সাক্ষাৎকাৰ: চন্দনা পাঠক

লেখক- সাহিত্য ডট অৰ্গ

সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা এইবাৰ সাক্ষাৎকাৰ লোৱা হৈছিল বিশিষ্ট আৰু জনপ্ৰিয় লেখিকা শ্ৰী চন্দনা পাঠকৰ। পেছাত এগৰাকী শিক্ষয়িত্ৰী শ্ৰী পাঠকে ‘পান্থশালা’, ‘লি’ভলজী’, আদি গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যত উজলি উঠিছে। তেখেতৰ দ্বাৰা ৰচিত গল্প, উপন্যাস আৰু গানে যেন পাঠকৰ হৃদয়ত প্ৰোথিত কৰিছে সাহিত্য আৰু সংস্কৃতিৰ এক অপৰূপ মিশ্ৰণ।
’সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী অংকিতা বৰুৱাই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে সম্পাদক শ্ৰী অংকিতা বৰুৱা আৰু শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে কলচুম বিবিয়ে। সাক্ষাৎকাৰটিক পাঠকসকললৈ বুলি আগবঢ়াইছে ড৹ দীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ: আপোনাৰ জন্মস্থান আৰু কৰ্মজীৱনৰ বিষয়ে কিছু কথা অনুগ্ৰহ কৰি আমাক জনাবনে?
চন্দনা পাঠক: মোৰ জন্ম সত্ৰ নগৰী বৰপেটাত হৈছিল। এতিয়াও বৰপেটাতে থাকোঁ মই। মোৰ শৈশৱ, কৈশোৰ সকলো বৰপেটাতেই। জন্মস্থান বুলিয়েই নকওঁ, বৰপেটা এখন ঐতিহ্যপূৰ্ণ ঠাই বুলি জানে সকলোৱে। মই মোৰ জন্মভূমিখনক লৈ অতিপাত গৌৰৱ কৰোঁ। তাৰ কাৰণো বহুত আছে। বৰপেটাৰ বিষয়ে মই এটা প্ৰকল্প আৰম্ভ কৰিছোঁ। বোধহয় অহা দুই তিনি বছৰৰ ভিতৰত শেষ কৰিব পাৰিম। বৰপেটাৰ বিষয়ে যিখিনি পাৰোঁ বৰপেটাৰ ঐতিহ্য, বৰপেটাৰ সংস্কৃতি, লোকাচাৰ বা সামাজিক প্ৰথা এই সকলোবোৰ সামৰি প্ৰকল্পটো লৈছোঁ। অলপ সময় লাগিব। এসময়ত বৰপেটাক প্ৰাচ্যৰ ভেনিচৰ লগত তুলনা কৰা হৈছিল। পৰৱৰ্তী সময়ত কথাবোৰ বহুত সলনি হৈ গ’ল। এয়া বৰ পৰিতাপৰ বিষয়।
কৰ্মজীৱন মানে আচলতে মই খুব সৰুতেই চাকৰি পাইছিলোঁ। মই প্ৰায় বিশ বছৰমান বয়সৰপৰাই শিক্ষকতা কৰি এতিয়াও শিক্ষকতাই কৰি আছোঁ।
সাহিত্য ডট অৰ্গ: লেখাৰ জগতখনলৈ আপুনি কেনেদৰে আহিল? আপোনাৰ লেখক জীৱনৰ কিবা স্মৰণীয় কাহিনী আছেনে?
চন্দনা পাঠক: আচলতে লেখাৰ জগতখনলৈ কেতিয়া আহিলোঁ বুলি ক’লে মোৰ অলপ হাঁহিয়েই উঠে। মই এই জগতখনত সৌ তাহানিৰ পৰাই হয়তো আছিলোঁ। কাৰণ মই প্ৰায় তৃতীয় শ্ৰেণীত কাৰো সহায় নোলোৱাকৈ পঢ়িব পৰা হৈছিলোঁ। তেতিয়াৰপৰা এই জগতখনৰ লগত জড়িত বুলি মই ভাৱোঁ। পাঠক হিচাপে সেই তেতিয়াই দেউতাই আনি দিয়া সঁফুৰা, ভাস্কৰ চিত্ৰ কথা, অমৰ চিত্ৰ কথা আৰু সাধু কথাৰ যিবোৰ কিতাপ আছিল সেইবোৰ মই পঢ়িছিলোঁ। পঞ্চতন্ত্ৰৰ কথা, হিতোপদেশ এইবিলাকো আছিল। আকবৰ, বীৰবল, চান্দমামা আছিল তেতিয়া। মৌচাক, টিংকল (এতিয়া আকৌ অসমীয়া টিংকল ওলাইছে। এয়া বহুত শুভ বাৰ্তা) আদি কমিকচবোৰতো আছিলেই। তাৰ লগতে মই প্ৰায় বোধহয় ক্লাচ ফ’ৰ বা ফাইভ মানত থকাৰ পৰাই প্ৰন্তিক, বিস্ময় আমাৰ ঘৰত নিয়মীয়াকৈ লৈছিল। মই ফাইভমানৰ পৰাই প্ৰান্তিকৰ যিবিলাক গল্প আছিল, সেয়া পঢ়োঁ। কিন্তু যিমানখিনি বুজিব লাগে সিমানখিনি বুজি নাপাওঁ। বৰ ডাঙৰ কথা নহয়। কিন্তু পঢ়াতো পঢ়িছিলোঁ। আমাৰ ককাৰ দিনৰ পৰাই আমাৰ ঘৰত ব্যক্তিগত বহুত ডাঙৰ লাইব্ৰেৰী আছিল। অসমীয়া, বাংলা, ইংৰাজী কিতাপেৰে ঠাহ খাই আছিল। প্ৰতি দেওবাৰে দেউতাই নিজাকৈ দুখন কিতাপ বাছনি কৰি উলিয়াই দিছিলে। ক্লাচ চেভেনমানৰপৰা চাবিপাত দেউতাই মোকেই দিলে। তেতিয়াৰপৰা মই গোগ্ৰাসে কিতাপ পঢ়িবলৈ লৈছিলোঁ। পঢ়ি থকাৰ সময়ত বিশেষকৈ শিশু কবিতাবোৰ পঢ়ি থাকোঁতে মোৰ মায়ে মোক বুজাই দিছিল। তেতিয়া মই ভাৱিছিলোঁ ময়ো দেখোন চেষ্টা কৰি চাব পাৰোঁ। তেতিয়া হয়তো ক্লাচ ফ’ৰ ফাইভ মানত মই কবিতা লিখিবলৈ লৈছিলোঁ। তেতিয়াৰ কবিতাবোৰ অৱশ্যে পখিলা, আমাৰ ককাজন, গাইগৰু এইবিলাক লৈহে লিখা হৈছিল। মানে যিখিনি পাৰিপাৰ্শ্বিকতাত থাকে আৰু সেইবোৰক লৈ লিখিছিলোঁ। ইণ্টাৰেষ্টিং কথাটো হ’ল, বহাগ মাহ, বসন্ত কাললৈ মই বহুত ‘ক্ৰেজি’ আছিলোঁ। এতিয়া অৱশ্যে সেইটো নাই। এতিয়া শৰৎ কালটোৱেই বেছি ভাল পাওঁ। কিন্তু তেতিয়া বসন্ত কাল বুলিলে দেধাৰ কবিতা লিখিছিলোঁ। বৰষুণক লৈয়ো লিখিছিলোঁ বহুত কবিতা। পৰিৱেশটো তেনেকুৱাই আছিল আমাৰ। আমাৰ ফুলনি আছিল। কিতাপ, ফুলনি আৰু ৰেডিঅ’ আছিল। অকণিৰ মেল নাটক শুনাৰপৰা, ফুলনি, আমাৰ লাইব্ৰেৰীটো, মাৰ মুখেৰে শুনা লেখাৰ কথা এইবোৰে কৰবাত মোক লিখাৰ ক্ষেত্ৰত ‘ৰিয়েক্ট’ কৰিছিলে চাগৈ। দেউতাই আজৰি সময়ত মোক খুব শ্বেইকছপীয়েৰ, শ্যেলী, কীটচৰ কথা কৈছিল। বাইৰণৰ কথা কৈছিল। পাপৰি কবি গণেশ গগৈৰ কথা কৈছিল। মোপাছাৰ গল্প এইবিলাক দেউতাই মোক কৈছিল। দেউতাই বুজাইছিল শ্যেলীৰ কবিতা। নাইবা ৱৰ্ডচৱৰ্থৰ কবিতাই কি বুজাই সেইবোৰ মোক কৈছিল। গোটেইখিনি মিলি হয়তো মোৰো কিবা এক সৃষ্টিৰ কাৰণে মন গৈছিল। আৰু এটা ইণ্টাৰেষ্টিঙ কথা। মোৰ মামা তেতিয়াৰ বৰপেটাৰ নিউজ পেপাৰ ‘বৰপীঠ’ৰ লগত জড়িত আছিল। তাত এটা শিশু শিতান আছিল। তেওঁ মোৰ লেখা লৈ গৈ তাত দিয়ে, ‘বৰপীঠ’-এ প্ৰকাশ কৰে। প্ৰকাশ হ’লে মোৰ লগৰবোৰে বহুত বাহ্ বাহ্ দিয়ে। খুব ভাল লাগে আৰু বেছি লিখিবৰ মন যায়। গতিকে তেনেদৰেই চলি থাকিল। নাইনত স্কুলৰ মেগাজিন চেক্ৰেটেৰী আছিলোঁ। বহুত বছৰ ধৰি বন্ধ হৈ থকা মেগাজিনখন আমি পুনৰ উলিয়াবলৈ সক্ষম হৈছিলোঁ। তাৰ পাছত মই ‘নতুন সাহিত্য পৰিষদ’ আৰু ‘গণ নাট্য সংঘ’ৰ লগত জড়িত হ’লোঁ। তেতিয়া মাহে মাহে যি পাঠ চক্ৰ হয়, তাত আমি ভাগ লওঁ। তেনেকৈয়ে লিখাবোৰ আৰম্ভ হৈছিল। কিন্তু মই বেছি চিৰিয়াচলি ললোঁ ২০০৫ ৰ পৰা। কিবা এটা ঘটিছিল জীৱনত। দুটা সপোন আছিল। তাৰে এটা পূৰা হোৱা নাছিল। আনটো সপোন আছিলে লেখক হোৱাৰ। গতিকে সেইটো চিৰিয়াচলি ললোঁ। পঢ়াও চলি আছিল। জিলা পুথিভঁৰাল, স্কুলৰ পুথিভঁৰাল একো বাদ পৰা নাছিল। গতিকে মই কব পাৰোঁ মই আৰম্ভণিৰপৰা লেখাতেই আছিলোঁ চাগৈ। প্ৰথম কবিতা লিখিছিলোঁ। কবিতা পঢ়ি বহুতে ক’লে আপুনি গল্প ভাল লিখিব চাগৈ। তেনেকৈয়ে গল্প লিখিলোঁ। মই অকমান লাকীও আছিলোঁ চাগৈ। প্ৰথমতে যিকেইটা গল্প লিখিছিলোঁ, এনেকুৱা হোৱা নাই যে প্ৰকাশ নহৈছিল। ‘দেউতা পুতলা এটা দিবিনে কিনি’ মোৰ পাঁচ নম্বৰ গল্প আছিল। সেইটো মানুহে ভাল পাবলৈয়ো ল’লে বহুত। তেনেকৈয়ে চলি থাকিলোঁ আৰু।
সাহিত্য ডট অৰ্গ: আজিকালি সততে শুনিবলৈ পোৱা সম্পৰীক্ষা শব্দটোৰ বিষয়ে আপোনাৰ কবলগীয়া?
চন্দনা পাঠক: হয়, সম্পৰীক্ষা আচলতে এটা বৰ ভাল শব্দ। সকলোতে সম্পৰীক্ষা হ’ব লাগে। সম্পৰীক্ষা হ’ব এইটো কাৰণত লাগে, আমি নতুন কিবা এটা পাবলৈ হ’লে, নতুন ধাৰাই হওক, নতুন শৈলীয়েই হওক, নতুন কিবা এটা সৃষ্টি কৰিবলৈ হ’লে এই সম্পৰীক্ষা শব্দটো খুব জৰুৰী। আৰু তাকে নকৰি আমি আগৰ ঠাঁচতে লিখি থাকিলে আমাৰ নিজাববীয়া একো নাথাকিব। সম্পৰীক্ষা সকলোতে হ’ব লাগে। গল্প কবিতা বুলি কথা নাই। আৰ্ট ফৰ্মতো হ’ব লাগে। চিনেমা, নাটকতো হ’ব লাগে। আনকি নিবন্ধ, প্ৰবন্ধটো হ’ব লাগে। হৈয়ো আছে আচলতে। সম্পৰীক্ষা নকৰিলে বিজ্ঞানেও আমাক ইমানবোৰ দিব নোৱাৰিলেহেঁতেন। কথাটো কলা বা সাহিত্যৰ ক্ষেত্ৰতো প্ৰযোজ্য। লগতে আৰু এটা কথা কম। সকলো কথাতে এটা ‘বেলেন্স’ জৰুৰী মানে ভাৰসাম্য জৰুৰী হৈ পৰে। মই নিজেও চাগৈ প্ৰতিটো গল্পতে সম্পৰীক্ষা কৰোঁ। কিন্তু এনেকুৱা হ’ব নালাগে, পৰীক্ষাৰ খাতিৰত লেখাটোৰ যি মূল আত্মা সেই আত্মাটো মৰি গৈছে, তেনেকুৱা হ’ব নালাগে। ভাৰসাম্যটো নষ্ট হ’ব নালাগে। সাহিত্য বা কলাত ৰসেই মূল। সম্পৰীক্ষা কৰাৰ নামত ৰসভংগ হ’ব নালাগে। ৰস নাপালে পাঠকে কিয় পঢ়িব? মেক আপ আৰ্টিষ্ট এজনেও সম্পৰীক্ষা কৰে। কিন্তু সেইবুলি তেওঁ কাণখন আনি নাকৰ ঠাইত লগালে নহ’ব। সম্পৰীক্ষা কৰিলেও ভাষা, প্লট, চৰিত্ৰ সকলোৰে এটা সংগতি থাকিব লাগিব। সম্পৰীক্ষাৰ নামত খুব জটিল কিবা এটা হ’ব নালাগে। পাঠকে যাতে ৰিলেট কৰিব পাৰে। গতিকে সম্পৰীক্ষা যি কৰে তেওঁ দক্ষতাৰে কৰিব লাগিব।
সাহিত্য ডট অৰ্গ: আপোনাৰ লেখাত সততে দেখিবলৈ পোৱা কথাটো হৈছে অত্যন্ত কম শব্দৰে আপুনি বৰ তীক্ষ্ণ ভাৱ প্ৰকাশ কৰিব পাৰে। কিদৰে সম্ভৱ বুলি ভাৱে আপুনি? লগতে, সকলো গল্পতে বাক্য চুটি আৰু শব্দ কম হোৱাটোৱেই বাঞ্ছনীয় নে সেয়া লেখকৰ সম্পূৰ্ণ নিজা শৈলী?
চন্দনা পাঠক: মোৰ ‘দেউতা পুতলা এটা দিবিনে কিনি’টো মোৰ পাঁচ নম্বৰ গল্প আছিল। সেইটো খুব কম শব্দৰ আছিল। কিন্তু এটা সময়ত বহুত দীঘল গল্পও লিখিছোঁ। পিছে কথাটো চুটি দীঘল লৈ নহয় আচলতে। কথাটো এনেকুৱা, সংক্ষিপ্তকৰণটো বৰ্তমান পৃথিৱীত বৰ জৰুৰী হৈ পৰিছে। আজিকালি মানুহৰ বৰ বেছি সময়ো নাথাকে আৰু দীঘলীয়াকৈ টানিলে বৰ বেছি আমনি পোৱা যেন লাগে। বহুত সময়ত আমি পাঠক ধৰি ৰখাৰ কথাটো ভাৱিবলগীয়া হয়। সাহিত্যই এতিয়া ডিমাণ্ড কৰিছে যে লেখকতকৈ বেছি আমি পাঠক সৃষ্টিতহে গুৰুত্ব দিব লাগে। তেনে এটা অৱস্থা হৈছে। কাৰণ পাঠক যদি নাথাকে আমি লিখিম কাৰ বাবে? গতিকে পাঠক সৃষ্টিৰ লগত এই কথাবোৰ অলপ জড়িত হৈ থাকে। আজিকালি যিদৰে প্ৰায় বহুতেই শৰীৰত অলপ মেদ জমা হলেই ব্যায়াম কৰি নাইবা জিমলৈ গৈ সেইখিনি আঁতৰোৱাৰ চিন্তা কৰে, কথাটো সেই একেই। গল্প কবিতাটো যিমান সম্ভৱ সেই চৰ্বিবোৰ আঁতৰাই পেলোৱাটো যুগুত। চুটি-দীঘলটো আচলতে কাহিনীৰ খাতিৰতহে হয়। চৰিত্ৰৰ খাতিৰত কেতিয়াবা বহুত দীঘল হ’ব পাৰে। কিন্তু অতিৰিক্ত চৰ্বি আছে নেকি সেইটোহে মূল কথা। দীঘল হ’লেও যাতে পাঠকে গমেই নাপায়, তেওঁ কিমান দীঘল গল্প এটা পঢ়িলে, তেনে হোৱা উচিত। সেইটো আচলতে কাহিনীকাৰজনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। এটা উদাহৰণ দিওঁ, ধৰা হওক এগৰাকী মানুহে ভাত ৰান্ধি আছে। তাৰ বাবে পাচলি কুটাৰপৰা বৰ্ণনা কৰাৰ প্ৰয়োজন নাথাকে। যদি সংক্ষেপতে প্ৰেচাৰ কুকাৰৰ হুইছেলৰ শব্দত বুলি কোৱা যায়, তেনেহলে বুজা যাব যে মানুহগৰাকীয়ে ভাত ৰান্ধি আছে। ধৰা হওক বসন্তকালৰ বিষয়ে কোৱা হৈছে। কেতিয়াবা দেখা যায় এটা দফা নাইবা এটা পৃষ্ঠাত সেই বৰ্ণনা কৰিছে। যিটো সংক্ষেপতে কুলিৰ মাতত বুলি ক’লেই বুজা যায় যে সেয়া বসন্ত কালৰ কথা কোৱা হৈছে। নাইবা, বিহুত ঢোলৰ চাপৰৰ কথা ক’লেও বুজা যায় যে বসন্ত কালৰ কথা কোৱা হৈছে। কুলিৰ কথা কবলৈ গৈ কেতেকীৰ কথা, কপৌ ফুলৰ কথা কোৱাটো প্ৰয়োজন নাথাকে। মূল কথা হৈছে সেই অতিৰিক্ত চৰ্বিখিনি থাকিব নালাগে। পাঠক বিৰক্ত হয়। আচলতে গল্প, কবিতা, উপন্যাস যিয়েই নহওক, নিৰ্মাণটো সাংঘাতিক নিকপকপীয়া হ’ব লাগে। ঘৰ এটা সজাৰ ক্ষেত্ৰত যিদৰে আমি বহু পৰিকল্পনা কৰি ক’ত কি দিম ভাৱি চিন্তি কৰোঁ, ঠিক তেনেদৰে সাহিত্যৰ ক্ষেত্ৰটো সেই নিৰ্মাণ নিকপকপীয়া হব লাগে।
মোৰ ক্ষেত্ৰত বহুখিনি জীৱন আৰু নিশ্চিতভাৱে গল্পখিনিয়েই নিজেই শিকাইছে মোক। মই সদায়েই কওঁ প্ৰতিটো গল্প, প্ৰতিটো লেখা আচলতে মোৰ কাৰণে কৰ্মশালাৰ দৰে হয়। প্ৰতিটো গল্প লিখি উঠি মই নিজেই শিকোঁ যে এইটোত কিয় এনে হ’ল, কি হ’ল, কি নহ’ল। এইটো ক’ত আনটোতকৈ বেলেগ হ’ল। তেনেকৈ শিকি থাকোঁতেই এদিন বৰ ভালকৈ আৱিষ্কাৰ কৰিলোঁ যে শৰীৰৰ অতিৰিক্ত চৰ্বিৰ দৰে গল্পবোৰেও সেই মেদখিনি হজম নকৰে। তীক্ষ্ণতাৰ ক্ষেত্ৰত আচলতে বহু সময়ত এইবোৰ জীৱনৰ অভিজ্ঞতা। কেৱল পঢ়াটোৱেই সহায় নকৰে। সৃষ্টিৰ বাবে জীৱনৰ অভিজ্ঞতা বহুত জৰুৰী। লেখকজনৰ এটা অনুভৱী আৰু সংবেদনশীল মন থাকিব লাগে। লগতে যোগ দিম বুদ্ধিমত্তাৰ কথাটো। চৰ্বি কটাৰ ক্ষেত্ৰতো বুদ্ধিমত্তাটোৱেই সহায় কৰে। লগতে, ‘ৰি-থিংক’ কৰিব লাগে। লিখি উঠি বাৰে বাৰে পঢ়ি চাব লাগে। একেখিনি কথাকে দোহাৰিছোঁ নেকি মন কৰিব লাগে। এই তীক্ষ্ণতাটো আহৰণ কৰিবলৈ অৱশ্যে সময় লাগে। সাহিত্যটো জীৱনজোৰা এটা সাধনা। গতিকে চৰ্চাটো কৰি থাকিব লাগিব আৰু যিমান পাৰি জীৱনক ওচৰৰপৰা চিনিব পাৰিলে ভাল। জীৱনত যিমান ব্যাপক অভিজ্ঞতা হয় সেই সমূহে আচলতে ক্ৰিয়া কৰে। জীৱন বুলি কোৱাৰ লগে লগে সমাজ, ৰাজনীতি, সমাজখনৰ লগত জড়িত কোনো কথাকে আমি বাদ দিব নোৱাৰোঁ। সমাজখনৰপৰা এটা চৰিত্ৰ উঠালে ভাবিব লাগিব সেই চৰিত্ৰটো কোনটো পটভূমিৰ, তেওঁ কি চিন্তা কৰিব পাৰে, তেওঁ কেনেকৈ কথা কব পাৰে। কথাবোৰ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ হৈ থাকিব লাগিব। আৰু এটা কথা, ভাষাটো বুলি কওঁতে আমি তেনেদৰে আচলতে কথা পাতোঁতে শব্দ ব্যৱহাৰ কৰোনে নাই সেইটো চাব লাগিব।
সাহিত্য ডট অৰ্গ: নতুন প্ৰজন্মৰ লেখকসকলে কি কি বিষয়ত গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে?
চন্দনা পাঠক: আচলতে পৰামৰ্শ বা উপদেশ দিব পৰা যোগ্যতাটো মোৰ হোৱা নাই। নিজেও শিকি আছোঁ। সৰু ডাঙৰ সকলোকে বন্ধু বুলি ভাবিব পাৰি। তেনেদৰেহে কিছু কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিম। প্ৰথমতেই কওঁ, বহুতেই ভাৱে গল্পকাৰ, নাট্যকাৰ, কবি এইবিলাক বৰ গ্লেমাৰৰ কথা। কথাটো বৰ অশান্তিদায়ক আচলতে। কথাটো এতিয়া বহুত বেছি হোৱা যেন পৰিলক্ষিত হৈছে। কিন্তু সাহিত্য কেতিয়াও গ্লেমাৰ নহয়। সাহিত্যৰ সৈতে জড়িত হৈ নিজৰ নামটোক বিখ্যাত কৰিবলৈ অহা ধাৰণাটোৱেই ভুল। জীৱনে দিয়া অভিজ্ঞতা, সমাজে দিয়া অভিজ্ঞতাবোৰ সকলোৱে কথিত হিচাপে বহুতে কৈ গৈছে। কিন্তু সকলোৱে লিখি উলিয়াব নোৱাৰে। যিয়ে লিখিছে তেওঁ সেইটো ভৱা উচিত নহয় যে মই যিখিনি লিখিছোঁ সেইখিনি আগতে কোনেও ভবা নাই, লিখা নাই। কথাবোৰ তেনেকুৱা নহয়। মই যেতিয়া স্কুল বা বজাৰৰপৰা ঘৰলৈ আহোঁ, তেতিয়া বেছিভাগ ৰিক্সাচালকৰ সৈতে কথা পাতোঁ। চিনাকি দাদা, খুড়া তেওঁলোক। বহু সময়ত তেওঁলোকে জীৱনটো উজাৰি দি কথা পাতে। তাৰ মাজতে কেতিয়াবা তেওঁলোকে এনেকুৱা মাৰাত্মক একোটা কথা কৈ দিয়ে, শুনিলে প্ৰথমে এনেকুৱা লাগিব যেন কোনোবা বিখ্যাত দাৰ্শনিকে কথা কৈ আছে। যেন কোনোবা বহুত ডাঙৰ লেখকৰ কিতাপৰপৰা উঠোৱা বাক্য। গতিকে সকলো মানুহৰে অনুভৱ, সংবেদনশীলতা থাকেই আচলতে। লগতে তেওঁলোকৰ অভিজ্ঞতা থাকে।
মই মৰমৰ বন্ধু-বান্ধৱী, ভাইটী ভণ্টিহঁতক কবলৈ বিচাৰিম যে কেৱল কিতাপ পঢ়াতকৈ বাস্তৱ জীৱনক বুজি আমাৰ চৌদিশে কি চলি আছে সেয়া বুজিবলৈ যত্ন কৰিব লাগিব। মানুহবোৰ কেনেকৈ জীয়াই আছে, সমাজখন কেনেকৈ চলি আছে, অকল ভাতকেইটা খাবলৈ কোনে কিমান জীৱন সংগ্ৰাম কৰিছে, লগতে তেওঁলোকৰ মনৰ জগতত কি চলি আছে, ৰাজনৈতিক বাতাৱৰণে কি কৈ আছে, সামাজিক বাতাৱৰণে কি কৈ আছে, এই সকলোবোৰ মনৰ চকুৰে চাব পাৰিব লাগিব। তৃণমূল পৰ্যায়তেই অধ্যয়ন কৰিব পাৰিব লাগে। এই কথাবোৰ কেৱল লিখাৰ বাবেই নহয়, মানুহ হিচাপে কৰিব লাগে। এই কথাবোৰে পিছৰ জীৱনলৈ কিদৰে সহায় কৰে বুজা নাযায়। সামাজিক দায়বদ্ধতাক বুজিব লাগে। মোৰ মনত আছে, ‘গতিৰোধক’ বুলি এটা গল্প লিখোঁতে ‘হ’ম গাৰ্ড’ এজন মুখ্য কথক আছিল। গল্পটোত কেইবাটাও কাহিনী আছিল। কিন্তু কাহিনীবোৰ সঁচা আছিল। মোক এজন কথকৰ প্ৰয়োজন হৈছিল। তেখেতৰ উপায়ুক্তৰ লগতো ‘ডিউটি’ থাকিব পাৰে, সময়ত এম এল এ’ৰ চাৰ্কিট হাউচটো ডিউটি হব পাৰে, কেতিয়াবা ট্ৰেফিক পইণ্টটো ডিউটি হব পাৰে। বহুত ভবাৰ পাছত মই যেতিয়া পালোঁ, তেতিয়া কোনো হ’ম গাৰ্ডৰ লগত মোৰ কোনো আন্তৰিক কথা-বতৰা হোৱা নাছিল। মোৰ তেনে কোনো চিনাকি নাছিল। ভাৱিলোঁ ৰিচাৰ্ছ নকৰাকৈ গল্পটো লিখাটো বৰ ভাল কথা নহ’ব। প্ৰথম পুৰুষত লিখিম বুলি ভৱা গল্পটোত, সেই হ’ম গাৰ্ডজনক মোৰ ভিতৰত অনুভৱ কৰিব লাগিলে মই তেওঁক বাস্তৱিক ৰূপত দেখিব লাগিব। তাৰপাছতে মই স্কুলৰপৰা ঘৰলৈ উভটি অহাৰ বাটত এজন হ’ম গাৰ্ডক দেখিলোঁ। বহু দিন তেওঁ কেনেকৈ কি কৰে, তেওঁৰ প্ৰতিটো ষ্টাইল মই বুজিবলৈ চেষ্টা কৰিলোঁ। গল্পটো লিখাৰ আগতে প্ৰায় এমাহমান মই হ’মৱৰ্কেই কৰিছোঁ। এদিন মই ভাৱিলোঁ যে এতিয়া মই চৰিত্ৰটোক মোৰ ভিতৰত সুমুৱাই লব পাৰিছোঁ। এইখিনিতে আৰু এটা কথা কম। গল্পৰ ক্ষেত্ৰত মই সদায়েই ‘অবজেক্টিভিটি’য়েই মেনটেইন কৰি আছিলোঁ। চৰিত্ৰবোৰক মোৰ ভিতৰত ধাৰণ কৰিহে মই গল্প লিখিছিলোঁ। গল্প লিখাৰ ক্ষেত্ৰত হোম ৱৰ্কটো বৰ জৰুৰী হয়। আৰু এটা বিশেষ কথা। যিটো সামাজিক পটভূমি লোৱা হয়, সেই পটভূমিৰ ভাষা কোনটো বাস্তৱিক অৰ্থত ব্যৱহৃত হয় সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। চৰ অঞ্চলৰ কিবা এটা লিখিবলৈ গৈ ৰোমাণ্টিক ভাষাত কিবা এটা লিখিলে নহ’ব। বস্তি অঞ্চলৰ কিবা এটা লিখিবলৈ গৈ সাংঘাতিক ‘চফিচটিকেটেড’ ভাষা এটা প্ৰয়োগ কৰিলে নহ’ব। ভাষাটোক বৰ গুৰুত্ব দিব লাগে, আমি কি ভাষাত লিখিম। সেইটো বোধহয় মোৰ দুই নম্বৰ গল্প আছিল। বৰপেটাত সাহিত্যৰ সভা এখনত মই এটা গল্প লিখিছিলোঁ- ‘বৰষুণৰ এদিন’। সভাখনত গল্পকাৰ নয়ন মেধি সমল ব্যক্তি আছিল। তেতিয়া ‘দৈনিক বাতৰি’ৰ অনুভূতিখনত প্ৰকাশ হৈছিলে। মিহিৰ দাই সেইখন চাইছিল। গল্পটো পঢ়ি তেওঁ বহুত সুখী হৈছিল আৰু মোলৈ ফোন কৰিছিল। গল্পটো প্ৰকাশ হোৱাৰ আগতে কৰ্মশালাখনত নয়ন দাই প্ৰশংসা কৰিছিল, যদিও দুটামান ঠাইত ৰঙা চিঁয়াহীৰে দাগ দিছিল। শেষৰ বাক্যটোত দাগ দি তেওঁ মোক চাবলৈ ক’লে। মই ভাৱি থাকিলোঁ। বহু দেৰি ভৱাৰ পাছত মই বুজিলোঁ যিখিনি কথা