কুশ্ৰীতা

লেখক- ছাদাত হাছান মণ্টো

মূল গল্পঃ বদচুৰতী
মূল-ছাদাত হাছান মণ্টো
অনুবাদ-কলচুম বিবি

ছাজিদা আৰু হামিদা দুয়ো বাই-ভনী। ছাজিদা সৰু আৰু হামিদা ডাঙৰ। ছাজিদা দেখিবলৈ ধুনীয়া।
সিহঁতৰ মাক-দেউতাকৰ সমুখত এটা বৰ কঠিন সমস্যা আছিল যে ছাজিদাৰ কাৰণে সম্বন্ধ আহে, কিন্তু হামিদাৰ ক্ষেত্ৰত কোনেও কথা নাপাতে। ছাজিদা দেখিবলৈ ধুনীয়া আছিল, লগতে ধুনীয়াকৈ সাজি-কাচি থাকিবলৈ জানিছিল।
তাইৰ তুলনাত হামিদা বৰ সহজ-সৰল আছিল। তাই দেখিবলৈও আকৰ্ষণীয় নাছিল। ছাজিদা বৰ চঞ্চল আছিল। দুয়ো যেতিয়া কলেজত পঢ়িছিল তেতিয়া ছাজিদাই নাটকত ভাগ লৈছিল। তাইৰ কণ্ঠও ভাল আছিল, গাব জানিছিল। হামিদাৰ কোনেও খবৰে নলৈছিল।
কলেজৰ পঢ়া যেতিয়া সমাপ্ত হ’ল তেতিয়া সিহঁতৰ মাক-দেউতাকে সিহঁতৰ বিয়াৰ কথা ভাবিবলৈ ধৰিলে। ছাজিদাৰ কাৰণে কেইবাটাও সম্বন্ধ আহিছিল, কিন্তু হামিদা ডাঙৰ আছিল সেইকাৰণে তেওঁলোকে বিচাৰিছিল যে আগতে হামিদাৰ হওক।
সেই সময়তে ছাজিদাৰ এজন ধুনীয়া ল’ৰাৰ সৈতে চিঠি-পত্ৰৰ আদান-প্ৰদান আৰম্ভ হ’ল, যিজনে তাইক বহুত দিনৰ পৰা ভাল পাই আছিল। এই ল’ৰাজন ধনী ঘৰৰ আছিল। এম. এ. কৰিছিল আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আমেৰিকালৈ যোৱাৰ প্ৰস্তুতি চলাই আছিল। তাৰ মাক-বাপেকে তাৰ বিয়া পাতিব বিচাৰিছিল যাতে সি তাৰ পত্নীকো লগতে লৈ যাব পাৰে।

