অসমীয়া বিজ্ঞানভিত্তিক কল্পসাহিত্যৰ গৱেষক ড০ নৱজ্যোতি দত্তৰ সৈতে ৰঙালী বিহুৰ বৈজ্ঞানিক দিশসমূহৰ বিষয়ে অন্তৰংগ আলাপ

লেখক- সাহিত্য ডট অৰ্গ

 

অসমীয়া বিজ্ঞানভিত্তিক কল্পসাহিত্য(Science Fiction)ৰ এগৰাকী বাটকটীয়া গৱেষক, ‘উত্তৰ-স্বাধীনতা কালৰ অসমীয়া বিজ্ঞানভিত্তিক কল্প-চুটিগল্পঃ এক বিশ্লেষণাত্মক অধ্যয়ন'(Post-independence Assamese Science-fiction Short Stories : An Analytical Study) শীর্ষক গৱেষণা-গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰা ড০ নৱজ্যোতি দত্ত গৱেষণা, শিক্ষাসদী কর্মসূচী, সৃষ্টিশীল আৰু ভাষান্তৰণমূলক সাহিত্যকর্ম তথা বিভিন্ন সামাজিক কর্মসূচীৰ সমান্তৰালভাৱে চৌপাশৰ সমাজখনত বৈজ্ঞানিক চিন্তা-চর্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো ব্ৰতী হৈ আহিছে৷ যোৰহাটৰ চাৰিগাঁও মৌজাৰ বাঘমৰা অঞ্চলৰ কমাৰ গাঁৱৰ প্ৰয়াত শিক্ষক, সমাজপ্ৰাণ সর্বেশ্বৰ দত্ত আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ইন্দিৰা দত্তৰ জ্যেষ্ঠ সন্তান ড০ দত্ত সম্প্ৰতি ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান হিচাপে কর্মৰত৷ তেওঁ ৰাজ্যিক পর্যায়ৰ সম্পূর্ণ স্বেচ্ছাসেৱী সংগঠন ‘এছ. আই. ফাউণ্ডেশ্যন ফৰ মিডিয়া এণ্ড চ’ছিয়েল ৱেলফে’য়াৰ, অসম’ৰ সঞ্চালকপ্ৰধান হিচাপেও কার্যনিৰ্বাহ কৰি আহিছে৷ যোৰহাটৰ হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত বাহনা মহাবিদ্যালয়, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ড০ দত্ত অসমীয়া ভাষা-সাহিত্য(‘তুলনামূলক ভাৰতীয় সাহিত্য’ শাখা)ৰ স্নাতকোত্তৰ, হিন্দী ভাষা শিক্ষাৰ ‘ৰাষ্ট্ৰভাষা ৰত্ন’ উপাধিৰে স্বীকৃত হোৱাৰ উপৰি তেওঁ সাংবাদিকতা আৰু গণসংযোগ বিষয়ৰ স্নাতকোত্তৰ ডিপ্ল’মাৰ উপৰি স্নাতকোত্তৰ উপাধিও ইতিমধ্যে লাভ কৰিছে৷ সমাজত যথাসম্ভৱ বৈজ্ঞানিক দৃষ্টিভংগী ব্যাপ্ত কৰিব বিচৰা ড০ দত্ত শেহতীয়াকৈ মাজুলীৰ আউনিআাটী উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন বিষয়ক বৈজ্ঞানিক দৃষ্টিভংগী গঢ় দিওৱাৰ লক্ষ্যৰে বক্তৃতা প্ৰদানত ব্ৰতী হোৱাৰ উপৰি বিজ্ঞান বিষয়ক গ্ৰন্থ আৰু আলোচনীৰ পঠন-পাঠন আৰু এইসমূহক কেন্দ্ৰ কৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজনকে ধৰি বিভিন্ন কর্মসূচীত ব্যস্ত হৈ পৰিছে৷ পোনপটীয়াকৈ বিজ্ঞানৰ ক্ষেত্ৰখনৰ একাংশ লোকেও যি সময়ত কার্যতঃ বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰা দেখা নাযায়, সেই সময়ত মূলতঃ অধ্যাপনা, সাংবাদিকতাৰ প্ৰশিক্ষণ তথা সৃষ্টিশীল সাহিত্যৰে জড়িত হৈ থকা যুক্তিনিষ্ঠ চেতনাৰে পৰিচালিত ড০ দত্তৰ দৰে চিন্তন-মনন সাম্প্ৰতিক প্ৰেক্ষাপটত অতি প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰোঁ৷ এইগৰাকী স্তম্ভলেখক, সাহিত্য-সমালোচক, সাংবাদিকতাৰ বিশিষ্ট সমালোচক আৰু প্ৰশিক্ষক তথা বিশেষকৈ অসমীয়া বিজ্ঞানভিত্তিক কল্প-চুটিগল্পৰ গৱেষণাৰে ডক্টৰেট উপাধি গ্ৰহণ কৰা বিশিষ্ট সমাজ-বিশ্লেষকৰ সৈতে ৰঙালী বিহুৰ বিভিন্ন বৈজ্ঞানিক দিশ সন্দর্ভত সাহিত্য ডট অৰ্গৰ হৈ এই সংখ্যাৰ সম্পাদক ড০ নন্দিতা দত্ত-ই কৰা অন্তৰংগ আলাপৰ সম্পাদিত ৰূপত আমাৰ পাঠক-সমাজৰ বাবে আগ বঢ়োৱা হৈছে৷
***
সাহিত্য ডট অর্গঃ নমস্কাৰ! প্ৰথমে আপোনাক সাহিত্য ডট অৰ্গৰ মজিয়ালৈ স্বাগতম জনাইছোঁ৷ আমাৰ অসমীয়াৰ জাতীয় জীৱনৰ আধাৰ ৰঙালী বিহুৰ এই উখল-মাখল পৰিৱেশত বিজ্ঞানভিত্তিক কল্পসাহিত্যৰ এগৰাকী গৱেষক হিচাপে, মূলতঃ সাহিত্যৰ জগতখনৰ সৈতে জড়িত এগৰাকী ব্যক্তি হৈও বিজ্ঞান-চিন্তাৰে, বৈজ্ঞানিক মানসিকতাৰে সংপৃক্ত এগৰাকী ব্যক্তি হিচাপে আমি আজিৰ আলাপত ৰঙালী বিহুৰ সৈতে জড়িত বৈজ্ঞানিক দিশসমূহৰ সন্দর্ভত আলোচনা কৰিব বিচাৰিছোঁ৷ প্ৰথমেই, অসমীয়াৰ জনজীৱনলৈ ৰঙালী বিহুৰ বতৰা কঢ়িওৱা ‘বৰদৈচিলা’ৰ প্ৰসংগৰেই আৰম্ভ কৰোঁচোন! সকলো অসমীয়াৰ জীৱন চুই যোৱা ‘বৰদৈচিলা’ৰে জড়িত বৈজ্ঞানিক প্ৰসংগৰ সামান্য আভাস দিয়কচোন!
ড০ নৱজ্যোতি দত্তঃ অসমীয়াৰ বাবে ৰঙালী বিহুৰ বতৰা কঢ়িওৱা, চ’তৰ শেষত মাকৰ ঘৰলৈ যোৱা বুলি বিশ্বাস কৰা’বৰদৈচিলা’ স্বভাৱতে অতি ধ্বংসাত্মক যদিও ট’ৰ্নেড নামৰ ধুমুহাতকৈ কম প্ৰাৱল্যৰ৷ সর্বভাৰতীয় স্তৰত ‘কালবৈশাখী’ আৰু Norwester বৈজ্ঞানিক নামেৰে পৰিচিত বসন্তৰ বতৰৰ বতাহজাক সাধাৰণতে চ’ত-ব’হাগ অর্থাৎ এপ্ৰিলৰ মাজভাগৰ পৰা মে’লৈকে বলে৷ ঋতুৰ পৰিৱর্তনৰ লগে লগে দক্ষিণ-পূৱ দিশৰ পৰা মৌচুমী বতাহৰ প্ৰৱেশৰ ফলশ্ৰুতিতেই এই ‘বৰদৈচিলা’ৰ সৃষ্টি৷ বিভিন্ন ৰূপত বৰদৈচিলাক কল্পনা কৰি ভালপোৱা অসমীয়াই ইয়াৰ ধ্বংসাত্মক ৰূপটো থকা সত্বেও বিহুৰ সময়ৰ সৈতে থকা ইয়াৰ প্ৰাকৃতিক সম্বন্ধটোক আন্তৰিকভাৱে মানি ল’ব পৰাটোৱেই এটা বিজ্ঞানসন্মত কথা৷ একে সময়তে, কুলি-কেতেকীয়ে এই সময়ছোৱাতে আমাৰ অঞ্চললৈ প্ৰব্ৰজন কৰাটো অর্থাৎ আমাৰ বাবে ব’হাগৰ বতৰা কঢ়িওৱাটোতো সোমাই আছে প্ৰকৃতিৰ, বতৰৰ তথা চৰাইৰ প্ৰব্ৰজনৰ বিজ্ঞান৷

সাহিত্য ডট অর্গঃ ৰঙালী বিহুৰ সৈতে স্বাভাৱিকতেই বিভিন্ন ৰীতি-নীতি, পৰম্পৰা জড়িত হৈ আছে৷ এইসমূহত বিভিন্ন বৈজ্ঞানিক দিশ কেনে ধৰণেৰে জড়িত হৈ আছে, সেই সম্পৰ্কে আমাৰ পাঠকক আপোনাৰ চিন্তাৰ এটি আভাস দিয়কচোন!
ড০ নৱজ্যোতি দত্তঃ যথার্থতে বিশ্বৰ আন প্ৰান্তৰ দৰেই অসমতো কৃষিজীৱি জনগোষ্ঠীয় অসমীয়াই প্ৰকৃতিক সন্তুষ্ট কৰাৰ বাবে তাহানিতে বসন্তৰ এই সময়ছোৱাত বৰষুণ আদি কামনাৰে খেতি ভাল হোৱাৰ মানসেৰে ডেকা-গাভৰুৰ উদ্দাম যৌৱনৰ গান-নাচ কৰাৰ পৰাই এই ৰংভৰা ব’হাগ অর্থাৎ ৰঙালী বিহুৰ সৃষ্টি আৰু একেদৰেই ধানখেতিৰ ধানে গেঁৰ ধৰাৰ সময়ৰ অভাৱৰ দিনত কাতি অর্থাৎ কঙালী বিহু আৰু একেদৰে খেতি চপোৱাৰ পাছত মাঘ অর্থাৎ ভোগালী বিহুৰ উদযাপন হৈ আহিছে৷
গৰু বিহুৰ দিনা গৰুৰ গাত মাহ-হালধি-সৰিয়হৰ তেলৰ মিশ্ৰন সানি খেৰৰ নৰাৰে গা ঘঁহি দি গা ধুৱাই কৃষক-জীৱনৰ নিত্য সংগীক বছৰটোৰ বাবে সুস্থ কৰি ৰক্ষাৰ্থে বৰ্তি থকা পৰম্পৰাৰ বৈজ্ঞানিক যুক্তিযুক্ততা আছে। গৰু ধুওৱা হালধি, লাও, বেঙেনা, তিয়ঁহ আদিৰ ছাট ওচৰ-চুবুৰীয়া তথা গাঁওবাসীৰে বিনিময় কৰাটোও সম্প্ৰীতিমূলক প্ৰথা৷ গৰু ধুওৱা, গালৈ ছাটৰ বস্তুবোৰ ছটিওৱাৰ পাছত থাকি যোৱা মাহ-হালধিৰে মানুহেও গা ধোৱাটো এটা স্বাস্থ্যসন্মত কথা৷ চাটৰ এই বিভন্ন গুণেৰে পৰিপূর্ণ বস্তুখিনি পাছত ঘৰৰ মানুহে ভাজি খোৱাটোও এক স্বাস্থ্যকৰ কথা৷ গা ধুওৱাৰ পাছত পথাৰত গৰুবোৰক চৰিবলৈ দিয়াৰ অন্তত যেতিয়া ঘৰলৈ ঘূৰি আহে, গোহালিত বিহলঙনি, লাইজাবৰি, মৰলিয়া, মাখিয়তী আদি জাপি দি ধানখেৰৰ ‘যাগ’ দিয়াটোৱে গৰুবোৰক মহ-ডাঁহৰ পৰা ৰক্ষা কৰে৷ আগন্তুক বছৰটোৰ বাবে খেতি-বাতিৰ বাবেই হওক, গাখীৰৰ বাবেই হওক চহা-জীৱনৰ নিত্য লগৰীয়া গৰু-গাইৰ মংগল কামনা কৰি পালন কৰা এই বিজ্ঞানসন্মত পৰম্পৰা বিশ্বতে বিৰল৷ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানী ছটিওৱাৰ পৰম্পৰাইও গোধনক সাপ আদিৰ পৰা বচাব খোজাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ সাতামপুৰুষীয়া অভ্যাসকে প্ৰকাশ কৰে৷ হয়। গোহালিত সোমাওঁতে মাহ-হালধি বটি সেই মিশ্ৰণেৰে গোধনৰ কপালত ফোঁট দি নিমখীয়া পিঠা খাবলৈ দি ডিঙিত তুলসী-দূবৰি গুজি দিয়া তৰাৰে তৈয়াৰী নতুন পঘাও দিয়া হয়। স্বাস্থ্যকৰ এইসমূহ নিয়মৰ লগতে মাখিয়তীৰ পাতেৰ গৰুৰ গাত ‘মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাঁত জাঁত’ বুলি কৈ লাহেকৈ কোবোৱাটোৱেও মহ-ডাঁহৰ পৰা গোধনক বচোৱাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাকে সোঁৱৰায়৷ বছৰটোৰ বাবে নতুন বিচনীৰ বা সেইদিনাৰ পৰাহে লোৱাৰ বাবে থকা নিয়মটোৱেও সামান্য উত্তাপতেই বিচলিত নোহাৱাৰ বাবে থকা অসমীয়া মানুহৰ চিৰকলীয়া পৰম্পৰাগত সংযম বিষয়ক বৈজ্ঞানিক চিন্তাৰ দিশটোকে প্ৰমাণ নকৰে জানো! বিহুৰ লগত সংগতি ৰাখি তাহানিৰে পৰা হৈ অহা ম’হযুঁজ, কুকুৰা যুঁজ আদি বিভিন্ন খেল-ধেমালিৰ বৈজ্ঞানিক দিশবোৰৰ প্ৰসংগৰ কথাতো আছেই!
বিহুৰ উপলক্ষত জীয়ৰী-বোৱাৰীকে ধৰি ঘৰৰ আনসকলেও জেতুকা পাত পাণ, থেকেৰা, ডালিম আৰু মধুৰিআমৰ কোঁহৰ সৈতে আদি পটাত খুন্দি হাতৰ তলুৱা, হাত-ভৰিৰ নখত সনা বা হাতৰ তলুৱাত বেছিকৈ ৰং ধৰিবলৈ আন গাভৰুৰ লগতে বিশেষকৈ বিহুৰ নাচনিয়ে জেতুকাৰ মিশ্ৰণখিনি গোটেই ৰাতিটো বান্ধি ৰখাৰ পৰম্পৰাইও জেতুকাই ছালৰ অসুখ-বিসুখ হ’বলৈ নিদিয়াকৈ ৰাখি বা হ’লেও নিৰাময় কৰাৰ স্বাস্থ্য ৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত অসমীয়া জনগণৰ পৰম্পৰাগত সচেতনতাকে সূচায়৷
প্ৰাসংগিক যে ৰাইজৰ চোতাল গৰকি মৰা বিহু সাতবিহুৰ দিনা আহত বা বৰগছৰ তলত বিহু মাৰি, গছজোপালৈ বিহুৱান এখন আগ বঢ়াই, সেৱা-সৎকাৰ কৰি বিহুৰ সামৰণি মৰাটোৱে প্ৰকৃতিৰ লগত বিহুৰ, অসমীয়া ৰাইজৰ অপোন সমন্ধক সোঁৱৰাই দিয়ে৷ আহতৰ দৰে গছবোৰে আমাৰ উশাহৰ বাবে প্ৰয়োজনীয় অক্সিজেন পর্যপ্ত পৰিমাণে যোগান ধৰে বাবেও কিজানি তাহানিৰে পৰাই বহু মানুহে মুকলিকৈ সমূহীয়াকৈ বিহু মাৰিবলৈ এই আঁহতৰ তলেই বিচাৰি লৈছিল! গছৰ প্ৰতি অসমীয়াৰ সন্মানৰ পৰম্পৰাও এই নিয়মে সোঁৱৰায় দিয়ে৷

সাহিত্য ডট অর্গঃ ৰঙালী বিহুৰ খাদ্যাভাসত জড়িত হৈ থকা বিজ্ঞানসন্মত দিশবোৰৰ বিষয়ে আমাৰ পাঠকক অলপ জনাওকচোন!
ড০ নৱজ্যোতি দত্তঃ বিহুৰ পিঠা-পনাকে ধৰি অসমীয়া জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ স্বাস্থ্যকৰ দিশটোৰ বিষয়ে আমি সকলোৱে অলপ-অচৰপ হ’লেও জানোৱেই৷ এই পিঠা-পনাত ব্যৱহাৰ কৰা তিল দেহৰ ছাল উজ্জ্বল আৰু দেহৰ মাংসপেশী শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয়। ক’লা তিলত আমাৰ সুস্বাস্থ্যৰ বাবে জৰুৰী আঁহ থকাৰ লগতে এণ্টিঅক্সিডেণ্টৰ গুণ, মেগনেছিয়াম, ট্ৰায়’ফেন, আইৰন, মেংগানিজ, কেলচিয়াম, ফছফৰাছ, জিংক, ভিটামিন বি-১ আদিও থাকে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰাৰ লগতে গাঁঠিৰ বিষতো এইসমূহ উপাদান বৰ উপাদেয়৷ তদুপৰি দৈ, কোমল চাউলৰ জা-জলপানৰ লগতে আমৰলি পৰুৱাৰ টোপ আদিৰ খাদ্যাভাসৰ যি স্বাস্থ্যসন্মত গুণৰাশি, সেয়াও স্বীকাৰ কৰিব লাগিব৷ অৱশ্যে, পৰিৱর্তিত পৰিস্থিতত প্ৰকৃতিৰ সন্তুলনৰ স্বার্থত আমৰলি পৰুৱা আদিৰ সংৰক্ষণৰ কথাটোতো গুৰুত্ব দিয়াটোও এটা বিজ্ঞানসন্মত পদক্ষেপ হ’ব৷ বিহুৰ বিভিন্ন গীতমাতত সমকালৰ বিভিন্ন ঘটনা আদি সমাহিত হৈ পৰাৰ কথাটোৰ লগতে মূলতঃ হয়তোবা শংকৰদেৱৰ নৱবৈষ্ণৱ চিন্তাৰ প্ৰভাৱতেই সংযোজিত হোৱা ‘এটা বাতিত নহৰু, এটা বাতিত পনৰু…’ আদি আশীর্বাদত থকা শাক-পাচলিসমূহৰ বৈজ্ঞানিক গুৰুত্বকো আমি একাষৰীয়াকৈ থ’ব নোৱাৰোঁ৷ সাতবিহুৰ ভিতৰতে এশ এবিধ বনশাক খোৱাৰ পৰম্পৰা ৰক্ষাৰ কথাইও জানো অসমীয়া সমাজৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পূর্বাপৰে পৰা থকা প্ৰাকৃতিক সচেতনতাৰ কথা নুসূচায়! উজনিৰ লগতে নামনি অসমৰ বিভিন্ন ঠাইতো সাতবিহুত খাদ্যাভাসকে ধৰি বিভিন্ন পৃথক পৃথক পৰম্পৰা আছে৷ গৰু বিহু বা মানুহ বিহুৰ দিনা ঠাইবিশেষে দুপৰীয়া আগদিনাৰ পইতা ভাত খোৱা বা ব’হাগৰ প্ৰথম সাজ ভাতত তিতা খোৱাৰ লগত জড়িত প্ৰসংগইও অসমীয়াৰ স্বাস্থ্যজ্ঞানৰে ইংগিত দিয়ে৷ বিহুৰ লগত জড়িত বিভিন্ন সামাজিক কর্মৰ তামোল-পাণৰ ব্যৱহাৰে অসমীয়া জনজীৱনত তামোল-পাণৰ গুৰুত্ব বুজোৱাৰ লগতে কম পৰিমাণত ব্যৱহাৰে মনত আনন্দ উৎপন্ন কৰাৰ উপৰি আন দৈহিক লাভালাভো যে সম্পন্ন কৰে, সেই কথাও ভবাৰ অৱকাশ আমাক প্ৰদান কৰে৷

সাহিত্য ডট অর্গঃ বিহুৰ সাজপাৰৰ ক্ষেত্ৰত বিভিন্ন বৈজ্ঞানিক দিশ কেনেদৰে পৰিলক্ষিত হয়? অলপ আভাস দিয়কচোন!
ড০ নৱজ্যোতি দত্তঃ বিহুৰ সৈতে জড়িত গামোচা, ৰিহা, মেখেলা, টঙালিকে ধৰি বিভিন্ন জাতীয় বস্ত্ৰ; নাচনীৰ হাতৰ গামখাৰু, ডিঙিত জোনবিৰি-ঢোলবিৰি, কাণত কেৰুমণি; তাঁতশালকে ধৰি বিভিন্ন প্ৰাসংগিক সামগ্ৰী, সূতা আদিৰে সম্পৰ্কিত এৰি-মুগা-পাট আদি বিভিন্ন পলু আৰু সেইসমূহ পোহাৰ প্ৰণালী তথা পৰম্পৰা আৰু কেচেৰু, নুনীকে ধৰি বিভিন্ন গছসমূহৰে সম্পৰ্কিত আমাৰ জাতীয় জীৱনৰে জড়িত বিভিন্ন বিজ্ঞানসন্মত কথাবোৰলৈও আমি মন কৰিব পাৰোঁ৷ তদুপৰি, বিহুগীতত সঘনে উল্লেখ থকা আৰু বিহুতলীৰ নাচনীৰ কলডিলীয়া খোপা শুৱনি কৰা, তাহানিৰ দিনত পাহাৰ বগাই বগাই প্ৰেমিক ঢুলীয়া, বিহুৱা ডেকাই নাচনীক আনি দিয়া হেঁপাহৰ Foxtail Orchid (বৈজ্ঞানিক নামঃ Rhynchostylis retusa) অর্থাৎ আমাৰ মৰমৰ কপৌ ফুলপাহ যে অর্কিডৰ হাজাৰ প্ৰজাতিৰে এবিধ আৰু সৌন্দর্যৰ লগতে ই যে বিভিন্ন ঔষধি আৰু সুগন্ধি গুণেৰে পৰিপূর্ণ, সেই কথাও আমি জনাটো নিতান্তই প্ৰয়োজনীয়৷ একেই কথা, সুগন্ধিয়ে সাপ আকর্ষণ কৰা কাঁইটেৰে পৰিৱেষ্টিত অৱস্থাৰ পৰা ছিঙিবলগীয়া হোৱা বিহুৰ বাবে অপৰিহার্য কেতেকী ফুলপাহৰ ক্ষেত্ৰতো৷

সাহিত্য ডট অর্গঃ আমাৰ বিহুনাচ -বিহুনাম-বিহুবাদ্যৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিজ্ঞানসন্মত প্ৰসংগবোৰৰ বিষয়ে এটি চমু আভাস দিয়কচোন! ড০ নৱজ্যোতি দত্তঃ আমাৰ বিহুনামবোৰলৈ সময়ে কঢ়িওৱা পৰিৱর্তনবোৰক যিদৰে অস্বীকাৰ কৰিব নোৱাৰোঁ, একেদৰে অস্বীকাৰ কৰিব নোৱাৰোঁ এই পৰম্পৰাগতভাৱে চলি অহা অহা গীতবোৰত সমাহিত সময়ৰ স্বাক্ষৰৰ বিজ্ঞানসন্মত দিশটোও! বিহু নাচত সোমাই থকা বিভিন্ন ভংগিমাৰ অনুশীলন আমাৰ শৰীৰৰ বাবে উপকাৰী হোৱাৰ লগতে যুগ যুগ ধৰি চলি অহা এই নাচৰ বিভিন্ন অংগী-ভংগী যে কার্যতঃ আমাৰ জীৱন-যৌৱনৰে বিভিন্ন অনুভৱৰ প্ৰকাশ, সেই কথাও বিজ্ঞানসন্মত দৃষ্টিভংগীৰে অনস্বীকার্য৷ বিহুৰ সৈতে জড়িত ঢোল, পেঁপা, টকা, গগণা আদি বিভিন্ন বাদ্যযন্ত্ৰ আৰু এইসমূহৰ বাদন-কৌশল তথা এইসমূহৰ বাজনাই আমাৰ শৰীৰ আৰু মনত পেলোৱা যোগাত্মক প্ৰভাৱৰ কথা ক’বলৈ গ’লেও দীঘলীয়া হ’ব৷ ঢোল-পেঁপা নিৰ্মাণৰ প্ৰসংগতো সোমাই আছে বিজ্ঞানৰ কত যে কথা!!

সাহিত্য ডট অর্গঃ আপোনাৰ কথাখিনিয়ে আমাৰ পাঠক-সমাজক বহু পৰিমাণে উপকৃত কৰিব বুলি ভাবিছোঁ৷ এই সন্দর্ভত বহু কথাই বহলাই পাতিবলগীয়া আছে৷ আজিৰ আলাপৰ আমি ইতি পেলাব বিচাৰিছোঁ৷ শেষত ৰঙালী বিহুৰ সৈতে জড়িত বিভিন্ন বৈজ্ঞানিক দিশ আৰু আমাৰ থাকিবলগীয়া বিজ্ঞানসন্মত চিন্তাৰ বিষয়ে সামগ্ৰিকভাৱে আপুনি কি ক’ব বিচাৰিব?
ড০ নৱজ্যোতি দত্তঃ তাহানিৰ পথাৰৰ বিহু, ৰাতি বিহু, জেং বিহু আদি আহোম ৰজাৰ পৃষ্ঠপোষকতাত চোতালৰ বিহু হোৱাৰ পৰৱর্তী সময়ত আজিৰ তাৰিখত মঞ্চৰ বিহু হৈ পৰিছে যদিও, বহু পৰিৱর্তন বিহুলৈ আহিছে যদিও আজিৰ তাৰিখতো আমাৰ ৰঙালী বিহুটি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সংমিশ্ৰণেৰে সঁচাকৈ জাতীয় উৎসৱ হৈয়েই আছে৷ সাতবিহুৰ নামকৰণকে ধৰি কোনো কোনো ক্ষেত্ৰতো নৱবৈষ্ণৱ ধৰ্মৰ কিছু প্ৰভাৱ ঠাইবিশেষে পৰিলক্ষিত হৈছে যদিও, কোনো ধৰ্মীয় ৰহনে এই পর্যন্ত বিশেষভাৱে ৰঙালী বিহুৰ গৌৰৱ ম্লান কৰিব পৰা নাই৷ মধ্যযুগত মহাপুৰুষ শংকৰদেৱ প্ৰৱর্তিত নৱবৈষ্ণৱ নামধর্মৰ প্ৰভাৱত বিহুৰ দিনা ঘৰ-দুৱাৰ সৰা-মচা কৰা, জ্যেষ্ঠজনক সেৱা কৰা, নামঘৰত সমূহীয়াকৈ বছৰটো সকলোৰে বাবে মংগলময় হোৱাৰ কামনাৰে নামকীর্তন কৰা আদি কিছুমান ধৰ্মীয় সাঁচ থকা আনুষ্ঠানিকতা আৰু হুঁচৰি তথা ঘোষা-পদৰ অনুষ্ঠানে বিহুৰ মাজত স্থান পালে যদিও সামগ্ৰিকভাৱে সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত যোগাত্মক ছবিখনলৈ মন কৰিলে এইসমূহৰ বিশেষকৈ ঘৰ সৰা-মচা, জ্যেষ্ঠজনক সেৱা কৰা আদিৰ বৈজ্ঞানিক গুৰুত্বক অস্বীকাৰ কৰিব নোৱাৰি৷ দৰাচলতে, আটাইকেইটা বিহুৰ কথা বাদেই; কেৱল ৰঙালী বিহুৰ প্ৰসংগতে যদি সাধাৰণভাৱে ক’বলৈ যাওঁ বা ইয়াৰ বিভিন্ন আনুষংগিক দিশসমূহৰে জড়িত বিজ্ঞানসন্মত প্ৰসংগবোৰৰ বিষয়ে পঠন-পাঠন বা আলোচনাৰ মাধ্যমত যিখিনি জানিবলৈ সক্ষম হৈছোঁ, সেইখিনি যৎসামান্যকৈ যদিও অৱলোকন কৰাৰ প্ৰয়াস কৰোঁ; তেতিয়াও কার্যতঃ কথাবোৰৰ ওৰকে নপৰে৷ লগতে মই ক’বলৈ বিচাৰোঁ যে ৰঙালীৰ বতৰত অসমত প্ৰায় প্ৰতিখন বিহুমেলাতেই ‘বৃক্ষৰোপণ'(হ’ব লাগে ‘গছপুলি ৰোপণ’)ৰ কার্যসূচী লোৱা হয় যদিও বহু ক্ষেত্ৰতেই সেই গছপুলিসমূহৰ যথার্থ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে সংশ্লিষ্টসকল যত্নপৰ হোৱা দেখা নাযায়৷ আনকি, পাছৰ বছৰত আগৰ পুলিটোৰ কোনো খবৰ নৰখাকৈয়ে একে ঠাইতে পুনৰ আন এটা গছপুলি ৰোপণৰ কথাও শুনা যায়৷ কেতিয়াবা আনকি বিহুমেলাৰ সমাপন নৌহওঁতেই ৰোপণ কৰা উপযুক্ত বেৰা আদিৰ অভাৱত গছপুলিটোৰ জীৱনাৱসানেই ঘটেগৈ৷ এই কথাবোৰৰ ক্ষেত্ৰত সচেতন হোৱাৰ লগতে প্ৰকৃতিৰ গছ-বন, ঔষধি উদ্ভিদৰাজি তথা শগুণ, ঘৰচিৰিকা আদি বিভিন্ন চৰাই-চিৰিকটি, মাছৰ প্ৰজাতি, নানাবিধ দুস্প্ৰাপ্য জীৱ-জন্তু আদি সংৰক্ষণৰ প্ৰয়াসেৰে আমাৰ আৰু জীৱকুলৰ বর্তমানৰ লগতে সমাগত প্ৰজন্মসমূহৰ ভৱিষ্যতৰ বাবে প্ৰকৃতিক সংৰক্ষণ কৰাৰ বাবে আমি অসমীয়াসকল সংকল্পবদ্ধ হোৱাৰ বাবে এই ব’হাগৰ বতৰেই জানো উপযুক্ত সময় নহয়! সেই কথাও আমি ভাবিব লাগিব৷ যিয়েই নহওক, আমাৰ হেঁপাহৰ ৰঙালী বিহুটিৰ উদযাপনৰ সমান্তৰালকৈ আমাৰ ৰাইজে যদি ইয়াৰে জড়িত বৈজ্ঞানিক দিশবোৰ জনাৰো প্ৰয়াস কৰে, তেতিয়াহ’লে মই ভাবোঁ সামগ্ৰিকভাৱে আমি অসমীয়া জাতিটোৱেই উপকৃত হ’ম৷
সাহিত্য ডট অর্গঃ আপোনাৰ ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ যাচিছোঁ৷ আপোনালৈ আমাৰ তৰফৰ
পৰা ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ উপলক্ষত আন্তৰিক শুভকামনা যাচিছোঁ৷
ড০ নৱজ্যোতি দত্তঃ ধন্যবাদ ! ময়ো আপোনালোকৰ লগতে আপোনালোকৰ জৰিয়তে সকলো অসমীয়া তথা অসমপ্ৰাণ ব্যক্তিলৈ ৰঙালীৰ শুভকামনা আৰু সমাগত নতুন সময়ৰ বাবে আত্মিক ওলগ যাচিছোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!