আছিল তাত, এজন সৰু লৰাই হোটেলৰ মালিকক সোধে -‘মালিক, ডিমা আনিম না? ’ কিন্তু মালিক শব্দটোৰে তেনেকৈ আচলতে নোসোধে। হয়তো ‘দাদা’ সম্বোধনেৰে কব। মালিক বুলি হয়তো বহুত বছৰৰ আগতে কৈছিল। কিন্তু এতিয়া কোনেও নকয়। স্বাধীনতাৰ আগত হয়তো তেনেকৈ কৈছিল। সেই যে সৰু বাক্য এটাই এটা শিক্ষা দিলে, সেয়া মই আজিলৈকে মেনটেইন কৰি আহিছোঁ। সাধুকথাৰ দিনৰ যিটো ভাষা আছিলে, যেনে এজনী ৰূপহী ছোৱালী, এতিয়া গল্পত কোনেও ধুনীয়া ছোৱালী এজনীক ৰূপহী বুলি নকয়। কিন্তু গল্পটো কোনো প্ৰাচীন পটভূমিত লিখা হৈছে তেতিয়াহলে বেলেগ কথা। সাধুকথাৰ ঠাঁচত ময়ো গল্প লিখিছোঁ। তেতিয়া এই শব্দবোৰ ব্যৱহাৰ কৰিব পাৰি। নতুন লেখকে এই কথাবোৰ মন দিব লাগে। মোক বন্দীতা ফুকন বাইদেৱে এটা কথা কৈছিল, “তুমি কেতিয়াও কাৰো ষ্টাইল ফল” নকৰিবা। যিমান ভাল হওক বা বেয়া হওক, তোমাৰ যিটো শৈলী সেইটোত লিখিবা।” মই বন্দীতা বাইদেউৰ সেই কথাষাৰ শিলৰ ৰেখাৰ দৰে মানি আহিছোঁ। মই ভাৱোঁ আমাৰ প্ৰত্যেকৰ ভিতৰতে নিজাকৈ কিবা দিব পৰা থাকেই। সেই নিজাকৈ দিব পৰাখিনিকহে গুৰুত্ব দিব লাগে। প্ৰতিযোগিতা সদায় নিজৰ লগতে কৰিব লাগে। নিজৰ উত্তৰোত্তৰ সদায় নিজৰ লগত। আৰু এটা কথা। প্ৰাৰম্ভিক পৰ্যায়ত কেতিয়াবা গল্প কবিতা প্ৰকাশৰ বাবে পঠিয়াই থাকিলেও প্ৰকাশ নহয়। সেই কথাটোত কেতিয়াও হতাশ হব নালাগে। নিজৰ লেখাক কেনেকৈ ‘বেটাৰ’ কৰিব পাৰি সেয়াহে মূল কথা।
সাহিত্য ডট অৰ্গ: আপুনি একাধাৰে গল্প, উপন্যাস, কবিতা আৰু গীত ৰচনা কৰি আহিছে। আপোনাৰ কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো ইমানখিনি সৃষ্টিশীলতাৰে আপুনি সমৃদ্ধ হৈ আছে। তাৰ কাৰণ হিচাপে আপুনি কি কব বিচাৰিব?
চন্দনা পাঠক: আচলতে প্ৰথমে মই কবিতাৰেই আৰম্ভ কৰিছিলোঁ। তেতিয়া ক্লাচ নাইন নে টেনত আছিলোঁ। মোৰ মায়ে কৈছিল, “সদায় কবিতা লিখি থাকিবি। পিছে গল্পও লিখিব লাগে।” তেতিয়া মই গল্প বুলি ক’লেই ভয় খাইছিলোঁ। গল্প বৰ কঠিন কাম বুলি কৈছিলোঁ। কিন্তু যেতিয়া কবিতা পঢ়ি বহু পাঠকে কলে, “আপুনি গল্প ভাল লিখিব, গল্প লিখিবলৈ লওক”, মই লাহেকৈ গল্প লিখিবলৈ ললোঁ। পাঠকে ভাল পালে। কিন্তু কথা হ’ল কিবা এটা ভাৱি মই লিখিবলৈ লোৱা নাই। মই এটাই ভাৱিছিলোঁ যে মই লেখক হব বিচাৰোঁ আৰু লেখকৰ কাম হৈছে লিখি থকা। যি মাধ্যমতেই নহওক মোৰ ভিতৰত থকা কবলগীয়া কথাখিনি মই কব লাগে। জীৱনটোত যি দেখিছোঁ সেই কথাই বেছি গুৰুত্ব পায়। লিখাটোতকৈ দেখাটো জৰুৰী। দেখা মানে মই অন্তৰ্দৃষ্টিৰ কথা কৈছোঁ। মই সেই অন্তৰ্দৃষ্টিৰে দেখা কথাখিনি কৈ থাকিব পাৰিব লাগিব। কি মাধ্যমত লিখোঁ সেইটো প্ৰয়োজনীয় নহয়। কবিতাৰপৰা গল্পলৈ মেজিকেলি অহাৰ দৰে হোৱাৰ পাছত কিছু ব্যক্তিগত কাৰণত মই পাঁচটা বছৰ লেখাৰ পৰা আঁতৰি আছিলোঁ। কিন্তু যেতিয়া মই একেবাৰে লিখা বাদ দিয়াৰ দৰে হৈছিল তেতিয়া আগতে এজনে কোৱা কথা এষাৰ মনত পৰিল, “তুমি গান লিখিব পাৰা।” মোৰ তেতিয়া হাঁহি উঠিছিল। মই আৰু গান! কিন্তু পাঁচটা বছৰৰ পাছত মোৰ গান লিখিবলৈ মন গ’ল। তাৰপাছত উপন্যাসখনো মোৰ হঠাৎ সৃষ্টি। গল্পতে মই আটাইতকৈ বেছি সময় দিছোঁ। কিন্তু আজিকালি মন কৰোঁ, গল্প এটা লিখাৰ পাছত মোৰ বেলেগ কিবা এটা লিখিবলৈ মন যায়। একেটা ধাৰাতে লিখি থাকিব নোৱাৰা হৈছোঁ।
গান যিয়ে লিখে তেওঁৰ ভিতৰত আচলতে এটা সুৰ আৰু তাল থাকিব লাগে। মোৰ গুৰুৱে মোক কৈছিল তালটো আচলতে কাকো শিকাব নোৱাৰি। তালটো জন্মগতভাৱে ভিতৰত থাকে। বেলেগ বেলেগ ধাৰাত কাম কৰি থৈ যাবলৈ মন আছে মোৰ। পাৰিম বুলিও বিশ্বাস এটা আহিছে। এই সকলোবোৰ আচলতে অভিজ্ঞতাৰপৰাই কৰিছোঁ। জীৱনত বহু ধৰা অথবা এৰা, বিভিন্ন সামাজিক, ধৰ্মীয় ক্ষেত্ৰতো অভিজ্ঞতা হৈছে। নিজে সামাজিক গৰিহণাও পাইছোঁ। গাঁৱৰ পৰিৱেশো ওচৰৰপৰা পাইছোঁ। ব্যক্তিগতভাৱেও, মোৰ ছাত্ৰ ছাত্ৰী, মোৰ সহকৰ্মীসকল, গানৰ সমাজখন, নাটকৰ সমাজখন, সাহিত্যৰ সমাজখন সকলোৰে লগত মোৰ এটা আন্তৰিকতাৰ সম্পৰ্ক আছে। মই হীৰুদা, শুচিব্ৰতা ৰায়চৌধুৰী বাইদেউকো ওচৰৰপৰা পাইছোঁ। এখন বিদ্বান সমাজক যেনেকৈ পাইছোঁ, তেনেকৈ গাঁৱত থাকোঁতে চোৰ ডকাইত কৰা মানুহকো পাইছোঁ। মই সমাজৰ সকলো ধৰণৰ মানুহৰ লগতে কথা পাতোঁ। সমৃদ্ধ বুলি কবলৈ আচলতে সেইটোৱেই আচল কথা। মানুহৰ সৈতে মোৰ যি কনেকচন, সেই কনেকচনেই মোক সমৃদ্ধ কৰিছে আচলতে।
সাহিত্য ডট অৰ্গ: আপোনাৰ ‘পান্থশালা’ উপন্যাসখনৰ বিষয়ে আপোনাৰ কবলগীয়া? উপন্যাসখন পাঠকে কিদৰে আদৰি লৈছে বুলি আপুনি কব বিচাৰিব?
