বৌদ্ধিক পৰিচয় আৰু মহৎ গ্ৰন্থসমূহ

লেখক- অংকিতা বৰুৱা

সততে দেখিবলৈ পোৱা যায় কোনো এটা বিষয়ৰ ওপৰত দুজন মানুহৰ কথোপকথনে সততে তৰ্কযুদ্ধৰ ৰূপ লয়। মানুহৰ মাজত মতৰ বিৰোধ হোৱাটো নিতান্তই এক স্বাভাৱিক কথা। কিন্তু সেইখিনিতে এটা প্ৰশ্ন আহি পৰে। এই মতাদৰ্শৰ ভিন্নতাক কোনে কিদৰে গ্ৰহণ কৰিব পাৰে? এজনে আনজনৰ ভিন্ন মতক গ্ৰহণ কৰিব পৰা আৰু নোৱৰাটোতে নিহিত হৈ থাকে আমাৰ মানসিক জগতখন। বহু সময়ত মতাদৰ্শৰ ভিন্নতা ব্যক্তিগত হৈ পৰা দেখা যায়। তেওঁলোকে বিৰোধ কৰিবলৈ আৰম্ভ কৰে। নিজৰ মত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰে আৰু সন্মুখৰজনকো তেওঁৰ বিশ্বাসক মানি লবলৈ বাধ্য কৰা দেখা যায়। অন্যথাই তেওঁলোক আক্ৰোশী হৈ পৰে। এই বিৰোধৰ কাৰণ হিচাপে আমি বুজিব পাৰোঁ নিজ নিজ বিশ্বাসক লৈ তেওঁলোক আশংকাত ভুগিছে। তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে সেই বিশ্বাসে কোনোবাখিনিত সহাৱস্থান কৰিব পৰা নাই। তেওঁলোকৰ অন্তৰ্জগত আৰু বাহ্যিক জগতখন ভিন্ন। এটা সুস্থ সমালোচনাক অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে যুক্তিতৰ্কৰ এই ঘটনাবোৰ আমাৰ সমাজত সততে দেখিবলৈ পোৱা যায়। প্ৰতিযোগিতামূলক মনোভাৱে আমাক নিজৰ লগতে সমাজৰ প্ৰতিও অৰুচিশীল হবলৈ বাধ্য কৰাইছে।

আত্মপৰিচয় এটা বৰ স্পৰ্শকাতৰ বিষয়। আমি আমাক কিদৰে সমাজৰ আগত দাঙি ধৰিম সেয়াই আমাৰ অন্তৰ্হিত অস্তিত্ব। বিশ্বাসযোগ্যতাৰে, ব্যক্তিত্বৰে, বাহ্যিক সৌন্দৰ্যৰে নে নিজকে ভাল সজাই সমাজৰ আগত এক ধৰণৰ মিছাৰ আশ্ৰয়ত আমি আমাক প্ৰতিষ্ঠা কৰিম? যেতিয়াই আমাৰ বিশ্বাসবোৰে তৰ্কৰ ৰূপ লয় তেতিয়াই আমাৰ বোধৰ জগতখনো বৌদ্ধিক স্তৰৰপৰা নিম্নগামী হয়।

বৌদ্ধিকতা এনে এক গভীৰ সত্তা, যি ব্যক্তি এজনৰ ভাৱজগত আৰু বস্তুনিষ্ঠ ধাৰণাৰ সৈতে বাহ্যিক জগতখনক গ্ৰহণ কৰাৰ স্থিতিক প্ৰতীয়মান কৰে। গ্ৰহণযোগ্যতা সদায়েই আপেক্ষিক। ব্যক্তিবিশেষৰ মানসিক জগতখনৰ প্ৰসাৰতাৰ ওপৰত গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে। এক অৰ্থত এখন সমাজৰ বৌদ্ধিক চেতনা নিৰ্ভৰ কৰে সমাজখন গঠন হোৱা ব্যক্তিবিশেষৰ ওপৰত। ব্যক্তিৰ বৌদ্ধিক অস্তিত্ব প্ৰকৃততে এক ধৰণৰ বৌদ্ধিক পৰম্পৰা। এটা নিৰ্দিষ্ট দৰ্শন, এটা নিৰ্দিষ্ট বিশ্বাসক এখন নিৰ্দিষ্ট সমাজে অঘোষিতভাৱে মানি চলে। সেই নিৰ্দিষ্ট দৰ্শন আন এখন সমাজৰ বাবে কেতিয়াবা হয়তো ভিত্তিহীন হৈ পৰে। বিশ্বাস আৰু দৰ্শন সমাজভেদে, মানুহভেদে ভিন ভিন হয়। এখন নিৰ্দিষ্ট সমাজে এটা নিৰ্দিষ্ট বিশ্বাস আৰু দৰ্শনক ভেটি হিচাপে গঢ়ি লোৱাটোৱেই হৈছে বৌদ্ধিক পৰম্পৰা। এজন বিজ্ঞানীৰ বৌদ্ধিক মনস্তত্ত্বৰ সৈতে এজন শিল্পীৰ কলাসুলভ বৌদ্ধিক মনস্তত্ত্ব যিদৰে নিমিলে, ঠিক তেনেদৰে এজন লেখকৰ মনস্তত্ত্বৰ সৈতে এজন চিকিৎসকৰ মনস্তত্ত্ব নিমিলে। প্ৰত্যেক ব্যক্তিৰে চেতনাত থকা একোটা নিৰ্দিষ্ট ধাৰণা আৰু বিশ্বাসৰ দৃষ্টিকোণেৰে তেওঁৰ চৌপাশৰ পৃথিৱীখন গঢ় লয়। ব্যক্তিত্বৰ বিকাশ আৰু বৌদ্ধিক উত্তৰণৰ অনুশীলনে প্ৰত্যেক ব্যক্তিবিশেষক সমাজৰ প্ৰতি দায়বদ্ধ কৰি তোলে। এটা সময়ত সেই অনুশীলনেই আমাৰ পৰিচয় হৈ পৰে।

বৌদ্ধিক অস্তিত্বক আমি বিভিন্ন ৰূপত ভাগ কৰি চাব পাৰোঁ— কলাত্মক আৰু সৌন্দৰ্যতত্ত্বৰ ধাৰণাৰে, সংস্কৃতিৰ বাহক হিচাপে, বুৰঞ্জীমূলক ধাৰণাৰে, ভাষিক আৰু সাহিত্যিক দিশেৰে, বিজ্ঞানসন্মত চিন্তাধাৰাৰে, অথবা আমাৰ পাৰিপাৰ্শ্বিকৰ সৈতে সামঞ্জস্য ৰাখি চলা সকলো বিষয়েৰে। বৌদ্ধিক অস্তিত্বই মূলতঃ এক বিশেষ প্ৰক্ৰিয়াক প্ৰতীয়মান কৰে। ‘Reflective Thinking’ প্ৰক্ৰিয়াটোক U.S ৰ বিখ্যাত দাৰ্শনিক John Dewey উল্লেখ কৰিছিল। এজন সংবেদনশীল পাঠকে এখন গ্ৰন্থ পঢ়ি শেষ কৰাৰ পাছত গ্ৰন্থখনৰ সততে চকুত পৰা অৰ্থৰ উপৰিও তেওঁৰ সূক্ষ্ম বিশ্লেষণেৰে আন এক অন্তৰ্হিত অৰ্থক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। সেই প্ৰকৃত অৰ্থক অন্তৰ্দৃষ্টিৰে উদ্ঘাটন কৰি তেওঁ এটা সিদ্ধান্তত উপনীত হ’ব পাৰে। বোধৰ জগতখনলৈ কৰা সেই গতিয়েই হৈছে reflective thinking. আমাৰ অভিজ্ঞতা আৰু বিভিন্ন দৃষ্টিকোণৰপৰা আহৰণ কৰা শিক্ষণৰ যোগেদি সৃষ্টি হোৱা আমাৰ ভাবজগতখন বৌদ্ধিক পৰিচয়ৰ অংশ। যি আনৰ আগত আমাৰ আত্মপৰিচয় দাঙি ধৰাত আৰু আত্ম উদ্ঘাটনত সহায় কৰে। নিত্য নতুন বিষয় শিকাৰ প্ৰতি আমাৰ উৎসুকতা আৰু অনুসন্ধিৎসাৰ লগতে প্ৰত্যাহ্বানক গ্ৰহণ কৰিব পৰা মানসিকতাই আমাৰ ব্যক্তিত্ব গঠনত ভূমিকা লয়। এতেকে বৌদ্ধিক উত্তৰণেই এখন সমাজৰ সামগ্ৰিক উন্নতিৰ প্ৰথম চাবিকাঠি। আৰু সমাজ এখনক প্ৰকৃত অৰ্থত বুজিবলৈ আমি সেই সমাজখনৰ সাহিত্যক অধ্যয়ন কৰাৰ বিকল্প নাই।

কোনবোৰ সৃষ্টিয়ে আমাক এখন সমাজৰ সৈতে চিনাকি কৰি দিয়ে? বৌদ্ধিক দৃষ্টিকোণেৰে মহৎ সাহিত্য বুলিলে আমি কি বুজোঁ? কোনকেইটা বিষয়ক সামৰি এখন গ্ৰন্থ সাধাৰণ অথবা মহৎ হয়? বিষয়বস্তু? উপস্থাপন? নে চিত্ৰকল্প? তেনেক্ষেত্ৰত নিশ্চিতভাৱে গ্ৰন্থখনৰ নন্দনতাত্ত্বিক গুণৰ লগতে বৌদ্ধিকভাৱে শ্ৰেষ্ঠতৰ দিশটোকো সামৰি লোৱা হয়। এখন গ্ৰন্থত কেৱল এজন লেখকেই নাথাকে। প্ৰকৃততে এখন শ্ৰেষ্ঠ বিবেচিত গ্ৰন্থত লেখকজনৰ দৃষ্টিৰে এখন সমাজ আৰু এছোৱা সময়ৰ খতিয়ান ডাঙি ধৰা হয় যি সৰ্বশেষত এটা যুগক প্ৰতিনিধিত্ব কৰি এখন মহৎ গ্ৰন্থ হৈ জিলিকি ৰয়। এগৰাকী ইংৰাজ সমালোচকে কৈছিল — ‘Show me a book. I shall tell you at once the history of the nation. Behind every book there is man, and behind him there is a nation’— মোক এখন কিতাপ দিয়া। মই সেই জাতিটোৰ বুৰঞ্জী কৈ দিম।

মহৎ গ্ৰন্থসমূহৰ জৰিয়তে একোটা নিৰ্দিষ্ট যুগৰ সামাজিক স্থিতি, ধৰ্মীয় বিশৃংখলতা, সামাজিক অস্থিৰতা, ৰাজনৈতিক আদৰ্শ, সেই সময়ৰ মানুহৰ মানসিক প্ৰয়োজনীয়তাসমূহৰ একোটা সম্যক জ্ঞান লাভ কৰিব পাৰোঁ। একো একোটা নিৰ্দিষ্ট যুগক প্ৰতিনিধিত্ব কৰা মহৎ গ্ৰন্থসমূহ সামাজিক, ৰাজনৈতিক ধৰ্মীয় দলিলস্বৰূপ। যি সাহিত্যত সামাজিক দায়বদ্ধতা নাথাকে সেয়া অতি সহজেই সময়ৰ সোঁতত হেৰাই যায়।

উল্লেখনীয় যে মহৎ গ্ৰন্থসমূহৰ পাঠকৰ সংখ্যা অধিক যদিও গ্ৰন্থখন প্ৰকাশৰ লগে লগে হাজাৰোধিক পাঠক সৃষ্টি হোৱাৰ কোনো ধৰা বন্ধা কথা নাথাকে। হয়তোবা তেনে বহু গ্ৰন্থৰ ক্ষেত্ৰত দেখা যাব পাৰে আৰম্ভণিতে নিচেই কম সংখ্যক পাঠকেহে আদৰি লোৱা গ্ৰন্থ এখন সময়ৰ লগে লগে হেৰাই নগৈ, এক বিশাল সংখ্যক পাঠকে আদৰি লৈছে। তাৰ বাবে এটা যুগ লাগিব পাৰে। কিন্তু কোনখন কিতাপক পাঠকে বৌদ্ধিক স্তৰত গ্ৰহণ কৰিব সেয়া সময়েহে কব পাৰিব। কোনখন গ্ৰন্থ কালজয়ী হৈ ৰৈ গৈছে সেয়া ইতিহাসে কব। মহৎ গ্ৰন্থসমূহ কোনো বিশেষজ্ঞই ৰচনা কৰা বিশেষ বিষয়ৰ ওপৰত কৰা বিশেষ আলোকপাত নহব পাৰে। একো একোখন মহৎ গ্ৰন্থ দাৰ্শনিক তত্ত্বৰো হব পাৰে, বিজ্ঞানভিত্তিকো হব পাৰে। বুৰজ্ঞীমূলকো হব পাৰে অথবা কবিতাৰো হব পাৰে। কিন্তু এই কথা অনস্বীকাৰ্য যে একোখন মহৎ গ্ৰন্থই মানৱ জীৱনক প্ৰতিনিধিত্ব কৰে। মহৎ গ্ৰন্থসমূহ সৰ্বজনীনতাৰে পৰিপূৰ্ণ। কেৱল বিজ্ঞজনৰ বাবে ৰচিত গ্ৰন্থ একোখনেই মহৎ গ্ৰন্থ নহয়। যিকোনো বিষয়ৰে প্ৰাথমিক সত্যটোৰ আঁত ধৰিয়েই একোখন মহৎ গ্ৰন্থৰ সৃষ্টি হব পাৰে।

একোখন মহৎ গ্ৰন্থ ভিন্ন ব্যক্তিসত্তাৰ ভাৱজগতৰ লগত এনেদৰে সংপৃক্ত হৈ ৰয় যে তেনে এখন গ্ৰন্থৰ ৰসাস্বাদন সকলো স্তৰৰ লোকে কৰিব পাৰে। মানৱ জীৱনৰ সমাধানহীন প্ৰশ্নবোৰৰ উত্তৰ হয়তো এই মহত্ত্বৰ সৃষ্টিসমূহত অন্তৰ্নিহিত হৈ থাকে। ইংৰাজ সাহিত্যিক ৰাল্ফ ৱাল্ড’ এমাৰচনে কোৱাৰ দৰে— ‘A record of best thought’— অৰ্থাৎ, সৰ্বশ্ৰেষ্ঠ চিন্তাৰাশিৰ লিপিবদ্ধ বিৱৰণেই হৈছে সাহিত্য।

কোনো জাতিৰ চিন্তা, ভাৱনা, কল্পনা, আদৰ্শ আৰু জীৱন ধাৰণৰ পদ্ধতি আদি সাহিত্যৰ মাজেৰে প্ৰকাশ পায়। সাহিত্যৰ মাজেদি জাতীয় জীৱনৰ পৰিচয় পোৱা যায়। জনগণৰ মনত সচেতনতাৰ সৃষ্টি কৰিব পৰা একমাত্ৰ বাটটোৱেই হৈছে সাহিত্য। আচলতে ক’ব পাৰি মানৱ জীৱনৰ বৌদ্ধিক উত্তৰণ আৰু মহৎ গ্ৰন্থসমূহ, এটা আনটোৰ পৰিপূৰক।

অংকিতা বৰুৱা

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!