মূৰ্গীৰ মাংস তিলৰ সৈতে
লেখক- জিম্পি বৰা শইকীয়া
উপকৰণ: মূৰ্গীৰ মাংস ১ কেজি,
নহৰু ১৫ ফোটা,
তিল ২০ গ্ৰাম,
খৰিচা ৪ চামোচ,
কেঁচা জলকীয়া নিজৰ জোখমতে,
শুকান জলকীয়া ৫ টা,
মিঠাতেল ১০০ গ্ৰাম,
নিমখ আন্দাজমতে
প্ৰণালী: কেৰাহী গৰম কৰি তেল দিব।
নহৰু আৰু শুকান জলকীয়া পিচি লব।
তেলখিনি গৰম হ’লে পিচি লোৱা নহৰু আৰু জলকীয়া দিব। তাৰ পাছত মূৰ্গীৰ মাংসখিনি দি ভাজিব।
জোখমতে নিমখ দিব।
অলপ ভজাৰ পাছত খৰিচা আৰু কেঁচা জলকীয়া দিব।
অলপ লৰাই তিলখিনি পিচি ঢালি দিব।
১৫ মিনিট কম জুইত ভাজিব। জুই বেছিকৈ দি ১০ মিনিট ভাজিব। আকৌ ১০ মিনিট কম জুইত ৰাখিব।
তাৰ পাছত নমাই থব।
আপোনাৰ তিল দিয়া মাংস তৈয়াৰ। ইয়াৰ সোৱাদ সঁচাই অপূৰ্ব।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments