সবিৰাম উপৱাসে স্বাস্থ্যৰক্ষাত কিদৰে সহায় কৰে

লেখক- ডাঃ কমল কৃষ্ণ নাথ

অতীত কালত বহুতো জনগোষ্ঠীৰ মাজত তেওঁলোকৰ কোনো ব্যক্তি মৃগীৰোগত আক্ৰান্ত হ’লে সেই ব্যক্তিজনক জনসমাগমৰ পৰা দূৰত নিৰলে কিছুদিনৰ বাবে ৰাখি থোৱাৰ ব্যৱস্থা প্ৰচলিত আছিল। সেইকেইদিন মানুহজনক বিশেষ একো খাব দিয়া নাছিল। তাৰ কাৰণ আছিল মৃগীৰোগ কোনো অদৃশ্য শক্তিৰ প্ৰভাৱত হোৱা বুলি হোৱা জনবিশ্বাস। তেওঁলোকে ভূত-প্ৰেতজনিত অদৃশ্য শক্তি মানুহজন অকলে থাকিলে এৰা দিয়ে বুলি বিশ্বাস কৰিছিল। আচৰিতভাৱে ব্যক্তিজন মৃগীৰোগৰ পৰা সাময়িকভাৱে আৰোগ্য লাভ কৰিছিল। পিছত বিজ্ঞানীসকলে এই বিষয়ে বিষদ গৱেষণাত ব্ৰতী হ’ল যত এই কথা প্ৰতীয়মান হ’ল যে এক নিৰ্দিষ্ট সময়ৰ বাবে নোখোৱাকৈ থাকিলে মগজুৱে বেছ ভালদৰে কাম কৰিবলৈ ধৰে। পিছত মৃগী ৰোগীসকলৰ চিকিৎসাত এই গৱেষণা সফল ভাৱে প্ৰযোগ কৰা হৈছিল।
উপৱাস কি?
উপৱাস হৈছে এক নিদিষ্ট সময়ৰ বাবে বিশেষ একো নোখোৱাকৈ থকা। বয়স আৰু অৱস্থা ভেদে ই ১ ঘণ্টাৰ পৰা ১০০ ঘণ্টালৈ হব পাৰে। ই গোটা বা জুলীয়া নতুবা দুয়োটাই হব পাৰে। শৰীৰতত্ত্ব অনুসৰি উপৱাস হৈছে খাদ্য সম্পূৰ্ণভাৱে পাচন বা জীণ নোহোৱালৈ নতুন খাদ্য গ্ৰহণ নকৰা এক জৈৱিক অৱস্থা। ধৰ্মীয় দৃষ্টিভংগীৰে আমি অতীজৰে পৰা উপৱাস পালন কৰি আহিছিলোঁ আৰু শৰীৰ তথা মনৰ ওপৰত তাৰ যোগাত্মক প্ৰভাৱ অনুভৱ কৰিছিলোঁ। সেই সময়ত ই মাত্ৰ এক ৰীতি-নীতি বুলি গণ্য হৈছিল। আয়ুৰ্বেদ শাস্ত্ৰটো উপৱাসৰ লাভালাভৰ বিষয়ে বহুল বৰ্ণনা আছে। কিন্তু বিজ্ঞানীসকলে উপৱাসৰ ওপৰত কৰা বিস্তৃত গৱেষণাই আমাক উপৱাসৰ মহত্ত্ব বুজিবলৈ ভালদৰে সহায় কৰিলে।
উপৱাস কৰিলে শৰীৰত কি পৰিবৰ্তন হয়?
আমি জানো যে, গ্লুকজে আমি জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা শক্তি নিৰন্তৰ যোগান ধৰে। গ্লুকজ আমি মুখ্যত শৰ্কৰা জাতীয় খাদ্যৰ পৰা পাওঁ। গ্লুকজৰ স্তৰ এক নিদিষ্ট পৰিমাণকৈ কমি নাযাবলৈ শৰীৰৰ এক বিপাকীয় ব্যৱস্থা আছে যিটো স্বয়ংসম্পূৰ্ণ। উপৱাসৰ সময়ত আমি যেতিয়া ১০-১৫ ঘণ্টালৈ আহাৰ গ্ৰহণ নকৰিম তেতিয়া গ্লুকজৰ(চুগাৰ) লগতে ইনচুলিনৰ স্তৰ লাহে লাহে কমি আহে। লগে লগে অগ্নাশয়ৰ (pancreas) পৰা নিসৃত হোৱা গ্লুকাগণ হৰমণে যকৃতত অৱস্থিত গ্ল্যক’জেনক (Glycogen) আপাতকালীনভাৱে গ্লুকজলৈ পৰিবৰ্তন কৰে। তৎসত্ত্বেও গ্লুকজৰ স্তৰ হ্ৰাস পালে শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ শৰীৰে দেহৰ চৰ্বী (fats) দাহ কৰিব ধৰে। তাৰ বাবে যকৃতে স্নেহ পদাৰ্থক ফেটি এচিদ (fatty acids) আৰু পৰৱৰ্তী সময়ত কিট’নলৈ (ketone) পৰিবৰ্তন কৰে যি গ্লুকজৰ বিপৰীতে অধিক পৰিমাণৰ অম্লজানৰ (O2) যোগান ধৰিবলৈ সক্ষম। ফলত মগজুলৈ অধিক পৰিমাণৰ অম্লজান উপলব্ধ হয়। একেখিনি সময়ত শৰীৰৰ নষ্ট হোৱা কোষবোৰৰ স্থান নতুন সজীৱ কোষে অধিকাৰ কৰে। দেহৰ বিপাকীয় ক্ৰিয়া অধিক শক্তিশালী হৈ উঠে। কাৰ্বন ডাই অক্সাইড আৰু অম্লজানৰ অনুপাত কমিব ধৰে, যাৰ অৰ্থ হৈছে কমকৈ কাৰ্বন ডাই অক্সাইড গেছ নিৰ্মাণ হোৱা। ই দেহৰ কোষবোৰৰ লগতে মগজুক এনে এক সজীৱতা প্ৰদান কৰে যিটো কোনো ঔষধে দিব নোৱাৰে। সেইখিনি সময়ত আপোনাৰ সৃজনী ক্ষমতা চকুত লগাকৈ বাঢ়ি যায়।
উপৱাসে শৰীৰক কিয় শক্তি প্ৰদান কৰে তাৰ কাৰণ বুজিবলৈ আমি মানৱ জাতিৰ কিদৰে বিৱৰ্তন হ’ল তাক বুজিব লাগিব। আদিম কালত আজিৰ দৰে অফুৰন্ত খাদ্য মজুত নাছিল যাৰ বাবে আদিম মানৱে প্ৰায়ে ভোকাতুৰ অৱস্থাৰে খাদ্যবস্তু বিচাৰি জংঘললৈ ওলাই যাবলগীয়া হৈছিল। আনহাতে এবাৰ চিকাৰ বিচাৰি পালে উদৰ পুৰাই লৈছিল কাৰণ পৰৱৰ্তী পৰ্যায়ত কেতিয়া খাবলৈ পাই তাৰ কোনো ঠিকনা নাছিল। বিৱৰ্তনৰ এই সময়ছোৱাত সেই জীৱ-জন্তুবোৰেহে মূৰ দাঙি বাচি থাকিবলৈ সক্ষম হ’ল যিবোৰে ভোকাতুৰ অৱস্থাতো চিকাৰ বিচাৰি লব পাৰিছিল।
সবিৰাম উপৱাস কি?
বৰ্তমান সময়ত উপৱাসৰ এক জনপ্ৰিয় পদ্ধতি হ’ল সবিৰাম উপৱাস (intermittent fasting)। যত খোৱা সময়ক অধিক প্ৰাধান্য দিয়া হয়। সবিৰাম উপৱাসে কেলৰি সীমিত (calorie restriction) কৰা নুবুজায়। ধৰা হ’ল আপোনাক দিনটোত আপোনাক ২০০০ কেলৰিৰ প্ৰয়োজন। তাৰ ঠাইত আপুনি ১০০০ কেলৰি গ্ৰহণ কৰি আছে। তেতিয়া কমকৈ খোৱা স্বতেও ভোক লাগি থকা বাবে সঘনাই খোৱাৰ ফলত আপোনাৰ ইনচুলিনৰ পৰিমাণ উঠা নমা হৈ থাকিব। ফলত আপোনাৰ ইনচুলিন প্ৰতিৰোধ (insulin resistance) গঢ়লৈ উঠিব পাৰে যি ভৱিষ্যতে ডায়েবেটিছ ৰোগসৃষ্টিত অৰিহণা যোগায়। সবিৰাম উপৱাসত আপোনাৰ খোৱাৰ পৰিমাণ প্ৰায় একেই থাকিব মাত্ৰ খোৱাৰ সময় এক নিৰ্দিষ্ট সময়লৈ সীমাবদ্ধ হব। ইয়াত আপুনি ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ কোনো এবিধ এৰাই চলে। এই অৱস্থাত ৮-১০ ঘণ্টা পিছত ঘ্ৰেলিন (ghrelin) হৰম’নৰ প্ৰভাৱ নিজে নিজে কমি আহে যাৰ ফলত আমাৰ ভোকো কমকৈ অনুভৱ হয়। ফলত সবিৰাম উপৱাস কৰিবলৈ সুবিধা হয়। সবিৰাম উপৱাসৰ সবাটোকৈ জনপ্ৰিয় পদ্ধতি হৈছে ১৬ ঘণ্টা উপৱাস থাকি ৮ ঘণ্টা সময়ৰ ভিতৰত খাদ্য গ্ৰহণ কৰা। তাৰ বাবে আপুনি ৰাতিৰ আহাৰ ত্যাগ কৰি ৰাতিপুৱাৰ আহাৰ অলপ দেৰীকৈ গ্ৰহণ কৰিব পাৰে। খালিপেট খোৱা বাবে নিদ্ৰাৰ সময়ত শৰীৰে ভগ্নদেহ মেৰামতিৰ কাম কৰে আৰু ৰাতিপুৱা আপুনি কিট’নৰ ওপৰত নিৰ্ভৰশীল বাবে সৃজনীশক্তি চৰম পৰ্যায়ত থাকে। কিন্তু এই পদ্ধতিত এটা অসুবিধা যে ৰাতি নোখোৱা বাবে বহুতৰ নিদ্ৰা ব্যাঘাত হব পাৰে। দ্বিতীয় কিছু কম উপযোগী কিন্তু সহজ উপায় হৈছে ৰাতিপুৱাৰ আহাৰ এৰি চিধাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা। সুস্বাস্থ্যৰ বাবে সবিৰাম উপৱাস আপুনি প্ৰতিদিনে পালন কৰিব পাৰে। কিন্তু ইয়াক লাহে লাহে বঢ়াই যোৱা উচিত। যেনে একেবাৰে ১৬ ঘণ্টা উপৱাস কৰাৰ সলনি আপুনি ১০ বা ১২ ঘণ্টাৰ পৰা আৰম্ভ কৰি পৰ্যায় ক্ৰমে বঢ়াই যাব পাৰে। আনহাতে সপ্তাহত ১ দিনেৰে আৰম্ভ কৰি পিছলৈ পৰ্যায়ক্ৰমে বঢ়াই যাব পাৰে। আনহাতে একেবাৰে চৰম পৰ্যায়ত সবিৰাম উপৱাস আৰম্ভ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে। লগতে কোনো বেমাৰ আজাৰ বা নিজকে দুৰ্বল অনুভৱ কৰি থাকিলে সাময়িকভাৱে উপৱাসৰ পৰা অব্যাহতি লোৱা উচিত।
উপৱাসৰ সময়ত আপুনি কি খাব পাৰে?
উপৱাসৰ সময়ত পানী পিব পাৰে। চেনি ৰহিত চাহ, ফিকা চাহ নতুবা গ্ৰীণ টি আৰু নেমু চৰবত খুবেই উপযোগী। নেমুপানীত অকমান ক’লানিমখ দিব পাৰে। উপৱাস ভঙাৰ সময়ত চিধাই কোনো গধুৰ খাদ্য খোৱাতকৈ কোনো ফল যেনে পকা অমিতা খাব পাৰে। উপৱাসৰ সময়ৰ জঠৰাগ্নি (digestive fire) মন্দ হৈ থকা বাবে গধুৰ খাদ্য সহজে পাচন নহব পাৰে। আনহাতে ফল বা চালাদ আদি খালে ই সহজে পাচন হোৱাৰ উপৰিও ই পাকস্থলীৰ অম্লতা হ্ৰাস কৰাতো সহায় কৰে। বহুতে ভাৱে যে প্ৰায় ১৬ ঘণ্টা উপৱাস পালন কৰা হেতুকে বাকী ৮ ঘণ্টা সময়ত যিকোনো কোনো খাদ্য খাব পাৰি। কিন্তু এই কথাটো শুদ্ধ নহয়। জাংক বা ফাষ্ট ফুড, মিঠাই বা চেনি যুক্ত খাদ্য বেছিকৈ খালে আপোনাৰ পেটটো গধুৰ অনুভৱ কৰি থাকিব কাৰণ এনেধৰণৰ খাদ্য সহজে হজম নহয়। ফলত অপাচ্য খাদ্যবস্তু পাকস্থলী আৰু অন্ত্ৰত বেছি সময়ৰ বাবে থাকিব। সেয়ে সচৰচৰ খোৱা সাধাৰণ আৰু প্ৰাকৃতিক খাদ্য খাওক। সেউজীয়া শাক-পাচলি, চালাড, ফল, পৰিমিত অন্ন আৰু গেহুৰ পৰা তৈয়াৰী খাদ্য, স্বাস্থ্যকৰ স্নেহ আৰু প্ৰটিন যুক্ত খাদ্য গ্ৰহণ কৰিব পাৰে।
সবিৰাম উপৱাসৰ লাভালাভঃ
গৱেষণাই দেখুৱাইছে যে সবিৰাম উপৱাসে অকল মেদবহুলতা কমোৱাই নহয় টাইপ-২ ডায়েবেটিছ, হৃদৰোগ, ক্ষয়ৰোগ, এজমা, বাতব্যধি আনকি কৰ্কটৰোগৰ পৰাও আমাক সুৰক্ষা দিয়ে। স্নায়ুতন্ত্ৰক শক্তিশালী কৰে, স্মৃতিশক্তি বঢ়োৱাৰ লগে লগে সৃষ্টিশীলতা, কল্পনাশক্তি আৰু মনোযোগ ক্ষমতাও লক্ষণীয়ভাৱে বৃদ্ধি কৰে।
কোনে সবিৰাম উপৱাস কৰিব নালাগে বা সাৱধান হব লাগে?
১) ১৮ বছৰৰ তলৰ ব্যক্তি
২) গৰ্ভৱতী মহিলা
৩) টাইপ-১ ডায়েবেটিছ (চিকিৎসাৰ প্ৰত্যক্ষ নিৰীক্ষণত সম্ভৱপৰ)
৪) ডাইবেটিছ আৰু বাতৰক্ত (গাউট) নিয়ন্ত্ৰণ কৰা ঔষধ গ্ৰহণ কৰি থাকিলে।
৪) ৰুগ্ন ব্যক্তি
সবাটোকৈ গুৰুত্বপূৰ্ণ কথা যে সবিৰাম উপৱাস আৰম্ভ কৰাৰ আগত অভিজ্ঞ চিকিৎসক আৰু পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। ই আপোনাক সৰ্বাধিক উপকৃত কৰাৰ উপৰিও আপোনাৰ সবিৰাম উপৱাসৰ যাত্ৰা সুষম কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!