অনুভৱৰ কথাবোৰ আৰু নাৰী সম্পৰ্কে কৰা অশ্লীল মন্তব্যবোৰ

লেখক- —ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

মোৰ দৰে বহুতেই ভাবে যে আজিকালিৰ মানুহবোৰ আগৰ তুলনাত অধিক অসহনশীল, স্বাৰ্থপৰ আৰু অসভ্য। তেনে মানুহে যিকোনো পৰিস্থিতিতে নিজৰ অভব্য আচৰণ আৰু অশালীন শব্দৰে আনক অপমান কৰিবলৈ সামান্যতমো কুণ্ঠাবোধ নকৰে। ইয়াৰ বিপৰীতে বিষয়তো আজিকালি মই কিছু অন্য ধৰণেও যুকিয়াই চাবলৈ চেষ্টা কৰোঁ। 

সৰুতে আমাক মা-দেউতাই সকলোৰে লগত বন্ধুত্ব কৰিবলৈ নিদিছিল। সকলোৰে ঘৰলৈ যাবলৈ নিদিছিল। কিছুমান মানুহৰ লগত আনকি কথা-বতৰা পতাৰ পৰাও বাৰণ কৰিছিল। দেউতাই কৈছিল ভাল কাপোৰ বেয়া মানুহেও পিন্ধিব পাৰে। অসভ্য মানুহেও সভা-সমিতিত সভ্য সমাজৰ নিয়ম-কানুনৰ ওপৰত দীঘলীয়া ভাষণ জাৰিব পাৰে। অসৎ ব্যক্তিয়েও সৎ চৰিত্ৰৰ ওপৰত কিতাপ লিখিব পাৰে। চোৰৰো থাকিব পাৰে বিশাল ঘৰ, জ্ঞানী লোকো হ’ব পাৰে বাটৰ ফকীৰ। মানুহ চিনা অত্যন্ত কঠিন কাম। ইয়াৰ বাবে গভীৰ পৰ্যবেক্ষণ আৰু প্ৰচুৰ মননশীলতাৰ প্ৰয়োজন। 

কিন্তু ক’ত থাকে বেয়া মানুহবোৰ? আমিতো কেতিয়াও দেখা নাই। কেতিয়াও লগ পোৱা নাই। ক’তো আনকি শুনিবলৈও পোৱা নাই। সেয়া আমাৰ শিশু কালৰ সৰল আৰু অপৰিপক্ব মনৰ প্ৰশ্ন আছিল। দেউতাই কৈছিল, তোমালোকে দেখা নাই, কাৰণ আমাৰ পৰিসৰৰ মাজত যিখিনি লোক আছে তেওঁলোক ঠিক আমাৰ দৰেই। 

