বিচ্ছিন্ন প্ৰজাপতি

লেখক- ড° যামিনী গগৈ

সিদ্ধাৰ্থৰ হঠাতে বৰ বিকচিনা লাগিল। অলপ আগতে নেপালী খুটিৰ পৰা অহা থমা দৈৰ গাখীৰৰ টেকেলিকেইটা কইনাৰ দেউতাকৰ বিশেষ অনুৰোধত সহায়কাৰী কেইজনমানৰ লগ লাগি পিছ দুৱাৰেদি সুমুৱাই থৈ অহাৰ পিছৰপৰাই তাৰ বৰ বিকচিনা লাগি আছে। এই ভাবটো সি কইনাৰ দেউতাকে তাক কৰা বিশেষ অনুৰোধটো ৰক্ষা কৰিবলগীয়া হোৱাৰ কাৰণে আহিল, নে অত্যাধুনিক বিয়াখনৰ অত্যাধুনিক অভ্যৰ্থনাথলীত গাখীৰৰ টেকেলিৰ বিসদৃশ সংযোজনটোৰ কাৰণে আহিল; নে দৈৰ টেকেলিৰ মটিয়া গাত অসাৱধানতাবশতঃ ধেলেকনি খাই পৰা গাখীৰৰ দাগ এচমকা দেখি আহিল- সি নিজেই বুজি নাপালে। তথাপি সেই ভাবটো মনৰ পৰা আঁ‌তৰাবলৈকে সি দৈ টেকেলিকেইটা গত লগাই পিছফালৰ পৰা আহি আচুতীয়া চকী এখনত অচিনাকি মানুহবোৰৰ ৰেহ-ৰূপ চাই বহি থাকিল।

বাহিৰত চৰাইৰ মিহি কিচিৰমিচিৰ আৰু ভিতৰত মানুহৰ অসহ্যকৰ মৃদু কেলকেলনি! তাৰ মাজতেই সিদ্ধাৰ্থ বহি ৰ’ল এক আঢ্যৱন্ত বিবাহৰ মুকলি অভ্যৰ্থনাথলীত নিজৰ মনৰ মাজৰ গুমগুমনি এখিনিৰ মাজত। মহানগৰীৰ মাজমজিয়াৰ এখন ৰেঁ‌ষ্টোৰাৰ মুকলি ঠাইখিনিত থকা সৰু-বৰ গছবোৰত ভিন্ন ৰঙী কাপোৰ আৰু আলোকসজ্জাৰে সজাই তোলা বিবাহথলীখন সঁ‌চাই আকৰ্ষণীয় হৈছে। এয়া চাগে আজিকালি প্ৰচলিত ডেষ্টিনেছন ৱেডিং পদ্ধতিৰ এক পৰিপূৰক ব্যৱস্থা। ব্যৱস্থাটো দেখি সিদ্ধাৰ্থৰ ভাল লাগিছে। নিজৰ বিয়াৰ কথা ভাবিবলৈ তাৰ মন গৈছে। কিন্তু মন গ’লেও সকলো সময়তে সকলো কাম কৰিব নোৱাৰি, সকলো কথা ভাবিব নোৱাৰি— একান্তই নিজাকৈ বুলিও নোৱাৰি। যেনেকৈ সি কওঁ‌ বুলিও হিয়াক তাৰ ‘কলিজা’ বুলি ক’ব নোৱাৰিলে কাহিনীও তেনেকৈ! বাধ্যবাধকতা বহুত থাকে। একান্তই মনৰ মাজতে কৰোঁ‌ বুলিলেও বাধ্যবাধকতা বহুত থাকে। বুজাই বুজে, নুবুজাই নুবুজে। সিয়ো এটা কথা বুজি নাপায়। এই যে মানুহে ইমান জাক-জমককৈ বিয়াবোৰ পাতে- কিয় পাতে! কইনাই দিনটোৰ বাবে হ’লেও পাতলীয়া বা ডাঠ ৰং-বিৰঙৰ প্ৰলেপ এটা ঘঁ‌হি-পিহি পৃথিৱীৰ শ্ৰেষ্ঠতম সুন্দৰীগৰাকী হ’বলৈ যায়— কিয় যায়! দৰাজনে ‘বিষ্ণুৰূপী বৰ’ৰ খিতাপভাগী পাই দিনটোৰ বাবে পুৰুষোত্তমৰ বিনম্ৰ ভাও এটি দিবলৈ যত্নপৰ হয়, কিয় হয়! আৰু দেউতাকবোৰৰ কথা ক’বই নালাগে! অলপ আগেয়েই সি প্ৰমাণ পাই আহিছে। সন্তান আৰু সহধৰ্মিনীৰ আব্দাৰত এখন অত্যাধুনিক বিয়াৰ আয়োজন কৰিও মূল ঘৰখনৰ গাঁ‌ৱৰ ৰাইজক তেওঁ‌লোকৰ ধৰণে সন্তুষ্ট কৰিবলৈকে ভিতৰপকীয়াকৈ কৰা দৈ চিৰাৰ আয়োজন সি দেখি আহিছে। সিদ্ধাৰ্থই বুজি পোৱা নাই, এই আয়োজনৰ অৰ্থ কি? সি যিমানদূৰ জানে বিয়াৰ মূল উদ্দেশ্য হ’ল ‘ছেক্সুৱেল গ্ৰেটিফিকেছন এণ্ড ৰেগুলেছন’। ছেক্সুৱেল ৰেগুলেছনৰ দ্বাৰা পৰিয়াল এটা গঢ়িবলৈকে কি ইমান ডাঙৰ আয়োজন এটাৰ প্ৰয়োজন নে! সিচোন হিয়াৰ তেজাল ওঁ‌ঠদুটি চকুৰে চাকিও যৌন সন্তুষ্টি পায়; তাই তাৰ মনৰ মাজত আছে কাৰণেই এই ত্ৰিশ বছৰ বয়সতো সি ভাৰ্জিন। -এইবোৰ কাৰণেই চাগে এই বিশাল অয়োজনৰ অৰ্থ বুজি নাপায় সি।

সেয়ে সি এতিয়া বহি আছে বুজা নুবুজাৰ দোমোজাত। তাৰ চৌপাশৰ মানুহবোৰৰ কথাবোৰলৈ মন নিদি বহি আছে নিজৰ দুনীয়াত। দুই এটা কথাই স্পষ্টকৈ তাৰ কৰ্ণকূহৰ স্পৰ্শ কৰিছে যদিও তাৰ মনটো চুইছে বাহিৰৰ চৰাইৰ কলকলনিৰ শব্দবোৰেহে। মহানগৰখনৰ মাজভাগৰ এই অভিজাত ৰেঁ‌ষ্টোৰাৰ ৰিচেপছন হলটোৰ বাহিৰৰ প্ৰকাণ্ড গছজোপাত, যিজোপা গছৰ তলতে এতিয়া সুদৃশ্য চামিয়ানা তৰি এক ৰাজকীয় কাৰুকাৰ্যৰে কইনা বহা ঠাইখিনি সজাই তোলা হৈছে- সেই প্ৰকাণ্ড গছজোপাৰ ডাল-পাতৰ আঁ‌ৰে আঁ‌ৰেও যেন এক মেহফিলহে বহিছে! চৰাইবোৰে নিজৰ মাজতে দিনজোৰা অভিজ্ঞতাৰ আদান-প্ৰদান কৰিছে আৰু কথাৰ মাজতে পাখি কটালি দিনত খোৱা খাদ্যৰ বৰ্জনীয়খিনি কইনা বহা চামিয়ানাখনৰ ওপৰত মিনিটে মিনিটে বৰ্জন কৰিছে। বৰ্জনীয় পদাৰ্থখিনিয়ে তলৰ ৰাজকীয় কাৰবাৰটোত হানি কৰিব নোৱাৰাকৈ প্ৰকাণ্ড ডাঠ চামিয়ানাখনে আৰু তাৰ তলৰ অত্যাধুনিক কাৰুকাৰ্যই বিশ্বাসযোগ্য সুৰক্ষা প্ৰদান কৰিছে। কিন্তু এই বৰ্জনীয় পদাৰ্থৰ বৰণৰ দৰে একেই দাগ এটি লাগি থকা দৈ টেকেলিটোলৈ মনত পৰিহে সিদ্ধাৰ্থৰ আকৌ ওকালি আহিল। তাৰ মনলৈ আহিল চামিয়ানাখনৰ ওপৰত চাগে এতিয়া ধেলেকণি খোৱা দৈৰ চমকা-চমক অজস্ৰ দাগ!

‘অক্’ বুলি হাতৰ তলুৱাৰে মুখখন ঢাকি সি খৰ খোজেৰে বাহিৰলৈ ওলাই আহিল। বাহিৰৰ আচুতীয়া ঠাই এটুকুৰাত ৰৈ সি দীঘল সকাহৰ উশাহ এটা টানিলে। সন্মুখত তাৰ অজস্ৰ কৃত্ৰিম নক্ষত্ৰ আৰু মূৰৰ ওপৰত ওলমি আছে সেই প্ৰাচীন জ্যোতিষ্কৰ উৱলি যোৱা আলোৱানখন। মহানগৰীৰ মাজভাগৰ এই টিলা যেন ওখ ঠাইটুকুৰাৰ পৰা সি চৌপাশলৈ চাই পঠিয়ালে। মহানগৰীৰ কৃত্ৰিম পোহৰৰ বন্যাই জোনাকৰ আড়ম্বৰপূৰ্ণ আয়োজনখিনি বিনা আয়াসতেই সেমেকাই পেলাইছে। সিদ্ধাৰ্থৰ হঠাৎ কান্দিবলৈ মন গ’ল। তাৰ মনত পৰিল, মাকে ঘৰত তাৰ জন্মদিন বুলি গোঁ‌সাইঠাইত মাহ-প্ৰসাদ দিয়াৰ কথা কৈছিল। ঘৰলৈ যাওঁ‌তে নাৰিকল এযোৰমান লৈ যাবলৈ কওঁ‌তে ঘৰৰ নৰিকলজোপাৰ নাৰিকলখিনি খুলি-খুলি খোৱা কেৰ্কেটুৱাহঁ‌তক গালি পাৰিছিল। কান্দিবলৈ মন যোৱা সিদ্ধাৰ্থৰ মাকলৈ মনত পৰি হাঁ‌হি উঠিল। এই আড়ম্বৰপূৰ্ণ বিয়াবোৰৰ দৰেই মাকৰ তাৰ জন্মদিনৰ অনুষ্টুপীয়া আয়োজনটোওতো এটা অদৰকাৰী কাৰবাৰেই।

ইমান পোহৰৰ মাজত জোনাকৰ এই আয়োজনখিনি আৰু চৰাইৰ কিচিৰ-মিচিৰ সংগীত তল পেলাই ভিতৰত বাজি থকা মুন-লাইট চ’নাটা— এই সকলোবোৰেইতো অদৰকাৰী!
এই অদৰকাৰী কামবোৰৰ পৰা আঁ‌তৰি তাৰ খুব দৰকাৰী কাম এটা কৰিবলৈ মন গ’ল। পিছে এই মুহূৰ্তত তাৰ জন্মদিন পাতিবলৈ মাকলৈ নাৰিকল এহালি নিয়াটো দৰকাৰী নে হিয়াৰ কাষলৈ গৈ তাইক তাৰ ‘কলিজা’ বুলি কোৱাটো দৰকাৰী- সি থিৰাং কৰিব নোৱাৰিলে।

দোমোজাৰ মাজতে সি আকৌ এবাৰ গছৰ ওপৰত চৰাইৰ মিহি কিচিৰ-মিচিৰ আৰু তলৰ বিবাহথলিত সৌন্দৰ্যসচেতন কইনাজনীৰ কাষে-পাজৰে ঘূৰি-পকি চেল্ফি লৈ থকা আত্মসচেতন মানুহবোৰৰ সুসংযত কাৰবাৰটোত চকু ফুৰালে।

চামিয়ানাৰ তলৰ আড়ম্বৰটোতকৈও যেন সি গছৰ ওপৰৰ দুৰ্বোধ্য চৰাইৰ কল-কাকলিখিনিয়েহে বেছি আকৰ্ষণ কৰিছে। মানুহৰ মাত কথাতকৈও যেন সি চৰাইৰ কলৰৱখিনিহে ভালকৈ বুজি পাইছে! লাহে লাহে সিদ্ধাৰ্থৰ মনটো পোহৰে চকু চমকাই ৰখা চৌখিন মানুহৰ পৃথিৱীৰ পৰা মনে মনে অলপ আগলৈকে তাক মুহি ৰখা কইনাজনীৰ কাষেৰেই বগাই গৈ চৰাইজাকৰ কাষ পালেগৈ। সেয়া যে তাৰ দৰেই প্ৰতিটো নীড়মুখী সংগ্ৰামী জীৱনৰ দিনজোৰা সাংসাৰিক কৰ্মৰ অৱসাদৰ বিৱৰণ! সেয়া যে ‘ছেক্সুৱেল গ্ৰেটিফিকেছন এণ্ড ৰেগুলেছন’ৰো ঊৰ্দ্ধৰ এক প্ৰাকৃতিক প্ৰাণময় আচৰণ! সিদ্ধাৰ্থৰ বাবে যেন তলৰ প্ৰদৰ্শনকামী জটিল পৃথিৱীতকৈ চৰাই-চুবুৰীৰ আচৰখন বেছি আকৰ্ষণীয় হৈ উঠিছে! চৰাই চুবুৰীৰ নিয়ম মানি ছেক্সুৱেল ৰেগুলেছনৰ কাৰণে নহয়, গ্ৰেটিফিকেছনৰ কাৰণেহে হঠাতে তাৰ হিয়াক ‘কলিজা’ বুলি ক’বলৈ মন যোৱাতকৈ তাইৰ তুলবুলিয়া ওঁ‌ঠযুৰিত উগ্ৰ চুমা এটা খাবৰ মন গ’ল।
কিন্তু সি পাহৰি গ’ল যে, সিহঁ‌তৰ ঘৰৰ নাৰিকলজোপাৰ নাৰিকলবোৰ ইতিমধ্যে কেৰ্কেটুৱাই খুলি খুলি খাই নষ্ট কৰি পেলাইছে। হিয়াক নিবলৈ ইতিমধ্যে বিষ্ণুৰূপী বৰ পুৰুষোত্তমৰ অভিনয় কৰি কলতল আহি পাইছে। এই সকলোবোৰেই সি পাহৰি গৈছে! মাত্ৰ এই মুহূৰ্তত তাৰ মনলৈ অহা, আৰু এই মুহূৰ্তত তাৰ জীৱনৰ বাবে অতি দৰকাৰী বুলি অনুভৱ কৰা কামটো কৰিবলৈহে তাৰ তীব্ৰ ইচ্ছা হৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!