ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে

লেখক- জ্যোতিস্মিতা দেৱী

“মই মাটিৰ গড় বান্ধিম খহিব, কাঠৰ গড় বান্ধিম পছিব,
মই কথাৰ গড় বান্ধি দিছোঁ প্ৰাণপৰিভূগী হ’ব।”
-দেউধাই অসম বুৰঞ্জী

কথা ক’ব পৰা ক্ষমতাটো ব্ৰহ্মাণ্ডই আমাক দিয়া সৰ্বোত্তম উপহাৰ। যিমান জটিল আৰু ভিন্নতাৰে মানুহৰ কণ্ঠই শব্দৰ সৃষ্টি কৰিব পাৰে আন কোনো জীৱই সেয়া নোৱাৰে। আমাৰ মনৰ মাজত থকা সকলো ভাৱনা আন এজন ব্যক্তিৰ সৈতে ভাগ-বতৰা কৰিব পৰা মাধ্যমটোৱেই হৈছে যোগাযোগ। যোগাযোগৰ পৰিধি বৰ বিশাল। জীৱজগতৰ সকলো প্ৰাণীৰে নিজৰ মাজত যোগাযোগাৰ ভাষা থাকে। শেহতীয়া তথ্য অনুসৰি গছেও নিজৰ মাজত কথাৰ ভাগ-বতৰা কৰে বুলি প্ৰমাণিত হৈছে।
সম্প্ৰতি জীৱশ্ৰেষ্ঠৰ মুকুট পিন্ধি লোৱা মানৱ সমাজে সভ্য হ’বলৈ শিকাৰ আগৰে পৰা বিভিন্ন মাধ্যমেৰে ভাবৰ আদান-প্ৰদান কৰি আহিছে। ক্ৰমবৰ্ধমান ৰূপত মানৱ জাতি সকলো ফালৰ পৰা বিকশিত হৈ আজিৰ আধুনিক মানৱলৈ ৰূপান্তৰ হোৱাৰ লগে লগে যোগাযোগৰ মাধ্যমো সাংকেতিকৰ পৰা আজিৰ ডিজিটেল মাধ্যম পালেহি। কিন্তু মাধ্যম লগিলে যিয়েই নহওক, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তাৰ দ্বাৰা প্ৰকাশিত হোৱা ভাবৰ প্ৰতিফলননো কেনেদৰে হয়? অৰ্থাৎ যোগাযোগৰ মাধ্যম চিঠি হওক বা মেইল, এছএমএছ হওক বা ৱাট্‌চএপ মেছেজ, টেলিফোনৰ বাৰ্তালাপ হওক বা কাৰোবাৰ সমুখত বহি হোৱা কথোপকথনেই হওক, কথাবোৰ সুগঢ়িত হোৱাটো শ্ৰেয়। আমাৰ কথাবোৰ সালংকৃত হোৱাতকৈ শালীন হোৱাটো অধিক গুৰুত্বপূৰ্ণ। বাৰ্তা প্ৰেৰণ কৰোঁতাই বাৰ্তা গ্ৰাহকক মনৰ বৃত্তান্ত পঠিয়ায়। কিন্তু সেই বৃত্তান্ত কিমানদূৰ প্ৰভাৱশালী হ’ব পাৰে সেয়া নিৰ্ভৰ কৰে প্ৰেৰকৰ উপস্থাপনৰ ওপৰতহে। যিটো বিষয়ক আমি ইংৰাজীত ‘ইফেক্টিভ কমিউনিকেচন’ (Effective communication) বুলি কওঁ, যাৰ অসমীয়া প্ৰতিশব্দ হ’ব প্ৰভাৱশালী যোগাযোগ। আমি কি কথা কৈছোঁ তাতোকৈ অধিক প্ৰভাৱশালী প্ৰসংগ হৈছে আমি কথাষাৰ কেনেদৰে কৈছোঁ৷ ভাষাক এনেদৰে সৃষ্টি কৰি লোৱা হৈছিল যে তাৰ উচ্চাৰণেই মনৰ অনুভূতিক বুজাবলৈ যথেষ্ট হৈ পৰে। আমি উচ্চাৰণ কৰা শব্দৰ ধ্বনিসমূহে আমাৰ শৰীৰৰ প্ৰতিটো শক্তি কেন্দ্ৰক প্ৰভাৱিত কৰে আৰু তাৰ প্ৰতিক্ৰিয়া মন-মগজুলৈকে প্ৰসাৰিত হয়।

