সম্পাদকীয়: জনবিশ্বাস আৰু বিজ্ঞান
লেখক- দেৱজিত শৰ্মা
মানুহৰ মনৰ অনুসন্ধিৎসাৰ পৰাই সৃষ্টি হয় জনবিশ্বাস, জনবিশ্বাসৰ পৰাই সৃষ্টি হ’ব পাৰে বিজ্ঞান আৰু জনবিশ্বাসৰ পৰাই সৃষ্টি হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰ। আমাৰ অনুসন্ধিৎসু মনৰ পৰাই সৃষ্টি হৈছিল বহু জনবিশ্বাস আৰু তাৰ পৰাই সৃষ্টি হৈছিল সমাজৰ বহু নীতি নিয়ম। আদিম মানৱৰ মনত বহু প্ৰশ্ন উদয় হৈছিল— দিন আৰু ৰাতি কেনেকৈ হয়, খাদ্যৰ সন্ধান কেনেকৈ পায়, শস্য কিদৰে ঘৰচীয়া কৰিব পাৰি, অত্যধিক গৰম আৰু ঠাণ্ডাৰ পৰা কিদৰে ৰক্ষা পাব পাৰি, হিংসুক জীৱ জন্তুৰ পৰা কিদৰে বাচিব পাৰি, সহজ সৰল জন্তুবোৰ কিদৰে ঘৰচীয়া কৰিব পাৰি, অসুখৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি, মৃত্যুৰ পৰা কিদৰে বাচিব পাৰি, চৰাইৰ দৰে কিদৰে উৰিব পাৰি আদি। আদিম মানুহৰ সন্মুখত বহু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। চৰাইৰ দৰে উৰাৰ কথা সকলোৱে চিন্তা নকৰিব পাৰে, বা দিন ৰাতি কিদৰে হয় সকলো মানুহৰ চিন্তাৰ ভিতৰত নহ’ব পাৰে, কিন্তু খাদ্য, বস্ত্ৰ, বাসস্থান আৰু স্বাস্থ্যৰ বিষয়ে সকলোৰে মনত প্ৰশ্ন উদয় হয় এই প্ৰশ্নবোৰৰ পৰাই সৃষ্টি হয় বহুজন বিশ্বাসৰ। যিহেতু বহু কঠিন বেমাৰৰ পৰা সেই সময়ত পৰিত্ৰাণ পোৱা সহজ নাছিল, মানুহৰ গড় আয়ুস কুৰিৰ ওচৰে পাজৰে আছিল, সেয়ে সৃষ্টি হৈছিল বহু অন্ধ বিশ্বাসৰ। বিশ্বব্ৰহ্মাণ্ড যিমান ৰহস্যময় সিমানেই ৰহস্যপূৰ্ণ আমাৰ শৰীৰ। আজি এই একবিংশ শতিকাতো আমি আমাৰ শৰীৰৰ সকলো ৰহস্য সমাধান কৰিব পৰা নাই। আমাৰ সহজীৱসমূহৰ পৰিবেশ সৃষ্টিত ভূমিকা আৰু তাৰ সংঘৰ্ষত হোৱা আমাৰ শৰীৰৰ ৰোগ আৰু তাৰ নিৰাময়ৰ উপায় বিচাৰি আমি এতিয়াও হাহাকাৰ কৰোঁ। বিশ্ব ব্ৰহ্মাণ্ড বা মহাবিশ্বৰ সকলোতকৈ সূক্ষ্ম জীৱ ভাইৰাছৰ লগত হোৱা অহৰহ সংঘৰ্ষত আমি এতিয়ালৈকে নিৰ্ণায়কভাৱে জয় লাভ কৰিব পৰা নাই। ভাইৰাছবোৰক নিয়ন্ত্ৰণ কৰি কেনেদৰে আমি সিহঁতক আমাৰ কামত লগাব পাৰোঁ, তাৰ উপায় বিচাৰি এতিয়াও গৱেষণা কৰি আছোঁ।
সকলো কথাত প্ৰশ্ন কৰা বাবেই আমি জীৱ শ্ৰেষ্ঠ। বিজ্ঞানৰ ভালদৰে বিকাশ হোৱাৰ আগতেই এনে ধৰণে নানা সমস্যাৰ প্ৰশ্নৰ উত্তৰ হিচাপেই সৃষ্টি হৈছিল বহুজন বিশ্বাস। যুভাল নোৱাহ হাৰাৰীয়ে ছেপিয়েন্স নামৰ কিতাপত লিখাৰ দৰে, আদিম মানুহ এটা সময়ত সমগ্ৰ বিশ্বত এক নগণ্য জীৱ আছিলে, কিন্তু তেওঁলোকে এসময়ত জুই আৱিষ্কাৰ কৰিলে, যি মানুহক এক বিশেষ শক্তি দিলে, তাৰ পাছত খেতি কৰিব শিকিলে, যি মানুহক অধিক বিচাৰিবলৈ উৎসাহ দিলে, টকা পইছাৰ উদ্ভাৱনে মানুহক জীৱনৰ এক অভিপ্ৰায় দিলে আৰু শেষত বিজ্ঞানৰ বিকাশে মানুহক জীৱ শ্ৰেষ্ঠ কৰিলে।
সকলো বস্তুৰ শেষলৈকে বৈজ্ঞানিক বিশ্লেষণেৰে উত্তৰ নোপোৱালৈকে আমি সন্তুষ্ট নহওঁ, সেয়া বুৰঞ্জীয়েই হওক বা মৌলিক বিজ্ঞান হওক।
বহু জনবিশ্বাস আছে, যাক বৰ্তমানৰ বিজ্ঞানে শুদ্ধ প্ৰমাণিত কৰিছে। আমি আচৰিত হওঁ প্ৰাচীন যুগত কেনেদৰে ইমান বিজ্ঞানভিত্তিক বিশ্বাস স্থাপিত হৈছিল। এটা উদাহৰণ— নৱজাত শিশুৰ জণ্ডিছ হ’লে ৰ’দত ৰখা বহু সভ্যতাৰ বহু পুৰণি নিয়ম। আধুনিক চিকিৎসাতো এক বিশেষ তৰংগদৈৰ্ঘ্যৰ ৰশ্মি শিশুৰ জণ্ডিছ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। সূৰ্য্যৰ ৰশ্মিতো সেই বিশেষ তৰংগদৈৰ্ঘ্য থাকে। কিন্তু আমি সূৰ্য্যৰ ৰ’দ পোনপটীয়াকৈ নৱজাত শিশুৰ জণ্ডিছৰ চিকিৎসাত ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ সূৰ্য্যৰ পোহৰত অতি বেঙুনীয়া ৰশ্মি থাকে, যি বৰ্ধিত শিশুৰ বাবে হানিকাৰক৷ সেই আসোঁৱাহখিনি দূৰ কৰি তাক সহজ, সুলভ চিকিৎসাৰ বাবে ব্যৱহাৰ কেনেকৈ কৰিব পাৰি তাক গৱেষণা কৰাৰ স্থল আছে। বহু এনে জনবিশ্বাস আছে, আগৰ মানুহে হয়তো তাৰ বৈজ্ঞানিক বিশ্লেষণ নেজানিছিল কিন্তু সেই বিশ্বাস বিজ্ঞানভিত্তিক। আনহাতে বহু এনে জনবিশ্বাস আছে যাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই অথবা বিজ্ঞানৰ পৰিপন্থী। এনে ধৰণৰ জনবিশ্বাসে আমাক অনিষ্ট কৰিব পাৰে। আজিৰ যুগত কোনো এটা পৰম্পৰা আমি যুক্তিৰে বিশ্লেষণ নকৰাকৈ মনাটো উচিত নহয়। ক’লা মেকুৰী দেখিলে যাত্ৰা নষ্ট, যাত্ৰাৰ সময়ত পিছলৈ মূৰ কৰি চাব নেপায় আদিৰ কিবা বৈজ্ঞানিক ভিত্তি থাকিব পাৰে নেকি? নিশ্চয় নাই। কিন্তু সেই বিশ্বাসবোৰ কিয় সৃষ্টি হ’ল তাক গৱেষণা কৰাৰ স্থল আছে।
ধৰ্ম কি? “A pursuit of interest followed with great devotion”- “Consumerism is new religion.”
বৰ্তমান সমাজত অসহিষ্ণুতা বাঢ়িছে। সকলোৱে বেলেগৰ দৃষ্টিভংগীৰে চাবলৈ পাহৰি গৈছে। আন চিন্তাৰ মানুহক তেওঁ কিয় সেইদৰে চিন্তা কৰিছে, তাক বৈজ্ঞানিক যুক্তিৰে চাবলৈ পাহৰি গৈছে।
অন্ধবিশ্বাসবোৰ কেৱল অশিক্ষিত মানুহৰ মাজত নহয়, শিক্ষিত মানুহৰ মাজতো আছে; চিকিৎসক, অভিযন্তাৰ মাজতো আছে; বিজ্ঞানৰ শিক্ষকৰ মাজতো আছে। যদি অলপ কম শিক্ষিত মানুহে একো প্ৰশ্ন উত্থাপন নকৰাকৈ বসন্ত আদি ৰোগক আইসকলৰ দোষত হোৱা বুলি পূজা-পাতল কৰি অবৈজ্ঞানিক নীতি নিয়ম মানিছে, জণ্ডিছ ৰোগত ফুলৰ মালা পিন্ধিছে, শিক্ষিত মানুহেও বেমাৰৰ উৎস, বা চিকিৎসাৰ প্ৰদ্ধতিক লৈ প্ৰয়োজনীয় প্ৰশ্ন উত্থাপন কৰা নাই।
উদাহৰণ হিচাপে— কোভিদৰ সময়ত সকলো সামাজিক মাধ্যমত বহুত বাতৰি ওলাইছে। কোনোবাই কৈছে গিলয় খাওক, কোনোৱে আকৌ বেলেগ এবিধ বনৌষধ খাওক; কোনোৱে কৈছে অমুক খাওক, তমুক খাওক; কোনোৱে কৈছে ভেক্চিন ভাল, কোনোৱে কৈছে ভেক্চিন বেয়া— সকলোৱে নিজৰ বিশ্বাস অনুসৰি একোটা পদ্ধতি মানি গ’ল। কোনোৱে প্ৰশ্ন নকৰিলে এইযে অমুক বনৌষধ খালে ভাল হৈছে বুলি আপুনি কৈছে সেইটো বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত হৈছে নে? গৱেষণা পত্ৰত ওলাইছে নে? এইটো মনত ৰখা ভাল যে, বিজ্ঞানত একেটা বস্তু বাৰে বাৰে বহুত ঠাইত বিভিন্ন পৰিস্থিতিত প্ৰতিপন্ন হ’ব লাগিব, এজন দুজনৰ মাজত সত্য হ’লেই নহ’ব।
আই ওলাইছে বুলি পূজা নকৰাজনেও আই বুলি কোৱা বসন্ত ৰোগ কিয় হয় প্ৰশ্ন কৰি চাইছে নে, বা জণ্ডিছ মালা নিপিন্ধাসকলেও জণ্ডিছ কিয় হয় জানিব চেষ্টা কৰিছে নে? আমি সকলোকে প্ৰশ্ন কৰিব লাগে? চিকিসকক প্ৰশ্ন কৰক, বেমাৰটো কি, কিয় হৈছে, চিকিৎসা কি, কিয়, চিকিৎসা নকৰিলে কি হ’ব, কৰিলে কি হ’ব?
সেইদৰে আপুনি কবিৰাজ, জৰা-ফুকা কৰা সকলোকে প্ৰশ্ন কৰক। কবিৰাজে যে কিবা এটা খাব দিছে, তেওঁক বেমাৰটো কি হৈছে, সোধক ( মনত ৰাখিব লক্ষণ আৰু ৰোগ একে নহয়; লক্ষণটো আপুনি নিজেই জানিব তেওঁক সোধক লক্ষণটোৰ কাৰণ কি আৰু তাৰ প্ৰমাণ) আৰু তেওঁ যে ঔষধ দিছে তাৰ কিবা গৱেষণা হৈছে নে, আৰু কোন গৱেষণা পত্ৰত প্ৰকাশ হৈছে ( ‘মই বহুতক এই ঔষধ দি ভাল কৰিলোঁ’— এইটো উত্তৰ গ্ৰহণীয় নহয়)। জৰা-ফুকা কৰাজনক প্ৰশ্ন কৰক, তেওঁৰ মন্ত্ৰটোৱে বা তাবিজটোৱে কিদৰে সমস্যা সমাধান কৰিব। তাবিজ দি আপোনাৰ উন্নতি কৰিব খোজাজনক প্ৰশ্ন কৰক— তেওঁ যিহেতু লোকৰ সমস্যা ইমান ভালদৰে সমাধান কৰিব পাৰিব বুলি ভাবে, তেওঁৰ নিজৰ জীৱনত ইমান সমস্যা কিয় আছে?
কেৱল চিকিৎসাৰ ক্ষেত্ৰতে নহয়, গণেশৰ মূৰ্তিয়ে গাখীৰ খোৱা আদি কথা মানুহৰ মাজত কেৱল সঠিক বিবেচনাৰ অভাৱতে প্ৰচাৰ হয়।
সেইদৰে সকলোকে প্ৰশ্ন কৰক। শিক্ষকক কৰক, পিতৃ মাতৃক কৰক, চিকিৎসকক কৰক, জৰা-ফুকা কৰা বেজজনক কৰক, পূজাৰী, মৌলবীক কৰক, অভিযন্তা, কৃষি বিজ্ঞানী, ৰাজনীতিবিদক কৰক। সেয়েই বিজ্ঞানমনস্কতা।
আমাৰ শিক্ষা ব্যৱস্থাত কেৱল পৰীক্ষাত পাছ কৰিবলৈ শিকালে, আমি প্ৰশ্ন কৰিবলৈ পাহৰি থাকিলোঁ।
কিছুমান বিশ্বাসৰ বৈজ্ঞানিক ভিত্তি আছে কিন্তু বহুত বিজ্ঞানৰ পৰিপন্থী। এই একবিংশ শতিকাত আমি অন্ততঃ পৰিষ্কাৰকৈ জানিব লাগে জনবিশ্বাসবোৰৰ বিজ্ঞানসন্মত বিশ্লেষণ। বহু জনবিশ্বাস আছে, সেইবোৰ বিজ্ঞানসন্মত কিন্তু অমসৃণ; তাক মসৃণ কৰি জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো আমাৰ দায়িত্ব।
ডা°দেৱজিত শৰ্মা
গুৱাহাটী