শদিয়ানো কি ৰিং এটাৰ বাট

লেখক- ৰঞ্জন গগৈ

 দিহং, দিবাং আৰু লোহিত এই তিনিখন মূল নদী লগ লাগিয়েই মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে বুলি সৰুৰেপৰা কিতাপত পঢ়িবলৈ পাইছিলোঁ। পিছত গম পালোঁ যে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল হ’ল তামচুক খাম্বাব। তিব্বতৰ মানস সৰোবৰৰ ওচৰৰ তামচুক খাম্বাব নামৰ গিৰিখাতৰ পৰা উৎপত্তি হৈ তিব্বতত চাংপো নাম লৈ পূবলৈ বৈ আহি এটা কেঁকুৰি লৈ দক্ষিণলৈ নামি আহি অৰুণাচলত প্ৰৱেশ কৰি পাচিঘাটৰ ওচৰত দিবাং আৰু লোহিতৰ সৈতে মিলিত হৈ ব্ৰহ্মপুত্ৰ নাম লৈছে। অৰুণাচলত এই নদীখনৰ নাম হ’ল- দিহং বা চিয়াং। বৰ্তমান অৱশ্যে দিহং নামৰ পৰিবৰ্তে চিয়াং বুলিহে প্ৰখ্যাত।

দিবাং আৰু লোহিত নদীৰ মাজৰ সংগমস্থলীতে শদিয়া নামৰ ঠাইখন এসময়ত বৰ গুৰুত্বপূৰ্ণ নগৰ হিচাপে গঢ় লৈ উঠিছিল। বৃটিছসকলেও স্থলপথৰ সুবিধা নথকাৰ বাবে ব্ৰহ্মপুত্ৰইদি উজাই আহি শদিয়াতে প্ৰথম চাহ খেতি কৰিবলৈ লৈছিল বুলি জনা যায়। পাহাৰীয়া জনজাতি সকলেও দূৰ দূৰণিৰ পৰা আহি তেওঁলোকৰ প্ৰয়োজনীয় লোণ আৰু যাৱতীয় সামগ্ৰী ইয়াৰ পৰাই সংগ্ৰহ কৰি নিছিল। লাহে লাহে শদিয়া এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। স্বাধীনতাৰ পূৰ্বে শদিয়া আছিল নেফাৰ (NEFA-North East Frontier Agency) শৈক্ষিক প্ৰাণকেন্দ্ৰ, য’ত প্ৰয়াত স্বনামধন্য মহীয়সী ইন্দিৰা মিৰিৰ নেতৃত্বত শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠাপিত হৈছিল। ইয়াতে শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষণ দি নেফাৰ ভিতৰুৱা দূৰ্গম অঞ্চলত নিযুক্তি দি পঠোৱা হৈছিল। ১৯৫০ চনৰ প্ৰবল ভূমিকম্পত শদিয়া ব্ৰহ্মপুত্ৰত (লোহিতত) জাহ যোৱা বুলিব পাৰি। পূৰ্বৰ শদিয়াৰ পূবলৈ থকা চাপাখোৱা ঠাইখনকে বৰ্তমান শদিয়া বুলি কোৱা হয়। ভাৰত স্বাধীন হোৱাৰ ৭১ বছৰ পিছতহে লোহিত নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং ”ড° ভূপেন হাজৰিকা সেঁতু” ধলাত নিৰ্মাণ হৈ উঠে আৰু শদিয়াবাসী ৰাইজে অবৰ্ণনীয় কষ্টকৰ যাত্ৰাৰ পৰা মুক্তি পায়।

প্ৰাচীন কালত দিবাং আৰু লোহিত নদীৰ মাজৰ পাদদেশ অঞ্চল চুতীয়া ৰজাৰ অধীনত আছিল। প্ৰাচীন ভীষ্মক নগৰ বৰ্তমানৰ চাপাখোৱাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ পূবত ৰয়িঙৰ ওচৰৰ কৰনো নামে ঠাইত অৱস্থিত। পাহাৰৰ দাঁতিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইত ভীষ্মক নগৰ নিৰ্মাণ কৰা হৈছিল। কি কাৰণত কেনেকৈ আৰু কেতিয়া এই ভীষ্মক নগৰৰ বিলুপ্তি ঘটিল বা ধ্বংস হ’ল জনা নাযায়। ৰয়িঙৰ ওচৰৰ মেকা তিনিআলিৰ পৰা তেজুলৈ যোৱা ৰাস্তাৰে অলপ দূৰ গ’লেই পুৰণি ভীষ্মক নগৰৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়। ইয়াক ভাৰত চৰকাৰৰ পূৰাতত্ত্ব (Archeology Department) বিভাগে সংৰক্ষিত এলেকা বুলি নামফলক এখন আঁৰিয়েই যেন দায়িত্ব সাৰিব খুজিছে তেনে লাগে। ভালকৈ মন কৰিলে ইয়াৰ ৰাজকাৰেং বা প্ৰাসাদৰ ওপৰৰ অংশটো মাত্ৰ ওলাই থকা আৰু মূল অট্টালিকাটো মাটিৰ তলত পোত খাই থকা যেন লাগে। কাৰণ ইয়াত অট্টালিকা বিশেষৰ কোনো খুঁটা বা স্তম্ভৰ অৱশেষ দেখি পাবলৈ নাই। যদিহে বিজ্ঞানসন্মত অনুসন্ধান বা গৱেষণালব্ধ ফলশ্ৰুতিৰে ভীষ্মক নগৰৰ ধ্বংসৰ কাৰণ উদ্ঘাটন হৈছে, আমাৰ জ্ঞাত নহয়। যদি হোৱা নাই তেতিয়া আমি এই দৰে ভাবিব পাৰো নেকি? শদিয়াৰ পূবলৈ থকা পাহাৰ লানি হৈছে মিচিমি পাহাৰ। প্ৰাকৃতিক দূৰ্যোগ বা বানপানীৰ বা ভূমিকম্পৰ ফলত নাইবা পাহাৰৰ ভূমিস্খলন আদিৰ দ্বাৰাও ভীষ্মক নগৰৰ ধ্বংস হব পাৰে। নাইবা ১৯৫০ চনৰ ভূমিকম্পৰ আগলৈকে ৰাজকাৰেঙটো কিজানি পৰিত্যক্ত অৱস্থাতে আছিল। এই ক্ষেত্ৰত বুৰঞ্জীও নিমাত। শদিয়া অঞ্চলটো আহোম ৰজাৰ দিনত শদিয়াখোৱা গোঁহাই নামৰ বিষয়াৰ অধীনত আছিল বুলি জনা যায়। এই অঞ্চলত মিচিং( মিৰি) দেউৰী(চুতীয়া), আদি(আবৰ), মিচিমি, মটক, মৰান, খামতি আদি লোকৰ বসতি আছিল। পুৰণি কালত এই অঞ্চলত তাম্ৰেশ্বৰী দেবীৰ পূজা আৰু কেঁচাইখাইটি গোসাঁনীৰ পূজা কৰিছিল বুলি জনা যায়। কেঁচাইখাইটি গোসাঁনীৰ পীঠত নৰ বলি পৰ্য্যন্ত দিয়া হৈছিল।
ইয়াতে দেউৰী সকলৰ বিষয়ে দুআষাৰ মান কথা লিখিব খুজিছোঁ। দেউৰীসকল চুতীয়া জনগোষ্ঠীৰ পুৰোহিত আছিল বুলি জনা যায়। তেওঁলোকৰ নিজা দোৱান বৰ্তমানেও আছে। বিশেষকৈ অসমৰ লক্ষীমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ জিলাত বসবাস কৰা দেউৰীসকলে নিজা দোৱানত কথা পাতে। আনহাতে, অৰুণাচলৰ নামচাই, চাংলাং জিলাৰ মহাদেৱপুৰ, টেঙাপানী, মহং আদি ঠাইত বসবাস কৰা দেউৰী জনগোষ্ঠীৰ লোকসকলে দোৱান ব্যৱহাৰ নকৰে বা নাজানে। তেওঁলোকে অসমীয়া ভাষাহে ব্যৱহাৰ কৰে। এবাৰ এজন বয়োজ্যেষ্ঠ দেউৰী সম্প্ৰদায়ৰ লোকক তেওঁলোকৰ দোৱান ব্যৱহাৰ কৰা নকৰাকলৈ প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, দেউৰীসকলৰ দুটা ভাগ বা ফৈদ আছে। তাৰে এটা ফৈদক দিবঙীয়া আৰু আনটো ফৈদক টেঙাপনীয়া বোলে। দিবঙীয়া ফৈদৰ লোকে দোৱান জানে আৰু ব্যৱহাৰ কৰে, আনহাতে টেঙাপনীয়া ফৈদে দোৱান নাজানে কিন্তু বাকী সংস্কৃতিগতভাৱে আটাইবোৰ ৰীতি নীতি মানি চলে।
এতিয়া আহো এক সম্ভাৱনীয়তাৰ বিষয়ে। দেউৰীসকল মূলত: চুতীয়া জনগোষ্ঠীৰ। প্ৰাচীন শদিয়াৰ পূবলৈ পাহাৰৰ পাদদেশত এই জনগোষ্ঠী দিবাং নদীৰ উপত্যকা অঞ্চললৈকে বিয়পি আছিল আৰু কিছু দক্ষিণ পূবলৈ ন-দিহিং, লোহিত আৰু ইয়াৰ উপনৈ টেঙাপানী নৈৰ আশে পাশেও দেউৰীসকলে বসবাস কৰিছিল। দিবাং নদীৰ কাষৰীয়া অঞ্চলত বসবাস কৰা দেউৰীসকলে হয়তো দিবঙীয়া বুলি পৰিচয় দিবলৈ ভাল পাইছিল আৰু ঠিক সেইদৰে টেঙাপানী বা ন-দিহিঙৰ পাৰৰ দেউৰী সকলে টেঙাপনীয়া বুলি চিনাকি দি ভাল পাইছিল। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, বানপানী, গৰা খহনীয়া, ভূমিকম্প আদিৰপৰা ৰক্ষা পাবলৈ দিবাং নৈৰ পাৰৰ দেউৰীসকল ধেমাজী, লক্ষীমপুৰৰ ফালে প্ৰব্ৰজন কৰি বসতি কৰিবলৈ লয় আৰু তেওঁলোকে নিজৰ দোৱান ৰক্ষা কৰি আহিছে বাবে লক্ষীমপুৰ, ধেমাজী অঞ্চলৰ দেউৰীসকলক দিবঙীয়া বা দোৱান থকা দেউৰী বুলি কোৱা হয়। আনহাতে টেঙাপানী, নামচাই, মহাদেৱপুৰ আদি ঠাইত থাকি যোৱা দেউৰীসকলে স্থানীয় মৰাণ, মটক, খামতি, চিংফৌ আদি লোকসকলৰ উমৈহতীয়া ভাষা অসমীয়া ব্যৱহাৰ কৰি থকাৰ ফলত নিজৰ দোৱান অব্যৱহিত হৈ দোৱানৰহিত টেঙাপনীয়া দেউৰী বুলি পৰিচিতি লাভ কৰে।
এইবাৰ আহো প্ৰাচীন ভীষ্মক নগৰ আৰু মালিনী থানৰ লগত থকা যোগসূত্ৰ বা সম্পৰ্কৰ বিষয়ে। কথিত আছে যে ভীষ্মক ৰজাৰ জীয়েক ৰুক্মিণীক দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই বিয়া কৰাইছিল। মালিনী থানত ৰুক্মিণীয়ে নিয়মীয়াকৈ পূজা কৰিবলৈ গৈছিল। মালিনী থানৰ পুৰোহিত বেদনিধিৰ যোগসূত্ৰত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ উক্ত মন্দিৰতে মালা আদান প্ৰদান বা বিবাহ কাৰ্য্য সম্পন্ন হয় বাবে সেই মন্দিৰৰ নাম পিছলৈ মালিনী থান ৰূপে প্ৰখ্যাত হৈ পৰে। এই মালিনী থান বৰ্তমান অৰুণাচলৰ নামনি চিয়াং জিলাৰ লিকাবালিৰ গাতে লাগি আছে বুলিব পাৰি। অসমৰ ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা লিকাবালিলৈ বেছি দূৰ নহয়। অতীতৰ মালিনী থানৰ মন্দিৰটো কিবা কাৰণত ধ্বংসপ্ৰাপ্ত হৈ পুৰণা ভেঁটিটোহে আছে আৰু বৰ্তমান তাত নতুনকৈ মন্দিৰ এটা বনোৱা হৈছে। শুনামতে এই মালিনী থানৰ পূবলৈ পাহাৰৰ দাঁতিয়েদি অতীজত ৰথ চলিব পৰাকৈ এটি সুন্দৰ পথ আছিল। এতিয়াও চেগা-চোৰোগাকৈ ক’ৰবাত ক’ৰবাত সেই পথটিৰ অংশবিশেষ আছে বুলি কোৱা শুনিছোঁ। যদি সেয়ে হয় তেন্তে এই পথটি পৌৰাণিক ভীষ্মক নগৰৰ লগত সংযুক্ত আছিল বুলি ধাৰণা কৰিব পাৰি। হয়তো সেই সময়ত নদ-নদী বোৰ তৰাং আছিল আৰু বাৰিষাৰ বাদে খৰালি কালত সহজে অতিক্ৰম কৰিব পৰা বিধৰ আছিল। এয়া অৱশ্যে মোৰ নিজা অনুমানহে। এই ক্ষেত্ৰত বিজ্ঞ লোকেহে সত্যাসত্য নিৰূপণ কৰিব পাৰিব।
প্ৰাচীন ভীষ্মক নগৰৰ নিচেই কাষতে বৰ্তমানৰ ৰয়িং চহৰ। বৰ্তমান ৰয়িং হ’ল নামনি দিবাং ভেলী জিলাৰ সদৰ ঠাই। ৰয়িঙৰ পৰা আনিনিলৈ যাত্ৰা কৰিলে প্ৰথমে দেওপানী নামৰ এখন নদী পাৰ হ’ব লাগে৷ তাৰপাছত ইপি পানী নামৰ আন এখন নদী পোৱা যায়। ইপি পানী পাৰ হৈ কিছু দূৰ যোৱাৰ পিছতে( ৰয়িঙৰ পৰা প্ৰায় ৬/৭ কিলো মিটাৰ) ৰাস্তাৰ দাঁতিত এখন ফলক দেখা পোৱা যায়। ফলকখনত “ ৰুক্মিণী নাতি” বুলি লিখা আছে (Rukmini Fort)। ফলকখনৰ দাঁতিয়েদি বাঁওফালে তললৈ এটা ৰাস্তা নামি গৈছে। কিছু দূৰ গৈ চিদু-চিমৰি(CHIDU-CHIMRI Archaeological Sight) নামৰ ঐতিহাসিক ধ্বংসাৱশেষ থকা ঠাইখন পোৱা যায়। তথ্য অনুসৰি ৰুক্মিণী নাতি হ’ল চুতীয়া ৰজা শ্ৰী শ্ৰীলক্ষ্মীনাৰায়ণৰ দিনত নিৰ্মিত এটি পাহাৰীয়া দূৰ্গ। ইয়াত ব্যৱহাৰ কৰা কিছুমান ইটাত লক্ষ্মীনাৰায়ণৰ নাম খোদিত কৰা