'ট্ৰাইবেল কানেক্ট’ আৰু এগৰাকী মহিলা সমাজকৰ্মী
লেখক- পংকজ কুমাৰ নেওগ
অসমৰ লামডিঙৰ এটা শিক্ষণ কেন্দ্ৰত স্থানীয় জনজাতীয়লোকৰ শিশুসকলে প্ৰতিদিনে অতি নিষ্ঠাৰে আহি লিখা-পঢ়া কৰাৰ লগতে গাঁৱৰ আইতাসকলে কোৱা সাধুকথা শুনাৰ দৰে বিভিন্ন কামত লিপ্ত হয়। এই শিশুসকলৰ কিছুমান সেই কেন্দ্ৰটোৰেই আৱাসী আৰু সংলগ্ন সৰ্বজনীন ৰান্ধনিশালটোৱে সকলোৰে খাদ্যৰ যত্ন লয়। ঘৰুৱা হিংসাৰ বলি হোৱা মাতৃসকলৰ বাবেও ইয়াত থকাৰ সুবিধা আছে। এই কেন্দ্ৰটো সকলোৰে বাবে হাঁহি, আড্ডা আৰু প্ৰগতিৰ কেন্দ্ৰস্থল। লামডিঙৰ এই কেন্দ্ৰটোৰ দৰে সমগ্ৰ উত্তৰ-পূৱ ভাৰত, পশ্চিম বংগ, কৰ্ণাটক আৰু গোৱাত আন ১৬০টা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই সকলোবোৰৰ নেতৃত্বত আছে ‘ট্ৰাইবেল কানেক্ট’ৰ প্ৰতিষ্ঠাতা অনন্যা পাল ডোডমণি। এই প্ৰতিষ্ঠানটোৱে গোৱা আৰু উত্তৰ কানাড়াৰ কুনবী, কৰ্ণাটকৰ ছিদ্দি আৰু অসমৰ কাৰ্বি, ডিমাছা আৰু কুকি জনজাতিৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নীত আৰু সবলীকৰণৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। পেছাত এগৰাকী অপৰাধ- মনোবিজ্ঞানী অনন্যাৰ জীৱন হ’ল এক বীৰত্বব্যঞ্জক কাহিনীৰ দৰে৷ ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহে যাতে তেওঁলোকৰ প্ৰাপ্য নিৰাপদ স্থান আৰু সন্মান ঘূৰাই পাব পাৰে তাৰ বাবেই অনন্যাৰ জীৱন উৎসৰ্গীকৃত।
অনন্যাই যিবোৰ সম্প্ৰদায়ৰ সৈতে কাম কৰে সেইবোৰ সম্প্ৰদায়ৰ প্ৰান্তীয়কৰণৰ ইতিহাস বহু পুৰণি। উদাহৰণস্বৰূপে, ছিদ্দি সম্প্ৰদায় ভাৰতৰ আটাইতকৈ অৱহেলিত জনজাতিসমূহৰ ভিতৰত এটা আৰু বহু প্ৰজন্মৰ পিছতো এই সম্প্ৰদায়ৰ লোকসকল অতি দৰিদ্ৰতাৰে দিন কটাবলগীয়া হৈছে। ইয়াৰ উপৰি উত্তৰ-পূৱ ভাৰতৰ বহুতো জনজাতি শিক্ষাৰ দৰে মৌলিক সা-সুবিধাৰ পৰা এতিয়াও বঞ্চিত। অনন্যাই অসমত স্কুলীয়া শিক্ষাৰ প্ৰাৰম্ভিক সময়ছোৱাৰ কথা সোঁৱৰি কয় যে তেওঁৰ বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াৰ গৰিষ্ঠ সংখ্যক আছিল চাওঁতাল আৰু অন্যান্য জনজাতীয় সম্প্ৰদায়ৰ— “তেওঁলোকৰ আৰু আমাৰ জীৱন-ধাৰণৰ পদ্ধতিৰ মাজত এক নিৰ্দিষ্ট বৈষম্য আছিল”। অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়তহে অনন্যাই এইবোৰ ঘটনা ভালকৈ বুজিবলৈ ধৰে। স্কুলীয়া দিনৰ কিছু কথা মনত পেলাই তেওঁ কয় যে, স্কুলৰ হোষ্টেলত থকা বেছিভাগ বন্ধু-বান্ধৱীয়েই গ্ৰীষ্মকালীন ছুটীৰ পিছত স্কুললৈ উভতি অহা নাছিল আৰু তেওঁলোকৰ মাক-দেউতাকে মেলেৰিয়াত আক্ৰান্ত হৈ বন্ধৰ দিনবোৰতে তেওঁলোকৰ সন্তানে মৃত্যুবৰণ কৰিছে বুলি স্কুলৰ কৰ্তৃপক্ষক খবৰ দিছিল। অনন্যাই অতি হতাশাৰে এই কাহিনীবোৰ শুনিবলগীয়া হৈছিল আৰু নিজে উপভোগ কৰিবলৈ পোৱা সা-সুবিাধাবোৰৰ বাবে নিজকে দোষী অনুভৱ কৰিছিল।
অনন্যাই তেওঁৰ তত্ত্বাৱধায়কৰ সৈতে বজাৰলৈ যাওঁতে দেখা অইন এটা ঘটনাৰ উদাহৰণ দি কয় যে, সেই ঘটনাটোৱে চুবুৰীয়া জনজাতীয় সমাজখনৰ অসহায় অৱস্থাৰ বিষয়ে তেওঁক অধিক সচেতন আৰু সংবেদনশীল কৰি তুলিলে। দোকান এখনত স্থানীয় জনজাতীয় মহিলা এগৰাকীয়ে ১০ টকাৰ সামগ্ৰী কিনি দোকানীজনক ২০ টকীয়া নোট এখন দিওঁতে সেই অসৎ বেপাৰীজনে তেওঁক দিয়া নোটখন ১০ টকীয়া বুলিহে জোৰ দি মহিলাগৰাকীক বাকী পইচা উভোতাবলৈ অস্বীকাৰ কৰিছিল। “মই উপলব্ধি কৰোঁ যে এই লোকসকলক জীৱনত চলিবলৈ অন্ততঃ কিছু মৌলিক কথা যেনে— টকাৰ মূল্য চিনাক্ত কৰা, নিজৰ নাম লিখা, বাছৰ নম্বৰ আৰু ৰেলৰ টাইম টেবুল পঢ়া ইত্যাদি শিকাব লাগিব”- অনন্যাই কয়। সেই মুহূৰ্ততে অনন্যাই উপলব্ধি কৰে যে তেওঁলোকে যদি এই মৌলিক কথাবোৰৰ শিক্ষা ক’তো লাভ কৰিব নোৱাৰে তেনেহলে তেওঁ নিজেই তেওঁলোকক সহায় কৰিবলৈ এটা অনুষ্ঠান সৃষ্টি কৰিব। “মই ইফালে-সিফালে ঘূৰি ফুৰা ল’ৰা-ছোৱালীবোৰ গোটাই সিহঁতক স্থানীয় স্কুলখনলৈ আহিবলৈ কোৱাৰ লগতে সিহঁতক মৌলিক বিষয়বোৰ শিকাবলৈ সকলোৱে বহিব পৰাকৈ এডোখৰ খালী ঠাই বিচাৰি পাওঁ। মই সিহঁতক গল্প পঢ়িও শুনাবলৈ ধৰিলোঁ।” কিছুদিনৰ পাছত অনন্যাৰ অন্য কিছু বন্ধু-বান্ধৱীয়েও স্থানীয় জনজাতীয় ল’ৰা-ছোৱালীবোৰক শিকাবলৈ আগ্ৰহী হৈ পৰে। তেওঁ গঠন কৰা দলটোৱে বন্ধৰ দিনত উত্তৰ-পূৱ ভাৰতৰ গাঁওবোৰ ভ্ৰমণ কৰিছিল আৰু সাংস্কৃতিক কাৰ্যসূচী, ফুটবল খেল আদিৰ আয়োজনৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল। অনন্যা যেতিয়া স্কুলৰ পৰা উত্তীৰ্ণ হৈ কলেজলৈ যায় তেতিয়া তেওঁ নিজৰ অধ্যাপকসকলক কিছুমান বিনিময় কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ জনায়; যিবোৰে স্থানীয় ল’ৰা-ছোৱালীবোৰক ভ্ৰমণ কৰবলৈ আৰু শিকিবলৈ সুবিধা কৰি দিব। কিন্তু এনে সময়তে ঘটা এটা ঘটনাই অনন্যাৰ পৃথিৱীখন কঁপাই তোলাৰ লগতে জনজাতীয় লোকসকলৰ উত্থানক তেওঁৰ নিজৰ জীৱনৰ লক্ষ্য হিচাপে গঢ়ি তুলিবলৈ বাধ্য কৰালে।
অনন্যাই স্থানীয় জনজাতীয় সম্প্ৰদায়লোকৰ অপহৰণ হোৱা নানা ধৰণৰ কাণ্ড শুনি ডাঙৰ হৈছিল যদিও ২০০২ চনত এদিন তেওঁৰ নিজৰ পিতৃ অপহৰণ হোৱাৰ সময়তহে পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰে বুলি উল্লেখ কৰে। তেওঁৰ ভাষাত “যেতিয়ালৈকে জুইয়ে নিজৰ ঘৰ দগ্ধ নকৰে তেতিয়ালৈকে জুইৰ তাপ কিমান গম পোৱা নাযায়।” অনন্যাই পিতৃৰ অপহৰণৰ কথা মনত পেলাই কয় — “সেই ঘটনা আমাৰ বাবে আছিল অতি উদ্বেগজনক। সাত দিন ধৰি তেওঁক অত্যাচাৰ, মাৰপিট কৰা হৈছিল আৰু পণবন্দী কৰি থোৱা ঘৰটোৰ তৃতীয় মহলাৰ পৰা জপিয়াইহে তেওঁ পলায়ন কৰিবলৈ সক্ষম হৈছিল। কেইবা কিলোমিটাৰ দৌৰি নিকটৱৰ্তী ৰেল ষ্টেচনটোৰ পৰাহে তেওঁ অৱশেষত ঘৰ আহি পাইছিল। ঘটনাটোৱে মোৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল।” সেই সময়ৰ ঘটনাটোৱে অনন্যাৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিল যদিও এতিয়া উভতি চাই তেওঁ অনুভৱ কৰে যে শিক্ষাৰ অভাৱে মানুহক ধনৰ বিনিময়ত অপহৰণৰ দৰে কামৰ আশ্ৰয় ল’বলৈ বাধ্য কৰে। “এই অসাংবিধানিক লোকসকলক এইবোৰ কৰিবলৈ পাঠ পঢ়োৱা হৈছে। নিজৰ সন্তানক খুৱাব-পিন্ধাবলৈ টকা-পইচা নথকা বাবে তেওঁলোকে সকলো ধৰণৰ অসাংবিধানিক কামবোৰ কৰে” – তেওঁ মন্তব্য কৰে।
অনন্যাই বুজিছিল যে তেওঁ চৌপাশৰ মানুহবোৰক মৌলিক শিক্ষা প্ৰদান কৰি আহিছে যদিও ইয়াৰ দৃশ্যমান প্ৰভাৱ চাবলৈ এই সংখ্যা বৃদ্ধি কৰাৰ অতি প্ৰয়োজন। এক বিশাল পৰিৱৰ্তন অনাৰ মানসেৰে তেওঁ যিখন গাঁৱত তেওঁৰ পিতৃক অপহৰণ কৰাৰ পিছত পণবন্দী কৰি ৰখা হৈছিল সেইখন গাঁৱতে নিজৰ প্ৰথমটো শিক্ষণ কেন্দ্ৰ আৰম্ভ কৰে। সেই সময়ত হাতত থকা সম্পদখিনিৰে তেওঁ সৰু-সুৰাকৈ এই প্ৰচেষ্টা আৰম্ভ কৰে। ল’ৰা-ছোৱালীবোৰে শিকিব পৰাকৈ আৰু যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পৰাকৈ কেন্দ্ৰ এটা স্থাপন কৰাৰ পৰিকল্পনা তেওঁ গাঁৱৰ গাওঁবুঢ়াক বুজালে যদিও সেই পৰিকল্পনাৰ গুৰুত্ব কোনেও উপলব্ধি নকৰিলে। অৱশেষত ২০০৩ চনত শিকিবলৈ আগ্ৰহী পাঁচটা ল’ৰা-ছোৱালীক লৈ অনন্যাই বট গছ এজোপাৰ তলত নিজৰ অনুষ্ঠান আৰম্ভ কৰে। আজি সমগ্ৰ ভাৰতৰ প্ৰায় ১৬০টা শিক্ষণ কেন্দ্ৰতো একে ধাৰণা অধিক সংগঠিত ৰূপত প্ৰয়োগ কৰা হৈছে। এই কেন্দ্ৰসমূহ বহু বছৰ ধৰি বিদ্যমান যদিও অনন্যাই ২০১৯ চনতহে আনুষ্ঠানিকভাৱে সংস্থাটো প্ৰতিষ্ঠা কৰে। শিক্ষণ কেন্দ্ৰসমূহত ভাষা কোনো অন্তৰায় নহয়। শিশুসকলক সিহঁতে ভালদৰে বুজি পোৱা ভাষাত শিকাব পৰাকৈ অনন্যাই স্থানীয় যুৱক-যুৱতীসকলক নিয়োগ কৰে। “মই আমাক পৰিৱৰ্তন আনিবলৈ সহায় কৰিব পৰা যিকোনো এনজিঅ’ বা ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতা কৰোঁ ’’— তেওঁ মন্তব্য কৰে।
২০১৯ চনত অনন্যা বিয়া হৈ দক্ষিণ ভাৰতলৈ গুচি যোৱাৰ পাছত বহু জনগোষ্ঠীক উত্তৰ-পূৱৰ দৰে একে ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা পায়। তেওঁ চিদ্দি, হালাক্কি, কুণ্ডী আদি জনজাতিৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে। শিক্ষণ কেন্দ্ৰবোৰত শিক্ষা আৰু দিনটোৰ তিনিটা আহাৰ বিনামূলীয়া। ইয়াৰ উপৰি এটা ‘কমিউনিটি ফাৰ্মিং মডেল’ৰ জৰিয়তে সকলোৱে নিজৰ খাদ্য নিজেই খেতি কৰিব পাৰে; উৎপাদিত শস্য সকলো সদস্যৰ বাবে ব্যৱহাৰ কৰা হয়। আন এটা অনন্য ধাৰণা হ’ল আইতাকবোৰক ল’ৰা-ছোৱালীৰ সৈতে ৰখা হয় যাতে তেওঁলোকে সিহঁতক চোৱা-চিতা কৰিব পাৰে। ইয়াৰ দ্বাৰা দুয়োপক্ষৰে উপকাৰ হয় বুলি অনন্যাই ভাবে। একেলগে ৩৫টা ল’ৰা-ছোৱালীক এটা কেন্দ্ৰত ৰাখিব পৰা যায়। সংস্থান নথকা পুৰুষৰ বাবেও কমিউনিটি চেণ্টাৰ আছে। ইয়াত তেওঁলোকে সামূহিক খেতিৰ দ্বাৰা উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰি বাকী থকাখিনি সামূহিক ৰান্ধনিশালত ব্যৱহাৰ কৰে। প্ৰতিটো শিক্ষণ কেন্দ্ৰৰ নেতৃত্বত তিনিজন স্থানীয় যুৱক থকা বুলি অনন্যাই কয়— যাতে তেওঁ আঁতৰত থকাৰ সময়তো কেন্দ্ৰসমূহ সুচাৰুৰূপে চলি থাকে। “সংঘাতপূৰ্ণ অঞ্চলসমূহতেই মোৰ কাম-কাজবোৰ বেছি আৰু মোৰ কিবা এটা হ’লে কমিউনিটি চেণ্টাৰৰ কাম-কাজ বন্ধ হোৱাটো মই নিবিচাৰো”- অনন্যাৰ ভাষ্য।
অনন্যাই কমিউনিটি চেণ্টাৰৰ বাবে কৰা কামৰ উপৰি ঋতুস্ৰাৱৰ সৈতে জড়িত সজাগতা সৃষ্টিৰ ওপৰতো চকু ৰাখে আৰু বিভিন্ন কৰ্মশালাৰ জৰিয়তে ৯০, ০০০ৰো অধিক জনজাতীয় মহিলাৰ কাষ চাপিছে। ইয়াৰ ভিতৰত মহিলাসকলক ঘৰতে বহনক্ষম পেড বনাবলৈ শিকোৱা, গাঁৱৰ মহিলাসকলক পেড বিতৰণ কৰা আনকি পৰিৱেশ অনুকূল ঋতুস্ৰাৱ কাপৰ ধাৰণা প্ৰৱৰ্তন কৰা ইত্যাদিবোৰেই প্ৰধান। ৭০০ স্বেচ্ছাসেৱকৰ সৈতে ট্ৰাইবেল কানেক্টে’ আজি সমগ্ৰ দেশৰ প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ জীৱনলৈ এক আমূল পৰিৱৰ্তন আনিছে। অনন্যাই তেওঁ কৰা কামৰ বাবে ২০১৯ চনত ‘কৰ্মবীৰ চক্ৰ’ৰে সন্মানিত হয়। “কেতিয়াবা কেৱল খাদ্যৰ আশাত ভগ্ন পৰিয়ালৰ কিছু ল’ৰা-ছোৱালীও চেণ্টাৰলৈ অহা দেখিছো; কিন্তু ১০ দিন মানৰ ভিতৰত চৌপাশৰ পৰিৱেশ দেখি তেওঁলোকৰ ৰূপান্তৰ ঘটে আৰু আমি তেওঁলোকৰ মাজত ভাল শিক্ষণৰ অভ্যাস গঢ়ি তোলোঁ।” – অনন্যাই মন্তব্য কৰে। অইন এটা দৃষ্টান্ত দি তেওঁ কয় যে এবাৰ এগৰাকী ছোৱালীয়ে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ লগে লগে লাৰ্নিং চেণ্টাৰলৈ অহা বন্ধ কৰি দিছিল আৰু পৰিয়ালে তাইক ঘৰৰ পৰা ওলাই যোৱাটো বিচৰা নাছিল। “মই দুদিন-দুৰাতি তেওঁলোকৰ ঘৰৰ বাহিৰতে বহি থাকোঁ আৰু তাকে কৰিবলৈ গৈ চৰ্দি আৰু জ্বৰত আক্ৰান্ত হ’লোঁ; কিন্তু তেওঁলোকে তাইক চেণ্টাৰলৈ ঘূৰাই পঠাব বুলি প্ৰতিশ্ৰুতি নিদিয়ালৈকে লৰচৰ কৰা নাছিলো।” বাইশটা দীঘলীয়া বছৰৰ হাৰ নমনা উদ্যমেৰে অনন্যা এতিয়াও শক্তিশালীভাৱে আগবাঢ়িছে।
অনন্যাই বিশ্বাস কৰে যে ইচ্ছাশক্তি থাকিলে সকলো সম্ভৱ। “আমাৰ কমিউনিটি চেণ্টাৰবোৰ সদায় ইটা-বালি-চিমেণ্টেৰে গঠিত নহয়। কেতিয়াবা ই কেৱল এটা সাধাৰণ তম্বু — প্ৰতি বছৰে ধাৰাসাৰ বৰষুণ বা বানপানীয়ে উটুৱাই লৈ যায়; কেতিয়াবা বনৰীয়া হাতীয়ে সকলোবোৰ ভৰিৰে মোহাৰি থৈ যায়। কিন্তু আমি প্ৰতিবাৰেই এই চেণ্টাৰবোৰ পুনৰ নিৰ্মাণ কৰি লওঁ আৰু এই ধৈৰ্য আৰু ইচ্ছাশক্তিৰ বাবে আমি অনন্য।” ইয়াৰ লগতে তেওঁ আৰু কয় যে শোকা প্ৰায় সকলো মানুহৰ জীৱনলৈ আহে কিন্তু এই আঘাতক কেনেভাৱে নিজৰ জীৱন পৰিৱৰ্তন কৰিবলৈ দিয়া হয় তাৰ ওপৰত সকলো নিৰ্ভৰ কৰে। “মোৰ দেউতাৰ লগত হোৱা ঘটনাটোৱে মোক গোটেই জীৱন দুৰ্বল আৰু শঙ্কিত কৰি ৰাখিব পাৰিলেহেঁতেন কিন্তু মই সকলো ভয়-শঙ্কা নেওছি নিৰ্ভীকভাৱে দেউতাক অপহৰণ কৰি পণবন্দী কৰা ঠাইতে এটা চেণ্টাৰ আৰম্ভ কৰিবলৈ বাছি লৈছিলো। মানুহ সদায় নিজৰে ‘চিয়াৰলিডাৰ’ হ’ব পাৰিব লাগিব”— এয়াই অনন্যাই গভীৰভাৱে বিশ্বাস কৰে।
০০০০০০০০০০০০০