অমাবস্যাৰ ভূত : নৱকৃষ্ণ ডেকা

(প্রথম খণ্ড)

পেহীৰ হাজাৰ বাধা স্বত্বেও নিজম মাথাউৰিটোৰ ওপৰেৰে বাইক ঘূৰালোঁ। অমাবস্যাৰ নিশা। বাইকখনৰ হেডলাইটটোৱে বিলোৱা পোহৰখিনিৰ বাহিৰে বাকী সকলোতে ঘোৰ অন্ধকাৰ। সময় চাই দেখিলো ১১ বাজিবলৈ ১০ মিনিট বাকী। আচলতে মই আহিছিলো মোৰ ঘৰৰ পৰা ১০ কি মি দূৰৈত থকা মোৰ পেহীৰ ঘৰলৈ আবেলিয়ে । পেহীয়ে পূৱাই মোক ফোন কৰি মাতিলে “অই ভূলু(পেহীয়ে মোক মৰমতে মাতে) আহিবিছোন আজি আবেলি বহুদিন দেখাই নাই তোক।” ময়ো ভাবিলো বহুদিন যোৱাই নাই গতিকে আজি এপাক মৰাই যাওক। মা আৰু দেউতাইও ক’লে যাবলৈ। গতিকে আবেলিতে পেহীৰ ঘৰ ওলালোগে। বহুদিনৰ মূৰত লগ পাই পেহীৰ কি অভ্যর্থনা ! গাল মুখত চুমা খাই একেবাৰে কাষতে বহুৱাই লৈ চাহ–জলপানৰ আয়োজন কৰিলে। “ইচ্ বহুদিন দেখাই নাই অ‘ তোক, সৌ তাহানিতে দেখা, ইমানটো ডাঙৰ হ’লি, পেহীয়েৰক পাহৰিলিয়েই, নহাই হলি” ইত্যাদি ইত্যাদি পেহীৰ নানান কথাৰ বাজনা শুনি থাকোতে গৈ গধুলিয়ে হ‘ল। ক’বলৈহে পালো পেহী মই যাওঁগে পেহী জাঙুৰ খাই উঠিল । “গৰু ইমান দিনৰ মূৰত পেহীয়েৰ ঘৰলৈ আহিছ যাবলে’ হ’লেইনে ?” পেহীৰ তীক্ষ্ণ প্রশ্নবাণ। “নোৱাৰ যাব ! থাকি যা আজি ৰাতিপুবাই যাবি“। তোৰ কাৰনে হৰেণৰ হতুৱাই বজাৰৰ পৰা লোকেল মাছ অনাইছোঁ।”
প্রথমে মই আপত্তি কৰিলোঁ যদিও শেহত ভাত খাই অহাৰে সিদ্ধান্ত ললোঁ। যা হওক পেহী ৰান্ধনীশালত সোমালে আৰু মোকো কাষতে বহুৱাই লৈ নানান ভাৰস্তৰ কথা ক’বলৈ ধৰিলে। খাই–বৈ উঠালৈ গৈ ১০ বাজিলে। “ভূলু মৰিশালি কাষৰ মাথাউৰি ৰাস্তাটোৰে ইমান ৰাতি যাব নালাগে! থাকি যা!” পেহীয়ে ক’লে।
“
নাযাওঁ পেহী মই মেইন পকী আলিৰে ঘুৰি যাম চিন্তা কৰিব নালাগে।”
অনিচ্ছাস্বত্তেও পেহীয়ে অবশেষত মোক বিদায় দিলে। পেহীৰ ঘৰলৈ দুটা পথেৰে যাব পাৰি – মেইন পকী পথেৰে আনটো নৈৰ পাৰে পাৰে মাথাউৰি পথেৰে। চিন্তা কৰিলোঁ কোনফালে যাম ! অবশেষত দুৰত্ব কম থকা চমু মাথাউৰি পথটোৰে অহাটোৰে সিদ্ধান্ত কৰিলোঁ। আচলতে এই মাথাউৰি পথেৰে গ’লে দুই কি মি দুৰত্ব কমি যায়, গতিকে এই পথটোবেই উপযুক্ত বুলি বিবেচনা কৰিলোঁ। উক্ত পথটো মোৰ চিনাকি আহোতে মই এইটো পথেৰেই আহিছিলোঁ। ইয়াৰ উপৰি মোৰ ধাৰণা হ‘ল যে মেইন পকী পথতকৈ এই পথটো মুকলি পাম আৰামত যাব পাৰিম আৰু সময়ো বহুখিনি ৰাহি হ’ব ।