হামিদাই গম পাইছিল যে তাইৰ সৰু ভনীয়েকক সেই ল’ৰাজনে অসম্ভৱধৰণে ভাল পায়। এদিনাখন ছাজিদাই যেতিয়া তাইক সেই ল’ৰাজনৰ প্ৰেমভৰা চিঠিখন দেখুৱালে তেতিয়া তাই মনটো খুবেই তিক্ত হৈ পৰিল, কাৰণ তাইৰ কোনো ভালপোৱা নাছিল।
তাই সেই চিঠিখনৰ প্ৰতিটো শব্দই বাৰে বাৰে পঢ়িলে আৰু তাইৰ এনেকুৱা অনুভৱ হ’ল যে তাইৰ বুকুত কিবাই হনা-খোঁচা কৰি আছে, যদিও সেই যন্ত্ৰণাতো এক বেলেগ ধৰণৰ সোৱাদ অনুভৱ কৰিলে, কিন্তু তাই নিজৰ ভনীয়েকক বকিবলৈ ধৰিলে, “তোমাৰ লাজ নালাগে, পৰ পুৰুষৰ সৈতে চিঠিৰ আদান-প্ৰদান কৰিবলৈ।”
ছাজিদাই ক’লে, “বাইদেউ, ইয়াতেনো কি বেয়া দেখিলা?”
-“বেয়া— একেবাৰে বেয়া। ভাল ঘৰৰ ছোৱালীয়ে কেতিয়াও এনেকুৱা অভদ্ৰ কাম নকৰে৷ তুমি সেই হামিদ নামৰ ল’ৰাজনক ভালপোৱা?”
-“অ’।”
-“ধিক্কাৰ দিলোঁ তোমাক।”
ছাদিজাই খঙেৰে ক’লে, “চোৱা বাইদেউ, মোক এনেকৈ নক’বা— প্ৰেম কৰা দূষণীয় কাম নহয়।”
হামিদা চিঞৰি উঠিল, “প্ৰেম, প্ৰেম— আচলতে এয়া কেনে ধৰণৰ বাজে কথা?”
ছাজিদাই কটাক্ষ কৰি ক’লে, “যি আপোনাৰ ভাগ্যত নাই।”
হামিদাই কি কব একো ভাবিয়েই নাপালে। অকাৰণে উঠা খঙটোৰ বাবে তাই সৰু ভনীয়েকৰ গালত জোৰেৰে চৰিয়াই দিলে; ইয়াৰ পিছত দুয়োৰে জোঁটা-পোটা লাগিল।
বহু দেৰিলৈকে দুয়োৰে মাৰপিট চলিল। হামিদাই তাইক এইবুলি কৈ থাকিল যে তাই এজন অচিনাকি পুৰুষৰ সৈতে প্ৰেম পীৰিতি চলাই আছে আৰু ছাজিদাই এইবুলি কৈ থাকিল যে তাই ঈৰ্ষা হৈছে কাৰণ তাইৰ ফালে কোনো পুৰুষে চকু তুলি নাচায়।
হামিদাৰ দেহাৰ জোৰ তাইৰ সৰু ভনীয়েকৰ তুলনাত যথেষ্ট শক্তিশালী আছিল, ইয়াৰ বাহিৰেও তাই ঈৰ্ষান্বিত আছিল যিয়ে তাইৰ ভিতৰখনতো সামৰ্থ্যৰ সৃষ্টি কৰিছিল৷ তাই ছাজিদাক খুব পিটিলে। তাইৰ গালত ওলমি থকা ঘন চুলিটাৰিৰ কেইবাডালো চুলি টানি ছিঙিলে আৰু নিজে ফোঁপাই-জোপাই নিজৰ কোঠালৈ গৈ কান্দিবলৈ ধৰিলে।
ছাজিদাই ঘৰত এই ঘটনাৰ বিষয়ে একো নক’লে— হামিদাই গধূলিলৈকে কান্দি থাকিল। অলেখ ভাবনাই তাইৰ মন-মগজুত তোলপাৰ লগাবলৈ ধৰিলে। তাই লজ্জিত আছিল, কিয়নো তাইক যে কোনেও ভাল নাপায় কেৱল এই কাৰণেই তাই তাইৰ কোমল মনৰ ভনীয়েকক পিটিলে।
তাই ছাজিদাৰ কোঠালৈ গ’ল। দৰ্জাত টুকুৰিয়াই ক’লে, “ছাজিদা!”
ছাজিদাই একো নামাতিলে।
হামিদাই পুনৰ জোৰেৰে ধক্‌ধকালে আৰু কান্দোন মিহলি মাতেৰে ক’লে, “ছাজী মই ক্ষমা খুজিবলৈ আহিছোঁ— দুৱাৰ খুলি দিয়া।”
হামিদাই দহ-পোন্ধৰ মিনিটলৈকে দুৱাৰমুখত সজল নয়নেৰে ৰৈ থাকিল, তাইৰ ভনীয়েকে দৰ্জা খুলিব বুলি তাইৰ বিশ্বাস নাছিল, কিন্তু খুলিলে।
ছাজিদা বাহিৰলৈ আহিল আৰু তাইৰ ডাঙৰ ভনীয়েকক সাৱটি ধৰি ক’লে, “কি হ’ল বাইদেউ— আপুনি কান্দিছে কিয়?”
হামিদাৰ দুচকুৰ পৰা টপ্‌টপ্‌কৈ চকুলো সৰিবলৈ ধৰিলে, “মই বৰ দুঃখিত আজি তোমাৰ লগত মিছাতে কাজিয়া কৰিলোঁ।”
-“বাইদেউ, মই বৰ লজ্জিত যে মই আপোনাৰ বাবে এনেকুৱা কথা কৈ দিলোঁ যি মই কোৱা উচিত নাছিল।”
-“তুমি ভালে কৰিলা ছাজিদা— মই জানো যে মই দেখিবলৈ একেবাৰে আকৰ্ষণীয় নহয়, খোদাই তোমাক সদায় ধুনীয়া কৰি ৰাখক।”
-“বাইদেউ, মই একেবাৰে ধুনীয়া নহয়। যদি মোৰ তাত কিবা সৌন্দৰ্য আছে মই দোৱা কৰিছোঁ যে খোদাই সেয়া নাইকিয়া কৰি দিয়ক- মই আপোনাৰ ভনী৷ যদি আপুনি আদেশ দিয়ে মই মোৰ মুখত তেজাব ঢালিবলৈও সাজু আছোঁ।”
-“কিনো বাজে কথাবোৰ কোৱা— বিকৃত মুখখনেৰে সৈতে হামিদে তোমাক গ্ৰহণ কৰিব নে?”
-“মোৰ বিশ্বাস আছে বাইদেউ।”
-“কি কথাত?”
-“সি মোক ইমানেই ভালপায় যে যদি মই মৰিও যাওঁ তেতিয়া সি মোৰ শৱদেহটোক বিয়া কৰাবলৈ সাজু হ’ব।”
-“এয়া মিছা কথা।”
-“হ’ব পাৰে— কিন্তু মোৰ তাৰ ওপৰত বিশ্বাস আছে৷ আপুনি তাৰ সকলোবোৰ চিঠি পঢ়ি আছে, সেইবোৰৰ পৰা আপুনি একো গম পোৱা নাই নে যে সি মোক কি কি কথা দিছে।”
-“ছাজী— ” এইবুলি কৈ হামিদা ৰৈ গ’ল। ক্ষন্তেক পিছত কঁপা কঁপা মাতেৰে ক’লে, “মই কথা দিয়া, শপত খোৱা এইবোৰৰ বিষয়ে একো নাজানো”, এইবুলি কান্দিবলৈ ধৰিলে।
তাইৰ সৰু ভনীয়েকে তাইক সাৱটি ধৰিলে। তাইক মৰম কৰিলে আৰু ক’লে, “বাইদেউ আপুনি যদি ইচ্ছা কৰে মোৰ জীৱনটো সুন্দৰ কৰিব পাৰে।”
-“কেনেকৈ?”
-“মই হামিদক ভালপাওঁ— মই তাক কথা দিছোঁ যে যদি মোৰ যদি কাৰোবাৰ লগত বিয়া হয় তেন্তে তোমাৰ লগতে হ’ব।”
-“তুমি মোৰ পৰা কি বিচাৰিছা?”
-“আপুনি এই সম্পৰ্কত মোক সহায় কৰাটো বিচাৰিছোঁ। যদি তাৰ পৰা খবৰ আহে তেন্তে আপুনি তাৰ হৈ আলোচনা কৰিব— আব্বা-আম্মাই আপোনাৰ প্ৰতিটো কথা শুনে।”
-“ইনচাআল্লাহ মই তোমাক হতাশ নকৰোঁ।”

ছাজিদাৰ বিয়া হৈ গ’ল, যদিও তাইৰ মাক-বাপেকে প্ৰথমে হামিদাৰ বিয়া পাতিবলৈ বিচাৰিছিল— কি কৰিব, বাধ্যবাধকতা আছিল। ছাজিদা নিজৰ ঘৰত সুখী আছিল। তাই তাইৰ ডাঙৰ ভনীয়েকক বিয়াৰ পিছদিনাখন চিঠি লিখিলে, যাৰ বিষয় এই ধৰণৰ আছিল— ”মই বৰ সুখী, হামিদে মোক অসম্ভৱ ধৰণে ভাল পায়। বাইদেউ, প্ৰেম-ভালপোৱা বৰ বিচিত্ৰ বস্তু৷ মই বহুত ভাগ্যৱান। মই জীৱনৰ সঁচা অৰ্থ এতিয়াহে বুজি পাইছোঁ বুলি অনুভৱ কৰিছোঁ৷ খোদাই আপোনাকো এইধৰণৰ সৌভাগ্যৰে সুখী কৰক৷”

ইয়াৰ বাহিৰেও আৰু বহুত ধৰণৰ কথাই সেই চিঠিখনত আছিল যি এজনী ভনীয়েকে আন এজনী ভনীয়েকক লিখিব পাৰে।
হামিদাই এই প্ৰথমখন চিঠি পঢ়িলে আৰু বহুত কান্দিলে। তাইৰ এনে অনুভৱ হ’ল যে তাইৰ প্ৰতিটো শব্দ যেন এটা হাতুৰী যিয়ে তাইৰ বুকুত কোব মাৰি আছিল।
ইয়াৰ পিছত তাইলৈ আৰু চিঠি আহিছিল, যিবোৰ পঢ়ি পঢ়ি তাইৰ বুকুখন বিন্ধিবলৈ ধৰিলে। কান্দি কান্দি তাইৰ অৱস্থা কাহিল হৈ গৈছিল।
তাই কেইবাবাৰো চেষ্টা কৰিছিল বাটেৰে গৈ থকা কোনো ডেকা ল’ৰাই তাইৰ প্ৰতি আকৰ্ষিত হওক, কিন্তু সফল নহ’ল।
এই সময়ছোৱাৰ ভিতৰত তাই এজন বয়সীয়া ব্যক্তি পাইছিল। বাছত দেখাদেখি হৈছিল। তেওঁ তাইৰ লগত সম্বন্ধ কৰিবলৈ বিচাৰিছিল, কিন্তু হামিদাই তেওঁক পচন্দ নকৰিলে। তেওঁ বৰ কুৎসিত আছিল।
দুবছৰ পিছত তাইৰ ভনীয়েক ছাজিদাৰ চিঠি আহিল যে তাই আৰু তাইৰ গৃহস্থ ঘৰলৈ আহি আছে।
সিহঁত আহিল। হামিদাই বৰ আন্তৰিকতাৰে সিহঁতক আদৰিলে। ছাজিদাৰ গৃহস্থ নিজৰ ব্যৱসায়ৰ সংক্ৰান্তত এক সপ্তাহলৈ থাকিব লগা হৈছিল।
ছাজিদাক লগ পাই তাইৰ ভনীয়েকৰ খুব ভাল লাগিল— হামিদেও বৰ আন্তৰিকতা দেখুৱালে। তাই তাৰ ব্যৱহাৰত মুগ্ধ হ’ল।
তাই ঘৰত অকলে আছিল, কাৰণ তাইৰ মাক-বাপেক কিবা কামত সৰগোধা গুছি গৈছিল। গৰমৰ দিন আছিল। হামিদাই চাকৰবোৰক হলত বিছনা কৰিবলৈ আৰু ডাঙৰ ফেন এখন লগাই দিবলৈ ক’লে।
সকলোবোৰেই হ’ল— কিন্তু হ’ল কি ছাজিদাই কিবা প্ৰয়োজনত ওপৰৰ কোঠালৈ গ’ল আৰু দেৰিলৈকে তাতে থাকিল। হামিদে কিবা এটা ভাবি লৈছিল। তন্দ্ৰালু দুচকু। উঠি ছাজিদাৰ ওচৰলৈ গ’ল আৰু তাইৰ লগত বাগৰ দিলে— কিন্তু সি বুজি নাপালে যে তাইক পৰৰ দৰে কিয় লাগিছে। কিয়নো প্ৰথমে তাই তাক বৰকৈ উপেক্ষা কৰি আছিল, শেষত যেনিবা সেয়া ঠিক হৈ গ’ল।

ৰাতিপুৱাই দুয়ো ভনীয়েকৰ মাজত দুৰ্বাদল কাজিয়া হয়, হামিদো তাৰে অংশীদাৰ হৈ পৰে। সি গৰমে গৰমে ক’লে, “তোমাৰ ভনী, মোৰো ভনী– তুমি কিয় মোক সন্দেহ কৰিছা?”
হামিদে পিছদিনাখন তাৰ ঘৈণীয়েকক তালাক দিলে আৰু দুই তিনিমাহ পিছত হামিদাক বিয়া কৰালে৷ সি তাৰ এজন বন্ধুক যিজনে সেই লৈ আপত্তি কৰিছিল মাত্ৰ ইয়াকেই ক’লে, “সৌন্দৰ্যত নিঃস্বাৰ্থ হোৱা অসম্ভৱ; কুশ্ৰীতা সদায় স্বাৰ্থহীন হয়।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!