মৃত কোষ, স্পাম ডাটা, জীৱন-জী On ইত্যাদি

লেখক- পৰিস্মিতা বৰদলৈ

আমাৰ প্ৰায়সকল লোকৰেই এটা কথা জ্ঞাত যে আমাৰ শৰীৰটো বিভিন্ন কোষৰ সমষ্টি আৰু সেই কোষবোৰে আমাৰ শৰীৰৰ সুস্থতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। আমাৰ শৰীৰৰ ছালখনত মৃত কোষৰ উপস্থিতিয়ে ইয়াক ৰুক্ষ কৰি তোলে, তেতিয়াই তাৰ পৰিচৰ্যাৰ প্ৰয়োজনীয়তা আহি পৰে; যাতে মৃত কোষৰ সলনি নতুন কোষ জন্ম হ’বলৈ সুবিধা পায়। মৃত কোষবোৰ আমাৰ বাবে একেবাৰে অদৰকাৰী কিছু পদাৰ্থ, যাক আঁতৰাই নপঠিওৱালৈকে ই শৰীৰৰ ক্ষতিসাধন কৰি থাকে। এই মৃত কোষ বোৰৰ সৈতে এতিয়া আন এক তুলনা কৰি চোৱা যাওক। আমি অফিচ বা ঘৰত কাম কৰিবলৈ ব্যৱহাৰ কৰা কম্পিউটাৰটো হওক বা লেপটপটো অথবা আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য হৈ পৰা স্মাৰ্টফোনটোৰ কথাই ধৰি লোৱা হওক। এনে কিছু ডাটা ইয়াৰ ভিতৰত থাকে, যিবোৰে মিছামিছি ঠাই দখল কৰি থাকে আৰু যাৰপৰা কম্পিউটাৰ, লেপটপ অথবা স্মাৰ্টফোনটোৰ কাম-কাজবোৰৰ গতি লেহেমীয়া হৈ পৰে। এই ডাটাবোৰৰ ভিতৰত ডকুমেণ্ট, ফটো, ভিডিঅ’ বা যিকোনো বস্তুৱেই থাকিব পাৰে। কিন্তু অপ্ৰয়োজনীয় বুলি জানিও বা ক্ষতিকাৰক বুলি গম পায়ো আমি আঁতৰাই নেপেলাওঁ; ফলস্বৰূপে সময়ে সময়ে ই দিগদাৰি দিবলৈ লয়। এই ডাটাবোৰো ঠিক সেই মৃত কোষবোৰৰ দৰেই। যিদৰে মৃত কোষসমূহ আঁতৰাই আমি নতুন কোষৰ জন্মৰ বাবে কিবাকিবি ব্যৱস্থা হাতত লওঁ। বিশেষকৈ সৌন্দৰ্য সচেতন ব্যক্তিসকলে ছালৰপৰা মৃত কোষ আঁতৰোৱাৰ নিমিত্তে বিভিন্ন উপায় অৱলম্বন কৰে। এখন উজ্জ্বল ত্বকৰ অধিকাৰী হোৱাৰ হাবিয়াসত কৰিবলগীয়া যতনৰ কোনো ত্ৰুটি নকৰে। যিদৰে ছাল বা শৰীৰৰ মৃত কোষ বা কম্পিউটাৰ, স্মাৰ্টফোনৰ অদৰকাৰী ডাটাসমূহ আমাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে; ঠিক সেইদৰেই আমাৰ মন মগজুতো কিছু অনাৱশ্যকীয় কথাই ভীৰ কৰি মগজুৰ পৰিচালনাত ব্যাঘাত জন্মাব পাৰ আৰু সেইবোৰ কথাই আমাৰ মগজুৰ এক গুৰু অংশ অধিকাৰ কৰি বহি লয়, যাৰ কাৰণে বেলেগ ভাল চিন্তাবোৰৰ বাবে ঠাই নোহোৱা হয়। যদিওবা মানুহে জানি বুজি নেতিবাচক চিন্তাবোৰ মনলৈ নানে বা সেইবোৰক মগজুক অধিকাৰ কৰি ল’বলৈ দিব নিবিচাৰে, তথাপি কাৰ্য্যতঃ সেয়াই হোৱা দেখা যায়। যাৰ পৰিণাম কেতিয়াবা অতি ভয়াবহ হোৱাৰ আশংকা থাকে। আমি কৰা কামবোৰত ইয়াৰ প্ৰভাৱ পৰে। মনবোৰ মুকলি হৈ নাথাকে বা নতুনকৈ কিবা ভাবিবলৈ উৎসাহ পোৱা নাযায়, অনবৰতে বিমৰ্ষ হৈ থকা যায়। এইখিনিতে এটা মজাৰ উদাহৰণ মনত পৰিছে–

