সাক্ষাৎকাৰ: সুৰেন তালুকদাৰ

লেখক- সাহিত্য ডট অৰ্গ

‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল বিশিষ্ট অনুবাদক তথা শিক্ষাবিদ শ্ৰীযুত সুৰেন তালুকদাৰ ছাৰক। ২০০২ চনত তেখেতৰ প্ৰথমখন অনূদিত গ্ৰন্থ ‘সংস্কাৰ’ প্ৰকাশ পায়। ইউ. আৰ. অনন্তমূৰ্তিৰ একে নামৰ এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অনুবাদকৰূপে খ্যাতি লাভ কৰা শ্ৰীযুত তালুকদাৰ ছাৰে ২০১৫ চনত তেখেতৰ আন এখন অনূদিত গ্ৰন্থ ‘গণদেৱতা’ৰ বাবে সাহিত্য অকাডেমিৰ পৰা অনুবাদ বঁটা লাভ কৰে। বিখ্যাত লেখক খুশৱন্ত সিং, ঊৰ্বশী বুটালিয়া, চিত্ৰা বেনাৰ্জী, তাৰাশংকৰ বন্দ্যোপাধ্যায় আদিৰ বিভিন্ন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি ভূগোল বিজ্ঞান বিভাগৰ এগৰাকী কৃতী শিক্ষকৰূপে জনাজাত শ্ৰীযুত তালুকদাৰ ছাৰে অনুবাদ সাহিত্যত এক নতুন বাটৰ সূচনা কৰিছে।

শিক্ষক আৰু অনুবাদক শ্ৰীযুত সুৰেন তালুকদাৰ ছাৰ উপস্থিত থকা এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে ‘সাহিত্য ডট অৰ্গ’ আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী মনালিছা পাঠক নেওগ আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী মনালিছা পাঠক নেওগ আৰু শ্ৰী অভিজিত দত্তই। এই সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে ‘অসমীয়াত কথা বতৰা গোট’ৰ সক্ৰিয় সদস্য শ্ৰী বিকাশ দত্তই। উক্ত সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে এই গোটটিৰ আন এগৰাকী সক্ৰিয় সদস্য ডঃ দ্বীপজ্যোতি বৰাই।

 

———————————————————————

সাহিত্য ডট অৰ্গ:- ভূগোল বিজ্ঞানৰ এগৰাকী কৃতী শিক্ষকৰূপে আপুনি সমগ্ৰ অসমত জনাজাত। অৱসৰৰ ঠিক আগৰে পৰা অনুবাদকৰূপেও আপুনি স্বীকৃতি লাভ কৰিছে। অনুবাদ সাহিত্যলৈ আপুনি কেনেদৰে আকৰ্ষিত হ’ল সেই বিষয়ে আমাক অলপমান জনাবনে?

সুৰেন তালুকদাৰ:- হয়, সেইয়া এক দীঘলীয়া তথা ভাল লগা কাহিনী। সেই সময়ত অসমৰ বিখ্যাত সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় লক্ষ্মীনন্দন বৰা তেখেতৰ গণেশগুৰিত অৱস্থিত ঘৰটোলৈ থকাকৈ আহিল। তেখেতৰ পৰিয়ালৰ সৈতে মোৰ সৌ তাহানিৰ পৰাই চিনাকি। এদিন কোনোবা এখন আলোচনী নে খবৰ কাগজত তেওঁৰ সৰু লেখা এটা প্ৰকাশ পালে। সেই লেখাটো তেওঁ মোক অৰ্পণ কৰি কলে, “এইটো অসমীয়ালৈ অনুবাদ কৰি দিয়ক।”

তেতিয়ালৈকে মই একোৱেই অনুবাদ কৰা নাই। সেয়েহে মই তেখেতক জনালোঁ, “অনুবাদৰ কাম মই আগেয়ে কৰা নাই। তাৰ ‘টেকনিক’ মই নাজানো মানে জনা নাই এতিয়ালৈকে।”

তেখেতে উত্তৰত কলে, “আপুনি পাৰিব। চেষ্টা কৰি চাওকচোন।”

সেই নিশা ঈশ্বৰক চিন্তি মই তেখেতৰ লেখাটো অসমীয়া কৰিবলৈ যত্ন কৰিলোঁ। পিছদিনা তেখেতক অসমীয়া অনুবাদটো দিলোঁ। তেখেতে অনুবাদটি চাই কলে, “বেয়া হোৱা নাই, ভালেই হৈছে। আপুনি নাজানে বুলি কৈছিল। পিছে অনুবাদটোত মই ব্যাকৰণ আৰু বানানৰ ভুল দেখা নাই। বহু বিখ্যাত লেখকৰো বানান বা ব্যাকৰণত ভুল থাকে। কিন্তু আপোনাৰ লেখাত মই তেনে ভুল দেখা নাই।”

তেখেতে মই কৰা অনুবাদটো কৰবাত প্ৰকাশ কৰিলে। সেইয়াই হ’ল মোৰ অনুবাদৰ আৰম্ভণি।

সাহিত্য ডট অৰ্গ:- লক্ষ্মীনন্দন বৰা ছাৰৰ লেখাটি অনুবাদ কৰাৰ পিছত আপুনি বিখ্যাত গ্ৰন্থসমূহৰ অনুবাদৰ কাম আৰম্ভ কৰিলে নেকি?

সুৰেন তালুকদাৰ:- হয়, সেই বিষয়েও এটা কাহিনী আছে। মই লক্ষ্মীনন্দন বৰা ছাৰৰ সাহচৰ্যত সদায়েই এক প্ৰশান্তি অনুভৱ কৰিছিলোঁ। সেয়েহে তেখেতক লগ পাবলৈ মই তেওঁৰ বাসভৱনলৈ প্ৰায়েই যাওঁ। এদিন তেখেতে মোক কথা এটা সুধিলে, “ইউ. আৰ. আনন্দমূৰ্তিৰ ‘সংস্কাৰ’ নামৰ কিতাপখন পঢ়িছে নে?” মই তেখেতক উক্ত কিতাপখন পঢ়া নাই বুলি কলোঁ। তেখেতে তেওঁৰ কিতাপৰ সংগ্ৰহৰ পৰা ‘সংস্কাৰ’ৰ বঙালী অনুবাদখন আনি মোক দিলে। তেওঁ কলে “এইখন পঢ়ক আৰু পঢ়ি অসমীয়ালৈ অনুবাদ কৰা আৰম্ভ কৰক। পিছে আপুনি এই বাংলা অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব নালাগে। আপুনি ইংৰাজীত লিখা কিতাপখন আনক আৰু তাৰপৰা অনুবাদত ধৰক। সেইখন চিকাগো বিশ্ববিদ্যালয়ৰ এ কে ৰামানুজনে কৰা ‘সংস্কাৰ’ৰ ইংৰাজী অনুবাদ। মোৰ হাতত ৰামানুজনে কৰা ইংৰাজী অনুবাদটি নাই।”

সিদিনা মই ঘৰলৈ বুলি ঘূৰি আহিলোঁ। তেতিয়া মই কটন বিশ্ববিদ্যালয়ৰ (তেতিয়া কলেজ) ‘প্ৰফেচৰ কলনী’ত থাকোঁ। সেই সময়ত নৱকান্ত বৰুৱা ছাৰৰ দুহিতা মুকুতা আৰু তেওঁৰ স্বামী প্ৰদীপ আচাৰ্য আমাৰ কাষতেই সেই কলনীত থাকে। তেওঁলোক দুজনেই মোৰ সহকৰ্মী। তেওঁলোকৰ ঘৰলৈ শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা ছাৰ প্ৰায়েই থকাকৈ আহে। মুকুতা হ’ল নৱকান্ত বৰুৱা ছাৰৰ ছোৱালী। বৰুৱা ছাৰৰ সৈতেও মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। মই লক্ষ্মীনন্দন বৰুৱা ছাৰে কোৱা অনুবাদৰ কথাটো বৰুৱা ছাৰক জনালোঁ। ছাৰে কথাটো শুনি বৰ সন্তোষ পালে। তেওঁ মোক কলে, “অ ৰ’বা। ইংৰাজীখন মোৰ আছে চাগৈ।” ছাৰে অলপ বিচাৰ-খোচাৰ কৰি এ কে ৰামানুজনে কৰা ‘সংস্কাৰৰ’ ইংৰাজী অনুবাদখন মোৰ হাতত অৰ্পণ কৰিলে।

মই ছাৰৰ পৰা কিতাপখন লৈ ঘৰলৈ বুলি ঘূৰি আহিলোঁ। সেই নিশাৰ পৰাই ঈশ্বৰক চিন্তি মই অনুবাদৰ কাম আৰম্ভ কৰিলোঁ। সেইয়া ১৯৯৯ অথবা ২০০০ চনৰ কথা। প্ৰায় ডেৰ বছৰৰ ভিতৰত মই ‘সংস্কাৰ’ৰ অসমীয়া অনুবাদ সম্পন্ন কৰিলোঁ। অনুবাদ কৰ্ম সম্পন্ন কৰি মই নৱকান্ত বৰুৱা ছাৰক কথাটো জনালোঁ। তেওঁক মই লাহেকৈ সুধিলোঁ, “ছাৰ, অনুবাদ হৈ গ’ল। এতিয়া ছাৰ ইয়াক কেনেদৰে প্ৰকাশ কৰোঁ?” ছাৰে মোৰ কথাটো শুনি সমিধান এটা আগবঢ়ালে। তেওঁ কলে, “আমাৰ গুৱাহাটীৰ প্ৰকাশক দুজনমানক লগ ধৰা তুমি।” ছাৰৰ কথা মতে মই গুৱাহাটীৰ দুজনমান প্ৰকাশকক লগ ধৰিলোঁ। পিছে তেওঁলোকে মোক বিনয়েৰে জনালে যে তেওঁলোকে সাধাৰণতে পাঠ্যপুথি প্ৰণয়নৰ কামহে কৰে। কথাটো জানিব পাৰি মই ঘূৰি আহি বৰুৱা ছাৰক জনালোঁ। ছাৰে মোক কলে যে তেওঁ এই ক্ষেত্ৰত কি কৰিব পাৰে সেইয়া চেষ্টা কৰি চাব। ছাৰ সেই সময়ত সাহিত্য অকাদেমিৰ অসমীয়া ভাষাৰ সমন্বয়কৰ দায়িত্বত আছিল। ছাৰে সাহিত্য অকাডেমিৰ পৰা কিতাপখন প্ৰকাশ কৰিলে। কিতাপখন ২০০০ চনত প্ৰকাশ পালে। কিতাপখন প্ৰকাশ পোৱাৰ পিছত লক্ষ্মীনন্দন বৰা ছাৰ আৰু নৱকান্ত বৰুৱা ছাৰ মোৰ দৰেই সমানেই আনন্দিত হৈ পৰিল। এনেদৰে মই প্ৰথমবাৰৰ বাবে এখন সম্পূৰ্ণ কিতাপ অনুবাদ কৰিবলৈ সক্ষম হলোঁ।

সাহিত্য ডট অৰ্গ:- ‘সংস্কাৰ’ৰ পিছত আন কোনোখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিলে?

সুৰেন তালুকদাৰ:- অ, সেইখন অনুবাদ কৰাৰ পিছত মই আন এটা কামত ধৰিলোঁ। সাহিত্য অকাডেমীয়ে Indian Literature নামৰ এখন আলোচনী প্ৰকাশ কৰে। দুমাহৰ ব্যৱধানত প্ৰকাশ পোৱা এই আলোচনীখনত ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত প্ৰকাশ পোৱা গল্পসমূহৰ ইংৰাজী অনুবাদ সন্নিবিষ্ট কৰা হয়। সেইবোৰ গল্প তামিল, তেলেগু আদিৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা হয়। এইসমূহ গল্পৰ ইংৰাজী অনুবাদৰ পৰা মই অসমীয়া অনুবাদ কৰিবলৈ আৰম্ভ কৰিলোঁ। পিছলৈ মোৰ মনলৈ এটা চিন্তা আহিল। অসমীয়ালৈ অনুবাদ কৰা গল্পসমূহ সংকলন কৰি মই চোন এখন গ্ৰন্থ প্ৰকাশ কৰিব পাৰোঁ। সেই সময়ত অমূল্য বৰ্মন নামৰ মোৰ সহকৰ্মী এজনৰ ভায়েকৰ ছপাশাল এটা আছিল। মোৰ দ্বাৰা অনূদিত দহটা গল্প লৈ সেই ছপাশালৰ পৰা ‘এমূঠি অনুদিত গল্প’ নাম দি মই আন এখন কিতাপ প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত সাহিত্য অকাডেমীয়ে তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত জ্ঞানপীঠ বঁটা পোৱা ‘গণদেৱতা’খন মোক অসমীয়ালৈ অনুবাদ কৰিবলৈ দিলে। ‘গণদেৱতা’খন প্ৰকাশ পোৱাৰ পিছত খুশবন্ত সিঙৰ ‘ট্ৰেইন টু পাকিস্তান’ নামৰ উপন্যাসখন মই অসমীয়ালৈ অনুবাদ কৰিলোঁ। এইখন প্ৰকাশ কৰিলে অসমৰ অগ্ৰণী প্ৰকাশক গোষ্ঠী ‘আলিবাট’ প্ৰকাশনে। এইখনৰ পিছত ঊৰ্বশী বুটালিয়াৰ ‘Other side of silence’ নামৰ গ্ৰন্থখন মই ‘নৈঃশব্দৰ সিপাৰে’ নাম দি অসমীয়ালৈ অনুবাদ কৰিলোঁ। তাৰ পিছত ‘মুকলি আকাশ’ নাম দি মই আন এখন গল্প সংকলন লিখি উলিয়ালো। ‘মুকলি আকাশ’ৰ পিছত তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ ‘আৰোগ্য নিকেতন’ নামৰ গ্ৰন্থখন মই অসমীয়ালৈ অনুবাদ কৰিলোঁ। ইয়াৰ পিছতেই মই অনুবাদ কৰ্মৰ যোগেৰে চিত্ৰা বেনাৰ্জীৰ ‘Palace of illusion’ নামৰ গ্ৰন্থখন ‘মায়াৰ কাৰেং’ নাম দি পাঠকসকললৈ বুলি আগবঢ়ালোঁ। সাহিত্য অকাডেমীৰ উদ্যোগত তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ ‘হাচুলিপাকাৰ উপকথা’ নামৰ কিতাপখন মই অসমীয়ালৈ অনুবাদ কৰি আছোঁ। অলপদিনৰ ভিতৰতেই এই কিতাপখন প্ৰকাশ পাব। এই কিতাপখন প্ৰকাশ কৰিব সাহিত্য অকাডেমিয়ে।

সাহিত্য ডট অৰ্গ:- সাধাৰণতে দেখা যায় যে কোনো এখন সমাজৰ কলা-সংস্কৃতিৰ সৈতে আন এখন সমাজৰ কলা-সংস্কৃতিৰ বহু তফাৎ থাকে। উদাহৰণস্বৰূপে অসমৰ সমাজখন তামিল বা তেলেগু সমাজখনৰ সৈতে নিমিলে। ফলশ্ৰুতিত সেইখন সমাজৰ কাহিনীটোৰ সৈতে অসমৰ পাঠকসকল একাত্ম নহব পাৰে। আন ভাষাত ৰচিত গ্ৰন্থসমূহ পঢ়ি সেয়েহে অসমৰ পাঠকসকলে একাত্ম হোৱাত অসুবিধা পাব পাৰে। আন আন সমাজৰ চিত্ৰসমূহ অসমৰ পাঠকসকলে পঢ়ি একাত্ম হবলৈ হলে অনুবাদক এজনে কেনেবোৰ কথাত গুৰুত্ব আৰোপ কৰিব লাগে বুলি আপুনি ভাবে?

সুৰেন তালুকদাৰ:- সেইয়া অনুবাদকৰ যত্নৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে ধৰা কন্নড় সমাজখনৰ কথা। ‘সংস্কাৰ’ নামৰ কিতাপখত কন্নড় সমাজৰ কথা আছে। এতিয়া কন্নড় সমাজখন অসমীয়া সমাজৰ লগত নিমিলে। সেয়েহে অনুবাদকে প্ৰথমতে পাঠকসকলক সেই সমাজখনৰ সৈতে পৰিচয় কৰাই দিব লাগিব। এইক্ষেত্ৰত মই কেনেকৈ কাম কৰোঁ, সেইয়া তোমাক উদাহৰণ এটাৰ দ্বাৰা বুজাব খুজিছোঁ। মই ইউ. আৰ. অনন্তমূৰ্তিৰ ‘সংস্কাৰ’ নামৰ কিতাপখন অনুবাদ কৰাৰ সময়ত কটনৰ বিভিন্ন বিভাগৰ পৰীক্ষাগাৰসমূহত বিভিন্ন সৰঞ্জাম যোগান ধৰা এগৰাকী মানুহ আছিল। তেওঁ কন্নড় সমাজৰ এগৰাকী সদস্য আছিল। তেওঁ গুৱাহাটীতেই বাস কৰিছিল। কন্নড় ভাষাৰ দৰে মানুহজনৰ অসমীয়া ভাষাতো দখল আছিল। ‘সংস্কাৰ’ৰ অনুবাদৰ সময়ত তেওঁৰ পৰা বহু কথা সুধি মই জানি লৈছিলোঁ। মই তেওঁলোকৰ সমাজখনৰ বিষয়ে জানিবলৈ তেওঁৰ সৈতে তেওঁৰ বেংগালুৰুত অৱস্থিত ঘৰলৈও গৈছিলোঁ। অৱশ্যে বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সৃষ্টি নহয়। কাৰণ অসমীয়া আৰু বাংলা সমাজৰ বহুখিনি সাদৃশ্য দেখিবলৈ পোৱা যায়। অনুবাদ কৰাৰ ক্ষেত্ৰত মই এটা কথাত বিশেষ গুৰুত্ব প্ৰদান কৰোঁ। মোৰ অনূদিত কৰ্ম গল্প বা উপন্যাস যিয়েই নহওক কিয়, মই কৰা অনুবাদটো অসমীয়া যেন হোৱা উচিত। সেই কথাটো মই সদায়েই মানি চলোঁ। আচলতে অনুবাদ কৰ্ম অনুবাদ যেন হ’ব নালাগে। সেইয়া হ’ব লাগে মৌলিক কৰ্মৰ লেখিয়া। পাঠকে অনুবাদটো পঢ়ি যাতে অনুভৱ কৰিব পাৰে, সেই বিষয়ত অনুবাদকে সদায়েই গুৰুত্ব দিয়াটো আৱশ্যক। সেয়েহে কোনো এটা গল্প বা এখন উপন্যাস প্ৰত্যক্ষ অনুবাদ কৰাতকৈ অনুবাদকে গুৰুত্ব দিব লাগে উদ্দেশ্য ভাষা (target language) ৰ পাঠকসকলে হৃদয়ংগম কৰা কথাবোৰত।

সাহিত্য ডট অৰ্গ:- অনুবাদ সম্পৰ্কীয় বহু কথাই আপোনাৰ পৰা জানিব পাৰিলোঁ। এই সম্পৰ্কত আমাৰ মনত খুদুৱাই থকা এটা বিষয় আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। আমি প্ৰায়েই শুনিবলৈ পাওঁ যে অনুবাদ কৰাৰ ক্ষেত্ৰত অনুবাদকে ভাবানুবাদ বা মুকলি অনুবাদৰ ক্ষেত্ৰত সদায়েই গুৰুত্ব আৰোপ কৰে। এই বিষয়ে অনুগ্ৰহ কৰি আমাক অলপমান জনাবনে?

সুৰেন তালুকদাৰ:- হয়। আচলতে অনুবাদ দুই ধৰণে কৰিব পৰা যায়। তাৰে এটা হ’ল অনুসৃষ্টি। অনুসৃষ্টি আকৌ প্ৰত্যক্ষ অনুবাদ নহয়। ধৰি লোৱা যে তুমি কিতাপ এখনৰ এটা দফা পঢ়িলা। এতিয়া দফাটোৰ কথাখিনি অনুবাদকৰূপে তুমি নিজ ভাষাত লিখিলা। এইয়া হব অনুসৃষ্টি। ভাবানুবাদত আকৌ অনুবাদকে উৎস ভাষাৰ লেখাটিৰ যি ভাব আছে, সেইয়া অক্ষত ৰাখি উদ্দেশ্য ভাষাত কথাখিনি অনুবাদ কৰি লয়। সেয়েহে উৎস ভাষাত ব্যৱহাৰ কৰা শাৰী এটা উদ্দেশ্য ভাষাত সম্পূৰ্ণ একে নহয় কিন্তু উৎস ভাষা আৰু উদ্দেশ্য ভাষাত লেখা বা শাৰীটোৰ ভাব একেই থাকে। আচলতে অনুবাদ কৰ্মত তিনিটা চৰ্ত থাকিব লাগে বুলি মই সদায়েই বিশ্বাস কৰোঁ।  অনুবাদ কৰ্মটি সদায়েই বিশ্বস্ত হব লাগে। আনহাতে সেই অনুবাদ সুন্দৰ হোৱাও আৱশ্যক। একেদৰে অনুবাদ কৰ্মটিত বিশ্বাস আৰু সৌন্দৰ্যৰ এক সমাহাৰ থকাও উচিত। এইক্ষেত্ৰত মই এটা উদাহৰণ দি কথাটো বুজাবলৈ বিচাৰিছোঁ। উদাৰণস্বৰূপে ধৰা ‘হৰি তোমাৰ কি লাগে?’ ধৰণৰ বাক্য এটা আমি অসমীয়াত কোৱা বা লিখা সম্ভৱ নহয়। এই বাক্যটো সেয়েহে সুন্দৰ নহয়। অসমীয়াত কবলৈ বা লিখিবলৈ হলে আমি ‘হৰি তোমাৰ সম্পৰ্কত কি হয়’ ধৰণৰ বাক্য এটাহে ব্যৱহাৰ কৰা উচিত।  অনুবাদৰ ক্ষেত্ৰত এনেবোৰ কথাত গুৰুত্ব দিয়া বাঞ্চনীয়।

সাহিত্য ডট অৰ্গ:- ছাৰ, সাধাৰণতে দেখা যায় যে পাঠক হিচাবে আমি কোনো এটা চৰিত্ৰৰ প্ৰতি কেতিয়াবা অধিক আকৰ্ষণ অনুভৱ কৰোঁ। কেতিয়াবা আকৌ কোনো এটা চৰিত্ৰক আমি ঘৃণা কৰোঁ। পিছে লেখকে আকৌ সকলোবোৰ চৰিত্ৰৰ প্ৰতি নিৰাসক্ত হৈ থাকিলেহে হয়তো চৰিত্ৰ সৃষ্টিত সফল হয়। এই কথাষাৰ অনুবাদকৰ ক্ষেত্ৰত প্ৰযোজ্য হয়নে?

সুৰেন তালুকদাৰ:- এইক্ষেত্ৰত মই প্ৰথমতে এটা বিশেষ কথা উল্লেখ কৰিবলৈ বিচাৰিম। আচলতে অনুবাদকজনো এগৰাকী মানুহেই। তেওঁ উৎস ভাষাত ৰচিত লেখাৰো পাঠক। ভাল লগা চৰিত্ৰ এটাৰ প্ৰতি অনুবাদকজনেও আকৰ্ষণ অনুভৱ কৰে। পিছে অনুবাদকে কৰা অনুবাদটো নিৰপেক্ষ হব লাগিব। অনুবাদকজনে কাহিনী সলনি কৰিব নোৱাৰে আৰু সেয়েহে উৎস ভাষাত থকা লেখাটো উদ্দেশ্য ভাষাত অনুবাদ কৰাৰ সময়ত অনুবাদকজন নিৰপেক্ষ হৈ থকাটো বাঞ্চনীয়। এইখিনিতেই মই আন এটা কথা উল্লেখ কৰিবলৈ ভাল পাম। এই যে অনুবাদকজনে এটা ভাষাৰ পৰা আনটো ভাষালৈ লেখা এটা অনুবাদ কৰে, সেইবাবে অনুবাদকজনৰ দুটা ভাষাতেই সমানে দখল থাকিব লাগিব। আচলতে অনুবাদকজনৰ উৎস ভাষা আৰু উদ্দেশ্য ভাষাত সমানেই দক্ষতা থাকিব লাগিব। অনুবাদ কৰ্মৰ আৱশ্যকীয় উপাদান সৌন্দৰ্যতা বজাই ৰখাও অনুবাদকৰ এক বিশেষ কৰ্তব্য বুলি মই ইতিমধ্যে কৈছোঁৱেই। সেই সৌন্দৰ্যতা আহিব যথাযথ শব্দ চয়নৰ দ্বাৰা। শব্দৰ বাচনি, উপযুক্ত শব্দৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত সেয়েহে অনুবাদকজন সদা-সতৰ্ক হৈ থকা আৱশ্যক। কেতিয়াবা অনুবাদ কৰাৰ সময়ত মই উপযুক্ত শব্দ এটা বিচাৰি বহু সময়ত ঘূৰ্মুটিয়াই থাকো। তেনেবোৰ সময়ত মোৰ বৰ কষ্ট হয়। সেই কষ্টৰ পৰা মুক্তি পোৱাৰ পথ এটা অৱশ্যে মই পাইছোঁ। সেই সময়ত মই মোৰ দুগৰাকী বন্ধুৰ পৰা বিশেষ সহায় লাভ কৰোঁ। তাৰে এজন হ’ল শ্ৰী দ্বীজেন্দ্ৰ নাৰায়ন গোস্বামী। তেওঁ কটন কলেজত মোৰ সহকৰ্মী আছিল আৰু অসমীয়া বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। গোস্বামীৰ উপৰিও তেওঁৰ পত্নী প্ৰখ্যাত গল্প লেখক ফুল গোস্বামীয়েও মোক শব্দ বাচনি কৰাত সহায় কৰে। অনুবাদ কৰ্মৰ সৌন্দৰ্যতা ৰক্ষা কৰিবলৈ হলে বাক্য বিন্যাস আকৰ্ষণীয় হোৱা আৱশ্যক। এই যে ঊৰ্বশী বুটালিয়াৰ কিতাপখন মই অসমীয়ালৈ অনুবাদ কৰিছিলোঁ, সেইখন কিতাপত লেখকে জটিল বাক্য ব্যৱহাৰ কৰিছে। মূল কিতাপখনত বাক্যবোৰ বৰ দীঘল। অনুবাদ কৰাৰ সময়ত মই সেই দীঘল বাক্যবোৰ যিমান পাৰোঁ সৰল বাক্য কৰি ললোঁ। তেনে কৰাৰ ফলত মই কৰা অনুবাদত লালিত্যৰ সৃষ্টি হ’ল। অনুবাদ কৰাৰ সময়ত এনেবোৰ বিষয়ত অনুবাদকে চকু ৰখা ভাল।

সাহিত্য ডট অৰ্গ:- আপুনি আপোনাৰ অনবদ্য অনুবাদ কৰ্মেৰে অসমীয়া সাহিত্য চহকী কৰিছে। এতিয়ালৈ আপুনি দহখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে। এই অনূদিত গ্ৰন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থ অনুবাদ কৰি আপুনি আটাইতকৈ সুখী হৈছিল?

সুৰেন তালুকদাৰ:- ‘সংস্কাৰ’। সেইখন মোৰ প্ৰথম অনুদিত কিতাপ। সেই অনুবাদ কৰ্ম পাঠকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছিল। ফুল গোস্বামীৰ পিতৃয়ে এইখন কিতাপ পঢ়ি জীয়েকক কিতাপখন অনুবাদ কৰ্ম যেন লগা নাই বুলি উল্লেখ কৰিছিল। এগৰাকী অনুবাদৰূপে এইয়া নিশ্চয়েই মোৰ বাবে আনন্দৰ খবৰ। এইখন অনুবাদ কৰাৰ সময়ত মই নৱকান্ত বৰুৱা ছাৰৰ অধ্যয়ন কক্ষত বহুদিন বহিছিলো। এইবোৰ কাৰণৰ বাবেই ‘সংস্কাৰ’খন মোৰ বৰ প্ৰিয়।

সাহিত্য ডট অৰ্গ:- অনুবাদ কৰ্মৰ সৈতে জড়িত আপোনাৰ ভাল লগা অভিজ্ঞতা নিশ্চয়েই আছে। এই বিষয়ে অলপমান আমাক জনাবনে?

সুৰেন তালুকদাৰ:- মই অনুবাদ কৰ্মৰ কাম কৰিয়েই বহুজন ব্যক্তিৰ সান্নিধ্য লাভ কৰিছোঁ। অনুবাদৰ কথা পাতি মই নৱকান্ত বৰুৱা ছাৰৰ সৈতে একাত্ম হৈ পৰিছিলোঁ। শ্ৰদ্ধাৰ লক্ষ্মীনন্দন বৰা ছাৰে মোক অনুবাদ কৰিবলৈ উৎসাহিত কৰিছে। ঊৰ্বশী বুটালিয়া বাইদেউৱে তেওঁৰ গ্ৰন্থ অনুবাদ কৰাৰ পিছত মোৰ অনূদিত গ্ৰন্থ উন্মোচন কৰিছিল। এইবোৰ মোৰ বাবে বৰ ভাল লগা অভিজ্ঞতা।

সাহিত্য ডট অৰ্গ:- দিনটোৰ কোনখিনি সময়ত আপুনি অনুবাদ কৰে?

সুৰেন তালুকদাৰ:- মই চাকৰি কৰি থকাৰ পৰাই অনুবাদ কৰোঁ। সেই সময়ত মোৰ ‘ডাইনিং টেবুল’ এখন আছিল। নিশা হলে মই আঠুৱা এখন টানি লৈ মহৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰোঁ আৰু একাণপতীয়াকৈ অনুবাদত লাগি যাওঁ। অনুবাদৰ ক্ষেত্ৰত মোক আচলতে অনুপ্ৰেৰণা যোগাইছিল লক্ষ্মীনন্দন বৰা ছাৰ আৰু নৱকান্ত বৰুৱা ছাৰে। তেওঁলোকৰ বাবেই মই সকলো বন কাতি কৰি হলেও মোৰ কৰ্মত নিমগ্ন হৈ থাকিবলৈ প্ৰেৰণা পাইছিলোঁ। ইয়াতকৈ ডাঙৰ কথাটো হ’ল এয়েই যে অনুবাদ কৰ্মই মোক অন্যান্য লেখা-মেলা কৰাতো সহায় কৰিছে। মই অনুবাদ কৰ্ম আৰু প্ৰবন্ধ চয়ন আদি কামবোৰত ব্যস্ত থাকি এক অনাবিল আনন্দ লাভ কৰিছোঁ। আচলতে ‘সংস্কাৰ’ অনুবাদ কৰাৰ পিছত মোৰ মনত এক সাহিত্য প্ৰীতিৰ সৃষ্টি হ’ল। এই প্ৰীতি সৃষ্টি কৰিলে মই কৰা অনুবাদ কৰ্মই। তোমাক আৰু এটা কথা কবলৈ ভাল পাম। ‘সংস্কাৰ’ অনুবাদ কৰাৰ সময়ত মই ‘তাতেনো কি আহে যায়’ বুলি এনে এটা বাক্য ব্যৱহাৰ কৰিছিলোঁ। নৱকান্ত বৰুৱা ছাৰে সেইয়া অলপ সলনি কৰি কি কলে জানা, “তাতেনো তাইৰ কি কাহিপাতে গা কাটে?” চোৱাচোন, ছাৰে কেনেদৰে মোক উপকৃত কৰিছিল! কেনেদৰে অনুবাদৰ ক্ষেত্ৰতো মোৰ অনুভূতিপ্ৰবণ মনটোক জাগ্ৰত কৰি তুলিছিল! এনেবোৰ কথা ভাবিলেই মই আনন্দ অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গ:- অসমত যথেষ্ট বিষয়ত সাহিত্য চৰ্চা চলি আছে। অনুবাদ সাহিত্যৰ ক্ষেত্ৰত বৰ্তমান চলি থকা চৰ্চা সম্পৰ্কে আপোনাৰ অভিমত কি?

সুৰেন তালুকদাৰ:- অনুবাদৰ ক্ষেত্ৰত নতুন লেখকসকলে গুৰুত্ব আৰোপ কৰা উচিত। অনুবাদবোৰ আখজা হোৱা অনুচিত। এই ক্ষেত্ৰত আবুল লেইচ আদিৰ দৰে অনুবাদকসকলৰ অনূদিত গ্ৰন্থ নতুন অনুবাদকসকলে অধ্যয়ন কৰা উচিত। অনুবাদৰ ক্ষেত্ৰত বিভিন্ন কৰ্মশালা আদিও অনুষ্ঠিত কৰা আৱশ্যক।

সাহিত্য ডট অৰ্গ:- আপুনি গাঁৱৰ মাটি-পানীৰ লগত সংপৃক্ত হৈ থাকি ভাল পায় বুলি আমি জানিব পাৰিছোঁ। অনুবাদৰ ক্ষেত্ৰত আপোনাক আপোনাৰ শৈশৱৰ অভিজ্ঞতা অথবা প্ৰকৃতিৰ সৈতে থকা আপোনাৰ সম্পৰ্কই কেনেদৰে সহায় কৰে?

সুৰেন তালুকদাৰ:- অনুবাদৰ ক্ষেত্ৰত মোক শৈশৱৰ অভিজ্ঞতাই সদায়েই সহায় কৰি আহিছে। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ গ্ৰন্থত হোজা আৰু নিৰক্ষৰ দোলাভাৰীৰ কথা আছে। এইবোৰ অনুবাদ কৰাৰ ক্ষেত্ৰত মোক মোৰ শৈশৱে সহায় কৰে‌। সেই যে আঘোণ মাহত ধান পকে, সেই কথা সুঁৱৰি মই এক বিশেষ আনন্দ লাভ কৰো। বীৰভূমতো ধানৰ খেতি কৰে, মই জন্ম লাভ কৰা বাঘমাৰাতো ধানৰ খেতি কৰে। ডাৱৰি বান্ধি গৰুগাড়ীত ধানবোৰ লৈ আহে আমাৰ গাৱঁলৈ। একেধৰণৰ কথাবোৰেই মই মূল গ্ৰন্থত মানে ধৰা তাৰাশংকৰ বন্দ্যোপাধ্যায় আদি লেখকৰ গ্ৰন্থত পালে উৎসাহ অনুভৱ কৰোঁ। আমাৰ দৰে তেওঁলোকৰ ন-খোৱা উৎসৱ থাকে। এনেবোৰ কথা মই অনুবাদ কৰাৰ ক্ষেত্ৰত অনুভৱ কৰি পুলকিত হৈ পৰোঁ।

সাহিত্য ডট অৰ্গ:- অনুবাদৰ ক্ষেত্ৰত ‘সাহিত্য ডট অৰ্গ’ অথবা অন্যান্য ই-আলোচনীয়ে কেনেধৰণৰ কাম কৰা আৱশ্যক বুলি আপুনি অনুভৱ কৰে?

সুৰেন তালুকদাৰ:- ‘সাহিত্য ডট অৰ্গ’ বা অন্যান্য ই-আলোচনীয়ে অনুবাদ সম্পৰ্কীয় কৰ্মশালা আদি পাতি এই বিষয়ে পাঠকসকলক জনাব পাৰে।তেনেস্থলত অনুবাদ কৰ্ম সম্পৰ্কে পাঠকসকলে জানিব পাৰিব আৰু ইয়েই অনুবাদ সাহিত্যক সমৃদ্ধ কৰি তুলিব।

সাহিত্য ডট অৰ্গ:- আপোনাৰ পৰা লাভ কৰা এই সাক্ষাৎকাৰটি অনুবাদ সাহিত্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি সদায়েই স্বীকৃত হৈ ৰ’ব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। নমস্কাৰ আৰু শুভৰাত্ৰি ছাৰ।

সুৰেন তালুকদাৰ:- মোৰো কথা পাতি বৰ ভাল লাগিল। ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পাঠক তথা সদস্যসকলক মইও ধন্যবাদ জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।

Video: https://youtu.be/8L5MKQfeFd0

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!