নুবুজা সাঁথৰ
লেখক- ডাঃ সুৰজিত গিৰি
“আপোনাৰ আঙুলিটো কাটিব লাগিব। নহ’লে গোটেই হাতখনত বিয়পি পৰিব। তেতিয়া আপোনাৰ বিপদ হব।”
তেওঁৰ কান্ধত হাতখন থৈ কথাখিনি কওঁ নকওঁ কৈ বুজাই ক’লোঁ। মোৰ কথাখিনি শুনি তেওঁ মোলৈ থৰ লাগি চাই থাকিল।
সৰ্প দংশনৰ চিকিৎসা কৰাৰ সমান্তৰালভাৱে ২০২১-২০২২ বৰ্ষত আমি প্ৰায়ে এনে কিছু ৰোগী পাইছিলোঁ, যাৰ প্ৰাৰম্ভিক লক্ষণবোৰ বিষাক্ত সাপৰ দংশনৰ দৰে আছিল, কিন্তু কালক্ৰমত সৰ্প দংশন বুলি প্ৰমাণিত হোৱা নাছিল। কিবা এটাই কামোৰাৰ পাছত অত্যন্ত বিষ হৈছিল আৰু দংশন অংশটো ফুলি যোৱাৰ কাৰণে, সম্ভাব্য সৰ্প দংশন বুলি ভাবি বহু ৰোগী তৎক্ষণাত ডিমৌ হস্পিটেললৈ আহি ভৰ্তি হৈছিল। আমি প্ৰাৰম্ভিক অৱস্থাত পিট ভাইপাৰ বা সম্ভাব্য ফেঁটী সাপৰ দংশন বুলি ভাবি মেগনেছিয়াম ছালফেটৰ (MgSO4)ৰ ড্ৰেছিঙৰ লগতে আনুষংগিক দৰৱ আদি প্ৰয়োগ কৰি চিকিৎসা কৰিছিলোঁ। কেতিয়াবা এটা, কেতিয়াবা দুটা দাঁত আমি প্ৰত্যক্ষ কৰিছিলোঁ।
এনে ৰোগীক সাপৰ বিহৰ এণ্টিভেনম আদি নিদিয়াকৈ পৰ্যবক্ষণত ৰখা হৈছিল। এনে ৰোগীৰ তেজৰ পৰীক্ষা-নিৰীক্ষাবোৰও প্ৰায়ে স্বাভাৱিক থাকে। এদিন-দুদিনৰ চিকিৎসাত তেওঁলোক সম্পূৰ্ণ ভাল হৈ ঘৰলৈ যায়গৈ, কিন্তু আমাৰ মনত সদায় প্ৰশ্ন এটা এৰি থৈ গৈছিল। ৰোগীক কিহে দংশন কৰিছিল? বিষাক্ত সাপৰ দংশনৰ দৰে স্পষ্ট দুটা দাগ, অত্যন্ত বিষ আৰু দংশন অংশটো ক্ৰমান্বয়ে ফুলি যায়। কিন্তু সাপ বুলি প্ৰমাণিত নহৈছিল? তেনেহলে কি? ৰোগী আৰু ৰোগীৰ আত্মীয় হাঁহি হাঁহি ঘৰলৈ যায়গৈ, কিন্তু আমি হাঁহিব পৰা নাছিলোঁ! যিহে কামোৰে সি যেন দূৰৈৰ পৰা আমালৈ চাই হাঁহিছিল! সম্পূৰ্ণ আৰোগ্য হোৱাৰ পাছত ৰোগী আৰু আত্মীয়ই আমাৰ সকলো স্বাস্থ্যকৰ্মীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছিল। কিন্তু আমি ধন্যাবাদৰ পাত্ৰ নাছিলোঁ। এনেকৈ কণা ফৰ্মুটি মাৰি আমি কিমান দূৰ সফল হম? আমি নিজকে ধিক্কাৰ দিছিলোঁ। এক যেন নুবুজা সাঁথৰ। ডিমৌ হস্পিটেলৰ সকলো স্বাস্থ্যকৰ্মীৰ এটাই প্ৰশ্ন আছিল, যদি সাপে দংশন কৰা নাই, তেনেহলে ব্যক্তি কেইজনক কিহে কামুৰিছিল?
তেনেকৈ প্ৰায় ১০-১৫ জনমান ৰোগী ভাল হৈছিল। আৰোগ্য হ’লেও আমি কিন্তু আশ্বস্ত হব পৰা নাছিলোঁ। কি বস্তু? কিবা কীট-পতংগ নেকি? কিন্তু ছালত দুটা স্পষ্ট দাঁত আছিল যে? নুবুজা সাঁথৰৰ সমাধান উলিয়াবলৈ আমি সম্পূৰ্ণৰূপে বিফল হৈছিলোঁ।
২০২২ বৰ্ষৰ মে’ মাহত মৰাণৰ শ্ৰী চাইমন টানি নামৰ ৰোগীজনে আমাৰ মূৰ গৰম কৰি থৈছিল। দংশনৰ পাছত অত্যন্ত বিষ আৰু ভৰিটো ফুলি গৈছিল। কিবা এটাই কামোৰাৰ পাছত তেওঁৰ সেই অৱস্থা হৈছিল। ভৰিত স্পষ্ট দাঁত দুটা প্ৰত্যক্ষ কৰি আমি সকলোৱে বিষাক্ত সাপৰ দংশন বুলিয়েই ভাবিছিলোঁ। অত্যন্ত বিষত ভৰি মাটিত পেলাবলৈ নোৱাৰিছিল। তেজৰ পৰীক্ষাবোৰো স্বাভাৱিক আছিল। বিষাক্ত সৰ্প দংশনৰ প্ৰমাণো পোৱা নগৈছিল। তেওঁক আমি ১০ দিন চিকিৎসা কৰিব লগাত পৰিছিল।
২০২২ বৰ্ষৰ জুন মাহত যেন বিচাৰি থকা প্ৰশ্নৰ উত্তৰ পাইছিলোঁ। ২৫ বছৰীয়া লৰা এজনক বাৰীত কাম কৰি থাকোঁতে ভৰিত ডাঙৰ মকৰা এটাই কামুৰিছিল। মকৰাটোৰ ফটো মবাইলেৰে তুলি লৈ আহিছিল। অত্যন্ত বিষ হৈছিল আৰু ভৰিটো ফুলি গৈছিল। তৎক্ষণাত MgSO4 ড্ৰেছিং আদি আৰম্ভ কৰাৰ দুদিনৰ পাছত তেওঁ সুস্থ হৈছিল। মকৰাটোৰ ফটো চাই আমি চিনি পোৱা নাছিলোঁ। সেই সময়ত এই বিষয়ত আমাৰ জ্ঞান শূন্য আছিল।
তেতিয়াৰপৰা এই বিষয়ত জ্ঞান থকা ব্যক্তিৰ সন্ধান কৰিবলৈ লাগি যাওঁ আৰু এদিন জীৱ বিজ্ঞানৰ ছাত্ৰ শ্ৰী অৰ্ণৱ দেৱ আৰু কলিকতাৰ মকৰা বিশেষজ্ঞ শ্ৰী আয়ান মণ্ডলৰ লগত আমাৰ যোগাযোগ হয়। তেওঁলোকৰ পৰা বিষাক্ত মকৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ।
মকৰাৰ বিচিত্ৰ পৃথিৱীত লাহে লাহে সোমাই গ’লোঁ। তেওঁলোকৰ মতে মই হোৱাটছ এপত পঠাই দিয়া মকৰাৰ ফটোটো এটা বিষাক্ত মকৰা আছিল। chilobrachys প্ৰজাতিৰ মকৰা। বিষাক্ত মকৰাৰো সাপৰ দৰে বিহ দাঁত দুটা থাকে। বিষাক্ত মকৰাৰ বিহৰ কাৰণে দংশন কৰা ঠাইডোখৰত অত্যন্ত বিষ হ’ব পাৰে, ফুলি যাব পাৰে, ঘাঁ লাগিব পাৰে আৰু অংশটো মৰি গলে কেতিয়াবা কাটিব লগাত পৰিব পাৰে। ভুক্তভুগীজন কেনেবাকৈ সেই মকৰাৰ বিহটোৰ প্ৰতি যদি এলাৰ্জিক হয় আৰু যদি তৎক্ষণাত চিকিৎসালয় আহি নাপায়, তেনেহলে ভীষণ এলাৰ্জিক ক্ৰিয়া হৈ কিছু সময়ৰ পাছত মৃত্যু হোৱাৰ অৱকাশো থাকে।
মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই মকৰাবোৰ খুব সক্ৰিয় হৈ থাকে। এই সময়ত তেওঁলোকে পোৱালি জন্ম দিয়ে। মতা মকৰাবোৰে মাইকী মকৰা বিচাৰি ঘূৰি ফুৰোঁতে মানুহৰ লগত সংঘাত হয়।
গ্ৰীষ্মকালীন কোনো এজন ৰোগীয়ে আমাৰ ওচৰলৈ মকৰাৰ ফটো আনিব নোৱাৰিছিল, কাৰণ এই সময়ত তেওঁলোক সক্ৰিয় হৈ থাকে। দংশনৰ পাছত তৎক্ষণাত ভয়ত পলাই যায়। কিন্তু অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা তেওঁলোক একেবাৰে এলেহুৱা হৈ যায়। গাত, ফুটা, গছৰ ফুটা আদিত লুকাই থাকে। এই সময়ত তেওঁলোকে চিকাৰ আদি নকৰে। সাইলাখ সাপৰ দৰে শীতনিদ্ৰাত গুচি যায়। এই সময়ত ইহঁত অলপ দুৰ্বল হৈ থাকে। চিকাৰ নকৰাৰ কাৰণে আৰু বিহৰ ব্যৱহাৰ নোহোৱাৰ কাৰণে, বিহ গ্ৰন্থিত ইয়াৰ বিহ প্ৰচুৰ পৰিমাণে জমা হৈ থাকে। এই সময়ছোৱাত কেনেবাকৈ মানুহৰ হাত বা ভৰি ইয়াৰ ওপৰত পৰে, ই খঙত কামোৰ মাৰি ধৰি বিহ বেছিকৈ দিব পাৰে। শীতকালত ই প্ৰচুৰ পৰিমাণে বিহ ঢালে বাবে, শীতকালীন দংশন কৰা ৰোগীৰ লক্ষণবোৰ বেছিকৈ দেখা যায় আৰু সেইবাবে ৰোগীৰ অপকাৰ বেছি হোৱা দেখা যায়। এই সময়ত ই চিকাৰ নকৰাৰ বাবে আৰু দেহে পুষ্টি নোপোৱাৰ বাবে, দংশনৰ পাছত ই বেগাই যাব নোৱাৰে আৰু দংশনৰ পাছত প্ৰায়ে ওচৰতে ৰৈ থাকে। সেইবাবে এই সময়ছোৱাত দংশন হোৱা ব্যক্তিয়ে প্ৰায়ে মবাইলেৰে মকৰাটোৰ ফটো মাৰিবলৈ সময় পায়। আমি বিচৰা প্ৰশ্নবোৰৰ সকলো উত্তৰ যেন আমি পাবলৈ সক্ষম হৈছিলোঁ।
ই যদিও বিষাক্ত, মানুহক বৰ ভয় কৰে। ইয়াৰ বিহ তাৰ খাদ্য যেনে ফৰিং, পোক, জেঠী আদি খোৱাত ব্যৱহাৰ কৰে। মানুহক দংশন কৰিম বুলি বিহ ব্যৱহাৰ নকৰে। মাত্ৰ ই কষ্ট পালেহে মানুহক দংশন কৰে। কেতিয়াবা প্ৰত্যাক্ৰমণ হিচাপে, ই ইয়াৰ শৰীৰৰ পাতল আৰু সুষম চুলিবোৰ বতাহত এৰি দিয়ে। এই চুলিবোৰ মানুহৰ গাৰ সংস্পৰ্শলৈ আহিলে ভীষণ এলাৰ্জি হব পাৰে। কেনেবাকৈ আমাৰ স্বাসনলীত এই চুলিবোৰ সোমালে, আমাৰ উশাহ লবলৈ অসুবিধা হব পাৰে। কেনেবাকৈ চকুত সোমালে চকুৰ বিস্তৰ ক্ষতি হব পাৰে।
তেওঁলোকৰ লগত এই মকৰাটোৰ বিষয়ে সবিশেষ জানি অভিভূত হ’লোঁ। এখন যেন বেলেগ পৃথিৱী। আমি ইমান যে জানিবলৈ বা শিকিবলৈ আছে! ৰাইজ আৰু সমাজ আমাৰ ওচৰলৈ অহাৰ কাৰণেহে আমি এই বিষয়ে বিস্তৃতৰূপত জানিবলৈ পাৰিলোঁ। জাৰ্নেল আদিতো এই বিষয়ে বৰ্ণনা আঙুলিৰ মূৰত লেখিব পাৰি। আমাৰ ডাক্তৰসকলো এই বিষয়ে বৰ জ্ঞাত নহয়। সাপ আৰু সৰ্প দংশনৰ ৰাষ্ট্ৰীয় প্ৰট’কল আছে বা এই বিষয়ে কিছু গৱেষণা হৈছে। কিন্তু মানৱ সমাজক অনিষ্ট কৰিব পৰা বিষাক্ত মকৰাৰ বিষয়ে আলোচনা-বিলোচনা একেবাৰে নগণ্য। মকৰাৰ বিহো যে ইমান বিষাক্ত হ’ব পাৰে সেয়া আমি ভাবিবই পৰা নাছিলোঁ।
এটা নতুন অধ্যায়ৰ সূচনা হোৱা যেন লাগিছে।
শিৱসাগৰ জিলাৰ মগৰাহাট চেতিয়া গাঁৱৰ নিবাসী, ৫০ বছৰীয়া শ্ৰী দেৱজিত চেতিয়াৰ ঘৰৰ পিছফালৰ বাৰীখনত প্ৰায়ে ছাগলী সোমাই বাৰীখনৰ শাক পাচলিবোৰ ধ্বংস কৰে। ২০২২ বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে দেৱজিতে ছাগলীৰ ৰাস্তাটো ওচৰতে পৰি থকা পঁচা জেউৰাৰে বন্ধ কৰিবলৈ বুলি পঁচা জেউৰাটো দাঙিব লওঁতেই এটা কলা ৰঙৰ ডাঙৰ মকৰাই সোঁ হাতৰ তৰ্জনী আঙুলিত কামোৰ মাৰি ধৰে। হাতখন জোকাৰি দিয়াৰ পাছত মকৰাটো দূৰৈত চিটিকি পৰে। এই সময়ত ই বৰ এলেহুৱা হোৱা বাবে তৎক্ষণাত পলাই যোৱা নাছিল। দেৱজিতৰ আঙুলিত তৎক্ষণাত অত্যন্ত বিষ হয় আৰু হাতখন ফুলি যায়। তেওঁ আৰু তেওঁলোকৰ ঘৰৰ মানুহে এনে মকৰা আগতে দেখা নাছিল বাবে মোবাইল ফোনেৰে মকৰাৰ ফটো মাৰি থৈ দিয়ে।
বিষ বেছি হোৱাত তেওঁ ওচৰৰে চিকিৎসালয়ত গৈ চিকিৎসা গ্ৰহণ কৰে। সকলো ঠিকেই আছিল কিন্তু ৰাতি ৮ মান বজাৰ পৰা অত্যন্ত বিষৰ লগতে খজুৱতি হ’বলৈ ধৰে। এইবাৰ তেওঁ বেজৰ ওচৰত গৈ জৰা-ফুকা কৰে। তথাপি বিষৰ উপশম হোৱা নাছিল আৰু লগতে হাতটো ফুলি গৈ পানী গাঠিলৈকে পাইছিলগৈ।
ইটো-সিটো চিকিৎসা গ্ৰহণ কৰাৰ পাছতো বিষটোৰ উপশম নোহোৱাত তেওঁলোক ষষ্ঠ দিনাখন ডিমৌ চিকিৎসালয়ত উপস্থিত হয়। MgSO4 ড্ৰেছিং কৰাৰ পাছত ফুলাটো কমি গৈছিল কিন্তু আঙুলিটোৰ আগটো ক্ৰমান্বয়ে ক’লা হৈ মৰি গৈছিল। মকৰাৰ ফটো চাই মকৰাটো যে এটা বিষাক্ত মকৰা সেয়া আমি আশ্বস্ত হৈছিলোঁ।
“আপোনাৰ আঙুলিটো কাটিব লাগিব। নহ’লে গোটেই হাতখনৰ লগতে শৰীৰলৈ বিয়পি পৰিব। তেতিয়া বিপদ হব!”
