সপোন দিঠকৰ দৰিয়লী

লেখক- ডা: জ্ঞানেন্দ্ৰ শৰ্মা

১৯৭৮ চন। শিমলুগুৰি চহৰ। অক্তোলৰ মাহ। কিন্তু বেছ ঠাণ্ডা পৰিছে। এইবোৰ ঠাইত নগৰীয়া ঠাইতকৈ সোনকালে ঠাণ্ডা পৰে। চাৰিও দিশে গছ গছনিৰে আৱৰা। গাড়ীৰ সংখ্যা কম। মানুহৰ বসতি সেৰেঙা। ৰাতিপুৱাই ঘৰৰ পৰা ওলাই, ঘন কুৱঁলী ফালি আহি নামনিৰ কুৱঁলী আবৃত সৰু ৰেল আস্থানটো পালোহি। মই আৰু শ্যাম। আমাৰ আজিৰ গন্তব্যস্থান নাগিনীমৰা। ৰেলেৰে যাত্ৰা। কুৱঁলীৰ মাজেৰে ৰেলগাড়ীখন দেখি আচৰ্যচকিত হৈ শ্যামৰ ফালে চালো। শ্যামে কথাটো বুজি পালে আৰু তেওঁৰ পৰা গম পালোঁ কিছু কথা। ৰেলগাড়ীখন যি দেখিছো সেয়ে। দুটা দবা আৰু এটা ইঞ্জিন। ইঞ্জিনটোৰ নাম ডালিমী। এই ইঞ্জিনটো কয়লা চালিত। এই ৰেলগাড়ী অহা-যোৱা কৰে শিমলুগুৰিৰ পৰা নাগিনীমৰা ৰেল আস্থানৰ মাজত। পুৱা আৰু সন্ধিয়া। এনে ধৰণৰ আৰু এখন ৰেল গাড়ী আছে। ইঞ্জিনৰ নাম হ’ল জয়া। এইখন ৰেলগাড়ী চলে শিমলুগুৰি আৰু শিৱসাগৰৰ মাজত। এই ডিভিজনত এতিয়া মাত্ৰ এই দুটাই কয়লা চালিত ইঞ্জিন আছে। বাকী সকলোবোৰ ডিজেল চালিত হ’ল। কথাবোৰ জানি বৰ ভাল লাগিল। মই ঠিক কৰিলোঁ এদিন জয়া ইঞ্জিনৰ ৰেলগাড়ীত উঠি শিৱসাগৰলৈ যাম।
শিমলুগুৰি ওপৰ অসমৰ এখন সৰু চহৰ। ইয়াৰ এফালে নগা পাহাৰ আৰু আন ফালে নাজিৰা আৰু শিৱসাগৰ। নাগিনীমৰা নগাপাহাৰত এখন সৰু ঠাই। অসম নগাপাহাৰ সীমান্তবৰ্তী এলেকাত। ৰেলগাড়ীত উঠাৰ সময়ত ডবাটোত মানুহৰ সংখ্যা দেখি আচৰিত হ’লো। গোটেইখন খালি। পিছে গম পালোঁ যে ইমান ৰাতিপুৱা পাহাৰলৈ বেছি মানুহ নেযায়। ৰেলগাড়ীখন পুৱা পাহৰৰ পৰা ঘূৰি আহোঁতে আৰু সন্ধিয়া ভৈয়ামৰ ঘূৰি যাওঁতে ভিৰ হয়। কাৰণ নামনিলৈ আহোঁতে মানুহ কামত পাহাৰৰ পৰা ভৈয়ামলৈ আহে আৰু সন্ধিয়া পাহাৰলৈ উভতি যাওঁতে মানুহখিনিয়ে নিজৰ কাম বন শেষ কৰি ঘৰলৈ উভতি যায়।
ৰেলগাড়ীখন যেতিয়া উকি মাৰি লাহে লাহে চলিবলৈ আৰম্ভ কৰিলে তেতিয়া চাৰিওদিশ নিয়ৰেৰে আবৃত। একো মনিব নোৱাৰি। ৰেলগাড়ীখন মন্থৰ গতিৰে পাহাৰীয়া ৰাস্তাত আগুৱাবলৈ ধৰিলে। অলপ সময় যোৱাৰ পিছত কুৱঁলী যেন লাহে লাহে কমি আহিল। চাৰিওফালে ঘন হাবি ওলাই পৰিল। কুৱঁলী ফালি গছৰ পাতৰ মাজেৰে সূৰ্যৰ ৰশ্মি আহি ৰেলগাড়ীখনত পৰাৰ লগে লগে এক এন্ধাৰ-পোহৰৰ খেলা আৰম্ভ হ’ল। খিৰিকিৰে বাহিৰলৈ চাই নিয়ৰত তিতা গছৰ পাতবোৰ আৰু তাৰ মাজেৰে অহা সূৰ্যৰ ৰশ্মিৰ গছবোৰৰ পাতৰ লগত খেলা দৃশ্য দেখি অভিভূত হ’লো। আমি সৰুৰে পৰা নগৰত থকা। এইবোৰ দৃশ্য দেখাটো এটা বিৰল অভিজ্ঞতা। নগা পাহাৰৰ এই অপূৰ্ব সেউজীয়া ঘন বনৰ মাজেৰে গৈ থাকোঁতে ডালিমীলৈ মনত নপৰা নহয়। মই ইঞ্জিনটোৰ কথা কোৱা নাই। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চিৰ সেউজ নাটক জয়মতীৰ গদাপানী ডালিমীৰ কথা মনত পৰিছে।
এই ভাব সাগৰত ডুব গৈ থাকোঁতে ৰেলগাড়ীখন জোকাৰ এটা মাৰি নাগিনীমৰা ৰেল আস্থানত ৰ’লহি। গোটেই বাটটোত ইমুৰে সিমুৰে দুটাই ৰেল আস্থান। মাজত ৰ’বলৈ নাই। ঘড়ীটো চাই দেখিলো ৯টা বাজিল। যাত্ৰা আৰম্ভ কৰিছিল ৭ বজাত। ২ ঘণ্টা লাগিল। বাট ইমান দীঘলীয়া নহয়। পাহাৰীয়া বাট কাৰণে সময় বেছি লাগে। কাৰণ ৰেলগাড়ী পাহাৰত উঠোঁতে আৰু নামোতে লাহে লাহে চলিব লাগে। কিন্তু বাটৰ কাষৰ দৃশ্যৰাজি এনেকুৱা মনোৰম আছিল যে সময় কেতিয়া পাৰ হৈ গ’ল ক’বই নোৱাৰিলো।
ৰেলগাড়ীখন যেতিয়া নাগিনীমৰা ৰেল আস্থান পালেহি তেতিয়া কুৱঁলী প্ৰায় নোহোৱা হ’ল। ডবাটোত যাত্ৰী নাছিল। আৰু এইটোৱে শেষ আস্থান যেতিয়া লাহে ধীৰে নামিম বুলি বহাৰ পৰা নুঠাকৈয়ে খিৰিকিৰে বাহিৰলৈ চালো। দেখিলো ৰেল আস্থানটো এটা সৰু ঘৰ আৰু ঘন জংঘলেৰে পৰিবেষ্টিত। কৰ্মচাৰী এজন নে দুজন হে। ইমান সৰু ৰেল আস্থান প্ৰথম দেখিলো। আচৰিত হ’লো। মনটো ভাল লাগিল। বহুতে নেদেখা বস্তু এটা দেখিবলৈ পালো। ঠাইখনৰ বিষয়ে জানিবলৈ মন গ’ল। গম পালো শ্যামৰ পৰা। ঠাইখন মানে ৰেল আস্থানটোৱে বুলি ধৰিব পাৰি। অলপ দুৰত গাওঁ আছে। তাতে কিছু মানুহ বাস কৰে। এই মানুহখিনি কনিয়াক সম্প্ৰদায়ৰ নগা মানুহ। তেওঁলোক পৰম্পৰাগত চিকাৰী আৰু যোদ্ধা। যুদ্ধত প্ৰতিপক্ষৰ যোদ্ধাৰ মূৰ কাটে আৰু মূৰবোৰ গোটাই লৈ আহে যুদ্ধৰ উপহাৰ হিচাপে। যিমান বেছি মূৰ আনিব পাৰে সিমান ডাঙৰ বীৰ বুলি স্বীকৃতি পায়। কিন্তু এতিয়া তেওঁলোক খেতিয়ক। তেওঁলোক পাকৈত কাৰিকৰ আৰু বন্দুক-বাৰুদ, বাঁহৰ সামগ্ৰী আদি তৈয়াৰ কৰা আৰু বোৱা-কটা আদিত অভিজ্ঞ। নাগিনীমৰা, নগা পাহাৰৰ মন জিলাত এখন সৰু চহৰ। দিখৌ নৈৰ পাৰত অৱস্থিত। ইয়াত বসতি কৰা বেছি ভাগ মানুহ কনিয়াক নগা। ১৯০৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নাগিনীমৰাৰ ওচৰত বৰজান আৰু কংগন নামৰ ঠাইৰ মাটিত প্ৰথম কয়লাৰ আৱিষ্কাৰ কৰিছিল। এতিয়া নাগিনীমৰা নাগালেণ্ড কয়লাৰ সৰ্ব বৃহৎ বেপাৰৰ কেন্দ্ৰ।
ৰেলৰ ডবাৰ ভিতৰতে বহি কথাবোৰ পাতি আৰু নতুন কথা জানি বৰ ভাল লাগিল। কিন্তু মনতে এটা ভাব আহিল। এই ঠাণ্ডা ৰাতিপুৱা কি চাবলৈ আহিলো! এইখিনি কথা নহাকৈও জানিব পাৰিলোহেঁতেন। পিছে আকৌ ভাবিলোঁ – হয়,বিশেষ একো নাই, পিছে ৰেল যাত্ৰাটোৱে বৰ উপভোগ্য আছিল। উভতি যাওঁতে ফৰকাল বতৰত চাগৈ আৰু বেলেগ পৰিৱেশ দেখিবলৈ পাম। গতিকে আক্ষেপ কৰিবলৈ একো নাই। আন নহ’লেও এটা নতুন অভিজ্ঞতা হ’ল। এইবুলি মনতে সান্ত্বনা লৈ ৰেলগাড়ীৰ পৰা নামিলো। কিন্তু ৰেলগাড়ী পৰা নামি, ৰেল আস্থানৰ সন্মুখত থিয় হৈ যিটো দৃশ্য দেখিলো মই থৰ লাগি ৰৈ গ’লো। এই দৃশ্য সপোনৰো অগোচৰ আছিল।
আকাশখনৰ ৰং ইতিমধ্যে গাঢ় নীলা হৈ পৰিছে। শৰৎ কালৰ আকাশ। কুৱঁলী এতিয়া নাই। ডাৱৰো বিশেষ নাই। ক’ৰবাত এচপৰা কি দুচপৰা ডাৱৰে মন্থৰ গতিত ইফাল সিফাল কৰি আছে। দূৰৈত নীলা পাহাৰ আৰু ওচৰৰ সেউজীয়া পাহাৰবোৰে যেন সগৰ্বে মূৰ ডাঙি ঠিয় হৈ আছে। ইতিমধ্যে সূৰ্য্য পুৰ্ণ উদয় হ’ল। পাহাৰবোৰৰ উচ্চতা অতিক্ৰম কৰিলে। সূৰ্যৰ ৰশ্মিয়ে ৰেল আস্থান আৰু তাৰ দাঁতি-কাষৰীয়া ঠাইবোৰ পোহৰ কৰি তুলিছে। ইফালে সিফালে চাই থাকোঁতে এটা অদ্ভূত দৃশ্য চকুত পৰিল। এনেকুৱা ভাব হ’ল যেন দুৰৰ দুটা পাহাৰৰ মাজত কিবা এটাই যেন মুখখন বহলকৈ মেলি আছে আৰু মুখৰ পৰা এখন ৰূপালী ৰঙৰ জিভা বাহিৰলৈ ওলাই আছে। এনেকুৱা লাগিছে যেন বৰ ডাঙৰ ৰাক্ষস এটা হে। আগত যাক পাব গিলিহে পেলাব। ভালকৈ নিৰিক্ষণ কৰাত গম পালোঁ যে দুটা পাহাৰৰ মাজত এটা ৰূপলী ৰঙৰ অংশ। সূৰ্যৰ পোহৰ পৰি ঠাই ডোখৰ ইমান জিলিকিছে যে চকুত চাঁত মাৰি ধৰিছে। কোনো ৰাক্ষসে মুখ মেলি জিভা উলিয়াই থকা নাই। দুটা পাহাৰৰ মাজেৰে এখন নৈ বৈ আহিছে। মই ৰ’ লাগি চাই থাকোঁতে ওচৰতে চাহ দুকাপ লৈ ঠিয় হৈ থকা শ্যামে ক’লে “সেইয়া দিখৌ নৈৰ উৎস।” আৰু চাহ এক পিয়লা মোলৈ আগবঢ়াই দি ক’লে যে ইয়াৰ চাহ কাপৰ এটা বেলেগ সোৱাদ আছে। চাহ পিয়লাত এক সোহা মাৰি মই ভাবিলোঁ “মানুহে হিমালয়ত গো মুখ চাবলৈ যায়। য’ৰ পৰা গঙ্গা নদী ওলাই আহে। কিন্তু আজি মই যি দেখিলোঁ সেই দৃশ্য মই ভাবো তাতকৈ কোনো গুণে কম উপভোগ্য নহয়।” বহু সময় এই দৃশ্য চাই থাকিলো। দিখৌ নৈখন উৎসৰ পৰা অলপ দূৰ পাহাৰেৰে নামি আকৌ ঘন হাবিৰ মাজত অদৃশ্য হৈ গ’ল।
গুৱাহাটীৰ ফালৰ পৰা আহোঁতে শিৱসাগৰ পাবলৈ ৯ – ১০ কিল’মিটাৰ থাকোঁতে দিখৌ নৈখন দলঙেৰে পাৰ হ’ব লাগে। এই দলঙখনৰ এটা বৈশিষ্ট্য আছে। এই দলঙখন বৃটিছৰ শাসন কালত সজা দলং। সেই সময়ত এই দলঙৰ তলেদি জাহাজ যাবৰ কাৰণে ব্যবস্থা আছিল। দলঙখনৰ মাজৰ ভাগটো যন্ত্ৰৰে উঠাই দিয়া হয়। জাহাজখন পাৰ হৈ যোৱাৰ পিছত আকৌ মাজৰ ভাগ নমাই সমান কৰি দিয়া হয়। এইখিনি সময় গাড়ীবোৰ দুয়োপাৰে ৰৈ থাকে। সমান কৰি দিয়াৰ পিছত আকৌ চলিবলৈ ধৰে। ভাৰতবৰ্ষত এনেকুৱা দলং বোধকৰো আৰু এখন হে আছিল। সেইখন পশ্চিমবংগত আছিল। হুগলি নৈৰ ওপৰত। এতিয়া অৱশ্যে দুয়োখন দলঙৰ ওপৰেদি অকল গাড়ী চলে। আৰু এটা উল্লেখযোগ্য গম পালোঁ যে ইংৰাজসকলে এই দিখৌ নৈয়েদিয়েই অসমৰ পৰা খনিজ পদাৰ্থ, মূল্যবান কাঠ, চাহ পাত ইত্যাদি অসমৰ বাহিৰলৈ লৈ গৈছিল। অৰ্থাৎ দিখৌ নদী ইংৰাজৰ অসম লুণ্ঠনৰ এটা মুখ্য বাট আছিল।
এইখিনিতে আৰু এটা কথাই মনত খু-দুৱাই আছিল। শ্যামৰ পৰা কিছু সম্ভেদ পালোঁ। উৎস বুৰঞ্জী নহয়। গাঁৱৰ বয়োবৃদ্ধসকলৰ মাজৰ প্ৰচলিত কাহিনী। পুৰণি কালত অসমীয়া মানুহে নগা মহিলাসকলক নাগিনী বুলি কোৱা কথাটো শুনিছিলোঁ। কিন্তু নাগিনীমৰা বোলা ঠাই টুকুৰাৰ নাম শুনা নাছিলো। কাহিনী মতে আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নগা পাহাৰত অজ্ঞাতবাসৰ কালত প্ৰেমত পৰা এগৰাকী নগা গাভৰুৱে হেনো দিখৌ নৈত জঁপিয়াই আত্মহত্যা কৰিছিল। সেই কাৰণে এই ঠাইৰ নাম নাগিনীমৰা। কোনো কোনোৱে ৰসৰাজ বেজবৰুৱাদেৱৰ জয়মতী নাটকৰ ডালিমী বুলিও ক’ব খোজে। নাগিনীমৰাত বেছি পৰ থাকিব পৰা নহ’ল। কাৰণ ডালিমী ভৈয়ামলৈ নামিবলৈ সাজু হ’ল। খৰধৰকৈ আমি ৰেলগাড়ীত উঠিলোহি। এইবাৰ পৰিস্থিতি বেলেগ। কোনোমতে হে বহিবলৈ অকমান ঠাই পালো। তাকো দুজনমান মানুহে ঠাই উলিয়াই দিলে বুলিহে।
কেইবছৰ মান আগৰ কথা। মেট্ৰিক পৰীক্ষা শেষ কৰি উজনি অসমলৈ আহিছিলো। শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ আদি আহোমৰ দিনৰ ঐতিহ্যবোৰৰ কথা শুনি আছিলোঁ। সেইবোৰ চাবলৈ। গম পালো গড়গাঁৱৰ কাৰেংঘৰত মাটিৰ তলত কেইটামান মহলা আছে। সেইফালেদি দিখৌ নৈ লৈ যাব পৰা এটা সুৰঙ্গ আছিল। সেই ঠাইত হেনো ৰাজ পৰিয়ালৰ জীয়াৰী বোৱাৰীসকলে গা ধুইছিল। অৱশ্যে বিভিন্ন ৰাজনৈতিক পৰিস্থিতি সাপেক্ষে সেই সুৰঙ্গটো ৰজা আৰু ৰাজ পৰিয়ালৰ সদস্য সকলে আৰু মন্ত্ৰী আদিয়ে গোপনে অহা যোৱা কৰা বাট আছিল। শ শ বছৰ আগতে এনেকুৱা ব্যবস্থা থকা বুলি শুনি আচৰিত লাগিছিল। এই সুনিপুন ব্যৱস্থা চাবলৈ এক তলা নামি গৈ দেখিলো তল লৈ নামি যোৱা বাট বন্ধ কৰি থোৱা আছে। সংৰক্ষণ কৰা নাই। এইবাৰ নাগিনীমৰালৈ আহি আহোম ৰাজত্বকালৰ লগত সংযোগ থকা আৰু এটা উপকথাৰ বিষয়ে গম পাই ভাল লাগিল।
ৰেলগাড়ীখন পাহাৰৰ পৰা নামি অহাৰ যো-জা চলি আছে। মানুহৰ কোলাহলৰ মাজতে মনলৈ কিছু ভাব আহিল। পৃথিৱীত আজিলৈকে আহোমসকলেহে হেনো এখন দেশ একেলাঠাৰিয়ে ৬০০ বছৰ ৰাজত্ব কৰিছিল। শেষৰ কেইজনমান স্বৰ্গদেউৰ ৰাজত্বকালৰ বাহিৰে আগৰ সকলোৰে ৰাজ্য পৰিচালনা নিপুণ আছিলে। আহোম ৰজাসকলে হেনো সত্যৰ ওপৰত ভিত্তি কৰি বুৰঞ্জী লিখাইছিল। কিন্তু তেওঁলোকৰ উত্তৰাধিকাৰী সকলেই হওক বা বৃহত্তৰ অসমীয়া জাতিয়ে হওক তেওঁলোকৰ ঐতিহ্য সংৰক্ষণ কৰিবলৈ সক্ষম নহ’ল বুলি ক’ব পাৰি। পাশ্চাত্য দেশত কথাবোৰ ওলোটা। সেই দিশৰ পৰা চালে কাৰেং ঘৰৰ সুৰঙ্গটো পুৰ্বতে যেনেকৈ আছিল তেনেকৈ থাকিব লাগিছিল। নাগিনীমৰা ঠাই টুকুৰা এটা পৰ্যটকৰ স্থান হিচাপে সংৰক্ষণ হ’ব লাগিছিল। এই ৰেলগাড়ীখন ৰাজস্থানৰ মৰুভূমিত চলা “পেলেচ অফ হুইলছ” ৰ দৰে চলি থাকিব লাগিছিল। বহুত মানুহে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ আৰু পুৰণি ঐতিহ্যৰ বিষয়ে অৱগত হ’বলৈ সুযোগ পালেহেঁতেন। পিছে শুনিবলৈ পালোঁ যে অতি সোনকালে এই ৰেলগাড়ীও বন্ধ হৈ যাব। অকল মটৰ গাড়ীহে অহা যোৱা বাট থাকিব।
ইতিমধ্যে ডালিমীয়ে উকি মাৰিলে। এইবাৰ ফৰকাল আকাশ, ৰ’দালীয়ে ধোৱা বনাঞ্চল পাৰ হৈ মন্থৰ গতিত ৰেলগাড়ীখন আগ বাঢ়িছে। সঁচাকৈ অতি মনোৰম দৃশ্য চাৰিওফালে। ইফালে সিফালে চাই হেঁপাহ পলোৱা নাই। যাওঁতে এটা বেলেগ আৰু ঘূৰি আহোঁতে এটা সম্পূৰ্ণ বেলেগ অনুভৱ। দবাটোত অহা আন মানুহখিনি নিজৰ মাজত কথা-বাৰ্তা পাতি মছগুল। প্ৰায় ভাগ যাত্ৰীয়ে মূৰ তুলি বাহিৰলৈ চোৱা নাই। অবশ্যে এইটো স্বভাৱিক। কাৰণ তেওঁলোক এই বাটেৰে সদায় অহা-যোৱা কৰে। অলপ সময় পিছতে ৰেলগাড়ী শিমলুগুৰি ৰেল আস্থানত প্ৰবেশ কৰিলে। পাহাৰৰ পৰা নামোতে অলপ কম সময় লয়। দুয়ো নামিলো। এটা বৰ সুন্দৰ অভিজ্ঞতাৰ অন্ত পৰিল। কিন্তু মনটো ভৰি গ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!