প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা

লেখক- হামজা চৌধুৰী

পৃথিৱীত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱ হত্যা নকৰাকৈ কোনো জীৱই জীয়াই থাকিব নোৱাৰে। নিৰামিষহাৰীসকলেও জীৱ হত্যা কৰিয়েই জীৱাই থকাৰ স‍ংগ্ৰাম চলাই থাকিব লগীয়াত পৰে। কৃষকে পথাৰত খেতি কৰিবলৈ যেতিয়া হাল বাই চহ কৰে কিমান কোটি জীৱৰ যে প্ৰাণ যায়, তাৰ কোনো সীমা সংখ্যা নাই। সেইবুলি খেতিয়কে খেতি নকৰিলে নিৰামিষহাৰীসকলেও নাখাই নিগমে মৰিব লাগিব।
কিট পতংগই যেতিয়া খেতিত আক্ৰমণ কৰে তেতিয়া কিটনাশক ব্যৱহাৰ নকৰিলেচোন এটা সময় আহিব যে, কিট পতংগই মানুহক খোৱা আৰম্ভ কৰিব। দৈ-ক্ৰীম আদিত কোটি কোটি বেক্টেৰিয়া-ভেকুঁৰ থাকে, আমি সেই দৈ-ক্ৰীম খাঁওতে তাৰ হিচাপ কৰি নোখোৱাকৈ থাকো নেকি? আমাৰ বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ, অসুখ আদিত যে দৰৱ-ঔষধ খাওঁ সেই দৰৱ-ঔষধে বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া, ভেকুঁৰ আদি জীৱক হত্যা নকৰিলে আমিচোন সাধাৰণ বেমাৰ-আজাৰ, অসুখ আদিতে মৰি থাকিব লাগিব। আমাৰ দেহত হোৱা বিভিন্ন ঘাঁ, আঘাত আদিত লেউ-লেউ পোক হৈ চোন আমাৰ মৃত্যু পৰ্যন্ত হোৱাটো খাটাং হৈ পৰিব যদিহে আমি সেই পোকবোৰক মাৰি পেলোৱাৰ কোনো ব্যৱস্থা নকৰোঁ।
খোজকাঢ়ি যাওঁতে ভৰিৰ গছকত কিমান জীৱৰ মৃত্যু হয় কোন‌ নিৰামিষ ভোজীয়ে হিচাপ ৰাখিব পাৰিব বাৰু?
পৃথিৱী জুৰি থকা আমিষহাৰী মানুহৰ তুলনাত নিৰামিষহাৰী মানুহৰ কি কি পাৰ্থক্য থাকিব পাৰে বাৰু? পৃথিৱীৰ সকলো মানুহ নিৰামিষহাৰী হৈ গলেই পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা পৰিব নে? গতিকে, মূল সমস্যাটো আমিষ-নিৰামিষ নহয়, মূল সমস্যাটো হ’ল অপ্ৰয়োজনীয় হত্যা ৰোধ কৰাটো হে।
অনাহকত আৰু অপ্ৰয়োজনত জীৱ হত্যা কৰাটো কোনো সভ্য মানুহেই সমৰ্থন নকৰে; কিন্তু সেই বুলিয়েই জীৱ হত্যা নকৰাকৈ কোনেও জীয়াই থাকিব নোৱাৰে। কুকুৰৰ মাংস খাই ভাল পালোঁ বুলিয়েই বাটত ঘূৰি ফুৰা গৰাকীবিহীন কুকুৰবোৰক এফালৰ পৰা হত্যা কৰি খাই খাই শেষ কৰি দিলে বাৰু ভাল কথা হ’ব নে? ইতিমধ্যে পৃথিৱীৰ বুকুৰ পৰা বিভিন্ন কাৰণত বহু প্ৰজাতিৰ জীৱ বিলুপ্ত হৈছে আৰু এইদৰে অপৰিকল্পিতভাৱে হত্যা কৰি গৈ থাকিলে আৰু বহু প্ৰকাৰ জীৱৰ বিলুপ্তি ঘটিব এয়া নিশ্চিত। পৃথিৱীত এনেও মানুহৰ জনবিস্ফোৰণ ঘটিছে। বৃহৎ সংখ্যক মানুহে যদি উৎপাদন নকৰাকৈ মাছেই হওক বা মাংসই হওক কেৱল জীৱ হত্যা কৰি খায়েই থাকে তেন্তে এটা সময়ত মাছ বা মাংস দিয়া জন্তু পৃথিৱীৰ পৰাই বিলুপ্ত হৈ যাব পাৰে। বৰ্দ্ধিত জনসংখ্যাৰ বাবে খাল-বিল ক্ৰমাত কমি আহিছে, হাবি-জংঘলো ক্ৰমাত হ্ৰাস পাই আহিছে। গতিকেই, আমিষ মোদীসকলে হয় নিজেই মাছ বা ভক্ষণ কৰা জন্তু পোহ পাল কৰিব লাগিব নহয় অইন কোনোবা খেতিয়ক, মাছ পালক, পশু পালক, ব্যৱসায়িক গোষ্ঠী বা উদ্যোগে এইবোৰ উৎপাদন কৰিব লাগিব। উল্লেখযোগ্য যে পৰিকল্পিতভাৱে যদি মাছেই হওক বা মাংসৰ বাবে জীৱ জন্তুই হওক উৎপাদন কৰিব পৰা যায় তেন্তে মানুহে খাবলৈ যিমানখিনি প্ৰয়োজন হ’ব তাতকৈও অধিক মাছ আৰু জীৱ-জন্তু পৃথিৱীত থাকিব। তেতিয়া পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্যও ৰক্ষা পৰিব।
মানুহৰ সুখ-শান্তিৰ বাবেই সমস্ত পৰিকল্পনা। মানুহক মাৰি নিশ্চয় বাঘ-সিংহৰ খাদ্যৰ যোগান ধৰাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা নহয়। কিন্তু হিংস্ৰ জন্তু-জানোৱাৰ মাৰি হ’লেও মানৱজাতিক জীয়াই থকাৰ পৰিকল্পনা নিশ্চয় সকলোৱে কৰিব। সেইবাবেই হয়তো পৃথিৱীৰ বিভিন্ন দেশত বিশেষকৈ আফ্ৰিকা মহাদেশৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত প্ৰশাসন বা চৰকাৰে বিভিন্ন প্ৰজাতিৰ জনবিস্ফোৰণ ঘটা আৰু মানৱকুলৰ বাবেই সমস্যা সৃষ্টি কৰা বনৰীয়া জন্তু-জানোৱাৰক সামূহিকভাৱে হত্যা কৰাৰ ইতিহাস আছে। আমাৰ ইয়াতো বিভিন্ন অঞ্চলসমূহত বিভিন্ন সময়ত বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণ দিনে দিনে বৃদ্ধি পাই অহা খবৰ ওলায়েই থাকে। কোনোবা অঞ্চলত যদি হাতীৰ আক্ৰমণ আন কোনোবা অঞ্চলত হয়তো বান্দৰৰ উৎপাত। কিবা কাৰণত কেতিয়াবা যদি মানুহতকৈ হাতী বা বান্দৰৰ সংখ্যা বেছি হয়? মানুহ জীৱাই থাকিব নে হাতী বা বান্দৰ জীয়াই থাকিব?
হাবি-জংঘলত মাংস হাৰী জীৱ-জন্তু যেনে, বাঘ-সিংহ, ভালুক, কুকুৰ-শিয়াল ইত্যাদিয়ে জীৱ-জন্তু বধ কৰি, তাৰ মাংস খাইয়েই জীয়াই নাথাকিলে কিদৰে জীয়াই থাকিব?
জলাশয়, খাল-বিল, নদ-নদী, সাগৰ-মহাসাগৰ আদিৰ পানীত এবিধ জীৱই আন এবিধ জীৱক ভক্ষণ কৰিয়েই জীয়াই থাকিব লাগে। এইদৰেই পৃথিৱীৰ বুকুত অবিৰতভাৱে এবিধ জীৱই আন এবিধ জীৱক বধ কৰি জীয়াই থাকিয়েই এই ধৰাৰ ভাৰসাম্য ৰক্ষা কৰি আছে।
আমাৰ সন্মুখত মূল সমস্যাটো জীৱ হত্যা নহয়, সমস্যাটো হ’ল প্ৰয়োজনে-অপ্ৰয়োজনে জীৱ হত্যা কৰি পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাটো হে। অন্ধবিশ্বাস-কুসংস্কাৰৰ বলি হৈ অমানৱীয়ভাৱে জীৱ হত্যা, কুৰবানি আনকি নৰহত্যা, নৰবলি কৰাটো হে দোষণীয়। প্ৰয়োজন হওক বা নহওক মানুহে কেৱল যদি জীৱ হত্যাই কৰি থাকে কিন্তু সেই তুলনাত জীৱ সৃষ্টি বা লালন-পালন নকৰে তেন্তে পৃথিৱীত এনে এটা দিনো আহিব পাৰে য’ত বহু জীৱৰ অস্তিত্বই কমি যাব বা নাইকিয়া হৈ যাব পাৰে। আৰু তেতিয়া নিশ্চয় এই পৃথিৱীৰ প্ৰাকৃতিক যি ভাৰসাম্য সি বিনষ্ট হৈ পৰিব। পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হ’লে মানুহে সুস্থভাৱে জীৱাই থকাই মস্কিল হৈ পৰিব। এটা সময়ত পৃথিৱীৰ বুকুত দপ-দপাই থকা বৃহৎ বৃহৎ আকৃতিৰ জীৱ-জন্তু; যেনে বিভিন্ন ধৰণৰ ডাইনোচৰ আদি এই প্ৰাকৃতিক ভাৰসাম্যৰ তাৰতম্যৰ বাবেই হয়তো পৃথিৱীৰ পৰাই বিলুপ্ত হৈছিল।
উল্লেখযোগ্য কথাটো হ’ল, আমি যিহেতু জীৱ হত্যা নকৰাকৈ জীৱাই থকা সম্ভৱে নহয় গতিকে আমিষ-নিৰামিষ ধাৰণাতে সীমাবদ্ধ নাথাকি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ হ’কে হে চিন্তা-ভাবনা, পৰিকল্পনা কেন্দ্ৰীভূত কৰাটো বেছি প্ৰয়োজন। অন্ধবিশ্বাস-কুসংস্কাৰৰ চিকাৰ হৈ কোনো জীৱৰে হত্যা নোহোৱা এটা পৰিৱেশৰ সৃষ্টিৰ বাবে সজাগতা আমিয়েই আনিব লাগিব। উদাহৰণস্বৰূপে, মাছ সকলোৱে কেৱল খাইয়েই থাকিলে এটা সময়ত পৃথিৱীৰ পৰাই মাছ বিলুপ্ত হ’ব, গতিকে আমি মাছ উৎপাদন কৰিব পাৰিব লাগিব। ছাগলী, গৰু, গাহৰি, কুকুৰা আদি জীৱসমূহ খাই শেষ কৰাৰ আগতে সেই সমূহ জীৱৰ সৃষ্টি, লালন-পালন, ৰক্ষণাবেক্ষণ আদি বৈজ্ঞানিকভাৱে কৰিব লাগিব। তেতিয়াহে এই পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ’ব আৰু আমিও শান্তিৰে জীয়াই থকাৰ পৰিৱেশ পাম।
এই পৃথিৱীৰ ভাৰসাম্য আমিয়েই যদি ধ্বংস কৰোঁ তেন্তে অইন জীৱ-জন্তৰ লগতে আমিও ধ্বংসৰ মুখলৈ গতি কৰাটো নিশ্চিত। মানুহ হৈ আমি মানৱীয়তাক উৰ্ধ্বত তুলি নধৰিলে পশু-জানোৱাৰে নিশ্চয় সেই কাম নকৰে।
অপ্ৰয়োজনত আৰু অমানৱীয়ভাৱে কৰা জীৱ-হত্যা বন্ধ হওক!
অন্ধবিশ্বাসৰ বলি হৈ পশু বলি, কুৰবানি, নৰবলি দিয়া কু-প্ৰথাৰ অন্ত পৰক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!