অমৰত্ব লাভ সম্ভৱ নে?

লেখক- চিত্তৰঞ্জন ওজা

ভগৱান বিষ্ণুৰ পৰামৰ্শ লৈ দেৱৰাজ ইন্দ্ৰই স্বৰ্গ, মৰ্ত, পাতালৰ সকলো দেৱতা আৰু অসুৰৰ সহায়ত ক্ষীৰসাগৰ মন্থন কৰিবলৈ লয়। সমূদ্ৰ মন্থনত ওলাই আহে অমৃত, হলাহল আৰু বহুতো মূল্যৱান বস্তু। বিষ্ণুৰ সহায়ত এই অমৃত পান কৰি দেৱতাসকলে অমৰত্ব লাভ কৰে আৰু অধিক শক্তশালী হৈ পৰে। ভাগৱত পুৰাণত উল্লেখ থকা এই আখ্যান বহু হাজাৰ বছৰ আগত ৰচনা কৰিছিল। সেই সময়ৰ পৰাই মানুহৰ মনত অমৃত পান কৰি অমৰত্ব লাভ কৰিবলৈ চেষ্টা কৰা দেখা যায়। কিন্তু আজিলৈ কোনেও সফল হ’ব পৰা নাই। ভাৰতীয় ইতিহাসত ঋষি, মুনিসকলে যোগ, আধ্যাত্মিক সাধনাৰে কেইবা শ বছৰ জীয়াই থকাৰ কথা উল্লেখ আছে। ই কিমান দূৰ সত্য জনা নাযায়। পিছে মানুহে ইচ্ছা কৰিলে ঋষিসুলভ পৰিমিত ভোজন, যোগ-ধ্যান আৰু শৃংখলাবদ্ধ জীৱনৰ দ্বাৰা দীৰ্ঘায়ু জীৱন পাব পাৰে। 

 

‘‘মানুহ মৰণশীল’’ কথাষাৰ আমি সৰুৰেপৰা শুনি আহিছো। আকস্মিক দুৰ্ঘটনা বা বেমাৰ-আজাৰ নহ’লেও মানুহ এটা বয়সত মৃত্যুমুখত পৰে। বয়সৰ লগে লগে লাহে লাহে কোষবোৰৰ মৃত্যু হয়, নতুন কোষৰ জন্মৰ হাৰ কমি যায়, দেহৰ মুখ্য অংগ বিকল হৈ পৰে আৰু মানুহ মৃত্যুমুখত পৰে। ‘National Academy of Sciences’ত প্ৰকাশ পোৱা এখন গৱেষণা পত্ৰত উল্লেখ কৰিছে যে মানুহৰ দেহৰ কোষবোৰ আৰু জৈৱিক অংগসমূহৰ বয়সৰ লগত হোৱা ক্ষয় ৰোধ কৰিব পৰা নাযায় যদিও ক্ষয়ৰ হাৰ কমাব পৰা যায়। গৱেষণাৰ মতে কোষসমূহ দুটা সমস্যাৰ সন্মুখীন হয় – বাৰ্ধক্যৰ লগে লগে কোষসমূহ অকামিলা হৈ পৰে আৰু কোষসমূহ কৰ্কটজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই দুটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিলেই মানুহে অমৰত্ব লাভ কৰিব। বিশ্বৰ সকলো প্ৰাণী, গছ-লতা লক্ষ্য কৰিলে দেখা যায় যে প্ৰকৃতিৰ কোনো জীৱই সুদীৰ্ঘ সময় জীয়াই থাকিব নোৱাৰে। প্ৰকৃতিৰ নিয়মত মৃত্যু এক স্বাভাৱিক প্ৰক্ৰিয়া। তথাপি হাজাৰ বছৰ আগৰ পৰা বিজ্ঞানীয়ে পৰীক্ষা চলাই আছে দেহৰ কোষসমূহ কেনেকৈ বছৰ বছৰ ধৰি সক্ৰিয় কৰি ৰাখিব পাৰি আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিব পাৰি। 

 

বিজ্ঞানীসকলে এতিয়া Sirtuins নামৰ এবিধ প্ৰটিনৰ সহায়ত মানৱ দেহৰ কোষসমূহৰ আয়ুস বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে। তদুপৰি, rapamycin নামৰ পদাৰ্থবিধে মানুহৰ আয়ুস দুগুণতকৈ অধিক বৃদ্ধি কৰিব পাৰিব বুলি বিজ্ঞানীসকলে ভাবে। হয়তো এদিন এনেবোৰ বস্তুৰ প্ৰয়োগত মানুহৰ আয়ুস ৮০ বছৰৰ পৰা ১৫০ বছৰলৈ বৃদ্ধি কৰাব পৰা যাব। মানুহৰ দেহত ৰোগৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু মানুহৰ আয়ুস বৃদ্ধি কৰিবলৈ বিজ্ঞানীসকলে যুগ যুগ ধৰি চলাই থকা গৱেষণাৰ ফলতে আজি মানুহৰ গড় আয়ুস যোৱা ৭৫ বছৰত প্ৰায় দুগুণ বৃদ্ধি পাইছে। 

 

ভাৰতবৰ্ষত হাজাৰ বছৰ আগত পৰ্বত-অৰণ্যত বাস কৰা ঋষি-মুনিয়ে দীৰ্ঘায়ু লাভ কৰিছিল দুটা কাৰণত – ১) যোগ আৰু প্ৰাণায়াম ২) খাদ্যাভাস। সনাতন ধৰ্মৰ গ্ৰন্থসমূহত উল্লেখ কৰা অনুযায়ী এজন ঋষিৰ দিনটো আৰম্ভ হয় সূৰ্য উদয় হোৱাৰ বহু আগত ব্ৰহ্ম পুৱাতে। নিত্য কৰ্ম কৰিয়ে আৰম্ভ কৰে যোগ আৰু শৰীৰ চৰ্চা। তাৰ পাছত আৰম্ভ হয় প্ৰাণায়াম আৰু তাৰ লগতে তপ, জপ, প্ৰাৰ্থনা। দুপৰীয়া সময়খিনিত শাস্ত্ৰ অধ্যয়ন কৰিছিল। আবেলি আশ্ৰমৰ কামত ব্ৰত হৈছিল। তেওঁলোকে দিনটোত আহাৰ গ্ৰহণ কৰিছিল মাত্ৰ এবাৰ বা দুবাৰ। সূৰ্য অস্ত যোৱাৰ পাছত মুখত একো নিদিছিল। কেৱল সাত্বিক আহাৰ গ্ৰহণ কৰিছিল। খাদ্য তালিকাত আছিল ফলমূল, শাক-পাচলি আৰু গাখীৰ। একেবাৰে কম পৰিমাণে জুইত ৰন্ধা খাদ্য খাইছিল। ভাত, ৰুটি আদি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য ঋষি-মুনিৰ খাদ্যৰ তালিকাত নাছিল। একৈশ শতিকাত ঋষি-মুনিৰ দৰে জীৱন নিৰ্বাহ কৰিব নোৱাৰিলেও, সূৰ্য উদয় হোৱাৰ আগয়ে বিছনাৰ পৰা উঠি অলপ সময় যোগাভ্যাগ, প্ৰাণায়াম কৰি ঋষি-মুনিসকলৰ দৰে খাদ্যাভাষ কিছু পৰিমাণে আমি গ্ৰহণ কৰিব পাৰো। এই সাত্বিক আহাৰে আমাক নিৰোগী কৰি ৰাখি দীৰ্ঘায়ু প্ৰদান কৰিব পাৰে। আজিকালি বহুতে সুস্থ শৰীৰৰ বাবে ইউৰোপ বা আমেৰিকাত প্ৰচলিত অভ্যাসবোৰ শিকি ইণ্টাৰমিটেণ্ট ফাষ্টিং, কাৰ্বহাইড্ৰেট বিহীন খাদ্য, প্ৰটিন পৰিপূৰক খাদ্য আদি অভ্যাস গ্ৰহণ কৰে। আমাৰ ঋষি-মুনিৰ পৰাই আমি তাতোকৈ বেছি কাৰ্যকৰী শিক্ষা লাভ কৰি উপকৃত হব পাৰোঁ। চতুৰ্থ শতিকাত ৰচিত কালিদাসৰ অভিজ্ঞান শকুন্তলমত কবিয়ে কণ্ব মুনিৰ আশ্ৰমৰ নৈসৰ্গিক পৰিৱেশৰ এনে এক বৰ্ণনা কৰিছে যে তাৰ মাজতে কল্পনা কৰিব পাৰি কণ্ব মুনিৰ শিষ্য সহিতে শকুন্তলাই কেনে ধৰণৰ খাদ্যাভাস গ্ৰহণ কৰিছিল। দীৰ্ঘায়ু জীৱন যাপনৰ প্ৰথম পদক্ষেপ হ’ল ৰাজসিক আহাৰ পৰিত্যাগ কৰি সাত্বিক আহাৰ গ্ৰহণ কৰা অৰ্থাৎ সম্পূৰ্ণৰূপে নিৰামষভোজী হোৱা, দিনটোত মাত্ৰ দুবাৰ আহাৰ গ্ৰহণ কৰা, সন্ধিয়াৰ পৰা ৰাতিপুৱালৈ অনাহাৰে থাকা ইত্যাদি। সুস্বাস্থ্যৰ লগতে মানসিকভাৱে সুস্থ হোৱা দীৰ্ঘায়ু জীৱনৰ আন এটা প্ৰয়োজনীয় দিশ। সেয়েহে দিনটোত অন্তত এঘণ্টা সময় যোগ আৰু প্ৰাণায়াম কৰাটো বাঞ্ছনীয়। মানসিক ছাপ, অৱসাদ দূৰ কৰিবলৈ হ’লেও যোগ আৰু প্ৰাণায়ামৰ বিশেষ প্ৰয়োজন আছে। 

 

মৃত্যুক জিনিবলৈ চেষ্টা কৰা বৰ্তমান সময়ৰ বিশ্বৰ এজন জনপ্ৰিয় প্ৰযুক্তিবিদ, কোটিপতি হ’ল আমেৰিকাৰ ব্ৰিয়ান জনছন। ১৯৭৭ চনত জন্মলাভ কৰা জনছনে মৃত্যুক জিনিবলৈ বছৰি খৰচ কৰে ২ মিলিয়ন ডলাৰ (ভাৰতীয় মূল্য ১৭ কোটি টকা)। জনছনৰ সুস্বাস্থ্যৰ বাবে আৰু বয়সৰ আচোৰ নপৰিবলৈ ৩০ গৰাকী ডাক্তৰে অহৰ্নিশে কাম কৰি থাকে। তেওঁ ‘Don’t Die’ ধাৰণাৰ জন্মদাতা যিয়ে মানুহক নিৰোগী কৰি ৰাখি সুখী জীৱন যাপনেৰে দীৰ্ঘায়ু পাব পাৰে। জনছনৰ মূল লক্ষ্য হ’ল ১৫০ বছৰৰো অধিক কাল জীয়াই থকা। ২০২৪ চনত তেওঁ যোৱা ছটা বছৰত বিভিন্ন সময়ত লোৱা ফটোসমূহ টুইটাৰত আপলোড কৰিছিল। ২০১৮ চনত লোৱা ফটোতকৈ ২০২৪ চনত তোলা ফটোত জনছনৰ বয়স কেবাবছৰ কমি যোৱাহে দেখা গ’ল। জনছনৰ মতে যোৱা ছয় বছৰত তেওঁৰ বয়স নাবাঢ়িলে বৰং পাঁচ বছৰ কমিহে গ’ল। ২০২১ চনত জনছনে Project Blueprintৰ অধীনত বিভিন্ন ভিটামিনেৰে পূৰ্ণ ফুড চাপ্লিমেণ্ট উলিয়ায়। বয়সৰ আঁচোৰ নপৰিবলৈ কম বয়সীয়া ল’ৰা-ছোৱালীৰ তেজৰ পৰা প্লাজমা সংগ্ৰহ কৰি নিজৰ দেহত সুমুৱাইছিল। আনকি জনছনে নিজৰ ১৭ বছৰীয়া সন্তানৰ পৰাও প্লাজমা লৈছিল। জনছনে দাবী কৰে যে এই প্লাজমাৰ সহায়ত তেওঁৰ বয়স কমাই দিবলৈ সক্ষম হৈছে। তেওঁৰ হাৰ্ট হেনো ৩৮ বছৰ বয়সীয়া আৰু ছাল হেনো ২৮ বছৰীয়া ব্যক্তি এজনৰ দৰে। জনছনে বাৰ্ধক্যক জিনিবলৈ তিনিটা পন্থা হাতত লৈছে – নিৰামিষ আহাৰ, ব্যায়াম আৰু বিশেষ ধৰণৰ খাদ্যৰ পৰিপূৰক। তেওঁৰ প্ৰতি দিনৰ খাদ্যৰ পৰিমাণ এনেদৰে নিৰ্ণয় কৰে যে সেই খাদ্যই দেহক ২২৫০ কেলৰি শক্তি দিয়ে, খাদ্যত থাকে ১৩০ গ্ৰাম প্ৰটিন, ২০৬ গ্ৰাম কাৰ্বহাইড্ৰেট আৰু ১০১ গ্ৰাম স্নেহ পদাৰ্থ। তেওঁ সন্ধিয়া ৮: ৩০ ৰ পৰা পুৱা ৫ বজালৈ টোপনি মাৰে, শোৱাৰ দুঘণ্টা আগত খাদ্যৰ পৰিপূৰক ঔষধ গ্ৰহণ কৰে, কফি বা সুৰাপান নকৰে। ৰাতিপুৱা শুই উঠি ৫: ৩০ বজাৰ পৰা ১১: ৩০ বজালৈ তিনিবাৰ খাদ্য গ্ৰহণ কৰে। অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰত বাকী ১৮ ঘণ্টা সময় অনাহাৰে থাকে। ৰাতিপুৱাৰ ভাগত ৪০ বিধ ভিটামিন আৰু আবেলিৰ ভাগত ৪০ বিধ ভিটামিন ঔষধ হিচাপে গ্ৰহণ কৰা জনছনে বয়সক ওলোটা দিশত নিবলৈ সক্ষম হৈছে। জনছনে নোখোৱা খাদ্যৰ ভিতৰত আছে চেনি, তেলত ভজা খাদ্য, ফাষ্টফুড যেনে বাৰ্গাৰ, ৰোল, পাস্তা, ব্ৰেড, গাখীৰ, মদ, মাংস, কণী ইত্যাদি। জনছনৰ Blueprint নামৰ কোম্পানী প্ৰতিষ্ঠা কৰি বাৰ্ধক্যৰ সতে ফেৰ মাৰিবলৈ বিশেষ ধৰণৰ খাদ্যৰ পৰিপূৰক বিক্ৰীৰ ব্যৱস্থা কৰিছে। ব্ৰিয়ান জনছনক লৈ নিৰ্মাণ কৰা ‘Don’t Die: The Man Who Wants to Live Forever’ নামৰ ডকুমেণ্টৰীখন নেটফ্লিক্সত দেখিবলৈ পোৱা যায়। 

 

       ব্ৰিয়ান জনছনে মৃত্যুক জিনিব পাৰিব নে নাই সেয়া সময়েহে ক’ব। কিন্তু আমি হাজাৰ বছৰ আগৰ ঋষি-মুনিসকলৰ জীৱন যাপনৰ পদ্ধতিৰ পৰা শিক্ষা লাভ কৰি প্ৰত্যেকে নিৰোগী হৈ দীৰ্ঘায়ু লাভ কৰিব পাৰোঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!