লগে লগে শাওনৰ চকুমুখ উজ্বল হৈ পৰিল। কিন্তু তাই কষ্টেৰে নিজকে সম্বৰণ কৰি ক’লে-
“ নাই নাই খুৰা, মোক নেলাগে ”।

মই ক’লো-
“ চোৱা এইটো কোনো উপহাৰ দিবলগীয়া বস্তু নহয়, সেইবাবে মই তোমাক জোৰ কৰিব নোৱাৰো। কিন্তু যদি তুমি ইচ্ছা কৰা এইটো নিব পাৰা ”।

“ সঁচাই নে?”

“ সঁচাই”।

“ কিন্তু আপুনি যে ইমান কষ্ট কৰি গোটাইছিল-”

“ মই মুঠেও কষ্ট কৰি গোটোৱা নাই। কৌতূহল আছিল বাবে গোটাইছিলো, এতিয়া কৌতূহল নাইকিয়া হ’ল, তুমি নিব পাৰা। তোমাৰ কৌতূহল শেষ হ’লে আন কাৰোবাক দি দিবা ”।

শাওনৰ মাক দেউতাকে কথাটো একেবাৰে ভাল নেপালে, কিন্তু মই মূৰ্তিটো ভালদৰে বান্ধি এটা সৰু বাকচত ভৰাই তাইক দি দিলো।

যিদিনা ফয়েজ, তাৰ পত্নী আৰু ল’ৰাছোৱালী দুটাক ট্ৰেইনত তুলি দি থৈ আহিলো সিদিনা মনটো ইমান বেয়া লাগিল যে ক’বলৈ বাকি নাই। ৰাতি বিচনাত শুই শুই মোৰ খুব অকলশৰীয়া যেন লাগিবলৈ ধৰিলে। কেৱল ভাৱ হ’ল, মোৰো যদি শাওন আৰু কাজলৰ দৰে এহাল ল’ৰা ছোৱালী থাকিল হেঁতেন!

ছমাহমান পিছৰ কথা। এদিন কলেজৰ পৰা ঘৰলৈ উভটি আহি দেখিলো এখন চিঠি আহিছে, খামৰ ওপৰত অপৰিচিত হাতৰ আখৰেৰে লিখা ঠিকনা। খামটো খুলি দেখিলো ভিতৰত শাওনে লিখা সৰু চিঠি এখন। চিঠিখন পঢ়ি মনটো খুব বেয়া হৈ গ’ল, কাৰণ এঠাইত তাই লিখিছে-

“ ইকবাল খুৰা, কিয় জানো মোৰ মনত ভাৱ হৈছে মই আৰু নাবাচো। মোৰ এনেকুৱা কিবা এটা হৈছে যিটো কোনো ডাক্তৰেই ধৰিব পৰা নাই। মই দিনে দিনে দুৰ্বল হৈ গৈ আছো। দিনে ৰাতিয়ে মই বিচনাত শুই থাকিব লগীয়া হয়। বিচনাত শুই শুই মোৰ মনটো খুব বেয়া লাগি থাকে সেইবাবে শুই শুই সকলোলৈকে চিঠি লিখিছো……”

মই শাওনৰ চিঠিখন হাতত লৈ বহুত সময়ৰ বাবে বাৰান্দা খনতে বহি থাকিলো। ভাৱ হ’ল যেন মোৰ বুকুৰ ভিতৰখন মোচৰ খাই উঠিছে। কি কৰিম একো বুজিব নোৱাৰি মই কোঠাৰ ভিতৰতে চটফট কৰিবলৈ ধৰিলো। সন্ধ্যা সময়ত চেক্ৰেটেৰী চাহাবৰ ঘৰৰ পৰা ফোন এটা কৰিবলৈ চেষ্টা কৰিলো। চাহ বাগান খনত ফোন নাই। সেইবাবে মই আন এজন বন্ধুলৈ ফোন কৰিলো। তেওঁ স্পষ্টকৈ একো কথা কব নোৱাৰিলে। কিন্তু শাওনৰ ব্লাড কেঞ্চাৰৰ দৰে কিবা এটা হৈছে বুলি তেৱোঁ শুনিছে।

ৰাতি মই বহুত সময়ৰ বাবে বিচনাত ছটফট কৰি কটালো। মাজৰাতি হঠাত থানাত বজোৱা বাৰ বজাৰ ঘন্টাৰ কোবত মই চকখাই উঠি বহিলো। মোৰ হঠাত পিশাচৰ মূৰ্তিটোৰ কথা মনত পৰিল। এনেকুৱা হ’ব পাৰে নেকি যে পিশাচটোৱে শাওনৰ জীৱনী শক্তি ধ্বংস কৰি দিছে। সঁচাই সি এটা অশুভ পিশাচ, সঁচাকৈ সি মানুহৰ জীৱনটো ধ্বংস কৰি দিয়ে- বুঢ়া চাওতালজনে যিটো কথা মোক প্ৰায় এযুগ আগতেই কৈছিল।

মই অতিপ্ৰাকৃত কোনো কথা বিশ্বাস নকৰো, কিন্তু তথাপিও মই পিছদিনা কলেজৰ পৰা ছুটি বিচাৰি এখন দৰ্খাস্ত দি ফয়েজৰ চাহ বাগানৰ উদ্দেশ্যে যাত্ৰা কৰিলো।

 

 

(৩)


চাহ বাগিছাখন চহৰৰ পৰা বহু দূৰৈত। বাচৰ পৰা নামি দীঘলীয়া পথ এছোৱা ৰিক্সাত আহি বাকিখিনি বাট খোজকাঢ়িব লগীয়া হ’ল মই যেতিয়া গৈ ফয়েজৰ ঘৰ পালোগৈ তেতিয়া গধূলি হৈছে। আকাশত অসংখ্য তৰা। তাৰ অস্পষ্ট পোহৰত, চাহ বাগিছা খনৰ ওখ চাপৰ টিলাবোৰ অপাৰ্থিৱ জগতৰ এটা দৃশ্য যেন ভাৱ হৈছিল। চহৰৰ পৰা দূৰৰ এটা নিৰ্জন টিলাৰ ওপৰত এখন ছবিৰ দৰে এটা টিলা। মোক দেখি এজন ঘৰত কাম কৰা বনুৱা ল’ৰাই ঘৰত খবৰ দিবলৈ গ’ল আৰু কিছুসময়ৰ পিছতেই ফয়েজ বাহিৰলৈ ওলাই আহিল। তাৰ শৰীৰত এক ধৰণৰ ক্লান্তি- চকুৰ গুৰি ক’লা পৰি গৈছে, মুখত এক অসহায় বিষণ্ণতা। মোক দেখি দুৰ্বল ভাৱে হহাঁৰ চেষ্টা কৰি ক’লে-

“ ইকবাল,আহিছ !”

“ অঁ আহিছো দে। শাওনৰ গা ভাল নহয় বুলি খবৰটো পাই মনটো খুব চটফটাই আছিল-”

“ খুব ভাল কৰিলি। ছোৱালীজনীয়ে তোৰ কথা কৈয়েই থাকে”।

“ কি হৈছে শাওনৰ?”

ফয়েজে এটা নিশ্বাস পেলাই ক’লে-
“ নাজানো! সঁচা কথা ক’বলৈ গ’লে কোনেও নাজানে। ব্লাডকেঞ্চাৰ বুলি সন্দেহ কৰি কেমোথেৰাপিও আৰম্ভ কৰিছিল, ছোৱালীজনী তাৰপিছত আৰু দুৰ্বল হৈ পৰিল”।

ফয়েজে কিছুসময় ৰৈ মোক সকলো কথা খুঁটি-নাটি ক’লে। কেনেকৈ আৰম্ভ হ’ল, ডাক্তৰে কি কৈছে, কি চিকিৎসা চলিছে- সকলোবোৰ। এতিয়াও বিদেশলৈ নিবলৈ চেষ্টা চলাই আছে, ছুটী বিচাৰি দৰখাস্ত দিছে, কিন্তু শাওনৰ গাটো ইমানেই বেয়া হৈ গৈছে যে ভয় লাগিছে যে বেছি দেৰি হৈ নাযায়তো। ফয়েজে কথা কৈ থকাৰ মাজতে তাৰ পত্নী সোমাই আহিল- তেওঁক দেখি ভাৱ হ’ল যেন এই কেইমাহৰ ভিতৰতে বয়স বহুত বাঢ়ি গ’ল। কাজলকো দেখিলো মন মৰা হৈ ঘৃৰি ফুৰিছে। তাৰ বাবে যিটো চকলেটৰ পেকেট আনিছিলো সেইটো খুব ফুৰ্তিৰে খুলি এটা চকলেট উলিয়াই হঠাত যেন সেইটো খোৱাৰ উৎসাহ হেৰুৱাই পেলালে। মই দেখিলো সি সন্তৰ্পনে তাৰ চকুহাল মচিলে- নিশ্চয় শাওনৰ কথা মনত পৰিছে।

শাওন শুই আছিল বাবে তাইক তেতিয়াই চাবলৈ নগ’লো। ফয়েজে মোক তেওঁলোকৰ গেষ্ট ৰুমলৈ লৈ গ’ল। মই কাপোৰকানি সলাই মুখ হাত ধুই চাফ চিকুণ হৈ ল’লো। চাহ বাগিছাৰ মেনেজাৰৰ ঘৰবোৰ খুব ধুনীয়া থাকে। এসময়ত নিশ্চয় বিদেশী চাহাববোৰ আছিল। কাৰণ কোঠাৰ ভিতৰত ফায়াৰ প্লেছ আছে-ইয়াৰোপৰি কোঠাটো প্ৰকাণ্ড ডাঙৰ, ওখ চিলিঙ আৰু ডাঙৰ ডাঙৰ খিৰিকি ! খিৰিকি খুলিলেই দেখা যায় বিস্তৃত চাহ বাগান। মই খিৰিকিৰ ওচৰত ৰৈ বাহিৰৰ চাহ বাগানখন চাই ৰ’লো। কুঁৱলীৰ আঁৰত লুকাই থকা চাহ বাগান খনৰ ফালে চাই চাই মোৰ মনটো গভীৰ বিষণ্ণতাৰে ভৰি পৰিল।

ৰাতিৰ আহাৰ খাই উঠি মই শাওনক চাবলৈ গ’লো। তাই নিজৰ বিচনাত গাৰুটোত আউজি শুই আছিল। অসম্ভৱ ধৰণে ক্ষীণাই গৈছে যদিও তাইৰ মুখত এক ধৰণৰ লাৱণ্য বিয়পি আছে। তাই মোক দেখি অকণমান হহাঁৰ চেষ্টা কৰি ক’লে-

“ ইকবাল খুৰা, মই আৰু বেচিদিন নাবাচো ”।

মোৰ বুকুৰ ভিতৰখন মোচৰ খাই উঠিল, কিন্তু মই সেইটো মুখত প্ৰকাশ হ’বলৈ নিদিলো। তাই যেন খুব এটা হাঁহি উঠা কথা কৈছে সেইধৰণৰ ভাৱ এটা কৰি ক’লো-

“ অসুখ হ’লেই মানুহ যদি মৰি গ’ল হেঁতেন তেতিয়াহ’লে গোটেই পৃথিৱীতে মাত্ৰ ছয়ত্ৰিছ জন মানুহ থাকিল হেঁতেন”।

শাওনে হাঁহি এটা মাৰি আকৌ বিষাদগ্ৰস্ত মুখেৰে ক’লে-
“ মই কিন্তু সঁচাই মৰি যাম! মই জানো”।

“ ধেৎ পাগলী কৰবাৰ!” মই তাইৰ মূৰত হাত খন থৈ ক’লো-
“ যেতিয়া তোমাৰ তিৰানব্বৈ বছৰ হ’ব, আৰু তোমাৰ সাতচল্লিচটা নাতি নাতিনী হ’ব- তেতিয়া তুমি মৰিবা, তাৰ আগতে নহয় !

“ নহয় ইকবাল খুৰা–”

মই শাওনক বাধা দি কৈ উঠিলো- “ মই আহিছো তোমাক ভাল কৰি দিবলৈ”।

শাওনে চলচলীয়া চকুৰে মোৰ ফালে চালে-“ সঁচা”?

মোৰ বুকুখন যেন ভাঙি চুৰমাৰ হৈ গৈছিল। বহু কষ্টৰে মুখত হাঁহি এটা ফুটাই তাইক ক’লো-
“ সঁচা। তোমাক ভাল কৰিহে মই ইয়াৰপৰা যাম ”।

মোৰ লগত কথা পাতি শাওন সঁচাকৈ অকণমান উৎফুল্লিত হৈ উঠিল। শাওনৰ মনটো ভাল হোৱা বাবে কাজলৰো ভাল লাগিল। মই শাওনৰ বিচনাত বহি ৰছিৰ বান্ধ খোলা মেজিক দেখুৱালো, বুৰ্বক পাকিস্তানী বোৰৰ গল্প ক’লো, মোৰ দুষ্ট ছাত্ৰ বোৰৰ কীৰ্তি শুনালো আৰু কথা কৈ কৈ হঠাত যেন মনত পৰিছে তেনে ভাৱত সুধিলো-

“ মোৰ বন্ধুটো ক’ত?”

“ বন্ধু?” শাওনে অবাক হৈ সুধিলে – “ কোন বন্ধু?”

“ মনত নাই? তোমাক যে দিছিলো পিশাচ বন্ধু?”

“ অ’ সেই মূৰ্তিটো! আছে। মোৰ টেবুলতে থৈছিলো, ঠাই নাইকিয়া হ’ল বাবে তলত নমাই থৈছো ”।

কাজলে ক’লে-
“ বাইদেৱে আইনাৰ বাকচ এটা বনাই দিছে- এতিয়া দেখিবলৈ আৰু ভয় লগা হৈছে! এদিন কি হ’ল জানে-”।

কাজলে তাৰ বন্ধুবোৰক কেনেকৈ এই মূৰ্তিটো দেখখুৱাই ভয় খুৱাইছিল সেই ঘটনাটো ক’বলৈ আৰম্ভ কৰিলে। মই তাৰ গল্প শুনি শুনি টেবুলৰ ওচৰত বহি লৈ মূৰ্তিটো বিচাৰিবলৈ ধৰিলো। এটা চুকত কিছুমান কিতাপৰ পিছফালে মূৰ্তিটো ঢাক খাই আছিল। কিতাপ বহীবোৰ গুছাই দিওঁতেই মই ভূত দেখাৰ দৰে চক খাই উঠিলো। মূৰ্তিটো যেন হঠাত জীৱন্ত হৈ উঠিছে। মুখত এটা ক্ৰুৰ হাঁহি। ওঁঠদুটা টিকটিকিয়া ৰঙা আৰু যিটো বস্তু আগতে কেতিয়াও লক্ষ্য কৰা নাছিলো- মুখৰ ভিতৰত কিচকিচিয়া ক’লা সাপৰ দৰে এখন জিভা। চকুবোৰ ইয়াৰ আগতে সদায় আধা জাপখোৱা আছিল, এতিয়া দেখিলো সেইবোৰ সম্পূৰ্ণ মেলখোৱা, এক তীব্ৰ দৃষ্টিৰে চাই আছে। মূৰ্তিটো দেখি মোৰ বুকুখনে ধান বানিবলৈ ধৰিলে। ভয়ত মোৰ সৰ্বশৰীৰ কঁপি উঠিল। মই প্ৰাণপনে নিজকে সংযত ৰাখিবলৈ চেষ্টা কৰি উঠি পৰিলো।
তেতিয়ালৈকে কাজলৰ কাহিনী শেষ হৈছে। মই যিমানখিনি প্ৰয়োজন সিমানখিনি হাঁহি ক’লো-

“ মোৰ বন্ধুটো তাৰমানে ভালেই আছে”।

শাওনে একো কথা নোকোৱাকৈ মোৰ ফালে স্থিৰ দৃষ্টিৰে চাই থাকিল। মই তাইৰ পৰা চকু ঘূৰাই তাইক সুধিলো-

“ মূৰ্তিটো মোৰ কোঠাত দুদিনমান ৰাখোনে?”

শাওনে একো উত্তৰ নিদিলে। মই অকণমান হাউলি মূৰ্তিটো লৈ কোঠাটোৰ পৰা ওলাই গ’লো। বুকুৰ ওচৰত ধৰি আছিলো বাবেই নেকি নাজানো মোৰ নাকত হঠাতে এটা লেতৰা গোন্ধ লাগিলেহি। ভাৱ হ’ল গোন্ধটো মূৰ্তিটোৰ পৰাই আহিছে।

মই কোঠাৰ টেবুলত মূৰ্তিটো থৈ ঘূৰিলো। অবিশ্যাস্য হ’লেও সঁচা কথা যে মোৰ লাহে লাহে ভয় লাগিবলৈ আৰম্ভ কৰিছিল। শেষত মই অলপ সাহস গোটাই মূৰ্তিটোৰ ফালে চালো আৰু হঠাত মোৰ ভাৱ হ’ল যেন মূৰ্তিটো অকণমান লৰচৰ কৰি উঠিল। মই চক খাই তীব্ৰ দৃষ্টিৰে মূৰ্তিটোৰ ফালে চাই ৰ’লো। আশা কৰিলো মূৰ্তিটো যেন এবাৰ ল’ৰি উঠিব। কিন্তু সেইটো আৰু লৰচৰ নকৰিলে- নিশ্চয় মোৰ মনৰ ভুল! কিন্তু যিমানবাৰ মই মূৰ্তিটোৰ পৰা চকু আঁতৰাই আনো সিমানবাৰেই মোৰ ভাৱ হ’ল সেইটো যেন অকণমান লৰি উঠে, খুব বেছি নহয়, কিন্তু চকুত পৰাৰ বাবে যথেষ্ট।

ৰাতি এঘাৰমান বজাত এজন মানুহে আহি মোৰ কোঠাৰ ফায়াৰ প্লেছত জুই একুৰা জ্বলাই গ’লহি। মই কেৱল চিনেমা বা টিভিতহে মানুহক ফায়াৰ প্লেছ জ্বলোৱা দেখিছো সঁচাকৈ যে কোনোবাই ইয়াৰ ফায়াৰ প্লেছৰ জুই জ্বলাব জনা নাছিলো কোঠাৰ মাজত জুই জ্বলা কথাটো মোৰ অকণমান অস্বাভাৱিক যেন ভাৱ হ’ল। মই অকণমান বাধা দিব খুজিছিলো, মানুহটোৱে ক’লে-

“ চাৰ ইয়াত ৰাতি অসম্ভৱ ঠাণ্ডা পৰে। এইটো জ্বলাই দিলে আৰামত শুব পাৰিব”।

মই ক’লো-
“ এতিয়াটো সিমান ঠাণ্ডা নাই”।

“ এতিয়া নাই। কিন্তু পিছৰাতি গোটেইবোৰ বৰফৰ দৰে ঠাণ্ডা হৈ পৰে ”।

মই আৰু একো, আপত্তি নকৰিলো। মানুহটোৱে ফায়াৰ প্লেচৰ জুইকুৰা জ্বলাই থৈ গুছি গ’ল। লগে লগে কোঠাটো এক কোমল উমেৰে ভৰি পৰিল। মই অকণমান সময় খিৰিকিৰ সমুখত থিয় হৈ টেবুল খনৰ কাষলৈ ঘূৰি আহিলো, তাত পিশাচৰ মূৰ্তিটোৱে এক অত্যন্ত ক্ৰুৰ মুখভঙ্গী লৈ বহি আছিল।

ৰাতি টোপনি আঁহোতে মোৰ সদায় বহুত সময় লাগে, আজিও তেনেকুৱাই হ’ব বুলি ভাবি এখন সৰু উপন্যাস হাতত লৈ বিচনাত পৰিছিলো। সাধাৰণ কাহিনী- ট্ৰেন ,বাছত পঢ়িবৰ বাবে কিনিছিলো। এতিয়া শেষৰখিনি পঢ়ি একেবাৰে শেষ কৰি পেলাম বুলি ভাবিলো। দুখনমান পৃষ্ঠা পঢ়াৰ পাছতে লাইট গ’ল। কোঠাটোৰ ভিতৰত ফায়াৰ প্লেচ আছিল বাবে সম্পৃৰ্ণ আন্ধাৰ নহৈ এক ধৰণৰ ছাঁ পোহৰৰ ভৌতিক খেলা আৰম্ভ হ’বলৈ ধৰিলে। ফায়াৰ প্লেচৰ জুইৰ শিখা বোৰ কঁপি আছিল। সেই পোহৰত কোঠাৰ ভিতৰত এক বিচিত্ৰ ধৰণৰ দীঘল দীঘল ছাঁ পৰিছিল আৰু সেই ছাঁবোৰো জুইৰ শিখাৰ সতে কঁপি আছিল।
মই কি কৰিম ভাৱি তললৈ নামিবলৈ ওলাওঁতেই দুৱাৰ মুখত ফয়েজ আহি উপস্থিত হৈ ক’লে-

“ ইকবাল। শুলি নেকি?”

“ নাই। ইলেকট্ৰিচিটি গ’ল হ’বপায়?”

“ অঁ। আজিকালি প্ৰায়েই যায়। আমাৰ টি গাৰ্ডেনৰ নিজৰ ডাইনামো এটা আছে। এনেয়ে অসুবিধা নহয়। কিন্তু এতিয়া বহুত ৰাতি হৈ গ’ল আজি চাগৈ সেইটো নচলিব। এই মমডাল হাতত ৰাখ ”।

মই মমডাল হাতত লৈ ফায়াৰ প্লেছৰ ওপৰৰ পকা খনত থৈ ক’লো-
“ এতিয়াতো ফায়াৰ প্লেচৰ জুইৰ পোহৰত সকলো দেখা গৈছে। মম নহ’লেও হ’ল হেঁতেন”।

“ সেইটো ঠিক”।

“ এতিয়াতো মইও ইয়াত আছো। কিবা দৰকাৰ হ’লে মাতিবি”।

ফয়েজে নিঃশ্বাস এটা এৰি দি ক’লে-
“ কম বাৰু ”।

মই বিচনাত পৰি জুইকুৰাৰ ফালে চাই চাই এসময়ত টোপনি গ’লো।

কিমান সময় শুই আছিলো ক’ব নোৱাৰো, হঠাত মোৰ টোপনিটো ভাঙি গ’ল। টোপনি কেনেকৈ ভাঙিল ধৰিব নোৱাৰিলো। কিন্তু মোৰ সকলোবোৰ স্নায়ু টোপনিৰ সমস্ত অৱসাদ জোকাৰি মূহুৰ্ততে একেবাৰে সজাগ হৈ উঠিল। কিয় জানো মোৰ মনলৈ আহিল সাংঘাটিক বেয়া কিবা এটা হ’বলৈ গৈ আছে। সেইটো কি মই নাজানো। কিন্তু মোৰ সমস্ত চেতনা সেইটোৰ বাবে প্ৰস্তুত হৈ ৰ’ল। ফায়াৰ প্লেছৰ জুইকুৰা কমি গৈ তাৰপৰা এটা ৰঙচুৱা পোহৰ ওলাই আহিছে। তাৰ ম্লান পোহৰত কোঠাটো কিছু আন্ধাৰ হৈ আছে। শুবলৈ যোৱাৰ সময়ত যি ধৰণৰ এক আৰামদায়ক গৰম ভাৱ আছিল সেইটো এতিয়া আৰু নাই, গোটেই কোঠাতো বৰফৰ দৰে ঠাণ্ডা। ঠাণ্ডাত মোৰ গাৰ নোমবোৰ ঠৰঙা হৈ উঠি আহিল। মই বিচনাৰ পৰা নমাৰ লগে লগেই লেতেৰা পচা পচা গোন্ধ এটা পালো, পচা তেজৰ দৰে অদ্ভূত এটা গোন্ধ। গোন্ধটো ক’ৰ পৰা বা আহিছে কোনে জানে! মই ফায়াৰ প্লেছৰ জুইকুৰা অকণমান বঢ়াই দিলো। কাষতে এডাল লোহাৰ ৰড আছিল, সেইডাল লৈ খুঁচি দিওঁতেই জুইকুৰা দপ্ দপকৈ জ্বলি উঠি কোঠাতো এটা ৰঙচুৱা আভাৰে ভৰি পৰিল। মই ঘূৰি টেবুলখনৰ ফালে চালো আৰু লগে লগে মোৰ শৰীৰৰ তেজ যেন গোট মাৰি গ’ল। টেবুলত থোৱা আইনাৰ বাকচটো খালি! ভিতৰত মূৰ্তিটো নাই!

মই গোটেই জীৱন কঠিন বাস্তৱতাৰ মাজত ডাঙৰ হৈছো। অলৌকিক বা অতিপ্ৰাকৃতিক কোনো বস্তু মই বিশ্বাস নকৰো। কিন্তু সেই মুহূৰ্তত কিয় জানো মই নিঃসন্দেহ হৈ গ’লো যে পিশাচটোৱে প্ৰাণ পাই শাওনৰ কোঠালৈ গৈছে। মই যদি একো নকৰো ভয়ঙ্কৰ বিপদ এটা ঘটিব। মই ফায়াৰ প্লেচৰ জুই খোঁচৰা লোহাৰ ৰডডাল হাতত লৈ হাতত সাৰে ভৰিত সাৰে কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিলো।

মোৰ কোঠাতো এটা হলঘৰৰ সতে সংলগ্ন। লগত এটা কৰিডৰ। মই কৰিডৰটোৰে আগবাঢ়ি যোৱাৰ লগে লগে আকৌ সেই লেতেৰা পঁচা গোন্ধটো নাকত লাগিল। মই নিঃশব্দে শাওনৰ কোঠালৈ গৈ দৰজাখনত হাত দিলো। সেইখন লগে লগেই খুলি গ’ল আৰু লগে লগে সেই উৎকট দুৰ্গন্ধটো আহি মোৰ নাকত লাগিলেহি। মই শাওনৰ কোঠাৰ ভিতৰত সোমালোহি। কোঠাতো বৰফৰ দৰে ঠাণ্ডা। শাওনৰ বিচনাৰ কাষত এটা চাৰ্জাৰ লগোৱা লাইট জ্বলি আছে। সেইটোৱে অন্ধকাৰ আঁতৰাই তোলাতকৈ অন্ধকাৰ যেন বঢ়াই হে তুলিছে তেনেকুৱা ভাৱ হ’ল! মই আৰু অকণমান আগুৱাই গ’লো, আঁঠুৱাৰ কাষলৈ গৈ ভিতৰলৈ জুমি চাওঁতেই মই ভয়ত সিঞৰি উঠিলো -বিছনাত তাইৰ মূৰৰ ওচৰত কুৎসিত নোমাল মানুহ এটা বহি আছে, তাৰ মুখত এটা পৈশাচিক হাঁহি, চকু দুটা পকা অঙঠাৰ দৰে জ্বলি আছে। সি মোৰ ফালে ক্ৰুৰ দৃষ্টিৰে চালে। ভাৱ হ’ল সেই দৃষ্টি মোৰ শৰীৰ ভেদ কৰি হৈ ওলাই গৈছে।

মই কি কৰো বুজিব পৰা নাছিলো। মোৰ নিজৰ ভিতৰতে এক ভয়াবহ আতংকই দেখা দিছিল। তথাপিও দুহাতত লোহাৰ ৰডদাল টানকৈ ধৰি আগুৱাই গ’লো। শাওনক আঘাত নকৰাকৈ কেৱল প্ৰাণীটোক আঘাট কৰিব পৰা কিবা এটা বস্তু হাতত লোৱাৰ কথা ভবাৰ শক্তি মোৰ তেতিয়াও আছিল। কিন্তু হঠাত হুৰমূৰ শব্দ এটা হ’ল আৰু মই দেখিলো প্ৰাণীটো তাত নাই! টেবুলখন অকণমান লৰচৰ কৰি উঠিল, চেলফখনৰ পৰা দুখন কিতাপ আহি মাটিত পৰিল, শাওনৰ বিচনাখন হঠাত লৰি উঠিল। মই দুয়োখন হাতেৰে লোহাৰ ৰডদাল টানকৈ ধৰি থিয় হৈ থাকিলো। যিটো বস্তু চকুৰে দেখা পোৱা নাযায় তাক কেনেকৈ আঘাট কৰিম সেই ভাৱটো এবাৰলৈও মনলৈ নাহিল। কোঠাটোৰ দৰজাখন হঠাত খোল খাই গ’ল, আৰু লগে লগে কোঠাটোৰ মাজৰ সকলোবোৰ শব্দ নাইকিয়া হৈ পৰিল।

মই শাওনৰ ওচৰলৈ দৌৰি গ’লো। তাই, ডিঙিৰ ওচৰত অলপ তেজ লাগি আছে। মই তাইৰ হাতখন ধৰি মূৰটো তাইৰ বুকুৰ কাষলৈ নমাই আনিলো । দেখিলো খুব লাহে লাহে তাইৰ বুকুখন উঠানমা কৰিছে, তাই উশাহ লৈছে- শাওন এতিয়াও বাচি আছে।
মই আঁঠুৱাখন নমাই শাওনৰ কোঠাৰ পৰা ওলাই নিজৰ কোঠাৰ ফালে দৌৰি আহিলো। কোঠাত সোমায়েই দেখিলো টেবুলৰ ওপৰৰ আইনাৰ বাকচটোত মূৰ্তিটো আকৌ সোমাই পৰিছে! মই দুয়োহাতেৰে লোহাৰ ৰডদাল ধৰি মূৰ্তিটোৰ ফালে আগুৱাই গ’লো। ফায়াৰ প্লেছৰ জুইৰ পোহৰত দেখিলো তাৰ কোৱাৰিত তেজ লাগি আছে। মূৰ্তিটোৱে মোৰ ফালে স্থিৰ দৃষ্টৰে চাই চাই হঠাত তাৰ জিভাখন উলিয়াই মুখত লাগি থকা তেজবোৰ চেলেকি পেলালে।

ভীষণ আতংকত মই তেতিয়া কাণ্ডজ্ঞান হেৰুৱাই পেলাইছো। লোহাৰ ৰডদাল ওপৰলৈ তুলি আঘাত কৰোতেই ঝনঝন শব্দ কৰি আইনাৰ বাকচটো ভাঙি পৰিল। মূৰ্তিটো তেতিয়া টেবুলৰ ওপৰত স্থিৰ হৈ বহি আছে। তাক দেখি মোৰ এনে লাগিল যেন ই মূৰ্তি নহয় এটা মূৰ্তিমান বিভীষিকা- ইয়াক যেনেকৈয়ে হওক ধ্বংস কৰিবই লাগিব। মই আকৌ ৰডদাল তুলি তাক আঘাত কৰিবলৈ ওলালো। হঠাতে মূৰ্তিটোৱে টেবুলৰ পৰা জাঁপ মাৰি নিজৰ বিশাল আকাৰ ধৰি মোৰ ফালে খেদি আহিল। মই অন্ধ লোকৰ দৰে চকু মুদি তাক উধাই মুধাই মাৰিবলৈ ধৰিলো। এটা ভয়ঙ্কৰ চিঞৰ শুনিবলৈ পালো! হঠাত দেখিলো মূৰ্তিটো চিটিকি গৈ ফায়াৰ প্লেছৰ জুইৰ মাজত পৰিলেগৈ। মাংস পোৰাৰ উৎকট গোন্ধত কোঠাতো ভৰি পৰিল। চৰ্ চৰ্ শব্দ কৰি মূৰ্তিটো পুৰিবলৈ ধৰিলে। মই দেখিলো জুইৰ মাজত সি লৰচৰ কৰিছে-।

ফয়েজ আৰু তা পত্নী যেতিয়া তললৈ নামি আহিল তেতিয়া ফায়াৰ প্লেছত মূৰ্তিটোৰ বিশেষ একো অৱশিষ্ট নাছিল। মোৰ কোঠালৈ আহি ফয়েজে ভয় খোৱা মাতেৰে সুধিলে-

“ কি হ’ল ইকবাল?”

মই লোহাৰ ৰডদাল তলত নমাই থৈ ক’লো-
“ কোঠাটোৰ ভিতৰত বাদুলি নে কিবা এটা সোমাইছিল। সেইটো মাৰিবলৈ গৈ ভুলতে মূৰ্তিটোকে মাৰিলো। চিটিকি গৈ জুইত পৰিল-”

ফয়েজৰ পত্নীয়ে ক’লে-
“ খুব ভাল হৈছে, আপদটো পুৰি গৈছে। কি লেতেৰা গোন্ধ ওলাইছে দেখিছা?”

মই একো নক’লো। ফয়েজে সুধিলে-
“ বিকট চিঞৰ এটা শুনিছিলো-“

মই হহাঁৰ চেষ্টা কৰি ক’লো-
“ নিশ্চয় ময়েই ভয় খাই চিঞৰিছিলো! হঠাত টোপনিৰ পৰা সাৰ পাই মূৰৰ ঠিক নোহোৱা হৈ গৈছিল”।

ফয়েজৰ পত্নীয়ে ক’লে-
“ শাওনক চাই আঁহোগৈ।”

মই ক’লো-
“ অঁ। ইমান চিঞৰ বাখৰত তাইৰ টোপনি ভাঙি গৈছে নিশ্চয়”।

শাওনৰ কোঠালৈ গৈ দেখিলো তাই বিচনাত মনে মনে বহি আছে। আমাক দেখি তাই ক’লে-
“ তোমালোকে এই ৰাতিখন ইয়াত কি কৰিছা?”

তাইৰ মাকে ক’লে-
“ তোক চাবলৈ আহিছিলো-”

তাই হাঁহি এটা মাৰি ক’লে-
“ ভাল কৰিলা মা! মোৰ কি ভাৱ হৈছে জানা?

“ কি?”

“ মই এইবাৰ ভাল হৈ যাম”।

মই ক’লো-
“ তুমি নিশ্চয় ভাল হৈ যাবা!”

“ মই অকনমান বিচনাৰ পৰা উঠোনে?”

ফয়েজে ভয় খোৱা মাতেৰে সুধিলে-
“ পাৰিবি, উঠিব?”

“ পাৰিম দেউতা”।

ফয়েজে আগুৱাই গৈ হাতখন আগবঢ়াই দিলে, শাওনে তেওঁক ধৰি থিয় হ’ল। ফয়েজৰ পত্নীয়ে হঠাত আগুৱাই গৈ ক’লে-
“ তোৰ ডিঙিত এয়া তেজ কিহৰ?”

মই লগে লগে উত্তৰ দিলো-
“ মহ্! নিশ্চয় মহ্ ! চাহ বাগিছাৰ মহে তেজ খাই ঢোলটোৰ দৰে হৈ পৰিছিল, শাওনে নিশ্চয় টোপনিতে মাৰি পেলাইছে”।

তৰফদাৰ চাহেবে গল্প শেষ কৰি অকণমান ৰ’ল, মই বন্ধ কৰি ৰখা নিশ্বাসটো বাহিৰ কৰি দি সুধিলো-
“ ইয়াৰ পিছত শাওনৰ কি হ’ল? ভাল হৈ গ’লনে?”

“ অঁ। এইবোৰ বহুতদিন আগৰ কথা। এতিয়া তাইৰ বিয়া হৈ গ’ল। শাওন ভালেই আছে”।

“ তাইক কেতিয়াবা গল্পটো কৈছেনে?”

“ নাই। কোৱা নাই। এনেকুৱা এটা গাজাখুৰি যেন লগা গল্প ক’বলৈ মন নাযায়”।

আনিছে ডিঙিটো বেকা কৰি ক’লে-
“ কিন্তু আমাক যে ক’লে?”

“ তোমালোকক কৈছো মাজৰাতি, যেতিয়া বাহিৰত ধাৰাষাৰ বৰষুণ হৈ আছে, এটা ভৌতিক পৰিবেশ, এনেকুৱা পৰিবেশত ভাল গল্প বোৰেই ভূতৰ গল্প যেন লাগে। সেইবাবে। কালি ৰাতিপুৱা তোমালোকে ভাৱিবা, তৰফদাৰ চাহাবে যে কি গাজাখুৰি গল্প কব পাৰে! ভাৱিবা নে নাই?”
মই মূৰ দুপিয়ালো- ভাব হয় তেনেদৰেই ভাৱিম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!