তেওঁৰ কান্ধত হাতখন থৈ কথাখিনি কওঁ নকওঁ কৈ বুজাই ক’লোঁ। মোৰ কথাখিনি শুনি তেওঁ মোলৈ থৰ লাগি চাই থাকিল।
দেৱজিত চেতিয়া এজন খেতিয়ক। ধন-সম্পত্তি সীমিত। কাম কৰি খোৱা মানুহ। আঙুলিটো কাটিলে কি হব? চিকিৎসা কৰিবলৈ টকা-পইচা কত পাম, এইবোৰ কথা তেওঁ ভাবি আছিল চাগে।
তেওঁৰ চিন্তাবোৰ অনুধাৱন কৰি তেওঁক ক’লোঁ,
“চিন্তা নকৰিব। সকলো ভাল হৈ যাব।”
ডিমৌ হস্পিটেলত কোনো শল্য চিকিৎসক নথকাত লিগিৰিপুখুৰী হস্পিটেলত এক বছৰৰ কাৰণে গ্ৰাম্য সেৱা আগবঢ়াই থকা কৰ্ণাটকৰ ডাক্তৰ সন্তোষক ন্যূনতম খৰচত মৰি যোৱা আঙুলিৰ আগটো কাটি দিবলৈ অনুৰোধ কৰোঁ।
ডাক্তৰ সন্তোষেও একেবাৰে ন্যূনতম খৰচত আঙুলিৰ আগটো কাটি দি ড্ৰেছিং কৰে। এই বৰ্ষৰে ফেব্ৰুৱাৰী মাহত দেৱজিত সম্পূৰ্ণ সুস্থ হয়। সম্পূৰ্ণ আৰোগ্য হবলৈ দেৱজিতক প্ৰায় তিনি মাহ সময় লাগিল। আমাৰ সকলোৰে বিষয়টোৰ ওপৰত কিছু অজ্ঞতাৰ বাবে দেৱজিতে তৰ্জনী আঙুলিৰ আগটো হেৰুৱালে। ইয়াত কাৰো ভুল নাই। বিষয়টোত ৰাইজ, সমাজ আৰু স্বাস্থ্য কৰ্মীসকলৰো জ্ঞান সীমিত।
সেইবাবে ৰাইজ, সমাজ আৰু স্বাস্থ্যকৰ্মী সকলৰ জ্ঞানাৰ্থে দেৱজিত চেতিয়াৰ সন্মতি সাপেক্ষে সজাগতাৰ বাবে লিখনিটো আগবঢ়ালোঁ। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল এখনটো দেৱজিতৰ কাহিনীটো প্ৰকাশ পাব।
মকৰাই দংশন কৰিলে কি কি কৰিব?
১)তৎক্ষণাত পানীৰ টেপৰ তলত দংশন কৰা অংশটো ধুই দিয়ক। টেপ বা টিউবৱেল নাই যদি মগত পানী লৈ দংশন অংশটো ধুই দিয়ক। এনে কৰিলে মকৰাৰ নোম/চুলি আদি দংশনৰ ঠাইত লাগি থাকিলে পানীৰ সোঁতে গোটেই নোমবোৰ উটুৱাই লৈ যাব পাৰিব।
২)চাবোনেৰে ভালকৈ দংশন কৰা অংশটো ধুব।
৩)তৎক্ষণাত হস্পিটেল আহি ২৪ ঘণ্টালৈকে পৰ্যবেক্ষণত থাকক। দংশনৰ এক ঘণ্টাৰ ভিতৰত চিকিৎসা কৰিলে মকৰাৰ বিহৰ দীৰ্ঘদিনীয়া পাৰ্শ্বক্ৰিয়াবোৰ বাধা দিব পৰা যাব।
৪)হস্পিটেলত ভৰ্তি হোৱাৰ পাছত ঘৰলৈ যাওঁ ঘৰলৈ যাওঁ কৈ নাথাকিব। আমাৰ এজন ৰোগীৰ লক্ষণ ৩২ ঘণ্টা মানৰ পাছতহে দেখা দিছিল।
৫)আপোনাৰ মোবাইলেৰে মকৰাটোৰ ফটো মাৰি থৈ দিয়ক। আমাৰ চিনাক্তকৰণত সুবিধা হব।
কি কি নকৰিব-
১)দংশন অংশটো নুধুৱাকৈ খালী হাতেৰে চুই নিদিব।
২)দংশন অংশটো চেপি নিদিব।
৩)তেজ উলিয়াবলৈ চেষ্টা নকৰিব।
৪)দংশনৰ ওপৰত নাবান্ধিব।
৫)জৰা-ফুকা নকৰিব।
ৰাইজ, সমাজ আৰু আমাৰ স্বাস্থ্যকৰ্মীসকলৰ একান্ত ইচ্ছা, মকৰা বিশেষজ্ঞ অৰ্ণৱ আৰু আয়ান মণ্ডলৰ সহযোগত, এক সন্মিলিত প্ৰচেষ্টাত আমি যেন এক নুবুজা সাঁথৰৰ সমাধান কৰিবলৈ সক্ষম হ’লোঁ।
এই কৃতিত্ব আমাৰ সকলোৰে।