আছে। দূৰ্গৰ চাৰিওফালে পকীবেৰ নিৰ্মাণ কৰা হৈছিল। নামনিৰ বেৰখন দেওপানী নদীৰ পাৰৰ পৰা আৰম্ভ হৈ দিবাং নদীৰ কাষেৰে সোঁফালে পাহাৰৰ ওপৰলৈ উঠি গৈছে। ওপৰৰ ফালৰ বেৰখন ইটাৰে নিৰ্মাণ কৰা হৈছিল। ১৯৭২-৭৩ চনত এটি অনুসন্ধানকাৰী/গৱেষকৰ দলে চিদু-চিমৰি নামৰ ঠাইত খনন কাৰ্য্য কৰি দুটা ১০×১০ মিটাৰ আৰু ১০×১২ মিটাৰ আকাৰৰ কোঠালি উদ্ধাৰ কৰে। ইয়াত ব্যৱহৃত ইটাবোৰ ভীষ্মক নগৰত ব্যৱহৃত ইটাৰ সৈতে মিল দেখা পোৱা যায়। ৰুক্মিনী নগৰেই হওক বা দূৰ্গই হওক প্ৰত্নতাত্ত্বিক অনুসন্ধানকৰী সকলে এই নিৰ্মাণ কাৰ্য্য ১৪ বা ১৫ শতিকাৰ বুলি অনুমান কৰিছে।
ৰুক্মিনী নাতিয়েই বোলক বা ৰুক্মিনী দূৰ্গই বোলক বা চুতীয়া ৰজাৰ দূৰ্গই বোলক ই কালৰ বুকুত বিলীন হৈ গ’ল। ইয়াত যে এখন নগৰ আছিল সেইটো কিন্তু খাটাং। ভীষ্মক নগৰেই হওক বা ৰুক্মিনী দূৰ্গ বা নগৰ যিয়েই নোবোলক কিয় এসময়ৰ এখন উন্নত নগৰ কালৰ বুকুত জাহ গ’ল। কিন্তু কিয়? কোনো বহিঃশত্ৰুৰ আক্ৰমণ কিম্বা প্ৰাকৃতিক দূৰ্যোগৰ ফলত ধ্বংস হ’ল নেকি? এবাৰ ভাবোঁ শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিবৰ সময়ত ৰুক্ম বীৰৰ লগত যুদ্ধ কৰিব লগা হৈছিল। সেই যুদ্ধয়েই ভীষ্মক নগৰ বা ৰুক্মিণী নগৰৰ ধ্বংসৰ কাৰণ নেকি? যদি সেয়া সঁচা বুলি ধৰোঁ তেন্তে কাল বিসঙ্গতি ধৰা পৰে। দ্বাপৰ যুগৰ ইতিহাস ক্ৰমৰ লগত প্ৰত্নতত্ত্ববিদৰ ১৪/১৫ শতিকাৰ স্থাপত্যৰ আকাশ পাতাল প্ৰভেদ। মোৰ বোধেৰে প্ৰাকৃতিক দূৰ্যোগহে মূল কাৰক যেন অনুভৱ হৈছে। এখন নদীয়ে এখন ঠাইৰ ইতিহাস সলাই দিব পাৰে। যেনেকৈ ব্ৰহ্মপুত্ৰই শদিয়াৰ ইতিহাস সলাই দিলে, ঠিক তেনেকৈ হয়তো এখন নদী আছিল। নদীখনৰ নাম নাছিল। খৰালি জীৰ্ণ-শীৰ্ণ দুৰ্বল। পাহাৰৰ পৰা ওলাই দিবাঙতে জীণ গৈছিল। বাৰিষা অহাৰ লগে লগে নদীখনত দেও লাগিছিল। পানী হঠাত বাঢ়িছিল। কেতিয়াবা ইমানেই পানী বাঢ়িছিল আৰু ঘৰ-দুৱাৰ গছ-গছনি উটুৱাই নিছিল৷ মানুহে নদীখনৰ নাম দেওপানী ৰাখিবলৈ বাধ্য হৈছিল। কোনে জানে যে দেওপানী নদীয়েই দেউৰী সকলক দিশহাৰা কৰা নাছিল বা ইয়েই ভীষ্মক-ৰুক্মিণী নগৰৰ ইতিহাস সলোৱা নাছিল?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!