চন্দনা পাঠক: ‘পান্থশালা’ মোৰ কাৰণে যাদুৱেই আছিলে আচলতে। ‘পান্থশালা’ যেতিয়া লিখিছিলোঁ, তাৰ দুদিন আগতে মোৰ কোনো ধাৰণা নাছিল যে মই ‘পান্থশালা’ লিখিম। সেই সময়খিনিত কিছু কাৰণত মই বহুত বেছি হতাশ হৈ আছিলোঁ। কিবা লিখিম বুলিও লিখিব পৰা নাছিলোঁ। সেইদিনা সন্ধিয়াৰপৰা বহু দেৰীলৈকে খিৰিকীৰ কাষত বহি একেটা গানকে বহু দেৰী শুনিলোঁ। কবিতা এটা লিখিলোঁ, যদিও ভাল নালাগিল। তাৰপাছত শুবলৈ গ’লোঁ। টোপনি নহাত আঢ়ৈমান বজাত মোৰ সহকৰ্মী বাইদেউ এগৰাকীয়ে দিয়া ডায়েৰীখন আনি প্ৰথমেই প্ৰাৰ্থনা শইকীয়াৰ নামত উছৰ্গা কৰিলোঁ আৰু একো নভৱাকৈয়ে মই লিখিবলৈ আৰম্ভ কৰি প্ৰথম অধ্যায়টো লিখি শেষ কৰিলোঁ। তেনেকৈয়েই লিখা হ’ল। তাৰে এটা চৰিত্ৰ কিছু দিনৰপৰা মই জানিছিলোঁ। তেওঁক মোৰ উপন্যাসৰ এটা চৰিত্ৰ হ’ব বুলি ফোনত জনোৱাৰ পাছত অনুভৱ কৰিলোঁ যে তেৱেঁই হ’ব মোৰ উপন্যাসৰ ‘প্ৰটাগনিষ্ট’। তেৱেঁই মূল চৰিত্ৰ। উপন্যাসখন যিহেতু মোৰ পূৰ্ৱপৰিকল্পিত নাছিল, গতিকে উপন্যাসখনত মোক আৰু চৰিত্ৰৰ প্ৰয়োজন হওঁতে মই বাস্তৱত বিচাৰিবলৈ ধৰিলোঁ। সামাজিক মাধ্যমতো বিচাৰিলোঁ। পাছত এটা তেনে চৰিত্ৰক মই লগ পালোঁ। যি মই ভৱাতকৈয়ো বহুত বেছি সমৃদ্ধ। তেওঁ মোৰ উপন্যাসখনৰ এটা প্ৰধান চৰিত্ৰ। তেওঁক ক’লোঁ আৰু তেওঁ ৰাজী হ’ল। আচলতে গোটেই চৰিত্ৰবোৰ তেনেকৈয়েই উলিওৱা। প্ৰতিটো কথাই এটা যাদুৰ হ’ল। আচলতে চিনেমা, নাটকতকৈয়ো আমাৰ বাস্তৱ জীৱনতে বেছি ‘মিৰাকল’ ঘটি থাকে।
অৱশ্যে মোৰ নিজাকৈও কিবা অলপ কবলগীয়া আছিল। সেই কথাবোৰ ক’বলৈ আচলতে ‘পান্থশালা’ৰ জন্ম হৈছিল। উপন্যাসখনৰ চৰিত্ৰবোৰৰো বহু কথা ক’বলগীয়া আছিল। চৰিত্ৰসমূহক তেওঁলোকৰ কথাবোৰ ক’বলৈ দিলোঁ। তেওঁলোকৰ সৈতে ময়ো মোৰ কথাবোৰ ক’লোঁ। এনেদৰেই ‘পান্থশালা’ৰ জন্ম হ’ল। মই ভাবিছিলোঁ যে হয়তো সকলোৱে ইয়াৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব। কিন্তু প্ৰথম পাঠকজনেই এয়া বহু ভাল পালে। পূৰ্বায়নৰ প্ৰুফ ৰিডাৰ যোগেশে মোক কথা এটা কৈছিল। সেয়া মই প্ৰাপ্তি বুলি ধৰিলোঁ। ‘পান্থশালা’ মই ভবাতকৈ বহু বেছি সফল হ’ল। এয়াও মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি। সকলো স্তৰৰ পাঠকেই ‘পান্থশালা’ক আদৰি লৈছে। বহুজনে ‘পান্থশালা’ৰ ওপৰত কবিতা লিখিছে, উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ এজনে দেৱাগংনাৰ কোঠাটো অংকন কৰিছে। পাঠকসকলে ‘পান্থশালা’ পঢ়ি নিজক বিচাৰি পোৱা বুলি মোক জনাইছিল আৰু লেখক হিচাপে সেয়া মোৰ ডাঙৰ প্ৰাপ্তি। বহুজনে কিতাপখনক বাস্তৱিক আৰু গীতি-ধৰ্মী বুলিও জনাইছে। এইবোৰ মোৰ বাবে বৰ ডাঙৰ কথা। সকলোৱে কৈছে যে উপন্যাসখন পঢ়ি সুখ পাইছে আৰু নিজক বিচাৰি পাইছে।
সাহিত্য ডট অৰ্গ: সততে আলোচিত বিষয় অধিবাস্তৱবাদ বা যাদুকৰী বাস্তৱবাদৰ বিষয়ে আপুনি কি ভাৱে? আপোনাৰ দৃষ্টিত কাহিনীৰ খাতিৰতে এখন কল্পনাৰ জগত আৰু বাস্তৱ পৃথিৱীৰ একাকাৰ কৰা ৰূপটোক কিমানখিনিলৈকে গ্ৰহণ কৰিব পাৰি বুলি আপুনি ভাবে?
চন্দনা পাঠক: অধিবাস্তৱবাদ, যাদুকৰী বাস্তৱবাদ ইত্যাদি আচলতে একোটা শৈলী। এইবোৰ সকলো আমাৰ সাহিত্যত ব্যৱহাৰ হোৱা উচিত। ইয়াৰ দ্বাৰা আমাৰ সাহিত্য সমৃদ্ধিশালী হ’ব বুলি মই বিশ্বাস কৰোঁ। অধিবাস্তৱবাদ, যাদুকৰী বাস্তৱবাদ আদি যদিও নতুন শব্দ বুলি কোৱা হয়, এইবোৰ আমাৰ সাহিত্যত সৌ তাহানিৰ পৰাই আছে। আমাৰ সাধুকথাবোৰতো এইবোৰ কথা আছে। এইক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ কথা উল্লেখ আছে। সেই যে শিয়াল, কচু আৰু বুঢ়া-বুঢ়ীৰ সাধু আদিতো যাদুকৰী বাস্তৱবাদ থকা দেখা যায়। তেনেদৰে যাদুৰ প্ৰদৰ্শনী চাই আমাৰ ভাল লাগে, এনেধৰণৰ কথাই পাঠককো আকৰ্ষিত কৰে। পিছে এনেবোৰ শৈলী স্বাভাৱিকভাৱেই সাহিত্যত অহাটো ভাল। আচলতে যেতিয়ালৈকে আমাৰ মন থাকিব, আমাৰ মানসিক জগত এখন থাকিব, তেতিয়ালৈ অধিবাস্তৱবাদ, যাদুকৰী বাস্তৱবাদ আদিও থাকিব। এই যে নৰসিংহৰ অৱতাৰ তাতো অধিবাস্তৱবাদ আছে। অৰ্থাৎ সৌ তাহানিৰ পৰাই আমাৰ প্ৰাচীন মহাকাব্য যেনে ৰামায়ণ, মহাভাৰত আদি প্ৰাচীন গ্ৰন্থ সমূহতেই এইবোৰ শৈলী ব্যৱহাৰ কৰা হৈছে। অৱশ্যে এইবোৰ শৈলী ব্যৱহাৰ কৰোঁতে এটি ভাৰসাম্য থকা উচিত। অধিবাস্তৱবাদ, যাদুকৰী বাস্তৱবাদ আদি ব্যৱহাৰ কৰি পাঠকে ঢুকি নোপোৱা কাহিনী এটা বৰ্ণনা কৰা কথাটো মোৰ মতে সমৰ্থনযোগ্য নহয়। এনেবোৰ শৈলী ব্যৱহাৰ কৰোঁতে পাঠকৰ তাতে ৰসভংগ নহয়, সেই কথাটোত লেখকে মনোযোগ দিয়া ভাল। আচলতে এইবোৰ শৈলী ব্যৱহাৰ কৰি পাঠকৰ মোহভংগ কৰাও অনুচিত। এইবোৰ শৈলী ব্যৱহাৰ কৰোঁতে কাহিনীকাৰ দক্ষ হোৱাটো নিতান্তই আৱশ্যক।
সাহিত্য ডট অৰ্গ: লেখা এটাত নিৰ্গঠনবাদ, আধুনিকতাবাদ, নাৰীবাদ, ঔপনিৱেশিকতাবাদ আদি কেনেদৰে প্ৰকাশ কৰিব পৰা যায়?
চন্দনা পাঠক: আচলতে যেতিয়া নিৰ্গঠনবাদ, আধুনিকতাবাদ, নাৰীবাদ, ঔপনিৱেশিকতাবাদৰ ওপৰত প্ৰবন্ধ এটা লিখিলে একো সমস্যাৰ সৃষ্টি নহয়। পিছে গল্প, উপন্যাসত এইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এইবোৰ যে ব্যৱহাৰ কৰিবই লাগিব, তেনে নহয়। কথাবোৰ স্বাভাৱিক হ’ব লাগে। লেখকৰ ধাৰণা এটা প্ৰতিষ্ঠা কৰিবলৈ কাহিনী এটা লোৱা যায়। লিখি থাকোঁতে যদি কিবা বাদ নিজেই প্ৰকাশ পায়, সেয়া এক স্বাভাৱিক কথা। পিছে এটা বাদৰ ওপৰত লিখিবই বুলি লেখকে ভাবে, সেয়া এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ নাথাকে। অৱশ্যে ৰচনা বা প্ৰবন্ধৰ ক্ষেত্ৰত কথাটো বেলেগ হয়।
সাহিত্য ডট অৰ্গ: সৃষ্টিশীলতাত মৌলিকতাৰ বিষয়ে আপুনি কি কব বিচাৰিব?
চন্দনা পাঠক: সৃষ্টিৰ সৈতে মৌলিকতা শব্দটো সদায়েই জড়িত হৈ থাকে। পিছে বিশাল প্ৰেক্ষাপটত চাবলৈ গ’লে দেখা যায় যে পৃথিৱীত মৌলিক বুলি একো বস্তু নাই। হয়, কাহিনীবোৰ পৃথক হয়। আচলতে মৌলিকতা শব্দটো আমি কোন ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, সেয়াহে সকলোতকৈ ডাঙৰ কথা। আচলতে লেখকে বিষয়বোৰ কেনেদৰে প্ৰত্যক্ষ কৰে, তাৰ ভিতৰতেই মৌলিকতা থাকে। মৌলিকতা আচলতে দৃষ্টিৰ কথাটো জড়িত হৈ থাকে। সেইবাবেই মই ভাবোঁ যে মৌলিকতা লেখকৰ দৃষ্টি আৰু উপস্থাপনৰ ওপৰত নিৰ্ভৰ কৰে।
সাহিত্য ডট অৰ্গ: বৰ্তমানৰ সাহিত্য আৰু প্ৰাচীন সাহিত্যৰ মাজত কেনেধৰণৰ মৌলিক প্ৰভেদ আপুনি মন কৰে?
চন্দনা পাঠক: প্ৰাচীন যুগৰ ভাষা, শৈলী আদি আজি সলনি হৈছে। তেতিয়াৰ দিনৰ কাহিনীটো আজিৰ তাৰিখত প্ৰযোজ্য নহয়। পৰিবৰ্তিত সমাজ ব্যৱস্থাৰ সৈতে পাৰ্থক্য আহিবই। এতিয়া কথাবোৰ বহল হ’ল। অৱশ্যে কেতবোৰ কথা সলনি হোৱা নাই। বৰ্তমানৰ সাহিত্য বৰ্তমানৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে লেখা এটাই সদায়েই বৰ্তমানক সাঙুৰি লয়।
সাহিত্য ডট অৰ্গ: বৰ্তমান দেখা যায় যে বহু লেখকে লেখাৰ মানদণ্ড নিৰূপণ নকৰাকৈ লেখা প্ৰকাশ কৰে। লেখকৰ কৃচ্ছ্ৰসাধনাৰ বিষয়ে আপোনাৰ মতামত আমাক জনাবনে?