আমি সদায় নিজৰ পছন্দৰ ব্যক্তিৰ সৈতেহে বন্ধুত্ব কৰোঁ। ঘৰ এটা সাজোঁ বুলি পৰিকল্পনা কৰোঁতে আমি ওচৰৰ মানুহখিনি কেনেকুৱা সেইটো চাইহে সিদ্ধান্ত লওঁ। পছন্দৰ ন’হলে সেই ঠাইত মাটি কিনাৰ পৰাও বিৰত থাকোঁ। পিকনিক এটাৰ আয়োজন কৰোঁতে যাৰ লগত আমাৰ ভাৱ বিচাৰ মিলে তেনে ব্যক্তিকহে লগ ধৰোঁ। মনৰ কথা ক’ব লগা হ’লেও আপোন বুলি ভৱা ব্যক্তিকহে কওঁ। সেই কামতো শিশু সকলেও নিজৰ অজানিতে কৰি থাকে। লক্ষ্য কৰিবচোন, স্কুললৈ যাবলৈ আৰম্ভ কৰাৰ পিছতে সিহঁতৰ এটা বন্ধুৰ দল তৈয়াৰ হয়। জন্মদিনলৈ নিজৰ পছন্দৰ বন্ধু বান্ধৱীৰ নামৰ এখন লিষ্ট তৈয়াৰ কৰে। টিফিনত এপিচ কেক বেছিকৈ নিয়ে বিশেষ বন্ধুক খুৱাবলৈ। এই কামতো স্বয়ংক্ৰিয়ভাৱে সৰু-ডাঙৰ সকলোৱে কৰে। পিছে আজিকালি ডাঙৰেই হওক বা সৰুৱেই হওক, আমি সকলোৱে নিজৰ অপচন্দ বা কমকৈ পছন্দ হোৱা ব্যক্তিৰ সৈতে সময় কটাবলৈ বাধ্য হওঁ। অফিচত হওক, বজাৰে-হাটে হওক, স্কুল-কলেজত হওক বা চুবুৰীতেই হওক, সকলোতেতো আৰু আমি আমাৰ পছন্দৰ ব্যক্তি থাকিব লাগিব বুলি ক’ব নোৱাৰোঁ। পছন্দৰ ন’হলেও কামৰ তাগিদাত বা ভদ্ৰতাৰ খাতিৰত আমি সকলোৰে সৈতে ভাল ব্যৱহাৰ কৰিবলৈ যত্ন কৰোঁ। মতৰ অমিল হ’লেও, দৃষ্টিভংগী নিমিলিলেও, মনটোৰ কোনোবাখিনিত শোকে খুন্দা মাৰি ধৰিলেও আমি পোৱা সংস্কাৰৰ বাবেই আমি উচ্চ-বাচ্য নকৰি কথাবোৰ ভালদৰে কওঁ, নিজৰ মত ব্যক্ত কৰোঁ বা বহুসময়ত মৌন হৈ পৰিৱেশটো শান্ত হোৱাত অৰিহণা যোগাওঁ। বহুতে সেইটোক দুৰ্বলতা বা ভয় বুলি গণ্য কৰে যদিও প্ৰকৃততে সেয়া প্ৰচুৰ ধৈৰ্য্য শক্তি আৰু উচ্চমানৰ আচাৰ-ব্যৱহাৰৰহে পৰিচায়ক। অৱশ্যে সকলোৰে পৰা তেনে উচ্চ পৰ্যায়ৰ আচৰণ আশা কৰিলে আশাহত হোৱাৰ সম্ভাৱনাই অধিক। এটা সহজ মনোৰম পৰিৱেশত আমি নিজৰ বা আনৰ আচাৰ-আচৰণ সম্পৰ্কে অনুমান কৰিব নোৱাৰোঁ। বিষম পৰিস্থিতি বা হঠাৎ উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিৱেশত আনৰ প্ৰতি আমাৰ আচৰণ আৰু শব্দবান কেনে হয় তাৰ ওপৰতহে নিৰ্ধাৰিত হয় আমাৰ চাৰিত্ৰিক বৈচিত্ৰতা। 

সেই তাহানিতে দেউতাক যে সুধিছিলোঁ, বেয়া মানুহবোৰ ক’ত থাকে দেউতা, আমি যে নেদেখো? আৰু তেওঁ যে কৈছিল আমাৰ পৰিসৰৰ মাজত আমি তেনে মানুহ দেখাতো সহজ নহয়! সেই দুয়োটা কথাৰ অৰ্থ মই আজি কিছু দিনতহে ভালদৰে বুজিছোঁ। বেয়া মানুহবোৰ প্ৰকৃততে সকলোতে থাকে, আমি মাথোঁ চিনি পোৱাত ভুল কৰোঁ। সামাজিক মাধ্যমে আমাৰ পৰিসৰ ইতিমধ্যে বিশ্বব্যাপী কৰি পেলাইছে। ইয়াত দিনে-ৰাতিয়ে বিচৰণ কৰি ফুৰা লাখ লাখ মানুহৰ ভিতৰত বেজিভাগেই কোনতো পৰিসৰৰ আমি ধৰিব নোৱাৰোঁ। পিন্ধন উৰণত সকলো ফিট ফাট। ঘৰ দুৱাৰ সকলোৰে টিপটপ। ফটো সকলোৰে DsLr কেমেৰাত তোলাৰ দৰে চকুত লগাকৈ স্পষ্ট আৰু ধুনীয়া। দেখাত সকলো পঢ়া-শুনা, ভব্য-গৱ্য। কোনোমতে সিদ্ধান্তলৈ আহিব নোৱাৰি যে ভাল কাপোৰ পিন্ধা বেয়া মানুহ কোনজন আৰু বেয়া কাপোৰৰ আঁৰত থকা সোণৰ খনি কোনখন? সকলোৰে কেম’ফ্লেজ আছে। সকলো ধূসৰ। সত্য-অসত্যৰ বিচাৰত সকলো বিভ্ৰান্ত। ঠিকেই কৈছিল দেউতাই, মানুহ চিনা কঠিন কাম। প্ৰচুৰ পৰ্যবেক্ষণৰ প্ৰয়োজন। এতিয়া পিছে পৰ্যবেক্ষণৰ পিছতো ঠগ খোৱা যায়। এতিয়া সঁচাকৈযে য’তে-ত’তে দেখা পোৱা যায় বহুতো উচ্চশিক্ষিত, সুপ্ৰতিষ্ঠিত ধূৰ্তৰ প্ৰতিমা। কেতিয়াবা চিনো, কেতিয়াবা নিচিনাকৈয়ে পাৰ হৈ যায়। কৰবাত কেম’ফ্লেজ খোল খায়, কৰবাত আকৌ মুখাৰ আঁৰতে ৰৈ যায় নিপুণ অভিনেতা। বেয়া মানুহ, ভাল মানুহ, সকলো এতিয়া আমাৰ পৰিসৰৰ ভিতৰত পৰে। 

: বেয়া মানুহ ক’ত থাকে দেউতা? 

: সকলোতে থাকে। সামাজিক মাধ্যমত আটাইতকৈ সহজতে বিচাৰি পাবা। 

প্ৰশ্নটো যদি এতিয়া কৰিলোঁহেঁতেন, উত্তৰ নিশ্চয় এনেকুৱাই হ’লহেঁতেন। অফিচ কাছাৰীত আমি পৰিসৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিন্তু সামাজিক মাধ্যমত সেয়া অসম্ভৱপ্ৰায়। পানীৰ নলেৰে চফা পানীৰ লগতে মাজে মাজে লেতেৰা গেদযুক্ত ৰঙা পানী অহাৰ দৰে আমি চাবলৈ নিবিচৰা, শুনিবলৈ নিবিচৰা ফিড কিছুমানো আমাৰ ফোনত মাজে মাজে বাধা নমনাকৈ ঢল বান্ধি চকুৰ সন্মুখেৰে পাৰ হৈ যায়। আৰু মুহূৰ্ততে সকলোবোৰ অনিয়ন্ত্ৰিত হৈ পৰে। হৃদয় সংকুচিত হয়। দুখ আৰু দ্বিধাবোধত মন ভাৰাক্ৰান্ত হৈ পৰে। লগে লগে শৈশৱতে কৰা সেই প্ৰশ্নৰ আচল উত্তৰটো পাই যাওঁ। বেয়া মানুহবোৰ ওচৰত থাকিলেও আমি আমাৰ পৰিসৰত সোমাবলৈ বাধা দিব পাৰোঁ, কিন্তু

সামাজিক মাধ্যমত আমাৰ সেই বাধা নাখাটে। 

সেইবাবে পঢ়িব লগা হয় হঠাতে মোবাইল ফোনত কোনোবা Okay দলেই যুৱ লেখিকাৰ ওপৰত দিয়া অশ্লীলতকৈয়ো অশ্লীল মন্তব্য। সহিব লগা হয় নাৰী হিচাপে নাৰীক কৰা অপমানৰ বিষাক্ত ঘোট। মনক শান্ত কৰাৰ স্বাৰ্থত নিগৰাব লগা হয় কলমেৰে নীলাভ চিয়াঁহী। জানিবলৈ মন যায় Okay দলেৰ পৰিয়ালত থকা নাৰীসকলৰ মনস্তত্ত্ব। এইসকল ব্যক্তিতো কাহানিও আমাৰ পৰিসৰৰ ভিতৰত নাছিল। অথচ সামাজিক মাধ্যমৰ খোলা বজাৰৰ বাবে আমি তেওঁলোকক আজি আমাৰ পৰিসৰত সোমোব নোৱাৰাকৈ নিয়ন্ত্ৰণ কৰাত অপাৰগ হৈছোঁ। নিজৰ নিজৰ পৰিসৰত দিয়া মন্তব্যবোৰে ৰাইজৰ মনত তোলপাৰ লগাব নোৱাৰে। শব্দই যেতিয়া পৰিসৰ অতিক্ৰম কৰে, তেতিয়াই সৃষ্টি হয় হৈ চৈৰ। 

এটা বেয়া মন্তব্যৰ জহত বেয়া মানুহবোৰ চিনি পাবলৈ কিছু সহজ হৈ পৰে। মুখাৰ আঁৰত লুকাই থকা বহু মুখৰ পৰা পৰ্দা আতঁৰি যায়। সেই মুখবোৰ দেখি আমি নিজৰ মুখবোৰ লুকুৱাবলৈ পৰ্দা আঁৰি ল’ব লগা হয়। 

আমি যিমানেই শিক্ষিত তথা প্ৰতিষ্ঠিত নহওঁ লাগে, ভাষাৰ শালীনতা যদি বজাই ৰাখিব নোৱাৰোঁ তেন্তে সেই শিক্ষাৰ মূল্য আধা হৈ পৰে। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments