মানৱদৰদী প্ৰিয়াক্ষী

লেখক- সৌৰভ দত্ত

প্ৰিয়াক্ষী আৰু গৌৰৱৰ বিয়াৰ পোন্ধৰ বছৰেই হ’ল। ডাঙৰটো ল’ৰাৰ বয়স এঘাৰ আৰু সৰুটোৰ ছয় বছৰ। দুটাকৈ সন্তান অহাৰ পিছত সিহঁতৰ দৈনন্দিন দায়িত্ববোৰক লৈ সৰু-সুৰা খুত-খাত লাগি থাকে, যদিও দুয়োটাৰে মাজত এতিয়াও সুন্দৰ বুজা-বুজি আছে।
ফেচবুকত দিয়া ফটোবোৰ দেখিলেই বুজা যায় যে, পৰিয়ালটো সৰু সৰু সুখবোৰতে সুখী। এগালমান টকা-পইচাৰ প্ৰতি আশাও নাই, আগ্ৰহো নাই। যি আছে তাকে লৈ সন্তুষ্ট। ভালক অতিকে ভাল পাই আৰু বেয়াক চকু পাৰিও দেখিব নোৱাৰে।
গৌৰৱ আৰু প্ৰিয়াক্ষী কলেজৰে পৰা একেলগে পঢ়া। তাৰপিছত একেলগে চাকৰি, চাকৰিৰ পিছত প্ৰেম আৰু অৱশেষত বিয়া। এতিয়া দুটা ল’ৰাৰে সৈতে এখন ব্যস্ত সংসাৰ।
কলেজত পঢ়ি থকা দিনৰে পৰা এটা আনটোৰ খুবেই ভাল বন্ধু। ইটোৱে-সিটোৰ বিষয়ে নজনা কথা প্ৰায় নায়েই বুলিব পাৰি। আনহে নালাগে সিহঁতৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ আগতে দুয়োটাই পৰস্পৰৰ কলেজীয়া প্ৰেমৰো যোগসূত্ৰ আছিল। দুয়োৰে কলেজীয়া প্ৰেমৰ বিফল সমাপ্তিৰ কিছু বছৰৰ পিছত সিহঁতৰ মাজৰ বন্ধুত্বৰ সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ সিহঁতে গম নোপোৱাকৈয়ে কোন সময়ত সলনি হৈ পৰিল কোনেও ধৰিব নোৱাৰিলে।
বন্ধুত্ব হঠাৎ প্ৰেমলৈ সলনি হ’ল, প্ৰেমৰ লগে লগেই বিয়াৰ প্ৰস্তাব দিয়া হ’ল, ঘৰে ঘৰে কথা হ’ল আৰু বিয়া হৈ গ’ল।
প্ৰিয়াক্ষীৰ অন্তৰখন কিন্তু জোখতকৈ বেছিয়েই কোমল। তাইক বেয়া পোৱা বা তাই বেয়া পোৱা মানুহ কিজানি পৃথিৱীখনত নায়েই। তাই প্ৰায়েই আনৰ দুখত দুখী হৈ পৰে। ইয়াৰ প্ৰভাৱ সিহঁতৰ সংসাৰখনতো পৰে মাজে মাজে। কিন্তু সেইবোৰ খন্তেকীয়া। কম সময়তে অসন্তোষৰ মীমাংসা হৈ আকৌ আগৰ দৰে হৈ পৰে।
পিছে আজি কেইদিনমানৰ পৰা গৌৰৱে এটা কথা লক্ষ্য কৰি আছে যে, প্ৰিয়াক্ষীয়ে প্ৰায়ে বেলকনিটোৰ লগতে লাগি থকা ৰুমটোত দৰজাখন বন্ধ কৰি সোমাই থাকে।
ৰুমটোত সোমাই কি কৰি আছিলা বুলি সুধিলেও বিশেষ একো নকয়। কিতাপ এখন পঢ়ি আছিলোঁ বা ফোনত কথা পাতি আছিলোঁ বুলি কথা সলাই দিয়ে। ৰুমৰ ভিতৰত দৰজা বন্ধ কৰি পাতিব লগা এনে কি কথা ওলাইছে?
কাৰ লগত কথা পাতিছে?
কি কথা পাতিছে?
গৌৰৱৰ মূৰত প্ৰশ্নৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে। লাহে লাহে তাৰ মূৰত বিভিন্ন ধৰণৰ সন্দেহেও ভিৰ কৰিছেহি।
তাইৰ কিবা অসুখ-বিসুখ হৈছে নেকি?
চাকৰিৰ কিবা টেনচন বাঢ়িছে নেকি?
নে তাইৰ কিবা মানসিক অশান্তি হৈছে?
গৌৰৱৰ চাকৰিৰ অত্যধিক ব্যস্ততাৰ হেতু তাইক সময় দিব নোৱাৰাৰ কাৰণে তাই বাৰু আকৌ বেলেগ কাৰোবাৰ লগত প্ৰেমত পৰিছে নেকি?
শেষৰ কথাষাৰ ভবাৰ লগে লগে দেখোন তাৰ গাটো থৰক-বৰক লগাৰ দৰে লাগিছে।
সাধাৰণতে তাই গৌৰৱৰ পৰা একো কথাই নুলুকুৱাই, কিন্তু গৌৰৱৰ বাবে এইবাৰ কথাবোৰ কিবা অবুজ সাঁথৰৰ দৰে হৈ পৰিছে।
ৰহস্যটো উদ্ধাৰ কৰিবলৈ গৌৰৱে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু সফল হ’ব পৰা নাই। তাইৰ আচৰণবোৰ একেবাৰেই নিৰ্বিকাৰ। সি মনে মনে তাইৰ মোবাইলো খুচৰিছে যদিও একোৱেই পোৱা নাই। কিন্তু এটা বিশেষ নাম্বাৰত বহু বাৰ কথা-বতৰা হোৱাটো চকুত পৰিছে। সেই নাম্বাৰটো ট্ৰু-কলাৰত চালে প্ৰিয়াক্ষী বুলিয়েই দেখুৱাই।
এইটো দেখি সি আৰু আচৰিত হৈছে। তাই নিজৰ লগতে কথা পাতি থাকে নেকি? তাইৰ কিবা মানসিক প্ৰব্লেম হৈছে নেকি!
গৌৰৱৰ সন্দেহ দিনে দিনে ঘনীভূত হ’বলৈ ধৰিলে। প্ৰশ্ন এটাই, তাই ৰুমটোত সোমাই কি কৰি থাকে?
তেনেতে এদিন সি প্ৰিয়াক্ষীৰ ড্ৰয়াৰত কেইটামান প্ৰিণ্টআউট আৱিষ্কাৰ কৰিলে। সেয়া আছিল এখন এফিডেভিটৰ ড্ৰাফ্ট কপি আৰু লগত আছিল আছাম ট্ৰিবিউনত প্ৰকাশৰ বাবে পঠিয়াবলগীয়া এটা সৰু ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ ড্ৰাফ্ট।
তাত লিখা কথাখিনি পঢ়ি এইবাৰ গৌৰৱৰ মগজে কাম নকৰা হৈ পৰিলে।
কি লিখা আছিল কাগজখনত?

প্ৰিয়াক্ষীয়ে কাম কৰা ইঞ্চিউৰেঞ্চ কোম্পানীটোত, আজি কেইদিনমানৰ আগতে, তাইৰ সহকৰ্মী, চেলছ মেনেজাৰ নিবেদিতাৰ এজেণ্ট হিচাপে জইন কৰিছে “প্ৰিয়াক্ষী” নামৰে আন এজনী ছোৱালীয়ে। গাৰ বৰণটো অলপ ডাৰ্ক যদিও ছোৱালীজনী দেখাই-শুনাই যথেষ্ট আকৰ্ষণীয়।
জইনিঙৰ দিনাই প্ৰিয়াক্ষীয়ে তাইক লগ পাইছিল আৰু কিছু সময়ৰ কাৰণে কথা পাতিছিল। তাই কোৱা মতে, তাই নিবেদিতাৰ ঘৰতে থাকে, ভাত-পানী বনোৱাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱালৈকে ঘৰৰ সকলো কাম বন তায়েই কৰে। সৰুতে পঢ়া-শুনা অলপ কৰিছিল। মোটামুটি ইংৰাজীত বাক্য গাঁথনিও কৰিব পাৰে। সেয়ে নিবেদিতাই তাইক এই কামটো দিছে। ইঞ্চিউৰেঞ্চ এডভাইজাৰৰ ট্ৰেইনিং শেষ হোৱাৰ পিছত আৰু প্ৰিয়াক্ষী অফিচলৈ নহা হ’ল।
কিন্তু সেইদিনা অলপ সময়ৰ কাৰণে কথা পাতিয়েই দুয়োজনী প্ৰিয়াক্ষী এজনী আনজনীৰ প্ৰতি বিনা কাৰণতে আকৰ্ষিত হৈ পৰিছিল।
এদিন প্ৰিয়াক্ষী নিবেদিতাৰ ঘৰলৈ গ’ল। দুৰ্ভাগ্য বা সৌভাগ্যবশতঃ সেই সময়ত নিবেদিতা ঘৰত নাছিল। ফলত তাই প্ৰিয়াক্ষীৰ লগত বহুত সময় কথা পাতিবলৈ সুযোগ পালে।
তাইৰ হেনো ঘৰৰ অৱস্থা একেবাৰে বেয়া। ঘৰত মাহীমাক আৰু সতীয়া ভায়েক এজন আছিল। সিহঁতৰ কাষৰ ঘৰখনেই নিবেদিতাহঁতৰ ঘৰ। তাইৰ মাহীমাকে নিবেদিতাহঁতৰ ঘৰতে কাম কৰে। দেউতাক ঢুকুৱাৰ পিছতে তাইক নিবেদিতাহঁতৰ লগত গুৱাহাটীলৈ পঠাই দিলে। তাই অৱশ্যে নুবুজিলে মাহীমাকে তাইৰ লগত উপকাৰ কৰিলে নে অপকাৰ! কিন্তু ঘৰ এৰাৰে পৰা তাইৰ নিজৰ ঘৰখনৰ প্ৰতি কোনো মোহ নাইকিয়া হৈ পৰিছিল।
নিবেদিতাৰ ঘৰলৈ অহাৰ পিছত, প্ৰিয়াক্ষী অতি কম সময়তে ঘৰৰ সকলো কামতে পাৰ্গত হৈ পৰিল। পঢ়াৰ প্ৰতি অফুৰন্ত আগ্ৰহ থকা কাৰণে আজৰি সময় পালেই ঘৰতে থকা কিতাপ কাগজ কলমবোৰ উলিয়াই লয়। লাহে লাহে নিবেদিতায়ো কথাটো গম পালে। অৱশ্যে তাই কোনো ধৰণৰ বাধা দিয়া নাছিল।
তাৰপিছত হঠাৎ এদিন নিবেদিতাই ইঞ্চিউৰেঞ্চ কোম্পানীটোত চেলছ মেনেজাৰ হিচাপে জইন কৰিলে আৰু মেনেজাৰ হিচাপে তাইৰ প্ৰথম এছাইনমেণ্ট আছিল তাইৰ তলত এডভাইজাৰ এপইণ্ট কৰা আৰু IRDA ৰ পৰীক্ষাটো পাছ কৰোৱা।
কিয় জানো নিবেদিতাই প্ৰিয়াক্ষীকো নিজৰ এজেণ্ট হিচাপে এপইণ্ট কৰিলে আৰু পৰীক্ষাটোৰ কাৰণে সাজু কৰি তুলিলে। এই পৰীক্ষাটো পাছ কৰাৰ নানানটা পদ্ধতি আছে। জনা মানুহে জানে।
প্ৰিয়াক্ষীয়েও পৰীক্ষাত পাছ কৰিলে। এতিয়া তায়ো নিবেদিতাৰ এজেণ্ট। প্ৰিয়াক্ষীৰ মুখৰ হাঁহিটো আৰু নম্ৰ আচৰণৰ কাৰণে তাই অতি কম সময়তে যিকোনো মানুহক নিজৰ প্ৰতি আকৰ্ষিত কৰি ল’ব পাৰে। এই সুযোগতে তাই মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে নিজৰ অসম্পূৰ্ণ শিক্ষা সম্পূৰ্ণ কৰিবলৈ যো-জা চলালে।
তাই যিটো শিকে, ভালকৈ খুতি-নাতি মাৰি শিকি লয় আৰু কম সময়তে পাৰ্গত হৈ উঠে। ইয়াৰ ফলস্বৰূপে দুমাহৰ ভিতৰতে নিবেদিতাই প্ৰিয়াক্ষীৰ যোগেদি সিহঁতৰ অফিচটোৰ ভিতৰতে সৰ্বাধিক পলিচি লগ-ইন কৰাবলৈ সক্ষম হ’ল।
ইয়াৰ পোনপটীয়া বেনিফিত হিচাপে কমিছন, ইঞ্চেনটিভ ইত্যাদিবোৰ নিবেদিতাই পাবলৈ ধৰিলে। নিবেদিতাৰ প্ৰমোচনো হ’ল, দৰমহাও বৃদ্ধি হ’ল। ইয়াৰ সমান্তৰালকৈ খৰচো বাঢ়িল, লাইফ-ষ্টাইলো সলনি হ’ল, নতুন নতুন বন্ধু হ’ল, হাই-ফাই ছচাইটিৰ সদস্য হৈ পৰিল আৰু উচ্চাকাংক্ষাবোৰো দিনক দিনে বাঢ়ি গৈ থাকিল।
বান্ধৱী প্ৰিয়াক্ষীৰ লগতো দূৰত্ব অলপ বাঢ়ি আহিল কাৰণ প্ৰিয়াক্ষীৰ কাৰণে এতিয়াও আউটিং বা আফটাৰ অফিচ পাৰ্টীবোৰতকৈ পৰিয়ালটো বেছি ইম্পৰটেণ্ট।
নিবেদিতাৰ দোপতদোপে হোৱা উন্নতিৰ সমানুপাতিকভাৱে চেলছৰ টাৰ্গেটো বাঢ়ি গৈ থাকিল। পৰিস্থিতি এনে এটা পৰ্যায় পালেগৈ যে, কোম্পানীয়ে এতিয়া তাইৰ পৰা কেইবা লাখ টকীয়া প্ৰিমিয়ামৰ পলিচীহে বিচৰা হ’ল।
বহু লাখ টকা প্ৰিমিয়ামৰ পলিচী খোলাৰ সক্ষমতা থকা ক্লায়েণ্টৰ ভিতৰত কিছু সংখ্যকৰ চৰ্তবোৰো অদ্ভুত ধৰণৰ হয়। নিবেদিতাই ইতিমধ্যে বহুকেইজন সম্ভাৱনীয় ক্লায়েণ্টৰ পৰা পলিচী খোলাৰ বিনিময়ত শাৰীৰিক সম্পৰ্ক আৰু একেলগে নৈশ-যাপনৰ প্ৰস্তাৱ লাভ কৰিছে। যিবোৰ তাই হাঁহি মাৰি বা বিভিন্ন অজুহাত দেখুৱাই ফালৰি কাটি গুছি আহিছে।
ইচ্ছা থাকিলেও এনেবোৰ প্ৰস্তাৱৰ বিৰুদ্ধে সকলোৱে গম পোৱাকৈ সজোৰে প্ৰতিবাদ কৰিব পৰা নাছিল, কাৰণ সেই গণ্য-মান্য, প্ৰতিপত্তিশালী ব্যক্তিবোৰ কোম্পানীৰ কাৰণে অত্যন্ত পটেনচিয়েল ক্লায়েণ্ট। তাইৰ এটা মাত্ৰ পদক্ষেপৰ কাৰণে তাই চাকৰিটো হেৰুৱাবলগীয়া হ’ব পাৰে।
লাহে লাহে দিন বাগৰিছে আৰু নিবেদিতাৰ ওপৰত টাৰ্গেতৰ প্ৰেছাৰ বাঢ়িছে। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা তাই ব্ৰাঞ্চ মেনেজাৰৰ পৰা সদায় সন্ধিয়া গালি শুনিব লগা হৈছে। ইয়েৰলি ক্লজিঙৰ কাৰণে সকলোৱে আপ্ৰাণ চেষ্টা কৰিব লগা হৈছে, কাৰণ মাৰ্কেটত তাইৰ দৰে অজস্ৰ চেলছ মেনেজাৰ আছে আৰু সিহঁতৰ কোম্পানীৰ নিচিনা আৰু বহু কেইটা ইঞ্চিউৰেঞ্চ কোম্পানীও আছে। অৰ্থাৎ ভীষণ কম্পিটিচন আছে। আজিকালি টাৰ্গেত এছিভ কৰাটো ইমান সহজ হৈ থকা নাই।
অৱশেষত তাই বহুতো কথা চিন্তা কৰি তাইৰ ষ্টাৰ পাৰফৰ্মাৰ প্ৰিয়াক্ষীৰ লগত আলোচনাত বহিল। প্ৰিয়াক্ষীক সুধিলে মাৰ্চৰ ৩১ তাৰিখৰ ভিতৰত কিমান টকাৰ পলিচী উঠাব পাৰিব।
প্ৰিয়াক্ষীৰ পৰা হিচাপটো শুনাৰ পিছত নিবেদিতাই ক’লে, ওঁহো নহ’ব, ইয়াৰ দহ গুণ বেছি হ’ব লাগিব। -কি কৰিবা, কেনেকৈ কৰিবা?
প্ৰিয়াক্ষীৰ মুখত মাত নাই।
কিছু সময় মনে মনে থকাৰ পিছত নিবেদিতাই প্ৰিয়াক্ষীক পাঁচজন হাই প্ৰফাইল ক্লায়েণ্টৰ ব্যক্তিগত মোবাইল নাম্বাৰ দিলে আৰু এপইণ্টমেণ্ট ল’বলৈ ক’লে।
নিবেদিতা-তেওঁলোকৰ লগত কথা পাতি থোৱা আছে তুমি মাত্ৰ তেওঁলোকক লগ কৰি “খুছ” কৰি দিলেই হ’ল। পলিচী মই উঠাই ল’ম।
প্ৰিয়াক্ষী-খুছ কৰি দিলেই হ’ল… মানে?
নিবেদিতা-তুমি জনা বুজা ছোৱালী, মানেটো তুমি যি বুজিছা সেইটোৱেই। তুমি যদি এইটো কাম কৰিব নোৱাৰা তেতিয়া মোৰ চাকৰিটো নাথাকে।
চাকৰিটো নাথাকিলে আমাৰ এই ঘৰটোও নাথাকে। কাৰণ কেৱল দাদাৰ দৰমহাটোৰে এইটো ঘৰৰ ই এম আই, দুখনকৈ গাড়ীৰ ই এম আই দিয়াৰ পিছত সংসাৰ চলাব পৰা নাযাব।
তোমাক ইমান বছৰে নিজৰ লগত ৰাখি এটা নতুন জীৱন দিছোঁ। এতিয়া আমাৰ বিপদত তুমি আমাক এইকন সহায়ো কৰিব নোৱাৰিবা নে?
যদি তুমি নোৱাৰা, তেতিয়া তোমাৰ ঠাইত এই কামটো ময়েই কৰিব লাগিব। কিন্তু এইবোৰ কথা দাদাই গম পালে আমাৰ সংসাৰখন ভাঙি যাব। তোমাৰ চকুৰ আগতে ঘৰখন ভাঙি যোৱাটো তুমি চাই থাকিব পাৰিবানে?
প্ৰিয়াক্ষী বহি থকা টুলখনতে শিল পৰা কপৌৰ দৰে থৰ লাগিল। মুখৰ মাত হেৰাই গ’ল। কি ক’ব ভাবি পোৱা নাছিল। শেষত তাই ক’লে, আজি ৰাতিটো চিন্তা কৰি পিছদিনা জনাব।
-পিছদিনা প্ৰিয়াক্ষীয়ে কি জনালে?
আপোনালোকেও হয়তো বৰ আশাৰে বাট চাই আছে জানিবলৈ, নহয় নে?
তেনেহ’লে শুনক
পিছদিনা প্ৰিয়াক্ষীৰ উত্তৰটো নিবেদিতাৰ কাৰণে পজিটিভ আছিল। প্ৰিয়াক্ষীয়ে গোটেই কেইজন ক্লায়েণ্টক ফোন কৰি এপইণ্টমেণ্ট ল’লে। ইয়াৰ পিছৰ ঘটনাক্ৰম নিজে নিজেই আগবাঢ়িল।
মাৰ্চৰ ক্লজিঙৰ পিছত নিবেদিতাৰ আকৌ প্ৰমোচন হ’ল। প্ৰিয়াক্ষী কোম্পানীৰ “ষ্টাৰ পাৰফৰ্মাৰ অৱ দা ইয়েৰ” হ’ল। কিন্তু তাইৰ মুখৰ হাঁহিটো সলনি হৈ পৰিল, বজাৰৰ পৰা কিনি আনি পিন্ধি লোৱা হাঁহি যেন হৈ পৰিল।
তাই এৱাৰ্ড পোৱাৰ দিনাও প্ৰিয়াক্ষীক লগ পালে। দুয়োজনীয়ে আকৌ বহুত সময় কথা পাতিলে। তাইৰ চকুত লুকাই থকা কথাবোৰো যেন প্ৰিয়াক্ষী বাইদেৱে পঢ়ি পেলালে। ফলত তাই গোটেই কথাবোৰ খোলা-খুলিকৈ কৈ দিলে। দুয়োজনীৰে চকুত চকুলো আৰু এসময়ত দুয়োজনী বাকৰুদ্ধ হৈ পৰিল। তেনেতে নিবেদিতা অহাৰ উমান পাই সিহঁতি আঁতৰি আহিল। আহোঁতে তাই মনতে প্ৰতিজ্ঞা কৰিলে যে, অতি সোনকালেই তাই যিকোনো উপায়েৰে প্ৰিয়াক্ষীক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব আৰু তাইক এই বিষাক্ত পৰিবেশৰ পৰা বহু দূৰলৈ আঁতৰাই পঠাব।
-অ’ মই পাহৰিছিলোৱেই, গৌৰৱে হাতত লৈ থকা কাগজখিনিত কি লিখা আছিল আপোনালোকৰ জানিব মন যোৱা নাই জানো…?
গৌৰৱে কাগজখিনি হাতত লৈ ওচৰতে থকা চকীখনত বহি দিলে। তাৰ মূৰটোৱে কাম নকৰা হৈ গৈছে। কি লিখা আছিল কাগজখিনিত?
এফিডেভিট আৰু ক্লাছিফাইড এডৰ ড্ৰাফ্টটোত লিখা আছিল যে, প্ৰিয়াক্ষীয়ে নামটো সলনি কৰি হিমাদ্ৰী কৰিব বিচাৰিছে। কিন্তু কিয়?
নিজৰ পৰিচয়টোক লৈ তাইৰ কি অসুবিধা হৈছে। নে তাই কিবা অপৰাধ কৰিছে।
কিন্তু এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰিয়াক্ষীৰ বাহিৰে কোনেও দিব নোৱাৰে।
ইফালে প্ৰিয়াক্ষী তিনিদিনৰ কাৰণে অফিচৰ কামত তেজপুৰলৈ গৈছে। এতিয়া তাই ঘূৰি অহালৈকে ৰ’ব লাগিব কাৰণ ফোনত এইবোৰ কথা পাতিব পৰা নহ’ব। যদি প্ৰিয়াক্ষীয়ে সঁচাকৈয়ে কিবা লুকুৱাব বিচাৰিছে, তেতিয়া ফোনত কথা পাতিলে বুজাত অসুবিধা হ’ব।
ঠিক তেতিয়াই গৌৰৱলৈ বিবেকৰ ফোন আহিলে।
বিবেক-কি বে, মনে মনে বিশ্বনাথ চাৰিআলিৰ পৰা ঘূৰি যাম বুলি ভাবিছ? ইয়াতে আছ’ যদি ফোন এটাটো কৰিব পাৰিলিহেঁতেন।
গৌৰৱ-কি ফাল্টু কথা কৈছ’ ৰে, মই গুৱাহাটীত আছোঁ।
বিবেক-তেনেহ’লে প্ৰিয়াক্ষী কি ইয়ালৈ অকলে আহিছে?
এইবাৰ গৌৰৱৰ আচৰিত হোৱাৰ পাল। প্ৰিয়াক্ষী বিশ্বনাথত! কিন্তু তাই তেজপুৰহে গৈছিল!
গৌৰৱ-তোৰ কিবা ভুল হৈছে, তই দেখাজনী প্ৰিয়াক্ষী নহয় কিজানি।
বিবেক-মোক অন্ধ বুলি ভাবিছ’ নেকি? মই প্ৰিয়াক্ষীক চিনি নাপাম? আজি ৰাতিপুৱা নিজ চকুৰে দেখি আহিছোঁ বে। পাভৈ বাগানৰ ফালৰ পৰা ডিজায়াৰ এখনত টাউনৰ ফালে গৈ আছিল।
গৌৰৱ-তাই কিবা অফিচৰ কামত তেজপুৰলৈ গৈছে। সেইফালে কিবা কাম ওলাল কিজানি। মই নাই যোৱা। মই গ’লে তোক ফোন নকৰিম নেকি?
হ’ব দে এতিয়া থওঁ, পিছত কল কৰিম, বাই।
গৌৰৱে বিবেকক আৰু একো কোৱাৰ সুযোগ নিদি কলটো কাটি দিলে।
এইবাৰ সি চকীখনৰ পৰা উঠি আহি বিছনাত শুই দিলেহি। তাৰ মূৰটোৱে কাম নকৰাৰ নিচিনা লাগিছে। কথাবোৰ ইটো পইণ্টৰ পৰা সিটো পইণ্টত যোৰা লগাব পৰা নাই। ক’ৰ পৰা আৰম্ভ হৈ ক’ত শেষ হৈছে ধৰিব পৰা নাই।
তাৰ উশাহ-নিশাহবোৰ ঘন হ’বলৈ ধৰিলে। বুকুখনৰ পৰা যেন উশাহবোৰ ঘূৰি আহিব বিচৰা নাই। তেনেদৰে পৰি পৰি সি কথাবোৰ নিজৰ চিন্তা শক্তিৰে যোৰা লগাবলৈ যত্ন কৰি থাকোঁতেই কেতিয়া টোপনি আহিল গমেই নাপালে।
এটা সময়ত গৌৰৱ খকমককৈ সাৰ পাই উঠি বহিল। উঠিয়েই দেখিলে যে, প্ৰিয়াক্ষীয়ে তাৰ বাহুত ধৰি ঘটালি আছিল। বিছনাখনত তাৰ কাষতে গোটেই কাগজখিনি। কপাল ভাল প্ৰিয়াক্ষীৰ চকুত নপৰিল। তাই ইহঁত দুটা ক’ত বুলি কাষৰ ৰুমটোলৈ সোমাই গ’ল। সিয়ো খৰধৰকৈ উঠি কাগজখিনি তাইৰ ড্ৰয়াৰত ভৰাই থৈ দিলে। প্ৰিয়াক্ষী কাষৰ ৰুমত লেপটপ চাই থকা ল’ৰা দুটাৰ লগত ব্যস্ত হৈ পৰিল।
গৌৰৱে ৰাতিৰ সাজ পেৰেডাইজৰ পৰা অৰ্ডাৰ কৰি দিলে। ৯ বজাত গোটেই কেইটা খোৱাৰ টেবুলত বহিল। ল’ৰা দুয়োটাকে সোনকালে খুৱাই শুবলৈ দিলে। সিহঁত টোপনি যোৱাৰ পিছত গৌৰৱ প্ৰিয়াক্ষীৰ ওচৰলৈ আহিল। আহিয়েই পোনপটীয়াকৈ কথা আৰম্ভ কৰিলে
গৌৰৱ-আজি অলপ দিনৰ পৰা তুমি কেৱল নিজকে বেছি সময় দিয়া যেন অনুভৱ হোৱা নাই নে?
প্ৰিয়াক্ষী-মানে?
গৌৰৱ-ঘণ্টাৰ পিছত ঘণ্টা সেই ৰুমটোৰ দৰজাখন বন্ধ কৰি সোমাই থাকা। কাৰণ সুধিলে কোৱা, কিতাপ এখন পঢ়ি আছিলোঁ বা ফোনত কথা পাতি আছিলোঁ। কিন্তু হঠাৎ এই অদ্ভুত পৰিবৰ্তন কিয়? ইমানকৈ লুকুৱাবলগীয়া কি কথানো হৈছে?
আৰু সকলোতকৈ ডাঙৰ কথাটো হ’ল, প্ৰিয়াক্ষী নামটোক লৈ তোমাৰ কি প্ৰব্লেম হৈছে?
প্ৰিয়াক্ষীৰ মুখৰ অভিব্যক্তিবোৰ প্ৰতিটো প্ৰশ্নৰ লগে লগে সলনি হৈছে। শেষৰ প্ৰশ্নটো শুনাৰ পিছত তাইৰ মেলা মুখখন মেল খায়েই থাকিল।
এইটো কি ধৰণৰ প্ৰশ্ন তায়ো যেন একো বুজি পোৱা নাই।
প্ৰিয়াক্ষী-প্ৰিয়াক্ষী নামটোৰ লগত প্ৰব্লেম মানে?
গৌৰৱ-প্ৰিয়াক্ষী নামটো সলাব কিয় বিচাৰিছা?
প্ৰিয়াক্ষী-তুমি কেনেকৈ গম পালা?
গৌৰৱ-মই সেই ফাইলটো পাইছিলোঁ। কিন্তু সেইবোৰ বাদ দিয়া, তুমি কাৰণটো কোৱা।
প্ৰিয়াক্ষী-কাৰণ তাইক মই নিবেদিতাৰ কবলৰ পৰা উদ্ধাৰ কৰি চিৰদিনৰ কাৰণে বহু দূৰলৈ আঁতৰাই পঠাব বিচাৰিছোঁ।
গৌৰৱ-তাইক মানে?
প্ৰিয়াক্ষী-অ’ আৎছা এতিয়া বুজিলোঁ।
তুমি সেইজনী প্ৰিয়াক্ষী মই বুলি ভাবি আছা।
কি যে হ’ব এই মানুহটোৰ।
কাগজখিনি এবাৰ ভালকৈ পঢ়ি চোৱাগৈ। প্ৰিয়াক্ষীৰ উপাধিটো, দেউতাকৰ নামটো, ঘৰৰ ঠিকনাটো এই সকলোবোৰ ভালকৈ আকৌ এবাৰ পঢ়ি চোৱা।
গৌৰৱ যেন বহু ওপৰৰ পৰা হঠাৎ তলত সৰি পৰিলে। সি দৌৰ মাৰি ড্ৰয়াৰৰ পৰা ফাইলটো উলিয়াই আনি একে উশাহতে এফিডেভিটখন পঢ়ি শেষ কৰি পেলালে আৰু তাৰপিছত লাজ লাজকৈ প্ৰিয়াক্ষীৰ ফালে চাই হাঁহি দিলে।
এইবাৰ প্ৰিয়াক্ষীয়ে তাক আৰম্ভণিৰ পৰা গোটেই কথাবোৰ ভাঙি-পাতি ক’লে, কেনেকৈ সেইজনী প্ৰিয়াক্ষীক লগ পালে, তাইৰ লগত কি কি কথা পাতিলে, তাইৰ বিষয়ে কি কি ভয়ংকৰ কথা গম পালে। এতিয়া প্ৰিয়াক্ষীয়ে কি কৰিব?
তাইক গাঁৱৰ ঘৰলৈ ঘূৰাই পঠাবনে?
নিবেদিতাৰ সৈতে বন্ধুত্বৰ সম্পৰ্কটো ভাঙিবনে?
কিছুদিনৰ ভিতৰতে প্ৰিয়াক্ষী দাসৰ নামটো হিমাদ্ৰী দাসলৈ সলনি হ’ল আৰু গৌৰৱৰ পৰামৰ্শমতে তাইক গাঁৱৰ ঘৰখনলৈ ঘূৰাই নপঠোৱাৰ সিদ্ধান্ত লোৱা হ’ল। কাৰণ তালৈ ঘূৰাই পঠালে হিমাদ্ৰী আকৌ নিবেদিতাৰ হাততে পৰিব।
বহু চিন্তা-চৰ্চাৰ শেষত হিমাদ্ৰীক “নাৰীশক্তি” নামৰ এন জি অ’টোৰ যোৰহাট শাখালৈ পঠিয়াই দিয়া হ’ল। কেইমাহমানৰ ভিতৰতে তাই সেই শাখাটোৰ সৰ্বেসৰ্বা হৈ পৰিলে। তাইক শাখা পৰিচালকৰ দায়িত্ব দিয়া হ’ল। আনকি তাইৰ উচ্চশিক্ষা লাভৰ যি দুৰ্বাৰ আকাংক্ষা আছিল সেয়াও তাতে পূৰ্ণ কৰিলে।
অৱশেষত এদিন তাই গম পালেগৈ যে নাৰীশক্তি নামৰ এই এন জি অ’টোৰ মূল মানুহগৰাকী হ’ল তাইৰ অতিকৈ মৰমৰ আৰু সন্মানৰ প্ৰিয়াক্ষী। যি তাইক এটা নতুন জীৱন দিলে। সেই মানুহৰূপী ভগৱান গৰাকীৰ প্ৰতি সন্মানত তাইৰ মূৰটো নিজে নিজে দোঁ খাই পৰিল, দুচকুৰে দুধাৰী চকুলো বৈ আহিল। হয়তো আগৰ জনমত কৰা কিবা পুণ্যৰ বলতহে তাই সেই দেৱীগৰাকীক লগ পাইছিল!
নহ’লে হয়তো আজি তাইৰ জীৱনতো বেলেগ দিশলৈ গতি কৰিলেহেঁতেন আৰু তাই অপকৰ্মৰে উন্নতি কৰাৰ বাবে কুখ্যাত হৈ পৰিলেহেঁতেন।

আজি হিমাদ্ৰীয়ে লিখা কিতাপ এখনৰ উন্মোচনী অনুষ্ঠান আছে।
কিতাপখনৰ নাম- “My Encounter with Insurance Clients-Mentally & Physically”
আৰু প্ৰকাশক প্ৰিয়াক্ষী, হয় গৌৰৱৰ প্ৰিয়াক্ষী।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!