বিদায় National Geographic: এটা যুগৰ অন্ত

লেখক- পঙ্কজ কুমাৰ দত্ত

‘It has been an epic run’.’ We are lucky to be there during such a robust era for journalism’.
তীব্ৰ আৰ্তনাদ ভৰা সেউজীয়া চকুৰ শৰণাৰ্থী ছোৱালীজনীৰ সেই ফটোখন নিশ্চয় মনত আছে আপোনাৰ? ১৯৮৪ চনৰ যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ কৰুণ ভয়াৱহতা প্ৰকাশ কৰা ‘আফগান গাৰ্ল’ নামৰ বিখ্যাত ফটোখন ১৯৮৫ চনৰ জুন মাহত প্ৰথম প্ৰকাশ পাইছিল National Geographic Magazineৰ প্ৰচ্ছদত। ফটো সাংবাদিক ষ্টিভ মেককাৰীৰ কেমেৰাত আৱদ্ধ ১২ বছৰীয়া আফগানী কিশোৰী ছাৰ্বাত গুলা তেতিয়াৰ পৰা নিজৰ নাম হেৰুৱাই বিশ্বত পৰিচিত হৈ পৰিল ‘আফগান গাৰ্ল’ বুলি।
সেয়াতো আছিল মাথোঁ এটা কাহিনী। National Geographic আলোচনীৰ মুদ্ৰণ চিৰকাললৈ বন্ধ হ’ব বুলি বাৰ্তা বিয়পি পৰাৰ পিছত ১৩৪ বছৰ পুৰণা এই প্ৰখ্যাত আলোচনীৰ অনুৰাগীয়ে আজি স্মৰণ কৰিছে বিভিন্ন স্মৃতি।
‘এয়াতো এটা যুগৰ অন্ত’।
নেছনেল জিঅ’গ্ৰাফিক মেগাজিনৰ ১৯ গৰাকী ষ্টাফ লেখকক এসপ্তাহ পূৰ্বে বিদায় দিয়া হৈছে।
ছপা ৰূপ এৰি ডিজিটেল ৰূপলৈ যাব নেছনেল জিঅ’গ্ৰাফিক। ২০২৪ চনত প্ৰকাশ পাব নেছনেল জিঅ’গ্ৰাফিকৰ অন্তিমটো মুদ্ৰিত সংখ্যা। বিশ্বৰ প্ৰায় ৫০খন দেশৰ পৰা বিভিন্ন সংস্কৰণ প্ৰকাশ প্ৰখ্যাত আলোচনীৰ এই ঘোষণাই স্বাভাৱিকতে ছপা মাধ্যমৰ আলোচনীৰসমূহে বৰ্তমান সময়ত সমুখীন হোৱা প্ৰত্যাহ্বানক পুনৰবাৰ সোঁৱৰাই দিছে।
National Geographic Magazine পৰা বিদায় লৈ স্বাভাৱিকতে আৱেগিক হৈছে ইয়াৰ লেখক (সাংবাদিক)সকল। এগৰাকী ষ্টাফ লেখক তথা সম্পাদক নীনা ষ্ট্ৰচিকে কৈছে, ‘It’s been a epic run. My colleagues and I were unbelievably lucky to be last-ever class of staff writer’s. Now onto the Next Thing!’
আন এগৰাকীয়ে কৈছে, ‘We were lucky to be there during such a robust era for photography and journalism.’
মহৎ ঐতিহ্য বহন কৰা বিশ্বমানৰ এখন আলোচনীৰ শেষটো চামৰ ষ্টাফ লেখকৰূপে এক গৌৰৱবোধ আৰু কৰুণ উপলব্ধি এয়া। ‘Now onto the Next Thing! ‘সময় আটাইতকৈ শক্তিশালী।’ পিচে, এয়া যে এটা যুগৰ অন্ত। আমি এতিয়া নিজকে প্ৰবোধ দিম, আলোচনীখনৰ এটা ছপা ৰূপৰ মৃত্যু হ’লেও ‘আফগান গাৰ্ল’ৰ সেই চকুজুৰিৰে মানুহৰ মন আৰু মননত চিৰকাললৈ ছাপ বহাই থাকিব বুলি।
পুৰণি পোছাক সামৰি নতুনকতো আদৰিবই লাগিব, সেয়া লাগিলে শতিকাজোৰা মহৎ পৰিক্ৰমাই নহওক কিয়?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!