এটা যুগৰ বিৰতিত
লেখক- স্বপ্না ভট্টাচাৰ্য্য শৰ্ম্মা
নিচিনিলে এই যুগৰ মানুহে
নুবুজিলে জেতুকাবুলিয়া গো-বাটেৰে
উজাই যোৱা সপোন এটিয়ে বিচাৰে কি
খোজৰ ভৰত কঁপি উঠা মাংসৰ লোভত
বৰ মাখিয়ে ভোনভোনাই খেদি যায় শূন্যতা
তাত আৱেগৰ মূল্য ক’ত
প্ৰেমৰ কবিতাত ছন্দ মিলাই লিখিবলৈ
আখৰৰ ঠেলাঠেলি
বতাহৰো নাই শুকুলা পোছাক
য’ত ৰাগ বিৰাগ ভাৱৰ
প্ৰকৃত আদান প্ৰদান হয়,
বিৰতি এটা যুগৰ
নিজম পৰে বাটৰ কাষত শুই পৰা
শিলৰ ফাঁকৰ পুৰণি ফুলবোৰ
বুকুৰ বীণালৈ ঢাপলি মেলে
বিহগী সুৰ।
চৰাইৰ জাকটো উৰা মাৰি মাটিলৈ এৰি যোৱা
ভালপোৱাই ৰিং মাৰি কঁপাই যায় মাৰলিৰ এলান্ধু।।
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments