আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস আৰু ইয়াৰ পালনৰ প্ৰাসংগিকতা

লেখক- চন্দামিতা শৰ্মা

‘‘আমি কন্যা তথা মহিলাসকলক প্ৰতিশ্ৰুতি সম্পন্ন বৈজ্ঞানিক গৱেষক তথা উদ্ভাৱক হিচাপে তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জন কৰিবলৈ উৎসাহ দিয়াৰ লগতে সমৰ্থন আগ বঢ়োৱা উচিত। ’’ – ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান, এণ্টনিঅ’ গুৱেট্টৰছ্।

যুগ-যুগ ধৰি হাজাৰ-হাজাৰ মানুহে কৰা নিৰীক্ষণ, পৰীক্ষা, যুক্তিমূলক চিন্তা আৰু বৌদ্ধিক প্ৰচেষ্টাৰ ফলস্বৰূপে লাভ কৰা জ্ঞান আৰু এই জ্ঞান আমাৰ মাজলৈ পৰম্পৰাগতভাৱে বোৱাই অনাৰ প্ৰক্ৰিয়াই হৈছে বিজ্ঞান।
দৈনন্দিন জীৱনত সাধাৰণ মানুহে কৰা সংগ্ৰাম আৰু সমাজ জীৱনৰ চাহিদা পূৰাবলৈ মানুহে কৰা নিৰীক্ষণ, পৰীক্ষা আৰু বৌদ্ধিক প্ৰচেষ্টাৰ ইতিহাসেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দেখা যায় যে বিজ্ঞানৰ ইতিহাসত নাৰীৰ স্থান আৰু অৱদান সামান্য নহয়। এই ক্ষেত্ৰত আমি অজস্ৰ উদাহৰণ দাঙি ধৰিব পাৰোঁ যদিও মাত্ৰ এটা উদাহৰণৰ সহায়তে ইয়াক সহজে বুজিব পাৰি।
অতীজৰে পৰা উদ্ভিদবিদ্যাৰ লগত নাৰীৰ সম্পৰ্ক আছিল; কাৰণ সন্তান পালন কৰাৰ উপৰি নাৰীয়েই আছিল ৰোগীৰ শুশ্ৰূষাকাৰী। বিশেষকৈ মহিলা সম্পৰ্কীয় ৰোগ সম্বন্ধে নাৰীসকলৰ কিছু পৰিমাণে হ’লেও জ্ঞান আছিল। সেয়েহে প্ৰতিখন দেশৰ প্ৰতিখন সমাজতে ধাত্ৰী দেখিবলৈ পোৱা যায়। কিছু কিছু দেশত আকৌ বেজিনীও দেখিবলৈ পোৱা যায়। বেজৰ চিকিৎসাৰ সৰহভাগেই জৰা-ফুকা আৰু অন্ধবিশ্বাসজনিত হ’লেও এনে লোকৰ বনৌষধি আৰু ৰোগ সম্বন্ধে যথেষ্ট জ্ঞান থাকে। আমাৰ আজো আইতা, আইতাৰ মাধ্যমৰে বিভিন্ন ধৰণৰ বনৌষধিৰ জ্ঞান আমাৰ মাজতো জীয়াই আছে আৰু বৰ্তমান ৰসায়ন বিজ্ঞানে বনৌষধিৰ বিষয়ে যথেষ্ট গৱেষণা চলাইছে। সেয়েহে ক’ব পাৰি যে চিকিৎসা আৰু উদ্ভিদ বিজ্ঞানৰ প্ৰতিও প্ৰাচীন কালৰ নাৰীৰ বৰঙণি আছে।
কিন্তু ইয়াৰ পাছতো বহুতো উদ্বেগজনক তথ্যই ইয়াৰ বিপৰীত চিত্ৰ এখনহে দাঙি ধৰে। যেনে—
১) চৈধ্যখন দেশত চলোৱা ক্ষেত্ৰভিত্তিক সমীক্ষা অনুসৰি বিজ্ঞানত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা কন্যাৰ সম্ভাৱিতাৰ হাৰ ক্ৰমান্বয়ে ১৮%, ৮%, আৰু ২% (ল’ৰাৰ ক্ষেত্ৰত এই হাৰ ক্ৰমে ৩৭%, ১৮%, আৰু ৬%)।
২)ইয়াৰ উপৰি সমীক্ষাই দেখুৱাইছে যে কেৱল ১২শতাংশ মহিলাহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানত কৰ্মৰত।
৩) গৱেষণাভিত্তিক ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকলে কমকৈ অনুদান লাভ কৰে আৰু সেয়েহে হয়তো প্ৰতি তিনিজন গৱেষকৰ ভিতৰত কেৱল এজনীহে মহিলা হয় অৰ্থাৎ শতাংশৰ হাৰ প্ৰায় ৩৩.৩৩%.।
৪)বৰ্তমান যুগত বিভিন্ন ক্ষেত্ৰত যেতিয়া অত্যন্ত কৰ্মকুশলীৰ সংখ্যা কমকৈ দেখা যায় তেনেস্থলত অভিযান্ত্ৰিক শিক্ষাগ্ৰহণ কৰা মহিলাৰ হাৰ মাত্ৰ ২৮% আৰু কম্পিউটাৰ বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিভাগত কেৱল ৪০%, যিটো অত্যন্ত উদ্বেগজনক।
৫) কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে কিছু নতুন বিষয়ত প্ৰতি পাঁচজন গৱেষকৰ ভিতৰত মহিলা মাত্ৰ এগৰাকী অৰ্থাৎ শতাংশৰ হাৰ ২০%।
আমি যদিও বিভিন্ন ধৰণৰ বিজ্ঞান বিষয়ক ক্ষেত্ৰত বৰ্তমান যুগত মহিলাৰ ঈৰ্ষণীয় অগ্ৰগতি দেখা পাও তথাপি কিন্তু এতিয়াও তথ্য প্ৰযুক্তি, চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান আদি ক্ষেত্ৰত মহিলাৰ যোগদান কম আৰু সেয়েহে বৰ্তমান সময়ত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। STEM অৰ্থাৎ science, technology, engineering and mathematics-ৰ পৃথিৱীত অতি লজ্জ্বাজনকভাৱে লিংগ বৈষম্যৰ চিত্ৰখন পৰিষ্কাৰ হৈ পৰিছে। বিগত বছৰসমূহত বিজ্ঞানৰ ক্ষেত্ৰখনৰ বহু উত্থান ঘটিছে যদিও আমি এনে এটা সমস্যাক সদায় আওকাণ কৰি আহিছোঁ যিটো বহু আগতেই সমাধান হ’ব লাগিছিল। লিংগ সমতা তেনে এটা স্পৰ্শকাতৰ সমস্যা— যি বিশ্বৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যোৱা পোন্ধৰ বছৰে সমগ্ৰ বিশ্বতে অধিক মহিলা আৰু কন্যাক বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগ বঢ়াই আনিবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যদিও ইয়াৰ ফলাফল সন্তোষজনক নহয়। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি, অধিক সংখ্যক কন্যাক বিজ্ঞান তথা আনুসঙ্গিক বিষয়সমূহৰ লগত জড়িত হৈ আগুৱাই আহিবলৈ উৎসাহ দিয়াৰ মানসেৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত এক সংকল্প (resolution) গ্ৰহণ কৰি ১১ ফেব্ৰুৱাৰী তাৰিখটো আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস (International Day of Women and Girls in Science) হিচাপে ঘোষণা কৰা হয়। তেতিয়াৰ পৰা, এই দিনটো “মহিলা আৰু ছোৱালীৰ বাবে বিজ্ঞানত সম্পূৰ্ণ আৰু সমান প্ৰৱেশ আৰু অংশগ্ৰহণ” প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে মহিলা আৰু ছোৱালীৰ বাবে বিজ্ঞানত অংশগ্ৰহণৰ সম্পূৰ্ণ আৰু সমান প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা। এই দিৱসৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলা আৰু ছোৱালীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰা হয়।
আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰয়ে উদযাপন কৰে। এই দিৱসৰ উপলক্ষে স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশেষকৈ সভা-সমিতি, আলোচনা চক্ৰ আদি মহিলা আৰু কন্যাসকলৰ বিজ্ঞানৰ ক্ষেত্ৰত অৱদানক মূল বিষয় হিচাপে অনুষ্ঠিত কৰা হয়। তদুপৰি বহনক্ষম ব্যৱস্থাপনাৰ উন্নয়নত, জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ল’ব লগা ব্যৱস্থাসমূহৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত, বিজ্ঞান বিষয়ক মানৱজাতিৰ কল্যাণকামী কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত পথপ্ৰৰ্দশক হিচাপে মহিলাসকলক আগুৱাই নিয়াত সহায়ক হোৱাটোও এই দিৱস পালন কৰাৰ প্ৰধান উদ্দেশ্য।
বিজ্ঞান ক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ কম তথা বিজ্ঞানত নেতৃত্ব প্ৰদানত লিংগ বৈষম্যৰ দৰে বিষয়সমূহ নতুন৷ বিজ্ঞান, প্ৰযুক্তি আৰু নতুন উদ্ভাৱন নীতি ক্ষেত্ৰত, এছটিআইপিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মহিলাসকলক উপযুক্তভাৱে গুৰুত্ব দিলেহে বিজ্ঞানৰ ধাৰাবাহিকতা আৰু আত্মনিৰ্ভৰতা বৰ্তী থাকিব। উদীয়মান মহিলা উদ্ভাৱকসকলৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থা, বয়সৰ বাধা, মহিলাসকলৰ নেতৃত্বত ষ্টাৰ্টআপত বিনিয়োগ, লিংগ বৈষম্য, সামগ্ৰিক নেতৃত্ব প্ৰদান, মহিলা উদ্যোগীৰ প্ৰয়োজনীয়তা ইত্যাদি ক্ষেত্ৰত প্ৰতিষ্ঠানগত সুযোগৰ অভাৱৰ দিশবোৰ সঠিক আৰু সম্পূৰ্ণ বিকাশ তথা কাৰ্যকৰী হ’ব লাগিব। বিজ্ঞান -প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিভিন্ন পৰিমণ্ডল, পৰিয়াল আৰু অভিভাৱকসকলৰ ভূমিকাও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
শিক্ষা ক্ষেত্ৰত বাধ্যতামূলক অৱস্থান, মহিলাসকলৰ ৩০ শতাংশ প্ৰতিনিধি, গৱেষণা আৰু প্ৰশাসনত জ্যেষ্ঠ মহিলা বিজ্ঞানীসকলৰ নেতৃত্ব ইত্যাদি বিষয়বোৰে যথাৰ্থ স্থান লাভ কৰিলেহে প্ৰকৃতাৰ্থত এই দিৱস পালন কৰাৰ সাৰ্থকতা থাকিব। উল্লেখযোগ্য যে ভাৰতবৰ্ষত বিজ্ঞান ভাৰতীয়ে মহিলাসকলৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় আন্দোলন হিচাপে ‘শক্তি’ নামেৰে এক পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ইয়াৰ অংগ হিচাপে দেশৰ ২২খন ৰাজ্যত স্বদেশী চিন্তাধাৰাৰ বিজ্ঞান আন্দোলন প্ৰসাৰ পৰ্যায়ক্ৰমে কৰি আছে। দ্বৈত নিয়োগ প্ৰক্ৰিয়া, কামৰ সময় আৰু অধিক সহজ কৰা, শিশুসকলক ৰখাৰ ডে কেয়াৰ চেণ্টাৰ, ‘অফিচ অৱ ইকুইটি এণ্ড ইনক্লুচন’ৰ এক অফিচ গঢ় দিয়াৰ জৰিয়তে মহিলাসকলৰ পেশাদাৰিত্বৰ উন্নয়নৰ উপযোগিতাৰ কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত মহিলা উদ্ভাৱক তথা গৱেষক আৰু মহিলা নেতৃত্বাধীন অৰ্থনীতিৰ সহায়ক এক নেটৱৰ্ক গঢ় দিয়া প্ৰয়োজন। এই সকলোবোৰ ৰূপায়ণৰ বাবে স্পষ্ট আৰু কঠোৰ ব্যৱস্থাপনা, এই নীতিসমূহৰ সংবেদনশীলতা আৰু তথ্যসমূহ সকলোকে জনোৱা, বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু সৰ্বোপৰি লিংগ বৈষম্য দূৰ কৰি কন্যা শিশুসকলক প্ৰাৰম্ভিক শিক্ষাৰ সময়ৰ পৰাই বিজ্ঞান বিষয়ৰ প্ৰতি মনোযোগিতা বঢ়াই তুলিবৰ বাবে কুচকাৱাজ আৰম্ভ কৰাৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেহে যথাৰ্থভাৱে এই দিৱস পালন কৰাৰ সাৰ্থকতা থাকিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!