চিনাকি মাছৰোকা চৰাইবোৰ

লেখক- প্ৰান্তৰ ভাগৱতী


“অ’ পাপা, সৌ ক’লা-বগা চৰাইটোৱে পানীৰ ওপৰত একে জেগাতে উৰি উৰি কি কৰিছেনো?” নদীৰ পাৰেদি মোৰ ছোৱালীজনীৰ লগত খোজ কাঢ়ি গৈ থাকোঁতে হঠাতে তাই পানীৰ ফালে আঙুলিয়াই দি সুধিলে । দেখিলোঁ এটা পখৰা মাছৰোকা(Pied Kingfisher) চৰায়ে নদীৰ পানীৰ ওপৰত ‘Hovering’ কৰি আছে । মাছৰোকা, ফেঁচা, শেন আদি কিছুমান চৰায়ে আকাশত একে ঠাইতে উৰি উৰি তলৰ মাটি বা পানীত তাৰ চিকাৰৰ গতি-বিধি চাই লৈহে তাৰ লক্ষ্য স্থিৰ কৰে ।
সেয়ে মই বোলো, মাজনী, সেইটো এটা পখৰা মাছৰোকা চৰাই । সি পানীৰ ওপৰত সেইদৰে একে ঠাইতে উৰি উৰি পানীৰ তলৰ মাছৰ গতি-বিধি লক্ষ্য কৰি আছে আৰু চাবা, তাৰ লক্ষ্য স্থিৰ হ’লেই সি পানীৰ তললৈ সোমাই গৈ মাছটো ধৰি আনিবগৈ ।
এইবুলি কৈ মোৰ ঠিক হৈছিলহে, তেনেতে দেখিলোঁ, চৰাইটোৱে তীব্ৰ গতিৰে পানীৰ ভিতৰলৈ ছোঁ মাৰি সোমাই গ’ল আৰু তৎমুহূৰ্ততে তাৰ দীঘল ঠোঁটখনত এটা সৰু মাছ লৈ পানীৰ পৰা ওলাই আহি ওপৰলৈ উৰা মাৰিলে ।
মই বোলো, সেয়া দেখিলা, মাজনী! মই কোৱাৰ দৰেই সি মাছ এটা ধৰি লৈ গ’ল ।
“পাপা, বৰ ভাল লাগিল দৃশ্যটো । আৰু বেলেগ ধৰণৰ মাছৰোকা চৰাই অসমত পাই নেকি, কোৱাচোন!”
মই বোলো, শুনা! আমাৰ অসমৰ হাবি-বননি, খাল-বিল, নৈ আদিত কেইবা প্ৰজাতিৰো মাছৰোকা (Kingfisher) চৰাই দেখা পোৱা যায় । পখৰা মাছৰোকা চৰাইটো তুমিতো দেখিলাই । এই মাছৰোকা চৰাইবোৰ জলাশয়ৰ দাঁতিকাষৰীয়া ঠাইত থকা গছৰ ডাল, বৈদ্যুতিক তাঁৰ আদিত বহি থাকে আৰু মাছ, ভেকুলী আদি ধৰি খায় । এই মাছৰোকা চৰাইবোৰৰ ভিতৰত সহজেই দেখা পোৱা মাছৰোকা বিধ হ’ল বগা বুকুৱা মাছৰোকা চৰাই (White breasted Kingfisher ) । ইহঁতক অসমৰ সকলো ঠাইতে দেখা পোৱা যায় । ইহঁতৰ পিঠিৰ পাখিবোৰ নীলা ৰঙৰ আৰু মূৰৰ ৰং মুগা বৰণৰ । বুকুৰ ওপৰচোৱা ডিঙিলৈকে বগা ৰঙৰ । ইহঁতৰ দেহৰ আকাৰ প্ৰায় ২৮ চে: মিঃলৈকে দীঘল হয় ।
মাছৰোকা চৰাইবোৰে নদী, পুখুৰী, জলাশয় আদিৰ ওখ গৰাৰ গাঁতত বাহ সাজি থাকে ।
আৰু এবিধ মাছৰোকা হ’ল সাধাৰণ মাছৰোকা(Common Kingfisher)। ‌ইহঁতৰ আকাৰ পিছে যথেষ্ট সৰু, প্ৰায় ১৬ চে: মি মানহে দীঘল হয় । নীলা বৰণৰ এই চৰাইবিধ দেখিবলৈ কিন্তু বৰ মৰম লগা ।
দেখিবলৈ সাধাৰণ মাছৰোকা চৰাইৰ দৰেই, কেৱল কাণৰ ওচৰৰ বৰণহে কিছু পৰিমাণে বেলেগ হোৱা আন এবিধ একে আকাৰৰ মাছৰোকা চৰাই হ’ল নীলকণীয়া মাছৰোকা (Blue eared Kingfisher)।
আৰু এবিধ ডাঙৰ মাছৰোকা চৰাই হ’ল বৰটোকোলা ঠুঁটীয়া মাছৰোকা চৰাই (Stork billed Kingfisher )। অসমত পোৱা মাছৰোকা চৰাইবোৰৰ ভিতৰত ইহঁতেই হৈছে আকাৰত আটাইতকৈ ডাঙৰ । ইহঁতৰ ঠোঁটৰ আকাৰো ডাঙৰ । ইহঁতৰ পাখিবোৰ নীলা-বগা ৰঙৰ আৰু ঠোঁট ৰঙা ৰঙৰ । ইহঁতে জলাশয়ৰ দাঁতিকাষৰীয়া ঠাইত গছত বহি কেঁ কেঁকৈ ভয়লগা ধৰণেৰে মাতি থাকে ।
আৰু এবিধ ৰঙচুৱা মাছৰোকা( Ruddy Kingfisher ) অসমৰ ডাঠ হাবিবোৰত দেখা পোৱা যায়।
গ্ৰীষ্মকালত ‌এবিধ অতি ধুনীয়া অকণমানি মৰমলগা মাছৰোকা চৰাই অসমলৈ বংশ বৃদ্ধিৰ বাবে আহে । দিহিং-পাটকাই, কাজিৰঙা, মানাহ, গুৱাহাটীৰ আমচাং বনাঞ্চলৰ হাবি-জংঘলত ইহঁতে বাহ সাজেহি আৰু তাতে কণী পাৰি পোৱালি জগায় । ইহঁতৰ দেহৰ দৈঘ্য প্ৰায় ১৪ চে: মি হয় । ইহঁত পাতসিয়া চৰাইটোৰ সমানেই ডাঙৰ হয় । মাছৰোকা চৰাইৰ ভিতৰত আকাৰত ইহঁতেই আটাইতকৈ সৰু আৰু ধুনীয়া । ইহঁত হ’ল বাওনা মাছৰোকা চৰাই (Oriental Dwarf Kingfisher )। ‌ ইহঁতক Jewel of Forest বুলিও কোৱা হয় । অত্যন্ত ধুনীয়া এইবিধ মাছৰোকা অসমলৈ গ্ৰীষ্মকালত পৰিভ্ৰমী চৰাই হিচাপে আহে আৰু শৰত কালত যায়গৈ । মই অবশ্যে এইবিধ মাছৰোকা চৰাই এতিয়াও দেখিবলৈ পোৱা নাই ।
এই মাছৰোকা চৰাইবোৰে মাছ, ভেকুলী আদিৰ সংখ্যা নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
মাজনী, এই ধুনীয়া মাছৰোকা চৰাইবোৰৰ বিষয়ে আজি তুমি কিছু কথা শিকিলা । তুমি তোমাৰ লগৰ ল’ৰা-ছোৱালীবোৰক ইহঁতৰ কথা ক’বা আৰু ইহঁতৰ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰিবা!
ফটো সমূহৰ বিবৰণ: :
ফটো 1: : বগা বুকুৱা মাছৰোকা চৰাই
ফটো 2: : সাধাৰণ মাছৰোকা চৰাই
ফটো 3: : বৰটোকোলা ঠুটীয়া মাছৰোকা চৰাই
ফটো 4: : পখৰা মাছৰোকা চৰাই
ফটো 5: : পানীৰ ওপৰত ‘Hovering’ কৰি থকা পখৰা মাছৰোকা চৰাই
(ফটো সমূহৰ 1 ৰ পৰা 5 লৈ লেখকে নিজে তোলা)
ফটো 6: : বাওনা মাছৰোকা চৰাই ( ফটোখন Internetৰ পৰা লোৱা হৈছে)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!