চন্দনা পাঠক: লেখক বুলি কোৱাৰ লগে লগে মই ভাবো যে কিছুসংখ্যক লোকে লিখাৰ ক্ষেত্ৰত সিমান দায়িত্বশীল নহয়। তেওঁলোকে লেখা এটা প্ৰকাশ হ’লেই কিবা ডাঙৰ প্ৰাপ্তি বুলি ভাবে। বহুতে আকৌ লেখা এটা লিখাৰ সময়ত সেই কামটো বৰ ভালকৈ কৰে। বহুগৰাকী লেখকে লেখাটোৰ মানদণ্ড নিৰূপণ কৰিবলৈ সক্ষম নহয়। লেখকে প্ৰাৰম্ভিক অৱস্থাত লেখাৰ মানদণ্ড নিৰূপণ কৰিব নোৱাৰে। লেখা এটা লৰালৰিকৈ পঠিয়াই দিয়াৰ পিছত এয়া প্ৰকাশ পালে লেখাটোৰ মানদণ্ড অৱনমিত হয়। আচলতে মানুহে নিজক প্ৰকাশ কৰি সদায়েই সন্তোষ লভে। অৱশ্যে এয়া এটা বৰ ডাঙৰ কথা নহয়। পিছে যিগৰাকী লিখিবলৈ আচলতে অসমৰ্থ হ’লেও এসময়ত নিজেই আঁতৰি যাব।
সাহিত্য ডট অৰ্গ: লেখা এটা প্ৰকাশ পোৱাৰ পিছত ‘লেখকৰ মৃত্যু’ (The author is dead) হয় বুলি আপুনি ভাবেনে? লেখকে ভবা কথাটো পাঠকে নিজ মতাদৰ্শ নে লেখকৰ মতাদৰ্শৰ মতে নিৰূপণ কৰা উচিত?
চন্দনা পাঠক: হয়, আচলতে মৃত্যু শব্দটো মই বৰ ভাল নাপাওঁ। মই সদায়েই ভাবো যে গল্প এটা প্ৰকাশ পালে গল্পটো মোৰ হৈ থকা নাই। এয়া এতিয়া পাঠকৰহে। মই তেতিয়া সেই গল্পটো এৰি আন এটি গল্প সৃষ্টিতহে গুৰুত্ব আৰোপ কৰোঁ। লেখক হিচাপে যদি মোৰ অধিকাৰ আছে, পাঠক হিচাপেও লেখা এটা গ্ৰহণ কৰা পাঠকৰ অধিকাৰ আছে বুলি মই ভাবোঁ। পাঠকে লেখকৰ দৃষ্টিভংগীৰে গল্প এটা বা কবিতা এটা যে গ্ৰহণ কৰিব লাগিব, তেনে আশা গল্পকাৰ বা কবিয়ে কেতিয়াও ভাবিব নালাগে। লেখা এটা পুনৰ লিখন কৰে পাঠকে। পাঠকে গল্পটো পঢ়াৰ লগে লগে নতুন নতুন পাঠৰ জন্ম হয় বুলি মই সদায়েই গণ্য কৰোঁ।
সাহিত্য ডট অৰ্গ: লেখকৰ ‘বন্ধ্যা সময়’ সম্পৰ্কে আপোনাৰ মতামত কি?
চন্দনা পাঠক: প্ৰতিগৰাকী লেখকৰ জীৱনলৈ ‘বন্ধ্যা সময়’ আহে। মোৰ জীৱনটো এয়া সংঘটিত হৈছে। আচলতে আমিও মানুহ। কেতিয়াবা ব্যক্তিগত জীৱনতো লিখাত অন্তৰায়ৰ সৃষ্টি কৰে। কেতিয়াবা মনৰ ফালৰ পৰাও এই সময় আহে। কেতিয়াবা লিখি থকাৰ সময়ত “মই এইবোৰ কি লিখি আছোঁ” ধৰণৰ ভাব এটাও লেখকৰ মনলৈ আহিব পাৰে। তেতিয়াই মানসিকভাবে ‘বন্ধ্যা সময়’ আহে। এনেধৰণৰ বহু কথাই বন্ধ্যা সময়ৰ সৃষ্টি কৰে। বিভিন্ন কাৰণত লেখা স্তব্ধ হৈ যাব পাৰে। পিছে মই ভাবোঁ যে যিসকলে চিৰিয়াচ হৈ লিখা কামটো কৰে, তেওঁলোকৰ এই বন্ধ্যা সময় এসময়ত মুকলি হৈ যায়। এই সময় উকলি গ’লে লেখকে আকৌ লিখিব পাৰে। এই সৃষ্টি সদায়েই অতুলনীয় হয়। বন্ধ্যা সময় লেখকৰ বাবে এক কষ্টকৰ সময়। পিছে এই সময়ৰ পৰা ওলাই আহিলেই লেখকে বিশেষ লেখা সৃষ্টি কৰিব পাৰে।
সাহিত্য ডট অৰ্গ: আপুনি ভাৱেনে বঁটা বাহনে এটা লেখাৰ মানদণ্ড নিৰূপণ কৰে?
চন্দনা পাঠক: বঁটা বাহনে লেখকক উৎসাহিত কৰে। কিন্তু বঁটা বাহনে লেখকৰ মানদণ্ড নিৰূপণ কৰিব পাৰে বুলি মই নাভাবো। আচলতে কোনে কেতিয়া বঁটা পায়, সেয়া আমি পাহৰি যাওঁ। অৱশ্যে যিবোৰ গ্ৰন্থই পাঠকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই কথাটো অলপ বেলেগ হয়। আচলতে লেখা এটা পাঠকে মনত ৰখাটোহে আচল কথা। এই ক্ষেত্ৰত পাঠক হিচাপে মহিম বৰা ছাৰৰ ‘কাঠনিবাৰীৰ ঘাট’, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ‘হৃদয় এক বিজ্ঞাপন’ আদি মই সদায়েই মনত ৰাখোঁ। সেই বাবে ভাবোঁ বঁটা বাহনে এটা লেখাৰ মানদণ্ড নিৰূপণ নকৰে।
সাহিত্য ডট অৰ্গ: শেষত ‘সাহিত্য ডট অৰ্গ’ ই-আলোচনীলৈ আপুনি কেনেধৰণৰ পৰামৰ্শ দিবলৈ মন কৰিব?
চন্দনা পাঠক: সাহিত্যক লৈ এখন আলোচনী হৈছে, এয়া সঁচাকৈ ভাল কথা। বৰ্তমান সাহিত্য বা সকলো ক্ষেত্ৰত এক সন্ধিক্ষণৰ সৃষ্টি হৈছে। আমি ভাষাটো হেৰুৱাবলগীয়া হ’ব নেকি বুলিও কেতিয়াবা ভাবি আমি শংকিত হৈ পৰোঁ। এনে সময়তে এনেধৰণৰ আলোচনীৰ নিশ্চয়েই প্ৰাসংগিকতা আছে। ‘সাহিত্য ডট অৰ্গ’ ই-আলোচনীখনে ভাষা আৰু সাহিত্যৰ চৰ্চা কৰি আছে। এয়া বৰ ভাল লগা কথা। ‘সাহিত্য ডট অৰ্গ’ ই-আলোচনীত নিশ্চয় ন-শিকাৰুসকলৰ বাবে এখন মঞ্চ হৈ পৰিছে। এয়া বৰ ভাল লগা কথা। সাহিত্যৰ স্বাৰ্থত, ভাষাটোৰ স্বাৰ্থত আলোচনীখনে নিশ্চয় এটি ধাৰাৰ জন্ম দিবলৈ সক্ষম হৈছে। লেখক সৃষ্টিৰ লগতে পাঠক সৃষ্টিৰ কথাতো গুৰুত্ব দি আলোচনীখনে সাহিত্য আৰু ভাষাৰ ক্ষেত্ৰত উন্নতি সাধিবলৈ সক্ষম হ’ব বুলি মই আশা ৰাখিলোঁ।
সাহিত্য ডট অৰ্গ: আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ সাহিত্য সৃষ্টিৰ এই যাত্ৰা অবিৰত যাত্ৰালৈ পৰিণত হওক। পুনৰবাৰ আপোনাক ধন্যবাদ জনালোঁ।
চন্দনা পাঠক: হয়, মোৰ ফালৰ পৰাও ‘সাহিত্য ডট অৰ্গ’ পৰিয়ালক ধন্যবাদ জনালোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!