সম্পাদকীয়

লেখক- মনালিছা পাঠক নেওগ

মানুহৰ জীৱনলৈ কেতিয়াবা এনে ক্ষণ আহে যেতিয়া তেওঁ সকলো হেৰুৱাই পেলায় আৰু সকলো তেওঁৰ পৰা আঁতৰি যায়। এনে সময়ত যি লোক ভাঙি নপৰে, তেৱেঁই আচলতে প্ৰকৃত মানৱ। এনে এক পৰিস্থিতিত মানুহে বিচাৰিব জানিলে আটাইতকৈ শক্তিশালী এজন লোকক লগ পাই আৰু সেইজন তেওঁ নিজেই। গাত লাগি থকা ছাঁটোৰ দৰে নিজৰ বিশ্বাস আৰু দায়িত্বশীলতাই মানুহ এজনক বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱাত সদায়েই সহায় কৰে। নিজ বিশ্বাস আৰু দায়িত্বশীলতাৰ ভেটি তৈয়াৰ কৰে আত্মবিশ্বাসে।

জীৱনত কিবা এটা অৰ্জন কৰিবলৈ, সুখেৰে জীয়াই থাকিবলৈ আত্মবিশ্বাসৰ অতীব প্ৰয়োজন। আত্মবিশ্বাসৰ প্ৰথম চৰ্ত হ’ল নিজ শক্তি আৰু যোগ্যতাৰ ওপৰত বিশ্বাস। আত্মবিশ্বাস আচলতে এক প্ৰকাৰৰ মানসিক অৱস্থা, এক আধ্যাত্মিক আৰু মানসিক শক্তি। আত্মবিশ্বাস আহৰণ কৰা লোক এগৰাকীয়ে সফলতাৰ পথত আহি থিয় দিয়া কঠিন পৰিস্থিতিৰ মুখামুখি হবলৈ সাহস কৰে। আত্মবিশ্বাস অবিহনে যিকোনো কাৰ্য সহজে সম্পাদনত সততে বাধাৰ সৃষ্টি হয়। আত্মবিশ্বাসী মানু্হ অন্যৰ তুলনাত সন্দেহ আৰু শঙ্কামুক্ত হৈ থাকে। সেয়েহে তেওঁলোক সহজে সফলো হয়।

আত্মবিশ্বাসৰ উদাহণস্বৰূপে বীৰ লাচিত বৰফুকনৰ কথাকে উল্লেখ কৰিব পাৰি। প্ৰায় হাৰি যোৱা শৰাইঘাটৰ ৰণত নৰিয়া পাটিৰ পৰা উঠি আহি প্ৰবল আত্মবিশ্বাসৰ বলত মোগলৰ বিৰুদ্ধে যুঁজি লাচিতে সৃষ্টি কৰিছিল নিজৰ শৌৰ্য আৰু বীৰত্বক। তেখেতৰ শৌৰ্য আৰু বীৰত্বৰ দ্বাৰা প্ৰভাৱিত হৈ আহোম সেনাই কাললৈ মোগলক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল।

আত্মবিশ্বাসৰ দ্বাৰা সফলতা আৰ্জিবলৈ সক্ষম হোৱা আন এগৰাকী ব্যক্তি হ’ল ব্ৰিটেইনৰ টনী হুইটটেকাৰ। হিমালয়ৰ চূড়াত ভৰি থ’বলৈ সক্ষম হোৱা টনী হুইটটেকাৰ আছিল প্ৰথমজন বিশেষ ভাবে সক্ষম ব্যক্তি। এখন কৃত্ৰিম ভৰিৰে তেওঁ ‘এভাৰেষ্ট’ আৰোহণ কৰিছিল। দুবাৰ বিফল হোৱাৰ পিছত টনী হুইটটেকাৰ সন্মুখীন হৈছিল পুতৌ, সমালোচনা আৰু কটূক্তিৰ। এইসমূহ বাধা নেওচি আত্মবিশ্বাসৰ বলত তেওঁ তৃতীয়বাৰ অভিযান চলাই এভাৰেষ্ট অভিযানত সফল হৈছিল।

একেদৰে ভাৰতৰ অৰুণিমা সিনহাৰ কথাও উল্লেখ কৰিব পাৰি। এভাৰেষ্ট বিজয় কৰা প্ৰথম বিশেষ ভাবে সক্ষম মহিলা আছিল তেওঁ। এটি ৰেল দুৰ্ঘটনাত তেওঁৰ আঁঠুৰ তলৰ চোৱা আঁতৰাই
পেলাবলগীয়া হৈছিল। নিজকে আনৰ পুতৌৰ দৃষ্টিৰ পৰা আঁতৰ কৰিবলৈ কিবা এটা কৰাৰ পণ লৈছিল তেওঁ। সেই পণে অৰুণিমা সিনহাক কঢ়িয়াই নিছিল এভাৰেষ্টলৈ। তেনেদৰেই
প্ৰবল আত্মবিশ্বাসৰ বলত এভাৰেষ্টৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰিবলৈ সক্ষম হৈছিল অৰুণিমা সিনহা।

আত্মবিশ্বাস আচলতে বুদ্ধিদীপ্ততা আৰু জ্ঞানৰ সমাহাৰ নে? ওহোঁ, কথাটো তেনেধৰণৰ নহয়। এনে নহয় যে বুদ্ধি থকাসকলহে জীৱন ৰণত সফল হয়। বুদ্ধিহীনলোকো আত্মবিশ্বাসৰ বলত সফল হোৱাৰ অনেক উদাহৰণ আছে। এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি জাৰ্মানীৰ কবি, ঔপন্যাসিক জোহান উলফগেং ভন গ্যেটেৰ এষাৰি শুৱলা কথা। ‘ফাউষ্ট’ নামৰ কাহিনী সৃষ্টি কৰি অভাৱনীয় সফলতা লাভ কৰা গ্যেটেৰ সেই উক্তি আছিল এনেধৰণৰ, “তুমি যেতিয়াই নিজক বিশ্বাস কৰিবলৈ ধৰিবা, পৃথিৱীখনত কেনেদৰে জীয়াই থাকিব পাৰি, সেয়া জানিব পাৰিবা। (”As soon as you trust yourself, you will know how to live.”)

নিজক বিশ্বাস কৰাৰ মূলমন্ত্ৰই হ’ল আত্মবিশ্বাসৰ আচল আধাৰ। আত্মবিশ্বাসহীন মানু্হ গুৰি বঠাহীন নাওৰ দৰে। আত্মবিশ্বাস বৃদ্ধি পালে ক্ষমতাও বৃদ্ধি হয়। জীৱনত প্ৰতিটো সমস্যা বা অভিজ্ঞতাই আমাক হয় শক্তিশালী কৰে নহলে ভঙ্গুৰ কৰে কিন্তু আমি চিকাৰ হম নে চিকাৰী সেইটো বাচি লোৱাটো একমাত্ৰ আমাৰ কথা। ধৰক পৰীক্ষাত বিফলতাৰ সন্মুখীন হোৱা ছাত্ৰ এজনে হতাশাৰ চিকাৰ হোৱাতকৈ কেনেদৰে দুগুণ উৎসাহেৰে পঢ়ি সফলতা লাভ কৰিব পাৰি সেইটোত মনোনিবেশ কৰাটো উচিত।

আত্মবিশ্বাস বঢ়াবলৈ ইতিবাচক চিন্তা কৰাটো বাঞ্ছনীয়। যিকোনো পৰিস্থিতিত মই নোৱাৰিম বুলি ভবাটো বাদ দি মই পাৰিম বুলি নিজকে কবলৈ আৰম্ভ কৰিলেহে সফলতা লাভৰ পথ প্ৰশস্ত হয়।

আত্মবিশ্বাস আহৰণ কৰিবলৈ হলে প্ৰথমে আমি নিজকে মানসিক চাপৰ পৰা মুক্ত কৰি লোৱা নিতান্তই আৱশ্যক। মানসিক চাপৰ পৰা মুক্ত হ’বলৈ আমি নিজক আনৰ লগত তুলনা কৰাটো একেবাৰে বন্ধ কৰিব লাগিব। আমি হ’ব লাগিব নিজৰেই আজন্ম প্ৰেমিক।

সুস্থ শৰীৰ সুস্থ মনৰ পৰিপূৰক। সেয়ে শৰীৰ সুস্থ ৰাখিবলৈ সময় মতে সুখাদ্য খোৱা, সময় মতে পৰ্য্যাপ্ত সময় শোৱা আৰু লগতে ব্যায়াম, যোগাসন আদি কৰাৰ প্ৰয়োজন। নিজে ভাল পোৱা কাম যেনে খেলা-ধূলা, গান শুনা, বাগিচাৰ কাম কৰা আদি কাৰ্যৰ দ্বাৰা দৈনিক আহৰণ কৰিব পাৰি মানসিক প্ৰশান্তি। সেই মানসিক প্ৰশান্তি আহৰণ কৰিবলৈ সময় অতিবাহিত কৰিব লাগিব আপোনাৰ প্ৰিয় লোকসকলৰ লগত। আত্মবিশ্বাস বঢ়াবলৈ হলে জ্ঞান অৰ্জন কৰাৰো নিতান্তই প্ৰয়োজন। তাৰ বাবে ভাল ভাল কিতাপ পঢ়িবলৈ লওক। অকল কিতাপৰ পৰা হে যে জ্ঞান অৰ্জন কৰিব পাৰি তেনে নহয় আপোনাৰ চৌপাশৰ বিভিন্ন উৎসৰ পৰাও জ্ঞান আহৰণ কৰিব পাৰে।

জীৱনত কিছু লক্ষ্য স্থিৰ কৰি লওক আৰু যাত্ৰা পথত সন্মুখীন হোৱা হেঙাৰ বিলাকক সাহসেৰে মোকাবিলা কৰিবলৈ আৰম্ভ কৰক। ইতিবাচক দৃষ্টি ভংগীৰে চালে কোনো কামেই কঠিন নহয়।
মনালিছা পাঠক নেওগ

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!