এজাক ফেৰফেৰীয়া ঠাণ্ডা বতাহে গাত কোবাই থৈ গ‘ল। অমাবস্যাৰ নিশা। নিজম নিস্তব্ধ পথটো। হয়তো বাইকখনে সৃষ্টি কৰা যান্ত্রিক কোলাহলত আমনি পাই মোৰ নিচেই কাষতে শিয়াল এজাকে হোৱা দি উঠিল। এইখিনিতে মাথাউৰিটোৰ পৰা নামি যোৱা এটি সৰু পথ মই দিনতে দেখিছিলো। কাষৰ মৰিশালীখনলৈ যোৱাৰ পথ এইটোৱেই বুলি মোৰ অনুমান হ‘ল। পেহীয়ে মোক ইমান ৰাতি আহিবলৈ মানা কৰাৰ আপত্তিটো ইয়াতেই। পেহীয়ে কোৱামতে এই মৰিশালিখনৰ কাষেৰে দিনতো মানুহ আহিবলৈ ভয় কৰে। ভূত ওলায়–প্রেতাত্মা ওলায়। ৰাতি কোনোবা মানুহ পালে মাৰি পেলায় ইত্যাদি ইত্যাদি। যি কি নহওক মই আগবাঢ়ি গলোঁ। বাইক চলাই থকাৰ মাজতো অজানিতে মৰিশালিখনৰ পিনে চকু গল। ঘোৰ অন্ধকাৰত একো চকুত নপৰিল । হঠাৎ বাইকখনৰ আগেৰে তীব্রবেগত কিবা এটা পাৰহৈ গ‘ল ! স্পষ্টকে নেদেখিলো মেকুৰী যেন অনুমান হ‘ল। গাটো জিকাৰ খাই উঠিল। “ধেই একো নহয় কিবা জন্তু আৰু ৰাস্তা পাৰ হৈ গৈছে তাতে কি হ‘ল” মনতে সাহস দিলোঁ। এই মাথাউৰি আলিটোৰে মই প্রায় ৪ কি মি গলে এটা হাবিতলীয়া পথ পাম। সেই পথটো ২ কি মি গৈ ঘৰলৈ যোবা মেইন পকী পথটিত লাগিছেগৈ । ইতিমধ্যে মই প্রায় ২ কি মি পথ অতিক্রম কৰিছো। ব্যক্তিগতভাবে মই ভূত–প্রেত বিশ্বাস নকৰোঁ। এই মাথাউৰি পথটোত ঘটা নানান ভৌতিক গল্প মই বন্ধুমহলত শুনিছোঁ। এইবোৰ মনেসজা কাহিনী যেনহে মোৰ অনুমান হয়। ইতিমধ্যে মৰিশালিখন পাৰ হৈ আৰু আধা কি মি পথ অতিক্রম কৰিলোঁ। এইখিনিতে মাথাউৰিটো তিনিবছৰ আগতে ভাগি দাতিকাষৰীয়া অঞ্চলত ডাঙৰ বানপানীৰ সৃষ্টি কৰিছিল। চৰকাৰে নতুনকৈ বনাইছে যদিও মেৰামতি সিমান এটা ঠিক হোবা নাই। টকাবোৰৰ সিংহভাগ চাগে ঠিকাদাৰৰ পকেটত সোমাল। স্থানীয় সংগঠন দুটামানে দুদিনমান অলপ হুলস্থুল কৰা কাকতত পঢ়িছিলোঁ। তাৰ পিচত চব ঠাণ্ডা। এইবোৰ ভাবি ভাবি আগবাঢ়িলোঁ, হাবিতলীয়া পথটো পাবলৈ তেতিয়াও প্রায় ১ কি মি বাকী, হঠাৎ বাইকৰ হেডলাইটৰ পোহৰত ১০০মিটাৰমান দূৰৈত দৃষ্টিগোচৰ হ‘ল এখন সৰু চাৰিচকীয়া গাড়ী মোৰ আগে আগে গৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *