সময়

লেখক- সিদ্ধাৰ্থ গৌতম দত্ত

সময় তেতিয়া সন্ধিয়া লাগি ভাগিছে। নতুনকৈ শিলগুটি দিয়া গাঁৱৰ মূল পথটোৰে এহাতে বজাৰৰ মোনাখন আৰু আনখন হাতত টৰ্চটো লৈ ভাইকণ খোজকাঢ়ি আহি আছে। কাৰোবাৰ ঘৰৰ টিভিত বাজি থকা সন্ধিয়াৰ বাতৰি ভাঁহি আহি ভাইকনৰ কাণত পৰিলহি। কিন্তু পিছমুহূৰ্ততে টিভিৰ শব্দক চেৰ পেলাই ক’ৰবাৰ পৰা ঢোলৰ মাত এটা ভাঁহি আহিল।
আজি কালি আৰু ঢোলৰ মাত শুনিলে তাৰ গা ৰাই জাই নকৰে। আজি-কালিনো ক’ত আৰু আগৰ বিহু আছে। বিহু বুলিলে আগৰ যি উচাহ আছিল, এতিয়া সেই উচাহ নাই। আগতে এনেকুৱা দিনত গাঁওখনৰ মানুহবোৰৰ ৰ’বলৈ সময় নাথাকে; চাৰিওফালে বাজি থকা ঢোল-পেঁপাৰ শব্দকো চেৰ পেলাই ঢেঁকীৰ আৰু তাঁতশালৰ শব্দ ভাঁহি আহিছিল। আজি কালিৰ ল’ৰা-ছোৱালীয়ে আক’ তাঁতশাল, ঢেঁকী এইবোৰ চিনিয়েই নাপাই। আনকি তাৰ নিজৰ ল’ৰা-ছোৱালীকেইটায়ে চিনি নাপায়।
: এইটো ভাইকন নহয় নে! দোকানৰ পৰা আহিলি হ’বলা?
নিজৰ ভাৱত বিভোৰ হৈ আহি থকা ভাইকন অনিলৰ মাতত উচপ খাই উঠিল।
: অ’ বজাৰ দুটামান কৰিলোঁ। কোনফালে যাৱ?
: জোঁৱাইটো আহিছে আজি। তাকে ঘৰৰে গাখীৰ অকন দি আহোঁগৈ, ৰাজধানীতনো ক’ত এনেকুৱা খাটি গাখীৰ খাবলৈ পাই।
নিজৰ কথাত নিজে ৰস পাই কথাষাৰ কৈ আনিলে এবাৰ শব্দ কৰি হাঁহিলে।
ভাইকণে কিবা কোৱাৰ আগতেই হঠাত খুব ব্যস্ত মানুহৰ দৰে আনিলে স্কুটাৰখন ষ্টাৰ্ট কৰিলে।
: তই গৈ থাক, মই আহোঁ।
কৈয়ে আনিলে স্কুটাৰখন চলাই দিলে। তাৰ স্কুটাৰখনৰ মাতটো নুশুনা হোৱালৈকে ভাইকণে এবাৰো পিছলৈ ঘূৰি নোচোৱাকৈ আগবাঢ়ি গৈ থাকিল। স্কুটাৰখনৰ মাতটো নুশুনা হোৱাৰ পাছত সি এবাৰ পিছলৈ ঘূৰি চালে। অনিলৰ স্কুটাৰখনৰ পিছফালৰ ৰঙা লাইটটো কিছু সময় ৰিণিকি ৰিণিকি জিলিকি থাকি এটা সময়ত কেঁকুৰিটোৰ ওচৰত একেবাৰে নেদেখা হৈ গ’ল।
অনিলৰ একমাত্ৰ ছোৱালীজনী যোৱাবাৰ ব’হাগৰ বিহুৰ পাছদিনাই কাষৰে গাঁওখনৰ ল’ৰা এটালৈ পলাই গৈছিল। ল’ৰাটোৱে দিল্লীত কিবা কোম্পানীত চাকৰি কৰে।
সেইকেইদিন অনিলৰ উৎপাতত ওচৰৰ মানুহ থাকিব নোৱাৰা হৈছিল। পুলিচ থানা, কৰ্ট কছাৰী ঘূৰিবলৈ বাকি নাই। দিনটো ঘূৰি পকি সন্ধিয়া ঘৰ সোমায়েই গাঁৱৰ মানুহে শুনাকৈ ঘৈণীয়েকক গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে।
পিছে কেইদিনমানৰ পিছতেই সব ঠিক হৈ গ’ল। এতিয়া জোঁৱাই ৰাজধানীত চাকৰি কৰে বুলি জহাব পৰাকৈ মিতিৰ হ’ল।
ঐ ভাইকণদা বগা চেঁউৰী এজনী দেখিছিলি নেকি বাৰু?
গাঁৱৰ চাৰিআলিটোতে ভাইকণে ৰাতুলক লগ পালে। হাতত পঘা এডাল লৈ গৰু বিচাৰি ফুৰিছে।
: এইফালে নাই দেখা মই। নামঘৰৰ পাছফালে আছে চাগে। তাতে চাগৈ।
ৰাতুলক তাতে এৰি ভাইকণ সোঁহাতে ঘূৰিল। এইখিনিৰ পৰা সিহঁতৰ ঘৰটো জিলিকিয়েই থাকে। সি খৰধৰকৈ আগবাঢ়িল। দেৰি হোৱা দেখি চাগে পদুমীয়ে ভোৰভোৰাই আছে।
ভাইকণে এবাৰ মনতে হিচাপ কৰি চালে, কাইলৈ থাকি পৰহিলৈ উৰুকা, তাৰ পাছদিনা গৰু বিহু।
গৰু বিহু বুলি ক’লেই তাৰ আগৰ কথাবোৰ মনত পৰে। আগতে গাঁওখনৰ প্ৰত্যেকৰে ঘৰত এগোহালি গৰু। আজি কালি গাঁৱত গৰু কেইটা আছে আঙুলিৰ মূৰত জুখিব পাৰি।
যোৱা বছৰলৈকে ভাইকণহতঁৰো গৰু এজনী আছিল। কিন্তু আজি কালি গৰু পোহাতো মহা সমস্যা হ’ল। গৰু উদঙ দিয়া দিনত বিশেষ চিন্তা কৰিবলগীয়া নাথাকে; কিন্তু বান্ধত ৰখা দিনকেইটাৰ কাৰণেহে চিন্তা। সেইকেইদিনৰ কাৰণে ঘাঁহ, খেৰ বিচৰাটো কমখন ঝামেলা নে। সেইকাৰণেই যোৱাবাৰ গৰুজনী বেছি দিলে।
বলধ গৰুনো শেষবাৰ তাৰ ঘৰত কেতিয়া বান্ধিছিল সি পাহৰিয়েই গ’ল। দেউতাক জীয়াই থাকোঁতেই এহাল বৰ ডাঙৰ মণিপুৰী গৰু আছিল। এটা বগা আনটো কজলা আছিল। সেই হালেই একেবাৰে লাষ্টৰ। সেইহাল বেচাৰ পাছৰ পৰা আৰু সি নাঙলৰ মুঠিত ধৰি পোৱা নাই। সেয়া তেৰ বছৰ মানৰ আগৰ কথা।
আজি ভালে কেইবছৰ সি খেতিও পতা নাই। আজিকালি খেতি পতা মানেই এটা সমস্যা চপাই লোৱা। হালোৱা, ৰোৱনী, দাৱানী বিচাৰি বিচাৰি হাইৰাণ হ’ব লাগিব। আধি দিলেও লোৱা মানুহ নাই। ল’লেও হাল বোৱাৰ পইচা দিয়া, সাৰ কিনিবলৈ পইচা দিয়া আদি ঢেৰ তাগিদা; তদুপৰি খেতি উঠাৰ পাছত ধান যি কেইটা দিবহি… তাতকৈ খেতি নকৰাই ভাল।
অৱশ্যে চৰকাৰী চাউলটো পাই থকাৰ কাৰণে চাউলৰ কাৰণে বিশেষ চিন্তা কৰিবলগীয়া নহয়।
এইবাৰ বিহু বুলিও ঘৰৰ চাউল কেইটামান নাই। অৱশ্যে সিদিনা ককায়েকৰ ঘৰৰ পৰা চাউল দুটামান দিছিল।
: দাদাহতঁৰ ঘৰৰ পৰা চাউল দিছে চাওক। এইকেইটা চাউল নিদিয়া হ’লেও হ’লহেতেঁল আই… আপোনাৰ নবৌয়েৰাৰ যে আকালটো নমৰিব আৰু। দৰমহাৰ টকাগাল পায়েই, তদুপৰি খেতিও ইমান ডাঙকৈ পাতে, তথাপি চাউল দিছে এইকেইটা।
ককায়েকৰ ঘৰৰ পৰা দিয়া চাউলখিনি খৰাহী এটাত বাকি সেইদিনা পদুমীয়ে কৈছিল।
: অ’ দেতা… কি হ’ল থৰ লাগি ৰৈ আছ যে! ভিতৰলৈ আহ আক’।
সৰুজনী জীয়েকৰ মাতত ভাইকণৰ সম্বিত ঘূৰি আহিল। জপনাখন জপাবলৈ লৈ সি কিমান দেৰি পদূলিতে ৰৈ আছিল ঠিক নাই।
ভাইকণ ভিতৰলৈ সোমাই গ’ল। সোণটি তেতিয়াও ঘৰ পোৱাহি নাই।
বিহু বুলি সোণটিৰহে গাত তত নোহোৱা হৈছে। আবেলি ৩ বাজিবলৈ পালে কি নাপালে চিধাই ক্লাবঘৰ পাবগৈ।
ক্লাবঘৰত এইকেইদিন বিহুৰ ৰিহাৰ্ছল চলি আছে। এয়া পিছে ঘৰে ঘৰে হুঁচৰি গাবলৈ কৰা আখৰা নহয়। বিহুৰ প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ কৰা আখৰা।
: আজি কালি ঢুলীয়াই এইবোৰ কি চাপৰ বজাই জানো! আমাৰ দিনৰ চাপৰ এটা বজাবলৈ হ’লে আজিকালিৰ নাচনীয়ে ভেবা লাগি চাই থাকিব।
সিদিনা দুপৰীয়া ভাত খাই থাকোঁতে কথা প্ৰসংগত ভাইকণে নিজকে কোৱাৰ দৰে কৈছিল।
: আৰু আজিকালিৰ ঢোলৰ চাপৰ এটা বজালে, তহঁতৰ দিনৰ নাচনীয়ে ভেবা লাগি চাই থাকিব।
সোণটিৰ উত্তৰটো শুনি সেইদিনা ভাইকণে ক’বলৈ একো বিচাৰি পোৱা নাছিল।
: দেতা কাইলৈ যাম আক’ দেই। আৰু এইবাৰ শ্বপিং মল এখনত বজাৰ কৰিম। আৰু বজাৰ কৰি হোৱাৰ পাছত আমি চাৰিওটাই ধুনীয়া হোটেল এখনত কিবা খাম। জীয়েকৰ মাতত খাই থকা চাহটোপা গিলিব খুজিও এক মুহূৰ্তৰ বাবে ভাইকন ৰৈ গ’ল।
তাই কেইবাদিনৰ পৰাই বিহু বুলি বজাৰলৈ যাওঁ যাওঁ কৰি আছে। পদুমীৰো মন নথকা নহয়। পিছে আজিকালি বিহুৰ বজাৰ বুলি ক’লেই দেখোন তাৰ ভয় লাগে। তাহানি ভাইকণৰ মাকে প্ৰয়োজনীয় প্ৰায়বোৰ কাপোৰ ঘৰতে বৈছিল। কাপোৰ কিনাৰ কথা বহুদিনলৈ সিহঁতে গ’মেই পোৱা নাছিল। আজিকালি আৰু ক’ত সেই দিন আছে। বিহু বুলি টাউনৰ দোকানীক টকা এগাল নিদিলে চোন বিহুৱেই নহয়।
: যাম দে। কি কিন কিনিবি।
জীয়েকক তেনেকৈয়ে কৈ থলে যদিও। ভাইকণৰ মনটো কিবা যেন লাগিল। ৰঙালী বিহুটোও তাৰ এইবাৰ কঙালী যেন লাগিছে।
এসময়ত ভাইকণ মিস্ত্ৰী বুলি গোটেই অঞ্চলটোতে তাৰ নাম আছিল। তাৰ দৰে চোকা কাঠমিস্ত্ৰী এজন সেইটো অঞ্চলতে নহয়, আশে পাশে বহুকেইটা অঞ্চলতো পাবলৈ নাছিল। এতিয়া সেইবোৰ দিন নাই। আজিকালি নতুন নতুন ঢেৰ মিস্ত্ৰী হ’ল। ফাৰ্নিচাৰৰ ডিজাইনবোৰো সলনি হ’ল। আজিকালি আৰু আগৰ দৰে মানুহে তাক নিবিচাৰে। আগতে কিমানৰ দুৱাৰ, খিৰিকী, কেছী পাৰ্লিঙ, পালেং, টেবুল বনালে।
আজিকালি সি কাম নোপোৱাই হ’ল। সৰু সুৰা দুই এটা কামহে মাজে মাজে ওলাই। তাৰে কোনোমতে চলিবলৈ হয় হে। ইফালে ল’ৰা -ছোৱালী কেইটা যিমানে ডাঙৰ হৈ আহিছে তাৰ চিন্তা বাঢ়ি আহিছে।
সোণটিয়ে এইবাৰ হায়াৰ চেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিছে, পাছ কৰিলেই, আকৌ তাক পঢ়ুৱাৰ চিন্তা। ইফালে অহা বেলি জীয়েকেও মেট্ৰিক দিব।
তাতে এই বিহুৰ বতৰটো তাৰ হাতত কাম নাই।
তথাপি বছৰেকৰ বিহুটোত কাপোৰ এসাজ নল’লে জানো হ’ব! বহাগত গছেও পাত সলাই; অন্ততঃ ল’ৰা-ছোৱালী কেইটাকটো কিবা এটা দিব লাগিব। কিন্তু দিয়ে কেনেকৈ।
গৰুজনী বেচি পোৱা পইছাকেইটা গাঁৱলীয়া বেংকটোতে জমা কৰি থৈছিল। আৰু দুটকামান গোট খালে, পাকঘৰটো নতুনকৈ বনোৱা কথা আছিল। কিন্তু নহ’বগৈ চাগে। আজি তাৰে কেটকামান উলিয়াই আনিলে, এইখিনিৰে বিহুটো জোৰা মৰে বা নমৰে?
(২)
শ্বপিং মলখনত পইচা দিবৰ সময়ত ভাইকণৰ বুকুখন হমহমাই গ’ল। বৰষুণ দিলেই পানী পৰা পাকঘৰটোৰ ছবিখন তাৰ চকুৰ আগত ভঁহি উঠিল।
কিন্তু পিছমুহূৰ্তে জীয়েকৰ মুখখন দেখি তাৰ বুকুখন পাতল পাতল লাগিল।
হওক তেওঁ, মানুহজনী আৰু ল’ৰা- ছোৱালীকেইটাই মন পছন্দৰ কাপোৰ এসাঁজ পালে। পইছানো কি হাতৰ মলি হে, আজি নাই, কাইলৈ আকৌ আহিব।
ভাইকণে নিজৰ মনটোক বুজালে।
কাইলৈ উৰুকা বাবে, বজাৰত আজি যথেষ্ট ভিৰ।
বজাৰ কৰি শেষ হোৱাৰ পাছত, সিহঁতৰ গাঁৱৰফালে যোৱা বাছ এখনত চাৰিওটা যেনে তেনে উঠিলহি। পদুমী আৰু জীয়েক, দুয়োজনীৰে হাতত দুটা কাপোৰৰ বেগ। সোণটিৰ হাতত তাৰ নতুন ঘড়ীটোৰ সৰু কাগজৰ বেগটো।
বাছখনত ছিট খালি নায়েই। তথাপিও মানুহ উঠায়েই আছে। পদুমী আৰু জীয়েকক বহুৱাৰ পাছত, বাছখনৰ একেবাৰে শেষৰ ছিটটো খালি দেখি ভাইকণে সোণটিক বহিবলৈ ক’লে। কিন্তু সোণটি নবহিল। মাক আৰু ভনীয়েক বহি থকা ছিটটোৰ ওচৰত থিয় হৈ এখন হাতেৰে বাছখনৰ ওপৰৰ লোহাডালত ধৰি সি ক’লে,
: তই বহ মই থিয় হৈ যাম।
ভাইকণে একো নক’লে। সি গৈ ছিটটোত বহি ল’লে।
খিৰিকীৰ কাষৰ ছিট।
বহিয়েই সি খিৰিকীখন খুলি দিলে। বাছখন চলিবলৈ আৰম্ভ কৰাৰ লগে লগে এছাটি বতাহ আহি তাৰ মুখত লাগিল।
তাৰ মনটো কেনেবা কেনেবা লাগিল। বিহু বুলি যি অকণমান উচাহ আছিল, সেয়াও নাইকীয়া হৈ গ’ল।
সিদিনা সোণটিয়ে ঠিকেই কৈছিল, আজিকালিৰ ঢোলৰ চাপৰত সিহঁতে নাচিব নোৱাৰে। কিন্তু ঢোলৰ চাপৰবোৰ কোনে সলনি কৰিলে?
ভাইকণৰ চকুৰ আগত শ্বপিং মলখনৰ ধুনীয়া ধুনীয়া কাপোৰবোৰ, মাকৰ সেই তাঁতশালখন, তাহানিৰ গৰু বিহুৰ স্মৃতিবোৰ, আগতে সি হাল বোৱা মণিপুৰী গৰুহাল, কণ্ট্ৰলৰ দোকানত চৰকাৰী চাউলৰ বাবে শাৰী পাতি থকা মুহূৰ্তবোৰে অগা দেৱা কৰিবলৈ ধৰিলে।
সি চকুদুটা মুদি ছিটটোত নিজৰ গাটো এৰি দিলে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!