বহু সময়ত আমি আমাক আনৰ আগত তুলি ধৰাৰ পৰত নিজকে আভূষণেৰে সজাই লওঁ। সেই আভূষণ বাহ্যিক অথবা অভ্যন্তৰীণ দুটা ৰূপত প্ৰকাশ হ’ব পাৰে। বাহ্যিক ৰূপত হ’লে সেয়া হ’ব আমি পিন্ধি লোৱা সাজযোৰ বা জোতাযোৰ, হাতত পিন্ধি ওলোৱা ঘড়ীটো অথবা কিছু দামী প্ৰসাধন৷ আনহাতে অভ্যন্তৰীণ আভূষণৰ ৰূপত আমি পৰিধান কৰোঁ আমাৰ ব্যক্তিত্বক। সুগঢ়িত ব্যক্তিত্বক বাদ দি আমাৰ বাহ্যিক আৱৰণখন তেনেই তাৎপৰ্যহীন হৈ পৰে। যোগাযোগৰ ক্ষেত্ৰতো কথাবোৰ প্ৰায় একেধৰণৰে হয়গৈ। ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে আমি যোগাযোগক মূলত ‘লিখিত’ আৰু ‘মৌখিক’ দুটা ভাগত ভগাই ল’ব পাৰোঁ। দুয়োটা ক্ষেত্ৰতেই আমি জানিব লাগিব যে কোন সময়ত কেনেধৰণৰ অভিব্যক্তিৰে মনৰ ভাববোৰ প্ৰকাশ কৰিম৷ সকলো বাহ্যিকতা পৰিহাৰ কৰি মূল কথাষাৰ সহজ সৰলভাৱে তুলি ধৰা কথাবোৰ আমাৰ প্ৰত্যেকৰে অধিক মনোগ্ৰাহী হৈ উঠে। মূল বিষয়ৰ পৰা ফালৰি কাটি গৈ আনুষংগিক কথাৰে স্থান আৰু কাল আৱৰি ৰাখিলে মূল কথাবোৰৰ যথাৰ্থ মূল্য কমি আহে।

“মুখখন হৃদয়ৰ দাপোন”— চকু-মুখৰ অভিব্যক্তিত এজন ব্যক্তিৰ ওচৰত আপোনাৰ মান্যতা অথবা গুৰুত্ব ফুটি উঠিব পাৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কথোপকথনৰ ক্ষেত্ৰত মাথোঁ ৭% হে শব্দৰে প্ৰকাশ কৰা হয়, বাকী ৯৩% পৰিস্ফুত হয় মনৰ অনুভূতিবোৰ প্ৰকাশৰ বাবে প্ৰদৰ্শন কৰা আমাৰ শৰীৰৰ ভাষা (body language), প্ৰকাশভংগী, মুখভংগী অথবা বচনভংগী আদিৰ অভিব্যক্তিৰ দ্বাৰা।

একেষাৰ কথাকে আমি কেইবাধৰণেও উপস্থাপন কৰিব পাৰোঁ। আমাৰ সমুখত থকা ব্যক্তিজনৰ লগত আমি কেনেদৰে সংযোগ স্থাপন কৰোঁ সেয়া সম্পূৰ্ণ আমাৰ নিজৰ দায়িত্ব। আমি কোৱা কথা এষাৰ কেনেদৰে প্ৰকাশ কৰিলে সমুখৰ ব্যক্তিজনে কথাষাৰৰ গুঢ়তা বুজি উঠিব সেয়া নিৰ্ভৰ কৰে আমি কথাষাৰ তেখেতৰ আগত কেনেদৰে উপস্থাপন কৰিছোঁ। বহু সময়ত আমি ব্যৱহাৰ কৰা শব্দ হয়তো একেবোৰেই হয়, কিন্তু শব্দবোৰৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি মানুহৰ মাজত তাৰ প্ৰতিক্ৰিয়া ভিন্ন হয়। সমুখৰ ব্যক্তিজনৰ চকুত চকু থৈ, মাৰ্জিত কণ্ঠেৰে, স্পষ্ট শব্দৰে, শান্ত সৌম্য ব্যক্তিত্বৰে তুলি ধৰা যিকোনো কথা ব্যক্তিজনে শুনিবলৈ বাধ্য হৈ পৰে। তেনেদৰে কিছুমান ব্যক্তিৰ কথাত যেন সন্মোহিনী শক্তিহে থাকে৷ তেওঁলোকৰ শৰীৰৰ ভংগিমা, চকুৱে মুখে ফুটাই তোলা মনৰ অভিব্যক্তিয়ে কথাবোৰক এনেভাৱে উপস্থাপন কৰে যে সেয়া আমাৰ অন্তৰত সাঁচ বহুৱাব পৰাকৈ যথেষ্ট। কথাৰে মানুহক বেৰিবও পাৰি এৰিবও পাৰি। শব্দৰ শক্তি সাংঘাতিক ধৰণৰ প্ৰভাৱশালী, সেয়ে হয়তো শব্দক ব্ৰহ্মৰ লগত তুলনা কৰে৷

আমি প্ৰায়ে দেখিবলৈ পাওঁ যে জীৱ-জন্তুবোৰে অতি সহজে প্ৰতিক্ৰিয়া কৰে, কাৰণ সিহঁতবোৰ প্ৰতিৰক্ষামূলক হয়। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ ক্ষেত্ৰত আমিও কেতিয়াবা যুক্তি তৰ্কত লিপ্ত হৈ পৰোঁ৷। পেচাদাৰী পৃথিৱীখনতো মানুহৰ ব্যৱহাৰবোৰেই কোনো সময়ত মানুহৰ উগ্ৰতাৰ পৰিচয় হৈ পৰে।
মানুহ হিচাপে যোগাযোগৰ ক্ষেত্ৰত আমি প্ৰকৃততে কৰিব পৰা কামবোৰ এনেধৰণৰ হোৱা উচিত—
• প্ৰথমতে সমুখৰ ব্যক্তিজনৰ কথা মনোযোগেৰে শুনিব লাগে। সমুখৰ ব্যক্তিজনৰ লগত সামঞ্জস্য ৰক্ষা কৰি যোগাযোগ স্থাপন কৰিবলৈ হ’লে এজন ভাল বক্তা হোৱাৰ লগতে এজন ভাল শ্ৰোতা হোৱাটো নিতান্তই প্ৰয়োজনীয়।
• নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখি শুনা কথাবোৰত অন্তৰ্নিহিত তথ্যক প্ৰণালীবদ্ধভাৱে মনতে জুকিয়াই লৈ কথাষাৰৰ বাস্তবিকতাক উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে।
• কিছু মুহূৰ্তৰ অন্ততঃ জুকিয়াই লোৱা কথাবোৰ এবাৰ বিবেকেৰে চিন্তা কৰি তাৰ পাছতহে আমি কথাষাৰৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা বা তাৰ প্ৰত্যুত্তৰ দিয়া উচিত।

প্ৰত্যুত্তৰৰ ক্ষেত্ৰত নিজৰ অভিব্যক্তিৰ ওপৰত সদায় সজাগ হোৱাটো অতি প্ৰয়োজনীয়। বহু সময়ত তেনে কিছুমান প্ৰতিক্ৰিয়াৰ বাবে হয়তো আমি নিজেই অনুশোচনাত ভুগিবলগীয়া হ’ব পাৰে৷ এজনে কথা এষাৰ কোৱামাত্ৰেই তাৰ অভিব্যক্তি প্ৰকাশ কৰিবই লাগিব বা প্ৰত্যুত্তৰ দিবই লাগিব বুলি কোনো বাধ্যবাধকতা নাথাকে। কাৰোবাৰ পৰা পোৱা ৰূঢ় ব্যৱহাৰৰ পাছতো, সেই ব্যৱহাৰে মনত খুন্দিয়াই থোৱাৰ পাছতো আমি যদি কিছু ক্ষণ ৰৈ লওঁ, ধৈৰ্য সহকাৰে আৰু সুস্থিৰতাৰে আমি সেই কথাষাৰৰো এটা সুগঢ়িত উত্তৰ দিব পৰা হ’মগৈ। কাৰণ আমাৰ প্ৰতিটো অভিব্যক্তিত ফুটি উঠে আমাৰ সংস্কাৰ। আমি প্ৰতিজনেইতো বাহিৰলৈ গৈ প্ৰথমতে আমাৰ ঘৰখনকে প্ৰতিনিধিত্ব কৰোঁ। যোগাযোগ এটা কলা, ই দৈৱনিৰ্ধাৰিত নহয়, ইয়াক আয়ত্ব কৰিব পাৰি।

আমি বাৰু কেতিয়াবা অনুভৱ কৰোঁনে যে যিজনক আমি কিবা অকমানো বেয়াকৈ কওঁ, তাৰ পাছত তেওঁৰ মনৰ অৱস্থাই কি ৰূপ ল’ব পাৰে, টানকৈ কোৱা সেই কথাষাৰক কোমলাবলৈ আমি বাৰু দুনাই সুযোগ পামনে; কথাৰ বাণেৰে গোট মৰা অনুভূতিবোৰ আকৌ কেতিয়াবা আগৰ দৰে মুকলিমূৰীয়া হ’ব পাৰিবনে৷

এই সকলোবোৰৰ সমিধান পাব পৰাকৈ শেষত এটা হৃদয়স্পৰ্শী ঘটনা উল্লেখ কৰিবলৈ লৈছোঁ:
সেয়া সময় আছিল ১৯৩৯ চন, পৃথিৱী তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ কৱলত। জাৰ্মানীৰ দুটা সন্তানেৰে সৈতে এটা পৰিয়ালত শত্ৰু সেনাই তালাচী চলালে। পিতৃ-মাতৃ আৰু দুই সন্তানক সেনাই কৰায়ত্ব কৰি পৃথকে পৃথকে লৈ গ’ল। পিতৃ-মাতৃৰ ঠিকনা নোহোৱা হ’ল আৰু দুই সন্তানক লৈ যোৱা হৈছিল ৰেল ষ্টেচনলৈ, ডাঙৰ সন্তানটো এজনী চৈধ্য বছৰীয়া ছোৱালী আৰু সৰুটো আঠ বছৰীয়া ল’ৰা। মধ্যবিত্ত পৰিয়ালৰ দুটা সন্তানে এৰাতি ষ্টেচনতে কটালে। পিছদিনা তালৈ ৰেল এখন আহিল আৰু সিহঁতক ৰেলত তুলি লৈ যোৱা হ’ল। ক’ত লৈ যাব সেয়া সিহঁতেও নাজানে। তেনেতে ছোৱালীজনীয়ে দেখিলে ভায়েকে খেলি থাকোঁতে তাৰ জোতাযোৰ ষ্টেচনতে এৰি থৈ আহিল। দুখ, খং, ভোক, শোক সকলো উজাৰি ভায়েকক তাই জোৰেৰে কাণ মুচৰিলে, খুব চিঞৰি চিঞৰি যিমান পাৰে তাক গালি পাৰিলে। ঠিক সেই সময়তে আন দুজন মানুহ আহি দু্য়ো বায়েক ভায়েকক পৃথক কৰি আঁতৰাই লৈ গ’ল। যুদ্ধৰ শাম কাটিল, এদিন ছোৱালীজনী নিজৰ ঠাইলৈ উভতি আহিল, কিন্তু তাইৰ ভায়েকক আৰু কেতিয়াও বিচাৰি নাপালে। জীয়াই থকালৈকে এটা কথাই তাইক আটাইতকৈ বেছি কষ্ট দিলে যে তাই যদি শেষবাৰৰ বাবেও ভায়েকক মাতষাৰ ভালকৈ দিলেহেঁতেন৷

এৰা! আমিতো ক’ব নোৱাৰোঁ কোন আষাৰ মাত কাৰ বাবে জীৱনৰ শেষ আষাৰ মাত হয়৷ জীৱনততো এয়াও নিশ্চিত নহয় যে কাষতে বহি থকা আপোনজনক পুনৰায় কেতিয়া সম্বোধন কৰিব পাৰোঁ৷ সেয়ে আমি কথাবোৰ এনেদৰে কওঁচোন, সেয়া যেন আমাৰ জীৱনৰ শেষ আষাৰ কথাহে৷

সশ্ৰদ্ধা কৃতজ্ঞতাৰে
-জ্যোতিস্মিতা দেৱী
সম্পাদক, সাহিত্য ডট অৰ্গ
একাদশ বৰ্ষ, সপ্তম সংখ্যা, ফাগুন মাহ, ১৯৪৩ শকাব্দ

এই সংখ্যাটোৰ আঁৰত-

একাদশ বৰ্ষৰ সপ্তম সংখ্যাটোৰ আঁৰত

‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ সপ্তম সংখ্যাটিৰ আঁৰত থাকি সহায়-সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

সাক্ষাৎকাৰ গ্ৰহণৰ সময়ত উপস্থিত থাকি সহায় কৰিলে শ্ৰীঅভিজিত দত্ত, ডঃ মৃণাল জ্যোতি গোস্বামী আৰু শ্ৰীবিকাশ দত্তই।

লেখাসমূহৰ বৰ্ণাশুদ্ধি আৰু সাক্ষাৎকাৰৰ অনুলিখন কৰি সহযোগিতা আগবঢ়ালে শ্ৰীমৃদুল কুমাৰ শৰ্মা, শ্ৰীঅভিজিত দত্ত, ডঃ মৃণাল জ্যোতি গোস্বামী, মিতালী নাৰায়ণী,উজ্জ্ৱল দিপ্লু গগৈ, কলচুম বিবি, শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰে আৰু তুষাৰ ৰঞ্জন কাশ্যপে।

কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, ড° দীপজ্যোতি বৰা আৰু ড° মনোজ মন কলিতাই৷

‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল আৰু সদস্য-সদস্যাসকললৈও আমি বিশেষ কৃতজ্ঞতা জনালোঁ।
ধন্যবাদ৷

জ্যোতিস্মিতা দেৱী
সম্পাদক
সাহিত্য ডট অৰ্গ
একাদশ বৰ্ষ, সপ্তম সংখ্যা, ফাগুন মাহ,১৯৪৩ শকাব্দ

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়কঃ-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!