এবাৰ এজন অধ্যাপকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ মাজতেই, এটা কাঁচৰ গিলাচ দেখুৱালে আৰু প্ৰত্যেককে তাৰ আনুমানিক ওজন কিমান হ’ব পাৰে সুধিলে। প্ৰত্যেককে অলপ সময়ৰ বাবে চিন্তাত থকা দেখা গ’ল আৰু প্ৰত্যেকেই নিজৰ নিজৰ অনুমান সাপেক্ষে উত্তৰ আগবঢ়ালে। কোনো কোনোৱে সেই কথাটোৰ ইমান বেছি গভীৰলৈ সোমাই গ’ল যে বহুপৰৰ পাছতো উত্তৰ নিদি নিমাতে ৰ’ল। ইয়াৰ ঠিক পাছতেই ঠিক শ্ৰেণীটো শেষ হোৱাৰ ঘণ্টা পৰাৰ আগে আগে অধ্যাপকজনে এটা আচৰিত কাম কৰিলে। তেওঁ গিলাচটো মজিয়াত পেলাই দিলে। লগে লগে থনৰকৈ শব্দ কৰি গিলাচটো মজিয়াত চূৰ্ণ-বিচূৰ্ণ হৈ পৰিল। সেই ঘটনাৰ পাছতেই আমোদজনকভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মুখৰপৰা কিছু সময়ৰ আগৰ সেই চিন্তাৰ ৰেশ অন্তৰ্নিহিত হৈ পৰিল। এইবাৰ অধ্যাপকজনে ক’লে, ”মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই গিলাচটোৰ উদাহৰণেৰে মই কি বুজাব বিচাৰিছিলো জানানে? আমি কেতিয়াবা অনাহকতে কিছু চিন্তা-চৰ্চাত আমাৰ মূল্যৱান সময়, আমাৰ মগজুৰ শক্তিৰ অপচয় কৰোঁ। তাতকৈ যদি আমি সেই চিন্তাৰ গুৰিটোকে শেষ কৰি দিওঁ তেন্তে সমস্যাই নাথাকে। এইযে গিলাচটো যিটোৱে তোমালোকক কিছু সময়ৰ বাবে মূৰ কামোৰণি দিছিল, শেষত সেইটোৱেই ভাগি গ’লত তোমালোকৰ মুখলৈ আগৰ পোহৰ ঘূৰি আহিলনে? গতিকে মই কওঁ আমি কিছুমান চিন্তাৰ গুৰিটোকেই উঘালি পেলাব লাগে। Lets the glass be put down”

অধ্যাপকজনৰ সেই কাহিনীটো বহুদিনৰ আগেয়ে মোক মোৰ বন্ধু এজনে মেইলত পঠিয়াইছিল। যেতিয়াই কোনো চিন্তাই কাবু কৰাৰ চেষ্টাত ব্ৰতী হয় তেতিয়াই সেই উদাহৰণটো মনত পেলাওঁ_”Lets the glass be put down”.

লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা ছাল বা শৰীৰৰ মৃত কোষ, কম্পিউটাৰৰ অনাৱশ্যকীয় তথ্য তথা মনৰ দুঃশ্চিন্তা এই সকলোবোৰকে যেতিয়া আমি একেবাৰে পৰিহাৰ কৰিব পাৰিম, তেতিয়াই নতুন কিবা এটাৰ আৰম্ভণি হ’ব, জীৱনো হৈ উঠিব জী-On.

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!